পৃষ্ঠা:মালচ.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১০

মালচ।

কল্পনা।

কল্পনা সুন্দৰি।—তুমি ভাৰতী আইৰ
স্নেহৰ জীয়াৰী অতি। তোমাৰ বলত
স্বপ্নৰো-অগম্য ৰাজ্য ভ্ৰমিফুৰে কবি,
আৰোহন কৰি সুখে তোমাৰ ৰথত॥
চিত্ৰকৰী তুমি দেবি! তোমাৰ কৃপাত
আঁকে কবি সবে কত চিত্ৰ মনোহৰ
চকুৰে-নেদেথা আৰু ভাবেৰে-নোপোৱা
কত মনোৰম মুৰ্ত্তি অমৰা পুৰৰ।
তুমিয়েতো তেঁও, দেবি!—যাৰ কৰুণাত
মৰিও অমৰ আজি পুত্ৰ ভাৰতীৰ
মহাকবি কালিদাস, ভৱভূতি, মাঘ,
ভাৰ্জিল, হোমাৰ আৰু দাণ্টে, চেক্ষপীৰ?
দিয়াঁ,—দেবি! কণামাত্ৰ মোকো সি স্নেহৰ;
ভাৰতীৰ গুণযেন গাওঁ নিৰন্তৰ॥