পৃষ্ঠা:মালচ.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ধিক্কাৰ!

এই জনমত, হায়! জ্ঞান অজ্ঞানত
যদি কৰে বেয়াকাম, সি কালত গই
প্ৰতিফল পায় তাৰ, সকলোৱে কয়,
কিন্তু মোৰ তেনে ভাব নোপজে মনত॥
যদি বা সেয়েই হয়,—কিয়,—হে ধিক্কাৰ!
বেয়াকাম কৰা হ’লে, পাছে পাছে তাৰ
আহি থিয় হোৱা তুমি? নৰ হৃদয়ত
প্ৰহাৰি বিষম শেল কিয় বিন্ধা হিয়া?
“পৰলোকে প্ৰতিফল”? তেনে, কিয় দিয়া
এই জনমতে সিটো নৰৰ প্ৰাণত?
“পৰলোকে প্ৰতিফল” কল্পনা কবিৰ,
ই জন্মতে দিয়া তুমি, জানিলো, ধিক্কাৰ!
বেয়াকাম কৰা হ’লে, পাছে পাছে তাৰ
দিয়া শাস্তি, কৰা, হায়! পৰাণ অস্থিৰ॥