সমললৈ যাওক

পৃষ্ঠা:মালচ.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মালচ। ১১

কোৱাভাতুৰ।

সাজে তুমি ৰঙ্গা চঙ্গা, অতি মনোহৰ,
ভিতৰ তোমাৰ কিয় ক’লা এনেকুৱা?
বাহিৰে ধুনীয়া যেনে ভিতৰেও হায়!
নহ’ল অন্তৰ কিয় তোমাৰ তেনুৱা
হ’লহে হেতেন যদি ভিতৰো তোমাৰ
বাহিৰৰ দৰে ৰঙ্গা, শোভা মনোহৰ
মালা গাঁথি ধাৰে ধাৰে অতি হেপাহৰে
পিন্ধিলো হেতেন আজি কৰি সমাদৰ৷
নৰ সমাজতো কিছু আছে তোমাদৰে
বাহিৰে সৰল বহু অন্তৰে কপট,
“বিষ-কুম্ভ পয়োমুখ” কপটেৰে-ভৰা,
বাহিৰে পবিত্ৰ ভাব, ভিতৰে অসত!
অন্তৰ যদিও ক’লা, নকৰাঁ অন্যায়,
কপটীয়া নৰে কিন্তু বিপদ ঘটায়॥