পৃষ্ঠা:মালচ.djvu/১২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


চিন্তা।

কোন তুমি? কন্যাকাৰ? চিন্তা নাম ধৰি,
দেখাই মোহিনী-মূৰ্ত্তি নৰক ভুলোৱাঁ,
আপোন বশত আনি, পাছে দংশা হিয়া
গোপনে গোপনে! তুমি কিয় এনেকুৱা?
ৰমনীৰ মন বোলে নিচেই কোমল,
অন্তৰত বয় বোলে নই চেনেহৰ?
তেনে, চিন্তা! কিয় তুমি এনুৱা নিৰ্দ্দয়?
ৰাক্ষসীৰ দৰে কিয় তোমাৰ অন্তৰ?
কুটিলে নিৰ্দ্দয় পোকে ঠাৰি অকালত
গোলাপৰ পাহি যেনে লেৰেলি শুকায়
মানৱৰো প্ৰাণ তেনে হয় জ্বলা-কলা,
হিয়াৰ মাজত, চিন্তা! তুমি ল’লে ঠাই॥
খাওঁতে-শোওঁতে মোৰ কিয় লগ লোৱা?
কাতৰে মাতিছোঁ মই, মোক এৰি যোৱাঁ॥