সমললৈ যাওক

পৃষ্ঠা:মালচ.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
  অগুৰু।* (From Sanskrit)

মহীমণ্ডলত এই হিমালয় গিৰি
সকলোতকই ওখ, ৰজা পৰ্ব্বতৰ;
নাই তাত চোকা ৰ’দ, তাপ সুৰুযৰ,
শীতল বতাহ মাথোঁ বলে ধীৰি-ধীৰি॥
নিতউ কুঠাৰ লই মানুহে হাতত
নুফুৰে হাবিত তাৰ, নিবিচাৰে খৰি,
সমভূমি সিকাৰণে তুমি পৰিহৰি,
অগুৰু! বিচাৰি ল’লা ঠাই পৰ্ব্বতত॥
আহাহা! অগুৰু! তুমি নাজানো নিচেই
নাজানানে অমৃততো বিহ থাকে বুলি?
নাজানা,—নহ’লে, কিয় ছলনাত ভুলি।
আশাৰ,—দুখত আহি পৰিবা নিজেই॥
হিমালয় ভাল বুলি লইছিলা বাসা,
দংশিছে বিষাল সাপে কিছু দিননিশা॥


* হিমালয় পৰ্বতত যি বিলাক অগুৰু চন্ধনৰ গছ আছে তাত হেনো সাপ উঠি উঠি থাকে। এনে এটি প্ৰবাদ আছে— যে হিমালয় পৰ্বতেই অগুৰু চন্দনৰ স্থান, তাৰ বাহিৰে পৃথিবীৰ কোনো ঠাইতেই অগুৰু চন্দনৰ গছ নাথাকে।