পৃষ্ঠা:মালচ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
স্বভাবৰ গীত।
(খ)

অনেক কালৰে পৰা ফুৰিছোঁ বিচাৰি
বনত তোমাক, পখি! ফুলনী–মাজত।
নাপাওঁ এদিনো কিন্তু, ভাগ্যে আজি মই
পাইছোঁ তোমাক আহি গছৰ ডালত॥
গোৱাঁ, পখি! গোৱাঁ গান মধুৰ ললীত,
গোৱাঁ স্বভাৱৰ গান মন প্ৰাণ হৰা,
কবিমুগ্ধ কৰ সুৰে, পঞ্চমত তানি,
কাবউ কৰিছোঁ আজি সঙ্গীতত ধৰাঁ॥
পাইছোঁ যেতিয়া আজি, নেৰিম তোমাক,
অমিয়া সুৰেৰে, পখি! আৰু এটি গোৱাঁ
সেই গীত, যি গীতেৰে মোহিলা কবিক,
যি গীতেৰে জগতক মুগ্ধ কৰি থোৱাঁ॥
গোৱাঁ, পখি! সেই গীত, জুড়াওঁ পৰাণ,
তাপিত প্ৰাণৰ তাপ হোক অৱসান॥