সমললৈ যাওক

সদস্য:Gitartha.bordoloi/test 2

ৱিকিউৎসৰ পৰা
[ সূচীপত্ৰ ]

সূচীপত্ৰ


বিষয় পৃষ্ঠা

ধৰ্ম্ম আৰু ঈশ্বৰ-তত্ত্ব

সগুণ আৰু নিৰ্গুণ ধৰ্ম্ম-তত্ত্ব

শ্ৰীকৃষ্ণ-তত্ত্ব১১

বস্ত্ৰহৰণ-তত্ত্ব১৮

ৰাসলীলা-তত্ত্ব২৪

বেদাদি-তত্ত্ব৫৬

গীতা-তত্ত্ব৭২

ভাগৱত-তত্ত্ব৮৪

কীৰ্ত্তন আৰু ঘোষা-তত্ত্ব৮৮

ভক্তি-তত্ত্ব১২৫

নামধৰ্ম্ম-তত্ত্ব১৩১

[  ]

ধৰ্ম্ম আৰু ঈশ্বৰ-তত্ত্ব


       ঈশ্বৰৰ বাহিৰে, ধৰ্ম্মৰ বাহিৰে মানুহৰ জীৱনত কি পাঠ্য আছে নাজানো। ঈশ্বৰৰপৰা আঁতৰি, ধৰ্ম্মৰপৰা আঁতৰিহে যে আমাৰ জীৱন অপাঠ্য, অধইচ হৈ পৰিছে তাত আমাৰ সন্দেহ নাই। দিনৌ সকলো সময়তে সকলো কাৰ্য্যতে যদি আমাক জীৱনত ঈশ্বৰৰ সত্তা উপলব্ধি কৰি চলিব পাৰিলোহেঁতেন,

ওঁ য একোহৱৰ্ণো বহুধা শক্তিযোগাৎ
ৱৰ্ণাননেকান্নিহিতাৰ্থো দধাতি।
ৱি চৈতি চান্তে ৱিশ্বমাদৌ স দেৱঃ
স নো বুদ্ধ্যা শুভয়া সংযুনক্তু।।

অৰ্থাৎ যি এক আৰু বৰ্ণহীন,আৰু যি প্ৰাণীসকলৰ প্ৰয়োজন জানি বহু প্ৰকাৰ শক্তিযোগৰ দ্বাৰাই বিবিধ কাম্য বস্তু বিধান কৰিছে, সমুদায় ব্ৰহ্মাণ্ড আদ্যন্তমধ্য যাত ব্যাপ্ত হৈ আছে,যি আমাক শুভ বুদ্ধি প্ৰদান কৰিছে, সেই দীপ্যমান পৰমেশ্বৰক উপলব্ধি কৰি চলিব পাৰিলেহেঁতেন,তেন্তে আমাৰ কিহৰ চিন্তা?

       ইশ্বৰক পিছত থৈ আগবাঢ়িবলৈ গৈ ধৰ্ম্মক অকামিলা বস্তু বুলি অৱহেলা কৰিহে আমি মৰিছোঁ। আমাৰ স্কুল-কলেজতে (Godless education) ঈশ্বৰ আৰু ধৰ্ম্মবিবৰ্জ্জিত শিক্ষাই, ঘৰত ধৰ্ম্ম, নীতি, সদাচাৰবিহীন শিক্ষা বা কু-শিক্ষাই আমাৰ জীৱন ফোপোলা কৰিলে। আমি ধৰ্ম্মক আৰু ইশ্বৰক বুঢ়াকেইটা আৰু বুঢ়ীকেইজনীৰ ভাগত দি, নিজৰ গাটো পাতলাই লৈ জপিয়াই হাঁহি ফুৰিছোঁ। হায়! মহাপুৰষ মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে গাইছিল,

ডেকা ভাই,       কিসৰ হৰিষ তোৰ?
চক্ষুৱে নেদেখ,       বুঢ়াক হাসস
       তোক পাইলে কাল-চোৰ।।
আছিলি ছৱাল       ভৈল যুবা কাল
কেনে তাত নাহি মন।
আপদৰ বন্ধু        যতনে লৈয়ো
ৰাম নাম মহাধন।।
আয়ু আদি কৰি        যত ধন জন
       তাক কাল-চোৰে হৰে।
দেখি নেদেখস        বুঢ়াই হাসস
ছৱাল কালতে মৰে।।

[  ]

যৌৱন-গৰ্ব্বক        ঝাণ্টে পৰিহৰি
নামক লৈয়ো যতনে।
কালৰ হাতত        বৃদ্ধ যুৱা নাই,
কহতু ৰামচৰণে।।

       বহুতে কয় যে ঈশ্বৰৰ বিষয়ে আমি ভাবিচিন্তি একো ঠিক কৰিব নোৱাৰোঁ, সেইদেখি সেই বিষয়ে মূৰ ঘমোৱাটো বৃথা। গ্ৰীচৰ চক্ৰেটিচেও ইযাকে কৈছিল। কিন্তু মূৰ নঘমাও বুলি থাকোঁ কেনেকৈ? কোনোবাই পাৰে নে থাকিব? কোনেও নোৱাৰে। এদিন নহয় এদিন, আজি নহয় কাইলৈ,ইশ্বৰ-চিন্তাত আমি মূৰ ঘমাবই লাগিব। তুমি ঈশ্বৰৰ অংশ জ্ঞানময় জীৱ। অজ্ঞানৰ ঢাকোনে তোমাক ঢাকি ৰাখিবলৈ যিমানকে চেষ্টা কৰক, তুমি সেই অন্ধকাৰ আবৰণ ভেদ কৰি উঠিবলৈ প্ৰাণপণে যত্ন কৰিবাই কৰিবা। কাৰণ তোমাত পৰমাত্মাৰ অংশ আছে। পাৰ্থিৱ বস্তুৰ আৱৰণ ঠেলি সহধৰ্ম্মী অংশই পূৰ্ণ পৰমাত্মাৰে মিলিবলৈ, ইশ্বৰৰ অভিমুখী হৈ চলিবলৈ সংগ্ৰাম কৰি থাকিবই ̶ যেতিয়ালৈকে সি নিৰ্দ্দিষ্ট স্থান নাপায়গৈ। ভাৰতৰ ষড়দৰ্শন প্ৰণেতাসকলৰ ভিতৰত কোনো কোনো দাৰ্শনিকে অকল তৰ্ক-যুক্তিৰ বাট ধৰি যদিও ঈশ্বৰৰ জ্যোতিত নোলাই অবস্তু অন্ধকাৰত ওলাইছিলগৈ, তথাপি তেওঁলোকেও মূৰ নঘমাই নোৱাৰিলে থাকিব। জৈমিনিৰ মীমাংসাৰ মীমাংসা, ̶ বেদ,নিত্য আৰু অভ্ৰান্ত। জীৱৰ ধৰ্ম্ম, ̶ বেদবিহিত যাগ-পূজাদি কৰ্ম্ম কৰি পুণ্য সঞ্চয় কৰি স্বৰ্গ কামনা কৰা। ইয়াতে শেষ। এই মীমাংসাত ঈশ্বৰৰ আৱশ্যকতা নাই। কপিলৰ সাংখ্যত কৰ্ম্মকাগুৰ অসাৰতা দেখুৱাই যদিও জ্ঞানৰ শ্ৰেষ্ঠতা দেখুৱা হৈছে,তথাপি সাংখ্য ইশ্বৰমুখী নহয়, সাংখ্য একপ্ৰকাৰ নিৰীশ্বৰবাদী। সাংখ্যই কয়,প্ৰকৃতিৰ লগত আত্মা বা পুৰুষৰ সংযোগেই যত দুখৰ মূল। প্ৰকৃতিৰ পৰা পুৰষৰ ভেদ সাক্ষাৎকাৰ হ'লেও সকলো সুখ-দুখৰ ওৰ পৰে। ইয়াকেই সাংখ্যই কৈবল্য বোলে, অৰ্থাৎ পুৰষ বা আত্মাৰ স্বতন্ত্ৰবোধ। ইশ্বৰৰ অস্তিত্ব কল্পনা এই দৰ্শনৰ মতে অনাৱশ্যক। 'ইশ্বৰাসিদ্ধেঃ। প্ৰমাণভাৱাৎ ন তৎসিদ্ধিঃ' ইত্যাদি সূত্ৰৰ দ্বাৰা সাংখ্যাই ইশ্বৰক একপ্ৰকাৰৰ অস্বীকাৰ কৰিছে। পতঞ্জলিৰ যোগত 'নিৰ্ব্বীজ সমাধি' সংখ্যৰ কৈবল্য আৰু যোগৰ 'নিৰ্ব্বীজ সমাধি' প্ৰায় একে; প্ৰভেদ মাথোন যে পতঞ্জলিয়ে ঈশ্বৰ মানিছিল; কিন্তু 'ইশ্বৰ প্ৰণিধানাদ্বা' বুলি সমাধি সিদ্ধিৰ বাবে আন আন উপায়ৰ লগতে ইশ্বৰ প্ৰণিধানও এটা উপায় বুলি উল্লেখ কৰিছে মাথোন। এই নিমিত্তে জৈমিনিৰ কৰ্ম্মযোগ, কপিলৰ জ্ঞানযোগ, আৰু পতঞ্জলিৰ ধ্যানযোগ ইশ্বৰমুখী নহয়। ষড়দৰ্শনৰ বাহিৰা চাৰ্ব্বাক দৰ্শনতো একেবাৰে নাস্তিক। ব্যাসৰ উত্তৰ মীমাংসা বা বেদান্ত ব্ৰহ্মপ্ৰতিপাদক, কিন্তু সেই ব্ৰহ্ম নিৰ্গুণ। বেদান্তৰ মুখ্য উদ্দেশ্য নিৰ্গুণ ব্ৰহ্মত স্থিতি অৰ্থাৎ মোক্ষ লাভ। কিন্তু নিৰ্গুণ ব্ৰহ্ম সাধাৰণ লোকৰ ধাৰণাৰ অতীত; সেইবাবেই সগুণ ব্ৰহ্মৰ আৱশ্যকতা। সগুণ ব্ৰক্ষ্মই ইশ্বৰ। উচ্চ অঙ্গৰ হিন্দুশাস্ত্ৰত সেইদেখি ব্ৰহ্ম ইশ্বৰ আৰু শক্তি এই তিনিটা ডাঙৰ তত্ত্বৰ অৱতাৰণা। ব্ৰহ্ম

অশব্দমৰ্শমৰূপমৱ্যয়ং
তথাৰসং নিত্যমগন্ধৱচ্চ যৎ

[  ]

অনাদ্যূনন্তং মহতঃ পৰং ধ্ৰুৱং
নিচায্য তং মৃত্যুমুখাৎ প্ৰমুচ্যতে।।

       অৰ্থাৎ যাত শব্দ নাই, স্পৰ্শ নাই, ৰূপ নাই, ৰস নাই, গন্ধ নাই, যাৰ ক্ষয় নাই, যি অনাদি অনন্ত, যি মহততকৈয়ো মহৎ আৰু নিত্য নিৰ্ব্বিকাৰ; এনে ব্ৰহ্মক জানি জীৱই মৃত্যুমুখৰপৰা প্ৰমুক্ত হয়।

অণোৰণীয়ান্ মহতো মহীয়ান্
আত্মা গুহায়াং নিহিতোহস্য জন্তোঃ।
তমক্ৰতুঃ পশ্যতি ৱীতশোকো
ধাতুপ্ৰসাদান্মহিমানমীশম্।।

       অৰ্থাৎ পৰমাত্মা ব্ৰহ্ম সূক্ষ্মতকৈও সূক্ষ্ম,আৰু মহততকৈও মহৎ। তেওঁ প্ৰাণীসকলৰ হৃদয়ত বাস কৰে। বিগত-শোক ব্যক্তিয়ে সেই ভোগভিলাষ-বৰ্জ্জিত ইশ্বৰক আৰু তেওঁৰ মহিমাক তেওঁৰ প্ৰসাদত দৃষ্টি কৰে।

       ব্ৰহ্মক কোনো সংজ্ঞাৰে বুজাব নোৱাৰি। সেইদেখি শ্ৰুতিত 'নেতি' 'নেতি' কৰি অৰ্থাৎ ব্ৰহ্ম এনে নহয়, এনে নহয়, কৰি বুজোৱা হৈছে। এনে নিৰ্গুণ ব্ৰহ্মক সকলোৱে ধাৰণা কৰিব নোৱাৰে। সেই বাবে ব্ৰহ্মক সগুণভাৱে আৰাধনা কৰা হয় আৰু সগুণ ব্ৰহ্মৰ আৰাধনাই সকলোৰে সাধ্যায়ত্ত।

       ব্ৰহ্মৰ শক্তি ব্ৰহ্মত লীন থাকে। সৃষ্টিত সেই শক্তি ব্যক্ত অৰ্থাৎ প্ৰকাশিত হয়। সৃষ্টিৰ অন্তত অৰ্থাৎ প্ৰলয়ৰ পিছত সেই শক্তি আকৌ ব্ৰহ্মত লীন হৈ অব্যক্ত হয়। ব্ৰহ্মই সগুণ হৈ সৃষ্টি কৰে। অব্যক্ত তুৰীয় বা নিৰ্গুণ ব্ৰহ্মই আংশিকৰূপে ব্যক্ত হৈ সৃষ্টি কৰে। সগুণ শক্তিসম্বলিত ব্ৰহ্মই অৰ্থাৎ ঈশ্বৰেই ভক্তৰ উপাস্য। শক্তি সম্বলিত ব্ৰহ্মক অৰ্থাৎ ইশ্বৰক উপাসনা কৰিলেই যথেষ্ট। ইশ্বৰৰ শক্তিক ইশ্বৰৰ পৰা বেলেগাই লৈ উপাসনা কৰিবৰ সকাম কি ? সূৰ্য্যৰ ৰশ্মিয়েই সূৰ্য্য নহয়; ৰশ্মিক পূজা কৰিলেই সৰ্ব্বাঙ্গীন সূৰ্য্যপূজা নহয়;কিন্তু সূৰ্য্যক পূজা কৰিলে ৰশ্মিৰ পূজাও তাৰ অন্তৰ্গত হয়।

       ব্ৰহ্মৰ উপাসনা যোগ,ধ্যান,সমাধি আদিৰ দ্বাৰাই কৰা সকলোৰে সাধ্যায়ত্ত নহয়; সেইটো অতি দু্ৰ্গম পথ। সত্য, ত্ৰেতা, দ্বাপৰত সেই পথ নিৰ্ণীত থাকিলেও কলিকালত অল্পপ্ৰাণ মানুহৰ নিমিত্তে সেই পথ অৱলম্বনীয় নহয়। এই দেখি ন-বিধ সাত্বিক ভক্তিৰ পথেৰে সগুণ ইশ্বৰৰ উপাসনা কলিৰ লোকৰ অৱলম্বনীয়। ন-বিধৰ ভিতৰত শ্ৰৱণ-কীৰ্ত্তন শ্ৰেষ্ঠ আৰু সুগম। এই হৰিনাম শ্ৰৱণ-কীৰ্ত্তন ভক্তিকে মুখ্যতঃ প্ৰকাশ কৰি জীৱৰ তৰণৰ উপায় কৰিছিল মহাপুৰুষ শঙ্কৰদেৱে, আৰু তেওঁৰ প্ৰভাৱেৰে অনুপ্ৰাণিত আৰু প্ৰভাৰে আলোকিত মহাপুৰুষ মাধৱদেৱ আৰু দামোদৰদেৱে। এই বাবেহে মাধৱদেৱে ঘোষাত লিখিছে-

বৈকুণ্ঠ প্ৰকাশে হৰিনাম-ৰসে
প্ৰেম-অমৃতৰ নদী
শ্ৰীমন্ত শঙ্কৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।।

[  ] এই বাবেই শঙ্কৰদেৱে 'হৰিৰ নামৰ গোপ্য পেৰাৰ মূৰ মেলি দিলে' বুলি মাধৱদেৱে কৈছে। এই বাবেই মাধৱদেৱে গাইছে -

হৰি-ভকতিৰ        পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি।
হৰি-নামৰত্ন        বেহায়া জগতে
চলয় বৈকুণ্ঠপুৰী।।

         শঙ্কৰদেৱে গীতা, শ্ৰীমদ্ভাগৱত আৰু সহস্ৰ-নামৰ পৰা তেওঁৰ ধৰ্ম্মৰ সাৰ গ্ৰহণ কৰিছে। বেদৰ সাৰ ভাগ উপনিষদ। উপনিষদৰ সাৰ গীতা। গীতাই নিৰীশ্বৰবাদী, সন্দেহবাদী আৰু ব্ৰহ্মবাদী দৰ্শনবোৰৰ সমন্বয় কৰি তাৰ মতবোৰ ঈশ্বৰমুখী কৰিছে, গীতাই মীমাংসা-দৰ্শনৰ কৰ্ম্মকাণ্ড, পতঞ্জলিৰ ধন্যাযোগ, বেদান্তৰ জ্ঞানযোগৰ সমন্বয় কৰি একশৰণ ভক্তিযোগৰ প্ৰ্যধান্য দেখুৱাইছে। গীতাই কৰ্ম্মাবাদীক কৈছে,- তুমি যথাসাধ্য ভালকৈ কৰ্ম্ম কৰা কিন্তু তোমাৰ সকলো কৰ্ম্ম ঈশ্বৰক সমৰ্পণ কৰি কৰিবা অৰ্থাৎ ঈশ্বৰমুখী হৈ কৰ্ম্ম কৰা, ফলৰ আকাংক্ষা নকৰিবা। কৰ্ম্মতহে তোমাৰ অধিকৰা, ফলত নহয়। গীতাই সাংখ্যবাদীক কৈছে- তোমাৰ প্ৰকৃতি- পুৰষ স্বতন্ত্ৰ নহয়, ঈশ্বৰৰ অধীন। তোমাৰ তত্ত্বজ্ঞান কেৱল অনাদি অনন্ত পৰমেশ্বৰৰ স্বৰূপ জ্ঞান। ঈশ্বৰ সাধনা নহ'লে তোমাৰ কৈবল্য নহয়। গীতাই যোগমাৰ্গাৱলম্বীক কৈছে, তোমাৰ যোগ নিৰ্ব্বীজ সমাধি বা আত্মসাক্ষাৎকাৰ নহয়। তোমাৰ যোগৰ মুখ্য উদ্দেশ্য ঈশ্বৰৰ সঙ্গ লাভহে। গীতাৰ প্ৰকৃত মৰ্ম্ম নুবুজি অনেকে ভাবে যে গীতাই ঈশ্বৰবাদী নিৰীশ্বৰবাদী, আগম, নিগম, সকলো পন্থৰ ধৰ্ম্মলৈ ঠাই ৰাখিছে। গীতাৰপৰা এই শ্ৰেষ্ঠ ভক্তিযোগ, সগুণ ঈশ্বৰত একশৰণ আনি শঙ্কৰদেৱে তেওঁৰ প্ৰচাৰিত ধৰ্ম্মত প্ৰাণ সঞ্চাৰণ কৰিছে। শঙ্কৰদেৱৰ ধৰ্ম্মৰ কৰ্ম্ম-ঈশ্বৰৰ উদ্দেশ্য কৰ্ম্ম। জ্ঞান-ঈশ্বৰৰ জ্ঞান, ধ্যান ঈশ্বৰৰ ধ্যান। কিন্তু সকলো ভক্তিমূলক। শঙ্কৰী ধৰ্ম্মত ভক্তিবিবৰ্জ্জিত কৰ্ম্ম, জ্ঞান, ধ্যান অসাৰ্থক। ভক্তিৰ মূলত বিশ্বাস আৰু বিশ্বাসেই একশৰণ। গীতাৰো শেহ বচন এয়ে-'সৰ্ব্বধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ'। খৃষ্টান ধৰ্ম্মতো বিশ্বাসেই মূলমন্ত্ৰ-ত্ৰাণকৰ্ত্তা যীশুত একশৰণ। ইচলাম ধৰ্ম্মতো বিশ্বাসেই মূলমন্ত্ৰ- ঈশ্বৰৰ শেষ 'প্ৰফেট' মহম্মদত বিশ্বাস আৰু একশৰণ।

        শঙ্কৰদেৱৰ ধৰ্ম্মৰ মজ্জা আনখন শাস্ত্ৰ শ্ৰীমদ্ভাগৱত। ব্যাসে অনেক পুৰাণ,অনেক শাস্ত্ৰ কৰি, বেদান্তত জ্ঞান-পথ আলোচনা কৰি ব্ৰহ্মৰ স্বৰূপ নিৰ্ণয় কৰিও তেওঁৰ মনত শান্তি নাপালে। অন্তত মহাভক্ত নাৰদৰ উপদেশত তেওঁ সগুণ ঈশ্বৰৰ লীলা বৰ্ণনা কৰি শ্ৰীমদ্ভাগৱত ৰচনা কৰিহে শান্তি পালে। জ্ঞানে শুকাই থোৱা ব্যাসৰ অন্তৰত ভক্তিৰসৰ ঢৌ উঠিল। তেওঁৰ মন ভক্তিৰ শান্তিবাৰিয়ে সজীৱ কৰিলে। সগুণ ঈশ্বৰৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তন কৰি ঈশ্বৰক ভজনা কৰিবলৈ শিক্ষা দিয়াই শ্ৰীমদ্ভাগৱতৰ উদ্দেশ্য। ভাগৱতৰ সগুণ ঈশ্বৰৰ প্ৰেমমূলক ধৰ্ম্মই শঙ্কৰৰ ধৰ্ম্ম। তত্ত্বজ্ঞানী মুক্ত সিদ্ধপুৰুষ সনক, সনন্দ, সনাতন, সনৎকুমাৰ, নাৰদ, শুক আদিয়েও জ্ঞানত পৰিতৃপ্ত নহৈ প্ৰেমভক্তিমূলক সগুণ ঈশ্বৰৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তনলৈ অশেষ হেঁপাহ কৰে। মুক্তসকলেও ভাৰতত মানবী জনম লভি তপ-জপ-যজ্ঞ বিবৰ্জ্জিত হৰিনাম প্ৰেমামৃত [  ] পান কৰিবলৈ হাবিলাষ কৰে। এই বাবেই মহাপুৰুষ গুৰুজনে বৰগীতত কৈছে ̶

ধন্য ধন্য কলিকাল       ধন্য নৰতনু ভাল
ধন্য ধন্য ভাৰতবৰিষে।
তপ জপ যজ্ঞ ত্যজি       তোমাৰ চৰণ ভজি
তুৱা নাম ঘুষিয়ো হৰিষে।।

       এই বাবে কলিত 'হৰেৰ্নাম হৰেৰ্নাম হৰেৰ্নামৈৱ কেৱলম্‌।'

       পৃথিৱীত যতপ্ৰকাৰ শণিত সুতীক্ষ্ন অস্ত্ৰ আছে সকলোৰে ভিতৰত শব্দ অস্ত্ৰ সকলোতকৈ চোকা। 'কথাতে কটা যায়, কথাতে বঁটা পায়' বুলি কয়। 'ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি।' এইবোৰ বুঢ়ালোকৰ সাৰুৱা বচন। শব্দক সেইদেখি শব্দব্ৰহ্ম বোলে। ওঁকাৰ সেই দেখি মূলমন্ত্ৰ। বাইবেলত সেই দেখি Word is God বুলিছে। প্ৰথমতে হেলাতে ৰাম নাম লৈ থাকোঁতে থাকোঁতে লাহে লাহে সি মানুহৰ চিত্ত অধিকাৰ কৰে। প্ৰথমতে মানুহে সেইটো গম ধৰিব নোৱাৰে। অৱশ্যে প্ৰথমতে আওকাণ কৰি উচ্চাৰণ কৰি থকা নামে কালত উচ্চাৰণ কৰোতাৰ গোটেই অস্তিত্ব অজ্ঞাতসাৰে অভিভূত কৰি পেলায়। এই বাবেই ভাৰতবৰ্ষৰ মানুহে শাক্তই হওক বা শৈৱই হওক বা বৈষ্ণৱেই হওক, তেওঁলোকৰ উপাস্য দেৱতাৰ নাম তেওঁলোকে নিজ সন্তানসকলক দিয়ে। শাক্ত-শৈৱসকলেও তাৰা দুৰ্গা শিৱ গণপতিৰ নাম নিজৰ সন্তানসকলক দি নামৰ প্ৰাধান্য অজ্ঞাতসাৰে স্বীকাৰ কৰিব লাগিছে।

       হাতুৰিৰে কোবাওঁতে কোবাওঁতে প্ৰথমতে নোসোমোৱা গজালও পিছত সোমাই যায়। ঈশ্বৰত ৰতি নোহোৱাই ঈশ্বৰৰ নাম প্ৰথমতে চেলেংপেতেংকৈ লওঁতে লওঁতে কালত তাৰ মন ঈশ্বৰত নিবিষ্ট হয়। এই বাবেই কি কৰ্ম্মকাণ্ডবাদী, কি জ্ঞানকাণ্ডবাদী, কি শাক্ত, কি শৈব, কি বৈষ্ণৱ, সকলোৱে তেওঁলোকৰ অনুষ্ঠান আৰু ক্ৰিয়াবোৰ আৰু ইষ্টমন্ত্ৰ জপ, গায়ত্ৰী সন্ধা আদি দিনৌ কৰে। গিৰ্জাত আৰু মচ্‌জিদত এই বাবেই ঈশ্বৰৰ 'প্ৰেয়াৰ’ আৰু নামাজৰ’ ব্যৱস্থা। এই বাবেই শঙ্কৰদেৱৰ দিনীে নাম প্ৰসঙ্গৰ ব্যৱস্থা। নাম লোৱা ভকতক উপহাস কৰোতাসকলে তেওঁলোকৰ নিজৰে ঠিক এনে বিধৰ ব্যৱস্থালৈ চকু দিবলৈ পাহৰিহে বৈষ্ণৱক তেনে উপহাস কৰে। বাল্মীকিয়ে 'মৰা' 'মৰা' জপ কৰোঁতে পিছত তেওঁৰ মুখত ৰাম ওলালগৈ ; আৰু ওলালতে বৈকুণ্ঠৰ গোটেইখন দুৱাৰ তেওঁলৈ মুকলি হ’ল।

       ঈশ্বৰৰ প্ৰতি লোমকূপতে একোটা ব্ৰহ্মাণ্ড। ব্ৰহ্মাণ্ড অসংখ্য অলেখ কোটি, কোটি। একোটা ব্ৰহ্মাণ্ডৰ ওপৰত একোজনকৈ ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ। কেইজনে ৰাম। বুলিছে যে তেওঁলোক উদ্ধাৰ হৈ বিশ্বপতিৰ বিশ্বগৃহ বৈকুণ্ঠৰ ঠাই তেওঁলোকে জুৰি পেলাব? ঈশ্বৰৰ আকাশত কোটি কোটি গ্ৰহ-উপগ্ৰহ, চন্দ্ৰ-সূৰ্য্য। একো একোটাৰ আগত আমাৰ এই পৃথিৱী, চন্দ্ৰ, সুৰ্য বালিচাহী। সেইবোৰত জীৱৰ বসতি আছে, বিজ্ঞানে এই কথা নিঃসন্দেহে প্ৰমাণ কৰিছে। ই কবিৰ কল্পনা নহয়। আমাৰ মাধৱদেৱে ঘোষাত কৈছে ̶ ‘গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম মুৰাৰি। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী’। এতেকে ঈশ্বৰৰ নাম লৈ উদ্ধাৰ হোৱা কেচা, পকা, সিজা, নিসিজা, এধাসিজা ভকত অভকতসকলক তেওঁৰ বৈকুণ্ঠধামত ঈশ্বৰ কৃষ্ণই ঠাইৰ দিহা কৰি [  ] Accommodate কৰিব পাৰিব, চিন্তা নাই। আৰু যদিহে শ্ৰীমন্ত শঙ্কৰদেৱৰ কৃপাত নাম লৈ তাৰ ভকতসকলেৰে এইটো ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠখন ভৰি যায়, তেন্তে তাঁৰ নথকা টেলিগ্ৰাফৰ সহায়ত আন এটা ব্ৰহ্মাণ্ডৰ বৈকুণ্ঠ এখনত 'আতৈসকল'লৈ ঠাই উলিয়াব পৰাটো অসম্ভৱ বুলিনো ধৰোঁ কেনেকৈ? এই বাবে আমাৰ ভকতসকলক কওঁ ̶ 'আতৈসকল! তোমৰাসকলে গল মেলি হৰিনাম লোক, শঙ্কা নকৰিব।' ̶

নাম লোৱা বাপুসকল নকৰিবা হেলা।
নামেসে ৰাখিব ঘোৰ সঙ্কটৰ বেলা।

শ্ৰীমন্ত শঙ্কৰ        হৰিভকতৰ
জানা যেন কল্পতৰু।

আপোনাসকলৰ সহায় আছে, আপোনাসকলে নাম লওক। [  ]

সগুণ আৰু নিৰ্গুণ ধৰ্ম্ম-তত্ত্ব


       বেদত্ৰয় প্ৰতিপাদিত ধৰ্ম্মক সগুণ ধৰ্ম্ম বোলে, আৰু ভগৱৎপ্ৰণীত বিশুদ্ধ ধৰ্ম্মক নিৰ্গুণ ধৰ্ম্ম বোলে। অজামিলৰ উপাখ্যানত বিষ্ণুদূত আৰু যমদূতৰ ভিতৰত হোৱা কথাৰপৰা এই দুটাৰ ব্যাখ্যা পোৱা যায়। চমুকৈ সেই কথা তলত দিলোঁ:-

       কান্যকুব্জ দেশত অজামিল নামেৰে এজন ব্ৰাহ্মণ আছিল। তেওঁৰ জীৱনৰ প্ৰথম ছোৱাত তেওঁ সদাচাৰী, সুশীল, মৃদু, সত্যবাদী, মন্ত্ৰজ্ঞ, নিৰহঙ্কাৰী, অতিথিসৎকাৰকাৰী, পৰিমিতভাষী, ক্ষমাশীল, সকলো প্ৰাণীৰ হিতৰত, আনৰ প্ৰতি অসূয়াশূন্য, আৰু শুচি ব্ৰহ্মণ আছিল। এদিন অজামিলে বাপেকৰ অজ্ঞাতে ফল-ফুল, সমিধ, কুশ আনিবলৈ এখন বনলৈ আনিবলৈ গৈ, সেইবোৰ সংগ্ৰহ কৰি আনি উভতি আহোঁতে বাটতে এটা মতলীয়া মানুহে বেশ্যা এজনীৰে সৈতে হাস্য-পৰিহাস কৰি ক্ৰীড়াসক্ত হৈ থকা দেখিবলৈ পালে। সেই দৃশ্য দেখি অজামিলৰ মন তলিল আৰু স্বধৰ্ম্মভ্ৰষ্ট হৈ সেই বেশ্যাৰ প্ৰতি একেবাৰেই আসক্ত হৈ পৰিল। অন্তত অজামিলে যাৱতীয় পৈতৃক অৰ্থ ব্যয় কৰি সেই তৰুণী বেশ্যাক হস্তগত কৰি, নিজৰ বিবাহিতা পত্নীক পৰিত্যাগ কৰি তাইৰে সৈতে গৃহবাস কৰিবলৈ ধৰিলে।

বিপ্ৰৰ ঔৰসে       বেশ্যাৰ গৰ্ভত
দশ পুত্ৰ জাত ভৈলা।
আতি দায়াতৰে       কনিষ্ঠ পুত্ৰৰ
নাৰায়ণ নাম থৈলা।।
জাতি-কুল-ক্ৰিয়া       সমস্ত ত্যজিল
মিলিল কৰ্ম্ম -বিপাক।
যত মহাপাপ       সমস্ত সিজিল
পোষন্তে পুত্ৰ-ভাৰ্য্যাক।।
অনেক অধৰ্ম্ম       কৰন্তে বিপ্ৰৰ
আয়ু ভৈল সমাপত।
ভয়ঙ্কৰ তিনি       গোটা যমদূত
আগে ভৈলা উপগত।।

       বৰ মৰমৰ পুতেক নাৰায়ণক অজামিলে চকুৰ আঁৰকে কৰিব নোৱাৰিছিল। তেওঁৰ মৃত্যুকাল উপস্থিত হ'লত কালি পুতেক নাৰায়ণকে অজামিলে ভাবিবলৈ ধৰিলে। যমদূতে যেতিয়া তেওঁৰ জীৱনটো দেহৰপৰা আকৰ্ষণ কৰিবলৈ ধৰিলে, তেওঁ "নাৰায়ণ ঔ নাৰায়ণ, লৰি আহ! মোক নিলে ঔ!" এই বুলি অতি উচ্চস্বৰে [  ] মাতিবলৈ ধৰিলে। তেতিয়াই 'আমাৰ প্ৰভুৰ নাম লৈছে,' বুলি চাৰিজন বিষ্ণুদূত লৰি আহি, 'খবৰদাৰ! নিনিবি, এৰি দে।' বুলি যমদূতক নিষেধ কৰিলে। যমদূতে আচৰিত মানি 'তোমালোক কোন? আমি ধৰ্মৰাজৰ আজ্ঞাকাৰী ভৃত্য। আমাৰ কৰ্ত্তব্যৰ কামৰ কিয় তোমালোকে হকা-বাধা কৰিছা?' বুলি বিষ্ণুৰ ৰূপ সদৃশ সুন্দৰ বিষ্ণুদূত কেইজনক সুধিলে। বিষ্ণুদূতে ক'লে, ̶ 'তোমালোক যদি ধৰ্মৰাজৰ আজ্ঞাকাৰী, তেন্তে আমাক ধৰ্মতত্ত্ব আৰু লক্ষণ কাক বোলে বুজাই দিয়া।' যমদূতে উত্তৰ দিলে :-'বেদত যাক কৰ্ত্তব্য বুলি কোৱা হৈছে, সেয়ে ধৰ্ম আৰু তাৰ বিপৰীত কাৰ্য্য অধৰ্ম। আমি শুনিছো বেদ সাক্ষাৎ নাৰায়ণস্বৰূপ আৰু স্বতঃসম্ভূত। যি নিজৰ স্বৰূপত সত্ত্ব, ৰগঃ, আৰু তামোগুণী প্ৰাণীবোৰক সত্ত্বাদি গুণ, ব্ৰাহ্মণাদি নাম, অধ্যয়নাদি ক্ৰিয়া আৰু বৰ্ণাশ্ৰমাদি ৰূপৰ দ্বাৰায় ব্যক্ত কৰে, তেঁৱেই নাৰায়ণ। চন্দ্ৰ, সূৰ্য্য, অগ্নি, আকাশ, পবন, সন্ধ্যা, দিন, ৰাতি, দিশ, পৃথিৱী, জল আৰু ধৰ্ম্ম, ̶ এইবোৰ জীৱৰ কৃতকৰ্মৰ সাক্ষী। এই সমস্ত সাক্ষীৰ দ্বাৰায় বিজ্ঞাত সধৰ্ম্মেই দণ্ডৰ পাত্ৰ। সকলো কৰ্ম্মই ক্ৰমানুসাৰে দণ্ডভাগী হয়। কৰ্ম্মীত ভদ্ৰ-অভদ্ৰ দুইটা সম্ভাব্য কাৰণ কৰ্ম্মীৰ গুণসঙ্গ আছে। কৰ্ম্ম নকৰে এনে শৰীৰী নাই। ইহলোকত যি মানুহে যত প্ৰকাৰ ধৰ্ম্ম বা অধৰ্ম্ম কে, পৰলোকত সি সেই প্ৰকাৰে ফল অৱশ্যে ভোগ কৰিব। যেনেকৈ ত্ৰিবিধ গুণানুসাৰে ইহলোকত ত্ৰিবিধ প্ৰাণী দেখিবলৈ পোৱা যায়, সেই দৰে পৰলোকতো ত্ৰিবিধ গুণী প্ৰাণী হয়। এইটো অনুমানসিদ্ধ। যেনেকৈ বৰ্ত্তমান বসন্তকাল, অতীত বসন্তকাল আৰু ভৱিষ্যত বসন্তকালৰ গুণজ্ঞাপক হয়, তেনেকৈ উপস্থিত জন্মওতীত আৰু ভৱিষ্যত জন্মৰ ধৰ্ম্মাধৰ্ম্মৰ নিৰ্দেশক হয়। আমাৰ প্ৰভু যম ৰজাই নিজৰ পুৰীত থাকিয়েই মানুহৰ পূৰ্ব্বকৃত আচৰণ দেখিবলৈ পায় আৰু ভৱিষ্যত আচৰণৰ বিচাৰ কৰি থয়। যেনেকৈ নিদ্ৰিত মানুহে স্বপ্নদৃষ্ট দেহত আত্ম-বুদ্ধি কৰে, পূৰ্ব্বাপৰ একোকে নাজানে; সেইদৰে আৰু জীৱই এই ব্যক্ত দেহাৰেই উপাসনা কৰে; কাৰণ তাৰ জন্মান্তৰীণ স্মৃতিবিনষ্ট হৈছে। কামাদি ছয় ৰিপুৰ দ্বাৰাই অভিভূত অজ্ঞ জীৱই ইচ্ছা নাথাকিলেও কৰ্ম্ম কৰিবলৈ বাধ্য হয় আৰু পোকে লেটা বান্ধি নিজে আৱদ্ধ হোৱা দৰে কৰ্ম্ম-জালত আৱদ্ধ হৈ নিজৰ ওলাবৰ বাট বিচাৰি নাপায়। পূৰ্ব্বসংস্কাৰে বলৰে তাক কৰ্ম্ম কৰিবলৈ বাধ্য কৰে। কৰ্ম্মফলেই জীৱনৰ স্থূল অথবা সূক্ষ্ম শৰীৰৰ কাৰণ। বলৱতী বাসনাৰ দ্বাৰাই জীৱৰ পিতৃসদৃশ বা মাতৃসদৃশ দেহপ্ৰাপ্তি হয়। প্ৰকৃতিৰ সঙ্গবশত পুৰুষৰ এনে বিপৰ্য্যয় হয়। কিন্তু পুৰুষ যদি স্বয়ং পৰমেশ্বৰৰ উপাসনাত তৎপৰ হয়, তেন্তে অচিৰতে পৰমেশ্বৰত বিলয় পাব পাৰে। এই অজামিল যদিও তাৰ প্ৰথম ডোখৰ জীৱনত ভাল আছিল, শেষ ডোখৰত অলেখ পাপত লিপ্ত হৈ মহাপাপী হৈ পৰিছিল। এই বাবে আমি অকৃত-প্ৰায়শ্চিত্ত এই পাপীক দণ্ডধৰৰ ওচৰলৈ লৈ যাম। তাত দণ্ডৰ দ্বাৰাই দি শুদ্ধি লাভ কৰিব।'

       যমদূতৰ এই কথা শুনি বিষ্ণুদূতে সিহঁতক ক'লে, ̶ 'এই ব্ৰাহ্মণে কোটিজন্ম কৃত পাপৰ প্ৰায়শ্চিত্ত কৰিছে কিয়নো ই অবশ হৈয়ো হৰিনাম উচ্চাৰণ কৰিলে। ইয়ে 'নাৰায়ণ' এই চাৰি অক্ষৰ উচ্চাৰণ কৰিলে, তাৰপৰাই ই পাপৰপৰা নিষ্কৃতি পালে। স্বৰ্ণস্তেয়ী, মিত্ৰদ্ৰোহী, ব্ৰহ্মঘ্ন, গুৰুপত্নীগামী আৰু স্ত্ৰীহত্যাকাৰী, [ ১০ ] ৰাজঘাতী, পিতৃঘাটী, গোবধকাৰী আৰু অন্যান্য যিবোৰ মহাপাতকী আছে, বিষ্ণুনামোচ্চাৰণেই সেইবোৰ পাপীৰ উৎকৃষ্ট প্ৰায়শ্চিত্ত। যি বিষ্ণুনাম কীৰ্তন কৰে, ভগবন্তই তাক নিজৰ বুলি ভাবে।

       পাপীয়ে হৰিনাম মাথোন উচ্চাৰণ কৰি যেনে শুদ্ধ হয় ব্ৰহ্মবাদী মুনিসকলে বিহা প্ৰায়শ্চিত্তৰ দ্বাৰাই তেনে নহয়। হৰিৰ নাম উচ্চাৰণ পৱিত্ৰকীৰ্ত্তি হৰিৰ গুণসমূহ জ্ঞাপন। চান্দ্ৰায়ণাদি প্ৰায়শ্চিত্ত পাপৰ সমূল সংহাৰক নহয়; কাৰণ প্ৰায়শ্চিত্ত কৰিলেও পাপীৰ মন পুনৰায় অসৎপথলৈ ধাবিত হয়। এতেকে যি একেবাৰেই পাপৰ মূল উৎপাটন কৰিব খোজে, তাৰ পক্ষে হৰিৰ নাম-গুণ কীৰ্ত্তনেই উত্তম প্ৰায়শ্চিত্ত। তাতেই চিত্তশুদ্ধি হয়। পুত্ৰাদিৰ সঙ্কেততেই হওক বা পৰিহাসতে হওক, গীতালাপ পুৰাণৰ নিমিত্তেই হওক অথবা অৱজ্ঞাক্ৰমেই হওক, ভগৱন্তৰ নাৰায়ণ নাম ল'লেই সকলো পাপ বিনষ্ট হয়। যি ওখ ঘৰৰপৰা পৰি, বা যাওঁতে যাওঁতে পিচলি পৰি, বা সৰ্পাদিৰ দ্বাৰাই দংশিত হৈ, বা জৰাদি ৰোগত সন্তপ্ত হৈ, বা দণ্ডাদি আহত হৈয়ো 'হৰি' এই শব্দটো উচ্চাৰণ কৰে, সিও কেতিয়াও নৰক-যাতনা ভোগ কৰিবলগীয়া নহয়। মহৰ্ষিসকলে বিশেষকৈ জানি গুৰু-পাপৰ গুৰু আৰু লঘু-পাপৰ লঘু প্ৰায়শ্চিত্ত বিহিছে। সেইবোৰ পাপ তপস্যা দান আৰু ব্ৰতাদিৰ দ্বাৰাই ক্ষয় হয়, কিন্তু পাপীৰ পাপাচৰণৰ নিমিত্তে মলিন হৃদয় তাৰ দ্বাৰাই শুদ্ধ নহয়; অকল হৰিপদ সেৱাৰ দ্বাৰাইহে সেই হৃদয় নিৰ্ম্মল হয়। জুয়ে যেনেকৈ শুকান কাঠ দগ্ধ কৰে, সেইদৰে হৰিনাম কীৰ্ত্তনে পাপীৰ পাপ, জ্ঞানকৃতই হওক, দগ্ধ কৰে। যেনেকৈ কোনো মানুহে নজনাকৈয়ে কোনো অতিশয় বীৰ্য্যবান ঔষধ ভক্ষণ কৰিলে, সেই ঔষধে নিজৰ গুণ দেখুৱায়, হৰিনামো তেনেকুৱা।'

       ওপৰত এই দুই প্ৰকাৰ ধৰ্ম্ম ব্যাখ্যা দিয়া হ'ল। যমদূতৰ ব্যাখ্যা বেদত্ৰয়ৰ প্ৰতিপাদ্য সগুণ ধৰ্ম্ম আৰু বিষ্ণুদূতৰ ব্যাখ্যা ভগবৎ প্ৰণীত বিশুদ্ধ নিৰ্গুণ ধৰ্ম্ম। যমদূতে যেতিয়া যমৰজাৰ কাষত এই ঘটনাৰ ৱিবৰণদি গোচৰ দিলেগৈ। যমৰজাই বিষ্ণুদূতৰ ধৰ্ম্মব্যাখ্যা সম্পূৰ্ণৰূপে সমৰ্থন কৰি ক'লে, ̶ 'শুন দূতহঁত! মোৰ বাহিৰেও আন এজন চৰাচৰৰ সৰ্ব্বপ্ৰধান অধীশ্বৰ আছে, কাপোৰত সূঁতাৰ দৰে তেওঁতে বিশ্ব ওতপ্ৰোত হৈ আছে; যাৰ অংশৰপৰা এই বিশ্বৰ সৃষ্টি-স্থিতি-লয় হয়, আৰু যাৰ বশৱৰ্তী হৈ এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰাণী নাকী লগোৱা বলদৰ নিচিনাকৈ চালে; যি জৰীৰে ব্ৰাহ্মণাদি নামৰ দ্বাৰাই বেদবাক্য স্বৰূপ নিজ সূত্ৰেৰে মানুহক বন্ধন কৰিছে; নাম আৰু কৰ্ম স্বৰূপ নিজ সূত্ৰেৰে মানুহক বন্ধন কৰিছে; নাম আৰু কৰ্ম্মৰূপ বন্ধনৰ দ্বাৰাই বদ্ধ সেই সমস্ত জীৱ সভয়ে যাৰ অধীনত আছে। আনৰ কথাই নাই, মই, মহেন্দ্ৰ, নিয়তি, বৰুণ, অগ্নি, বায়ু, চন্দ্ৰ, সূৰ্য্য, ব্ৰহ্মা, মহেশ্বৰ, বিশ্বদেৱতাসকল, সাধ্যসকল, মৰুৎসকল, ৰুদ্ৰসকল, সিদ্ধসকল, বিশ্বস্ৰষ্টা, আন আন প্ৰধান প্ৰধান দেৱতাসকল, আৰু ৰজস্তমোগুণৰ সম্বন্ধশূন্য ভৃগু প্ৰকৃতি মহৰ্ষিসকল সত্ত্বপ্ৰধান হৈয়ো মায়াস্পৰ্শ প্ৰভাৱত যাৰ চেষ্টা জানিবলৈ অক্ষম; যেনেকৈ চকুৱে শৰীৰৰ সকলো অবয়ব দেখিবলৈ পায় কিন্তু চকুক নাপায়, তেনেকৈ সকলোৰে আত্মাস্বৰূপে হৃদয়ত অৱস্থিত যাক প্ৰাণীবোৰে, ইন্দ্ৰিয়বোৰে, মন, প্ৰাণ, হৃদয় বা বাক্যৰ দ্বাৰায় নিৰ্দ্দেশ কৰিব নোৱাৰে; ̶ সেই আত্মতন্ত্ৰ সকলোৰে প্ৰভু, সৰ্ব্বোৎকৃষ্ট, [ ১১ ] মায়াধিপতি আৰু মহাত্মা হৰিৰ মনোহৰ দূতসকল হৰিৰ তুল্য ৰূপ, গুণ আৰু স্বভাৱবিশিষ্ট। তেওঁলোকে সততে এই ভূমণ্ডলত ভ্ৰমণ কৰি থাকে। ভগৱন্ত বিষ্ণুৰ ভৃত্যসকল সুৰপূজিত; তেওঁলোকৰ ৰূপ অতি দুৰ্দ্ধৰ্ৰ; এতেকে তেওঁলোক অত্যাশ্চৰ্য্য। তেওঁলোকে বিষ্ণুভক্ত মানুহক শত্ৰুৰ পৰা, মোৰপৰা আন আন বিপদৰ পৰা সৰ্ব্বতোভাৱে ৰক্ষা কৰি থাকে। সাক্ষাৎ ভগৱৎ প্ৰণীত যি ধৰ্ম্ম, তাক কি ভৃগু প্ৰভৃতি ঋষিয়ে,কি দেৱতাসকলে, কি সিদ্ধসকলে, কোনেও নাজানে। অসুৰ, মানুহ, বিদ্যাধৰ আৰু চাৰণবোৰেই বা কেনেকৈ জানিব? হে দূতহঁত।

ব্ৰহ্মা মনু হৰ         কপিল কুমাৰ (সনৎ কুমাৰ)
শুক ভীষ্ম বলিৰায়।
প্ৰহ্লাদ নাৰদ                 জনক আমিসি
(এই) বাৰজন সমুদায়।। (কীৰ্ত্তন)

       এই বাৰজনেহে ভাগৱত ধৰ্ম্ম জানে। অতিশয় পৱিত্ৰ, গুহ্য আৰু অত্যন্ত দুৰ্ব্বোধ এই ধৰ্ম্ম জানিব পাৰিলে মোক্ষ লাভ হয়। হে দূতহঁত! নামসঙ্কীৰ্ত্তনাদিৰ দ্বাৰাই ভগবন্ত বাসুদেৱত যি ভক্তিযোগ, সেয়েই ইহলোত পুৰুষৰ পৰম ধৰ্ম্ম। ভগৱন্তৰ নামোচ্চাৰণৰ মাহাত্ম্য চোৱা। অকল নাম উচ্চাৰণ কৰিয়েই অজামিল মৃত্যুপাশৰ পৰা মুক্ত হ'ল। মহাপাপী অজামিলে অশুচি আৰু মূমূৰ্ষ কালত অসুস্থচিত্ত হৈয়ো 'নাৰায়ণ' বুলি মাতিলত মুক্তি লাভ কৰিলে। ধৰ্ম্মশাস্ত্ৰ প্ৰণেতা মহাজনসকলৰ বুদ্ধি মায়াৰ দ্বাৰাই অত্যন্ত বিমোহিত হৈছিল। সেইবাবে বুদ্ধি, অৰ্ধবাদৰূপ পষ্পিত বেদবিধিত বিজড়িত হোৱাৰ নিমিত্তে অতি গুহ্য নাম-মাহাত্ম্য তেওঁলোকে ভালকৈ বুজিব পৰা নাছিল। সেইদেখি তেওঁলোকে দ্বাদশ বাৰ্ষিকাদি প্ৰায়শ্চিত্তৰ বিধান কৰিছে। এতেকে যিসকল সুবুদ্ধি মানুহে এইবোৰ কথা বিবেচনা কৰি অনন্ত ঈশ্বৰত সৰ্ব্বান্তঃকৰণেৰে ভক্তি কৰে, তেওঁলোকে কেতিয়াও মোৰপৰা দণ্ডপ্ৰাপ্তিৰ যোগ্য নহয়। তেওঁলোকৰ পাপ হ'বই নোৱাৰে। যদিবা হয়, ভগৱন্তৰ নাম-কীৰ্ত্তনত তৎক্ষণাত সেই পাপ বিনষ্ট হৈ যায়। যিসকল সাধু পুৰুষ ভগৱন্তৰ শৰণাপন্ন, সৰ্ব্বত্ৰ সমদৰ্শী, দেৱতা আৰু সিদ্ধসকলে যাৰ পৱিত্ৰ কথা কীৰ্ত্তন কৰি থাকে, তহঁতে কেতিয়াও সেইসকলৰ ওচৰলৈ নাযাবি। ভগৱন্তৰ কৌমোদিক গদাই সৰ্ব্বতোভাৱে তেওঁলোকক ৰক্ষা কৰি আছে। তেওঁলোকৰ দণ্ডবিধান কৰিবৰ আমি সমৰ্থ নহওঁ। কালো সমৰ্থ নহয়। অকিঞ্চন পৰমহংসসমূহে সঙ্গীবিহীন হৈ অজস্ৰ যাৰ সেৱা কৰে, সেই মুকুন্দ পদাৰবিন্দ মকৰন্দৰ ৰসৰ আস্বাদন বিমুখ হৈ নৰকৰ ৰত্নস্বৰূপ গৃহত বদ্ধতৃষ্ণ হৈ যিবোৰ থাকে, সেই অসাধুবোৰক মোৰ ওচৰলৈ তহঁতে আনিবি। যাৰ জিভাই ভগৱন্তৰ গুণবৰ্ণন বা নামোচ্চাৰণ নকৰে, যাৰ চিত্ত ভগন্তৰ চৰণ-পদ্ম স্মৰণৰ বিমুখ, যাৰ মস্তক কেতিয়াও শ্ৰীকৃষ্ণৰ পদাৰবৃন্দত প্ৰণত নহয়, তেনে অসৎ লোকক মোৰ ওচৰলৈ তহঁতে আনিবি।"

