পৃষ্ঠা:মালচ.djvu/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মহাপুৰুষ শঙ্কৰদেৱ।

কুসুমৰ পুত্ৰ তুমি জন্ম আসামত,
ভক্ত অৱতাৰ তুমি, তুমি ধৰ্ম্মবীৰ,
অনন্ত অক্ষয় কীৰ্ত্তি ৰাখি গ’লা তুমি
আসামত দেখুৱাই পথ ভকতিৰ॥
বীৰ, মহাতেজ ৰজা পাৰে কি আজ্জিব
সম্ৰাজ্য স্থাপন কৰি সুকীৰ্ত্তি তেনুৱা?
ধৰ্ম্মৰাজ্য স্থাপি তুমি আসাম-ভূমিত
আৰ্জ্জিলা অনন্ত যশ, কীৰ্ত্তি যেনেকুৱা?
মুৰ্খক শিকালা জ্ঞান,—পাপীক ধৰম,
অন্ধক দেখাই দিলা পথ স্বৰগৰ;
সিকাৰণে, জানো, দেৱ! “অৱতাৰ” ভাবি
ভক্তিৰে তোমাক পূজে নৰে আসামৰ॥
গাঁৱে গাঁৱে ঘৰে ঘৰে তোমাৰ “কীৰ্ত্তন”,
উদ্দেশে প্ৰণমো, দেৱ! ভাবি শ্ৰীচৰণ॥