পৃষ্ঠা:মালচ.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কেতিয়া তোমাৰ সেই পাম শ্ৰীচৰণ?

বিষময় সংসাৰৰ মায়াৰ জালত
আৰু কতদিন, হায়! কান্দিব লাগিব?
কোৱাঁ, প্ৰভু! এই দেহা অনিত্য অসাৰ।
কেতিয়ানো ধূলী হই ধুলীত মিলিব?
কোৱাঁ, প্ৰভু! কোৱাঁ মোক, কেতিয়ানো মোৰ
মাৰ যাব দুচকুৰ চকুলো দুধাৰ?
অন্তৰৰ জ্বলাজুই কেতিয়া নুমাব?
কেতিয়া তিয়াগি যাম অনিত্য সংসাৰ!
বিষয় ভাবনা মোৰ যাবনো কেতিয়া?
শান্তিৰ কেতিয়া ব’ব অন্তৰত নই?
চিৰ সুখ, চিৰ প্ৰেম কেতিয়া লভিম
তোমাৰ পাৱত প্ৰভু! সিলোকত গই?
কেতিয়া তোমাৰ সেই পাম শ্ৰীচৰণ,
যোগী মুনি নিতে যাক কৰে আৰাধন॥