       যমে এই বুলি ভগৱন্তৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ̶ "হে প্ৰভু! মোৰ ভৃত্যসকলে যে অন্যায় কাম কৰিলে, পুৰাণ পুৰুষ নাৰায়ণ! আপুনি সেই দোষ ক্ষমা কৰক। আমি নাজানি অপৰাধ কৰিছোঁ, হাতযোৰ কৰি মাতিছোঁ, আমাৰ অপৰাধ মাৰ্জ্জনা কৰক। আপুনি সকলোতকৈ মহৎ, আপোনাৰ ক্ষমা গুণ নিশ্চয় আছে, আপোনাৰ চৰণত প্ৰণাম কৰিছোঁ।" [ ১২ ]

শ্ৰীকৃষ্ণ-তত্ত্ব

 
কৃষিৰ্ভূ ৱাচকঃ শব্দো ণশ্চ নিৰ্বৃত্তৱাচকঃ৷
দ্বয়োৰৈক্যং পৰং ব্ৰহ্ম কৃষ্ণ ইত্যভিধীয়তে৷৷
কৃষ্ হেন শব্দ ইটো       পৃথিৱীবাচক ভৈল
ণ আনন্দত প্ৰৱৰ্ত্তয়৷
দুইৰ এক পদ ভৈল       পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়৷৷

       শ্ৰীমদ্ভাগৱতৰ শ্ৰেষ্ঠতম টীকাকাৰ স্বল্পভাষী আৰু সুগূঢ়ভাৱগ্ৰাহী শ্ৰীধৰ স্বামীয়ে কৃষ্ণ নামৰ পাৰিভাষিক অৰ্থ এইদৰে দিছে,--কৃষ্ আৰু মূৰ্দ্ধন্য ণ এই দুইটা মিলি কৃষ্ণ শব্দ হৈছে৷ কৃষ্ শব্দৰ অৰ্থ ভূ অৰ্থাৎ সত্ত্বা বা অস্তিত্ব, আৰু মূৰ্দ্ধন্য ণৰ অৰ্থ নিবৃত্তি অৰ্থাৎ পৰমানন্দ; সেইদেখি কৃষ্ আৰু মূৰ্দ্ধন্য ণৰ মিলনৰ অৰ্থ; অস্তিত্ব বা সত্ত্বাৰে সৈতে পৰমানন্দৰ মিলন৷ অৰ্থাৎ অস্তিত্ত্ব, চৈতন্য আৰু পৰমানন্দৰ মিলৰ নামেই কৃষ্ণ৷ অৰ্থাৎ যি বস্তুত চৈতন্য আৰু পৰমানন্দৰ অস্তিত্ত্বৰ বাহিৰে আৰু একো নাই,সেই বস্তুৱেই কৃষ্ণ৷ অৰ্থাৎ কৃষ্ণ সৎ, চিৎ আৰু আনন্দস্বৰূপ৷ বেদত পৰমব্ৰহ্মৰ স্বৰূপ লক্ষণ নিৰ্দ্দেশ কৰিছে,-- সৎ, চিৎ, আনন্দ৷

       তৈত্তিৰীয় উপনিষদত আছে, ভৃগুৱে তেওঁৰ পিতাক বৰুণৰ ওচৰলৈ আহি বৰুণক 'অধীহি ভগৱো ব্ৰহ্মেতি' এই বুলি ব্ৰহ্মজিজ্ঞাসা কৰিলত বৰুণে পুতেকৰ প্ৰশ্নৰ সাক্ষাৎ কোনো উত্তৰ নিদি পুতেকক ক'লে ̶ "এই বিষয়ত একাগ্ৰভাৱে চিন্তা অৰ্থাৎ ধ্যান কৰা৷" ভৃগুৱে বাপেকৰ উপদেশ মতে ধ্যান কৰি এই সিদ্ধান্তত উপনীত হ'ল যে 'অন্নই ব্ৰহ্ম'৷ বৰুণে এই সিদ্ধান্ত শুনি ভৃগুক ক'লে "ঠিক হোৱা নাই৷ আকৌ ধ্যান কৰা৷" ভৃগুৱে এইবাৰ ধ্যান কৰি পালে যে "প্ৰাণেই ব্ৰহ্ম"৷ বৰুণে এইবাৰো ঠিক হোৱা নাই বুলি তেওঁক আকৌ ধ্যান কৰিবলৈ ক'লে৷ এইদৰে ধ্যান কৰোঁতে কৰোঁতে শেহত ভৃগুৰ হৃদয়ত ব্ৰহ্মৰ স্বৰূপ প্ৰতিভাত হ'ল আৰু তেতিয়া ভৃগুৱে উপলব্ধি কৰিলে যে 'ব্ৰহ্ম সচ্চিদানন্দ'৷

       এই কথাৰ প্ৰসংগতে দেখিবলৈ পোৱা যায়, যে প্ৰাচীন কালত গুৰুৱে শিষ্যক অনেক স্থল মৌখিক উপদেশ নিদি, শিষ্যই যাতে তত্ত্বজ্ঞান নিজে উপলব্ধি কৰি তাক আত্মসাৎ কৰিব পাৰে তাৰ উপায় কৰি দিছিল৷ এইদৰে ব্ৰহ্মবিদ্যা পৰপ্ৰত্যয়সিদ্ধ নহৈ আত্মদৃষ্টিগত হৈ বেছি কাৰ্য্যকৰী হয় আৰু সেই শিষ্য প্ৰকৃত ঋষি হয়৷ এইদৰে শাস্ত্ৰত আছে ̶

 
গুৰোস্ত মৌনং ব্যাখ্যানম্৷
শিষ্যাস্তু ছিন্নসংশয়াঃ৷৷

[ ১৩ ]        অৰ্থাৎ গুৰুৱে যদি মৌখিক উপদেশ নিদিয়ে; কিন্তু শিষ্যসকলৰ সংশয় ছিগে। তৈত্তিৰীয় উপনিষদত আছে- 'সত্যং জ্ঞানমনস্তং ব্ৰহ্ম।' 'ৱিজ্ঞানং ব্ৰহ্ম।' 'আনন্দং ব্ৰহ্ম ইতি ৱ্যজানাৎ।' বৃহদাৰণ্যকত আছে – বিজ্ঞানম আনন্দং ব্ৰহ্ম। নৃসিংহতাপনীয় উপনিষদত, -- সচিদানন্দময়ং পৰং ব্ৰহ্ম। মৈত্ৰীত, -- সৰ্ব্বপূৰ্ণস্বৰূপোহস্মি সচ্চিদানন্দলক্ষণঃ। ব্ৰহ্মৰ এই এটাইবোৰ ভাব সংগ্ৰহ কৰি সৰ্ব্বোপনিষৎসাৰত এইদৰে কৈছে, সত্যং জ্ঞানম্ অনন্তম আনন্দং ব্ৰহ্ম।

       ব্ৰহ্মক সৎ বুলিলে কি বুজায় ? ইয়াকে বুজায় যে তেওঁৰ সত্তাতেই জগতৰ সত্তা। তেওঁ আছে বুলিয়েই জগৎ আছে। কিন্তু জগতৰ সভা ক্ষৰ, বিকাৰশীল, বিনাশশীল ; ব্ৰহ্ম অক্ষয়, অজৰ, অমৰ। যাৰ সদায় ৰূপৰ ব্যাভিচাৰ নহয়, সিয়েই সত্য। ব্ৰহ্ম সত্য , সেইদেখি তেওঁৰ ক্ষয়-বৃদ্ধি নাই, উৎপত্তি-বিনাশ নাই। কঠোপনিষদত কৈছে – ন জায়তে ম্ৰিয়তে ৱা ৱিপশ্চিৎ। অজো নিত্যঃ শাশ্বতোহয়ং পুৰাণঃ। অৰ্থাৎ তেওঁ সৰ্ব্বদেশত, সৰ্ব্বাকলাত, সকলো অৱস্থাত একেদৰে বিদ্যমান আছে। বেদান্তৰ পঞ্চদশী নামৰ গ্ৰন্থত লেখিছে, ̶ মাসাদযুগকল্পেযু গতা গম্যেম্বনেকধা। নোদেতি নাস্তমায়াতি সম্বিদেষী স্বয়ংপ্ৰভা। অৰ্থাৎ মাহ, বছৰ, যুগ, মন্বন্তৰ, কল্প, কোনো কালতেই যে তেওঁ নাছিল এনে নহয়। তেওঁ নিত্য, তেওঁ স্থাণু, তেওঁ আচল, তেওঁ সনাতন।

       ব্ৰহ্মক চিৎস্বৰূপ বুলিলে কি বুজায়? ইয়াকে বুজায় যে তেওঁ চৈতন্যশক্তি জ্ঞানস্বৰূপ। 'সত্যং জ্ঞানমন্তং ব্ৰহ্ম।' (তৈত্তিৰীয় উপষিনদ।)। অৰ্থাৎ তেওঁ স্বয়ংজ্যোতি, স্বপ্ৰকাশ। তেওঁক অন্য পদাৰ্থই প্ৰকাশ কৰিব নোৱাৰে, তেওঁ নিজকে নিজে প্ৰকাশ কৰে।

       আত্মেবাস্য জ্যোতিৰ্ভৱতি ব্ৰহ্মৈৱ তেজ এৱ।" (বৃহদাৰণ্যক) অৰ্থাৎ ব্ৰহ্ম পৰম জ্যোতি। তেৱেঁই তেজ। তেওঁৰ জ্যোতিতেই সমস্ত জ্যোতি জ্যোতিষ্মান, তেওঁৰ তেজেৰে সমস্ত আলোক দুতিমান। কঠ, শ্বেত আৰু মুণ্ডক উৎ ষদত এই কথাকেই বাৰে বাৰে কৈছে যে –

ন তত্ৰ সুৰ্য্যো ভাতি ন চন্দ্ৰতাৰক নেমা বিদ্যুতো ভান্তি কুতেহয়মগ্নিঃ।

তমেৱ ভান্তমনুভাতি সৰ্বং তস্য ভাসা সৰ্বমিদং বিভাতি।।

       অৰ্থাৎ তাত সূৰ্য্যৰ পোহৰ নাই, বিজুলীয়ে তাত পোহৰ নিদিয়ে গ্নি তাত ক’ত ? তেওঁৰ পোহৰেৰেই সকলো পোহৰ, তেওঁৰ প্ৰকাশেৰেই সকলো পিত। গীতাতো ভগৱন্তই এই কথাকেই কৈছে –

যদাদিত্যগতং তেজো জগদ্ভাসয়তেহখিলং

যচ্চন্দ্ৰমসি যচ্চাগ্নৌ তত্তেজো বিদ্ধি মামকম্।।

       অৰ্থাৎ সূৰ্য্যৰ যি তেজে সমস্ত জগতকে উদ্ভাসিত কৰে, চন্দ্ৰ আৰু অগ্নিত যি তেজ, সেই তেজ মোৰেই।

       ব্ৰহ্ম জ্ঞানস্বৰূপ। তেওঁ চিৎ চৈতন্যময়। আমি যাক প্ৰকৃতি বোলো, জড়বৰ্গ তাৰেই বিকাৰ। ব্ৰহ্ম তাৰপৰা স্বতন্ত্ৰ, চৈতন্যস্বৰূপ। চিতৰ এটি লক্ষণ স্বপ্ৰকাশতু অৰ্থাৎ চিতে নিজকে নিজে প্ৰকাশ কৰে, চিতক প্ৰকাশ কৰিবৰ নিমিত্তে আন পদাৰ্থৰ [ ১৪ ] প্ৰয়োজন নহয়। জড় পদাৰ্থৰ দৃষ্টান্ত দি এইটো বুজাবলৈ গ'লে সূৰ্য্যৰ দৃষ্টান্ত দিব পাৰি। সূৰ্য স্বপ্ৰকাশ। সূৰ্য্যই আনক যেনেকৈ প্ৰকাশ কৰে, নিজকো প্ৰকাশ কৰে। কিন্তু সূৰ্য্যও যিজনৰ তেজেকে তেজীয়ান, যাৰ জ্যোতিৰে জ্যোতিষ্মান্ সেইজনেই ব্ৰহ্ম। 'তমেৱ ভান্তমনুভাতি সৰ্ব্বম্ তস্য ভাসা সৰ্ব্বমিদং বিভাতি।'

বিষয়ৰ সংযোগত ইন্দ্ৰিয়ৰ স্পন্দন উদ্ভূত হয়। সেই স্পন্দন ইন্দ্ৰিয়ৰ দ্বাৰাই মস্তিষ্ক পায়গৈ। তাৰ পিছত বিজ্ঞানময় কোষলৈ গৈ জ্ঞানত পৰিনত হয়। বৈদান্তিকে কয় যে যেনেকৈ পোহৰে ঘটাদি পদাৰ্থক পোহৰাই প্ৰকাশ কৰে, সেইদৰে বুদ্ধিস্থ ব্ৰহ্মজ্যোতিৰে চিত্তবৃত্তি উজ্জ্বলিত হৈ জ্ঞানৰ আকাৰে প্ৰকাশ হয়। যেনেকৈ স্ফটিক জবা ফুলৰ সংযোগত ৰঙা হয়, নীলা ফুল এটাৰ সংযোগত নীলা হয়, অথচ বাস্তৱিকতে স্ফটিকৰ বৰণ নাই, সেইদৰে চিৎস্বৰূপ ব্ৰহ্ম বা পৰমাত্মাক বিভিন্ন চিত্তবৃত্তিৰ সংযোগত সেই সেই বৃত্তিৰ নিচিনা দেখি; অৰ্থাৎ তেওঁ দুখী সুখী, লোভী কামী এনে যেন দেখি। এই বিভিন্নতা উপাধিৰ নিমিত্তে, বাস্তৱিক নহয়। বাস্তৱিকতে চিৎ নিত্যবস্তু। কোনো কালে কোনো অৱস্থাতে ইয়াৰ বিকৃতি নঘটে। সাৰে থাকোঁতে যিবোৰ জ্ঞানৰ বিষয়, স্বপ্নাৱস্থাত সেইবোৰ নাথাকে। আকৌ স্বপ্নাৱস্থাত যিবোৰ জ্ঞানৰ বিষয়, সুষুপ্তি অৱস্থাত সেইবোৰ নাথাকে। কিন্তু চিৎ জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তি ̶ এই তিনিও অৱস্থাতে বিদ্যমান থাকে।

পৰমব্ৰহ্ম আনন্দস্বৰূপ। ব্ৰহ্মক আনন্দস্বৰূপ বুলিলে কি বুজায়? উপনিষদত লিখিছে 'আনন্দো নাম সুখচৈতন্যস্বৰূপো অপৰিমিতানন্দসমুদ্ৰ অবিশিষ্টসুখৰূপশ্চ আনন্দ ইত্যুচ্যতে।' অৰ্থাৎ ব্ৰহ্মক আনন্দ বুলিলে এই বুজায় যে তেওঁ স্বৰূপ অথচ চিৎৰূপ। তেওঁ অপৰিমিত আনন্দসমুদ্ৰ। তেওঁ নিৰ্ব্বিশেষ সুখ। সেই আনন্দ বিষয় সুখ নহয়। সি সাধাৰণ সুখ-দুখৰ অতীত অৱস্থা। 'আনন্দং নন্দনাতীতম্।' ব্ৰহ্মৰ যে ভূমানন্দ, জীৱই তাৰ এক কণিকা মাথোন পায়, আৰু সেই কণিকাতেই জীৱ মগ্ন। 'ৰসো ৱৈ সঃ। ৰসং হ্যেৱায়ং লব্‌ধ্বানন্দীভৱতি। কো হ্যেৱান্যাৎ কঃ প্ৰাণ্যাৎ। যদেশ আকাশ আননেদা ন স্যাৎ। এষ হ্যেৱানন্দয়াতি।' (তৈত্তিৰীয় উপনিষদ।) অৰ্থাৎ ব্ৰহ্মই ৰস। ৰস আস্বান্দো কৰি জীৱ আনন্দী হয়। যদি আনন্দস্পৰূপ আকাশ (ব্ৰহ্ম) নাথাকিলহেঁতেন তেন্তে কোন জীয়াই থাকিলহেঁতেন। তেৱেঁই আনন্দিত কৰে। 'এতস্যৈৱ আনন্দস্য অন্যানি ভূতানি মাত্ৰামুপজীৱন্তি।' জীৱই যে বিষয়ত আনন্দ উপভোগ কৰে, তাৰ কাৰণ এই যে বিষয়ৰ মাজত সেই ৰসস্বৰূপ ব্ৰহ্মৰ কণিকা প্ৰচ্ছন্ন আছে।

মানহে সদায় সুখ বিচাৰে, কেতিয়াও মৰিব নোখোজে অৰ্থাৎ আত্মাক হেৰুৱাব নোখোজে। ইয়াৰ কাৰণ কি? কাৰণ আত্মা সুখস্বৰূপ। আন বস্তু বা মানুহত যে আমাৰ মৰম সোমায় বা সেই বস্তু বা মানুহ আমাৰ প্ৰিয় হয়, তাৰ কাৰণ সেই বস্তু বা মনুহত আনন্দস্বৰূপ ব্ৰহ্ম আছে। বৃহদাৰণ্যক উপনিষদত এই কথাকে বহলাই কৈছে ̶ 'স হোৱাচন অৰে পুত্যঃ কামায় পতিঃ প্ৰিয়ো ভৱত্যাত্মনস্তু কামায় পতিঃ প্ৰিয়ো ভৱতি।' ইত্যাদি অৰ্থাৎ পতিৰ কামানাৰ নিমিত্তে পতি প্ৰিয় নহয়, আত্মাৰ কামনাৰ নিমিত্তে পতি প্ৰিয়। জয়া, পুত্ৰ, বিত্ত, লোক, এইবোৰৰ কামনাৰ নিমিত্তে [ ১৫ ] এইবোৰ প্ৰিয় হয় এনে নহয়; এইবোৰৰ ভিতৰত যে প্ৰছন্ন আত্মা আছে, সেই আত্মাকেহে কামনা কৰা যায় দেখি এইবোৰ প্ৰিয় হয়।

       ওপৰৰ কথাৰ মৰ্ম্ম এই যে জীৱই বিষয়ৰ সংস্পৰ্শত যিফেৰা সুখ অনুভৱ কৰে, তেতিবা বাস্তৱিকতে জীৱই পৰম আনন্দস্বৰূপ ব্ৰহ্মানন্দৰ কণিকা এটিৰ মাথোন আস্বাদন কৰে। সেইদেখি জীৱই যেতিয়া সুখৰ লোভত বিষয় কামনা কৰে, তেতিবা বাস্তবিক সি সুখস্বৰূপ ব্ৰহ্মৰেই কামা কৰে, অথচ সৰহ সময়ত আৰু সৰহ ভাগে সেইটো নাজানিয়েই কৰে। শ্ৰুত্যুক্ত এই কথাৰেই আভাস গীতাত আছে:


মত্তঃ পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়।
ময়ি সৰ্ৱমিদম্‌ প্ৰোতং সূত্ৰে মণিগনা ইৱ।।
মম ৱৰ্ত্মানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্ৱ শঃ।।

       ব্ৰহ্ম আনন্দস্বৰূপ কিয়? কাৰণ, ব্ৰহ্মত দুখৰ একেবাৰেই অভাৱ; সেই দেখি তেওঁ দুখ স্বৰূপ। ব্ৰহ্ম ভূমা, অনন্ত, দ্ৰষ্টা আৰু দৃশ্যৰ, বিষয়ী আৰু বিষয়ৰ একাকাৰ অৱস্থা; সেইদেখি তেওঁ আনন্দ। 'যো বৈ ভূমা তৎসুখম্‌। ন হ্যল্পে সুখম্‌ অস্তি। ভূমৈৱ সুখম।' (ছান্দোগ্য উপনিষদ।) অৰ্থাৎ ব্ৰহ্ম ভূমা, তেৱেঁই সুখ। অল্পত সুখ নাই। ভূমাই সুখ। 'যো ৱৈ ভূমা তদমৃতম্‌। অথ যদল্পং তৎ মৰ্ত্ত্যম্‌।' অৰ্থাৎ যি ভূমা, তেৱেঁই অমৃত। যি অল্প, সি মৰ্ত্ত্য।

'আনন্দং ব্ৰহ্মণো ৱিদ্বান। ন ৱিভেতি কুতশ্চন।' (তৈত্তিৰীয়।)

ব্ৰহ্মক আনন্দ বুলি জানিলে অৰ্থাৎ ব্ৰহ্মানন্দ জানিলে ক'তো একো ভয় নাথাকে। জীৱৰ সুষুপ্তি অৱস্থাত এনেকুৱা একাকাৰ অৱস্থা হয়। কাৰণ তেতিয়া বিষয়-বিষয়ী জ্ঞান নাথাকে। ব্ৰহ্মত প্ৰতিষ্ঠিত হৈ ব্ৰহ্মানন্দ অনুভৱ কৰিলে এনে অৱস্থা প্ৰাপ্ত হোৱা যায়। কথাৰে বুজাব পৰা এই অৱস্থাৰ উদাহৰণ বৃহদাৰণ্যক উপনিষদত এইদৰে দিছে-

'তদ্‌ যথা প্ৰিয়য়া স্ত্ৰিয়া সম্পৰিষ্‌বক্তো ন বাহ্যং কিঞ্চন ৱেদ।
অত্ৰ পিতাহপিতা ভৱতি, মাতাহমাতা লোকা আলোকা চণ্ডালোহচণ্ডালঃ' ইত্যাদি।

       অৰ্থাৎ সেই সুষুপ্তি অৱস্থাত জীৱই সুপ্ত হৈ কোনো কাম নকৰে, কোনো স্বপ্ন নেদেখে। যেনেকৈ প্ৰিয়তমা ৰমণীৰ দ্বাৰাই আলিঙ্গিত হৈ মানুহে অন্তৰ-বাহিৰ একোকে জানিব নোৱাৰে, সেই অৱস্থাত পিতা পিতা হৈ নাথাকে, মাতা মাতা হৈ নাথাকে, লোক লোক হৈ নাধাকে, বেদ বেদ হৈ নাথাকে, চণ্ডাল অচণ্ডাল হয়; তেতিয়া জীৱসকলো পাপ-পুণ্যৰ অতীত হয়, আৰু হদয়ৰ সকলো শোক দূৰ হয়।        যি ভূমানন্দ, সি বাক্য-মনৰ অতীত, তাৰ পৰিমাণ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। সেইদেখি তৈত্তিৰীয় উপনিষদত কৈছে-

যতো ৱাচো নিৱৰ্ত্তন্তে অপ্ৰাপ্য মনসা সহ।
আনন্দং ব্ৰহ্মণো ৱিদ্বান ন ৱিভেতি কদাচন।

       অৰ্থাৎ যাক ধৰিব নোৱাৰি বাক্য আৰু মন উভতি আহে, সেই আনন্দস্‌বৰূপ ব্ৰহ্মক জানিলে আৰু একোতে ভয় নাথাকে। [ ১৬ ]        সুষুপ্তি জীৱৰ স্বাভাৱিক অৱস্থা। কিন্তু এই অৱস্থা স্থায়ী নহয়। টোপনি ভাগিলে এই অৱস্থা নাইকিয়া হয়। তেতিয়া জীৱই এই ব্ৰহ্মানন্দ এৰি আকৌ দুখ-শোকৰ অৱস্তাৰ জগতলৈ উভতি আহিবলগীয়াত পৰে। কিন্তু সাধু আৰু যোগীসকলে সাধনাৰ বলেৰে এই অৱস্থাক স্থায়ী কৰিব পাৰে। তেতিয়া তেওঁলোকৰ স্থায়ী ব্ৰহ্মানন্দ লাভ হয়।

       বেদোক্ত পৰম ব্ৰহ্মৰ স্বৰূপ লক্ষণ এনে সৎ চিৎ আনন্দ। বেদ বিভাগ কৰোঁতে, বেদৰ অন্ত বেদান্তদৰ্শন প্ৰণেতা, সৰ্ব্ব উপনিষদৰ সাৰভাগ সঙ্কলন কৰি মহাশাস্ত্ৰ গীতা ৰচনা কৰোঁতা, অষ্টাদশ পুৰাণ ৰচোঁতা আৰু পুৰাণৰ ভিতৰত মহাসূৰ্য্য, নিগম কল্পতৰু বিগলিত ফল শ্ৰীমদ্ভাগৱত ৰচনা কৰি শুকক পঢ়াই সেই ফল ক্ষুধিত জগতক বিলাই দিওঁতা,- সত্যৱতীসুত মহৰ্ষি বেদব্যাসে শ্ৰীমদ্ভাগৱতত প্ৰতিজ্ঞা কৰি কৈছে-'ঈশ্বৰঃ পৰমঃ কৃষ্ণ সচ্চিদানন্দৱিগ্ৰহঃ।' সেইদেখি বেদোক্ত পৰম ব্ৰহ্ম আৰু দৈৱকীনন্দন শ্ৰীকৃষ্ণ একে বস্তু। সেইদেখি ব্ৰহ্মৰ স্বৰূপ লক্ষণ নিৰ্দ্দেশক বেদমন্ত্ৰ উচ্চাৰণ কৰা আৰু কৃষ্ণ নাম কীৰ্ত্তন কৰা একে বস্তু।

       অদ্বিতীয় সৎ চিৎ আনন্দস্বৰূপ বস্তুৱেই পৰম তত্ত্ব শ্ৰীকৃষ্ণ। জ্ঞানীসকলে পৰম তত্ত্বকেই সৎ অৰ্থাৎ সত্ত্ব প্ৰধান ব্ৰহ্ম বুলি ভাবে; যোগীসকলে চিৎ অৰ্থাৎ চৈতন্য-প্ৰধান পৰমাত্মা বুলি ধ্যান কৰে আৰু প্ৰেমিক ভক্তই আনন্দ-প্ৰধান চিদানন্দঘন ভগৱন্ত বুলি সেৱা কৰে। আকৌ কৰ্ম্মীসকলে ঐহিক ধন-জন বিষয়-বিভূতি আৰু পাৰলৌকিক স্বৰ্গ-সুখৰ কামনা কৰি এই পৰমতত্ত্ব বস্তুকেই নানা দেৱতাৰূপে উপাসনা কৰে। যি তেওঁক যেনে চকুৰেই দেখে তেওঁ তেনেকুৱাই। কংসৰ সভাত -


কৰিলা প্ৰাশ ৰাম সমে সমজ্যাত।
দেখে দশ প্ৰকাৰে কৃষ্ণক সিবেলাত।।
মালে বোলে কিনো বজ্ৰময় কলেৱৰ।
অন্যজনে বোলে এহেন্তেসে নৰবৰ।।
নাৰীগণে বোলে মূৰ্ত্তি ধৰিলা মদনে।
আমাৰেসে বন্ধু বুলি মানে গোপগণে।।
আমাৰেসে শাস্তা বোলে দুষ্ট ৰাজাচয়।
বসুদেৱ দৈৱকীও বোলয় তনয়।।
কংসে বোলে এহি কৃষ্ণ অন্তক আমাৰ।
অজ্ঞানীসকলে বোলে নন্দৰ কুমাৰ।।
যোগীগণে বোলে এহেন্তেসে ব্ৰহ্মতত্ত্ব।
বৃষ্ণিবংশে বোলে এন্তে কুলৰ দৈৱত।।          -শঙ্কৰদেৱ

       যি যেনেকৈ তেওঁক ভজনা কৰে, বাঞ্ছাকল্পতৰু সমদৰ্শী তেওঁ তাক তেনেকুৱা ফলকেই দিয়ে। গীতাত তেওঁ নিজমুখে তাকেই স্পষ্টকৈ কৈ দিছে,-

যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহং।
মম ৱৰ্ত্মানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্ৱ শঃ।।

       আনন্দঘন ভগৱন্তৰ উপাসনা জীৱমাত্ৰৰে স্বাভাৱিক। জীৱই জন্মৰেপৰা মৃত্যু [ ১৭ ] পৰিমিত কেৱল কৃষ্ণকেই অনুস্থান কৰি ফুৰিছে। মূৰ্ত্তিমান আনন্দই শ্ৰীকৃষ্ণ। জীৱই আনন্দৰ বাহিৰে একো নিবিচাৰে আৰু আনন্দৰ বাহিৰে নিজীয়ে, এই কথা শ্ৰুতিৰ বচন তুলি আগেয়ে দেখুৱা হৈছে। কিন্তু প্ৰকৃত আনন্দ কাক বোলে, আনন্দ ক'ত আছে আৰু তাক কেনেকৈ পোৱা যায়, জীৱই নাজানে। সেই দেখি স্ত্ৰী-পুত্ৰ-পৰিবাৰ, ধন, জন আদি পাৰ্থিৱ ক্ষণভঙ্গুৰ পদাৰ্থৰ ভিতৰত জীৱই আনন্দ বিচাৰি ফুৰে অৰ্থাৎ শ্ৰীকৃষ্ণক পাবলৈ আশা কৰে। যদি কোনো জীৱই মূৰ্ত্তিমান আনন্দস্বৰূপক ধৰিব পাৰে, তেওঁ ক্ষণভঙ্গুৰ ক্ষণস্থায়ী আনন্দৰ পিছে পিছে আৰু লৰি নুফুৰে।

       জীৱৰ আনন্দলিপ্সা বৰ বেছি কিয়? কাৰণ জীৱ আনন্দস্বৰূপ ভগৱন্তৰে অংশ। আনন্দময় ঈশ্বৰ নিজানন্দ আস্বাদন কৰি সুখী। তেওঁৰ অংশ জীৱৰো আনন্দ আস্বাদন কৰিবৰ বলৱন্ত বাসনা এই নিমিত্তে। কিন্তু আনন্দ আস্বাদৰ কৰিবৰ নিমিত্তে ঈশ্বৰে নিজক বহু কৰিবলগীয়া হ'ল; কাৰণ আন কোনোৱে আস্বাদন নকৰিলে আনন্দৰ মানেই নাথাকে। এই বাবেই শ্ৰুতিত কৈছে 'আত্মা বা ইদমগ্ৰ আসীৎ' অৰ্থাৎ তেওঁ সৃষ্টিৰ আদিতে একমেবাদ্বিতীয়ম্, নিজানন্দময়, আত্মাৰাম, তেওঁৰ সিসৃক্ষা হ'ল, অৰ্থাৎ তেওঁ বহু হৈ নানাভাৱে আনন্দ আস্বাদন কৰিবৰ ইচ্ছা কৰিলে- 'একোহহং বহুস্যাম।' অৰ্থাৎ এক মই বহু হ'ম। এয়েই মোৰ লীলা। লীলাই আনন্দৰ স্বভাৱ। আনন্দই লীলাৰ আস্বাদ। মানুহে আনন্দৰ নিমিত্তেই ক্ৰীড়া কৰে আৰু ক্ৰীড়া কৰিয়েই আনন্দ আস্বাদন কৰে। মানুহৰ কোনো ৰকম অভাৱ বোধ হ'লে তাক তেওঁৰ পূৰণ কৰিবৰ ইচ্ছা হয়। পূৰ্ণানন্দ ঈশ্বৰৰ কোনো ৰকম অভাৱ নাই, গতিকে ইচ্ছাও নাই। তেওঁ নিজেই নিজানন্দ আস্বাদন কৰি পৰিতৃপ্ত। কিন্তু সেই আন্দ অপৰিস্ফুট। লীলা নহ'লে আনন্দ পৰিস্ফুট নহয়, সেইদেখি তেওঁ আত্মপ্ৰেমেৰে আত্মানন্দ আস্বাদ কৰি প্ৰেমাংশক শত-সহস্ৰ ভাগত বিভাগ কৰি নিজাংশৰ দ্বাৰাই নিজানন্দকে আস্বাদন কৰে। এয়ে তেওঁৰ লীলা।

তুমি শুদ্ধ বুদ্ধ নিত্য       নিৰ্ম্মল নিৰ্গুণ দেৱ,
মোৰ প্ৰভু নাৰায়ণ এ,
স্বৰূপ আনন্দে সদা সুখী।
হৰি হৰি তুমি নিজানন্দে সদা সুখী।
আমি মূঢ়মতি ঘোৰ       অবিদ্যা সাগৰে মজি,
মোৰ প্ৰভু নাৰায়ণ এ,
তোমাক নাজানি ভৈলোঁ দুখী।
হৰি হৰি স্বৰূপ নাজানি ভৈলোঁ দুখী।।
                     হৰি ও। (ঘাষা)

বিশ্বপতি লীলাময়ৰ ইচ্ছাত যেনেকৈ তেওঁৰ বিশ্বৰ একাংশ তিনি গুণৰ সংযোগত মলিন আৰু স্থূল হৈ ব্ৰহ্মাণ্ডৰূপত পৰিণত হ'ল, সেই দৰে তেওঁৰ অসংখ্য অংশ শুদ্ধ জীৱৰ কিছুমান তেওঁৰ অমোঘ নিয়মতেই পঞ্চভূতাত্মক স্থূল শৰীৰেৰে আবৃত হৈ, তেওঁৰ মায়াৰ দ্বাৰাই মুগ্ধ হৈ তেওঁক পাহৰি এই দেহকেই মোৰ, মই বিবেচনা [ ১৮ ] কৰিবলৈ ধৰিলে।

অখণ্ডিত সদা শুদ্ধ       চৈতন্য শক্তিৰ বলে
মোৰ প্ৰভু নাৰায়ণ এ,
তুমি দূৰ কৰি আছা মায়া।
হৰি হৰি তোমাৰ নিকটে নাহি মায়া।
তোমাক নভজোঁ পদে,       মায়েয়ে মুহিলে মোক,
মোৰ প্ৰভু নাৰায়ণ এ,
আবে কৃপাময় কৰা দয়া।
হৰি হৰি মায়াক নিবাৰি কৰা দয় হৰি এ।
                     (ঘোষা)

       যদিও ফাটেকৰ বহুদিনীয়া কয়েদীৰ নিচিনাকৈ জীৱই শেহত দেহ-ফাটেককে ভাল পাই তাৰপৰা ওলাব নোখোজে, কিন্তু জীৱৰ চিৰাস্বাদিত আনন্দৰ প্ৰতি টান অন্তৰৰপৰা নাযায়। জীৱই বিচাৰিছে আগেয়ে আস্বাদ কৰা সেই আনন্দ, কিন্তু ক'ত আৰু কিহত সেই আনন্দ আছে, তাৰ ভু নাপাই পাৰ্থিৱ ক্ষন্তেকীয়া বস্তুত তাক বিচাৰি হাৰাশাস্তি হৈ মৰে অথচ নাপায়। জীৱৰ স্বাভাৱিক আনন্দ-লিপ্সাই কৃষ্ণপ্ৰেমৰ সংস্কাৰ, আৰু উপৰুৱা পদাৰ্থপ্ৰিয়তাই কাম। [ ১৯ ]

বস্ত্ৰহৰণ-তত্ত্ব

       শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ প্ৰকৃত তাত্পৰ্য্য নাজানি অনেকে, আনকি অনেক কৃষ্ণভক্তইও তাক অশ্লীল, এতেকে পঢ়িবৰ বা শুনিবৰ যোগ্য নহয়, এনেকৈ ভাবে। অনেক তাক ৰূপক বুলি কৈ গা সাৰে। অনেকে প্ৰক্ষিপ্ত বোলে। সুবিখ্যাত বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায় কৃষ্ণভক্ত আছিল কিন্তু তেওঁ ভাবিছিল, ৰাসলীলাদি বৃন্দাবনলীলা প্ৰক্ষিপ্ত আৰু অতিৰঞ্জিত ; সাংসাৰিক বিষয়ত পৰম অভিজ্ঞ ৰাজনীতিজ্ঞ শ্ৰেষ্ঠাতিশ্ৰেষ্ঠ দাৰ্শনিক, পৰম তত্ত্বজ্ঞ, মহাভাৰতোক্ত আৰু গীতাৰ শ্ৰীকৃষ্ণহে আচল শ্ৰীকৃষ্ণ। এই বাবে এৰিব নোৱাৰা শ্ৰীকৃষ্ণক আজি-কালিৰ পাশ্চাত্য বিদ্যাত শিক্ষিতসকলৰ নিমিত্তে, বৃন্দাবন আদি অলৌকিক কথাবোৰ তেওঁৰ গাৰপৰা ধুই-মছি জাৰিফুকি পেলা চাফচিকুণকৈ ল'ব লাগে।

       এদিন ৰামকৃষ্ণ পৰমহংসক তেওঁৰ ভক্ত এজনে কৈছিল-"মহাশয় ! অমুক বাবুৱে শ্ৰীকৃষ্ণৰ বিষয়ে এখন কিতাপ লিখিছে, কিন্তু তেওঁ বৃন্দাবনলীলা নামানে।"

       কথাটো শুনি পৰমহংসই ক'লে- "লেক্‌চাৰ, সন্ধিবিগ্ৰহ, ৰাজ্যশাসন এইবোৰতো মানুহে পাৰে। শ্ৰীকৃষ্ণৰ বৃন্দবনলীলাত। বৃন্দবনলীলা বাদ দিলে তেওঁৰ ঈশ্বৰত্ব থাকে ক'ত?"

       ৰাসলীলাৰ আচল তত্ত্ব নুবুজা পল্লবগ্ৰাহীসকলেতো ৰাসলীলাক অশ্লীল বা ৰূপক বা প্ৰক্ষিপ্ত বোলে কিন্তু শ্ৰীমদ্ভাগৱতত তত্ত্বদৰ্শী ভক্ত যোগী শুকদেৱে কি কয় শুনা : ̶

বিক্ৰীড়িতং ব্ৰজৱধূভি ৰিদং চ ৱিষ্ণোঃ
শ্ৰদ্ধান্বিতোঃ হনূশৃণুয়াদথ ৱৰ্ণয়েত্ যঃ।
ভক্তিং পাৰং ভগৱতি প্ৰতিলভ্য কামং
হৃদ্ৰোগমাশ্বপৰ্হিনোত্যচিৰেণ ধীৰঃ।।

       অৰ্থাৎ ব্ৰজবধুসকলেৰে সৈতে বিষ্ণুৱে ক্ৰীড়া কৰা এই ৰাসলীলা যি শ্ৰদ্ধাৰে সৈতে শ্ৰৱণ বা বৰ্ণনা কৰে, সি ভগৱন্তত পৰাভক্তি লাভ কৰি অচিৰতে ধীৰ হয়, আৰু হৃদয়ৰোগ কাম তাৰ একেবাৰে নিবৃত্তি হয়। আমাৰ মহাপুৰুষ শ্ৰীশঙ্কৰদেৱেও কয় ̶

গোপী গোপালৰ        কামকেলি ইটো
শুনে ভণে যিটো জনে।
কামক জিনিবে        অল্পতে বাঢ়িবে
ভকতি কৃষ্ণ-চৰণে।।

       বস্ত্ৰহৰণলীলা ৰাসলীলাৰ পাতনি। বস্ত্ৰহৰণত ভক্ত গোপীসকলৰ বেদোক্ত [ ২০ ] অদ্বৈত জ্ঞানৰ পৰীক্ষা হয়। সেই পৰীক্ষাত গোপীসকল উঠিব নোৱাৰিলে সেই বাবে পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণই তেওঁলোকক তেতিয়াও অযোগ্য জানি ঘৰলৈ ওভোতাই পঠিয়াই পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ এবছৰ সময় দিলে। বস্ত্ৰহৰণলীলা সংক্ষেপতে এই হেমন্ত কালৰ প্ৰথম মাহতে নন্দব্ৰজৰ কুমাৰীসকলে হবিষ্য কৰি কাত্যায়নীৰ অৰ্চ্চনৰূপ ব্ৰত আৰম্ভ কৰিলে।

       এইখিনিতে চাব লাগিব যে ব্যাসদেৱে এই ব্ৰত কৰোঁতা ব্ৰজগোপীসকলক কুমৰিকা বুলিছে। অনুঢ়া বালিকাক কুমাৰী বোলে। কুমাৰী' শব্দত অল্পাৰ্থে 'কন’ প্ৰত্যয় কৰিলে 'কুমাৰিকা' শব্দ হয়। এইদেখি কুমৰিকা মানে বৰ কম বয়সীয়া বালিকাক বুজায়। শ্ৰীকৃষ্ণৰ তেতিয়া পৌগণ্ড বয়স। পঞ্চম বছৰ বয়সৰপৰা দশম বছৰ বয়সলৈকে পৌগণ্ড অৱস্থা বোলে অৰ্থাৎ শ্ৰীকৃষ্ণ তেতিয়া ন-দহ বছৰ বয়সীয়া শিশু কুমৰিকা অৰ্থাৎ অতি অলপ বয়সীয়া ছোৱালী গোপীসকলৰ যে তেনেকুৱা অলপ বয়সীয়া কৃষ্ণৰ প্ৰতি অনুৰাগত মিলনতা আছে এইটাে ভাবিবই নোৱাৰি।

       কুমাৰীসকলে অৰুণোদয়তে কালিন্দীৰ জলত স্নান কৰি, পানীৰ কাষতে বালুকাময়ী প্ৰতিমা নিৰ্ম্মাণ কৰি, ধূপ-দীপ-নৈবেদ্য দি কাত্যায়নীক পূজা কৰি প্ৰাৰ্থনা কৰিছিল – ‘হে কাত্যায়নি। হে মহামায়া! নন্দগোপৰ পুতেক শ্ৰীকৃষ্ণক আমাৰ স্বামী কৰি দিয়া। সেই ছোৱালীবিলাকে দিনো প্ৰত্যুষতে উঠি পৰস্পৰে পৰস্পৰৰ বাহুত ধৰি কালিন্দীত স্নাত কৰিবলৈ যাবৰ সময়ত নিজৰ নামেৰে সৈতে কৃষ্ণৰ গুণগান কৰিছিল। এদিন সেই ব্ৰজকুমাৰীসকলে সেইদৰে গা ধুবলৈ আহি নিজৰ নিজৰ বস্ত্ৰ নৈৰ পাৰত থৈ বিবস্ত্ৰা হৈ কৃষ্ণৰ গুণগান কৰি পানীত নামি জলক্ৰীড়া কৰিছিল। যোগেশ্বৰ ঈশ্বৰ ভগৱন্ত শ্ৰীকৃষ্ণই তেওঁলোকৰ উদ্দেশ্য জানি, তেওঁলোকৰ কৰ্ম্মৰ ফল দান কৰিবৰ নিমিত্তে গোপবালকসকলেৰে সৈতে তাত উপস্থিত হৈ, বালিকাসকলৰ বস্তুবোৰ লৈ কদম্ব গছত উঠি হাঁহি হাঁহি বালিকাসকলক ক’লে, ̶ “হে অবলাসকল! তোমালোকে ইয়ালৈ আহি নিজৰ নিজৰ বস্তু লৈ যোৱাহিহঁক। মই সঁচা কৈছোঁ, তোমালোকৰ সৈতে মই পৰিহাস কৰা নাই কাৰণ তোমালোকে ব্ৰত কৰি বৰ ক্ষীণাইছা। মই যে মিছা নকওঁ, এই গোপবালকসকলে জানে। এতেকে এজনী এজনীকৈ হওক, বা সকলে একেলগে আহি কাপোৰ লৈ যোৱাহিহঁক।” শ্ৰীকৃষ্ণৰ এই কথা শুনি গোপীসকলে প্ৰেমত বিহ্বল হৈ আৰু লজ্জিত হৈ পৰস্পৰে পৰস্পৰৰ ফালে চাই হাঁহিবলৈ ধৰিলে আৰু পানীৰপৰা পাৰলৈ উঠিব নোৱাৰিলে। পানীত পৰি থাকি জাৰত কঁপি কপি তেওঁলোকে কৃষ্ণক ক’লে – “হে কৃষ্ণ। অন্যায় নকৰিবা। তুমি নন্দগোপৰ পুত্ৰ, আমি তোমাক ভাল পাওঁ। ব্ৰজৰ ভিতৰত তুমি সকলোতকৈ ভদ্ৰ। আমি জাৰত কপিছোঁ। তুমি আমাক কাপোৰবোৰ ওভোতাই দিয়া। হে শামসুন্দৰ! আমি তোমাৰ দাসী। তুমি যিহকে আজ্ঞা কৰা, আমি তাকে কৰোঁ। হে ধৰ্ম্মজ্ঞ। আমাক বস্তুবোৰ দিয়া, নতুবা আমি ৰজাৰ আগত গোচৰ দিমগৈ।” কৃষ্ণই উত্তৰ দিলে – “তোমালোক যদি মোৰ দাসী – আৰু যদি মোৰ আজ্ঞা তোমালোকে প্ৰতিপালন কৰা তেন্তে মই আজ্ঞা কৰিছোঁ, বামলৈ উঠি এইখিনিলৈ আহি নিজৰ নিজৰ বস্তু লৈ যোৱাহিহঁক। ৰজাক গোচৰ দিলে, বুঢ়া ৰজাই মোক কি কৰিব?” [ ২১ ]        বালিকাসকলে জাৰত বৰ কষ্ট পাইছিল। শেহত তেওঁলোকে দুই হাতেৰে যোনিদেশ আচ্ছাদন কৰি জাৰত কঁপি পাৰলৈ উঠিল। ভগৱন্ত তেওঁলোকৰ বিশুদ্ধ ভাবত যদিও প্ৰসন্ন হৈছিল, তথাপি তেওঁ ক'লে ̶ "তোমালোকে ব্ৰত আচৰণ কৰোঁতে বিবস্ত্ৰা হৈ জলত স্নান কৰিছিলা, সেইদেখি দেৱতাক অৱহেলা কৰা হৈছে। এতেকে এই পাপ দূৰ কৰিবৰ নিমিত্তে দুই হাতেৰে মূৰত অঞ্জলি ধাৰণ কৰি অৱনত মস্তকেৰে নমস্কাৰ কৰি বস্ত্ৰ গ্ৰহণ কৰা।" কুমাৰীসকলে এই কথা শুনি ভাবিলে, কিজানি সঁচাকৈয়ে তেওঁলোকৰ ব্ৰত ভঙ্গ হ'ল। তাকে ভাবি ভয় খাই তেওঁলোকে ব্ৰত পূৰণ কৰিবলৈ, সেই ব্ৰতৰ আৰু অন্যান্য বিবিধ কৰ্ম্মৰ ফলস্বৰূপ সেই শ্ৰীকৃষ্ণকেই নমস্কাৰ কৰিলে; কাৰণ তেওঁলোকে জানিছিল যে তেৱেঁই পাপ নাশ কৰে। এইবাৰ শ্ৰীকৃষ্ণই সদয় হৈ তেওঁলোকক বস্ত্ৰ প্ৰদান কৰিলে।

       মহাযোগী মহাভক্ত শুকদেৱে পৰীক্ষিতক কৈছে ̶ ৰাজন, শ্ৰীকৃষ্ণই ব্ৰজকুমাৰীসকলক বঞ্চনা কৰিলেও, নিৰ্লজ্জা কৰিলেও উপহাসাস্পদ কৰিলেও, বস্ত্ৰহৰণ কৰিলেও, আনকি, ধেমালিৰ পুতলাৰ নিচিনাকৈ লৈ চলালেও, সেই বালিকাসকলে তাত দোষ গ্ৰহণ নকৰিছিল; কাৰণ প্ৰিয় সঙ্গৰ নিমিত্তে তেওঁলোক বৰ সুখী হৈছিল। তেওঁলোকে কাপোৰ ওভোতাই পাই পিন্ধিও সেই ঠাইতে থিয় হৈ ৰ'ল; কাৰণ কৃষ্ণৰ প্ৰতি তেওঁলোকৰ চিত্ত আকৃষ্ট হৈছিল আৰু কৃষ্ণৰ প্ৰতি তেওঁলোকে সলজ্জ দৃষ্টি নিক্ষেপ কৰিবলৈ ধৰিলে। এই বালিকাসকলে তেওঁৰ পাদস্পৰ্শ কামনা কৰিয়েই ব্ৰত ধাৰণ কৰিছিল আৰু তেওঁলোকৰ এই উদ্দেশ্য জানিব পাৰি ভগৱন্তই তেওঁলোকক ক'লে, ̶ "হে সাধ্বীসকল! মই জানিব পাৰিছোঁ যে মোৰ অৰ্চ্চনা কৰাই তোমালোকৰ সঙ্কল্প আৰু সেইটোো মোৰ অনুমোদিত। এতেকে সেইটো সফল হোৱাটো উচিত হৈছে, যাৰ চিত্ত মোত নিবিষ্ট, তাৰ বাসনা পুনৰ্ব্বাৰ ফলভোগ কৰিবলগীয়া নহয়; ভজা বা সিজোৱা বীজৰ প্ৰায়েই গজালি নেমেলে। হে অবলাসকল! তোমালোক ব্ৰজলৈ যোৱা, সিদ্ধ হৈছা। আগামিনী যামিনীত তোমালোক সকলোৱে মোৰ সৈতে বিহাৰ কৰিবলৈ পাবা কাৰণ মোক উদ্দেশ্য কৰি তোমালোকে ভগৱতীৰ অৰ্চ্চনাৰূপ ব্ৰত কৰিছিলা।"

       ভগৱন্তৰ এই আদেশ পাই কুমাৰীসকলে তেওঁৰ পাদপদ্ম চিন্তা কৰি কৰি দুঃখিত মনেৰে অতি কষ্টে ব্ৰজলৈ উভতি আহিল।

       এতিয়া আমি ওপৰৰ কথা দুই-চাৰিটা তাৎপৰ্য্য বিচাৰি চাওঁ। কুমাৰীসকলৰ ব্ৰত ধাৰণ আৰু পূজাৰ প্ৰণালীলৈ মন কৰিলে আমি কি দেখোঁ? উদ্দেশ্য প্ৰাকৃত মলিন কাম নে অপ্ৰাকৃত পৱিত্ৰ ঈশ্বৰপ্ৰেম? তেওঁলোকে প্ৰত্যুষে শয্যা এৰি লগ লাগি ডিঙিত ধৰাধৰিকৈ কৃষ্ণ-গুণ গাই যমুনাত স্নান কৰিবলৈ যায় আৰু স্নান কৰি উঠি তেওঁলোকে কাত্যায়নীৰ বালিৰ প্ৰতিমা সাজি ধূপ-দীপ-নৈবেদ্য দি পূজা কৰি প্ৰাৰ্থনা কৰে ̶ 'নন্দ-নন্দনক আমাৰ পতি কৰি দিয়া।' তিৰোতাৰ সতিনী খটাতকৈ ডাঙৰ আন একো যান্ত্ৰণাদায়ক কষ্ট নাই। কিন্তু এওঁলোকে লগ বান্ধি একে ঠাইতে, একে সময়তে, একে মন্ত্ৰকে মাতি একেজনা দেৱীক, একেজন পুৰুষকে পতি পাবৰ কামনা কৰি প্ৰাৰ্থনা কৰে। সাধাৰণতঃ তিৰোতাই এইদৰে পাৰ্থিৱ প্ৰাকৃত পতি কামনা কৰাটো [ ২২ ] সম্ভৱ নে? বৰং সাধাৰণতঃ কি দেখি? দেখি, ̶ যদি অনেক তিৰোতাই কোনো এজন পুৰুষক ভাল পাই তেওঁক পাবৰ ইচ্ছা কৰে, তেন্তে প্ৰত্যেকে আনক ফাকি দি বা বঞ্চনা কৰি মনে মনে লুকাই সেই পুৰুষজনক পাবৰ চেষ্টা কৰিব। কিন্তু ব্ৰজকুমাৰীসকলৰ আচৰণ এই প্ৰণয়ৰ স্বাভাৱিক প্ৰথাৰ সম্পূৰ্ণ বিপৰীত। ঈশ্বৰপ্ৰাপ্তিৰ নিমিত্তে অনুৰাগী ভক্তসকলে যেনেকৈ সমৱেতভাৱে মিলি উপাসনা আৰু প্ৰাৰ্থনা কৰে তেওঁলোকেও তেনেকৈ কৰিছিল। কণ কণ ছোৱালী, যি বিয়া কাক বোলে, পতি কাক বোলে, প্ৰেম বা প্ৰণয় কাক বোলে ভালকৈ নাজানে, তেওঁলোকে তেওঁলোকৰে সমনীয়া ল'ৰা এটিক পতি-ৰূপে পাবলৈ এনেবাৱে পাৰ্থিৱ কামৰ গোন্ধ থকা ভাপোৱা দেখুৱাব এইটো হ"ব পাৰে নে? সেইদেখি গোপীসকলৰ প্ৰণয় প্ৰাকৃত প্ৰণয় নহয়, ই ঈশ্বৰ কৃষ্ণপ্ৰেম আৰু আগৰ অনেক জনমৰ সুকৃতিৰ ফল।

       ছান্দোগ্য উপনিষদত আছে 'ব্ৰহ্ম এক আৰু অদ্বিতীয় ̶ একমেৱাদ্বিতীয়ম্', 'নেহ নানাস্তি কিঞ্চন' (বৃহদাৰণ্যক) অৰ্থাৎ ইয়াত নানা, বহু, দ্বৈত নাই; আছে মাথোন তেওঁ অদ্বৈত এক ব্ৰহ্ম বস্ত। 'চৈতন্যস্বৰূপে ব্যাপি এক নিৰঞ্জন। তাহাক বোলয় দ্বৈত কোন অজ্ঞজন।।' ̶ শঙ্কৰদেৱ।

       গীতাত লেখিছে ̶ "মত্তঃ পৰতৰং নান্যং কিঞ্চিদস্তি ধনঞ্জয়"। শ্বেতাশ্বেতৰ উপনিষদত তেওঁক-'পতিং পতীনাং পৰমং পৰস্তাৎ' বুলিছে, অৰ্থাৎ তেৱেঁই পতিৰ পৰাৎপৰ পৰম পুৰুষ। এইজনকে ব্ৰজকুমাৰীসকলে পতিৰূপে পাবলৈ কামনা কৰিছিল। বেদত কৈছে-' ব্ৰহ্মৰ বাহিৰে দ্বিতীয় বস্তুত মন সমৰ্পিত হ'লে জীৱৰ সংসাৰ বন্ধন হয়। যেতিয়ালৈকে দ্বিতীয় বস্তুত মানুহৰ মন নিমগ্ন থাকে, তেতিয়ালৈকে লাজ অভিমান ভয় আদি সাংসাৰিক মায়াৰ আবৰণ থাকে আৰু লাজৰ নিমিত্তে বস্ত্ৰৰ আবৰণৰো আৱশ্যক হয়। সনক সনাতন আদি চাৰি সিদ্ধৰ বস্ত্ৰৰ প্ৰয়োজন নহৈছিল। মহাদেৱ শিৱও দিগম্বৰ। তেওঁলোকে নিজৰ ইচ্ছাত বস্ত্ৰ পৰিত্যাগ কৰিছিল এনে নহয়, ভগৱন্ত শ্ৰীকৃষ্ণই তেওঁলোকৰ বস্ত্ৰৰ হৰণ কৰিছিল। সনক-সনাতন, শুকদেৱ, মহাদেৱৰ বস্ত্ৰ নাছিল বুলি তেওঁলোকক কোনোবাই অসভ্য নিজাল বোলে নে? শ্ৰীকৃষ্ণ ভগৱন্তই বেদোক্ত অদ্বৈতজ্ঞান শিক্ষা দিবৰ নিমিত্তেই মহাভক্ত আৰু একমাত্ৰ পতিৰ পতি তেওঁত অনুৰক্ত গোপীসকলক কৃপা কৰি তেওঁলোকৰ বস্ত্ৰ হৰণ কৰিছিল। জীৱই বৈষ্ণৱীমায়াত মুগ্ধ হৈয়েই দ্বৈতজ্ঞানৰ নিমিত্তে বস্ত্ৰাবৰণ লয় কিন্তু ঈশ্বৰৰ কৃপাত সমদৰ্শী হ'লে বস্ত্ৰ ত্যাগ কৰে। গোপীসকলৰ তেতিয়াও দ্বিতীয়জ্ঞান সম্পূৰ্ণৰূপে যোৱা নাছিল, সেইদেখি শ্ৰীকৃষ্ণই তেওঁলোকক পানীৰপৰা উঠি বস্ত্ৰ ল'বলৈ মতাতো তেওঁলোকে উঠি যাবলৈ সঙ্কোচ কৰিছিল অৰ্থাৎ যদিও তেওঁলোকৰ শ্ৰীকৃষ্ণলৈ লাজ নাছিল, পিছে আনে সেই অৱস্থাত তেওঁলোকক দেখিবলৈ পায়, এই ভয় এই লাজ অৰ্থাৎ দ্বৈতজ্ঞান সম্পূৰ্ণৰূপে তেওঁলোকৰ নষ্ট হোৱা নাছিল। শেহত নোৱাৰিহে তেওঁলোকে নিজৰ হাতেৰে যোনিদেশ আবৃত কৰি পাৰলৈ উঠিল। সেই বাবেই কৃপালু কৃষ্ণই তেওঁলোকক সেইফেৰা আৱৰণো গুচাই তত্ত্বোপদেশ প্ৰদান কৰিলে। কিন্তু অকল উপদেশ পালেই নহয়, সেই উপদেশ শিষ্যই সৰ্ব্বতোভাৱে পালন কৰিব লাগে, সেইদেখি তেওঁ [ ২৩ ] তেওঁলোকক তেতিয়াও অনুপযুক্ত জানি উপযুক্ত হ'বৰ নিমিত্তে এবছৰ সময় দি ঘৰলৈ পঠিয়াই দিলে। এবছৰৰ মূৰত তেওঁলোকৰ সেই উপদেশ ফলি দ্বৈতজ্ঞান নষ্ট হ'লত তেওঁলোকক নিজে বাঁহীৰ ধ্বনিৰে মাতি নি নিজ সঙ্গলাভৰ উপায় কৰি দিলে। বস্ত্ৰহৰণলীলাৰ ওপৰ ভাগ অতি অশ্লীল যেন দেখি, কিন্তু প্ৰকৃত তত্ত্বজ্ঞসকলৰ নিমিত্তে ই পৰম তত্ত্ব।

       ব্যাসদেৱে শ্ৰীমদ্ভাগৱতত কুমাৰীসকলক 'আহতা' বুলিছে। তত্ত্বজ্ঞ শ্ৰীধৰ স্বামীয়ে আহতা শব্দৰ অৰ্থ 'ঈষৎ অক্ষত-যোনি' কৰিছে। ঈষৎ অক্ষত অৰ্থাৎ গোপীসকলৰ মায়া বা অবিদ্যা ইষৎ অক্ষত অৰ্থাৎ সম্পূৰ্ণ ক্ষয় হোৱা নাছিল, সেইদেখি তেওঁলোক তেতিয়াও ভগৱন্তৰ সঙ্গলাভৰ উপযুক্ত হোৱা নাছিল। সেইফেৰা মায়া বা অবিদ্য়াকো ক্ষয় কৰাবৰ নিমিত্তে শ্ৰীকৃষ্ণই তেওঁলোকক তেতিয়াও অযোগ্য জানি ওভোতাই পঠিয়ালে। অলপৰো অলপ মায়া বা অবিদ্যাৰ সম্পৰ্ক থাকিলে জীৱই পৰমানন্দ ঈশ্বৰৰ সৈতে বিহাৰ কৰিবলৈ যোগ্য নহয়। মায়া থাকিলেই ভেদজ্ঞান থাকে। ভগৱন্ত শ্ৰীকৃষ্ণই গীতাত মায়াকে 'মোৰ যোনি' বুলি কৈছে ̶

মম যোনিৰ্মহদব্ৰহ্ম তস্মিন্ গৰ্ভং দধাম্যহম্।

সম্ভৱঃ সৰ্ব ভূতানাং ততো ভৱতি ভাৰত।।

       গীতাত আকৌ ভগৱন্তই কৈছে-

নাহং প্ৰকাশঃ সৰ্বস্য যোগমায়াসমাবৃতঃ।

মূঢ়োহয়ং নাভিজানাতি লোকো মামজমৱ্যয়ম।।

       অৰ্থাৎ যোগমায়াৰ দ্বাৰাই আবৃত থাকি মই জীৱত অপ্ৰকাশ থাকোঁ স্বয়ম্ভূ অব্যয়ৰূপ মোক মূঢ়লোকে নাজানে। আকৌ ̶

দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰত্যয়া।

মামেৱ যে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে।।

       অৰ্থাৎ মোৰ দৈৱী গুণময়ী মায়া অত্যন্ত দুৰ্জ্জয়; যি মোৰ শৰণাগত হয়, সিয়েই মায়াৰ হাতৰপৰা তৰে।

       সেই দেখিয়েই আমাৰ মহাপুৰুষ শ্ৰীমাধৱদেৱে ঘোষাত লিখিছে-

যাৰ মায়া-পাশে        বন্দী হুয়াছ পামৰ মন

তান দুই চৰণত ধৰ।

       মায়াৰ নিমিত্তেই জীৱৰ বিষম বুদ্ধি হয় আৰু সেই বিষম বুদ্ধিৰ নিমিত্তেই দেহাভিমান ৰাগ, দ্বেষ, দম্ভ আৰু লজ্জাদি হয়। এইবোৰেই জীৱৰ বন্ধনৰ কাৰণ। মুক্তি কামনাকাৰীসকলে এই বন্ধনৰপৰাই মুক্ত হ'ব খোজে। ভগৱন্ত বস্তুৰ চৰণত শৰণ লৈ তেওঁৰ দুটি চৰণত ধৰি কায়বাক্য-মনে এই মায়াপাশৰ বন্ধনৰ পৰা এৰাবলৈ প্ৰাৰ্থনা কৰাৰ বাহিৰে আন উপায় নাই। তেওঁৰ কৃপা হ'লেই মায়াৰ বন্ধন মুকলি হয়।

       এই মায়া ভগৱন্তৰ পৰমাশ্চৰ্য্য ঐশী শক্তি। ঈশ্বৰে নিজৰ ঐশ্বৰ্য্য আৰু শৌন্দৰ্য্যৰ ভাণ্ডাৰ জ্ঞানবান আৰু হৃদয়বান জীৱসকলৰ আগত ক্ৰমে ক্ৰমে উন্মুক্ত কৰি প্ৰত্যেকজনৰ অন্তঃকৰণৰ যোগ্যতা অনুসাৰে তেওঁক আপোনাৰ অনুপম ঐশ্বৰ্য্যৰ [ ২৪ ] ভাগী কৰে, এই নিমিত্তেই তেওঁ মানুহক আপোনাৰ ঐশ্বৰ্য্যশক্তিৰে পৰিচ্ছিন্ন কৰি কৰিছে কৰিছে।' এইদৰে গুৰিৰ ঐক্যৰপৰা যাত্ৰাৰম্ভ কৰি সাধকে ঈশ্বৰেৰে সৈতে গাঢ়ৰপৰা গাঢ়তৰ ঐক্যবন্ধনৰ ফালে অগ্ৰসৰ হয়, উচ্চৰপৰা উচ্চতৰ লোকলৈ সমুত্থান কৰে, গভীৰৰপৰা গভীৰতৰ অন্তৰত নিমগ্ন হয়।'

       জীৱই আধ্যাত্মিক উন্নতিৰ বাটত যিমান আগবাঢ়ে, ঈশ্বৰৰ ঐশ্বৰ্য্য আৰু প্ৰেম যত উপলদ্ধি কৰে, নিজৰ ইচ্চাক ঈশ্বৰৰ ইচ্ছাৰে সৈতে যিমান মিলিত কৰে, সেই পৰিমানে এই পাৰ্থক্য দূৰ হয়। সাধকে দ্বৈতৰপৰা অদ্বৈতত ভেদ বুদ্ধিৰপৰা অভেদ বুদ্ধিত উপস্থিত হৈ ঈশ্বৰেৰে সৈতে সম্পূৰ্ণৰূপে মিলিত হৈ অক্ষয় শান্তি আৰু আনন্দ উপভোগ কৰে। জীৱ ব্ৰহ্মৰ অক্ষয় আনন্দৰ মিলন 'ৰসো ৱৈ সঃ' ঈশ্বৰৰ ৰাসলীলা। এই পৰম তত্ত্বকে পৰম ব্ৰহ্ম কৃষ্ণৰূপে মূঢ় জীৱৰ বুজিবৰ সুবিধাৰ নিমিত্তে বৃন্দাবনত অভিনয় কৰিছিল।

       ব্ৰজকুমাৰীসকলে শ্ৰীকৃষ্ণক পতিৰূপে পাবলৈ কাত্যায়নী দেৱীৰ পূজা কৰিছিল অৰ্থাৎ ঈশ্বৰ কৃষ্ণক সৰ্ব্বতোভাৱে ৰক্ষক স্বৰূপে পাবৰ নিমিত্তেই কামনা কৰি দেৱীক পূজা কৰিছিল। ওপৰত কোৱা হৈছে যে এজাক তিৰোতাই এজন পুৰুষক সাংসাৰিক ভাবত পতি পাবলৈ লগ বান্ধি দল বান্ধি মনৰ কথা কোৱাকুইকৈ যে পূজা কৰিবলৈ গৈছিল, এইটো ইমান অসম্ভৱ কথা যে তাক সহজে বুজিব পাৰি। এতেকে সকলোৰে ঈশ্বৰ, সকলোৰে পতি কৃষ্ণক নিজৰ জীৱনত পতি বা ৰক্ষকৰূপে পাবলৈহে তেওঁলোকে কামনা কৰিছিল সেইটো নিশ্চয়। বেদোক্ত 'পতিং পতীনাং পৰমং পৰস্তাৎ' এই সূত্ৰৰহে এইটো অভিনীত বিশদ ব্যাখ্যা।

প্ৰজাপতিপতিঃ স্ৰগ্বী সাক্ষান্ মন্মথমন্মথঃ।

       অৰ্থাৎ প্ৰজাপতিৰ পতি বনমালী মদনমোহনক পৰমভক্ত গোপবালাসকলে সৰ্ব্বতোভাৱে পতি অৰ্থাৎ ৰক্ষকৰূপে পাবৰ এই কামনা।

       এই বস্ত্ৰহৰণলীলা যদি পাৰ্থিৱ কামগন্ধময় লীলা হ'লহেঁতেন, তেন্তে সুন্দৰী তিৰোতাই পুৰুষক ৰমণৰ নিমিত্তে নিজে প্ৰাৰ্থনা কৰিছে আৰু পুৰুষে তাত অসন্মতি প্ৰকাশ কৰি ঘৰলৈ উভতি যাবলৈ কৈছে, এনে অসম্ভৱ কাৰ্য্য কেতিয়াও দেকা নগ'লহেঁতেন। সেইদেখি নিৰপেক্ষভাৱে আৰু গভীৰকৈ ভাবিলে নিশ্চয় দেখি যে বস্ত্ৰহৰণলীলাৰ ভিতৰত অশ্লীল একো নাই, আছে পমৰ তত্ত্বজ্ঞান আৰু ঈশ্বৰপ্ৰেমৰ চূড়ান্ততা। ই আনন্দঘন ভগৱন্তৰ শুদ্ধ জীৱৰে সৈতে স্বৰূপ বিহাৰ। লীলাৰ ফালৰপৰা চালে এইটো চঞ্চল ল'ৰাৰ অদ্ভূত ধেমালি যেন দেখি; কিন্তু তত্তবজ্ঞানৰ ফালৰপৰা চালে ভগৱন্তৰ ভক্তৰ ভগৱন্তৰ দ্বাৰাই চৰম পৰীক্ষা। ই বেদোক্ত ৰসময় পৰমানন্দৰ সুগূড় অলৌকিক ৰসৰ অভিনয়, ভাবুক ৰসিকেহে ইয়াৰ ৰস পান কৰিব পাৰে। মহাশাস্ত্ৰ শ্ৰীমদ্ভাগৱতক সেই বাবেই -- 'নিগমকল্পতৰোৰ্গলিতং ফলং শুকমুকাদমৃতদ্ৰবসংযুক্তং' বুলিছে আৰু 'ৰসিকা ভুবি ভাবুকা'ইহে তাক মুহুৰ্মুহু পান কৰে। ইয়াৰ তাৎপৰ্য্য বৰ নিগূঢ়, বৰ দুৰ্জ্ঞেয়।


দ্বিজেন্দ্ৰনাথ ঠাকুৰ প্ৰণীত অদ্বৈতমতৰ সমালোচনাৰ ভাঙনি [ ২৫ ]

ৰাসলীলা-তত্ত্ব

এক

       ৰাসলীলাৰ ওপৰ ভাগত প্ৰাকৃত শৃঙ্গাৰ ৰসৰ ঢাকনি আছে; সেইদেখি ওপৰচকুৱাসকলে তাত অশ্লীলতা দেখে। এই বাবেই শুকদেৱে ৰাসপঞ্চাধ্যায়ৰ শেহৰ শ্লোকটোত ৰাসলীলা শুনোতা আৰু বৰ্ণাওঁতাক 'ধীৰ', 'শ্ৰদ্ধান্বিত' বিশ্লেষণেৰে বিশেষিত কৰিছে আৰু কৈছে, এনে ধীৰ অচঞ্চল লোকে শ্ৰদ্ধাৰে সৈতে বিষ্ণুৰ ৰাসলীলা শ্ৰৱণ বা কীৰ্ত্তন কৰিলে তেওঁ অচিৰতে ভগৱন্তৰ প্ৰতি পৰাভক্তি লাভ কৰি কাম নাম ৰোগৰপৰা মুক্ত হয়। আৰু এটা কথালৈ মন কৰিবলীয়া যে শুকদেৱে 'বিক্ৰীড়িত ব্ৰজবধুভিৰিদঞ্চ বিষ্ণোঃ' অৰ্থাৎ ৰাসলীলাক কৃষ্ণৰ ক্ৰীড়া নুবুলি 'বিষ্ণুৰ ক্ৰীড়া' বুলিছে। বিষ্ণু শব্দৰ অৰ্থ বিশ্বব্যাপী ঈশ্বৰ। গোটেই বিশ্বৰ ভিতৰে-বাহিৰে সততে ব্যাপ্ত হৈ যিজনে স্বৰূপ আনন্দেৰে স্বৰূপ শক্তিৰে ক্ৰীড়া কৰিব লাগিছে তেৱেঁই বিষ্ণু। 'বেবেষ্টি ইতি বিষ্ণুঃ' অৰ্থাৎ তেওঁ ব্যাপক, গোটেই জগৎ ব্যাপি আছে, 'জগৎ সৰ্বশৰীৰংতে।' তেওঁ ব্ৰহ্মাণ্ডব্যাপী। গীতাত ভগৱন্তই কৈছে- মায়া ততমিদং সৰ্বং জগদব্যক্তমূৰ্ত্তিনা। অৰ্থাৎ অব্যক্ত মূৰ্ত্তিৰে মই গোটেই জগৎ ব্যাপি আছোঁ। শ্ৰুতিত কৈছে 'তদ্বিষ্ণোঃ পৰমং পদং সদা পশ্যন্তি সুৰয়ঃ দিৱীব চক্ষুৰাততম্।' অৰ্থাৎ চকুৱে যেনেকৈ আকাশত বিস্তৃত বস্তুৰ দৰ্শন কৰে, তেনেকৈ সেই বিষ্ণুৰ অৰ্থাৎ ব্যাপনশীল ব্ৰহ্মৰ উৎকৃষ্ট পদসুৰ ব্ৰহ্মবিদসকলে সদায় দৰ্শন কৰে। আনন্দঘন বিষ্ণুৱেই কৃষ্ণ। উপনিষদত ব্ৰহ্মক সচ্চিদানন্দ স্বৰূপ বোলা হৈছে।

সচ্চিদানন্দময়ং পৰং ব্ৰহ্ম।

       সৰ্বপূৰ্ণস্বৰূপোহস্মি সচ্চিদানন্দলক্ষণঃ।। - (মৈত্ৰী উপনিষদ)

       আনন্দং ব্ৰহ্ম ইতি ব্যজানাৎ।- তৈত্তিৰীয়

       সত্যং জ্ঞানম্ অনন্তম্ আনন্দং ব্ৰহ্ম।- সৰ্ব্বোপনিষৎসাৰ

       এই সৎচিদান্দ পৰম ব্ৰহ্মৰে সচ্চিদানন্দবিগ্ৰহ মুৰ্ত্তি শ্ৰীকৃষ্ণ। ব্ৰহ্মসংহিতাত কৈছে-

ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দবিগ্ৰহঃ।

শ্ৰীকৃষ্ণৰ নমস্কাৰত কোৱা হৈছে 'সচ্চিদানন্দৰূপায় কৃষ্ণয়াক্লিষ্টকাৰিণে।' অৰ্থাৎ সচ্চিদানন্দৰূপ অক্লিষ্টকৰ্ম্মা শ্ৰীকৃষ্ণক নমস্কাৰ। এই সচ্চিদানন্দ বিগ্ৰহ কৃষ্ণস্বৰূপ বিষ্ণুৰ পৰম পদ পাব লাগিলে, সকলো বাসনা কামনা পৰিত্যাগ কৰি অকপট প্ৰেমিক হ'ব লাগিব। প্ৰেমৰ ঘাই লক্ষণ উৎকণ্ঠা কেনে সেইটো ব্যভিচাৰিণী বিৰহিণী কামিনীৰ দৃষ্টান্তৰপৰাহে বুজিব পাৰি। পৰপুৰুষত সৰ্ব্বতোভাবে অনুৰক্তা তিৰোতাৰ দৰে যেতিয়া ঈশ্বৰত একান্ত অনুৰক্ত ভক্তই সকলো কামনা পৰিত্যাগ কৰি 'হা কৃষ্ণ! হা কৃষ্ণ!' বুলি কান্দিব, তেতিয়া ভক্তবৎসল ভগৱন্তই নিজৰ সেই একান্ত ভক্তক নিজৰ আনন্দময় কোলাত তুলি লৈ আলিঙ্গন কৰিব। জীৱ আনন্দ-সমূদ্ৰত নিমগন [ ২৬ ] হৈ ধন্য হ'ব। এয়ে মুঠতে ৰাসলীলাৰ প্ৰকৃত মৰ্ম্ম।

       কাম আৰু প্ৰেম একে বস্তু নহয়। কাম মনোবৃত্তি বা বাসনা কিন্তু প্ৰেম মনোবৃত্তি বা বাসনা নহয়। প্ৰেম একনিষ্ঠ, কাম তেনে নহয়। কামে প্ৰকৃত বস্তুক আশ্ৰয় কৰি আনন্দ ভোগ কৰিবলৈ বিচাৰে; কিন্তু প্ৰেমে বস্তুলৈ অপেক্ষা নকৰি মাথোন অবিমিশ্ৰ আনন্দ লাভ কৰিবলৈ চায়। জীৱৰ আনন্দলিপ্সাই স্বভাৱ; কাৰণ জীৱ আনন্দময়ৰ অংশ। কিন্তু প্ৰকৃত আনন্দ কিহত, আৰু ক'ত, সেইটো কামৰ ছলনাত পৰি জীৱই পাহৰি বা নাজানি, অপদাৰ্থত আনন্দ বিচাৰি ঘূৰি মৰে। কৱি ৰবীন্দ্ৰনাথৰ ভাষাৰে ক'বলৈ গ'লে--

হৃদয়ে জ্বালায়ে বাসনাৰ শিখা,
নয়নে সাজায়ে মিচা মৰীচিকা,

মিছে ঘুৰে মৰে মৰুভূমে।

       ভাওনাত ভাও দিয়া ভাৱৰীয়াই যেনেকৈ কল্পিত কাৰো ভাও দি আন ভাৱৰীয়াৰে সৈতে ভাওনাৰ কালডোখৰত প্ৰকৃত 'মই'ক পাহৰি ক্ষন্তেকীয়া সুখ-দুখ, বা স্নেহ-মৰম অনুভৱ বা ভোগ কৰে কিন্তু সেই সুখ-দুখ, স্নেহ-মৰম ভাওনা ভগাৰ পিছত আৰু নাথাকে; কাৰণ তেওঁৰ প্ৰকৃত সুখ-দুখ, ভাওনাৰ আগৰ আৰু পাছৰ আচল 'মই'ৰ কাৰ্য্যাৱলী আৰু অনুভূতিতহে, সেইদৰে জীৱৰ প্ৰকৃত প্ৰেম নশ্বৰ প্ৰকৃত সম্ভোগৰ আপেক্ষিক নহয়। ভাও দিওঁতে জীৱৰ আচল 'মই' নকল 'মই'ত বুৰি যায়। তেওঁ তেতিয়া নকল 'মই'ক আনন্দ দিবলৈ প্ৰাণপণে চেষ্টা কৰে। কিন্তু সেই চেষ্টা তেওঁৰ স্বৰূপ ধৰ্ম্ম নহয়। তেওঁ যিমানতে সেই চেষ্টা কৰক, আচল 'মই'ক আনন্দ দিয়াটোহে তেওঁৰ স্বাভাৱিক স্বৰূপ ধৰ্ম্ম আৰু আচল উদ্দেশ্য।

       ৰাসলীলাক অশ্লীল ভাবোঁতেই আৰু এটা ডাঙৰ কথা বিমৰিষ কৰি চোৱাটো উচিত যে প্ৰথমতে ৰাসলীলা প্ৰণেতা কোন ? বক্তা কোন ? শ্ৰোতা কোন ? আৰু প্ৰণেতা, বক্তা আৰু শ্ৰোতাৰ অভিপ্ৰায় কি ? আমি এইকেইটা প্ৰশ্নৰ উত্তৰত প্ৰথমতে দেখোঁ যে ৰাসলীলা প্ৰণেতাজন সত্যৱতীসূত মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদব্যাস-- যি জনে বেদ বিভাগ কৰিছল, চাৰিও বেদৰ অনেক শাখা কৰিছিল, বেদান্ত দৰ্শন প্ৰণয়ন কৰিছিল, মহাভাৰত আৰু ওঠৰ পুৰাণ ৰচনা কৰিছিল, আৰু যাক ঈশ্বৰৰ চতুৰ্ব্বিংশতি আৱতাৰৰ ভিতৰত এজন অৱতাৰ বোলে ̶

ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি।
দেখিলাহা প্ৰজা ভৈলা আতি অল্পমতি।।
কৰিলা অনেক শাখা চাৰিও বেদৰ।

পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ।। ̶ কীৰ্ত্তন-ঘোষা

       বক্তা কোন ? মহাভক্ত মহাযোগী জীৱন্মুক্ত পুৰুষ, বিষয়ত বিৰাগী, শুকদেৱ। শ্ৰোতা কোন ? ব্ৰাহ্মণৰ শাপত পৰি থকা, অনুতাপগ্ৰস্ত, মুক্তিকামী, মৃত্যুসমুখত থিয় আৰু প্ৰায়োপবিষ্ট মহাৰাজ পৰীক্ষিৎ। এইবোৰ কথা ভাবিলে, মনলৈ আহিব পাৰে নে যে লোক নিস্তাৰৰ নিমিত্তে অৱতাৰ ধৰোঁতা মহৰ্ষি ব্যাসে, কেতিয়াবা অশ্লীল ঘৃণ্য বিষয় লেখিব আৰু পৰোপকাৰী বসুধৈব কুটুম্বকং শুকদেৱে মৃত্যুৰ মুখত পৰি [ ২৭ ] থকা আৰু এক মূৰ্হুত্ত বৃথা কথাত সময় নষ্ট কৰিব নোৱাৰা অভিশপ্ত অনুতপ্ত পৰীক্ষিতক বিলাসপৰায়ণ মানুহৰ শৃঙ্গাৰ ৰসৰ সেই কথা শুনাব আৰু সেই সময়ত ভবৌষধিস্বৰূপে দান কৰিব ? শুকদেৱে এনে পৰীক্ষিতক এনে সময়ত সাংসাৰিক অশ্লীল আৰু নীতিবিগৰ্হিত কথা শুনাই প্ৰতাৰণা কৰিব পাৰে বুলি ভাবিব পাৰি নে ? যদি নোৱাৰি, তেন্তে এই ৰাসলীলাত পৰম গুহ্যতত্ত্ব যে নিহিত আছে, তাত সন্দেহ কৰিবৰ কাৰণ নাই। ধানৰ বাকলিৰ ভিতৰতহে চাউল আৰু সিহে আচল বস্তু। শৃঙ্গাৰ কথা পৰম তত্ত্ব ৰাসলীলা ওপৰৰ বাকলিহে। যি ধীৰ, স্থিৰ আৰু শ্ৰদ্ধাবান সিহে ধৈৰ্য্য ধৰি পৰম নিগূঢ় অন্তৰ্নিহিত তত্ত্বনিধি লাভ কৰিব পাৰিব, চঞ্চল অধীৰ, ওপৰচকুৱা, অশ্ৰদ্ধাবানে নোৱাৰে, মহামুনি ব্যাস আৰু শুকদেৱে ইয়াকেহে কয়।

       সৎ, চিৎ আৰু আনন্দস্বৰূপ ব্ৰহ্মই যেনেকৈ তিনিগুণক আশ্ৰয় কৰি তেওঁৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ এক এক অংশক বিকাৰযুক্ত কৰি সৃষ্টিত পৰিমত কৰে, নিৰ্ম্মল প্ৰেমানন্দৰ এক অংশও সেইদৰে বিকাৰযুক্ত হৈ কামত পৰিণত হয়। যেনেকৈ ত্ৰিগুণ সংযুক্ত ব্ৰহ্মাংশ ব্ৰহ্মাণ্ডত পৰিমত হৈ বিকাৰ প্ৰাপ্ত হ'লেও, ব্ৰহ্ম বিকাৰৰহিত নিৰঞ্জন নিৰ্ম্মল সচ্চিদানন্দস্বৰূপ, সেইদৰে প্ৰেমাংশ বিকাৰ প্ৰাপ্ত হৈ কামত পৰিণত হ'লেও, প্ৰেম নিৰ্ম্মল চিৰানন্দময়। ত্ৰিগুণাত্মক বিকৃত জীৱৰ যেনেকৈ পৰমাত্মাৰ ফাললৈ যাবৰ বাসনা আৰু অনেক সাধ্য-সাধনাৰ পিছত লাহে লাহে সি পৰিশুদ্ধ আৰু বিধ্যেত হৈ পৰমাত্মাৰ সামীপ্য আৰু সাৰূপ্য লাভ কৰে। কাম নামেৰে কোনো মূল্য মনোবৃত্তি নাই আৰু জীৱৰ দেহৰ বাহিৰে কামৰ সুকীয়া অস্তিত্ব নাই। কামাসক্ত মানুহেই কাম। সেই মুত্তিমন্ত কাম পৰিশোধিত হৈ সি যেতিয়া চিৰকাঙিক্ষত প্ৰেম পৰমানন্দ লাভ কৰিব, তেতিয়া ক্ষুদ্ৰ পাৰ্থিৱ কামৰ দেহা পুৰি ভস্ম হৈ যাব। পৰম পুৰুষ ভগৱন্তৰ প্ৰেমানন্দত নিমগ্ন মহাদেৱৰ আগত কাম ভস্ম হৈ পৰিছিল।

       মানুহে পাৰ্থিৱ সম্ভোগৰ আনন্দকে ভাষাৰে আনক ভালকৈ বুজাব নোৱাৰে, অথচ পাৰ্থিৱ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ আনন্দ ব্ৰহ্মানন্দৰ কণা বা ছাঁ মাথোন। যদি এই ছাঁ বা কণাকে ভাষাৰে ভালকৈ বুজাব নোৱাৰি, তেন্তে ব্ৰহ্মানন্দ বুজাবৰ ভাষা ক'ত ? পাৰ্থিব সকলো প্ৰকাৰ আনন্দতকৈ স্ত্ৰী-পুৰুষৰ ৰমণানন্দই প্ৰধান। সেই দেখি জীৱাত্মাৰ পৰমাত্মাৰে সৈতে আলিঙ্গ বা ৰমণত যি আনন্দ হয়, তাৰ যথাসম্ভৱ ক্ষুদ্ৰাতিক্ষুদ্ৰ আভাস দিবলৈ মহামুনিয়ে ৰাসলীলাৰ বৰ্ণনাত পাৰ্থিৱ শৃঙ্গাৰ ৰসৰ আনন্দৰ উদাহৰণৰ আশ্ৰয় ল'বলগীয়াত পৰিছে। শ্ৰুতিয়েও এই জীবাত্মা-পৰমাত্মাৰ আলিঙ্গনৰ আনন্দৰ কণামাত্ৰাৰ আভাস দিবলৈ এনে উদাহৰণৰেই আশ্ৰয় লৈছে। যেন ̶

       "তদযথা প্ৰিয়ায়া স্ত্ৰিয়া সম্পৰিষবক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰমেৱায়ং পুৰুষঃ প্ৰাজ্ঞেনাত্মনা সম্পৰিষবক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰং তদৱা অস্যৈতদাপ্তকামমাত্মকামং ৰূপং শোকান্তৰম্।"

       অৰ্থাৎ যেনেকৈ প্ৰিয়া ৰমণীৰ দ্বাৰাই আলিঙ্গিত হৈ মানুহে অন্তৰ-বাহিৰে একোকে জানিব নোৱাৰে, সেইদৰে জীৱ প্ৰাজ্ঞই আত্মাৰ দ্বাৰাই পৰিষ্‌বক্ত অন্তৰ-বাহিৰ একোকে জানিব নোৱাৰে। [ ২৮ ]        ব্ৰজৰ গোপীসকলে মূৰ্ত্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিঙ্গন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱ ব্ৰহ্মৰ আলিঙ্গনৰ অভিনয়। সংসাৰ পাহৰিব পাৰিলেই কাম নাথাকে। আনন্দ মূৰ্ত্তিৰে সৈতে আলিঙ্গিত হ'ব উপায় প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ অপ্ৰাপ্তি দাৰুণ উৎকণ্ঠা। বিৰহিণী ব্যভিচাৰিণী কামিনীয়েই সেই উৎকণ্ঠাৰ এক মাথোন চূড়ান্ত দৃষ্টান্ত। এই বাবে গোপীসকলক ব্যভিচাৰিণী পৰনাৰীৰূপে থিয় কৰি ভগৱন্তৰ ভক্তৰ ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হ'লেই জীৱই ভগৱন্তক পাব। এয়ে ৰাসলীলাৰ ঘাই শিক্ষা।

       আমি ওপৰত কৈছোঁ যে ব্ৰস্ত্ৰহৰণলীলাত ৰাসলীলাৰ পাতনি। সেই লীলাত গোপীসকলৰ প্ৰথম পৰীক্ষা। সেই পৰীক্ষাত তেওঁলোকে তেতিয়া উঠিব নোৱাৰিলে দেখি, তেওঁলোকক ওভোতাই পঠিয়াই পৰীক্ষাত উঠিব পৰা হ'বলৈ সময় দিয়া হ'ল। সাধন নাৰ্গত সাধক ভক্তৰো প্ৰথমাৱস্থা এনেকুৱাই।

       ৰাসলীলাৰ প্ৰথমতে শ্ৰীকৃষ্ণই বংশীধ্বনিৰে গোপীসকলক নিজৰ ওচৰলৈ মাতি আনিলে। সুস্বৰৰ সৌন্দৰ্য্যৰ, সুৰসৰ, সুগন্ধৰ, সুস্পৰ্শৰ আকৰ্ষণী যে আছে এইটো সকলোৱে জানে। কিন্তু এই আকৰ্ষণী শক্তি প্ৰকৃততে পাৰ্থিব পদাৰ্থৰ নহয়, এই আকৰ্ষণী শক্তি 'ৰসো বৈ সঃ' আনন্দৰহে। পাৰ্থিৱ পদাৰ্থৰ যদি আকৰ্ষণী শক্তি থাকিলহেঁতেন, তেন্তে তুমি যাক সুন্দৰ যেন দেখিছা, মই তাক তেনে সুন্দৰ দেখিলোঁহেঁতেন, কিন্তু নেদেখোঁ। তুমি যিটো ৰুচিকৰ বুলি তৃপ্তিৰে খোৱা মোৰ সেইটো ৰুচিকৰ নালাগে আৰু তাত মই তৃপ্তিও নাপাওঁ কিয় ? তোমাৰ ল'ৰা-ছোৱালী মোৰ চকুত কুৰূপ আৰু কুশ্ৰী হ'লেও আৰু সেই বাবে মোৰ সিহঁতক দেখিবৰ মন ন'গলেও তোমাৰ চকুত সিহঁত সুন্দৰ আৰু মনোৰম। অনেক দৃষ্টান্ত দিব পাৰি যে বেশ্যাসক্তই নিজৰ সুন্দৰ স্ত্ৰীত সৌন্দৰ্য নেদেখি কুৰূপা বেশ্যা এজনীত সৌন্দৰ্য্য আৰু তৃপ্তিৰ লালসাত নিগমন হয়। আনৰ জিভাত ঘিউ-মৌ আদিৰ সোৱাদ সুমধুৰ লাগে কিন্তু এনে অনেক আছে, যি ঘিউৰ গোন্ধত বঁতিয়ায়, গোলাপজল আৰু আতৰৰ গোন্ধ সহিব নোৱাৰে। ল'ৰা এটাক এদিন এডোখৰ দালচেনি চোবাবলৈ দিছোঁ, সি চোবাই ছিঃ ছিঃকৈ লৰি গৈ এটা গান্ধিপোক চোবাইহে তাৰ হিচাপেৰে দালচেনিৰ দুৰ্গন্ধটো মাৰি মুখ সুগন্ধ কৰিলে। মানৰ 'নেপি', য়ুৰোপীয়ৰ 'চিজ' আমাৰ মানুহে খাই বা শুঙি বঁতিৱাৰ অনেক উদাহৰণ আছে। এতেকে দেখা যায় যে সুস্বৰ, সুৰস, সুগন্ধ, সুখস্পৰ্শ আৰু সুন্দৰ বুলি কোনো এটা নিৰ্দ্দিষ্ট বস্তু নাই। যি যিহত আনন্দ লাভ কৰে তাৰ পক্ষে সিয়েই সুন্দৰ, সুস্বৰ বা সুমধুৰ। সেইদেখি বেছ বুজিব পৰা যায় যে আকৰ্ষণী শক্তি মূল বস্তু আনন্দৰেইহে আছে, আন কোনো পদাৰ্থৰ নাই। সেই আনন্দই ব্ৰহ্ম, শ্ৰীকৃষ্ণই সেই আনন্দৰ ঘনীভূত মূৰ্ত্তি 'সচ্চিদানন্দ বিগ্ৰহ'। শ্ৰীকৃষ্ণৰ আকৰ্ষণী শক্তিস্বৰূপ বাঁহীয়ে সদায় সকলোকে সুললিত স্বৰেৰে তেওঁৰ ফাললৈ মাতিব লাগিছে। যাৰ কাণৰ মলিনতা দূৰ হৈছে, যাৰ হৃদয় ভক্তি ৰসেৰে বিশুদ্ধ বিধৌত হৈছে, সিয়েই সেই বংশীৰ আহ্বান সুনিবলৈ পায়। সেইদেখি বিশুদ্ধ চিত্ত কৃষ্ণগত প্ৰাণ গোপীসকলেহে সেই শৰৎকালৰ চন্দ্ৰাৱলী ৰাতি বৃন্দাবনত বংশীৰ আহ্বান শুনিবলৈ পাই গৃকাৰ্য্য পতি-পুত্ৰাদি এৰি প্ৰাণবল্লভ কৃষ্ণৰ ফালে লৰ দিছিল। [ ২৯ ]

বনকো দেখিল চন্দ্ৰৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইল গীত।।
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে।

দিলেক লৱড় গীত-ধ্বনি নিৰীক্ষণে।। ̶ কীৰ্ত্তন

       শ্ৰীশঙ্কৰদেৱে গোপীসকলৰ গৃহকাৰ্য্য এৰি এইদৰে লৰি যোৱাৰ সন্দৰ তাৎপৰ্য্য দিছে ̶

এড়ে যেন ধৰ্ম্ম ভকতসকলে।
কৃষ্ণৰ কীৰ্ত্তন শুনি চিত্ত উত্ৰাৱলে।।
নেদেখন্ত পুত্ৰ দাৰা বিষয়ৰ সুখ।

সেহিমতে ভৈল গোপী কৃষ্ণক সমুখ।। ̶ দশম

       গোপীসকলে বংশীবদনৰ বংশী আহ্বান শুনি বংশীবাদনক পাবৰ নিমিত্তে লৰালৰিকৈ বিপৰ্য্যয়ৰূপে কাপোৰকানি অলঙ্কাৰ পিন্ধি গৈয়ো তেওঁক পালেগৈ। এই বিষয়েও শ্ৰীশঙ্কৰদেৱে দিয়া কেনে পটন্তৰ চোৱা--

তথাপি কৃষ্ণক পাইলে গোপী নিৰন্তৰ।
শুনয়োক আৰ আবে যেন পটন্তৰ।।
কৃষ্ণৰ নিমিত্তে কৰ্ম্ম ভকতে কৰন্তে।
যদি ছিদ্ৰ পড়ে মনে কৃষ্ণক স্মৰন্তে।।
তথাপি সাফল কিঞ্চিতেকো নাই বৃথা।

সেইমতে ভৈল সব গোপিকাৰ কথা।। ̶ দশম

       গোপীসকলে সকলো বাধাবিঘিনি অতিক্ৰম কৰি কৃষ্ণৰ কাষলৈ লৰা বিষয়ত শ্ৰীশঙ্কৰদেৱৰ পটন্তৰ--

বিমোহিত হুয়া সৱে লৱড়ে গোপিনী
হৰি-ভকতক যেন নলঙেঘ বিঘিনি।।
আপদকো নগণি হৰিত কৰে ৰতি।

সেহিমত ভৈল গোপী সমস্তৰ গতি।। ̶ দশম

       গোপীসকৰ কৃষ্ণৰ সমুখ হ'ল। কিন্তু আকৌ তেওঁলোকৰ পীক্ষা আৰম্ভ হ'ল। বাস পঞ্চাধ্যায়ৰ প্ৰথম অধ্যায়ৰ ১৭ শ্লোকৰপৰা ২৪ শ্লোকলৈকে এই পৰীক্ষাৰ প্ৰশ্ন। শ্ৰীকৃষ্ণই গোপীসকলক প্ৰথমতে স্বাগত সুদিলে। তাৰ পিছত সুধিলে, তেওঁ তেওঁলোকৰ কি প্ৰয়ি কাৰ্য্য কৰিব পাৰে ? তাৰ পিছত সুধিলে, ব্ৰজৰ মঙ্গল নে ? তাৰ পিছত সুধিলে, তেওঁলোকৰ অহাৰ কাৰণ কি ?

       ৰজাৰ ঘৰৰ ডাঙৰ চাকৰি পাবলৈ আশা কৰোঁতাজনে যেনেকৈ প্ৰথমতে পৰীক্ষা দি মহলাত উঠিব লাগে আৰু চাকৰিত বাহাল হ'লেও যেনেকৈ তাত নিগাজী (Permanent) হ'বলৈ আৰু প্ৰমোছন পাবলৈ আৰ্থাৎ ওপৰৰ খাপে খাপে উধাই গৈ থাকিবলৈ Departmental Examination আৰ্থাৎ নানা বিষয়ত পৰীক্ষা দি থাকিব লাগিব, সেইদৰে ভগৱন্তৰ চৰণ-পঙ্কজ পদপ্ৰাৰ্থীয়েও পদে পদে পৰীক্ষা দিব লাগিব। বস্ত্ৰহৰণত পৰীক্ষা আৰম্ভ হৈছিল। গোপীসকল উত্তীৰ্ণ হ'ব নোৱাৰিলে দেখি [ ৩০ ] তেতিয়া তেওঁলোকে ভগৱন্তবস্তুৰ আলিঙ্গনো লাভ কৰিব নোৱাৰিলে। আকৌ তেওঁলোকে পৰীক্ষাত appear হ'ব লগা হ'ল তেওঁলোকৰ পৰীক্ষা আৰম্ভ হ'ল। শ্ৰীকৃষ্ণই তেওঁলোকক ক'লে ̶

দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি।
ঐত নাথাকিবা তোৰাসব স্ত্ৰীমতি।।
চৰে বাঘ ঘোঙ বৰাহৰ হুকহুকি।

পুৰুষৰে ভয় ভালুকৰ শুনি উকি।।-- দশম

       কোনো কোনো বিষয়ৰপৰা নিবৃত্ত কৰিব লাগিলে প্ৰথমতে ভয় দেখুৱাব লাগে। ঘাইকৈ মানুহৰ তিনিটা ডাঙৰ ভয় ̶ যথা প্ৰাণৰ ভয়, লোকভয় আৰু ধৰ্ম্মভয়। ভগৱন্তই গোপীসকলৰ তেওঁৰ প্ৰতি একান্ত অনুৰাগৰ পৰীক্ষা কৰিবৰ নিমিত্তে প্ৰথমতে প্ৰাণৰ ভয় দেখুৱাই উভতি যাবলৈ ক'লে। গোপীসকল অটল হৈ ৰ'ল। কৃষ্ণই চালে যে গোপীসকলে তোঁক পাবলৈ নিজৰ জীৱনকো উছৰ্গা কৰিবলৈ সাজু আছে নে নাই অৰ্থাৎ এওঁলোকৰ মানত মই ডাঙৰ নে, এওঁলোকৰ প্ৰাণ ডাঙৰ। গোপীসকলে দেখুৱালে যে কৃষ্ণ ভগৱন্তবস্তু ডাঙৰ, তেওঁলোকৰ প্ৰাণ তুচ্ছ। ভক্তই যেতিয়া ভগৱন্তক পাবৰ নিমিত্তে নিজৰ জীৱন উৎসৰ্গ কৰিবলৈ সাজু হ'ব, তেতিয়াই তেওঁ ভগৱন্তক পাবৰ অধিকাৰী হ'ব। এই পৰীক্ষা অকল গোপীসকলৰ নহয়, ঈশ্বৰ-লাভাকাঙ্খী সকলো ভক্তৰ। এই পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ'ল। শ্ৰীকৃষ্ণই গোপীসকলক দ্বিতীয় ভয় দেখুৱালে--

তোমাসাক নেদেখিয়া পিতৃ-মাতৃ ভাই।
পতিপুত্ৰচয় চাই ফুৰে ঠাই ঠাই।।
লাগ নাপাই মনে বৰ মিলিবে সংশয়।

পালটি গুচায়ো গৈয়া তাসম্বাৰ ভয়।। ̶ দশম

       এই পৰীক্ষাতো গোপীসকল উত্তীৰ্ণ হ'ল। তেওঁলোক অটল হৈ ৰ'ল। ভগৱন্তই গোপীসকলক কৰ্ত্তব্যভঙ্গৰ ভয় দেখুৱালে অৰ্থাৎ গোপীসকলৰ মনত লৌকিক ব্যৱহাৰ ডাঙৰ নে কৃষ্ণ ডাঙৰ এইটো চালে। ভগৱন্তক পাব খোৱা সাধক ভক্তৰ পক্ষেও এই একে পৰীক্ষাই।

       ইয়াৰ পিছত ধৰ্ম্মৰ ভয় প্ৰদৰ্শন ̶

কান্দে শিশুগণ তাক পিয়ায়োক স্তন।
বেবায় বৎস কৰা গৈয়া ধেনুক দোহন।।
স্বামী আছে গৃহতে কিসক বৈলা ভ্ৰান্তি।
কৰিয়ো শুশ্ৰূষা তাক তুমি সৱ শাস্তী।।
স্বামীৰেসে সেৱা কুলস্ত্ৰীৰ মহাধৰ্ম্ম।
পুৰুষক পুষিবা কৰিবা গৃহ কৰ্ম্ম।।
যদি কলা জৰা কুজা কণা হোৱে পতি।
তাহাকো নেড়িব হেন শাস্ত্ৰৰ সন্মতি।।

উপপতি সমে ক্ৰীড়া কৰ্ম্ম গৰিহিত।

[ ৩১ ]

পৰ্বত সমান পাপ সৌকাৰ্য কিঞ্চিত।।
ইহলোকে নিন্দে পৰলোকে মহাভয়।
স্বামী যেবে জানে মিলে পৰম সংশয়।। ̶ দশম

       এই পৰীক্ষাতো গোপীসকল উত্তীৰ্ণ হ’ল। আৰ্য্য হিন্দু ৰমণীৰ স্বধৰ্ম্ম – বিনয়, লজ্জাশীলতা, নম্ৰতা আৰু গৃহকাৰ্য্যত অনুৰাগ স্বাভাৱিক ভূষণ, প্ৰাণতকৈয়ো মূল্যবান। ভগৱন্তই পৰীক্ষা কৰি দেখিলে, গোপীসকলে তেওঁক পাবলৈ সেইবোৰ তুচ্ছকৈ এৰিব পাৰে নে নোৱাৰে। ধৰ্ম্মনাশ আৰু সদাচাৰত্যাগ – এই দুটা গৃহস্থ ৰমণীৰ পক্ষে এৰিব নোৱাৰা কাৰ্য্য। এই দুটাকো তেওঁলোকে পৰিত্যাগ কৰি ভগৱন্তক বৰণ কৰিব পাৰে নে নোৱাৰে তেওঁ চালে। শাস্ত্ৰত আছে, তিৰোতাৰ পতিয়েই সৰ্ব্বহ, একমাত্ৰ পতি-সেৱাই তিৰোতাৰ ধৰ্ম্ম, আন ধৰ্ম্মানুষ্ঠান তেওঁলোকৰ নাই; কৰিলেও বিফল। শাস্ত্ৰৰ এই কথা দেখুৱাইও তেওঁ পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ’ল। ভগৱন্তক পাবৰ আগতে ভক্তৰ অন্তৰত যেনেকুৱা অস্ফুট আন্দোলন হয়, ভগৱন্তই গোপীসকলৰ সৈতে তাকে লীলা কৰি দেখুৱালে।

       গোপীসকল পৰীক্ষাত উঠিল আৰু ভগৱন্ত শ্ৰীকৃষ্ণৰে সৈতে আনন্দময় ৰাসলীলাত যোগ দিবৰ বাবে উপযুক্ত হ’ল।

দুই

ৰাসলীলাৰ বৰ্ণনাৰ উপসংহাৰৰ শেষৰ শ্লোকটো –

এৱং শশাঙ্কাংশুৱিৰাজিতা নিশাঃ।
       স সত্যকামোহনুৰতাবলাগণঃ।
সিষেৱ আত্মন্যৱৰুদ্ধসৌৰতঃ।
       সৰ্ৱাঃ শৰৎকাৱ্যকথাৰসাশ্ৰয়াঃ।।

       ইয়াৰ অৰ্থ – এইদৰে সত্যসঙ্কল্প ভগৱন্ত শ্ৰীকৃষ্ণই আপোনাৰ শৰীৰতেই শুক্ৰাবৰোধন কৰি অনুৰক্ত অনুৰক্ত অৱলাসকলেৰে সৈতে শৰৎকালচোৱাত কবি-প্ৰসিদ্ধ শৃঙ্গাৰ ৰসৰ অভিনয় কৰি চন্দ্ৰালোকিত সেই সুদীৰ্ঘ ৰজনী অতিবাহিত কৰিলে।

       শ্ৰীধৰ স্বামীয়ে ‘আত্মনি অৱৰুদ্ধ-সৌৰতঃ’ৰ টীকা কৰিছে – ‘এৱমপ্যাত্মনেৱ অৱৰুদ্ধঃ সৌৰতঃ চৰমাধাতুঃ নতু স্খলিতো যস্যোতি কামজয়োক্তিঃ।’ অৰ্থাৎ শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে শৃঙ্গাৰ ৰসৰ অভিনয় কৰিলেও তেওঁৰ ধাতুস্খলন হোৱা নাছিল; ইয়াতেই কামজয় প্ৰদৰ্শিত হ’ল। স্বামীজীয়ে ৰাসলীলা বৰ্ণনাৰ আদিতে কৈছে ‘তস্মাদ্ৰাসক্ৰীড়াৱিড়ম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্।’ অৰ্থাৎ ৰাসক্ৰীড়া বিড়ম্বন মাথোন, ৰাসলীলাৰ অনুকৰণত কামজয় প্ৰদৰ্শন কৰাটোৱেই আচল তত্ত্ব।

       শুকদেৱে ৰাসপঞ্চাধ্যায়ৰ শ্লোকবোৰত বাৰে বাৰে শ্ৰীকৃষ্ণক ‘পূৰ্ণকাম’, ‘আত্মাৰাম’ ইত্যাদি বিশেষণেৰে বিভূষিত কৰি শ্ৰীকৃষ্ণৰ পূৰ্ণতাৰ পৰিচয় দিছে। যি পূৰ্ণকাম তেওঁৰ কোনো কামনা কোনো অভাৱ থাকিব নোৱাৰে। কামৰ উৎপত্তি মনত আৰু বিকাশ ইন্দ্ৰিয়ত। মানস পুত্ৰ কাম নেথাকিলে ইন্দ্ৰিয়ৰ ক্ৰীড়াও অসম্ভৱ। ইন্দ্ৰিয়ৰ ক্ৰীড়া নহ’লে ধাতুস্খলনো হ’ব নোৱাৰে। ধাতুস্খলনৰ মূল কাৰণেই যেতিয়া কাম [ ৩২ ] আৰু ধাতুস্খলনো হোৱা নাই যেতিয়া, মনত কামৰো জন্ম হোৱা নাই, সেইদেখি ধতুস্খলন হোৱা নাই বোলাত কামজয় দেখুৱা হ’ল।

       ৰাসপঞ্চাধ্যায়ৰ প্ৰথম অধ্যায়ৰ শ্লোক –

ভগৱানপি তা ৰাত্ৰীঃ শাৰ্দোৎপল্লমল্লিকাঃ।
ৱীক্ষ্য ৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ।।

       অৰ্থাৎ

শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
বহুবিধ পুষ্পে বিকশিত বৃন্দাবন।।
দেখি যোগমায়া বলে হৰিষ তহিত।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল চিত্ত।। - দশম

       অৰ্থাৎ ̶ শ্ৰীকৃষ্ণ স্বয়ং ষড়ৈশ্বৰ্য্যপূৰ্ণ আত্মতৃপ্ত হৈয়ো শৰৎকালৰ বিতোপন ৰাতিত তেওঁ যোগমায়া নামৰ অচিন্ত্য নিজ শক্তিক আশ্ৰয় কৰি পূৰ্ব্ব প্ৰতিশ্ৰুত ৰাসক্ৰীড়া কৰিবলৈ ইচ্ছা কৰিলে। ইচ্ছা কৰা মানে তেওঁ মায়াক আশ্ৰায় কৰি ৰমণেচ্ছাৰ নিচিনা দেখুৱালে।

       এই অধ্যায়ৰ আৰু এটা শ্লোকত আছে –

ইতি ৱিপ্লৱিতং তাসাং শ্ৰুত্বা যোগশ্বৰেশ্বৰঃ।
প্ৰহস্য সদয়ং গোপীৰাত্মাৰামোহপ্যৰীৰমৎ।।

       অৰ্থাৎ ̶ শ্ৰীকৃষ্ণই আত্মাৰাম হৈয়ো গোপীসকলক ৰমণ কৰিলে।

পূৰ্ণকাম হৰি যদি জগত ঈশ্বৰ।
তথাপি সাধন্ত আতি প্ৰীতি ভকতৰ।।
হাসি পাছে গোপযুৱতীৰ ৰঞ্জি চিত্ত।
কৰিলন্ত কামকেলি বিপৰীত।। ̶ দশম

       এই শ্লোকতো শুকদেৱে দেখুৱালে যে শ্ৰীকৃষ্ণ পূৰ্ণকাম, তেওঁৰ ৰমণেচ্ছা নাই যদিও গোপীসকলৰ প্ৰীতি সাধিবৰ নিমিত্তে ৰমণ কৰিলে। আৰু অনেক ঠাইত, য’তে ৰমণৰ কথা উঠিছে, ত’তে শুকদেৱে শ্ৰোতাসকলক সাৱধান কৰি দিছে, যাতে তেওঁলোকে ৰমণৰ কথা শুনি কামজনিত প্ৰকৃত ৰমণৰ কথা নাভাবে।

       বাস্তৱিকতে ৰাসলীলা শুনি বা পঢ়ি পোনতে মনত যেনে ভাৱ উদয় হয়, আচলতে তাত তেনেকুৱা একো নাই। শ্ৰীকৃষ্ণই যোগমায়াৰ বলেৰে তেনেকুৱা দেখুৱাইছিল মাত্ৰ। পৰীক্ষিতৰ সংশয় গুচাবৰ নিমিত্তে শুকদেৱেও তাকেই কৈছে। প্ৰথম মূল শ্লোকতেই ‘ৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ।’ জীৱ মাত্ৰকে চিৰকাল জীয়াই থাকিবৰ ইচ্ছা, মৰিবৰ ইচ্ছা কাৰো নাই। জীৱৰ এইটো স্বাভাৱিক ইচ্ছা। এই ইচ্ছা যদি পূৰ্ণ নহয় বা কেতিয়াও পূৰ্ণ কৰিব পৰা নহয়, তেন্তে ঈশ্বৰে অনাহকতে সকলো প্ৰাণীৰ মনত এই ইচ্ছাৰ বীজ নিহিত কৰি নিদিলেহেঁতেন। এতেকে এইটো নিঃসন্দেহে সিদ্ধান্ত কৰিব পাৰি যে জীৱই স্বভাৱতে যি বিচাৰে সেইটো অন্তত পোৱা যাব পাৰে। সূৰ্য্যৰ ৰশ্মি যেনেকৈ সূৰ্য্যৰপৰা সুকীয়া অথচ সুকীয়া নহয়, চিৰকাল সদানন্দময় ভগৱন্তৰ প্ৰীতি সাধন কৰি আনন্দ আস্বাদন কৰাটোৱেই জীৱৰ স্বৰূপত [ ৩৩ ] অৱস্থান। গোপীসকলে তাক পাবৰ নিমিত্তে ব্যাকুল হৈছিল আৰু ভকতৰ বশ্য ভগৱন্তই তাকে তেওঁলোকক দিবলৈ ইচ্ছা কৰিছিল। তেওঁ গীতাত নি মুখেই কৈছে – ‘যে যথা মাং প্ৰপদ্যন্তে তাংস্থথৈব ভজাম্যহম্।’ অৰ্থাৎ যি যেনেকৈ মোক ভজনা কৰে মই তাক সেইভাবেই কৃপা কৰোঁ। ‘ৰন্তুং মনশ্চক্ৰে’ মানে ভগৱন্তই ৰমণ কৰিবলৈ ইচ্ছা কৰিলে। ‘ৰম্’ ধাতুৰ অৰ্থ আনন্দ আস্বাদন কৰা। আনন্দময় ‘পতিঃ পতীনাং পৰমং পৰস্তাৎ’ ভগৱন্ত বস্তুৰে সৈতে মিলিত হোৱাটোৱেই জীৱৰূপা প্ৰকৃতিৰ ৰমণ বা আনন্দ আস্বাদন। আৰু শৰণাগত ভক্ত জীৱৰ মনোবাঞ্চা পূৰ্ণ কৰাটোৱেই ভক্তবৎসল ভগৱন্তৰ স্বভাৱ, ইচ্ছা বা ৰমণ। সেই বাবেই তেওঁৰ নাম ৰাম।

চৈতন্য শক্তিৰ দ্বাৰে       ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম অনুৰূপে।
এতেকেসে ঈশ্বৰৰ       পৰম প্ৰসিদ্ধ ৰাম
নাম আৰু জানিবা স্বৰূপে।। – ঘোষা

       আত্মাৰাম ভগৱানৰ ইচ্ছা তেওঁৰ নিজৰ কোনো অভাৱ পূৰণৰ নিমিত্তে নহয়। তেওঁ ইচ্ছাময়; তেওঁৰ ইচ্ছা হৈয়েই আছে। প্ৰকৃত স্ত্ৰী-পুৰুষৰ ৰমণৰ নিচিনাকৈ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰমণৰ বাহ্য ক্ৰীড়া নাই, মাথোন অবাধ আনন্দ। নিজানন্দ-পৰিপূৰ্ণ ভগৱন্তৰ ৰমণৰ আৱশ্যক নহয়। নিত্যানন্দ শ্ৰীৰামে এই জড় বিশ্বজগতত স্থাবৰজঙ্গম, পশু-পক্ষী, সকলোৰে সৈতে তেওঁৰ চৈতন্য শক্তিৰ দ্বাৰাই নিতো নিৰৱচ্ছিন্নভাৱে ৰমণ কৰি, সেইসকলক কৰ্ম্ম অনুৰূপে ৰমণ কৰাব লাগিছে। আনন্দময় মূৰ্ত্তি শ্ৰীকৃষ্ণৰ দ্বাৰাই আলিঙ্গিত বা তেওঁৰ সৈতে মিলিত হ’লেও সকলো আনন্দৰ আক্ষা পৰিপূৰ্ণ হৈ গ’ল। আৰু ক্ৰিয়াৰ আৱশ্যকতা ক’ত? ক্ৰিয়াৰ দ্বাৰাই যিটোক পাবলৈ আশা অৰ্থাৎ যি আনন্দক পাবলৈ চেষ্টা, মূৰ্ত্তিমান সেই আনন্দক হাততে পালে আৰু ক্ৰিয়াৰ প্ৰয়োজন ক’ত থাকিব পাৰে? ভগৱন্তৰ এক অত্যাশ্চৰ্য্য ঐশী শক্তিৰ নাম যোগমায়া। যোগমায়াৰ প্ৰভাৱত অসত্যক সত্য যেন দেখি। তেওঁ নিজ মুখে গীতাত কৈছে – ‘নাহং প্ৰকাশঃ সৰ্ৱস্য যোগমায়াসমাবৃতঃ।’ অৰ্থাৎ মই যোগমায়াৰে সমাবৃত থাকোঁ সেইদেখি সকলোৱে ঠিক মোক দেখিবলৈ নেপায়। এতেকে এইটো ঠিক বুজিব পাৰি যে বহিৰ্মুখ মানুহৰ নিমিত্তেই পৰম নিগূঢ় ৰাসলীলাত এনে এটা বাহিৰা আবৰণ আছে। ভগৱন্তই যোগমায়াৰে তেওঁৰ ৰাসলীলাক ৰতিক্ৰীড়াৰ নিচিনা দেখুৱাইছিল মাথোন। প্ৰথম শ্লোকতে ব্যাসদেৱে সেইদেখি এইকথা ‘যোগমায়ামুপাশ্ৰিতঃ’ বুলি স্পষ্টকৈ কৈ দিছে। বেদত কৈছে, ‘ব্ৰহ্ম আশ্বৰ্য্য আৰু ব্ৰহ্মৰ শ্ৰোতা, বক্তা আৰু জ্ঞাতাও আশ্বৰ্য্য।’ আঠ-ন বছৰীয়া শ্ৰীকৃষ্ণ বৃন্দাবনত ৰাসলীলাৰ নায়ক। শিশু কৃষ্ণৰ পুতনা-শোষণ, শকট-ভঞ্জন, চক্ৰবাত নিধন আদি লীলা অতি আশ্বৰ্য্য লীলা। বেদোক্ত পৰম ব্ৰহ্মই যে আনন্দঘন-বিগ্ৰহ শ্ৰীকৃষ্ণৰূপে এই আশ্বৰ্য্য লীলা কৰিছিল, বেদ-বিভোগকাৰী বেদান্তসূত্ৰ প্ৰণেতা মহাভাৰতান্তৰ্গত গীতা ৰচোঁতা বেদব্যাসে তেওঁৰ চিত্তপ্ৰশমক পুৰাণসূৰ্য্য স্বৰূপ শ্ৰীমদ্ভাগৱতত তাকে concrete ভাৱে দেখুৱাইছে। এনে লীলা অধ্যাত্ম-দৃষ্টিশূন্য সৰ্ব্বসাধাৰণৰ চকুত অসম্ভৱ লাগিবৰে কথা। ব্ৰহ্মইও তেওঁৰ লীলাৰ মৰ্ম্মৰ অন্ত নেপাই গোপবালক শ্ৰীকৃষ্ণৰ [ ৩৪ ] আগত সাষ্টাঙ্গে প্ৰণাম কৰি বৃন্দাবনত কৈছিল –

ক্কাহং তমোমহদহংখচৰাগ্নিবাৰ্ভূ সম্বেষ্টিতাণ্ডঘটসপ্তবিতস্তিকায়ঃ।
ক্কেদৃগ্ বিধাবিগণিতাণ্ডপৰাণুচাৰ্য্যাৱাতাধ্ব ৰোমৱিৱৰস্য চ তে মহিত্বম্।।

অৰ্থাৎ ̶ ক্ষুদ্ৰ মই ক’ত? আৰু পৰম মহান তুমি ক’ত? ক্ষিত্যাদি সপ্ত তত্ত্বগঠিত এটি ব্ৰহ্মাণ্ড মোৰ শৰীৰ। আৰু তোমাৰ শৰীৰৰ ৰোমকূপত এনেকুৱা অগণ্য ব্ৰহ্মাণ্ড সোমাইছে আৰু ওলাইছে, যেনেকৈ খিৰিকী-দুৱাৰত পৰমাণুবোৰ সোমায় আৰু ওলায়।

ৰোম-বিবৰমহ কোটি কোটি অণ্ড তাণ্ডৱ
কৰু সম ৰেণুং।

       শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছে –

মম যোনিৰ্মহদ্ ব্ৰহ্ম তস্মিন গৰ্ভং দধাম্যহম্।
সম্ভৱঃ সৰ্ৱভূতানাং ততো ভৱতি ভাৰত।।

       ইয়াৰ অৰ্থ – প্ৰকৃতি মোৰ যোনি অৰ্থাৎ গৰ্ভাধান স্থান। মই তাত চিদ্ বীৰ্য্য নিক্ষেপ কৰিলে তাৰ পৰা সকলো ভূতৰ উৎপত্তি হয়।

       ঈশ্বৰ পুৰুষৰ এই বিহাৰ বা লীলাত যি ৰস প্ৰবৰ্ত্তে, সেই ৰস সৃষ্টিৰ আদি কাৰণ দেখি তাক আদি ৰস বোলে। ইয়াত ইন্দ্ৰিয় তৃপ্তিৰ ইচ্ছা বা ইন্দ্ৰিয়ৰ সম্বন্ধ নথকাৰ নিমিত্তে অশ্লীল নহয়। পুৰুষ আৰু স্ত্ৰীৰ সংযোগত সন্তান উৎপাদনৰ যি কাৰণ তাকো আদি ৰস বোলে আৰু যদিও সি সংসাৰ-ৰক্ষাৰ নিমিত্তে অপৰিহাৰ্য্য তথাপি লৌকিক হিচাপত সি অশ্লীল। সংসাৰ-ধৰ্ম্ম ৰক্ষা আৰু সন্তাননোৎপাদন যি কাৰ্যৰ উদ্দেশ্য নহয়, যাৰ উদ্দেশ্য কেৱল ইন্দ্ৰিয় পৰিতৃপ্তি সি অশ্লীল নোহোৱাটো দূৰৰ কথা, সি আদি ৰস বাচ্যই নহয়। সংসাৰ-ধৰ্ম্মৰ নিমিত্তে যি ৰস আদি কাৰক তাক শৃঙ্গাৰ ৰসো বোলে। শৃঙ্গ অৰ্থাৎ স্ত্ৰী-পুংচিহ্নৰ অৱলম্বনত তাৰ আবিৰ্ভাৱ। ত্ৰিগুণাত্মিক আদি ৰসৰপৰা জগৎসৃষ্টি, কামময় আদি ৰসৰপৰা সকলো জীৱৰ উৎপত্তি, কিন্তু কাম গন্ধহীন বিশুদ্ধ আনন্দময় আদি ৰসতেই জীৱৰ স্বৰূপত অৱস্থান। পাৰ্থিৱ মলিন আদি ৰস পৱিত্ৰমূল আদি ৰসৰেই বিকৃতি। অবিদ্যাপৰিচ্ছন্ন মলিন আদি ৰসৰ ভিতৰেদি গৈ থাকিবলগীয়া হৈয়ো ক্ৰমাৎ মলিনতা মুক্ত হৈ মূল মধুৰ আদিৰসস্বাদন কৰিব পাৰিলেই জীৱই চিৰবিশ্ৰাম আৰু সদানন্দ লাভ কৰে। অৰ্থাৎ জীৱই বিশুদ্ধ হৈ আনন্দময় মূৰ্ত্তিমান পৰম ব্ৰহ্মৰ আলিঙ্গন লাভ কৰিব পাৰিলেই তেওঁ আনন্দঘন শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ৰাসমণ্ডলৰ সহচৰ হ’ল। ভগৱন্তৰ লীলাৰ নামেই ৰাসলীলা। এই ৰাসলীলাত ক্ৰিয়া নাই, ফল আছে; কামনা নাই, তৃপ্তি আছে; সম্ভোগ নাই, আনন্দ আছে। এই লীলাৰ অলপ-অচৰপ আভাস দিবলৈ হ’লেও পাৰ্থিৱ শৃঙ্গাৰ ৰস বা আদি ৰসৰ আশ্ৰায় ল’ব লাগিব। এই বাবেই শ্ৰুতিত এনে উপমাকে দিছে – ‘তদযথা প্ৰিয়য়া স্ত্ৰিয়া সম্পৰিষ্‌বক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰমেবমেবায়ং পুৰুষঃ।’ অৰ্থাৎ মানুহে যেনেকৈ প্ৰিয়তমা স্ত্ৰীৰে সৈতে আলিঙ্গিত হ’লে অন্তৰ্বাহ্য একোকে জানিব নোৱাৰে, সকলো পাহৰি যায়। শ্ৰুত্যুক্ত এই বাক্যৰ অৰ্থ শ্ৰীকৃষ্ণই প্ৰত্যক্ষ [ ৩৫ ] দেখুৱালে যে গোপীসকলে তেওঁৰ সৈতে আলিঙ্গিত হৈ নিজৰ শৰীৰ, ঘৰ-সংসাৰ সকলো পাহৰি গ'ল।

       পঞ্চম অধ্যায়ৰ দ্বিতীয় শ্লোকৰ টীকাত শ্ৰীধৰ স্বমীয়ে 'ৰাসক্ৰীড়াৰ'ৰ অৰ্থ কৰিছে ̶ 'ৰাসক্ৰীড়া ̶ ৰাসো নাম বহুনৰ্ত্তকীযুক্তনৃত্যবিশেষঃ।' অৰ্থাৎ বহু নৰ্ত্তকীয়ে কৰা একৰকম নৃত্যকে ৰাস বোলে। স্বামীয়ে ৰাস পঞ্চাধ্যায়ৰ প্ৰথম শ্লোকৰ টীকাত প্ৰথমতে কৈছে 'তাস্মাদ্ৰাসক্ৰীড়াবিৰম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্।' অৰ্থাৎ ভগৱন্তই কামজয় প্ৰদৰ্শন কৰিবৰ নিমিত্তেই ৰাস-নামক নৃত্যৰ অনুকৰণ কৰি লীলা কৰিছিল, এইটোৱেই আছিল তত্ত্বকথা। ভগৱন্ত শ্ৰীকৃষ্ণই প্ৰকৃত নৰ্ত্তক-নৰ্ত্তকীৰ অনুকৰণ কৰি অপ্ৰাকৃত ৰসত্ত্বহে ব্যক্ত কৰিছিল। প্ৰাকৃত বস্তু প্ৰাকৃত জগতৰ ভাব, ভাষা কাৰ্য্যৰ আশ্ৰয় নল'লে প্ৰাকৃত উপাদানেৰে গঠিত মনুষ্যই অপ্ৰাকৃত জগতৰ তত্ত্ব ব্যক্ত কৰিব বা বুজিব নোৱাৰে। নিৰ্গুণ ঈশ্বৰৰ গুণ যথাকথঞ্চিত বুজিবৰ হ'লেও আমাৰ প্ৰাকৃত জগতৰ ভাব, ভাষা, কাৰ্য্য, আৰু বস্তুৰ আশ্ৰয় নল্'লে নচলে। প্ৰাকৃত জগতৰ দৃষ্টান্তৰেই আশ্ৰয় লৈ অপ্ৰাকৃত জগতৰ আভাস কৰিবলগীয়া হোৱা যায় যেতিয়া ভগৱন্ত শ্ৰীকৃষ্ণই প্ৰাকৃত নৰ্ত্তক-নৰ্ত্তকী নিচিনাকৈ লীলা কৰি দুৰ্ব্বোধ আত্মতত্ত্ব যে সুবোধ কৰি দিলে তাত সন্দেহ কৰিবৰ বাট ক'ত ? ভগৱন্তৰ অৱতাৰৰ মূল উদ্দেশ্যই সেইটো -

অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিত:।
ভজতে তাদৃশী: ক্ৰীড়া যা: শ্ৰুত্বা তৎপৰো ভৱেৎ।।
পৰম দুৰ্ব্বোধ আত্মতত্ত্ব       তাৰ জ্ঞান অৰ্থে হৰি যত
লীলা অৱতাৰ ধৰা তুমি কৃপাময়।। ̶ ঘোষা

       এতেকে আমি বুজিলোঁ যে শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰাকৃত ৰাসলীলাৰ অনুকৰণ মাথোন, শ্ৰীকৃষ্ণ প্ৰাকৃত মনুষ্য নহয়।

ৰাম কৃষ্ণ নোহন্ত মানুষ।
তাৰা দুই পৰম পুৰুষ।। ̶ মাধৱদেৱ

       তেওঁ গোপীসকলেৰে সৈতে প্ৰাকৃত নৰ্ত্তক-নৰ্ত্তকীৰ দৰে সেই লীলাৰ অনুকৰণ কৰিছিল মাথোন, দৃশ্যকাব্যৰ অভিনয় কৰি প্ৰত্যুক্ত পৰমতত্ত্ব ভক্তসকলৰ সহজবোধ্য কৰি দিছিল মাথোন, ভগৱন্ত অপ্ৰাকৃত হৈও প্ৰাকৃতিৰ নিচিনাকৈ পাৰ্থিৱ লীলা কৰিছিল। ৰাসলীলা আনন্দময়ৰ নিত্যলীলাৰ প্ৰাকৃত চকুৰ আগত আংশকিত বিকাশ। কৃষ্ণলীলা ভাবুক ভক্তৰ বিচাৰৰ বস্তু নহয়, আস্বাদনৰহে বস্তু।খাবলৈ বহি এই ভাতৰ চাউল ক'ৰ পৰা আহিল, ইয়াৰ বেচ কিমান ইত্যাদি বিচাৰ কৰিবলৈ গ'লে তাৰ সোৱাদ পোৱা নাযায়। খালেহে সোৱাদ পোৱা যায়। নৰিয়াই বেজৰ দৰৱৰ উপাদানৰ বিষয়ে বিচাৰ-তৰ্ক কৰিবলৈ বহিলে, নৰিয়া নুগুচে। সেই দৰৱ খালেহে তেওঁ নীৰোগ হয়। ভবৰোগীয়ে কৃষ্ণলীলা মহৌষধি সেৱন কৰিলেহে ভবৰোগৰপৰা পৰিত্ৰাণ পাব, তাৰ বিচাৰ কৰি সময় নষ্ট কৰিলে নহয়। ভবৰোগীৰ কাতুৰ্ব্বাদ প্ৰাৰ্থনা এইটোহে।

একে ভৱৰোগে মোক সহজে পীড়য়।
বিষয় অপথ্য তাতে খাইলো অতিশয়।।

[ ৩৬ ]

জানো কৃষ্ণ তযু গুণ পৰম অমৃত।
তোমাৰ ভক্তৰ সঙ্গে পিয়ায়োক নিত।।
তেবেসে দুৰ্ঘোৰ ভৱ-ৰোগ হোৱে দূৰ।

জানি কৃষ্ণ কৰা মোক-কৰুণা প্ৰচুৰ।।

       শাস্ত্ৰত কৈছে ̶ 'ৰস্যতে আস্বাদ্যতে অসৌ ৰসঃ' অৰ্থাৎ যাক আস্বাদন কৰা যায় সিয়েই ৰস। হাস্য, কৰুণ, বীৰ অদি নটা ৰসৰ কথা শাস্ত্ৰত আছে। হাস্যৰ স্থায়ীভাব হাস্যৰ ভিতৰত আছে, কৰুণৰ স্থায়ীভাব শোকৰ ভিতৰত, বীৰৰ স্থয়ীভাব উৎসাহ আৰু বীৰ্য্যৰ ভিতৰত আছে, ইত্যাদি। সেই স্থায়ীভাব হৈছে আনন্দ। আনন্দৰ বাহিৰে আমাৰ আস্বাদ্য বস্তুৱেই নাই। কৰুণ ৰোদনৰ অন্তৰো অন্তৰত নিফুট আনন্দ আছে। যি কান্দে, সিও কান্দি আৰাম পায় নতুবা সেই কাৰ্য্য সি নকৰিলেহেঁতেন। খঙালে খং কৰিও একপ্ৰকাৰ অনিৰ্ব্বচনীয় আনন্দ লাভ কৰে। জলা, তিতা, কেহা যি খাই চকুৰ পানী পেলায়, তাৰো আস্বাদ্য আনন্দ। জালৰ তাপত তাৰ চকুৰ পানী ওলাই গৈছে তথাপি জলা দিয়া আঞ্জাহে সি ভাল পায়। মিঠা খোৱাইতো মিঠাৰ ভিতৰেদি আনন্দকেহে বিচাৰে। এই নটা ৰসত অনুৰাগী প্ৰত্যেকৰ আচৰণ সুকীয়া হ'লেও, প্ৰ্ত্যেকৰ লক্ষ্য আনন্দৰ ফালে, প্ৰ্ত্যেকৰ উদ্দেশ্য আৰু আস্বাদ্য আনন্দ মাথোন। ঐক্যতান সঙ্গীতৰ নানা বাজনাৰ মাত সুকীয়া হ'লেও সকলোবোৰ একে সুৰতে বন্ধা। জগৎ-সংসাৰত সকলোৰে গতি আৰু কৰ্য্য বিভিন্ন যেন দেখা গ'লেও, বাস্ত্ৱিকতে সকলোৰে মূল উদ্দেশ্য একে অৰ্থাৎ আনন্দৰ আস্বাদন, কাৰণ আনন্দৰ সুমধুৰ সুৰতে জগৎ বন্ধা। এতসৈবে আনন্দস্য অন্যানি ভূতানি মাত্ৰামুপজীৱন্তি' (বৃহদাৰণ্যক)। 'কো হ্যেৱন্যাৎ কঃ প্ৰাণ্যাৎ। যদেষ আকাশ আনন্দো ন স্যাৎ। এষ হ্যেবান্দয়াতি' (তৈত্তিৰীয়)। অৰ্থাৎ যদি আনন্দ স্বৰূপ আকাশ (ব্ৰহ্ম) নাথাকিলহেঁতেন, কোন জীয়াই থাকিলহেঁতেন। তেৱেঁই আনন্দিত কৰে। বেদান্তৰ পঞ্চদশীত সেই দেখি কৈছে যে গুণময় প্ৰকৃতিৰ বিকাৰ বিষয়ৰ পৰা আমাৰ যি আনন্দানুভৱ হয়, তাৰ কাৰণ আনন্দঘন ব্ৰহ্মৰ তাত ক্ষণিক আভাস। সকলোৱে প্ৰকৃত ৰস অৰ্থাৎ আনন্দৰ অনুসন্ধান কৰি ফুৰিছে, তাৰ কোটি কোটি অংশৰ কণাৰ আভাস পাই বলিয়া হৈ ফুৰিছে, কিন্তু আচল ৰস বা আনন্দ নাই পোৱা। নকলকে আচল ভাবি আটায়ে তাতে ক্ষণিক সুখ-শান্তি বোধ কৰিছে, কিন্তু সি যে প্ৰকৃত ৰস বা আনন্দ নহয়্, সেইদেখি জীৱই তাত স্থিৰ শান্তি পোৱা নাই ; বৰং ক্ৰ্মে বেছি অশান্তিহে পাই আহিছে। ছাঁ আচল বস্তু নহয়। আচল বস্তু পালেই চিৰশান্তি, চিৰানন্দ। কিন্তু ছাঁ থাকিলে যেনেকৈ আচল থাকিবই লাগিব নতুবা ছাঁৰ জন্ম অসম্ভ, সেইদৰে আচল আনন্দ ৰসময় পৰম বস্তু আছেই আছে। জীৱৰ সেয়েই প্ৰকৃত লক্ষ্য, উদ্দেশ্য, প্ৰাপ্তিস্থান আৰু চিৰবিশ্ৰাম, জীৱই বিষয়ত যি আনন্দ ভোগ কৰে, সেইটো পিয়াহ- লগা মানুহে চেঁচা পানীৰ কলহৰ গাত লাগি থকা চেলেকাৰ নিচিনা। সেই চেলেকনীত পিয়াহ নুগুচি বাঢ়েহে। জগতৰ অন্তৰ্য্যামী ব্ৰহ্মানন্দৰস জীৱই পান কৰিব নোৱাৰি পঞ্চেন্দ্ৰিয়ৰ সাহায্যত তাৰ ওপৰত চেলেকিছে মাথোন ; এতেকে জীৱৰ পিয়াহৰ শান্তি ক'ত? এই বহিৰাবৰণ ভেদ কৰি প্ৰকৃত পৰম ৰস পান কৰিব পাৰিলেহে জীৱৰ শান্তি। [ ৩৭ ] ৰাসলীলাৰ শৃঙ্গাৰ ৰসস্বৰূপ বহিৰাবৰণত যি আটক হৈ থাকে, সি তাৰ পৰম তত্ত্ব লাভ কৰিব নোৱাৰে। সেই পৰম তত্ত্বহে হৃদৰোগ কামৰ ঔষধ, বাহিৰৰ ফাল বাকলিহে।

তিনি

       ৰাসলীলাৰ নিগূঢ় তত্ত্বত প্ৰবেশ কৰিব নোৱাৰি তাত বহিৰাবৰণত মাথোন দৃষ্টি ৰাখিলে যে মানুহৰ মনত সংশয় উপস্থিত হয়, সি ৰাসলীলা শ্ৰৱণ কৰি পৰীক্ষিতৰ মনত উপস্থিত হোৱা সংশয়তে প্ৰকাশ পায়। এইটো নিশ্চয় যে পৰীক্ষিতে শ্ৰীকৃষ্ণক পূৰ্ণব্ৰহ্ম বুলি জানিছিল। তেওঁ নিজে যে ৰাসলীলাৰ বহিৰাবৰণ ভেদ কৰি গূঢ় পৰম তত্ত্বত উপস্থিত হ'ব পৰা নাছিল এনেও নহয়। ৰাসলীলা শুনি সাধাৰণ মানুহৰ মনত যেনে সংশয় হ'ব, প্ৰশ্নৰ ছলতে শুকদেৱৰ দ্বাৰাই যথাৰ্থ উত্তৰ দিয়াই সেই সংশয় সকলোৰে নিমিত্তে যাতে ছেদ হয়--আচলতে তাৰ নিমিত্তেহে তেওঁৰ প্ৰশ্ন। পৰীক্ষিতে শুকদেৱক সুধিলে ̶

সংস্থাপনায় ধৰ্ম্মস্য প্ৰশমায়েতৰস্য চ।
অৱতীৰ্ণোহি ভগৱানংশেন জগদীশ্বৰঃ।।
স কথং ধৰ্ম্মসেতুনাং বক্তা কৰ্ত্তাভিৰক্ষিতা।
প্ৰতীপমাচৰদ্ ব্ৰহ্মণ্ পৰদাৰাভিমৰ্শনম্।।
আপ্তকামো যদুপতিঃ কৃতবান্ বৈ জুগুপ্সিতম্।
কিমভিপ্ৰায় এতং নঃ সংশয় ছিন্ধি সুব্ৰত।।

অৰ্থাৎ ̶

ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি।
ই কাৰ্য্যে ভৈলা আৱতাৰ আসি।
ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি।
ক্ৰীড়িলা কেনে পৰ গোপনাৰী।।
হোৱন্ত হৰি যদি পূৰ্ণকাম।
কৰিলা কেনে গৰিহিত কাম।।
ছেদিও সংশয় কৈয়ো বৃত্তান্ত।
ধৰ্ম্মব্যতিক্ৰমো দূষ্ট ঈশ্বৰাণাঞ্চ সাহসম্।
তেজীয়সাং ন দোষায় বহ্নেঃ সৰ্ব্বভুজো যথা।।

অৰ্থাৎ-

পৰম ঈশ্বৰে কৰে অকৰ্ম্ম।।
তেজস্বীত কিছু নাহি অধৰ্ম্ম।
সৰ্ব্বভক্ষ বহ্নি সবাকো শোষে।

তথাপিতো কিছু নোছোৱে দোষে।। ̶ কীৰ্ত্তন-ঘোষা

       এইটো শুকদেৱৰ প্ৰথম পোনপটিয়া উত্তৰ মাথোন। 'ঈশ'ধাতুৰ অৰ্থ প্ৰভুত্ব কৰা। 'সৰ্ব্বস্য প্ৰভূম্ ঈশানম্' (শ্বেতাশ্বেতৰ উপনিষদ)। 'য ঈশেহস্য দ্বিপদশ্চতুষ্পদঃ।' [ ৩৮ ] (শ্বেত)। 'য ইমান্ লোকান্ ঈশত ঈশনীভিঃ।' যিসকলে ইন্দ্ৰিয়ৰ অধীন নহৈ ইন্দ্ৰিয়ৰ ওপৰত প্ৰভুত্ব কৰিবপাৰে তেওঁলোকেই ঈশ্বৰ। তেওঁলোকৰ ঈশ্বৰ। তেওঁলোকৰ পাপ-পুণ্য নাই। যাৰ আত্মাভিমান নাই, যি ইন্দ্ৰিয়ৰ অধীন হৈ সকামভাবে কোনো কাম নকৰে, তেৱেঁই ঈশ্বৰ, তেৱেঁই তেজস্বী। কৰ্ম্মৰ ফল আছেই। যাৰ কৰ্ম্ম তাৰ ফল নিশ্চয় থাকিব। দেহ যদি অহংশূন্য হ'ল, তেনেহ'লে দেহকৃত কৰ্ম্মৰ ফল দেহীৰ নহয়। সেইদিখে শুকদেৱে ৰুদ্ৰৰ উদাহৰণ দি কৈছে, ̶

ৰুদ্ৰক দেখি বিষ খায় আনে।

সিজন যেন মৰি যায় প্ৰাণে।। ̶ কীৰ্ত্তন

       ৰুদ্ৰৰ আত্মাভিমান নাই, ইন্দ্ৰিয়ৰ অধীন তেওঁ নহয়, বৰং ইন্দ্ৰিয়হে তেওঁৰ অধীন; সেইদেখি তেওঁ বিষ খায়ো নমৰিল। কিন্তু তেওঁক দেখি তেওঁৰ আৰ্হি লৈ আনে অৰ্থাৎ যাৰ আত্মাভিমান আছে, যি ইন্দ্ৰিয়ৰ দাস, তেওঁ বিষ খালে মৰিবই; কাৰণ বিষপান কৰ্ম্মৰ ফল--মৃত্যু। অগ্নি ঈশ্বৰৰ শক্তিৰে শক্তিমন্ত। যি তেনে ঐশ্বৰিক শক্তিৰে শক্তিমন্ত নহয়, তেওঁ সৰ্ব্বভূক্ হ'বলৈ গ'লে তেওঁৰ বিনাশ নিশ্চয়।

সৰ্ব্বভক্ষ বহ্নি সবাকো শোষে।

তথাপিতো তাঙ্ক নোছোৱে দোষে।। ̶ কীৰ্ত্তন

       ঈশ্বৰসকলৰে যেতিয়া এনে ক্ষমতা, এনে প্ৰভুত্ব, ঈশ্বৰৰো ঈশ্বৰ পৰম মহেশ্বৰ শ্ৰীকৃষ্ণৰ এনে কাৰ্য্যত তেনেকৈ দোষ হ'ব পাৰে? শ্ৰীকৃষ্ণ 'তমীশ্বৰণাম্ পৰম মহেশ্বৰম্' (শ্বেত)। তেওঁৰ বীৰ্য্যেৰে অগ্নি, বায়ু, ইন্দ্ৰ, ব্ৰহ্ম, ৰুদ্ৰ সকলো বীৰ্য্যৱন্ত। এই তত্ত্ব বিশদ কৰিবৰ নিমিত্তে কেনোপনিষদত এটা উপাখ্যান আছে ̶ 'ব্ৰহ্ম হ দেৱেভ্যো বিজিগ্যে। তস্য হ ব্ৰহ্মণো বিজয়ে দেৱা অমহীয়ন্ত। ত ঐক্ষন্ত অস্মাকমেৱায়ং বিজয়ঃ অস্মাকমেৱায়ং মহিমা।' অৰ্থাৎ কোনো এক সময়ত ব্ৰহ্মই দেৱতাসকলক জয়ী কৰিছিল। ব্ৰহ্মকৃত এই বিজয়ত দেৱতাসকল স্পৰ্দ্ধিত হৈ ভাবিলে যে এই বিজয় আমাৰেই, এই মহিমা আমাৰেই। ব্ৰহ্মই তেওঁলোকৰ আগত আবিৰ্ভূত হ'ল। 'তন্ম ব্যজানত কিমিদং যক্ষমিতি।' দেৱতাসকলে তেওঁক জানিব নোৱাৰিলে। তেওঁলোকে ক'লে, 'এইটো কি অদ্ভুত বস্তু?' তেওঁলোকে অগ্নিক ক'লে -'জাতৱেদা' অৰ্থাৎ এইটো কি 'যক্ষ' জানি আহা। অগ্নি সেই মূৰ্ত্তিৰ ওচৰ চাপিলত মূৰ্ত্তিয়ে সুধিলে 'কোহসি' ̶ তুমি কোন? অগ্নিয়ে উত্তৰ দিলে, মোক নাজানানে? মই অগ্নি। ব্ৰহ্মই সুধিলে-'তস্মিন্ ত্বয়ি কিংবীৰ্য্যম্।' অৰ্থাৎ তোমাত কি শক্তি আছে? অগ্নিয়ে উত্তৰ দিলে ̶ 'অপীদং সৰ্বংদহেয়ং যদিদং পৃথিব্যাম্।' অৰ্থাৎ পৃথিৱীত যি আছে, মই সকলোকে দহন কৰিব পাৰোঁ। ব্ৰহ্মাই ক'লে-'বেছ, তেন্তে এই তৃণডাল পোৰাচোন।' অগ্নিয়ে তেওঁৰ সকলো শক্তি প্ৰয়োগ কৰিও সেই তৃণডাল পুৰিব নোৱাৰি নিবৃত্ত হৈ দেৱতাসকলক ক'লে ̶ 'নৈতদশকং বিজ্ঞাতুং যদেতৎ যক্ষমিতি।' এইটো কি অদ্ভুত বস্তু মই জানিব নোৱাৰিলোঁ। দেৱতাসকলে তাৰ পিছত বায়ুক পঠিয়ালে। বায়ু ব্ৰহ্মাৰ ওচৰ চাপিলত ব্ৰহ্মাই সুধিলে ̶ 'তুমি কোন?' বায়ুৱে উত্তৰ দিলে ̶ [ ৩৯ ] 'বায়ুৰ্বা অহমস্মি মাতৰিশ্বা বা অহমস্মি,' মই বায়ু, মই মাতৰিশ্বা, সমস্ত জগত আদান কৰিব পাৰোঁ। ব্ৰহ্মাই ক'লে- 'বাৰু বেছ কথা; তেন্তে এই তৃণডালি আদান কৰাচোন।' বায়ুৱে তেওঁৰ গোটেই শক্তি প্ৰয়োগ কৰিও তৃণডালি লৰাব নোৱাৰিলে। বায়ু উভতি আহি সেই কথা দেৱতাসকলক ক'লত দেৱতাসকলে এইবাৰ ইন্দ্ৰক পঠিয়ালে। ইন্দ্ৰ ওচৰ চাপি অহা দেখি ব্ৰহ্ম অন্তৰ্দ্ধান হ'ল। এনেতে ইন্দ্ৰই আকাশত এটি বৰ সুন্দৰ ৰমণী মূৰ্ত্তি দেখিলে। সেই ৰমণী মূৰ্ত্তি ব্ৰহ্মবিদ্যাৰূপিণী উমা হৈমৱতী- 'স তস্মিন্নেৱাকাশে স্ত্ৰিয়মাজগাম বহুশোভমানাম্ উমাং হৈমৱতীম্ তাং হোৱাচ-- কিমেতদ্যক্ষমিতি।' ইন্দ্ৰই তেওঁক সুধিলে- 'এই অদ্ভুত বস্তু কোন?' উমাই ক'লে --'আৰু কোন হ'ব?' যাৰ শক্তিত তোমালোক শক্তিমন্ত্ৰ, যাৰ বিজয়ত তোমালোক জয়ী হৈছিলা, এওঁ সেই ব্ৰহ্ম।' 'সা ব্ৰহ্মেতি হোৱাচ। ব্ৰহ্মণো ৱা এতদ্বিজয়ে মহীয়ধ্বমিতি। ততো হৈৱ ৱিদাঞ্চকাৰ ব্ৰহ্মেতি।'

       শুকদেৱে পৰীক্ষিতক আৰু ক'লে-

নৈতং সমাচৰেজ্জাতু মনসাপি হ্যনীশ্বৰঃ।

বিনশ্যত্যাচৰণ্ মৌঢ্যাদ্ যথা ৰুদ্ৰোহব্ধিজং বিষম্।।

অৰ্থাৎ ̶

ঈশ্বৰসকলে যিটো কাম কৰ্ম্ম কৰে
মনেয়ো তাক নকৰি। ̶ দশম
ঈশ্বৰ নুহি যিটো মূঢ়মতি।
ই কৰ্ম্ম কৰি যাইব অধোগতি।।
ৰুদ্ৰক দেখি বিষ খায় আনে।

সি জন যেন মৰি যায় প্ৰাণে।। ̶ কীৰ্ত্তন

চকুৰ আগতে দেখা কথা, যে কত ইন্দ্ৰিয়পৰতন্ত্ৰ জটাধাৰী লেংটি পিন্ধা ছাই সনা সন্যাসীয়ে মহাদেৱৰ অনুকৰণ কৰি, কত বিলাসপয়াৰণ 'সন্ত'ই শ্ৰীকৃষ্ণৰ বৃন্দাবনলীলাৰ অনুকৰণ কৰি নিজেও অধঃপাতলৈ যাব লাগিছে আৰু সেইবোৰক বিশ্বাস কৰোঁতে সৰল স্বভাৱৰ নৰ-নাৰীকো অধঃপাতলৈ নিব লাগিছে। এনে সৰ্ব্বনশীয়া সন্ন্যাসী আৰু সৰ্ব্বনশীয়া বৈষ্ণৱ যাতে নোলায়, তাৰ নিমিত্তে শুকদেৱে এই কথা কৈছে।        শুকদেৱে আকৌ কৈছে ̶

ইশ্বৰাণাং বচঃ সত্যং তথৈবাচৰিতং ক্কচিৎ।

তেষাং যৎ শ্ববচোযুক্তং বুদ্ধিমাংস্তৎসমাচৰেৎ।।

       অৰ্থাৎ ̶

ঈশ্বৰসকলে        যিটো কৰ্ম্ম কৰে
মনেয়ো তাক নকৰি।
তেসম্বে যি সব       ধৰ্ম্ম বিহে বাক্যে

তাকেসে সবে আচৰি।। ̶ দশম

       মহাশাস্ত্ৰ গীতাৰ তৃতীয় অধ্যায়ৰ ২১ শ্লোকত ভগৱন্তই কৈছে ̶

যদযদাচৰিত শ্ৰেষ্ঠস্তওদেৱেতৰো জনঃ।

স যৎ প্ৰামাণং কুৰুতে লোকস্তদনুৱৰ্ত্ততে।।

[ ৪০ ]        অৰ্থাৎ জ্ঞানীৰ আচাৰ দেখি সাধাৰণ লোক চলে। আৰু তেওঁ যি প্ৰমাণ কৰে

সাধাৰণ লোকে তাৰে অনুসৰণ কৰে।

       এই বচন অনুসাৰে পাছে অজিতেন্দ্ৰিয় দেহাভিমানী লোকে অনাসক্ত বিষয়ত বিৰাগী তেজস্বী পুৰুষৰ লোকসমাজত নেইন্দিত কাৰ্য্যৰ অনুকৰণ কৰিবলৈ যায়, সেইটো আশঙ্কা কৰি শুকদেৱে এই কথা কৈছে।

দেহত যাৰ নাহি অহঙ্কাৰ।

তাহাৰ কৰ্ম্মত নাহি বিচাৰ।। - কীৰ্তন

       এই নিমিত্তেই্ অবিৰক্তসকলৰ বেদবিহিত কৰ্ম্মলঙঘনত দোষ বুলিছ, আৰু বিৰক্ত ভক্তৰ দোষ নাই বুলিছে।

অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ
জানিবাহা হৈবেক নিশ্চয়।
পৰিৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল

তাৰ একো নাহিকে নিৰ্ণয়।। - ঘোষা

       শুকদেৱে পুনৰাই কৈছে -

কুশলাচৰিতেনৈষামিহ চাৰ্থো ন ৱিদ্যতে।
ৱিপৰ্যয়েন বানৰ্থো নিৰহঙ্কাৰিণাং প্ৰভো।।
কিমুতাখিলসত্ত্বানাং তিৰ্য্যঙ্‌ মৰ্ত্ত্যদিৱৌকসাম্‌।।

ইশিতুশ্চেশিতব্যানাং কুশলাকুশলান্বয়ঃ।।

অৰ্থাৎ -

যিটো দেখে ব্ৰহ্মময় মহাজ্ঞানী
দেহে নাহি অহঙ্কাৰ।
এওক দোষ গুণে নোছোৱে তাহাৰ
কৰ্ম্মত গুচে বিচাৰ।। - দশম
সনাতন কৃষ্ণ পৰম পুৰুষ
যিটো জগতৰ ঈশ।
ইটো পৰদাৰা-গমন পাতকে
তাঙ্ক কৰিবেক কিস? - দশম

ন মে পাৰ্থাস্তি কৰ্ত্তব্যং ত্ৰিষু লোকেষু কিঞ্চন। - গীতা

       শ্ৰীকৃষ্ণই কৈছে ̶ 'হে পাৰ্থ! ত্ৰিলোকত মোৰ কৰ্ত্তব্য বুলি এওক নাই।' অৰ্থাৎ মই লৌকিক হিচাপত যি কৰ্ত্তব্য বা অকৰ্ত্তব্য তাৰ বাহিৰ।

       যি পৰমেশ্বৰ সকলোৰে নিয়ন্তা তেওঁৰ পাপ-পুণ্য একো থাকিব নোৱাৰে।যাৰ দেহত অহং বুদ্ধি নাই অৰ্থাৎ মই কৰ্ত্তা বুলি অভিমান নাই, তাত পাপ-পুণ্যওনাই। দেহ আৰু আত্মাৰ অনিষ্টজনক যি সিয়েই পাপ, সিয়েই্ লৌকিক হিচাপত নিন্দনীয়। এতেকে যাৰ দেহেৰে সৈতে সম্পৰ্ক নাই, সমাজত সৈতে সম্বন্ধ নাই, তাৰ পাপ-পুণ্যও নাই। যাৰ 'মই' নাই, 'মোৰ' নাই, 'পৰ' নাই, 'অপৰ' নাই, যাৰ 'নিজৰ' বুলি একোতে অভিলাষ নাই, 'পৰ'ৰ বুলি একোতে বিতৃষ্ণা নাই, যাৰ মায়াৰ দ্বাৰাই জীৱ পাপ-পুণ্যত আবদ্ধ হৈছে, যি 'শুদ্ধমপাপবিদ্ধম্‌' যি ̶ [ ৪১ ]

ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশেহৰ্জ্জুন তিষ্ঠতি।

ৰাময়ন্ সৰ্ব্বভূতানি যন্ত্ৰাৰূঢ়ানি মায়য়া।। ̶ গীতা

       তাৰ পৰদাৰ সম্পৰ্কজনিত পাপ হ'বই নোৱাৰে, কাৰণ তেওঁৰ কোনো পৰ নাই আৰু পাপ-পুণ্যৰ সৈতে সমন্ধ নাই।

জগতৰ অন্তৰ্য্যামী নাৰায়ণ।

তাৰ কোন পৰদাৰাগমন।। ̶ কীৰ্ত্তন

       শুকদেৱ ̶

যৎপাদপঙ্কজ-পৰাগ-নিষেৱ-তৃপ্তা
যোগ-প্ৰভাৱবিধূতাখিলকৰ্ম্মবন্ধাঃ।
স্বৈৰং চৰন্তি মুনয়োহপি ন নহ্যমানা

স্তস্যেচ্ছয়াত্তবপুষঃ কুত এব বন্ধঃ।।

          অৰ্থাৎ ̶

যাৰ পাদ-পদ্ম চিন্তি সাম্প্ৰতে।

ছিণ্ডে কৰ্ম্মবন্ধ হেলে ভকতে।। ̶ কীৰ্ত্তন

       অৰ্থাৎ যাৰ পদৰজ আস্বাদন কৰি পৰিতৃপ্ত হৈ মুনিসকলে সকলো বন্ধন ছেদন কৰি স্বেচ্ছাচাৰ কৰিও বদ্ধ নহয়, 'স্বেচ্ছায় ধৰিছা লীলা তনু হেন হৰি'(কীৰ্ত্তন), এনে কৃষ্ণৰ আকৌ বন্ধন ক'ত? তেওঁ আপোন ইচ্ছা কামনাৰ অধীন। ঈশ্বৰৰ ইচ্ছা স্বাধীন অৰ্থাৎ তেওঁৰ নিজৰ অধীন। বন্ধন কামাধীন ইচ্ছাৰহে। যাৰ শৰণ ল'লে বদ্ধ জীৱৰো কৰ্ম্মবন্ধন গুচে, তেওঁৰ আকৌ নিজৰ কৰ্ম্মবন্ধন ক'ত ? গীতাৰ চতুৰ্থ অধ্যায়ৰ ১৪শ শ্লোকত ভগৱন্তই নিজ মুখেই কৈছে ̶

ন মাং কৰ্ম্মাণই লিপ্যস্তি ন মে কৰ্ম্মফলে স্পৃহা।

ইতি মাং যোহভিজানাতি কৰ্ম্মভিৰ্ন স বধ্যতে।।

       অৰ্থাৎ মোৰ কৰ্ম্মসকলে মোক লিপ্ত কৰিব নোৱাৰে। কৰ্ম্মফলত মোৰ স্পৃহা নাই, গতিকে মোৰ কৰ্ম্মবন্ধনো নাই। এইটো জানি যি মোক ভজনা কৰে, তাৰ কৰ্ম্মবন্ধ গুচে।

       আচল কথা, ঈশ্বৰ-তত্ত্ব বুজিবলৈ হ'লে গুৰিতে বিশ্বাস লাগে। শাস্ত্ৰ অনুসাৰে শ্ৰীকৃষ্ণ অনুসাৰে শ্ৰীকৃষ্ণ স্বয়ং ভগৱন্ত ঈশ্বৰ বুলি বিশ্বাস কৰিলে, সকলো কথাৰ মীমাংসা হয়, সকলো সংশয় দূৰীভূত হয়। বিশ্বাস নাথাকিলে কোনেও কাকো এই লীলা বুজাবও নোৱাৰে, নিজেও বুজিব নোৱাৰে।

          শুকদেৱে লৌকিক ব্যৱহাৰ অনুসাৰে শ্ৰীকৃষ্ণৰ পৰদাৰ-সম্বন্ধ স্বীকাৰ কৰিয়েই ওপৰৰ শ্লোকবোৰেৰে উত্তৰ দিছিল। এইবোৰ আচল তত্ত্ব কথা পিছৰ শ্লোকেৰে ক'লে ̶

গোপীনাং তৎপতীনাঞ্চ সৰ্বেষাঞ্চৈৱ দেহিনাম্।

যোহস্তশ্চৰতি সোহধ্যক্ষ এষ ক্ৰীড়নদেহভাক্।।

       অৰ্থাৎ যি গোপীসকলৰ, গোপীপতিসকলৰ আৰু দেহধাৰী জীৱ মাত্ৰৰে অন্তৰত অন্তৰ্য্যামী হৈ আছে-'জগত অন্তৰ্য্যামী নাৰায়ণ' তেঁৱেই লীলা-বিগ্ৰহধাৰী শ্ৰীকৃষ্ণ। [ ৪২ ]

গোপী গোপালৰ আত্মা অন্তৰ্য্যামী
নাৰায়ণ সৰ্ব্বময়। ̶ দশম
ভকতৰ পদে আপুনি হৰি।
ক্ৰীড়িলা ৰঙ্গে নৰদেহা ধৰি।। ̶ কীৰ্ত্তন
অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিতঃ।

       বেদত কৈছে –

যো দেৱোহগ্নৌ যো অপ্সু যো বিশ্বভুৱনমাৱিৱেশ।
ষ ওষধিষু যো ৱনস্পতিষু তস্মৈ দেৱায় নমো নমঃ।।

       অৰ্থাৎ যি দেৱতা অগ্নিত, যি জলত, যি ওষধিত, যি বনপিতত আৰু যি বিশ্বভূৱনত প্ৰবিষ্ট হৈ আছে, সেই দেৱতাক বাৰে বাৰে নমস্কাৰ কৰোঁ।

       গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে –

পুণ্যো গন্ধঃ পৃথিৱ্যাঞ্চ তেজশ্চাস্মি ৱিভাৱসৌ।

জীৱনং সৰ্ৱভূতেষু তপশ্চাস্মি তপস্বিষু।।

       অৰ্থাৎ অগ্নিত মই তেজ, পৃথিৱীত পুণ্য ঘ্ৰাণ, তপস্বীৰ তপোবল, আৰু সৰ্ব্বভূতৰ জীৱন।

ৰসোহ হমপ্সু কৌন্তেয় প্ৰভাস্মি শশিসূৰ্যয়োঃ।।

       অৰ্থাৎ ̶ জলত ময়েই ৰস, সূৰ্য্য চন্দ্ৰত ময়েই প্ৰভা।

ৱীজং মাং সৰ্ৱভূতানাং বিদ্ধি পাৰ্থ সনাতনম্। (গীতা)

       অৰ্থাৎ-ময়েই সৰ্ব্বভূতৰ সনাতনৰ বীজ।

অহং ৱৈশ্বানৰো ভূত্বা প্ৰাণিনাং দেহমাশ্ৰিতমঃ। (গীতা)

অৰ্থাৎ ̶ ময়েই ৱৈশ্বানৰৰূপে প্ৰাণীৰ দেহত অৱস্থিত।

ক্ষেত্ৰজ্ঞঞ্চাপি মাং ৱিদ্ধি সৰ্ৱক্ষেত্ৰেষু ভাৰত। (গীতা)

       অৰ্থাৎ ̶ সকলো ক্ষেত্ৰতে মোকে ক্ষেত্ৰৰূপে জানিবা।

       মুঠতে ̶

মত্তঃ পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়।

ময়ি সৰ্ৱমিদং প্ৰোতঃ সূত্ৰে মণিগণা ইৱ। (গীতা)

       অৰ্থাৎ ̶ মোৰ বাহিৰে একো নাই। সূতাত মণিবোৰ যেনেকৈ গঁথা সেইদৰে সকলোতে মই ওতপ্ৰোত হৈ আছোঁ।

ময়া ততমিদং সৰ্ব্বং জগদৱ্যক্তমূৰ্ত্তিনা। (গীতা)

শ্ৰীমদ্ভাগৱতত আছে ̶

কৃষ্ণ মেনমৱেহি ত্বমাত্মানমখিলাত্মনাম্।

       অৰ্থাৎ কৃষ্ণক সমস্ত জীৱৰ আত্মা বুলি জানিব। তেনেহ’লে গোপীৰে সৈতে বিহাৰ মানেই কৃষ্ণৰে সৈতে কৃষ্ণৰ বিহাৰ।

আপনি আপন আলাপ।

আপনি পাতিয়া কাণ,
শুনে আপনাৰ গান।

তেওঁ আপোনাৰে সৈতে আপুনি ক্ৰীড়া কৰিছিল আৰু কৰি আছে। তেওঁৰ কোনো [ ৪৩ ] পৰ নাই, সেইদেখি পৰদাৰও নাই। প্ৰেম আৰু আনন্দৰ ক্ৰীড়তে জগৎ তিষ্ঠি আছে। এই প্ৰেম আৰু আনন্দৰ নিত্যলীলা বুজিব পাৰিলেই জীৱৰ সংসাৰৰ পৰা নিবৃত্তি। এই বাবেই শ্ৰীধৰ স্বামীয়ে ৰাসলীলাৰ প্ৰথমতেই কৈছে ̶

       ৰাসক্ৰীড়াবিড়ম্বনং। কামজয়খ্যাপনায়েতি তত্ত্বম্। কিঞ্চ শৃঙ্গাৰ-কথোপদেশেন বিশেষতো নিবৃত্তিপৰেয়ং পঞ্চাধ্যায়ীতি ব্যক্তীকৰিষ্যামঃ।

       ৰাসলীলাত শৃঙ্গাৰ-কথা ছল মাথোন। বাস্তৱিকতে ই নিবৃত্তিপৰ মুক্তিৰ দ্বাৰস্বৰূপ।

       গোপীসকলক পৰদাৰ কৰি লীলা কৰাৰ মানে, এইটো দেখুৱাবলৈ যে সৰ্ব্বত্যাগ নকৰিলে কৃষ্ণক পোৱা নাযায়। গোপীসকলে সৰ্ব্বত্যাগ কৰিছিল, আন কি স্ত্ৰীয়ে পৰিত্যাগ কৰিব নোৱাৰা আৰু নোপোৱা নিজ পতিক পৰিত্যাগ কৰিছিল আৰু কৰিহে ভগৱন্তক পাইছিল- এইটো মানুহক ভালকৈ বুজাই দিবলৈ। যদি ভগৱন্তই গোপীসকলক নিজ পৰিণীতা পত্নী কৰি লীলা কৰিলেহেঁতেন, তেন্তে সাধাৰণ মানুহক, ঈশ্বৰ লাভৰ নিমিত্তে য়ে সৰ্ব্বত্যাগ কৰিব লাগিব এইটো শিক্ষা দিয় নহ'লহেঁতেন, কাৰণ লৌকিক আৰু ব্যৱহাৰিক শাস্ত্ৰমতে ত্যাগ কৰিব নোপোৱা নিজ পতি বাকী থাকি গ'লহেঁতেন। বাস্তৱিকতে ভগৱন্ত সৰ্ব্বময় ̶

মত্তঃ পৰতৰম নান্যং কিঞ্চিদস্তি ধনঞ্জয়। ̶ গীতা

       তেওঁ লীলা কৰিব লাগিলে নিজকে পৰ যেন কৰি লীলা কৰিবই লাগিব। ভগৱন্তই শ্ৰুতিত সেই দেখি কৈছে ̶

তদৈক্ষত বহু স্যাং প্ৰজায়েয়। ̶ ছান্দোগ্য উপনিষদ

       অৰ্থাৎ তেওঁ ইচ্ছা হ'ল যে এক মই বহু হ'ম।

য একোহবৰ্ণো বহুধা শক্তিযোগাৎ।

ৱৰ্ণান্ অনেকান্ নিহিতাৰ্থো দধাতি। ̶ শ্বেতাশ্বেতৰ উপনিষদ

       ;অৰ্থাৎ যি পৰমেশ্বৰ অদ্বিতীয় অবৰ্ণ, তেৱেঁই বিবিধ শক্তিযোগেৰে স্বাৰ্থ নিৰপেক্ষ হৈ নানা বিভাব ধাৰণ কৰে।

       ঈশ্বৰৰ অংশ জীৱই অবিদ্যাত মুগ্ধ হৈ আছে। কিন্তু লীলাপ্ৰিয় আনন্দময় ভগৱন্তই কাকো নাপাহৰে। তেওঁ ধেমালিৰ নিমিত্তে তেওঁৰ অংশ জীৱক পৰ কৰি লৈয়ো বংশীৰ সুমধুৰ ধ্বনিৰে, সুস্বৰ সঙ্গীতেৰে সকলোকে মাতিব লাগিছে-'আহ মোৰ ওচৰলৈ আহ। সকলো পৰিত্যাগ কৰি মোৰ ওচৰলৈ লৰি আহ।' যি সেই আহ্বান শুনিবলৈ পায়, সি সকলো বিনাশী পাৰ্থিব সম্বল পৰিত্যাগ কৰি তেওঁৰ ওচৰলৈ লৰি যায়; যি অবিদ্যা প্ৰাণোদিত হৈ সংসাৰত সৰ্ব্বতোভাৱে মজি অসদাচাৰ অৰ্থাৎ চিন্তা, পাপ আৰু কল্মষেৰে নিজৰ কাণত থিলা দি সেই বংশীধ্বনি নুশুনে, গৃহত থাকিও, পুত্ৰ-দাৰা-পৰিবাৰেৰে পৰিবৃত থাকিও, জীৱনৰ সাংসাৰিক কৰ্ত্তব্য যথোচিতৰূপে পালন কৰিও, পৱিত্ৰ মন, শুদ্ধ চিন্তাৰে বংশীৰ আহ্বান শুনি অন্তৰত পৰমানন্দ পৰমাত্মীয় পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰে সৈতে সততে বিহাৰ কৰে, সি এই নশ্বৰ দেহ পৰিত্যাগ কৰি প্ৰাণবন্ধু কৃষ্ণৰ সামীপ্য লাভ কৰি চিৰানন্দ চিৰশান্তি লাভ কৰে। [ ৪৪ ] এতেকে হে মায়ামুগ্ধ মানৱ! কাতৰ কন্ঠেৰে প্ৰাৰ্থনা কৰা ̶

হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ।

অণু এক কৰা দয়া মায়া হৌক দুৰ।। -- ঘোষা

শ্ৰীকৃষ্ণই নিখিল বিশ্ব লৈ ৰাসক্ৰড়াকে কৰিব লাগিছে। ইয়াৰ আহিৰে তেওঁৰ আন কাৰ্য্য নাই। তেওঁ আপোনাকে পৰ কৰি লৈ ক্ৰীড়া কৰিব লাগিছে; আমি তেওঁৰ মায়াত মুগ্ধ হৈ তেওঁৰ নিজৰ হৈও, অজ্ঞানেৰে সৈতে প্ৰীতি কৰি তেওঁক পৰ ভাবি পৰ হৈ পৰিছোঁ। আমি আমাৰ সৰ্ব্বসাধাৰণ খেলতেই দেখোঁ, যে আমি দুই-চাৰিজন আত্মীয় বন্ধুৰেই সৈতে যেতিয়া কোনো খেল খেলিবলৈ যাওঁ, তেতিয়া তেওঁলোকক পৰস্পৰ প্ৰতিদ্বন্দ্বী বা বিপক্ষ কৰ লওঁ, নহ'লে খেল নহয়, খেলৰ আনন্দ পোৱা নাযায়। কিন্তু সেই বিপক্ষতা, সেই প্ৰতিদ্বন্দ্বিতা খেলৰ সময়ডোখৰৰ নিমিত্তেহে, খেলৰ শেষ হ'লেই আমি আগৰ যেনে আত্মীয় বন্ধু আছিলোঁ সেয়েই আকৌ হওঁ। কিন্তু অনেকে খেলত এনে মত্ত, এনে আত্মবিস্মৃত হয়, যে দ্বন্দ্ব বিবাদ কৰি তেওঁলোকৰ ভিতৰৰ পূৰ্ব্বৰ বন্ধুত্বৰ সম্পৰ্কতো ব্যাঘাত জন্মায়। এতেকে এ ভাই-ভনীসকল! ঈশ্বৰৰ ইচ্ছাত যদিও আমি খেলত বহিবলগীয়া হৈছোঁহক, চাবা যেন এই খন্তেকীয়া খেলকে সৰ্ব্বহ কৰি, তাতে মত্ত হৈ চিৰবন্ধু চিৰনিৰ্ভৰৰ পৰা বিমুখ নহওঁ।

চিৰবন্ধু চিৰনিৰ্ভৰ চিৰশান্তি
       তুমি হে প্ৰভু।
তুমি চিৰমঙ্গল সখা হে, (তোমাৰ জগতে)
       চিৰসঙ্গী চিৰজীৱনে।
চিৰপ্ৰীতি সুধানিৰ্ঝৰ তুমি হে হৃদয়েশ!
       তব জয়-সঙ্গীত ধ্বনিছে, (তোমাৰ জগতে)
       চিৰদিবা চিৰৰজনী।
                             ̶ ৰবীন্দ্ৰনাথ


চাৰি


       শুকদেৱে কৈছে ̶

অনুগ্ৰআয় ভক্তানাং মানুষং দেহমাশ্ৰিতঃ।

ভজতে তাদৃশীঃ ক্ৰীড়া যাঃ শ্ৰুত্বা তৎপৰো ভৱেৎ।।

       অৰ্থাৎ ভগৱন্তই ভক্তসকলক অনুগ্ৰহ কৰিবৰ নিমিত্তে স্বয়ং নৰদেহ ধাৰণ কৰি এনেকুৱা লীলা কৰে, যাক শুনি মানুহ ঈশ্বৰপৰায়ণ হয়।

       ঘোষাত মহাপুৰুষে লেখিছে ̶

পৰম দুৰ্ব্বোধ আত্মতত্ব       তাৰ জ্ঞান অৰ্থে হৰি যত
লীলা অৱতাৰ ধৰা তুমি কৃপাময়।
তাহাৰ চৰিত্ৰ সুধাসিন্ধু       তাত ক্ৰীড়া কৰি দীনবন্ধু

চাৰি পুৰুষাৰ্থ তৃণৰ ৰম কৰয়।।

[ ৪৫ ] গীতাত ভগৱন্তই কৈছে-

যেহপান্যদেৱতা ভক্তা ষজন্তে শ্ৰদ্ধয়ান্বিতাঃ।

তেহপি মামেৱ কৌন্তেয় যজন্ত্যৱিধিপূৰ্ৱ কম্‌।।

       অৰ্থাৎ যি অন্য দেৱতাৰ উপাসনা কৰে, সিও অবিধিপূৰ্ব্বক অৰ্থাৎ আওবাটে মোৰেই উপাসনা কৰে, কাৰণ মোৰ বাহিৰে দেৱতা নাই। যিসকলে ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণ, সূৰ্য্য, গণেশ, লক্ষ্মী, সৰস্বতীৰ উপাসনা কৰে, কাৰণ তেওঁলোক ভগৱন্তৰে ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ। ভগৱন্তৰ বাহিৰে তেওঁলোকৰ অস্তিত্ব নাই। ক্ষুদ্ৰাংশৰ দ্বাৰাই ভগৱন্তৰেই দান। যি যিটো বিচাৰে, ভগৱন্ত কল্পতৰুৱে তেওঁক তাকেই দিয়ে।

কল্পতৰু বৃক্ষ যেন সবাত সমান।

মাগন্তা জনক মাত্ৰ দেয় ফলদান।

সকলো যাচ্‌ঞা আনন্দলিপ্সা প্ৰণোদিত। কিন্তু প্ৰকৃত আনন্দ কি মুগ্ধ জীৱই নাজানে। প্ৰকৃত আনন্দ হৈছে স্বৰূপানন্দ ভগৱন্ত পৰমেশ্বৰ। আনন্দলিপ্সা আৰু পৰমেশ্বৰ লিপ্সা একে কথা। মানুহে ভ্ৰমত পৰি, অবিদ্যাৰ কুহকত, প্ৰকৃত নিত্যানন্দৰ ঠাইত বিনশ্বৰ অনিত্য সংসাৰনন্দকে বিচাৰি মৰে, কিন্তু নশ্বৰ আৰু নকল সংসাৰানন্দই জীৱক প্ৰকৃত শান্তি, প্ৰকৃত আনন্দ দিব নোৱাৰে। সেই বাবে অজ্ঞানান্ধ মনুষ্যক আচল বাট দেখুৱাবলৈ, দুৰ্ব্বোধ আত্মতত্ব জ্ঞান অৰ্থাৎ পৰমাত্মা কি, তাৰ স্বৰূপ কি, আত্মাৰে সৈতে সেই পৰমাত্মাৰ কি সম্বন্ধ আৰু কেনেকৈ সেই পৰমাত্মাক জানিব পাৰি, ইত্যাদি বিষয়ক জ্ঞান মানুহক বুজাবৰ নিমিত্তে ঈশ্বৰে লীলাৱতাৰ ধাৰণ কৰে যাতে মানুহ ঈশ্বৰপৰায়ণ হৈ পৰমানন্দ লাভ কৰিব পৰা হয়। ভগৱন্তই প্ৰকৃত মনুষ্যৰ নিচিনাকৈ লীলা কৰিছিল এই বাবে যে তেওঁক মনুষ্যবোধ কৰিও তেওঁৰ লীলাৰ আলোচনা কৰি, তেওঁৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তন কৰিলে, মানুহে লাহে লাহে ঈশ্বৰৰ ফালে আকৃষ্ট হৈ ঈশ্বৰক জানিব আৰু চিৰানন্দ চিৰশান্তি পাব পাৰিব। যি যি ৰসত অনুৰক্ত, সি ঈশ্বৰৰ সেই ৰসৰ লীলা শ্ৰৱণ-কীৰ্ত্তন কৰি অন্তত ঈশ্বৰক পাব। যি যি ৰসৰ ভিতৰেদি গৈ ঈশ্বৰত অনুৰাগী হ'ব, সি সেই ৰসৰ সহায়তে তেওঁক পাব। উদ্ধৱ-বিদুৰে দাস্য ৰসৰ, অৰ্জ্জুনে সখিত্ব ৰসৰ, কংসই ৰৌদ্ৰ আৰু ভয়ানক ৰসৰ, যশোদাই বাৎসল্য ৰসৰ, গোপীসকলে শৃ্ঙ্গাৰ ৰসৰ ভিতৰেদি তেওঁত একান্ত অনুৰক্ত হৈ তেওঁক পাইছিল। যি শৃঙ্গাৰ ৰসত অনুৰক্ত, তাৰ নিমিত্তে প্ৰাকৃত আচ্ছাদনেৰে আচ্ছাদিত এই ৰাসলীলা ̶

ইটো ৰাসক্ৰীড়া কেলি নামে কামজয়।
কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়।।
আক শুনে ভণ যিটো জনে অবিশ্ৰাম।
বাঢ়িব ভকতি অতি জিনিবকে কাম।। ̶ শঙ্কৰদেৱ
শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি।
আকে শুনি হৌক নিৰ্ম্মল মতি।।
ভকতৰ পদে আপুনি হৰি।

ক্ৰীড়িলা ৰঙ্গে নৰদেহা ধৰি।। ̶ কীৰ্ত্তন

[ ৪৬ ]

ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনে যিটো নৰ।।
কৃষ্ণত ভকতি বাঢ়িবে তাৰ।
কাম-সাগৰ সুখে হৈব পাৰ।।
ইটো কামজয় কৃষ্ণৰ কথা।।
শুনা নৰদেহ নকৰা বৃথা।। ̶ শঙ্কৰদেৱ

যি ৰাসলীলাৰ পৰম নিগুঢ় তত্ত্ব বুজি তাক শ্ৰৱণ-কীৰ্ত্তন কৰে, সি সহজানন্দ ভগৱন্তৰ স্বৰূপানন্দ লাভ কৰিবই। কিন্তু সি শৃঙ্গাৰ ৰসকে পৰমানন্দ জ্ঞান কৰে সিও শৃঙ্গাৰ ৰসৰ লোভত ৰাসলীলা শ্ৰৱণ-কীৰ্ত্তন কৰিলেতো ভৰ-সংসাৰ পাৰ হোৱা যায়েই, কিন্তু তেওঁক নাজানি বা নাভাবি তেওঁৰ নাম ল'লেও ভব-বন্ধন কাটে।

দ্বেষ কৰি শিশুপালে লভিল মুকতি।
বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।।
বিষ বুলি অমৃতক পিলে যিটো নৰ।
নুহিবে কি জানা সিটো অজৰ অমৰ।।
যেন তেন মাত্ৰ স্মৰোক সততে।
এতেকে মুকুতি পাৱে কহিলো বেকতে।। ̶ কীৰ্ত্তন

বেদান্তত আছে ̶

দীপপ্ৰভামণিভ্ৰান্তিৰ্ৱিসংৱাদিভ্ৰঃ স্মৃত।
মণিপ্ৰভামণিভ্ৰান্তিঃ সংৱাদিভ্ৰম উচ্যতে।।
ন লভ্যতে মণিৰ্দীপপ্ৰভাং প্ৰত্যভিধাৱতা।
প্ৰভায়া ধাৱতাৱশ্যং লভ্যেতেৱ মনিৰ্মণেঃ।। ̶ পঞ্চদশী

       অৰ্থা ভ্ৰম দুবিধ ̶ এবিধক সংবাদী বোলে, আনবিধক বিসংবাদী বোলে। দূৰৰপৰা চাকিৰ পোহৰ দেখি তাতে মণিজ্ঞান হ'লে তাক বিসংবাদী ভ্ৰম বোলে, আৰু দূৰৰ পৰা মণিৰ প্ৰভা দেখি তাকে মণিজ্ঞান কৰিলে তাক সংবাদী ভ্ৰম বোলে। কিন্তু দুয়োটা ভ্ৰম নিশ্চয়। যি মণিজ্ঞান কৰি মণি পাবলৈ চাকিৰ পোহৰৰ ফলে লৰ ধৰে সি মণি নাপায়; কিন্তু যি মণিৰ প্ৰভাকে মণিজ্ঞান কৰি সেইফালে লৰে, সি অন্তত মণি পাবই। পৃথিৱীৰ মানুহে নিত্যানন্দ লাভ কৰিবৰ নিমিত্তে বিষয়-সুখৰ ফালে লৰি বিসংবাদী ভ্ৰম কৰিছে, কিন্তু যি পৰমানন্দৰ লোভত ভগৱন্তৰ নৰোচিত প্ৰাকৃত লীলাত তাক বিচাৰিছে, যি শৃঙ্গাৰ ৰসৰ লোভত পাৰ্থিৱ শৃঙ্গাৰ ৰসৰ বহিৰাবৰণেৰে আবৃত লীলাৰ ফালে লৰিছে সি মণিপ্ৰভাত মনি বিচৰাৰ দৰে সংবাদী ভ্ৰম কৰিছে। এই সংবাদী ভ্ৰমৰ শেহফলও ঈশ্বৰলাভ। সি এই কৃষ্ণৰ ৰাসলীলাক প্ৰাকৃত কাৰ্য্য বুলি তাৰ ফালে আকৃষ্ট হৈ তাৰ আলোচনা কৰি কৰি শেহত ঈশ্বৰৰ কৃপাত পৰমাত্মা পৰম বস্তুত লাভ কৰিব পাৰিব। বেদান্তত কৈছে ̶

জ্বৰেণাপ্তঃ সন্নিপাতং ভ্ৰান্ত্যা নাৰায়ণং ৱদন।
মৃতঃ স্বৰ্গমৱপ্নোতি স সংৱাদী ভ্ৰমো মতঃ।। ̶ পঞ্চদশী

অৰ্থাৎ সন্নিপাত জ্বৰৰ প্ৰলাপতো যদি মানুহে নাৰায়ণ নাম উচ্চাৰণ কৰে, সি মৰিলে [ ৪৭ ] স্বৰ্গলৈ যাব; কাৰণ সেইটো তাৰ সংবাদী ভ্ৰম।

       অজামিলে এই সংবাদী ভ্ৰম কৰি নাৰায়ণ বুলি পুতেকক মাতি এই বাবে উদ্ধাৰ পাইছিল।

পুত্ৰ নাম ধৰি, উপহাস্য কৰি
হেলাতো যি বোলে হৰি।
তাহাৰো সমস্ত পাতক দহয়
জানা আৰু নিষ্ঠ কৰি।।
হৰি নামে সৰ্ব্ব পাতক দহয়
জ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে শুকান কাষ্ঠক
অতি অপ্ৰয়াসে পোলে।।
প্ৰমাদত থাকি যিটো হৰি বোলে
সিও সব দু:খ তৰে।
যেন মহৌষধি নাজানি ভুঞ্জিলে
তাৰো গৰ্ভ-ৰোগ হৰে।। ̶ কীৰ্ত্তন

       ঈশ্বৰ ভগৱন্তৰ সকলো লীলাই ছলনাৰে আবৃত। তেও পৃথিৱীত মনুষ্য আকাৰ ধৰি জীৱক কৃপা কৰিবৰ নিমিত্তে নৰোচিত লীলা কৰি কৌশলেৰে নিজৰ স্বৰূপ প্ৰকাশ কৰে। এই বাবেই শুকদেৱে কৈছে-

অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিতঃ।
ভজতে তাদৃশীঃ ক্ৰীড়া যাঃ শ্ৰুত্বা তৎপৰো ভৱেৎ।।

বেদত কৈছে ̶

তমীশানং ৱৰদং দেৱমীডাং নিচাষ্যোমাং শান্তিমত্যন্তমেতি।

                      ̶ শ্বেতাশ্বতৰ উপনিষদ

       অৰ্থাৎ তেও ঈশান বৰদ ঈড়্য (পূজ্য)। তেওঁক জানিলে জীৱই অত্যন্ত শান্তি পায়।

ষমেৱৈষ বৃণুতে তেন লভ্যস্তসৈ্যষ আত্মা ৱিবৃণুতে তনু স্বাম।

                     -কঠোপনিষদ

       অৰ্থাৎ তেওঁ যাক বৰণ কৰে, সিয়েই তেওঁক পায়। তাৰ আগত পৰমাত্মাই নিজ তনু বিবৃত কৰে।

       বেদে কৈছে, তেওঁক নাজানিলে মুক্তিৰ উপায় নাই। অথচ বেদেই কৈছে তেওঁ বাক্যমনৰ অগোচৰ। তেনেহ'লে জীৱই কেনেকৈ মুক্তি পাব? তেওঁ দয়া কৰি সৰু হৈ আমাৰ ক্ষুদ্ৰ হৃদয় ক্ষুদ্ৰ বুদ্ধিৰ গোচৰ নহ'লে আমাৰ উপায় কি? তেওঁ দয়াময়, ভক্তক অনুগ্ৰহকাৰী; সেইদেখি তেওঁ 'অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিত; সেইদেখি তেওঁৰ কৃষ্ণাৱতাৰ কৃষ্ণলীলা। সেইদেখি তেওঁ ভক্ত গোপীক বৰণ কৰিছিল আৰু সেইদেখি গোপীসকলে তেওঁক পালে। সেইদেখি তেওঁ নিজে তনু ধৰি বৃন্দাবনত প্ৰকাশিত। [ ৪৮ ]

তস্যৈক্ষ আত্মা বিবৃণুতে তনু স্বাম। (ব্ৰহ্ম বা পৰমেশ্বৰ অক্ষেয়।)

ন সংদৃশে তিষ্ঠতি ৰূপমস্য ন চক্ষুষা পশ্যতি কশ্চনৈনম্। — কঠোপনিষদ

       অৰ্থাৎ তেওঁৰ ৰূপ দৃষ্টিৰ গোচৰ নহয় ; চকুৰে কোনেও তেওঁক দেখিবলৈ নাপায়। নৈনদ দেৱা আগুৱন পূৰ্বমৰ্ষৎ’ (ঈশোপনিষদ) অৰ্থাৎ ইন্দ্ৰিয়বোৰে তেওঁৰ লগ ধৰিব নোৱাৰে। তেওঁ সদায় সেইবোৰৰ পূৰ্ব্বগামী। 'ন চক্ষুষা গুহ্যতে নাপি ৱাচা নান্যদেবৈস্তপসা কৰ্ম্মণা ৱা'। (মুণ্ডকোপনিষদ) অৰ্থাৎ তেওঁ চকুৰ গ্ৰাহ্য নহয়, বাক্যৰ গ্ৰাহ্য নহয়, ইন্দ্ৰিয়ৰ গ্ৰাহ্য নহয়, তপস্যা বা কৰ্ম্মৰ গ্ৰাহ্য নহয়। 'নৈৱা ৱাচা ন মনসা প্ৰাপ্তুং শকো ন চক্ষুষা।' (কঠ) অৰ্থাৎ বাক্য-মন, চক্ষু একোৰে তেওঁ প্ৰাপ্য নহয়। পৰমেশ্বৰ যদি এনেকুৱা, তেন্তে জীৱই তেওঁক কেনেকৈ জানিব? অথচ তেওঁক নাজানিলে জীৱৰ তৰিবৰ আন একো উপায় নাই। তেন্তে এই দেখি দয়াময় ঈশ্বৰ অমূৰ্ত্ত অতীন্দ্ৰিয় হৈও ভক্তক অনুগ্ৰহ কৰিবৰ নিমিত্তে, জীৱক তৰণৰ উপায় দিবৰ নিমিত্তে,

কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
যিটো ব্ৰহ্ম নোহে তৰ্ক-গোচৰ।
নপাৱে বচনে মনে ওচৰ। নাহি উতপতি নাহি মৰণ।
ব্ৰহ্মায়ো নজানে যাৰ মহিমা। চাৰি বেদে কহি নাপাৰে সীমা।.
সুনন্দ আদি যত গোপীগণ।
চিন্তিও নেদেখে যাৰ চৰণ।।
হেন পৰমব্ৰহ্ম যশোদা-সুত।

ভৈলন্ত কিনো আতি অদভুত। (কীৰ্ত্তন)

       এয়ে তেওঁৰ অনুগ্ৰহ। তেওঁ নিগুণ, অনন্ত, ভূম, বাক্য মনৰ অতীত। এনেজনক আমি কেনেকৈ জানিম, কেনেকৈ পাম? দয়াময় তেওঁ সেইদেখি নিজক ক্ষুদ্ৰ কৰি, নন্দৰ ব্ৰজত আমাৰ ক্ষুদ্ৰ বুদ্ধিয়ে ধৰিব পৰা হ’ল। তেওঁ পৰিমিত হৈ আনন্দঘন মূৰ্ত্তিৰে আবিৰ্ভাৱ হল, যাতে তেওঁৰ ভক্ত গোপ-গোপীয়ে তেওঁক আলিঙ্গন কৰি তৃপ্তি লভিব পাৰে। হে কৰুণাময় ! হে ভূমা ! হে অনন্ত ! তুমি। ভক্তৰ কাতৰ আহ্বানত দয়াৰ্দ্ৰ হৈ মানুষী তনু স্বীকাৰ কৰি ভক্তক কৃপা কৰিলা।

সদায়ে প্ৰণামো তৱ চৰণ। (কীৰ্ত্তন)

শুকদেৱে পৰীক্ষিতক আৰু ক’লে –

নাসুয়ন খলু কৃষ্ণায় মোহিত্যস্তস্য মায়য়া।

মন্যমনঃ স্বপাৰ্শ্বস্থান স্বান স্বান দাবান ব্ৰজৌকসঃ।

       অৰ্থাৎ –

মোহিলা গোপক কৃষ্ণৰ মায়া।
কাষতে আছে দেখে নিজ জায়া।

নকৰে অসূয়া কৃষ্ণক কেৱ।

[ ৪৯ ]

জগত ঈশ হেন কৃষ্ণ দেৱ।। ̶ কীৰ্ত্তন
      যশোদায়ো তৈত পুত্ৰক দেখন্ত

              শয্যাত আছয় শুতি। ̶ দশম

       এইবাৰ আচল তত্ত্ব ওলাল। ঈশ্বৰৰ অচিন্ত্য শক্তিৰ বিষয়ে কথা প্ৰকাশ হৈ পৰিল। ৰাস পঞ্চাদ্যায়ৰ গুৰিতে এইদেখি শুকদেৱে কৈছিল-- 'ৰন্তুং মনশ্চক্ৰে যোগ যোগামায়ামূপাশ্ৰিতঃ।' অৰ্থাত্ যোগমায়া নামেৰে তেওঁৰ অচিন্তা শক্তিক তেওঁ আশ্ৰয় কৰি বিহাৰ কৰিবলৈ ইচ্ছা কৰিলে। যিসকল গোপীক লৈ তেওঁ বৃন্দাবনত ৰাসলীলা কৰিলে, সেইসকল গোপী তেওঁলোকৰ পতি-পুত্ৰাদিৰে সৈতে সেই সময়ৰ ঘৰতে আছিল। যশোদায়ো দেখিচিল কৃষ্ণ তেওঁৰ কাষতে শুই আছে। স্পষ্ট দেখা গৈছে যে এই ৰাসলীলা জীৱাত্মাৰে সৈতে পৰমাত্মা শ্ৰীকৃষ্ণৰ লীলা। জীৱাত্মাৰে সৈতে পৰমাত্মা পৰম ব্ৰহ্মৰ যি নিত্য লীলা অনাদি অনন্তকাল চলি আহিছে, সেই লীলাৰ আভাস মানুহক বুজাবৰ নিমিত্তে মায়াৰ দ্বাৰাই মনুষ্য দেহ ধৰি পৰম ব্ৰহ্ম কৃষ্ণৰ বৃন্দাবনত গোপীসকলৰে সৈতে এই ৰাসলীলা। গোপীসকলৰ পাৰ্থিৱ দেহ পাৰ্থিব সম্বন্ধযুক্ত পাৰ্থিব পতিৰ কাষতে পৰি ৰ'ল। পাৰ্থিব পতিয়ে সেই পাৰ্থিব শৰীৰময় পত্নীক কাষতে পাই নিশ্চিন্ত। তেওঁলোকৰ মনত অসূয়া জন্মা নাই, জন্মিবৰ কাৰণো নাই। কিন্তু গোপীসকলৰ জীৱাত্মা, মন বুদ্ধি, চিত্ত, চিন্ময় দেহ, অনাবৃত পৰম ব্ৰহ্ম পতিৰ পতি শ্ৰীকৃষ্ণৰ কাষত বৃন্দাবনত। মানুহে সামাজিক, সাংসাৰিক বিধি ৰক্ষা কৰিও সমাজ আৰু সাংসাৰিক সম্বন্ধবোৰত গণ্ডগোল নলগায়ো (যদিও সেইবোৰ ক্ষণস্থায়ী আৰু অকিঞ্চিত্কৰ) যে ঈশ্বৰৰ সাধনা কৰি আত্মাৰাম পৰমাত্মা পৰম ব্ৰহ্মৰে সৈতে ৰমণ কৰি কৰি চিৰানন্দ চিৰশান্তি লাভ কৰিব পাৰে, এই ৰাসলীলাত শ্ৰীকৃষ্ণই তাকেহে অভিনয় কৰি বিশদ ব্যাখ্যা কৰি দেখুৱালে।

       গোপীসকলে বংশীধ্বনি শুনি পতি-পুত্ৰাদি সাংসাৰিক বন্ধন এৰি শ্ৰীকৃষ্ণৰ কাষলৈ আহোঁতে প্ৰথমতে সেই পাৰ্থিব সম্বন্ধৰ বন্ধনবোৰৰ পৰা মহা প্ৰতিবন্ধক পাইছিল, কিন্তু সেই প্ৰতিবন্ধকবোৰ নামানি ঈশ্বৰৰ ওচৰলৈ আহিলত, সেই সম্বন্ধৰ বন্ধনবোৰ শান্ত হ'ল, কাৰণ কাৰ্য্যত সেই পতিনামৰ পাৰ্থিৱ সম্বন্ধবোৰে ঈশ্বৰ কৃষ্ণৰ ইচ্ছাত পাৰ্থিৱ সম্বন্ধেৰে নিজৰ হোৱা পাৰ্থিৱ দেহী পত্নীক কাষতে পাই আছিল। ভক্ত সাধকে ঈশ্বৰ লাভৰ নিমিত্তে যে সকলো সাংসাৰিক কৰ্ত্তব্য কাৰ্য্যত বৈৰাগ' আশ্ৰয় কৰি সন্ন্যাসী হ'বৰ অৱশ্যক নাই, তাকেহে এই ৰাসলীলাৰ তাত্পৰ্য্যই বিশদ কৰি বুজিলে। সংসাৰত থাকিও নিৰ্লিপ্ত হৈ, বাক্য-মন-বুদ্ধিক একান্তভাৱে কৃষ্ণত নিবিষ্ট কৰি পৰমাত্মা শ্ৰীকৃষ্ণক পাব যে পাৰি এই সত্য ইয়াৰ দ্বাৰাই প্ৰকাশিত হ'ল। শ্ৰীশঙ্কৰদেৱে এই বাবেই গৃহস্থী হৈ গৃহতে থাকি শ্ৰীকৃষ্ণক ভজনা কৰিবৰ উপদেশ বাৰে বাৰে দিছিল আৰু আৰ্হিৰে নিজেও তাকে কৰি দেখুৱাইছিল আৰু সেই বাবেই তেওঁ সন্ন্যাসী ধৰ্ম্ম আৰু সন্ন্যাসাশ্ৰমৰ বিৰোধী আছিল।

<Poem>অন্তৰত এই ঈশ্বৰক       বাহিৰত নানা দেখিয়োক অন্তৰত বোধ বাহিৰত জড়প্ৰায়।

বুদ্ধিত সমস্ত ত্যজিয়োক   বাহিৰত সঙ্গ দেখায়োক; [ ৫০ ]
এহিভাৱে ৰাম লোকত ফুৰা বেড়াই। - ঘোষা

       বাস্তৱিক ঈশ্বৰসাধকৰ যিকেইটা অৱস্থা (stage) তাকেহে আত্মা-পৰমাত্মাৰ ৰমণ, প্ৰকৃতি-পুৰুষৰ লীলা, এই ৰাসলীলাত পৰিস্ফুট কৰি দেখুওৱা হৈছে। ই অশ্লীলতা-গন্ধেৰে কলুষিত হোৱাটো দূৰৰ কথা, শ্ৰুতিপ্ৰতিপাদিত সাধক ভক্ত আৰু পৰমাত্মা ঈশ্বৰৰ নিগূঢ় তত্ব প্ৰকাশহে। বাস্তৱিকতে চিদ্গোপীসকলেহে চিদানন্দঘনবিগ্ৰহ শ্ৰীকৃষ্ণৰ হৈতে বিন্দাবনত ক্ৰীড়া কৰিছিল। মায়া গোপী সকল নিজ নিজ ঘৰত নিজ নিজ পতিৰ কাষতে আছিল। দূৰস্থিত কোনো এক বস্তুত যেতিয়া আমি হৃদয়, মন, চিত্ত, বুদ্ধি সমৰ্পন কৰি ঘৰতে বহি থাকোঁ, তেতিয়া অস্থমাংসময় মায়াদেহহে ঘৰতে থাকে আৰু সেই জড়দেহৰ তেতিয় সমন্ধ চতুঃপাৰ্শস্থিত জড় পদাৰ্থৰেহে সৈতে; প্ৰকৃত মনুষ্য সুদূৰত। আমাৰ আত্মিয়স্বজনে তেতিয়া নিজৰ ঘৰত থাকেহে আমাক দেখে, কিন্তু বাস্তৱিকতে চিন্ময় আমি সেই সুদূৰ ক'ৰবাতহে। ভক্ত সাধকৰো এনেকুৱাই হয়। তেওঁৰ অস্থিমাংসময় পাৰ্থিৱ মায়াদেহ প্ৰাকৃত সংসাৰত আত্মিয় বন্ধুসকলৰ কাষতে থাকে, কিন্তু আত্মা, অপ্ৰাকৃত চেতন্যদেহ সচ্চিদানন্দ ঈশ্বৰৰ সেৱা আৰু ঈশ্বৰৰ সৈতে ক্ৰীড়াত নিমগ্ন। ৰাসলীলাত ভক্ত সাধকৰ চৰম অৱস্থা প্ৰদৰ্শন আৰু সাধন-ভজন অতি ওখ অথচ সহজ উপদেশ প্ৰদান। এনে ৰাসলীলাও যদি অশ্লীল তেন্তে শ্লীল কি ক'ব নোৱাৰোঁ।

       গোপী সকলৰ স্বামী সকলে দেখিলে- নিজৰ স্ত্ৰী নিজৰ কাষতে। শ্ৰীকৃষ্ণৰ প্ৰতি কোনো অসূয়া তেওঁলোকৰ নজন্মিল। শ্ৰীকৃষ্ণৰ গাত তেওঁলোকে কোনো দোষাৰোপ নকৰিলে আৰু কৰিবৰ কাৰণো নাপালে। অথচ বাহিৰা মানুহে ভাৱিলে শ্ৰীকৃষ্ণই পৰদাৰালৈ ক্ৰীড়া কৰিছে। ইয়াতকৈ আচৰিত কথা কি আছে? শুকদেৱে সেই দেখি ঠিক কথাকে কৈছে,-

নৈতত সমাচৰেজ্জাতু মনসাপী হানিশ্বৰঃ।

ৱিনশ্যত্যাচৰন্ মৌঢ়্যাদ্ যথাৰুদোহব্ধিজং ৱিষম্।।

       শ্ৰীধৰ স্বামীয়েই সেইদেখি টীকাত ভাৱাৰ্থ প্ৰকাশ কৰিছে -

এৱম্ভুতৈশ্বচৰ্য্যান্যভাৱে তথা কুৰ্ৱন্তঃ পাপা জ্ঞেয়া ইতি ভাৱঃ।

       অৰ্থাৎ যাৰ এনেকুৱা ক্ষমতা নাই, সি এনে কৰিলে পাপী হ'ব। অখিল সংসাৰৰ অধিপতি, আত্মাৰাম, সাক্ষাতন্মন্মথমন্মথ শ্ৰীকৃষ্ণৰ পাপৰ আশঙ্কা নাই।

ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ
একান্ত চিত্তে শুনে যিটো নৰ।
কৃষ্ণত ভকতি বাঢ়িবে তাৰ

কাম-সাগৰ সুখে হৈব পাৰ।। - শ্ৰীশঙ্কৰদেৱ


পাঁচ

       বৃন্দাবনৰ গোপীসকলে শ্ৰীকৃষ্ণক যেনেকৈ পাবৰ নিমিত্তে ব্যাকুল হৈছিল, সেইটো জ্ঞানী আৰু যোগীৰো দূৰ্ল্লভ। তেওঁলোকে ঈশ্বৰক পতিভাৱে পাবলৈ তীব্ৰ [ ৫১ ] আকাঙ্ক্ষা কৰিছিল। কল্পতৰু ঈশ্বৰে তেওঁলোকৰ আকাঙক্ষা পূৰণ কৰিলে। তেওঁ গীতাত নিজ মুখেৰেই কৈছে, ̶ 'যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্।' বাস্তৱিকতে যি তেওঁৰ ওচৰত যিহকে বিচাৰে, তেওঁ তাক তাকেই দিয়ে। যি ধন-জন-ঐশ্বৰ্য্য-বিভূতি বিচাৰে, তেওঁ সেইবোৰ তাক দিয়ে, যি স্বৰ্গসুখ বিচাৰে সেইটো তেওঁ তাক দিয়ে। যি ক্ষণিক পাৰ্থিৱ সুখ আৰু ক্ষয়শীল স্বৰ্গসুখ নিবিচাৰি মুক্তিসুখ বিচাৰে, তাক তেওঁ মুক্তিসুখ দিয়ে আৰু যি একান্ত ভকতে এইোবৰ একোকে নিবিচাৰি আৰু মুকুতিসুখকো পৰিত্যাগ কৰি তেওঁৰ চৰণসেৱা-সুখ বিচাৰে, তাক তেওঁ তাকে দিয়ে। অৱশ্যে বিচৰা মানে, বাক্যেৰে বা ক্ষন্তেকীয়া উত্তেজনা বা আকাঙক্ষাত পৰি অথচ অন্তৰৰ নিভৃত স্থলত আন সুখৰ বাসনাৰ ক্ষীণ বা প্ৰবল প্ৰভা ৰাখি বিচৰাটো নহয়; এই বিচৰা কায়মনোবাক্যে সকলো পাৰ্থিৱ সুখৰ বাসনা পৰিত্যাগ কৰি অভিলষিত পৰম বস্তু পাবৰ নিমিত্তে ব্যাকুল আকাঙ্ক্ষাৰ ব্যাকুল সাধনা। ঈশ্বৰ অনন্তৰ্য্যামী। আমাৰ অন্তৰত তেওঁক পাবলৈ ব্যাকুলতা আছে নে নাই; তেওঁক পাবৰ প্ৰাৰ্থনাত সংসাৰৰ সুখৰ বাসনাৰ ছাট মিহলি হৈ আছে নে নাই তেওঁ জানে; সেইদেখি আমি মিশ্ৰিত ভাব, মিশ্ৰিত বাসনা ৰাখি তেওঁক পাবলৈ বাঞ্ছা কৰিও কৃতকাৰ্য্য নহওঁ। ব্ৰজৰ গোপীসকলৰ ঈশ্বৰ লাভৰ বাসনা, ঈশ্বৰক সৰ্ব্বতোভাৱে পৰিৰূপে পাবৰ আকাঙ্ক্ষা বিশুদ্ধ, তীব্ৰ আৰু অবিমিশ্ৰ; সেইবাবে ঈশ্বৰে তেওঁলোকৰ কামনা পূৰ্ণ কৰিলে। গোপীসকলে সকলো পৰিত্যাগ কৰি, সৌকিক বৈদিক সকলো বিধি নিষেধ পৰিহাৰ কৰি, তিৰোতাৰ অত্যাজ্য পাৰ্থিৱ পৰি আৰু অত্যাজ্য লাভ পৰ্য্যন্ত পৰিহাৰ কৰি পৰম পতিক বৰণ কৰিলে দেখি পৰম পতি পৰমেশ্বৰে তেওঁলোকক গ্ৰহণ কৰিলে। ভক্ত গোপীৰ পৰমবস্ত লাভ কৰিবৰ নিমিত্তে পাৰ্থিৱ শ্ৰুদ্ৰ বস্তু, ক্ষুদ্ৰ সম্বন্ধ ত্যাগ আৰু সেই পৰমবস্তু লাভৰ নিমিত্তে ব্যাকুলতা দেখি ভগৱন্তই 'ৰন্তুং মনশ্চক্ৰে যোগমায়ামূ-পাশ্ৰিতঃ।' ভক্তবত্সল ভগৱন্তই পতিভাৱেই গোপীসকলৰ প্ৰাথিত বস্তু দান কৰিলে। আত্মাৰাম কৃষ্ণৰ আনত ৰমণৰ কোনো আৱস্যকতা নাই, কিন্তু শৰণাগত জীৱৰ অভিলাষ পূৰ্ণ কৰাই হৈছে তেওঁৰ আনন্দাস্বাদন অৰ্থাত্ ৰমণ। এই ৰমণত পাৰ্থিৱ স্ত্ৰী-পুৰুষৰ ৰমণৰ নিচিনা বাহ্যক্ৰিয়া নাই আৰু তাৰ আৱশ্যকতা নাই। আত্মাৰাম পৰমব্ৰহ্মৰ ৰমণৰ নিমিত্তে কামিনী নামৰ দ্বিতীয় বস্তুৰ প্ৰয়োজন নাই। যোগমায়াক আশ্ৰয় কৰি তেওঁ তেওঁৰ এই ৰাসক্ৰীড়াক ৰতিক্ৰীড়াৰ নিচিনা দেখুৱাছিল মাথোন। তেওঁ গীতাত নিজ মুখেই কৈছে 'নাহং প্ৰকাশঃ সৰ্ব্বস্য যোগমায়াসমাবৃতঃ।' অৰ্থাত মই যোগমায়াৰে আবৃত থাকোঁ দেখি মোক সকলোৱে দেখিবলৈ নাপায়। বহিৰঙ্গ মানুহৰ প্ৰতীতিৰ নিমিত্তেই ঈশ্বৰে যোগমায়াক আশ্ৰয় কৰি তেনেকৈ দেখুৱাইছিল। যাৰ শৃঙ্গাৰ ৰসত ৰতি আছে, সি আন নহ'লে সেই ৰসৰ আকৰ্ষণতে ঈশ্বৰৰ পৰমতত্ত্ব নিত্যলীলা বুজিবৰ, শুনিবৰ আৰু কীৰ্ত্তন কৰিবৰ ফালে যাতে আহে, এই নিমিত্তে এই ক্ৰিয়াত চিত্তাকৰ্ষক প্ৰাকৃত শৃঙ্গাৰ ৰসৰ আবৰণ। দয়াময় তেওঁ কত উপায়েৰে চিত্তাকৰ্ষক প্ৰাকৃত শৃঙ্গাৰ ৰসৰ আৱৰণ। দয়াময় তেওঁ কত উপায়েৰে সংসাৰতাপক্লিষ্ট জীৱক সুমধুৰ বংশীধ্বনিৰে মাতিব লাগিচে, কিন্তু সংসাৰ বিষেৰে জৰ্জ্জৰিত জীৱই বিষয়-অপথ্য খাই কলা হৈ [ ৫২ ] বহি আছে, সেই আহ্বানলৈ তাৰ কাণ নাযায়। শৃঙ্গাৰ ৰসৰ লোভতে এই মুগ্ধ জীৱই কৃষ্ণকথা শুনি, ভণি তেওঁৰ ফালে আকৃষ্ট হৈ যাতে উদ্ধাৰ পায় তাৰ নিমিত্তে এই মহৌষধিত পাৰ্থিৱ শৃঙ্গাৰ ৰস-ৰূপ চেনিৰ আৱৰণ। কিজানি গোপীসকলৰ কৃষ্ণৰ ফালে প্ৰথম আকৰ্ষণত কামৰ ছাট আছিল কিন্তু এই আকৰ্ষণেই টানি অনতিবিলম্বে তেওঁলোকক কৃষ্ণপ্ৰেমৰ অনন্ত সমুদ্ৰত পেলাই দিলে। তেওঁলোকে কৃষ্ণৰ কৃপাত কামৰোগৰ পৰা মুক্ত হৈ প্ৰেমানন্দত নিমগ্ন হ'ল। কামতে পৰি থাকিলে মুক্ত বা মুকলি ক'ত? কাম যে পেঁচ থকা 'স্ক্ৰু', তাত যত ঘূৰিবা তত তললৈ সোমাবা। তাত তৃপ্তি আৰু পূৰ্ণতা নাই। আছে তাত অতৃপ্তি, অশান্তি আৰু বিষাদ। সেই বাবেই ভগৱন্তই গীতাত কৈছে ̶

কাম এষ ক্ৰোধ এষ ৰজোঘুণসমুদ্ভৱঃ।
মহাশনো মহাপাপমা বিদ্ধোনমিহ ৱৈৰিণম্।।
আবৃতং জ্ঞানমেতেনে জ্ঞানিনো নিত্যৱৈৰিণা।

কামৰূপেণ কৌন্তেয় দুষ্পূৰেণানলেন চ।।

অৰ্থাৎ কাম ৰজোগুণোদ্ভৱ কৃষ্ণসৰ্পৰ নিচিনা। কেতিয়াবা সি ক্ৰোধৰ ৰূপ ধৰি আহে। কাম দুষ্পূৰ মহাপাপ; তাৰ সমান অৰি নাই। কাম দুষ্পূৰ অগ্নিৰ সমান, তাৰ তৃষ্ণা কেতিয়াও নপলায়। এই বাবেই শ্ৰীধৰ স্বামীয়ে টীকাত কৈছে ̶

ব্ৰহ্মাদিজয়সংৰূঢ়দৰ্পকন্দৰ্পদৰ্পহা।
জয়তি শ্ৰীপতিৰ্গোপীৰাসমণ্ডলমণ্ডিতঃ।।

কন্দৰ্পজেতৃত্বপ্ৰতীতেৰ্মৈৱং-সাক্ষান্মন্মথমন্মথঃ।।

       আৰু এই বাবেই শুকদেৱে নিজেই কৈছে ̶

কামং হৃদ্ৰোগমাশ্বপহিনোত্যচিৰেণ ধীৰঃ।

       প্ৰেম নিত্য, অপ্ৰাকৃত আৰু আনন্দ বিষয়ক; কাম আগন্তুক, প্ৰাকৃত আৰু পদাৰ্থ বিষয়ক। প্ৰাকৃত পদাৰ্থত আনন্দ নাই। জীৱ মোহমায়াত পৰ তাত আনন্দ বিচাৰি হায়ৰাণ হয়। যদি সৌভাগ্যৰ বলত জীৱৰ এই মোহ দূৰ হয়, তেতিয়া তেওঁ প্ৰকৃত আনন্দৰ ফালে ধাবমান হয়। তেতিয়া জীৱই বুজিব পাৰে যে অস্তি-মাংস মেদ মজ্জাময় দেহত আনন্দ নাই; আনন্দঘন শ্ৰীকৃষ্ণৰ আনন্দ সমুদ্ৰত বুৰিব পাৰিলেহে আনন্দ। এই আনন্দ সমুদ্ৰত বুৰিবৰ নিমিত্তে জীৱৰ যি ব্যাকুলতা, সেই ব্যাকুলতাই প্ৰেম। মানুহক সেই প্ৰেম প্ৰদৰ্শন কৰাই প্ৰেমময়ে তেওঁৰ ফাললৈ লৈ যাবৰ নিমিত্তে গোপীসকলক নিমিত্ত মাত্ৰ কৰি সাক্ষাৎমন্মথ-মন্মথ তেওঁৰ বৃন্দাবনত এই ৰাসলীলা।

       ভগৱন্তক পতিভাৱে পোৱাটো জ্ঞানী আৰু যোগীৰো দুৰ্ল্লভ বুলি ওপৰত কোৱা হৈছে। জ্ঞানী-যোগীয়ে পৰমেশ্বৰত মিলি তদাকাৰ হোৱাটোৱেই কামনা কৰে। কিন্তু ভক্তই নিজৰ অস্তিত্ব নেহেৰুৱাই (যদিও জীৱ তেওঁৰে অংশই) তেওঁক ন বিধ ভক্তিৰে সেৱা কৰি তেওঁৰ প্ৰীতি সম্পাদন কৰি নিত্যানন্দ আস্বাদন কৰিবলৈহে একমাত্ৰ আকাঙ্ক্ষা কৰে। সাধাৰণতঃ দেখা যায় জীৱমাত্ৰকৰে চিৰকাল থাকিবৰ প্ৰথান ইচ্চা, নিজৰ অস্তিত্ব জীৱই হেৰুৱাব নোখোজে। নিৰ্ব্বাহ স্বাভাৱিক বাসনা নহয়। জীৱৰ যদি এই চিৰকাল থাকিবৰ বাসনা পূৰাব নোৱাৰা বস্তু হ'লহেঁতেন, তেন্তে [ ৫৩ ] কল্পতৰু দয়াময়ে সেই বাসনা বা ইচ্চা জীৱৰ অন্তৰত কেতিয়াও প্ৰোথিত কৰি নিদিলেহেঁতেন। এতেকে এইটো আমি সিদ্ধান্ত কৰিব পাৰোঁ যে সাধাৰণতঃ জীৱ যিটো একান্ত ইচ্ছা সেইটো জীৱৰ নিশ্চয় অন্তত পাওনা অৰ্থাৎ শেহত সেইটো তেওঁ পাবই। গোপীসকলে আত্মসত্তা নেহেৰুৱাকৈ ঈশ্বৰক পতিভাৱে লাভা কৰি চিৰকাল নিত্যানন্দ আস্বাদন কৰিবলৈকে ব্যাকুল হৈচিল আৰু ভক্তবত্সল শ্ৰীকৃষ্ণই তেওঁলোকক তাকে দিবলৈ ইচ্ছা কৰি বংশীধ্বনিৰে মাতি আনিছিল। এই বাবে কোৱা হৈছে "ৰন্তুং মনশ্চক্ৰে।"

       ঈশ্বৰলাভৰ বাট বৰ দুৰ্গম। কঠোৰ সাধনা নকৰিলে 'দুৰ্ল্লভ ঈশ্বৰ-লাভ' নহয়। বেদত কৈছে-

এষ সৰ্ৱেষু ভূতেষু গূঢ়োই হত্মা ন প্ৰকাশতে
দৃশ্যতে ত্বগ্ৰ্যয়া বুদ্ধ্যা সূক্ষ্ময়া সূক্ষ্মাদৰ্শিভিঃ।। (কঠোপনিষদ)
       অৰ্থাৎ এই আত্মা সৰ্ব্বভূতত প্ৰচ্ছন্ন আছে, প্ৰকাশ নাপায় কিন্তু
সূক্ষ্মদৰ্শীসকলে এওঁক সুতীক্ষ্ণ বুদ্ধিৰে দৰ্শন কৰে।
       অপি সংৰাধনে প্ৰত্যক্ষানুমানাভ্যাম্। (ব্ৰহ্মসূত্ৰ)
       অৰ্থাৎ সংৰাধনৰ সময়ত তেওঁ দৃষ্ট হয়, শ্ৰুতি-স্মৃতি ঈয়াৰ প্ৰমাণ।
সংৰাধন অৰ্থ ভক্তি, ধ্যান, প্ৰণিধান ইত্যাদিৰ অনুষ্ঠান।
       সংসাৰসাধনাকালে পশ্যন্তি যোগিনঃ। সংৰাধনং চ
ভক্তিধ্যানপ্ৰণিধানাদ্যনুষ্ঠানম্।। (শঙ্কৰভাষ্য)
       কঠোপনিষদত কৈছে--
           পৰাঞ্চি খানি ব্যতৃণং স্বয়ম্ভূস্তস্মাৎ পৰাক্ পশ্যতি নান্তৰাত্মন্।

           কশ্চিদ্ধীৰঃ প্ৰত্যগান্তানমৈক্ষদাবৃত্তচক্ষুৰমৃতত্বমিচ্ছন্।।

       অৰ্থাৎ স্বয়ম্ভূ ভগৱন্তই ইন্দ্ৰিয়বোৰক বহিৰ্ম্মুখ কৰিছে, সেই বাবে জীৱ সকলে বহিৰ্ব্বিষয়হে দেকে, অন্তৰকাত্মাক দেখিবলৈ নাপায়। কিন্তু কোনো ধীৰ লোকে অমৰত্বক ইচ্ছা কৰি আবৃতচক্ষু হৈযো বহিৰ্ব্বিষয়ৰপৰা ইন্দ্ৰয়বোৰক প্ৰত্যাহাৰ কৰি পৰমাত্মাক দৰ্শন কৰে। ঈশ্বৰলাভৰ এই দুৰ্গম বাটক অল্পবুদ্ধি মানুহৰ নিমিত্তে সুগম কৰিবলৈ ঈশ্বৰে নানা অৱতাৰ ধৰি নিজক প্ৰকাশ কৰে। গীতাত ঈশ্বৰে সেইদেখি "যদা যদা হি ধৰ্ম্মস্য" এই শ্লোকেৰে নিজৰ অৱতাৰৰ হেতু প্ৰকাশ কৰিছে। মহাভাৰতৰ বনপৰ্ব্বতো ঠিক এনেকুৱা শ্লোক এটা আছে-

যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত।
অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৃজাম্যহম্।।

প্ৰৱিষ্টো মানুষং দেহং সৰ্বং প্ৰশময়াম্যহম।।

       বেদান্তৰ শৰীৰক ভাষ্যত আছে--"পৰমেশ্বৰস্যাপীচ্ছাৱশান্মায়ামং ৰূপং সাধকানুগ্ৰহাৰ্থম্।।"

পৰম দুৰ্ব্বোধ আত্ম-তত্ত্ব       তাৰ জ্ঞান অৰ্থে হৰি যত

লীলা-অৱতাৰ ধৰা তুমি কৃপাময়। (ঘোষা)

যেনেকুৱা কালত ধৰ্ম্মৰ যেনেকুৱা গ্লানি উপস্থিত হয় সেই কালৰ উপযোগী মূৰ্ত্তি





</Poem> [ ৫৪ ] ঈশ্বৰে গ্ৰহণ কৰি তেওঁৰ কাৰ্য্য সিদ্ধি কৰি জীৱৰ প্ৰতি অনুগ্ৰহ কৰে। ৰসাতলৰ পৰা পৃথিৱী উদ্ধাৰ কৰিবলৈ বৰাহ মূৰ্ত্তি, বৈদিক যাগ-যজ্ঞাদিত পশু বধ আদি হিংসা ধৰ্ম্মৰ প্ৰতিৰোধ কৰিবৰ নিমিত্তে বুদ্ধ মূৰ্ত্তি ইত্যাদি।

        লোমকান্য, বেদবিদ্, প্ৰগাঢ় পণ্ডিত তিলকৰ মৃত্যুৰ আগতে, তেওঁৰ শেষ উচ্চাৰিত কথা, গীতাৰ সেই সুবিদিত শ্লোক- "যদা যদা হি ধৰ্ম্মস্য"। শ্ৰীমদ্ভাগৱতত এই কথা অনেক বাৰ অনেক ঠাইত কোৱা হৈছে। নৱম স্কন্ধৰ অন্তত শুকদেৱে ইয়াকে কৈছে। আৰু কৈছে- "হে ৰাজন্! নচেৎ যিজন মায়াৰ নিয়ন্তা, সঙ্গবিহীন, সৰ্ব্বসাক্ষী আৰু সৰ্ব্বগত, তেওঁৰ মায়াবিনোদ ব্যতিৰেকে জন্ম অথবা কৰ্ম্মৰ হেতু আৰু কি হ'ব পাৰে? তেওঁৰ মায়া -চেষ্টা জীৱৰ পক্ষে অনুগ্ৰহ স্বৰূপ; কাৰণ সেয়ে সৃষ্টি স্থিতি-প্ৰলয়ৰ নিদান, তাৰ দ্বাৰাই সৃষ্টি প্ৰভৃতি নিবৃত্তি হোৱাত জীৱৰ পক্ষে সি মোক্ষৰ কাৰণ হয়। ৰাজন্! ভগৱন্ত সৰ্ব্বশক্তিমান। যদিও সঙ্কল্প মাত্ৰকতে তেওঁ ভূভাৰ হৰণ কৰিব সমৰ্থ, তথাপি কলিযুগত যিসকল ভক্ত জন্মিব, সেই সকলৰ প্ৰতি অনুগ্ৰহ প্ৰকাশ কৰি তমোগুণ নাশক পৱিত্ৰ যশ বিস্তাৰ কৰিলে। সেই যশ সাধুসকলৰ কৰ্ণামৃত আৰু শ্ৰেষ্ঠ তীৰ্থস্বৰূপ। এবাৰ মাথোন সেই যশ কৰ্ণাঞ্জলিৰে পান কৰিলে পুৰুষে কৰ্ম্ম-বাসনা পৰিত্যাগ কৰিবলৈ সম্যকৰূপে সমৰ্থ হয়।"

       সপ্তম স্কন্ধৰ প্ৰথম অধ্যায়ত নাৰদে যুধিষ্ঠিৰৰ প্ৰশ্নৰ উত্তৰত কৈছে-"ঈশ্বৰ অদ্বিতীয় আৰু সকলোৰে আত্মা। তেওঁৰ দেহত আত্মাভিমান নাই। তেওঁ হিতৰ নিমিত্তে আনক দণ্ড কৰে সঁচা। এইদেখি অতিশয় শত্ৰুতা, ভক্তিযোগ, ভয় স্নেহ বা অভিলাষ যি কোনো উপায়ে হওক, তেওঁক চিন্তা কৰিবা। এইবোৰ উপায়ৰ বাহিৰে তেওঁক কোনোৰূপে সাক্ষাৎ কৰা নাযায়। মানুহে মায়ামানৱ সাক্ষাৎ ভগৱন্ত শ্ৰীকৃষ্ণক শত্ৰুবাৱে চিন্তা কৰিলেও, সেই চিন্তাৰ বলত নিষ্পাপ হৈ তেওঁৰ স্বৰূপতা লাভা কৰে। কাম, দ্বেষ, ভয়, স্নেহ অথবা উপযুক্ত ভক্তিবশতঃ ঈশ্বৰত মনোনিবেশ কৰি অনেক কামাদিজনিত পাপৰপৰা মুক্তি লাভ কৰি তেওঁক পাইছে। কামবশতঃ গোপীসকলে, ভয়বশতঃ কংসই, দ্বেষবশতঃ চৈদ্য প্ৰভৃতি নৃপতিসকলে, সম্বন্ধবশতঃ বৃষ্ণিবংশীয়সকলে, স্নেহবশতঃ তোমালোকে (যুধিষ্ঠিৰ আদিয়ে) আৰু ভক্তিবশতঃ আমি (নাৰদাদিয়ে) তেওঁক পাইছোহঁক।"

       ঈশ্বৰক পাবৰ পথ দুৰ্গম দেখি ভয়ত আগ নাবাঢ়ে। দয়ালু তেওঁ মানুহক তেওঁৰ ওচৰলৈ লৈ যায়। সেই দেখি বৃন্দাবনত সুমধুৰ লীলা কৰি, দৃশ্যকাব্যৰ অভিনয় কৰিলে, যাতে মানুহে যেনে তেনে মতে তেওঁৰ ফালে গৈ ভৱৰোগৰপৰা বিমুক্ত হয়। মহৰ্ষি বেদব্যাসেও কাব্য-ভাষাৰে সেই লীলা বহিৰঙ্গ মানুহৰ চিত্তাকৰ্ষক কৰি লেখিলে। শ্ৰীমদ্ভাগৱতে প্ৰভু, মিত্ৰ আৰু প্ৰিয়তমা এই তিনিওৰো নিচিনাকৈ মানুহক উপদেশ দিয়ে অৰ্থাত্ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ্ভাগৱত বেদ, পুৰাণ আৰু কাব্য এই তিনিওটাৰ সমন্বয়।-

বেদাঃ পুৰাণং কাৱ্যঞ্চ প্ৰভুৰ্মিত্ৰং প্ৰিয়েব চ।

ৰোধয়ন্তীতি প্ৰাহুস্ত্ৰিবৃদ্ ভাগৱতং পুনঃ।।





</Poem> [ ৫৫ ] মহৰ্ষি বেদব্যাসে পাঠক আৰু শ্ৰোতাক সেই বাবে শ্ৰীকৃষ্ণাভিমুখ কৰিবৰ নিমিত্তে ৰাসলীলা প্ৰভৃতিৰ বৰ্ণনাত কাব্যৰস ঢালি দিছে। সেই দেখি তেওঁ ৰাসলীলাৰ দ্বিতীয় তৃতীয় শ্লোকতে আৰম্ভ কৰিছে ̶

তদোডুৰাজঃ কুকুভঃ কৰৈমুৰ্খং
প্ৰাচ্যা বিলিম্পন্নৰুপেন শন্তমৈঃ।
স চৰ্ষণীনামুদগাচ্ছুচো মৃজন্‌
প্ৰিয়ঃ প্ৰিয়ায়া ইব দীৰ্ঘদৰ্শনঃ।

      অৰ্থাত্‍ যেনেকৈ বহু কাল বিদেশত বাস কৰাৰ পাছত গৃহগত স্বহস্তে নিজৰ প্ৰিয়তমাৰ মুখকমল কুঙ্কুমৰাগেৰে ৰঞ্জিত কৰে, সেইদৰে ঠিক এই সনয়তে নক্ষত্ৰপতি চন্দ্ৰই নিজৰ সুশীতল হাতেৰে পুৰ্ব্বদিশৰ মুখ স্বৰূপ প্ৰথমাংশ অৰুণ বৰণেৰে ৰঞ্জিত কৰি প্ৰাণীসকলা দিবাতাপ উপশম কৰি উদিত হ’ল।

ভৈলত উদিত চন্দ্ৰ পূৰ্ব্বদিশ হন্তে।
কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জ্জন্তে।। (কীৰ্ত্তন)
দৃষ্টা কুমুদ্বন্মমখমণ্ডলং
ৰমাননাভং নৱকুম্কমাৰুণম্‌।
বনঞ্চ তৎকোমলগোভিৰঞ্জিতং
জগৌ কলং ৱামদৃশাং মনোহৰম্‌।।

অৰ্থাত্‍ ̶ অখমণ্ডল চন্ৰ দেখিলন্ত হৰি।
কুঙ্কুমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি।।
বনকো দেখিল চন্দ্ৰ-ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি গাইলা গীত।। (কীৰ্ত্তন)

আনন্দ বিগ্ৰহ পৰমাত্মাই "কলং জগৌ" অৰ্থাত্‍ "অস্ফুটমধুৰ মগায়ত্‍। " "কল" শব্দৰ অৰ্থ অস্ফুট মধুৰ স্বৰ। ভগৱন্তৰ বংশীৰ গীতও মধুৰ কিন্তু অস্ফুট। বংশীৰ ধ্বনি ভগৱন্তৰ নিস্বাসবায়ুৰ দ্বাৰাই উত্থিত শব। সেই শব্দই শব্দ-ব্ৰহ্ম। শব্দ-ব্ৰহ্ম = Logos।

যদ্বাচাহনভ্যুদিতং যেন বাগভ্যুদ্যতে।
তদেৱ ব্ৰহ্ম ত্বং বিদ্ধি নেদং যদিদমুপাসতে।। (কেনোপনিষদ)

       অৰ্থাত্‍ বাক্যৰ দ্বাৰাই যাৰ বচন নহয়, যাৰ দ্বাৰাই বাক্য উক্ত হয়, তেৱেঁই ব্ৰহ্ম।

       শ্ৰী মদ্ভাগৱতৰ দেৱস্তুতিত আছে - পৰমেশ্বৰৰ প্ৰথম নিশ্বাসতে বেদসকল বাজ হ’ল। "প্ৰথম নিস্বাসে বাজ ভৈল বেদগণ।" (কীৰ্ত্তন) শ্ৰুতিয়েও কৈছে - "পৰমব্ৰহ্মৰ নিশ্বাস-বায়ুয়েই ঋগ্‌বেদ, যৰ্জ্জুবেদ, সামবেদ ইতিহাস আৰু পুৰাণ।" এতেকে পৰমব্ৰহ্মৰ নিশ্বাস-বায়ুৱেইবাঁহীত সোমাই সুস্বৰ গীত হয় অৰ্থাত্‍ বেদদিয়েই প্ৰৰমব্ৰহ্মৰ লীলা-বিগ্ৰহ শ্ৰীকৃষ্ণৰ বংশীধ্বনি। শ্ৰীকৃষ্ণই ভক্ত উদ্ধৱক কৈছে ̶

কিং বিধত্তে কিমাচষ্টে কিমনূদ্য বিকল্পয়েত্‍।

[ ৫৬ ]

ইত্যাস্যাহৃদয়ং লোকে নান্যো মদ্‌ৱেদ কশ্যন।।

      অৰ্থাত্‍ বেদে কি কৈছে, কি বিধান কৰিছে, আকৌ একপ্ৰকাৰ কৈ প্ৰকাৰন্তৰে আকৌ কি কৈছে, সেইটো স্থিৰ কৰা বৰ কঠিন। মোৰ বাহিৰে বেদৰ গূঢ় অভিপ্ৰায় কোনেও নাজানে। ভগৱন্তই অৰ্জ্জুনক কৈছে -

ৱেদৈশ্চ সৰ্ৱৈবহেমব বেদ্যো
ৱেদান্তকৃদ্‌ৱেদৱিদেৱ চাহম্‌।।

      অৰ্থাত্‍ ময়েই সমস্ত বেদৰ প্ৰতিপাদ্য, ময়েই বেদান্তৰ কৰ্ত্তা আৰু এক মাথোন ময়েই বেদজ্ঞ।

      এই বাবে বাঁহীত অস্ফুট অথচ সুমধুৰ কলধ্বনি। যাৰ কাণত সেই ধ্বনিৰ, সেই আহ্বানৰ মধুৰ মৰ্ম প্ৰতিভাত হয়, সি ভগৱন্তৰ নিজ সমীপলৈ আহ্বান বুজিব পাৰে। বেদৰ কৰ্ত্তা, বেদৰ গূঢ় অভিপ্ৰায় বুজোঁতা শ্ৰীকৃষ্ণই বেদৰ সাৰ বাঁহী লৈ সকলো শাস্ত্ৰৰ সাৰ অৰ্থ সুমধুৰ স্বৰৰে বুজাই দিলে - "আহা, মোৰ কাষলৈ আহা। সকলোকে পৰিত্যাগ কৰি আহা ; সকলো ক্ষণিক ; মইহে নিত্য আৰু পৰমানন্দ ।"

      গীতাৰ শেহতো ভগৱন্তই অৰ্জ্জুনক এই শেহ সাৰ পৰমাৰ্থকে উপদেশ দিছিল-

সৰ্বধৰ্ম্মান্‌ পৰিতাজ্য মামেকং শৰণং ব্ৰজ।
অহং ত্বাং সৰ্ৱপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ।।

      বেদৰ গূঢ়াৰ্থ, গীতাৰ গূঢ়তত্ত্ব সকলোৱে বুজিব নোৱাৰে, কাৰণ সি অস্ফুট। সেইবোৰৰ নানা লোকে নানা অৰ্থ কৰে। কৰ্ম্মীয়ে কয়, বেদ কৰ্ম্মপ্ৰধান। জ্ঞানীয়ে কয়, বেদ জ্ঞানপ্ৰধান। গীতা পঢ়িও যোগীয়ে কয়, গীতা যোগপ্ৰধান। কৰ্ম্মীয়ে কয়, কৰ্ম্মপ্ৰধান। জ্ঞানীয়ে কয়, জ্ঞানপ্ৰধান। ভক্তই কয়, ভক্তিপ্ৰধান। কাৰণ গীতাৰ গূঢ় তত্ত্ব অস্ফুট। বেদৰ গূঢ়া অভিপ্ৰায়ো অস্ফুট। শ্ৰীকৃষ্ণৰ বংশীৰ কলধ্বনিও সেইদৰে অস্ফুট আৰু সেইদেখি নানাজনৰ কাণত নানা ৰকমে পৰে। যশোদাই বাঁহীৰ মাতত শুনিছিল, “আই” “আই” । শ্ৰীদাম-সুদাম প্ৰভৄতিয়ে শুনিছিল “শ্ৰীদাম-সুদাম” । গাভীসকলে শুনিছিল “ধৱলী শ্যামলী” ইত্যাদি। আৰু গোপীসকলে শুনিছিল, তেওঁলোকৰ নিজ নিজ নাম, যথা ৰাধা, বৃন্দা, ললিতাদি। [ ৫৭ ]

বেদাদি-তত্ত্ব


এক

       আৰ্য্যজাতিৰ ধৰ্ম্মভাৰৰ উন্মেষৰ প্ৰথম বুৰঞ্জী ঋকবেদ *। আৰ্য্যজাতিৰ যিটো ঠাল সুমেৰু প্ৰদেশ বা ইলাবৰ্ত্ত এৰি ভাৰতবৰ্ষত সোমাইছিল, তেওঁলোকৰ দেৱতাসকলৰ স্তৱ-স্তোত্ৰ গানবোৰৰ কিছুমান শীতপ্ৰধান ইলাবৰ্ত্ততে ৰচিত হৈছিল। সেই স্তোত্ৰবিলাকো অলিখিত অৱস্থাত অনেক কাল তেওঁলোকৰ মুখে মুখে চলি আছিল। বাপেকহঁতে পুতেকহঁতক মুখে মুখে বৰ সাৱধানেৰে সেইবোৰ গাবলৈ শিকাইছিল আৰু কিছুমা স্তোত্ৰ কেতিয়াও নেপাহৰাকৈ পুৰুষানুক্ৰমে শ শ বছৰ চলি আহিছিল। সেইবোৰ শুনি মনত ৰকা হৈছিল দেখি তাক শ্ৰুতি বোলা হৈছিল আৰু প্ৰাচীন কালৰ জ্ঞান দেখি বেদ বোলা হৈছিল।

       ভাৰতবৰ্ষলৈ আহি হিন্দু আৰ্য্যবিলাকে পঞ্জাবৰ নৈবোৰৰ দাঁতিত ভালেমান কাল উজুভাৱে সুখেৰে কাল কটাইছিল। তেওঁলোকে দেৱ নাম উজ্জ্বল মিত্ৰ দেৱতাসকলৰ পূজা-অৰ্চ্চনা কৰিছিল। দেৱ শব্দৰ অৰ্থ জ্যোতিৰ্ম্ময়। ভাৰতবৰ্ষলৈ অহাৰ আগেয়ে তেওঁলোকে উত্তৰ ফালে চেঁচা দেশত আছিল, সেই দেখি তেওঁলোকৰ জাৰ গুচাবলৈ আৰু খোৱা বস্তু ৰান্ধিবলৈ জুইৰ আৱশ্যক হৈছিল। সেই নিমিত্তে তেওঁলোকে জুই-দেৱতা অগ্নিৰ স্তৱ কৰিছিল। কিন্তু যেতিয়া তেওঁলোকে পঞ্জাবলৈ আহি দেখিলে যে তেওঁলোকৰ শস্য উত্পাদনৰ নিমিত্তে বৰষুণ বৰ লাগতিয়াল, তেতিয়া তেওঁলোকে আকাশী দেৱতা ইন্দ্ৰৰ পূজা আৰু স্তৱ কৰিবলৈ ধৰিলে। তেওঁলোকে ভাবিছিল যে মৃত্যুৰ পিছত তেওঁলোকৰ আত্মা বতাহৰ মাজেদি ওপৰলৈ উঠি সিপুৰীলৈ যায়। সেই পুৰীৰ ৰজা যম, যি তেওঁলোকৰ পাপ-পুণ্যৰ বিচাৰ কৰে। এই দেখি তেওঁলোকে যমৰ স্তুতি-স্তোত্ৰ গাইছিল। তেওঁলোকৰ মূৰৰ ওপৰত থকা আকাশৰ দেৱতা বৰুণক, পৃথিৱীত পোহৰ দিওঁতা সূৰ্য্যক, সকলো ঠাইত বলি থকা বতাহক, দিনক আগবঢ়াই আনোতে হেঙুলীয়া ঊষাক তেওঁবিলাকে স্তৱ-স্তুতি কৰিছিল।

       ঋক্‌বেদ মানে স্তুতি-বেদ। পৃথিৱীৰ ভিতৰত ঋক্‌বেদেই অতি পুৰণি পুথি। তাৰ ভিতৰত ১০২৮ টা স্তব আছে আৰু সেইবোৰ ইন্দ্ৰ, অগ্নি প্ৰমুখ্যে দেৱতাসকলৰ স্তুতি-গান। ইয়াৰ অনেক কালৰ পিছত ঋকবেদৰ শ্লোকবিলাক লিখিত অৱস্থালৈ অনা হয়। যজুঃ আৰু সাম এই দুখন বেদ ঋকবেদৰ অনেক কালৰ পিছত ৰচিত হয়। ঋক্‌বেদ আৰ্য্যবিলাকৰ ধৰ্ম্মশাস্ত্ৰ। সেই অতীজ কালত আৰ্য্যবিলাকৰ ভিতৰত পুৰোহিত নাছিল আৰু দেৱতাৰ আগত জীয়া জন্তু বলি দিয়া প্ৰথাও নাছিল। মাথোন ধান, চাউল, যব, ঘেঁহু আদি শস্য আৰু সোমৰসেৰেই তেওঁলোকে তেতিয়া তেওঁলোকৰ উপাস্য দেৱতাৰ পূজা কৰিছিল। ইয়াৰ পিছত কালক্ৰমত আৰ্য্যবিলাক ভাৰতবৰ্ষৰ


★ এই সিদ্ধান্তক আজিকালি কোনো কোনো ভাৰতীয় পণ্ডিতে ভুল বোলে। তেওঁলোক কয় সামবেদহে প্ৰথম।

[ ৫৮ ] উত্তৰ ভাগত বিয়পি পৰি সেই ঠাইবোৰৰ আদিবাসী মানুহবিলাকেৰে সৈতে সংঘৰ্ষণলৈ আহিলত তেওঁবিলাকৰ ধৰ্ম্মৰ গঢ় লাহে লাহে লৰিবলৈ ধৰিলে। এইডোখৰ কালতে যজুঃ আৰু সাম নামে বেদ দুখন ৰচিত হ'ল।        যজ শব্দৰ অৰ্থ পূজা, বলি। যজুৰ্ব্বেদৰ এভাগত ঋক্‌বেদৰ প্ৰাৰ্থনা অৰ্থাৎ স্তুতিৰ শ্লোকবোৰ আছে। সেইবোৰ একশ্ৰেণীৰ পুৰোহিতে দেৱতাৰ আগত বলি দি পূজা কৰোঁতে গায়। আৰু এভাগত বলি দিবৰ নিয়ম-প্ৰণালী, যাগ-যজ্ঞৰ বিধি-বিধান আছে। যজুৰ্ব্বেদক আৰ্য্য হিন্দুৰ প্ৰাৰ্থনা-শাস্ত্ৰ বুলিব পাৰি। সামবেদত ঋক্‌বেদৰ স্তোত্ৰৰ শ্লোক কিছুমান আছে। সেই স্তোত্ৰবোৰ আন এক শ্ৰীণীৰ পুৰোহিতে, দেৱতাৰ উদ্দেশ্যে বলি নৈবেদ্য দি কৰা পূজাৰ সময়ত গান কৰে। সমাবেদক আৰ্য্যবিলাকৰ স্তব-শাস্ত্ৰ বা ধৰ্ম্মসঙ্গীত শাস্ত্ৰ বুলিব পাৰি। গীতাত ভগৱানে বিভূতিযোগাধ্যায়ত "বেদৰ ভিতৰত মই সামবেদ" বুলি কৈছে। এই কথাৰ দ্বাৰাই সামবেদৰ উত্কৃষ্টতা আৰু বিশিষ্টতা সূচিত হৈছে। এই তিনিখন বেদ ৰচিত হোৱাৰ ভালেমান কালৰ পিছতহে চতুৰ্থখন বেদ অৰ্থাৎ অথৰ্ব্ববেদ ৰচিত হয়। কোনো কোনো পণ্ডতে গীতা ৰচিত হোৱাৰ পিছতহে অতৰ্ব্বেবেদ ৰচিত হৈছিল বুলি কয়। ইয়াৰ কাৰণ-গীতাৰ অনেক ঠাইত তিনিখন বেদৰহে উল্লেখ আছে, চতুৰ্থ অৰ্থৰ্ব্ববেদৰ উল্লেখ নাই। অথৰ্ব্ববেদত যাদুবিদ্যা, ভৈষঝ্য প্ৰভৃতি অনেক বিষয় আছে, যিবোৰ যান্ত্ৰিক ক্ৰিয়াকৰ্ম্মৰ উপযোগী নহয়। কৰ্ম্মকাণ্ডত ব্যৱহাৰৰ যোগ্য বিষয় অথৰ্ব্ববেদত খুব কমহে আছে। এই নিমিত্তে শ্ৰৌত গ্ৰন্থবোৰৰ ভিতৰত অথৰ্ব্ববেদৰ কোনো মাহাত্ম্য নাই। ঋকবেদৰ ব্ৰাহ্মণ অথৰ্ব্ববেদৰ কোনো উল্লেখ নাই। শতপথ ব্ৰাহ্মণতো বেদক ত্ৰয়ীবিদ্যা বুলিহে কৈছে। বৌদ্ধ যুগতো ঋক্, যজুঃ সাম এই তিনিখন বেদহে ত্ৰীয়বিদ্যা ৰূপে জনাজাত আছিল। কৌষীতকী ব্ৰাহ্মণত, ছান্দোগ্য উপনিষদতো অথৰ্ব্ববেদৰ উল্লেখ নাই। আনকি অমৰকোষতো অথৰ্ব্ববেদক বেদৰ ভিতৰত ধৰা নাই,- "ঋক্-সাম যজুং যি ইতি বেদাস্ত্ৰয়-স্ত্ৰয়ী" (অমৰকোষৰ স্বৰ্গবৰ্গ)। মহাভাৰত আৰু পৌৰাণিক যুগতহে অথৰ্ব্ববেদৰ প্ৰতিপত্তিৰ গম পোৱা যায়। এতিয়াও দাক্ষিণাত্যৰ অনেক অগ্ৰগণ্য পণ্ডিত ব্ৰাহ্মণে অথৰ্ব্ববেদক বেদ বুলি গ্ৰহণ কৰিব নোখোজে।        কালক্ৰমত যাগযজ্ঞৰ ধুম আৰ্য্য সকলৰ ভিতৰত বাঢ়ি গ'লত, চাৰিওখন বেদেও তেওঁলোকক নোজোৰা হ'ল। কোন পুৰোহিতে, কোন হোতাই, কোন আচাৰ্য্যই যজ্ঞৰ কি কি কাম কৰিব লাগে, সেইদৰে বিধি-বিধান তেওঁলোকে ন ন-কৈ বহলাই লিখি প্ৰত্যেক বেদতে সুমাবলৈ ধৰিলে। ঋকবেদৰ ব্ৰাহ্মণে বৈদিক মন্ত্ৰ উচ্চাৰণ কৰোঁতা পুৰোহিতক কেনেকৈ তেওঁ সেই মন্ত্ৰ মাতিব লাগে তাক কৈ দিলে। সামগান কৰোতা পুৰোহিতে কেনেকৈ সামগান কৰিবলাগে, সামবেদৰ ব্ৰাহ্মণে তাৰ বিধান দিলে। যজ্ঞ কৰোঁতা পুৰোহিতে কেনেকৈ যজ্ঞ কৰিব লাগে, যজুৰ্ব্বেদৰ ব্ৰাহ্মণে তাৰ ব্যৱস্থা দিলে। অথৰ্ব্ববেদৰ ব্ৰাহ্মণে বেদৰ শ্লোকবিলাকৰ খোলোচাকৈ অৰ্থ কৰি দিলে। এইদৰে বেদত ব্ৰাহ্মণ ভাগৰ সৃষ্টি হ'ল। এই ব্ৰাহ্মণবোৰৰ কিছুমানক আৰণ্যক বোলে। মানুহৰ বসতিৰপৰা আঁতৰ হৈ থকা অৰণ্যবাসী ঋষিসকলৰ নিমিত্তে আৰণ্যকবিলাকত বিধি-বিধা লিখা আছে। আৰণ্যকবিলাক ঋক্‌ আৰু যজুৰ্ব্বেদৰ ভিতৰুৱা। সাম আৰু [ ৫৯ ] অথৰ্ব্ববেদত আৰণ্যক নাই। বেদ, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদবিলাক শ্ৰুতিৰ অন্তৰ্গত।        বৈদিক ঋষিসকলে প্ৰাকৃতিক দেৱতাসকলৰ স্তব-স্তুতি কৰি সূত্ৰাৱলী ৰচনা কৰিছিল। সূৰ্য্য, অগ্নি, বৰুণ, বায়ু, আকাশ আদিৰ মহান শক্তি দেখি সেইবোৰৰ প্ৰতি ভয়, ভক্তি, প্ৰশংসা, কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰথমতে তেওঁলোকে স্তৱ-স্তুতি ৰচনা কৰি গাইছিল। তাৰ পিছত যাগ, যজ্ঞ, বলি আদিৰে সেই সেই দেৱতাসকলৰ পূজাৰ ব্যৱস্থা হ'ল। বৈদিক সূক্তবোৰ সঞ্চলিত হৈ ঋক্‌, যজুঃ, সাম এই তিনি সংহিতাত বিভক্ত হ'লত, প্ৰথম কালৰ দেৱতাসকলক স্তুতি কৰোঁতে ঋক্‌বেদৰ যি কবিত্বৰ উচ্ছাস আছিল পিছত আৰু সি নাইকিয়া হ'ল।        এনে সময়ত উপনিষদৰ আবিৰ্ভাৱ। চিন্তাশীল হিন্দুসকলক যাগ-যজ্ঞৰ অসংখ্য অনুষ্ঠান পদ্ধতিবোৰে আমনি লগাই পেলাইছিল। তেওঁবিলাকৰ মনত লাহে লাহে প্ৰশ্ন ওলাল যে এই বিশ্বসংসাৰৰ মূল কাৰণ কি? চন্দ্ৰ, সূৰ্য্য, বায়ু, বৰুণ, আকাশৰ শক্তিৰ মূলত কি? কোনে এইবোৰ দেৱতাক বা শক্তিক নিয়ম বান্ধি দি চালাইছে? আৰু মানুহক এই সংসাৰলৈ ক'ৰপৰা আহি আৰু ইয়াৰ পিছত ক'লৈ যাব? গভীৰ চিন্তা কৰি কৰি তেওঁলোকে পালেগৈ যে আটাইবোৰ প্ৰাকৃতিক পদাৰ্থ আৰু শক্তিৰ গুৰিত এজন আছে। সেইজন সৰ্ব্বব্যাপী, নিৰ্ম্মল, নিৰবয়ব, শিৰা আৰু ব্ৰণৰহিত, শুদ্ধ, অপাপবিদ্ধ। তেওঁ সৰ্ব্বদৰ্শী, মনৰ নিয়ন্তা, সকলোতকৈ শ্ৰেষ্ঠ আৰু স্বপ্ৰকাশ। তেওঁ সৰ্ব্বতিকাল প্ৰজাসকলক যথোপযুক্ত অৰ্থসকল বিধান কৰিছে। তেওঁৰপৰা প্ৰাণ, মন আৰু সমুদায় ইন্দ্ৰিয় আৰু আকাশ, বায়ু, জ্যোতি, জল আৰু সকলোৰে আধাৰ এই পৃথিৱী উত্পন্ন হৈছে। তেওঁৰ ভয়ত অগ্নি প্ৰজ্জ্বলিত হৈছে, সূৰ্য্যই উত্তাপ দিছে, মেঘে বাৰি বৰ্ষণ কৰিছে, বায়ু সঞ্চালিত হৈছে আৰু মৃত্যু সঞ্চৰণ কৰিছে। ইয়াকে যেতিয়া তেওঁলোকে বিচাৰি পালেগৈ, তেওঁলোকে কৃতজ্ঞ হৃদয়েৰে আঁঠু কাঢ়ি সেইজনক নমস্কাৰ কৰিলে ̶ "ওঁ যো দোবোহগ্নৌ যোহপসু যো বিশ্বং ভুবনমাবিবেশ। য ওষধিষু যো বনস্পতিষু তস্মৈ দেৱায় নমো নমঃ।" অৰ্থাৎ যি দেৱতা অগ্নিত, যি জলত, যি বিশ্বসংসাৰত প্ৰবিষ্ট হৈ আছে; যি ঔষধিত, বনস্পতিত, সেইদেৱতাক আমি বাৰে বাৰে নমস্কাৰ কৰোঁ। উপনিষদৰ ঋষিসকলে দেখিলে যে বেদৰ সূৰ্য্য, চন্দ্ৰ, বায়ু, আকাশ আদি দেৱতাবিলাকৰো সৃষ্টিকৰ্ত্তা এজন মহাদেৱতা বা পৰমাত্মা আছে। জগতৰ সকলো বস্তু, সকলো প্ৰাণী সেই পৰমাত্মা পৰমপুৰুষজনৰপৰা উত্পত্তি হৈছে আৰু সকলোবিলাক শেহত তেওঁতে লয় যাব। যেনেকৈ মহাসমুদ্ৰৰ পৰা পানী ভাপ নৈ হৈ বৈ গৈ আকৌ সেই মহাসমুদ্ৰত পৰি লয় গৈ তাৰে এক অংশ হয়, সেইদৰে সকলোবিলাক সেইজনৰপৰা আহে আৰু উভতি গৈ তেওঁতে লয় গৈ তেওঁৰে অংশীভূত হয়। সেই পুৰুষজনৰ নাম তেওঁলোকে ব্ৰহ্ম বা ঈশ্বৰ ৰাখিলে।        ব্ৰহ্ম স্বৰূপ কেনে, তেওঁলোকে অনেক চিন্তা কৰি ক'লে ̶ "এতদ্বৈ তদক্ষৰং গাৰ্গি ব্ৰাহ্মণা অভিবদন্তি, অস্থূলমনণ্বহ্ৰস্বমদীৰ্ঘমলোহিতমস্নেহমচ্ছায়মতমোহবায্‌বনাকাশমসঙ্গমৰসমগন্ধমচক্ষুষ্কমশ্ৰোত্ৰমৱাগমনোহ-তেজস্কমপ্ৰাণমমুখমমাত্ৰম্।।" অৰ্থাৎ হে গাৰ্গি! ব্ৰাহ্মণে যাক অভিবাদন কৰে এনেজন অবিনাশী ব্ৰহ্ম, যি স্থূল নহয়, </Poem> [ ৬০ ] অণু নহয়, হ্ৰস্ব নহয়, দীৰ্ঘ নহয়। তেওঁ অলোহিত অৰ্থাৎ তেওঁত ৰক্তাদি কোনো বৰ্ণ নাই। অস্নেহ অৰ্থাৎ তেওঁ জলীয় বস্তু নহয়। তেওঁ অচ্ছায়, অতমঃ অবায়ু, অনাকাশ,অসঙ্গ,অৰস, অগন্ধ, অচক্ষু, অকৰ্ণ, অবাক, মনোবিহীন, তেজোবিহীন, শাৰিৰীক প্ৰাণবিহীন, মুখবিহীন, কাৰো সৈতে তেওঁৰ উপমা নহয়। “যতো ৱাচো নিৱৰ্ত্তন্তে অপ্ৰাপ্য মনসা সহ।” অৰ্থাৎ মনেৰে সৈতে বাক্যই যাক নাপাই নিবৃত্ত হয়। “এতস্য বা অক্ষৰস্য প্ৰশাসনে গাৰ্গি সূৰ্য্যাচন্দ্ৰমসৌ ৱিধৃতৌ তিষ্ঠতঃ।। দাৱ্যাপৃথিৱ্যৌ ৱিধৃত তিষ্ঠতঃ।।” অৰ্থাৎ এই অক্ষৰ পুৰুষৰ শাসনত, হে গাৰ্গি ! সূৰ্য্য চন্দ্ৰ বিধৃত হৈ স্থিতি কৰিছে। দ্যুলোক আৰু ভুলোক বিধৃত হৈ থিতি কৰিছে। “যদিদং কিঞ্চ জগৎ সৰ্ৱ প্ৰাণ এজতি নিঃসৃতম্। মহদ্ভয়ং ৱজ্ৰমুদ্যতং য এতদ্বিদুৰমৃতাস্তে ভবস্তি।।” অৰ্থাৎ এই প্ৰাণস্বৰূপ পৰমেশ্বৰৰ অধিষ্ঠান প্ৰযুক্তি তেওঁৰপৰা নিঋসৃত এই সমস্ত ব্ৰহ্মাণ্ড যথানিৰ্দ্দিষ্ট নিয়মে প্ৰৱৰ্ত্তিত হৈ আছে। (তেওঁৰ প্ৰতিষ্ঠিত ধৰ্ম্মসেতু লঙ্ঘন কৰিব খোজোঁতালৈ) তেওঁ উদ্যত বজ্ৰৰ নিচিনা মহাভয়ানক। যি এই পৰমেশ্বৰক জানে, সি অমৰ হৈ অক্ষৰ ব্ৰহ্মানন্দ উপভোগ কৰে। আমাৰ শঙ্কৰদেৱে কীৰ্ত্তনত কৈছে ̶

যিটো ব্ৰহ্ম নোহে তৰ্কগোচৰ।
নপাৱে বচন মনে ওপৰ।।
নাহি উতপতি নাহি মৰণ।

সদায়ে প্ৰণামো তান চৰণ।।

       বেদৰ প্ৰাকৃতিক বহু দেৱতাৰ পূজাৰপৰা উপনিষদৰ এই এক ব্ৰহ্ম, এক ঈশ্বৰপূজালৈ অহাটো হিন্দু আৰ্য্যৰ চূড়ান্ত উন্নতি। বেদ জ্ঞানকাণ্ড আৰু কৰ্ম্মকাণ্ডেৰে সংগঠিত। উপনিষদেই জ্ঞানকাণ্ডৰ চৰম সীমা। সেইদেখি উপনিষদক বেদান্ত বোলে। উপনিষদো শ্ৰুতিৰ অন্তৰ্গত। উপনিষদ অনেক আৰু আটাইবোৰ একে সময়ৰ ৰচনাও নহয়। আধুনিক অনেক গ্ৰন্থই উপনিষদ নাম জালকৈ লৈছে। সেইদেখি উপনিষদ নাম থাকিলেই যে সি বেদৰ অন্তৰ্গত হ'ল এনে নহয়। বৈদান্তিক আৰু অন্যান্য প্ৰাচীন মত প্ৰচাকৰসকলে উপনিষদ অৱলম্বন কৰি নিজৰ মত প্ৰতিপাদন কৰা দেখি, নতুন সম্প্ৰদায়ৰ অনেক গুৰুৱেও অনেক নতুন উপনিষদ প্ৰস্তুত কৰিলে। এনে উপনিষদৰ লেখ এনে সৰহ যে তাক কৰা টান।চাজাহান বাদশাহৰ পুতেক দাৰাই ৫০ খন উপনিষদ ফাৰ্চী ভাষালৈ অনুবাদ কৰাইছিল আৰু দুপেৰ নামে ফৰাচী পণ্ডিত এজনে সেইবোৰ ফৰাচী ভাষালৈ ভাঙিছিল। ডাক্তৰ ৰোৱাৰে ১৩৮ খন উপনিষদৰ লেখ উলিয়াছিল। মুঠতে উপনিষদক চাৰি শ্ৰেণীত বিভক্ত কৰিব পাৰি। আদিম উপনিষদবোৰ গদ্যত লিখা; কিন্তু সেই গদ্য আজি-কালিৰ সংস্কৃত গদ্যৰ নিচিনা নহয়, বেদৰ ব্ৰাহ্মণৰ গদ্যৰ নিচিনা। বৃহদাৰণ্যক, ছান্দোগ্য, তৈত্তিৰীয়, ঐতৰেয়, কৌষীতকী এই শাৰীৰ। দ্বিতীয় শ্ৰেণীৰ উপনিষদবোৰ গদ্য -পদ্যত বিৰচিত। কথোপনিষদ,কেনোপনিষদ আদি এই শ্ৰেণীৰ। তৃতীয় শ্ৰেণীৰ উপনিষদবোৰ আকৌ গদ্যলৈ উভতি গৈছে।এই গদ্য আধুনিক সংস্কৃতৰ গঢ়েৰে ৰচিত। মৈত্ৰায়ণী আদি উপনিষদ এই শ্ৰেণীৰ। চতুৰ্থ শ্ৰেণীৰ ভিতৰত যিবোৰ উপনিষদ ধৰা যায়, সেইবোৰক [ ৬১ ] অথৰ্ব্ব উপনিষদ বোলে। সেইবোৰ গদ্য-পদ্যত বিৰচিত। প্ৰশ্ন, মুণ্ডক, মাণ্ডুক্য, এইবোৰ অৰ্থৰ্ব্বোপনিষদৰ ভিতৰৰ। বেদান্তাদি দৰ্শনশাস্ত্ৰত যেনে এটি নিৰ্দ্দিষ্ট মত অৱলম্বিত আৰু প্ৰতিপাদিত হৈছে, উপনিষদ তেনে নহয়। তাত অনেক সময়ত পৰস্পৰ বিৰুদ্ধ বা বিভিন্ন মত দেখা যায়। কোনো ঠাইত বা জীৱ ব্ৰহ্মৰ অভেদ ভাব, আকৌ কোনো ঠাইত বা সম্পূৰ্ণ স্বতন্ত্ৰ ভাব বৰ্ণিত হৈছে। সি যি নহওক, উপনিষদৰ হিন্দু ঋষি সকলে যে পৰমাৰ্থ চিন্তা বিষয়ত প্ৰগাঢ় জ্ঞান লাভ কৰিছিল আৰু বিশ্বসংসাৰৰ সম্পূৰ্ণ কেন্দ্ৰাভিমূখী হৈছিল, তাৰ কোনো ভুল নাই।

       বেদৰ সৰল বিশ্বাসে উপনিষদত পৰিপক্কতা লাভ কৰিলে। ইয়াৰ পিছত যুক্তি-তৰ্কৰ যুগ আহিল। হিন্দু আৰ্য্যৰ তীক্ষ্ণ অস্ত্ৰ বুদ্ধি বিকাশ আৰু প্ৰয়োগৰ সময় উপস্থিত হ’ল। দাৰ্শনিক যুক্তি –তৰ্ক, ন্যায়ৰ তীক্ষ্ণ অস্ত্ৰ, ব্ৰহ্ম, ঈশ্বৰ, শক্তি, পুৰুষ প্ৰকৃতি, সৃষ্টিতত্ব ইত্যাদি নিয়োজিত হ’ল। ফলত ষড়দৰ্শনৰ উৎপত্তি। কপিলৰ সাংখ্যই প্ৰথম দৰ্শন। সাংখ্য জ্ঞানবাদী। উপনিষদো জ্ঞানবাদী। উপনিষদৰ বিক্ষিপ্ত জ্ঞানক আৰু ওপৰে ওপৰে দেখোঁতে বিৰোধী জ্ঞান-চিন্তাক সংক্ষিপ্ত কৰি যুক্তি ধৰি জ্ঞানৰ বাটত যাওঁতে যাওঁতে সাংখ্য উপনিষদৰপৰা আঁতৰত পৰিল আৰু প্ৰকৃতি-পুৰুষত ওলাই কৈৱল্য মুক্তিত শেষ কৰি নিৰীশ্ববাদত ওৰ হ’লগৈ। পাতঞ্জলৰো উনৈশ-বিশ সেয়ে ঘটিল। জৈমিনিৰ পূৰ্ব্বমীমাংসাই, জ্ঞানবাদী সাংখ্য আৰু উপনিষদে হেলেকলেক কৰা বেদৰ কৰ্মকাণ্ডত যুক্তিৰে ঢোকা দিবলৈ ব্যগ্ৰ হ’ল। শেহত উত্তমীমাংসা বা বেদান্তদৰ্শনে, সাংখ্য-পাতঞ্জলে তৰ্কৰ বামাৰলিৰে উৰাই দি গোলমাল কৰিব খোজা উপনিষদৰ ব্ৰহ্মবাদক যুক্তিতৰ্কৰ সুদৃঢ় ভেটিত স্থাপন কৰি, হিন্দুৰ আত্মতত্ববাদ, ব্ৰহ্মবাদ, সৃষ্টিতত্ববাদ আদি পৰমাৰ্থ চিন্তাক উন্নতিৰ অত্যুন্নত শিখৰত তুলিলে। কিন্তু তথাপি তাত সোণৰ কলচীত দিবলৈ থাকি গ’ল। সেই কলচীত গুৰিতে উপনিষদ। সাংখ্য, পাতঞ্জল, বেদান্ত দৰ্শনৰ বিৰোধ ভঞ্জন কৰি, সৰ্ব্বধৰ্ম্মৰ সমন্বয় কৰি, ঈশ্বৰবাদৰ সূত্ৰেৰে তাক বান্ধি, জ্ঞানযোগ, কৰ্ম্মযোগৰ অপূৰ্ব্ব অমূল্য সমলত ভক্তিযোগৰ মধুমিশ্ৰিত কৰ সেই কলচীটিত ভৰাই, পৰমেশ্বৰত অব্যভিচাৰী একশৰণ ধৰ্ম্মৰ তাক বাখৰ পতাই আৰ্য্য হিন্দুৰ অপূৰ্ব্ব ধৰ্ম্মৰ পৰমাৰ্থ চিন্তা মন্দিৰৰ মুৰত শ্ৰীমদ্ভগৱদ গীতাই তাক স্থাপন কৰিলে। অকল হিন্দু ধৰ্ম্মশাস্ত্ৰ কিয়, জগতৰ যাৱতীয় ধৰ্ম্মশাস্ত্ৰৰ ভিতৰত গীতাই নিঃন্দেহে অতি ওখ আসন আধিকাৰ কৰিছে।


দুই

       অতীজৰ বেদৰ কালৰপৰা এই কাললৈকে সকলো প্ৰ্কৃত ধৰ্ম্মশাস্ত্ৰ আৰু দৰ্শন শাস্ত্ৰি কয়,-ঈশ্বৰ অজ্ঞেয়, অব্যক্ত, অথচ বেদকে আদি কৰি সেইসকল শাস্ত্ৰই ঈশ্বৰক নিজেও চিন্তা কৰিছে, স্তুতি কৰিছে, পূজা কৰিছে আৰু মানুহকো তেনেকৈ কৰিবলৈ উপদেশ দিছে। অচিন্ত্য ঈশ্বৰৰ চিন্তা, অব্যক্ত ঈশ্বৰৰ পূজা আৰু স্তুতি পৰস্পবিৰোধী কথা; কিন্তু ওপৰে ওপৰে দেখোঁতেই, দকৈ গমি চালে নহয়।

       এটা কেঁচুৱা ল’ৰাই তাৰ মাকক চিনে, মাকৰ মৰম, খং আদি ভাব আৰু মাকৰ অস্তিত্ব অনুভৱ কৰিব পাৰে, অৱশ্যে তাৰ নিজৰ জ্ঞানৰ ক্ষমতা অনুসাৰে। [ ৬২ ] কিন্তু সম্পূৰ্ণ মাকজনী কি পদাৰ্থ, সেই মাকৰ বয়স, আদি, অন্ত, আগগুৰি ইত্যাদি নেজানে। মাকৰ মাতত্ব তাৰ আগত যিমান দূৰ প্ৰকাশিত অৰ্থাৎ সেই মাতৃত্বৰ ধাৰণা কৰিবৰ তাৰ যিমান ফেৰা ক্ষমতা সেই পৰিমাণেহে মাক তাৰ আগত ব্যক্ত, তাৰ দ্বাৰাই চিন্ত্য আৰু পূজিত। সূৰ্য্যৰ আমি আদিও নেজানো, অন্তও নেজানো, তেওঁক কোনে কৰিলে বা কিহৰে তেওঁ গঠিত হ'ল আৰু কেতিয়া ক'ত তেওঁৰ ওৰ পৰিব, ইত্যাদি সূৰ্য্যৰ সম্পূৰ্ণ জ্ঞান আমাৰ অজ্ঞেয়; কিন্তু তেওঁৰ সৈতে আমাৰ অছেদ অভেদ সমন্ধ আৰু তেওঁ যিমান দূৰ আমাৰ বুদ্ধিবৃত্তিত প্ৰকাশিত সিমান দূৰ তেওঁক আমি জানো। এই বাবে সূৰ্য্য আমালৈ যেনেকৈ অজ্ঞেয়, তেনেকৈ জ্ঞেয়ও। সৰহ দূৰলৈ যাবই নেলাগে, আমাৰ বন্ধু বা নিজৰ কুটুম এজনকে আমি যদিও দিনে ৰাতিয়ে দেখিছোঁ, তেওঁক ভালকৈ জানিছোঁ, তথাপি তেওঁক সম্পূৰ্ণকৈ জানিছোঁ বুলিলে ঠিক নহয়। আমি নজনা, ধৰিব নোৱাৰা, কত গুণ-দোষ তেওঁক অব্যক্ত হৈ আছে তাৰ ওৰ নাই। এইবোৰৰ তুলনাত অসীম অনন্ত ঈশ্বৰক জনা আমাৰ জ্ঞানফেৰাক তুলনা কৰি চোৱা। চোৱা ভাবি সি কিমান ফেৰা! তথাপি আমি ঈশ্বৰক নেজানো যে এনে নহয়। তেওঁৰ অস্তিত্ব আমি অনুভৱ কৰিব পাৰোঁ। তেওঁৰে আমাৰ নিত্য সমন্ধ। তেওঁক এৰি আমি এক মুহূৰ্ত্তও থাকিব নোৱাৰোঁ। তেওঁৰ চৰনত কৃতজ্ঞত, ভক্তি, সেৱা, পূজা নকৰাকৈ থকাটো আমাৰ পক্ষে অসম্ভৱ। যি গাৰ বলেৰে ঈশ্বৰক আঁতৰ কৰি সুকীয়া হৈ থাকিবলৈ যায় আৰু ঈশ্বৰৰ কৰুণ্য-কৃপা পায়ো তাক স্বীকাৰ নকৰি ভক্তিভৰে কৃতজ্ঞতা নজনাই বা জনাব নোৱাৰে, সি মিছলীয়া, অকৃতজ্ঞ আৰু অধৰ্ম। কিন্তু এনে এটা দিন আহে, যেতিয়া সেই মূঢ় অহঙ্কাৰীৰো অহঙ্কাৰ চূৰ্ণ হয়। সেই মূঢ় অগৰ্ব্বীয়ো সময়ত ধৰা নপৰি নেথাকে। আনকি ডাঙৰ বিপদৰ কথাই নকওঁ, সৰু পিছল বা উজুটি এটা খালেই সি স্বভাৱতে ধৰা পৰে। হে মানৱ! তুমি নিশ্চয় জানি থবা,- ঈশ্বৰে তোমাৰপৰা কৃতজ্ঞতা নিবিচাৰে, পূজা-ভক্তি নিবিচাৰে, কাৰণ তেওঁৰ একোৰে আৱশ্যক নাই। তেওঁ সূৰ্য্যৰ দৰে তোমাক জীৱন আৰু কিৰণ, পৰ্জন্যৰ দৰে বাৰি সমভাৱে দি গৈছে, দি যাব, কিন্তু সেইবোৰ পায়ো তোমাৰ হিয়াত কৃতজ্ঞতা-কিংশুক নুফুলিলে, ভক্তি ৰসৰ সোঁত নবলে, তুমি নিজকে এডোখৰ শিল বা এটা অগুণকাৰী পাষণ্ড প্ৰমাণ নকৰিবা নে? তুমি তোমাৰ পালক, জনক, ৰক্ষক, আনন্দদায়ক, মুক্তিদায়ক, ঈশ্বৰক সেৱা-ভজনা কৰাটো তোমাৰ কৰ্ত্তব্য কৰ্ম্ম বাবে কৰিব লাগে। তোমাপৰা সেইবোৰ ঈশ্বৰৰ আৱশ্যকীয় বুলি নহয়। কাৰণ তেওঁৰ একোৰে আৱশ্যক নাই। ঈশ্বৰৰ নিজৰ যদিও কোনো নাই, তথাপি তোমাক আৰ্হি দেখুৱাবলৈ, যাতে তেওঁ সৃষ্ট সংসাৰত কৰ্ম্মলোপ নহয়। তাৰ নিমিত্তে তেওঁ স্বয়ং কৰ্ম্মশীল।

       ঈশ্বৰ কোনো এটা লিঙ্গৰ অন্তৰ্গত নহয়। তেওঁ পুং, স্ত্ৰী আৰু ক্লীব কোনো এটা লিঙ্গৰ ভিতৰত নহয়। তেওঁ পুৰুষো নহয়, তিৰোতাও নহয়। আমাৰ কল্পনাই তেওঁত পুৰুষ ব স্ত্ৰীভাব আৰোপ কৰে। আৰু সেই ভাবৰ ব্যক্তিৰ শেষ ফলৰ উৎকৰ্ষ-অপকৰ্ষ অনুসৰি আমি তেওঁৰ সমীপবৰ্ত্তী বা দূৰবৰ্ত্তী হওঁহক। তেওঁ জগৎ সৃষ্টি [ ৬৩ ] কৰিছে, সেইদেখি আমি কল্পনা কৰিও লওঁ যে তেওঁৰ এভাগ প্ৰকৃতি, এভাগ পুৰুষ কিয়নো দেখি-শুণি আমাৰ জ্ঞান জন্মিছে যে পুৰুষ আৰু প্ৰকৃতি বা তিৰোতাৰ সংযোগতেহে সৃষ্টি হোৱাতো নিয়ম। এই বাবে আদি দৰ্শনশাস্ত্ৰ সাংখ্যই ভাবি-চিন্তি বিচাৰ কৰি প্ৰকৃতি-পুৰুষৰ কলল্পনাতে চিন্তাৰ ওৰ পালালেগৈ। সাংখ্যৰ পিছৰ পাতঞ্জলেও তাকে কৰিলেগৈ। কিন্তু তাকে কৰোঁতে তেওঁলোকে তৰ্কৰ ঠেলাত পৰি বাস্তৱিক পক্ষত বাটতে ৰ'বলগীয়া হ'ল। ঈশ্বৰৰ থানত ওলাবগৈ নোৱাৰিলে। সাংখ্যই ক'বলৈ বাধ্য হ'ল "ঈশ্বৰাসিদ্ধেঃ' (সাংখ্য দৰ্শনৰ প্ৰথম অধ্যায়ৰ ৯২ সূত্ৰ) প্ৰমাণৰ অভাৱত ঈশ্বৰ অসিদ্ধি অৰ্থাৎ ঈশ্বৰৰ অস্তিত্বৰ বিষয়ে প্ৰমাণ নাই।

       সাংখ্যৰ মতে প্ৰকৃতি সবিকাৰ, পুৰুষ কুটস্থ, নিৰ্ব্বিকাৰ। প্ৰকৃতি গুণময়ী, পুৰুষ নিগুৰ্ণ। প্ৰকৃতি ভোগ্য, পুৰুষ ভোক্তা। প্ৰকৃতিয়েই গুণৰ দ্বাৰায় জগতৰ সৃষ্টি, স্থিতি, লয় আদি সকলো কাম সম্পাদন কৰে। পুৰুষ অকৰ্ত্তা, উদাসীন আৰু সাক্ষীস্বৰূপ হৈ বহি থাকে। প্ৰকৃতিৰপৰা সত্ব, ৰজঃ, তমঃ-এই তিনি গুণ ওপজে আৰু পুৰুষে এই তিনি গুণৰ নিমিত্তে উৎপন্ন হোৱা সুখ-দুখ ভোগ কৰে আৰু এই তিনি গুণৰ দ্বাৰায় বান্ধ খায়েই পুৰুষ আবদ্ধ থাকে। প্ৰকৃতি-পুৰুষ পৰস্পৰ সংযুক্ত থাকে দেখি প্ৰকৃতিৰ গুণ পুৰুষে পায় আৰু পুৰুষৰ গুণ অৰ্থাৎ চৈতন্য-শক্তি প্ৰকৃতিত সংক্ৰমিত হয়। সেই নিমিত্তে বাস্তৱিকতে প্ৰকৃতি জড় হ'লেও তেওঁক সচেতন যেন লাগে, আৰু পুৰুষ অকৰ্ত্তা হ'লেও তেওঁক কৰ্ত্তা যেন লাগে। প্ৰকৃতি জড়, সেই বাবে অন্ধ। পুৰুষ অকৰ্ত্তা সেইবাবে খোৰা। প্ৰকৃতিৰ অভাৱত পুৰুষ খোৰা পুৰুষৰ অভাৱত প্ৰকৃতি কণা। দুয়ো লগ লাগি থাকি দুইৰো অভাৱ পূৰণ কৰে। প্ৰকৃতি-পুৰুষৰ সংযোগৰ ফলেই সৃষ্টি। প্ৰকৃতিৰ সৃষ্টি নিজৰ নিমিত্তে নহয়, লোকৰ নিমিত্তে। পুৰুষ দৰ্শক হৈ উপস্থিত নেথাকিলে প্ৰকৃতিয়ে কোনো কাৰ্য্যই নকৰে। সৃষ্টিৰ উদ্দেশ্য হৈছে পুৰুষৰ ভোগ আৰু মোক্ষ সাধন। সাংখ্য দৰ্শনত ঈশ্বৰৰ কোনো উত্থাখপনেই নাই। সৃষ্টি বোলা, মুক্তি বোলা, একোতে ঈশ্বৰৰ কোনো সম্পৰ্ক নাই। সাংখ্যই লক্ষ্যই কৈৱল্যমুক্তি। এই কৈৱল্যমুক্তি লভিবৰ উপায় জ্ঞান, যথা ̶ (১) অব্যক্ত বা মূল প্ৰকৃতি, (২) বুদ্ধি বা মহৎ তত্ব, (৩) অহঙ্কাৰ, (৫) পঞ্চবিংশতি তত্ত্বৰ জ্ঞান মানে প্ৰকৃতি আৰু পুৰুষৰ ভেদজ্ঞান। এই তত্বজ্ঞান যাৰ হৈছে তেওঁৰ মুক্তি হয়। এই জ্ঞানৰ দ্বাৰাই পুৰুষে যেতিয়া আপোনাকে আপুনি ভালকৈ জানিব পাৰে, তেতিয়া প্ৰকৃতি নাচনীৰ লীলাখেলা বন্ধ হয়, সৃষ্টিৰ বিৰাম হয় আৰু তেতিয়া জীৱই দূখৰ হাত সাৰি কৈৱল্যমুক্তি লাভ কৰে।

       পাতঞ্জল দৰ্শনো প্ৰায় সাংখ্যৰ নিচিনাই। পাতঞ্জলৰ পদাৰ্থবিভাগ সাংখ্য দৰ্শনৰ পদাৰ্থবিভাগৰ নিচিনা। সৰহৰ ভিতৰত মাত্ৰ পাতঞ্জলৰ ঈশ্বৰ স্বীকাৰ। সাংখ্য পঞ্চবিংশতি তত্ববাদী, পাতঞ্জল ষড়বিংশতি তত্ত্ববাদী। সেই ষড়বিংশতিতম তত্ত্বটিয়েই হৈছে ঈশ্বৰ। এই বাবে পাতঞ্জল দৰ্শনক সেশ্বৰ সাংখ্যও বোলে। পাতঞ্জলৰ মুখ্য বিষয় যোগ। পাতঞ্জল যোগ মানে 'চিত্ত্ববৃত্তি-নিৰোধ'। যোগ অষ্টাঙ্গ। যম, নিয়ম, [ ৬৪ ] আসন, প্ৰাণায়ম, প্ৰত্যাহাৰ, ধ্যান, ধাৰাণা আৰু সমাধি - এই অষ্টাঙ্গ। এই আঠোটাৰ পাঁচোটা বহিৰঙ্গ আৰু তিনিটা অন্তৰঙ্গ। ধ্যান-ধাৰণা আৰু সমাধিয়েই অন্তৰঙ্গ তিনিটা। চিত্তবৃত্তিৰ সম্পূৰ্ণ নিৰোধ হ'লে নিৰ্বীজ সমাধি লাভ হয়। যিবোৰ চিত্তবৃত্তি ক্লেশ, কৰ্ম্ম-বিপাক আৰু আশ্ৰয়জনক সেইবোৰ বৃত্তি নিৰোধ কৰাই নিৰ্ব্বীজ সমাধিৰ উদ্দেশ্য। সমাধিৰ ওখ অৱস্থাক নিৰ্ব্বীজ সমাধি বোলে। ধ্যানৰ পৰিপক্ক অৱস্থাত চিত্ত আন আন বিষয়ত সংজ্ঞাশূন্যৰ নিচিনা হয়, মাথোন ধ্যেয়াকাৰে স্ফূৰ্ত্তি পাই থাকে। এনে অৱস্থাকে নিৰ্ব্বীজ সমাধী বোলে। অভ্যাস আৰু বৈৰাগ্যই এই সমাধি লাভ কৰিবৰ মূখ্য উপায়। "ঈশ্বৰপ্ৰণিধানাদ্বা" বুলি আৰু এটা উপায়ো পাতঞ্জল মতে যোগ সিদ্ধিৰ কোনো বাধা নহয়। সাংখ্যৰ নিচিনাকৈ পাতঞ্জল দৰ্শনৰ কৈৱল্যসিদ্ধি পুৰুষৰ স্বৰূপত অৱস্থান। যোগ সিদ্ধিৰ দ্বাৰায় পুৰুষে প্ৰকৃতিৰপৰা নিজক সুকীয়াকৈ চিনি ল'ব পাৰিলেই সিদ্ধি লাভ হয়। এয়েই কেৱল্যৰ অৱস্থা। এই কেৱল্যৰ অৱস্থাত চিত্তবৃত্তিবোৰ প্ৰকৃতিত বিলীন হৈ যায়। পুৰুষ তেতিয়া শুদ্ধ, বুদ্ধ, অকলসৰীয়া বা কেৱলীয়াভাৱে থাকে। পাতঞ্জলৰ যোগৰ অৰ্থ পৰমাত্মাৰে সৈতে জীৱৰ সংযোগ নহয়। প্ৰকৃতি-পুৰুষৰ যি বিয়োগ বা পাৰ্থক্য সাধন তাকেই যোগ বোলে। পূৰ্ব্ব-মীমাংসা জৈমিনিয়ে কৰা উত্তৰ-মীমাংসা দৰ্শনৰ উদ্দেশ্য। বেদান্তৰ প্ৰতিপাদ্য ব্ৰহ্মজ্ঞান আৰু অদ্বৈতবাদ। জীৱ আৰু ব্ৰহ্ম এক। নিৰ্গুণ ব্ৰহ্মত জীৱাত্মা প্ৰতিষ্ঠিত হ'লে জীৱৰ মুক্তি।

       কিন্তু ঈশ্বৰ যে এই সমস্ত সৃষ্টিৰ বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰ, সাংখ্যই সেই ঈশ্বৰক তেওঁৰ লেখৰপৰা বাদ দি ব্যাসাৰ্দ্ধ আৰু পৰিধিৰ ওপৰত মাথোন সমস্ত বিশ্বব্ৰহ্মাণ্ড থিয় কৰিছে। বেদান্ত দৰ্শনে ব্যাসাৰ্দ্ধ আৰু পৰিধিৰ ওপৰত মাথোন সমস্ত বিশ্বব্ৰহ্মাণ্ড থিয় কৰিছে। বেদান্ত দৰ্শনে ব্যাসাৰ্দ্ধক মিছা মায়া বুলি উৰাই দি কেন্দ্ৰ আৰু পৰিধিক একে কৰি অৰ্থাৎ জীৱাত্মা আৰু পৰমাত্মাক একে কৰি দুইকো নিৰ্গুণ ব্ৰহ্মাণ্ড শেষ কৰিছে। বেদান্তৰে সৈতে গীতাৰ ঘনিষ্ঠ সমন্ধ। গীতাও ব্ৰহ্মবাদী, অদ্বৈতবাদী, কিন্তু গীতাৰ ব্ৰহ্ম সগুণ ব্ৰহ্ম, অদ্বৈতবাদ বিশিষ্ট অদ্বিতবাদী। ঈশ্বৰ গীতোক্ত মতৰ কেন্দ্ৰ, প্ৰকৃতি ব্যাসাৰ্দ্ধ, জীৱবোৰ পৰিধি। উপনিষদৰ "ঈশাৱাশ্য মিদাং সৰ্ব্বং যৎকিঞ্চ জগত্যাং জগৎ" অৰ্থাৎ ঈশ্বৰৰ দ্বাৰাই সমস্ত জগৎ ঢাক খাই আছে, এই সগুণ একত্বই গীতাৰ প্ৰতিপাদ্য।

       গীতাৰ নিচিনাকৈ শঙ্কৰদেৱে কয় --

তুমি সত্য ব্ৰহ্ম       তোমাত প্ৰকাশে
জগত ইটো অসন্ত।
জগততে সদা       তুমিও প্ৰকাশা

অন্তৰ্য্যামী ভগৱন্ত।।

       এতেকে জগতখন শহাপহুৰ শিং বা ইন্দ্ৰজাল বিদ্যাৰ নিচিনা একেবাৰেই মিছা [ ৬৫ ] মৰীচিকা নহয়। এই জগৎ আমাৰ পৰম উপকাৰী, আমি ইয়াত থাকি তোমাৰ নিৰ্দ্দিষ্ট কৰ্ম্ম কৰি তোমাক সেৱা কৰি তৰিবলৈ তুমি আমাক দিছা। এই বাবে দুষ্ট কলিকাল, নৰতনু, ভাৰতবৰ্ষ ধন্য; কাৰণ ভাৰতত কলিত নৰতনু পাই, তোমাৰ নাম-গুণ গাই তোমাক ভক্তি কৰি ভজনা কৰি আমি তৰিবলৈ তুমি বাট কৰি দিছা। শঙ্কৰদেৱৰ ধৰ্ম্মৰ এই সাৰ কথা।

       সাংখ্যৰ মতে প্ৰকৃতি আৰু পুৰুষ এই দ্বৈততত্ব অনাদি। অপৰা প্ৰকৃতি জড়বৰ্গৰ উপাদান। পৰা-প্ৰকৃতি চৈতন্যৰূপী জীৱভূত প্ৰকৃতি। গীতাই কয়, প্ৰকৃতি আৰু পুৰুষ চৰম তত্ব নহয়। প্ৰকৃতি পুৰুষৰ অতীত সৰ্ব্বব্যাপী সৰ্ব্বগত পৰম পুৰুষ যি তেৱেঁই জগতৰ মূল কাৰণ। সত্ব ৰজ: তম: -এই ত্ৰিগুণও তেওঁৰপৰা ওলাইছে। ভূত চৰাচৰ ঈশ্বৰৰ অপাৰ প্ৰকৃতি, জীৱাত্মা পৰা-প্ৰকৃতি। পৰমাত্মাৰে সৈতে ভূত চৰাচৰতকৈও জীৱাত্মাৰ বিশেষ সমন্ধ আছে। পৰমাত্মাই আমাৰ উপাস্য দেৱতা। তেওঁ আমাৰ ভক্তি, পূজা, উপাসনা গ্ৰহণ কৰিছে। তেওঁ আমাৰ পিতা, মাতা, ইষ্ট, সোদৰ, বন্ধু। তেওঁ পাপীৰ পৰিত্ৰাতা, মুক্তিদাতা, ধৰ্ম্ম প্ৰৱৰ্ত্তক, সকলোৰে প্ৰভূ, মহান পুৰুষ; "মহা প্ৰভূৰ্বৈ পুৰুষঃ সত্ত্বস্য প্ৰবৰ্ত্তকঃ"। এই পৰমেশ্বৰ কৃষ্ণই সৃষ্টি, স্থিতি আৰু প্ৰলয়কাৰী তিনিজন দেৱতা (Trinity) ব্ৰহ্ম বিষ্ণু শিৱকো ছন্দি আছে। সেইদেখি মহাপুৰুষীয়া বৈষ্ণৱ ভক্তই সেই পৰমশ্বৰ কেশৱৱক স্তুতি কৰি গায় ̶

ক ঈ শ জানিবা       ব্ৰহ্মা বিষ্ণু মহেশ্বৰ
প্ৰতি প্ৰতি তিনিৰে অন্বয়।
ৱ পদে নাৰায়ণ       তিনিকো আছয় ছান্দি,

এহি হেতু কেশৱ বোলয়।।

       ভগৱান শ্ৰীকৃষ্ণই কৈছে- এই ত্ৰিগুণাত্মিকা পৰা-প্ৰকৃতি মোৰ মায়া। মই যোগামায়াৰ দ্বাৰায় প্ৰচ্ছন্ন হৈ আছোঁ, সকলোৰে আগত প্ৰকাশমান নহওঁ। এই নিমিত্তে মূঢ়সকলে মোক জন্মহীন আৰু অব্যয় বুলি নেজানে।

       শঙ্কৰ-মাধৱৰ প্ৰচাৰিত ধৰ্ম্মইও কয় ̶ প্ৰকৃতি-পুৰুষেই চৰম তত্ত্ব নহয়। তেওঁলোকৰো নিয়ন্তা মাধৱ ঈশ্বৰ আছে ̶

প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মাধৱ।

সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।। ̶ ঘোষা।

       বেদান্তৰ জীৱ ব্ৰহ্ম একীভূত হোৱা কথা আৰু জীৱ মুক্ত হৈ নিৰ্গুণ ব্ৰহ্মত স্থিতি লাভ কৰা কথাই সগুণ পুৰুষোত্তম ঈশ্বৰক উপাসনা ভজনা কৰা পুৰুষীয়াক নাটে। জীৱই শুদ্ধ হৈ ব্ৰহ্মত্ব লাভ কৰে।

কৃষ্ণকেসে মাত্ৰ ভজে যিটো জনে
অব্যভিচাৰী ভকতি।
তিনি গুণ অতি ক্ৰমি ব্ৰহ্মৰূপ

পাৱে সিটো মহামতি।।

এনে নিৰ্গুণ ব্ৰহ্মৰূপ পাই মুক্ত হৈয়ো মহাপুৰুষীয়া ভকতি স্থিৰ থাকিব নোৱাৰে। তেওঁ তাতে সন্তুষ্ট নহয়। তেওঁ সেই অৱস্থাও অতিক্ৰম ক্ষৰাক্ষৰৰ অতীত সগুণ [ ৬৬ ] ঈশ্বৰৰ গুণ নাম শ্ৰৱণ কীৰ্ত্তন কৰি, ঈশ্বৰৰ চৰণত শৰণ লৈ, ভজন ভক্তি কৰি, সন্তোষ-অমৃত জলেৰে ভৰা হৰিভক্তি-সৰোবৰত ফুলি থকা কৃষ্ণপাদপদ্ম সেৱা কৰিহে সন্তোষ্ট হয়।

হৰিভক্তি-সাৰোবৰে সন্তোষ-অমৃত-জলে
কৃষ্ণ-পাদপদ্ম প্ৰকাশয়।
ৰাম-নাম-ৰাজহংস ছানিয়া আৰাৱে কৰে

শুনি আতি সন্তোষ মিলয়।। (ঘোষা)

       সেইদেখি শঙ্কৰদেৱৰ ধৰ্ম্মক ধৰা একান্ত বৈষ্ণৱ ভকত, নিৰ্গুণ ব্ৰহ্মত স্থিতি লভা "মুক্তত নিস্পৃহ"। মহাপুৰুষীয়া বৈষ্ণৱ হোল্‌গজ ভকত। তেওঁ একে আষাৰতে কৈ থয় -"তোমাৰ বেদ বেদান্তই কোৱা মুকুতি আমাক নেলাগে, আমি তাৰ ভূ নেপাওঁ আৰু নলওঁ। আমি তোমাৰ সাংখ্য পাতঞ্জল একো বুজ নেপাওঁ আৰু তাৰ বুজো নলওঁ। আমি ভূ পাওঁ ঈশ্বৰক, এজন Personal God- অক, All- Pervading Deity-ক, যি আমাৰ পিতা, সুহৃদ, ৰক্ষাকৰ্ত্তা আৰু প্ৰভূ। আমাৰ Ambition (উচ্চ আশা) সেইজনৰ দাসৰো দাস হৈ থাকিবৰহে। তেওঁক সেৱাভক্তি কৰি, তেওঁৰ নামগুণ থাকিবলৈ পালেই আৰু আমাক তোমাৰ স্বৰ্গ, ব্ৰহ্মপদ, মুক্তি একোকে নেলাগে। আমাক তোমাৰ সুখো নেলাগে, দূখো নেলাগে, বিষয়-সম্পত্তি ঐশ্বৰ্য্য- বিভূতিও নেলগে। আমাক লাগে মাত্ৰ আমাৰ পুৰুষোত্তম গুণনাম কৰ্ণ ভৰি শ্ৰাৱণ কৰিবলৈ আৰু মুখ ভৰি ল'বলৈ।"

       এই ভাবৰ দ্বাৰায় পৰিচালিত হৈহে, নিৰ্গুণ ব্ৰহ্মত স্থিতি মুক্ত শুকদেৱে পৰীক্ষিতক কৈছিল-

পৰিনিষ্ঠিতোহপি নৈৰ্গুণ্যে উত্তযঃশ্লোকলীলয়া।
গৃহীতচেতা ৰাজৰ্ষে আখ্যানং যদধীতৱান্‌।
শুক নিদগতি পৰীক্ষিত       যদি আমি নিৰ্গুণত স্থিত
তথাপি উত্তম শ্লোকৰ মহিমা গুণ।
কৰিলেক মোৰ বশ্য চিত্ত       ভাগৱত গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো মই আপুনে।।(ঘোষা)

এই বাবেহে সনক সনন্দ নাৰদ আদিয়েব্ৰহ্মলাভ কৰি মুক্ত হৈও হৰিভকতৰ সঙ্গ বিচাৰি কৃষ্ণকথা শুণি ফুৰে, কৃষ্ণগুণ কীৰ্ত্তন কৰি ফুৰে। এই বাবেহে ঘোষাই কয়-

ঐকান্তিক মহামুনি যত       নিৰ্বত্তিয়া বিধি-নিষেধত
নিৰ্গুণ ভাবত স্থিতি হুৱা নিৰন্তৰে।
জানি সাৰতত্ত্ব        কৃষ্ণ-কথামৃত-সাগৰত
কথনে-মগনে সদায় ৰমন কৰে।।
প্ৰায়েন মুনয়ো ৰাজন্‌ নিবৃত্তা ৱিধিসেধতঃ।

নৈৰ্গুণ্যস্থা ৰমন্তে স্ম গুণানুকথনে হৰেঃ।।

পাতঞ্জলৰ সমাধিৰ উচ্চ অঙ্গ নিৰ্ব্বীজ সমাধী আৰু সাংখ্যৰ কৈৱল্য একে বুলিয়েই ওপৰত কৈছোঁ। পাতঞ্জলৰ মতে জানিবা সাধন বা অভ্যাসৰ দ্বাৰায় চিত্তবৃত্তি নিৰোধত [ ৬৭ ] কৃতকাৰ্য্য হ'লোঁ, কিন্তু ভজনাৰ দ্বাৰায় যদি ভক্তবৎষল ভগৱানৰ প্ৰেমামৃত ৰসপান নকৰিলোঁ, তেন্তে সেই সাধনাৰ ফল কি ?চিত্তক বশীভূত কৰাওঁ কিহৰ নিমিত্তে? কিন্তু গীতাই কোৱা যোগ পৰমাত্মাৰে সৈতে আত্মাৰ যোগ। জ্ঞানেৰে, কৰ্ম্মেৰে, ভক্তিৰে পৰমাত্মা পৰমেশ্বৰৰ সৈতে সম্পূৰ্ণৰূপে মিলি যোৱাই হৈছে গীতাৰ অধ্যাত্মাযোগ। সাংখ্যৰ কৈৱল্য সিদ্ধি কৰি পুৰুষৰ স্বৰূপত অৱস্থান আৰু পাতঞ্জলৰ নিৰ্বীজ সমাধিঅৰ সাধনাৰ দ্বাৰায় প্ৰকৃতিৰপৰা-পুৰুষক স্বতন্ত্ৰৰূপে পুৰুষে আপোনাক আপুনি চিনি ল'লে আৰু এই অৱস্থাত প্ৰকৃতি চিত্তবৃত্তিবোৰ প্ৰকৃতি বিলীন হৈ গ'ল। পুৰুষে তেতিয়া শুদ্ধ, বুদ্ধ, কেৱলীয়াভাৱে বিৰাজ কৰিলে। কিন্তু তাৰ পিছত? এই যোগ যে পৰমাত্মাৰে সৈতে জীৱাত্মাৰ সংযোগ নহয়, প্ৰকৃতি-পুৰুষৰ পাৰ্থক্য সাধন বা বিয়োগহে। এই কৈৱল্যৰ অৱস্থা অভাবাত্মাক দেখি দুখনিবৃত্তিহে মাথোন হ'ল, তালৈ পূৰ্ণ সূখ পূৰ্ণানন্দ নাহিল। কিন্তু গীতাৰ যোগ অভাবাত্মক সূখৰ পূৰ্ণমাত্ৰা, অতীন্দ্ৰিয় আত্যান্তিক সূখ। অনাহাৰ প্ৰভৃতি উপায়েৰে শৰীৰক পীড়ন কৰা যোগ অভ্যাস গীতাৰ পথ নহয়। গীতাই তেনেকৈ শৰীৰক কষ্ট দিয়া সন্ন্যাসী বা যোগীক বৰং আসুৰিক প্ৰকৃতিৰ মানুহহে বোলে। গীতাৰ যোগৰ পথ মধ্য-পথ। গৃহী সন্ন্যাসী সকলোৰে এই যোগ সাধ্যায়ত।

কৰ্শয়ন্তঃ শৰীৰস্থ্ং ভূতগুআমমচেতসঃ

মাঞ্চৈৱান্তঃশৰীৰস্থ্ং তান্‌ ৱিদ্ধ্যানুৰনিশ্চয়ান্‌।

       এনেকৈ দম্ভ অহঙ্কাৰেৰে স্ফিত হৈ অনশন ব্ৰ্তাচাৰেৰে শৰীৰ শোষণ কৰোঁতাই অন্তৰস্থ মোকো নিৰ্য্যাতন কৰে বুলি ভগৱানে গীতাত স্পষ্টকৈ কৈছে। আমাৰ শঙ্কৰদেৱ, মাধৱদেৱৰ ধৰ্ম্ম শিক্ষাও সেয়েহে। তেওঁলোকেও পৰমাত্মা পৰমেশ্বৰেৰে সৈতে জীৱাত্মাৰ যোগাত্মাৰ যোগাকাঙক্ষী, কিন্তু শৰীৰক কষ্ট দি, অন্তৰস্থ আত্মআকো তাৰ দ্বাৰাই নিৰ্য্যাতন কৰি যোগ বিচৰা সন্ন্যাসী যোগী আদিৰ পথক তেওঁলোকে অনুমোদনৰ চকুৰে কেতিয়াও নেচায়। সন্ন্যাস অৱলম্বন কৰোঁতাসকলৰ পথ সেইদেখি তেওঁলোকৰ অনুমোদিত নহয় আৰু সেইদেখি তেনে ধৰ্ম্মপ্ৰচাৰৰ প্ৰণালী তেওঁলোকে অসমত সোমাব নিদিয়াকৈ ৰাখিছিল। ব্ৰত উপবাস আদি সেই বাবে তেওঁলোকে তেওঁলোকৰ ধৰ্ম্মৰ পথপৰা আঁতৰাই থৈছিল। অদ্বৈতবাদী সন্ন্যাসী বা যোগী ফকিৰৰ বাটলৈ সেইদেখি তেওঁলোকে তেওঁলোকৰ ভক্তক ঢাল ল'ব। নিদিছিল। তেওঁলোকে সেইদেখি সকলোকে নিজৰ গৃহত থাকি, আসনতে থাকি সুখেৰে হৰিগুণ শ্ৰৱণ-কীৰ্ত্তন কৰিবলৈ বাৰে বাৰে উপদেশ কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলীৰ পাতে পাতে।

দেৱৰ দূৰ্ল্লভ       ইহেন জন্মক
বৃথা কৰা কোন কামে।
গৃহতে থাকিয়া        হৰিক স্মৰিয়া
মোক্ষ সাধ্য হৰি নামে।। -কীৰ্ত্তন
হেন বদে বাণী       তত্ব হেন জানি

আসনতে সুখ থাকি।
[ ৬৮ ]

আপোনাক তাৰা পুৰুষ উদ্ধাৰা

হৰি হৰি বোলা ডাকি। -কীৰ্ত্তন

এনে নিৰ্ম্মল বিশুদ্ধ ধৰ্ম্ম শঙ্কৰ-মাধৱৰ। সোণ এশবাৰ জুইত পুৰি ল'লে তাৰ বৰণ উজ্জ্বল হোৱাদি এই ধৰ্ম্ম বিচাৰ, বাদ আৰু আলোচনাৰ অগ্নিত পুৰি উজ্জ্বলহে হৈ ওলায়। দুখৰ কথা যে এনে ধৰ্ম্মক অজ্ঞজনে সাম্প্ৰদায়িক ধৰ্ম্ম বোলে !! এনে ধৰ্ম্ম হাততে থকা ৰত্নক নিচিনি অসমীয়াই ভৰিৰে ঠেলি পেলাই লোকৰ ছাই-মাকটি বিচাৰি ফুৰে!! হাততে থকা ৰত্নক নিচিনি অসমীয়াই ভৰিৰে ঠেলি পেলাই লোকৰ ছাই-মাকটি বিচাৰি ফুৰে!! হায়! আমাৰ কি অধঃপতন। গোহালিৰ গৰুৰে বাৰীৰ ঘাঁহৰ ৰাহি নাহে বুলি বুঢ়ালোকে কৈ গৈছে। তেনে অৱস্থা এতিয়া আমাৰ হৈছে। মহপুৰুষ শ্ৰীশঙ্কৰদেৱৰ মিল মহান উদাৰ ধৰ্ম্মৰ পানীৰে আমাৰ দেশ গোটেইখন বুৰি আছে অথচ আমি লোকৰ নাদ পুখুৰী বিচাৰি চলাথ কৰিছোঁ। গীতাত কৈছে-

যাৱানাৰ্থ উদপানে সৰ্ৱতঃ সংপ্লুতোদকে।

       অৰ্থাৎ "সকলো ঠাই জলপ্লাৱিত হ'লে ঘৰত বহিও পানী পোৱা যায় যেতিয়া, নদী-কুপাদিলৈ যাবৰ সকাম নাই।" কিন্তু আমি হ'লে এনে অৱস্থাতো পানীৰ নিমিত্তে লোকৰ নআদ-পুখুৰী বিচাৰি হবথুৰি খাই ফৰিছোঁ! অসমীয়া মাছ পানীত থাকিও পিয়াহত মৰে! ভক্ত কবীৰাই ঠিক কৈছিল-

পানী মে মীন পিয়াসী ৰে।

লোক সুনত সুনত লাগত হাসি ৰে।।

এতেকে হে অসমীয়া! তুমি তোমাৰ বৃথা গৰ্ব্ব মিছা অহম্মম পৰিত্যাগ কৰি নিজৰ দেশৰ নিচেই আপোনাৰ অমূল্য মহৰত্ন দলিয়াই নেপেলাই তাক ডিঙিত বান্ধি লৈ ভক্তিভাৱেৰে গোৱা -

পৰম কৃপালু       মন্ত শঙ্কৰে
লোকক কৰিলা দায়া।
হৰিৰ নিৰ্ম্মল        ভকতি প্ৰকাশ

কৰিলা শাস্ত্ৰক চায়া।।


তিনি


ওঁ যো দেৱোহগ্নৌ যোহপসু যো ৱিশ্বং ভুৱনমাৱিৱেশ।

য ওষধিষু যো বনস্পতিষু ভস্মৈ দেৱায় নমো নমঃ।।

       উপনিষদ আৰু ঈশ্বৰ প্ৰতিপাদত দৰ্শনে ঈশ্বৰৰ স্বৰূপ নিৰ্ণয় কৰিবলৈ দুট বাট অৱলম্বন কৰে, - অন্বয় আৰু ব্যতিৰেক। এই দুটা বাটৰ যাত্ৰী স্থূলত দুভাগ - এভাগে এটা বাটেদি, আন ভাগে সিটো বাটেদি যাত্ৰা কৰে, কিন্তু দুই ভাগৰে উদ্দেশ্য একে, -ঈশ্বৰপ্ৰাপ্তি বা ঈশ্বৰৰ স্বৰূপ নিৰ্ণয়। দুই দলৰে বাট লৈহে মতান্তৰে আৰু দ্বন্দ খৰিয়াল, উদ্দেশ্য লৈ নহয়। অন্বয় বাটেদি যোৱাসকলে কয় - এক ঈশ্বৰেই সৰ্ব্বব্যাপক হৈ আছে, গোটাই বিশ্বব্ৰহ্মাণ্ডই ঈশ্বৰ। পশু-পক্ষী, জল- আকাশ, [ ৬৯ ] সকলো পদৰ্থতে সকলোতে ঈশ্বৰ অনুপ্ৰবিষ্ট হৈ আছে। তুমি ঈশ্বৰ, মই ঈশ্বৰ, তেওঁ গোটেই জগৎ বিশ্বব্ৰহ্মাণ্ড ঈশ্বৰ। ব্যতিৰেক বাটেদি যোৱাসকলৰ মূলমন্ত্ৰ "নেতি"। "নেতি" অৰ্থাৎ ঈশ্বৰ এইটো নহয়, সেইটো নহয়, তেনে নহয়, স্থূল নহয়, অণু নহয়, হ্ৰস্ব নহয়, দীৰ্ঘ নহয়, ইত্যাদি ইত্যাদি। দুই বাটৰ বাটৰুৱাই নিজৰ নিজৰ মত, দৰ্শন আৰু তৰ্কশাস্ত্ৰৰ অকাট্য যুক্তিৰে প্ৰমাণ কৰে। কিন্তু স্বৰূপাৰ্থত এই দুই বাটৰ বাটৰুৱাৰ কোনো মতেই চূড়ান্ত মত নহয়, কাৰণ অকলসৰীয়াকৈ প্ৰত্যেকটো মতেই অসম্পূৰ্ণ; কিন্তু দুয়ো মিলি হ'লে সম্পূৰ্ণ। ঈশ্বৰ সৰ্ব্বব্যাপক আৰু সকলো, আৰু সকলো নহয়ও। ঈশ্বৰক সৰ্ব্বব্যাপক আৰু সকলো বুলিলে, তেওঁৰ বাহিৰে আন একো নাই বুলিলে তেৱেঁইহে সকলো হৈ থাকে, আনলৈ অৰ্থাৎ তেওঁৰপৰা সুকীয়া সৃষ্ট পদাৰ্থলৈ আৰু সৃষ্ট পদাৰ্থৰ কোনো কাৰ্য্যলৈ ঠাই নেথাকে। তেতিয়া কৰ্ত্তব্য আৰু দায়িত্ব, সৃষ্টকৰ্ত্তা আৰু সৃষ্টি এইবোৰ একেবাৰেই মিলি একেটা হৈ যায়; কাৰণ এনে হ'বই লাগিব নহ'লে জগৎ ব্ৰহ্ম অৰ্থাৎ ঈশ্বৰৰ সৰ্ব্বভূতময়ত্ব যাব- যিটো অসম্ভৱ। আন ফালে ঈশ্বৰ এইটো নহয়, সেইটো নহয় হ'লে ঈশ্বৰ খণ্ড, সীমাবদ্ধ কৰে। তৰ্কশাস্ত্ৰ, যুক্তি আৰু দৰ্শন শাস্ত্ৰমতে দুইটা হোৱাটো অসম্ভৱ অৱস্থা। "ক" "খ" নহয়, "খ"ও "ক" নহয়। "নাই"ত "আছে" হ'ব নোৱাৰে, "আছে" হ'ব নোৱাৰে, "আছে"ত "নাই" হ'ব নোৱাৰে। কিন্তু ঈশ্বৰ "ক"ও, "খ"ও, অথচ "ক" "খ" নহয়, "খ" "ক" নহয়। ঈশ্বৰ "আছে"তো "নাই", "নাই"তো "আছে"। এইদেখি আমাৰ তৰ্ক-যুক্তি দৰ্শনৰ সহায় লৈ ঈশ্বৰক পাব নোৱাৰি বুলি জ্ঞানী সাধুৱে কৈছে-

যতো ৱাচো নিৱৰ্ত্তত্তে অপ্ৰাপ্য মনসা সহ।
যিটো ব্ৰহ্ম নোহে তৰ্কগোচৰ।

নপাৱে বচনে মনে ওচৰ।।- শঙ্কৰদেৱ

       তেন্তে আমি দেখিলোঁ যে আমাৰ জ্ঞান-ইন্দ্ৰিয় যি আছে ঈশ্বৰক জানিব নোৱাৰি, ঈশ্বৰ তাৰ অগোচৰ। তেওঁক জানিবলৈ transcendental logic লাগে যি logic এ 'ক'কো' 'খ' বোলে, আৰু "আছে"ত নাই প্ৰমান কৰে "নাই"ত আছে প্ৰমান কৰে। ঈশ্বৰক জানিবলৈ super- sense (অতীন্দ্ৰীয়) লাগে। সেই sense হৈছে আত্মপ্ৰত্যয়, আত্মানুভূতি (intention); সাধকসকলে তাৰেহে তেওঁক জানিছিল, আমিও সকলোৱে তাৰেহে যি অলপ জানিব পাৰিছোঁ আৰু পাৰোঁ। এই super-sense আমাৰ সকলোৰে আছে, কিন্তু আমি ভাবি নেচাইহে তাক ভালকৈ নেদেখোঁ। উদাহৰণস্বৰূপে দেখা যাওক, মই মোৰ এই হাতৰ কাপ (যিটোৰে এই প্ৰৱন্ধ লেখিব লাগিছোঁ) দেখিছোঁ, জানিছোঁ। মই কিন্তু কাপটো নহওঁ, কাপটোও মই নহয়। দুয়ো সুকীয়া। কিন্তু মই কাপটো জনা মানে কাপৰ ingredient martial আৰু [ ৭০ ] Composition অৰ্থাৎ গঠনৰ সকলোবোৰ পদাৰ্থ আৰু সঁজুলি মোৰ ভিতৰত আছে, যিবোৰৰ প্ৰতিবিম্ব বা ছাঁ মই কাপটোত দেখিছোঁ। যদি মোৰ ভিতৰত সেইবোৰ নেথাকিলহেঁতেন, কাপটোৰ প্ৰতিবিম্ব মোত আৰু ভিতৰত থকা কাপৰ নিচিনা ingredient বস্তু বা বস্তুবোৰৰ প্ৰতিবিম্ব মই কেতিয়াও নেদেখিলোহেঁতেন। মই, যেতিয়া মৰিম অৰ্থাৎ কাপত থকাৰ নিচিনা বস্তু যেতিয়া মোৰ ভিতৰৰপৰা যাব বা নাইকিয়া হ'ব, তেতিয়া আৰু মই কাপটো নেদেখোঁ। যি বস্তু যাৰ ভিতৰত নাই, সেই বস্তুৰ প্ৰতিবিম্ব বাহিৰৰ তেনে বস্তুৰ ওপৰত নপৰে বা পৰিব নোৱাৰে অথবা বাহিৰৰ সেই বস্তু মোৰ ভিতৰত প্ৰতিভাত নহয়, সেই বস্তু মোৰ আগতে থাকিলেও। অনেক ভাল বিজ্ঞ বুদ্ধিমান লোকক দেখা গৈছে যে তেওঁলোকে সঙ্গীত appreciate কৰিব অৰ্থাৎ বুজিব নোৱাৰে, কবিতা বুজিব বা তাৰ মৰ্ম্ম আৰু সুক্ষ্ম সৌন্দৰ্য্য হৃদয়াঙ্গম কৰিব নোৱাৰে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ এয়ে যে সেইজনৰ ভিতৰত সঙ্গীত বা কবিতাৰ ingredient বস্তু নাই বা অপৰিস্ফূট অৱস্থাত আছে, যে তাত এই বাহিৰৰ সঙ্গীত আৰু কবিতা প্ৰতিভাত বা প্ৰতিফলিত নহয় বা ভালকৈ নহয়। মানুহৰ অন্তৰত যি আছে সিহে বাহিৰত আছে, অন্তৰত যি নাই বিশ্বব্ৰহ্মাণ্ডতো তেওঁলৈ সি নাই। এই দেখি কথাতে কয় "যি নাই ঘটত, সি নাই বিশ্বব্ৰহ্মাণ্ডত।" কবি ৱৰ্ড্‌চ্‌ৱৰ্থে এটা বনপাত লৈ তাকে চাই তাৰে ভাবত মজিছিল। তেনে বনপাত তুমিও দেখিছা, ময়ো দেখিছোঁ কিন্তু আমাৰ মনত সি তেনে ভাবোদয় নকৰে কিয়? তাৰ কাৰণ সেই বনপাতত যি ভাবৰ তৰঙ্গ, যি সৌন্দৰ্য্যৰ উৎস, শিল্পচাতুৰ্য্য আছিল, ৱৰ্ড্‌চ্‌ৱৰ্থৰ মনতো তেনে আছিল, তাত তাৰ প্ৰতিবিম্ব পৰিলতে সি সমূৰ্ত্তক হৈ উঠিল। চৈতন্যদেৱে নীল সমুদ্ৰ দেখি তাকে নীল যমুনা বুলি উন্মত্ত হৈ উঠিছিল কিয়? তুমি আমি নহওঁ কিয়? কাৰণ তেওঁৰ অন্তৰ বৃন্দাবনৰ কৃষ্ণলীলাৰে জাগ্ৰত আৰু বিকশিত আছিল। কোনো মানুহ স্বভাৱতে সৰুৰেপৰা ঈশ্বৰবিশ্বাসী আৰু ঈশ্বৰত ভক্তিমান হয়, কোনো নহয়। ইয়াৰ কাৰণ অন্তৰৰ ingredient বস্তুৰ গঠন, প্ৰাচূৰ্য্য- অপ্ৰাচূৰ্য্যৰ তাৰতম্য অনুসাৰে হয়; অৱশ্যে heredity- ৰ অৰ্থাৎ পিতৃ-পিতামহক্ৰমত পোৱা বস্তু ক্ষমতাৰ হাত নিশ্চয় অনেক পৰিমানে তাত আছে। কাপ জড়, কিন্তু মই চেতনাপূৰ্ণ। ইয়াতে বুজা গ'ল যে জড় আৰ চেতনা দুয়ো একবাৰেই বিভক্ত বস্তু নহয়, জড়তে চেতনা অনুপ্ৰবিষ্ট, চেতনাতে জড়। সেইদেখি ঈশ্বৰ সৰ্ব্বভূতত সৰ্ব্বপদাৰ্থত। জগৎ সেইদেখি ব্ৰহ্ম বা ব্ৰহ্মময়। কিন্তু আন পিনে চৈতন্যও সুকীয়া, জড়ও সুকীয়া। এতিয়া তেন্তে দেখা গ'ল- ময়ো কাপ, কাপো মই। এইটো চৈতন্য আৰু জড় পদাৰ্থৰ সমন্ধ। জড় আৰু জড়ৰ সমন্ধ laboratory- ৰ ৰসায়ন শাস্ত্ৰৰ প্ৰক্ৰিয়াই আমাক দিনো সততে দেখুৱাবই লাগিছে। মই প্ৰথমতে আমজোপা দেখিলোঁ; তাৰ মানে, মই মোৰপৰা ওলাই গৈ আমজোপা পালোঁগৈ, পাই আমজোপাৰ গঢ়গতিৰ ভূ ততালিকে লৈ আমি মোৰ ভিতৰত থকা আম গছৰ নিচিনা পদাৰ্থৰ আগত [ ৭১ ] দিলোঁহি। তাত দুইৰো সন্মিলন ঘটিল আৰু বাহিৰৰ আমজোপা তাত প্ৰতিবিম্বিত হ'ল। মই আকৌ ওলাই গ'লোঁ বাহিৰৰ আমলৈ, আকৌ আহিলোঁ ভিতৰৰ আমলৈ। এই যোৱা-অহা বৃত্ত মই নিৰবচ্ছিন্নৰূপে কৰিবলৈ ধৰিলোঁ। যিমানবেলি আমজোপা মোৰ আগত সিমান বেলি অলেখ বাৰ এই ঘূৰণীয়া বৃত্তত মই ঘুৰিলোঁ। কঁঠালজোপাৰে সৈতেও মোৰ তেনে কাৰ্য্য চলিল, অৱশ্যে আমাৰে সৈতে একে সময়তে নহয়। আমৰ আকৃতি-প্ৰকৃতি মই লৈ গৈ কঁঠালত মিলালোঁ, ৰিজালোঁ, মিলাই-ৰিজাই কঁঠালৰপৰা মোলৈ আনিলোঁ। মোৰপৰা কঁঠাললৈ নিলোঁ গলোঁ। তাৰপৰা আমলৈ আনিলো আহিলোঁ। এইদৰে মই, আম আৰু কঁঠাল গছ মণ্ডলাকাৰে নিজৰ নিজৰ সমল লৈ পৰস্পৰেৰে সৈতে মিলি আত্মীয়তা কৰি চাকত ঘুৰিলোঁ; অথচ আমি তিনিও সুকীয়া। আমাৰ তৰ্কশাস্ত্ৰমতে হ'লে মই আমো হ'ব নোৱাৰোঁ, কঁঠালো হ'ব নোৱাৰোঁ। কঁঠালো আম হ'ব নোৱাৰে। আমো কঁঠাল হ'ব নোৱাৰে। কিন্তু transcendental logic মতে আমি দেখিলোঁ যে মইও আম, মইও কঁঠাল, কঁঠালো আম, আমো কঁঠাল। শ্ৰীমদ্ভাগতত লিখা - সেই শুকদেৱে জন্মৰ পিছত বাপেকক এৰি গুচি যাওঁতে, বাপেক ব্যাস "হে পুত্ৰ! হে পুত্ৰ!" বুলি মতাত বাটৰ দুই কাষৰ গছে "পিতা" "পিতা" বোলা কথাৰ মানে এই কথা বুজিলে ওলায়। "পুত্ৰেতি তন্ময়তয়া তৰৱো ৱদন্তি।"

        আমি ঈশ্বৰ, ঈশ্বৰ আমাৰ ভিতৰত আছে, জগতৰ সকলোৰে ভিতৰত ঈশ্বৰ আছে, সেইদেখি আমিও সকলোতে আছোঁ, এনে সিদ্ধান্তলৈ ইয়াৰ পিছত যাবলৈ আৰু টান নহয়। কিন্তু তথাপি আমি কাৰ্য্যত দেখিছোঁ যে যদিও আমি পৃথিৱীৰ জীৱ আৰু জড় আৰু জড় জন্তু দেখিছোঁ, সেইসকলোবোৰেই আমি, সকলোবোৰতে আমি আছোঁ, তথাপি আমি ঈশ্বৰ নহওঁ, আমি সুকীয়া এটা এটা গাইগোটা। ৰজা ময়েই, ময়েই তেৱোঁ, ময়েই সেইজনো, ময়েই ধনী বায়ন, মণি মেধিও ময়েই, আমগছ কঁঠালগছ ময়েই যদিও কিন্তু সেইবোৰ মই নহয় আৰু সেইবোৰো মই নহওঁ। সেইবোৰ খালে মোৰ ভোক নুগুচে, সেইবোৰে খং কৰিলে মোৰ খং নুঠে, সেইসকলে টান পালে মই টানি নেপাওঁ আৰু মোৰ পেটত চাহপানী এটোপা নিদি, আম গছজোপা আৰু কঁঠাল গছজোপাৰ গুৰিত মলীয়াই পানী দিলে মোৰ মুখলৈ জীপ নাহি হামি-হেকেটিহে আহে। ইয়াৰ দ্বাৰাই কি প্ৰমণ হয়? এইটোৱেই নহয় যেন যে ঈশ্বৰ যেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ সকলো, সকলোতে যেনেকৈ তেওঁ ব্যপি আছে, তেনেকৈ তেওঁ সুকীয়াও। আমি ৰাজহুৱা যদিও, সুকীয়া নহ'লে যেনেকৈ আমাৰ জীৱনযাত্ৰা নচলে, ঈশ্বৰো সেইদৰে সৰ্ব্বব্যাপক সকলো আৰু বিশ্বব্ৰহ্মাণ্ডময় যদিও, তথাপি তেওঁ মাথোন তেনেকুৱা হৈ থাকিলে আমালৈ অৰ্থাৎ মানুহলৈ কাম নচলে। Pantheist বা "সৰ্ব্বং ব্ৰহ্মময়ং জগৎ" যেনে সঁচা, উপনিষদৰ abstraction " নেতি" "নেতি" ব্ৰহ্মও তেনে সঁচা। সৰ্ব্বৎ ব্ৰহ্মময়ং জগৎ (conception) ধাৰণা ঈশ্বৰৰ মহিমা উপলদ্ধি কৰাৰ বাহিৰে আমাৰ জীৱনৰ কোনো কামত নেলাগে। কিন্তু আনটি ধাৰাণাই হ'লে আমাক ২৪ ঘণ্টা কাম দিয়ে। [ ৭২ ] তেতিয়া আমি এক ঈশ্বৰক সুকীয়াভাৱে, উপাসনা, ভক্তি প্ৰাৰ্থনা কৰিবলৈ, তেওঁৰ মহিমা কীৰ্ত্তন কৰিবলৈ, তেওঁৰ ভক্ত দাস ইত্যাদি ভাবে তেওঁৰ সেৱা কৰি আত্মপ্ৰসাদ আৰু সন্তোষ লভিবলৈ পাওঁ। জগতক ব্ৰহ্ম বুলি ভাবিলে (যদিও সেইটো ঠিক ভাবেই) আমি এইবোৰ একো নেপাওঁ। আমি পিয়াহত পানী খাবলৈ গৈ নৈৰ মাজত জঁপিয়াই পৰিলে তাত বুৰিহে মৰিম, পিয়াহ গুচাব নোৱাৰোঁ, কিন্তু তাৰপৰা এচলু বাএবাটি পানী আনি খালেহে আমাৰ পিয়াহ গুচিব। ঈশ্বৰৰ অভিপ্ৰায়ো যে সেইটোৱেই অৰ্থাৎ তেওঁক যে সুকীয়াকৈ এক ঈশ্বৰ বুলি আমি সেৱা-ভজনা কৰিব লাগে ̶ সৰ্ব্বজগতক ঈশ্বৰ বা ব্ৰহ্ম বুলি নহয়, সেইটো আমাক আমাৰ সুকীয়াত্ব তেওঁ প্ৰদান কৰাতেই স্পষ্ট দেখা গৈছে। [ ৭৩ ]

গীতা- তত্ত্ব


এক

       ঘোষাত মহাপুৰুষ শ্ৰীমাধদেৱে প্ৰাৰ্থনা কৰিছে -

শোক- মোহ-মহাপঙ্ক মাজে        অৰ্জ্জুন মগন ভৈল দেখি
পৰম ঈশ্বৰ দৈৱকী-নন্দ-নন্দন।
কৃপায়ে ঈশ্বৰে তত্ত্ব কহি        উদ্ধাৰিলা নিজ ভকতক

হেন ঈশ্বৰৰ চৰণে লৈলো শৰণ।।

       পৰম ঈশ্বৰ দৈৱকী-নন্দ-নন্দনে তেওঁৰ নিজ ভকতৰ আগত যি তত্ত্ব কৈ সেই শৰণাগত ভকতক উদ্ধাৰ কৰিলে সেই তত্ত্ব, তেতিয়াৰ দিনত সৰ্ব্বধৰ্ম্ম সমন্বয়, সৰ্ব্বদৰ্শন বিজ্ঞানৰ সমন্বয় আৰু আজিৰো সৰ্ব্বধৰ্ম্ম সাৰ পদাৰ্থ গীতাৰ মহোপদেশ তত্ত্ব। সেই তত্ত্ব-কথা শ্ৰীকৃষ্ণই অৰ্জ্জুনক কেতিয়া আৰু ক'ত কৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বৰ জোৰতে, যেতিয়া তেওঁৰ ৰথ দুই পক্ষৰ যুঁজাৰুসকলৰ আগত ৰখা হ'ল। কুৰুক্ষেত্ৰৰ যুদ্ধ হঠাৎ সংঘটিত হ'বলৈ যোৱা নাছিল। দুই পক্ষৰ ভিতৰত অনেক কথা-বাৰ্ত্তা, মীমাংসাৰ আলচ, সন্ধিৰ প্ৰস্তাৱ ইত্যাদিৰ যেতিয়া ওৰ পৰিল আৰু অগত্যা যুদ্ধৰ বাটেই এক মাথোন বাট ৰ'লগৈ, তেতিয়াহে। অৰ্জ্জুন সেই যুদ্ধৰ প্ৰধান অগ্ৰণী আৰু ঘাই ধৰণী। অনেক চিন্তা অনেক বিবেচনাৰ পিছতেহে অৰ্জ্জুনৰ মনত কৰ্ত্তব্য পিছলিছিল কিয়?

       কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণৰ শিক্ষাৰ মূল কথা ̶
       জীৱন-যুদ্ধৰ উদ্ভূত ঘাই কথাৰ সমাধান, সেই ঘাই কথাৰ ভিতৰৰ ঘাই কথা জীৱনত কৰ্ত্তব্যৰ বাধ্যতা। অৰ্জ্জুনৰ মন হঠাৎ পাৰ্থিৱ সমন্ধৰ মায়ামোহত অভিভূত হৈ পৰি আছিল। কৃষ্ণই অৰ্জ্জুনৰ কৰ্ত্তব্যৰ সাৰথি স্বৰূপে সেই কৰ্ত্তব্যৰ কথা তেওঁক সোঁৱৰাই দিছিল; কাৰণ সেইটো কৃষ্ণৰ কৰ্ত্তব্য নতুবা উপদেশক সাৰথি কৃষ্ণও কৰ্ত্তব্যৰ পৰা পিছলি পৰিলেহেঁতেন। দুৰ্য্যোধনক প্ৰমূখ্য কৰি কৌৰৱসকলে পাণ্ডৱক হেজাৰ প্ৰকাৰে অন্যায় আৰু অনিষ্ট কৰিছিল। ৰাজ্যৰ ৰাজপাটৰ প্ৰকৃত আধিকাৰী যুধিষ্ঠিৰক সেই অধিকাৰৰ পৰা বঞ্চিত কৰি কৰিছিল। জ্ঞাতিবধ আৰু ৰক্তপাতৰ হাত সাৰিবলৈ পাণ্ডৱে সাম্ৰাজ্যৰ মাথোন শেহত পাঁচখন গাওঁ খুজিছিল, তাকো দুৰ্য্যোধনে নিদিলে। কৃষ্ণই দুইদলক মিলাবলৈ অহোপুৰৰ্ষাৰ্থ কৰিছিল আৰু সেই কাৰ্য্যৰ নিমিত্তে মধ্যস্থ হৈ কৌৰৱৰ কাষলৈ গৈছিল। তেওঁৰ কথা শুনক ছাৰি কৌৰৱে তেওঁক বন্দী কৰিবলৈহে বিচাৰিছিল। জতুগৃহ দাহ, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, অন্যায় পাশাখেল, বনবাস দিয়া ইত্যাদি নানা অন্যায়-অত্যাচাৰ কৌৰৱে পাণ্ডৱৰ ওপৰত কৰিছিল। শান্তিৰ অৰ্থে সেই আটাইবোৰ অন্যায় কাতি কৈ থৈ [ ৭৪ ] যুধিষ্ঠিৰে পাঁচ পাণ্ডৱলৈ পাঁচখন গাঁও খুজিছিল, তাৰ উত্তৰত দুৰ্য্যোধনে বেজী এটাৰ মূৰত থাকিব পৰা মাটিৰ কনা এটাও নিদিওঁ বুলি ক'লে। এনেবোৰ চেষ্টা বিফল হোৱাৰ পিছত, নিতান্ত বাধ্য হৈ কৰিবলগীয়া যুদ্ধৰ মাজলৈ আহি অৰ্জ্জুনে হঠাত্ নকৰোঁ বুলি হাতৰ ধনুশৰ পেলাই দি কৰ্ত্তব্যৰ পৰা পিচলৈ মনুষ্যত্ব হেৰুৱাবলৈ গৈছিল। এনেস্থলত তেওঁক তেওঁৰ কৰ্ত্তব্য সোঁৱৰাই দিয়াটো ভগৱন্ত কৃষ্ণৰেই কৰ্ত্তব্যকাৰ্য্য। সেইদেখি অৰ্জ্জুনক তেওঁ প্ৰথম দুষাৰ কথাকে টান মাতেৰে ক'বলৈ বাধ্য হৈছিল।

  কুতস্তা কশমলমিদং বিষমে সমুপস্থিতম্।
অনাৰ্য্যজুষ্টমস্বৰ্গ্যমকীৰ্ত্তিকৰমৰ্জ্জুন।।
ক্লৈব্যং মাস্ম গমঃ পাৰ্থ নৈতত্ ত্বষ্যুপপদ্যতে।

ক্ষুদ্ৰং হৃদয়দৌৰ্বল্যং ত্যক্তোবাত্তিষ্ঠ পৰন্তপ।।

       অৰ্থাৎ হে অৰ্জ্জুন ! এনে সঙ্কটৰ সময়ত আৰ্য্য-বিগৰ্হিত, নৰকৰ হেতু অখ্যাতিজনক এই মোহ ক'ৰপৰা আহি তোমাৰ গাত লাগিল? হে পাৰ্থ ! ক্লৈব্য অৰ্থাৎ নপুংসকৰদৰে কাতৰতা অৱলম্বন নকৰিবা। এনে ক্লৈব্য তোমাৰ যোগ্য নহয়। এতেকে হৃদয়ৰ তুচ্ছ দৌৰ্ব্বল্য পৰিত্যাগ কৰি যুদ্ধ কৰিবলৈ উঠা।        ব্মানুহ যেতিয়া শোকত মগ্ন হয়, তেতিয়া তাৰ বুদ্ধি স্থিৰ নেথাকে, কৰ্ত্তব্য-অকৰ্ত্তব্যৰ বিচাৰ সি কৰিব নোৱাৰে। তাৰ মনত ধন-প্ৰাণ সকলো তুচ্ছাতিতুচ্ছ যেন লাগে। সেই শোকৰ উত্পত্তি ক'ত? শোক হয় কিয়? অৰ্জ্জুনে আত্মীয়সকলৰ মৃত্যু অনিবাৰ্য্য ভাবিলে। তুচ্ছ ৰাজ্যলোভত সেইসকলৰ মৃত্যু অনুচিত বিবেচনা কৰিলে। আত্মীয়সকলক দেখি তেওঁৰ হৃদয়ত মমত্বৰ সঞ্চাৰ হ'ল। শোকে তেওঁৰ হিতাহিত বিবেচনা, ধৰ্ম্মাধৰ্ম্ম বিচাৰ কৰিবৰ বিবেচনাক ঢাকি পেলালে। মমত্বই শোকৰ কাৰণ। অবিদ্য়া অৰ্থাৎ অজ্ঞানতাৰপৰাই মমত্বৰ উদ্ভৱ। কোনো বস্তু বা কোনো মানুহলৈ যিমান সৰহ মমতা থাকে তাৰ অভাৱত বা অভাৱৰ আশঙ্কাত সিমান শোক উত্পন্ন হয়। অবিদ্যাই জ্ঞানক আবৃত কৰি পেলায়। জড় শৰীৰত আত্মাজ্ঞান কৰাই অবিদ্যা। দেহৰ বিনাশত অৰ্জ্জুনে আত্মীয়সকলৰ বিনাশ বুলি ভাবিলে। এনে জ্ঞান জীৱৰ স্বাভাবিক। দেহাত্মজ্ঞানৰ নিমিত্তেই জীৱই অহঙ্কাৰক আশ্ৰয় কৰি কৰ্ত্তাৰূপে কৰ্ম্ম কৰে আৰু দেহৰ বিনাশতে আত্মাৰ বিনাশ বুলি ভাবে। সেই বাবেই ভগৱন্তই যাতে অৰ্জ্জুনৰ অবিদ্যা নাশ হৈ মনত জ্ঞানৰ উদয় হয় আৰু বিনাশী জড় দেহৰ মমতা গুচি আৰু তেনে দেহৰ অভাৱৰ নিমিত্তে উত্পন্ন হোৱা শোক-মোহ আদি দূৰ হৈ স্বধৰ্ম্মোচিত কৰ্ত্তব্য কৰ্ম্ম নিৰ্লিপ্তভাৱে তেওঁ কৰিব পাৰে, তাৰে উপদেশ গীতাত দিছিল। আমাৰ মহাপুৰুষে ঘোষাতো গদগদ কণ্ঠেৰে এই কাতৰ প্ৰাৰ্থনাকে কৰিছে-

তুমি প্ৰাণপ্ৰিয়তম সুহৃদ পৰম দেৱ
      প্ৰাণপ্ৰভু পীতাম্বৰ এ,
     তুমিসে কেৱলে আত্মাৰ মোৰ।
    তোমাক নাজানি জড় মিচা শৰীৰক মই

     প্ৰাণপ্ৰভু পীতাম্বৰ এ,
[ ৭৫ ]

আত্মা বুলি ভৈলা সেৱাচোৰ,
আত্মা বুলি ভৈলো সেৱাচোৰ,
প্ৰাণবন্ধু কিনো মই অজ্ঞানী দুৰ্ঘোৰ।
দুৰ্ব্বাৰ দুঃসঙ্গ দুৰ্ব্বাসনা দুষ্ট,
              হৰি হৰি হৰি হৰি এ,
অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্দি কৰি
              হৰি হৰ হৰি হৰি এ,

সেৱ পৰিহৰি সি সুখে বৈলো বঞ্চিত।

ঈশ্বৰপ্ৰাপ্তিৰ চাৰিটা ঘাই বাট। জ্ঞান-মাৰ্গ, কৰ্ম্ম-মাৰ্গ, যোগ-মাৰ্গ আৰু ভক্তি-মাৰ্গ। যদিও এই চাৰিটা বাট সুকীয়া তথাপি চাৰিওৰো মুখ্য লক্ষ্য একেটা অৰ্থাৎ ঈশ্বৰপ্ৰাপ্তি বা মুক্তি। প্ৰথমটো বাট কৰ্ম্ম। মানুহে প্ৰথমতে কৰ্ম্মত প্ৰবৃত্ত হয় সাংসাৰিক আৰু ইন্দ্ৰিয় সুখাদি-লাভৰ প্ৰেৰণাত। ইয়াতকৈ ওখ প্ৰেৰণাত মানুহে কৰ্ম্ম কৰে ইহলোকৰ সুখ বিচাৰি নহয়, পৰলোকৰ। তেতিয়া কৰ্ম্মৰ ফল ভোগৰ আকাঙ্ক্ষা হয় পৰলোকত। কৰ্ম্মৰ চূড়ান্ত অৱস্থাত কৰ্ম্মকৰ্ত্তাই তাৰ ফলাকাঙ্ক্ষা নকৰি কৰ্ম্ম কৰি যায়, আৰু তাৰ ফল ঈশ্বৰত সমৰ্পণ- "কৃষ্ণাৰ্পণমস্তু"। ইয়াকে গীতাত বোলা হৈছে নিষ্কম কৰ্ম্ম। কিন্তু কৰ্ম্মনুষ্ঠান নকৰি কোনো নিষ্কৰ্মী বোলা হৈছে নিষ্কাম কৰ্ম্ম। কিন্তু কৰ্ম্মানুষ্ঠান নকৰি কোনো নিষ্কৰ্মী হ'ব নোৱাৰে। কৰ্ম্ম নকৰি একেবাৰেই ত্যাগীৰ আসনত উঠি প্ৰকৃত ত্যাগী হৈ সিদ্ধিলাভ কৰিব নোৱাৰে।

ন কৰ্ম্মণামনাৰম্ভন্নৈষ্কৰ্ম্ম্যং পুৰুষোহশ্বুতে।

ন চ সংন্যসনাদেৱ সিদ্ধিং সমাধিগচ্ছতি।। (গীতা)

       অৰ্থাৎ পুৰুষে কৰ্ম্মৰ অনুষ্ঠান নকৰি নৈষ্কৰ্ম্ম্য অৱস্থা পাব নোৱাৰে আৰু ত্যাগতো সিদ্ধি প্ৰাপ্ত নহয়।

       অৰ্থাৎ কৰ্ম্মৰ ভিতৰেদি ত্যাগী হ'ব লাগিব; কৰ্ম্ম ত্যাগৰ দ্বাৰাই নহয়; কিয়নো কৰ্ম্ম ত্যাগ কৰা সম্পূৰ্ণৰূপে অসম্ভৱ। এই বাবে ভগৱন্তই কৈছে-

তস্মাদসক্তঃ সততং কাৰ্য্যং কৰ্ম্ম সমাচৰ।

অসক্তো হ্যাচৰন্ কৰ্ম্ম পৰমাপ্নোতি পুৰুষঃ।।

       অৰ্থাৎ তুমি ফলাভিসঙ্গ ৰহিত হৈ সদায় অৱশ্যে কৰণীয় কৰ্ম্মানুষ্ঠান কৰা। অনাসক্ত হৈ কৰ্ম্ম কৰিলে পুৰুষে মোক্ষ লাভকৰে।

       মানুহে আনকি জ্ঞানী মানুহেও, নিজৰ স্বভাৱৰ বশীভূত হৈ কৰ্ম্মত প্ৰবৃত্ত হয়; স্বভাৱক কোনেও অতিক্ৰম কৰিব নোৱাৰে। জীৱই ঘাইকৈ মন, বুদ্ধি, চিত্ত আৰু অহঙ্কাৰ- এই চাৰিটি অন্তৰেন্দ্ৰিয়ৰ সংযোগেৰে কৰ্ম্ম সম্পাদন কৰে। পাঁচোটা জ্ঞানেন্দ্ৰিয়, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই পাঁচোটা বিষয়ৰ যোগত বাক, পাণি, পাদ, পায়ু আৰু উপস্থৰৰ দ্বাৰায় মানুহ কৰ্ম্মত পৰিচালিত হয়। জীৱৰ জাগ্ৰত অৱস্থাত পাঁচোটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰই পাঁচোটা বিষয়েৰে সৈতে সাক্ষাৎ হয়। সেই সাক্ষাৎ বা সম্বন্ধ মনৰ সহায়ত হয়। মন চাৰিটা অন্তৰেন্দ্ৰিয়ৰ ভিতৰৰ এটা অন্তৰেন্দ্ৰিয়। মনৰ [ ৭৬ ] যোগ নহ'লে পঞ্চ বিষয়েৰে সৈতে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ সম্বন্ধ নহয়। পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰায় যেতিয়া মনেৰে সৈতে পঞ্চ বিষয়ৰ সাক্ষাৎ হয়, তেতিয়া সেই বিষয়বোৰ বুদ্ধিত স্থিৰীকৃত হয় আৰু চিত্তত উদ্ধোধন প্ৰাপ্ত হৈ 'অহংকৰ্ত্তা'- এনে জ্ঞানৰ দ্বাৰায় কৰ্ম্মত প্ৰবৃত্তি জন্মায় আৰু পিছত বাক, পাণি ইত্যাদি কৰ্ম্মোন্দ্ৰিয়ৰ দ্বাৰায় কৰ্ম্ম নিষ্পন্ন হয়। পূৰ্ব্বজন্মাৰ্জ্জিত কৰ্ম্মসংস্কাৰ মনৰ প্ৰৱৰ্ত্তক বা চেষ্টা উত্পাদনকাৰক। সেই বাবে জীৱই কৰ্ম্ম নকৰি থাকিব নোৱাৰে। এই এটা কৰ্ম্মচক্ৰ। এই চক্ৰ উলঙ্ঘন কৰাই টান। কিন্তু যদিও জীৱ কৰ্ম্ম-পৰতন্ত্ৰ, তথাপি সৎ বা অসৎ কৰ্ম্ম সম্পাদন কৰা বিষয়ত মানুহৰ স্বাধীনতা আছে। মানুহ আন আন বিষয়ত আন আন জীৱৰ দৰে হ'লেও জ্ঞানৰ বিষয়ত সেইবোৰতকৈ শ্ৰেষ্ঠ। শাস্ত্ৰত কৈছেঃ- "আহাৰো নিদ্ৰা ভয়ং মৈথুনঞ্চ সামান্যমেতৎ পশুভিৰ্নৰাণাম্, জ্ঞানং হি তেষামধিকো বিশেষঃ জ্ঞানেন হীনাঃ পশুভিঃ সমানাঃ।" অৰ্থাত্ আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন বিষয়ত মানুহ আৰু পশু দুয়ো সমান। মানুহ মানোন জ্ঞানেৰে অধিক। সেইদেখি যি মানুহৰ জ্ঞান নাই, সি পশুৰ সমান। মানুহৰ গাত যি জ্ঞান আছে, তাৰদ্বাৰাই সি ভাল-বেয়া বুজিব পাৰে। মানুহে যিবোৰ ইন্দ্ৰিয়ৰ সহায়ত জ্ঞানৰ কাৰ্য্য কৰে, তাৰ ভিতৰত মনেই ঘাই। মনত প্ৰবৃত্তি আৰু নিবৃত্তি- এই দুটা বৃত্তি আছে। মানুহে জ্ঞানৰ দ্বাৰায় প্ৰবৃত্তিৰ কৰ্ম্ম বেছি কৰিব পাৰে। প্ৰবৃত্তিক অৱলম্বন কৰি যেনেকৈ কৰ্ম্ম সৰহ কৰিব পাৰি, নিবৃত্তিক আশ্ৰয় কৰি সেইদৰে কৰ্ম্ম কমাবও পাৰি। কৰ্ম্ম কমাব পাৰিলেই মানুহ মোক্ষৰ অধিকাৰী হ'ব পাৰে, কাৰণ কৰ্ম্মক্ষয় নহ'লে মুক্তি নহয়, কিয়নো কৰ্ম্মই বন্ধনৰ হেতু। সেইদেখি মানুহ কৰ্ম্মপৰতন্ত্ৰ হ'লেও তাৰ হ্ৰাস-বৃদ্ধি কৰিবৰ ক্ষমতা মানুহৰ আছে। জ্ঞানীয়ে স্বভাৱৰ বশীভূত হৈ বাহ্য কৰ্ম্মত প্ৰবৃত্ত থাকিলেও স্বতন্ত্ৰতাৰ বলেৰে কৰ্ম্মক্ষয় কৰে; কিন্তু অজ্ঞানীয়ে নোৱাৰে। স্বভাৱৰ বশৱৰ্ত্তী হৈ জ্ঞানীয়ে কৰ্ম্ম কৰিলেও সেই কৰ্ম্মৰ ফলৰ হাত এৰায়, কাৰণ জ্ঞানীয়ে তাক নিষ্কামভাৱে কৰি কৰ্ম্মফল ঈশ্বৰৰ হাতত সমৰ্পণ কৰে।

       মনৰ ত্যাগেই প্ৰকৃত্ব ত্যাগ, কাৰণ "মন এব মনুষ্যানাং কাৰণং বন্ধমোক্ষয়োঃ।" মনেই মানুহৰ বন্ধন আৰু মুক্তিৰ হেতু। এই বাবেই কবীৰে কৈছে-"মনকে হাৰে হাৰিয়াঁ মনকে জিতে জিত। পৰম ব্ৰহ্মকো পাইয়াঁ মনহীকে পৰতীত।" অৰ্থাৎ মনৰপৰা জয়ত পৰাজয়, তাৰ জয়তে জয় আৰু মনৰ প্ৰতীতিতে পৰম ব্ৰহ্মক লাভ কৰা যায়। "যা মতিঃ সা গতিঃ।" অৰ্থাৎ যেনে মতি হয় তেনে গতিও হয়। মতি অৱশ্যে কাৰ্য্যানুযায়ী হয়। যদিও ভগৱন্ত বস্তু নিত্যানন্দ, আত্মাৰাম, তথাপি তেওঁকে একে মাথোন শৰণ্য আৰু বৰেণ্য জ্ঞান কৰি তেওঁৰ আৰাধানা কৰিলে তেওঁত ঐকান্তিকতাৰ নিমিত্তে আৰাধাকৰ মনত তৃপ্তি আৰু প্ৰতি হয়; আৰু সেই তৃপ্তি, সেই প্ৰীতি নিত্যানন্দ পৰমেশ্বৰৰ পৰাই হয়। সাংসাৰিক বস্তুৰ পৰা হোৱা প্ৰীতি আৰু তৃপ্তি ক্ষণভঙ্গুৰ; কিন্তু ঈশ্বৰৰ পৰা অহা প্ৰীতি আৰু তৃপ্তি সনাতন। সেই সনাতন তৃপ্তি আৰু প্ৰীতিৰ নিমিত্তে অনুভৱ কৰিব পাৰি যে ঈশ্বৰ নিত্য, প্ৰীতি আৰু তৃপ্ত। এই বাবে ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে আৰাধানা কৰা মানে তেওঁৰ প্ৰীতি লাভ কৰিবৰ নিমিত্তে আৰাধনা অৰ্থাৎ তেওঁৰপৰা প্ৰীতি লাভ কৰিম, সেই নিমিত্তেই তেওঁৰ আৰাধনা কৰা। [ ৭৭ ] যিজন আত্মদৰ্শী অৰ্থাৎ আত্মতৃপ্ত, আত্মৰত আৰু আত্মাতেই সন্তুষ্ট, তেওঁৰ কোনো কৰ্ত্তব্য নাই। সাধাৰণ মানুহতকৈ আত্মদৰ্শীৰ বিশেষত্ব এইখিনিতে। যি আত্মৰত অৰ্থাত্ মনক সঙ্কল্পবকল্পশূন্য কৰি আত্মাত ৰমণ কৰে, আত্মাতে সম্যকৰূপে আনন্দপ্ৰাপ্ত, তাৰ কৰ্ত্তব্য কাৰ্য্য একো নাই। বেদত কৈছে, তেনে মানুহৰ,

ভিদ্যতে হৃদয়গ্ৰন্থিশ্ছিদ্যন্তে সৰ্ব্বসংশয়াঃ।
ক্ষীয়ন্তে চাস্য কৰ্ম্মাণি তস্মিন্ দৃষ্টে পৰাবৰে।।

                                                                                             (মুণ্ডকোপনিষদ)

       অৰ্থাৎ যাৰ আত্মসাক্ষাত্কাৰ লাভ হৈছে, তাৰ ৰাসনাময় হৃদয়গ্ৰন্থি ভেদ হৈ হৃদয় সৰল হৈছে, সমস্ত শংশয় নষ্ট হৈছে আৰু তাৰ সকলো কৰ্ম্মফল ক্ষয় হৈছে। "বাসনা এব সংসাৰ"-বাসনাই সংসাৰ। সেই বাসনা জীৱ মাত্ৰকৰে সুখলাভৰ নিমিত্তে উত্পন্ন হয়, আৰু সুখলাভৰ নিমিত্তেই মানুহে কৰ্ম্ম কৰে। কিন্তু যেতিয়া মানুহৰ আত্মসাক্ষাত্কাৰ হয়, সেই আত্মানন্দ লাভৰ পিছত আৰু সাধাৰণ ক্ষণিক সুখলাভৰ নিমিত্তে কৰ্ম্ম-প্ৰবৃত্তি নেথাকে। এই বাবেই আত্মদৰ্শী জ্ঞানীৰ অনুষ্ঠিত কৰ্ম্ম দ্বাৰায়, পুণ্য, অৰ্থ বা কৰ্ম্মত্যাগৰ নিমিত্তে প্ৰত্যবায় নাই। দেহাভিমানতে পাপ-পুণ্য আশ্ৰয় কৰে। যাৰ দেহাভিমান নাই, অৰ্থাৎ আত্মদৰ্শনৰ নিমিত্তে আত্মাৰ পাৰ্থক্য অনুভূত হ'লে নিৰ্লিপ্ততাৰ নিমিত্তে পাপ বা পুণ্য আত্মাত লিপ্ত নহয়, তাৰ আৰু কৰ্ম্মত বিচাৰ নাই।

দেহত যাৰ নাহি অহঙ্কাৰ।

তাহাৰ কৰ্ম্মত নাহি বিচাৰ।। (শঙ্কৰদেৱ)


দুই

       মুক্তিলাভ বা ঈশ্বৰপ্ৰাপ্তিৰ দ্বিতীয়টো পথ জ্ঞান-যোগ বা জ্ঞান-মাৰ্গ শ্ৰীমদ্ভগৱদূগীতাৰ চতুৰ্থ অধ্যায়ত এই জ্ঞানযোগৰ কথা বিশদভাৱে উল্লিখিত আছে। এক পৰমব্ৰহ্ম সকলো অহং বা Ego বা আত্মা আছে যেনেকৈ, Non-ego বা অনাত্মাও আছে। সকলো সৃষ্ট বস্তু সেই অদ্বিতীয় পৰমাত্মাৰ অসংখ্য বিকাশ।

ব্ৰহ্মাৰ্পণং ব্ৰহ্মহবিঃ ব্ৰহ্মাগ্নৌ ব্ৰহ্মণা হুতম্।

ব্ৰহ্মৈব তেন গন্তব্যং ব্ৰহ্মকৰ্ম্মসমাধিনা।। (গীতা)

       আমাৰ কীৰ্ত্তনত শ্ৰীশঙ্কৰদেৱে লিখিছে:-

তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত ব্যতিৰেক।।
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।
তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ।

অজ্ঞানত মূঢ় জনে দেখে ভিন্ন ভিন্ন।।

       গীতাৰ সপ্তম অধ্যায়ত ভগৱন্তই কৈছেঃ-

মত্তঃ পৰতৰং নান্যত্ কিঞ্চিদস্তি ধনঞ্জয়।
[ ৭৮ ]
ময়ি সৰ্ৱামিদং প্ৰোতং সূত্ৰে মণিগনা ইব।।

       আকৌ

দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰত্যয়া।

মামেৱ যে প্ৰদ্যনেত মায়ামেতাং তৰন্তি তে।।

       আকৌ

ন মাং দৃষ্মৃতিনো মুঢ়া: প্ৰপদ্যন্তে নৰাধমা:।

মায়য়াপহৃতজ্ঞানা আসুৰং ভাৱমাশ্ৰিতাঃ।।

       আকৌ

নাহং প্ৰকাশ: সৰ্ৱস্য যোগমায়াসমাবৃত:।
মুঢ়োহয়ং নাভিজানাতি লোকো মামজমৱ্যয়ম।
তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বজনে।
তুমি আত্মা তোমাক নাজানে একোজনে।।
সমস্ত ভূতৰে তুমি আছা হঋদয়ত।
তত্ত্ব নাপাই তোমাক বিচাৰি বাহিৰত।।
তুমিসে কেৱল সত্য মিছা সবে আন।

জানি জ্ঞানীগণে কৰে হৃদয়ত ধ্যান।। (কীৰ্ত্তন)

       মায়াৰ ৰচনা এই সংসাৰৰ আৱৰণৰ ভিতৰত থকা ব্ৰহ্মক যি ধ্যান কৰে, তাৰ ব্ৰহ্ম লাভ হয়-জ্ঞান -যোগৰ এই মূল কথা। শ্ৰীকৃষ্ণই কৈছে, egoবা সুকীয়া আত্মাৰ পুনৰ্জ্জন্ম আছে। প্ৰকৃত জ্ঞান আৰু ধৰ্ম্ম সংস্থাপনৰ অৰ্থে , -যি জ্ঞান আৰু ধৰ্ম্ম কালক্ৰমত অধোগতি প্ৰাপ্ত হয়-যুগে যুগে ঈশ্বৰৰ অৱতাৰ হয়। যি যি বিশেষ ego বা আত্মাত পৰমাত্মাৰ বিকাশ বেছি, সেই সকলেই অৱতাৰ। সাধাৰণ ego বা আত্মাও ঈশ্বৰৰে অংশ। ”তোমাৰেসে অংশ আমি যত জীৱজাক।” (শঙ্কৰদেৱ।) জ্ঞানত অৱতাৰো ঈশ্বৰৰ অংশ, কিন্তু অৱতাৰজন শ্ৰেষ্ঠ; কাৰণ তেওঁ আৰু ঈশ্বৰ যে একে , এইটো তেওঁ সম্পূৰ্ণৰূপে উপলব্ধি আৰু অনুভৱ কৰে। অৱতাৰ মায়াৰ অৰ্থাৎ অবিদ্যা বা অজ্ঞানৰ বান্ধোনেৰে বদ্ধ নহয়; সাধাৰণ মানুহ বদ্ধ। মানুহে সাধাৰণতে নিজক সুকীয়া পদাৰ্থ বুলি ভাৱে। অৱতাৰে ভাবে আৰু উপলব্ধি কৰে যে তেওঁ ঈশ্বৰেৰে সৈতে একে; সোহহম। সাধাৰণ মানুহৰ দেহত আত্মবৃদ্ধি হয় অজ্ঞানতাৰ নিমিত্তে, অৱতাৰ বা মহাপুৰুষৰ নহয়। এই অজ্ঞানতাৰ জাল সম্পূৰ্ণৰূপে জ্ঞান খড়্গৰ দ্বাৰা ছেদিত হ’লেও মানুহৰ মুক্তি। এই বাবেই শাস্ত্ৰত কৈছে- ”আত্মানং বিদ্ধি।” এই বাবেই ভক্তই কাতৰভাৱে প্ৰাৰ্থনা কৰি কৈছে:-

তুমিহে কেৱল আত্মা মোৰ।
তোমাক নাজনি জড় মিছা শৰীৰক মই
আত্মা বুলি ভৈলো সেৱা-চোৰ,
কিনো মই অজ্ঞানী দুৰ্ঘোৰ। (মাধৱদেৱ)
আমি মূঢ়মতি ঘোৰ অবিদ্যা-সাগৰে মজি

তোমাক নাজানি ভৈলো দুঃখী।
[ ৭৯ ]
স্বৰূপ নাজানি ভৈলো দুঃখী।।

        বেদান্ত দৰ্শনৰ শিক্ষা এই; -আচলতে জন্ম বা সৃষ্টি আত্মবিস্মৃতি। প্ৰকৃত মুক্তি আত্মজ্ঞান। যি জ্ঞান মানুহক সম্পূৰ্ণৰূপে প্ৰবৃদ্ধ কৰে (অকল বুদ্ধিত চেলেংপেতেংকৈ নহয়), সৰ্ব্বতোভাৱে তেওঁ যে ঈশ্বৰৰ অংশ, ঈশ্বৰেৰে সৈতে একে এই জ্ঞান। অৱতাৰ হোৱা মহাপুৰুষৰে নিজৰ জীৱন, ইচ্ছা আৰু কাৰ্য্যকলাপ ঈশ্বৰৰ ইচ্ছাৰ সৈতে যে এক এই জ্ঞান সম্পূৰ্ণৰূপে অনুভৱ কৰে । এই বাবেই যীশুখৃষ্টই কৈছিল , "I and my Father are one." এইবাবেই বুদ্ধই কৈছিল- ”মানুহে পৃথিৱীত সুকীয়া অস্তিত্ব অনুভৱ কৰে অজ্ঞানতাৰ নিমিত্তে।” ঘোষাত মহাপুৰুষে লিখিছে-

ঈশ্বৰৰ সেৱা        কৰন্তে জীৱৰ
গুচয় মায়াৰ ভ্ৰম।
ব্ৰহ্মপদে শুদ্ধ        জীৱক বোলয়
ঈশ্বৰ পৰমব্ৰহ্ম।

বীতৰাগভয়ক্ৰোধা মণ্ময়া মামুপাশ্ৰিতাঃ। (গীতা)

        অৰ্থাৎ আসক্তি, ভয় আৰু ক্ৰোধশূন্য আৰু মোতে একচিত্ত যি মোক আশ্ৰয় কৰি অনেকে আত্মজ্ঞানৰ দ্বাৰাই পবিত্ৰ হৈ মোৰ ভাব পাইছে।

যক্ষ বক্ষ স্ত্ৰীশুদ্ৰ যত ব্ৰজবাসী।
পক্ষী মৃগ বিষ্ণু ভৈল কৃষক উপাসি।। (কীৰ্ত্তন)
সমস্ত ভুততে দেখিবেক নাৰায়ণ
আত পৰে আন ধৰ্ম্ম সবে বিড়ম্বন।।
সমস্ত ভূততে ব্যাপি আছো মই হৰি।
সবাক মানিবা তুমি বিষ্ণু-বুদ্ধি কৰি।।
কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মা ৰাম।

জানিয়া সবাক পৰি কৰিবা প্ৰণাম।। (কীৰ্ত্তন)

        ইয়াকে বোলে ঈশ্বৰৰ অনুভূতি (God-realisation) আৰু এই অৱস্থাত জ্ঞানীয়ে সকলো প্ৰাণীক নিজৰ ভিতৰত দেখে আৰু নিজক সকলো প্ৰাণীৰ ভিতৰত দেখে আৰু এই সকলোকে এক ঈশ্বৰৰ ভিতৰত দেখে।

সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি। (কীৰ্ত্তন)
হৰিসে সবাৰো আত্মা বান্ধৱ ঈশ্বৰ।

সবাৰো হৃদয়ে বিষ্ণু আছন্ত সাক্ষাত। (শঙ্কৰদেৱ)

       বেদান্ত দৰ্শনৰ মতে অনুসৰণ কৰোঁতাসকল দুভাগত বিভক্ত- এভাগ দ্বৈতবাদী, আনভাগ অদ্বৈতবাদী। দ্বৈতবাদীয়ে কয়, জীৱাত্মা পৰমাত্মাৰে পৃথক হৈছে ঈশ্বৰৰ ইচ্ছাত; সেইদেখি ঈশ্বৰৰ ইচ্ছা নহ'লে জীৱাত্মা আৰু পৰমাত্মা একে হ'ব নোৱাৰে। ওপৰত তুলি দিয়া "ৱীতৰাগ-ভয়-ক্ৰোধা" গীতাৰ এই শ্লোকটোৰ দ্বৈতবাদীয়ে অৰ্থ কৰে যে এই মুক্তি ঈশ্বৰৰে সৈতে সম্পূৰ্ণ একত্ব হোৱা।

       শ্ৰীকৃষ্ণৰ ধৰ্ম্মমত অতি উদাৰ। তেওঁ সকলো প্ৰকাৰ মতৰে প্ৰতি শ্ৰদ্ধা দেখুৱাই [ ৮০ ] কৈছে ; – যি যাৰ স্বভাৱ অনুসৰি যেনেকৈ পূজা কৰে তাতে তেওঁ সন্তুষ্ট, কাৰণ সকলো বাটৰ ওৰ তেওঁতেই। কিন্তু যদিও তেওঁৰ এই উদাৰতা, তেওঁ এক অদ্বিতীয় ঈশ্বৰৰ পূজাকেহে (Monotheism) সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে আৰু সেই পূজা ইহলোক পৰলোকৰ সুখ বা ঐশ্বৰ্য্য কামনা কৰি কৰা পূজা নহয়, নিষ্কাম পূজা। সকাম পূজা মোক্ষপ্ৰাপ্তিৰ বাট নহয়।

কাঙক্ষন্তঃ কৰ্ম্মণাং সিদ্ধিং যজন্ত ইহ দেৱতাঃ।

ক্ষিপ্ৰং হি মানুষে লোকে সিদ্ধিৰ্ভৱতি কৰ্ম্মজা। (গীতা)

       অৰ্থাৎ এই মনুষ্যলোকত কাম কৰ্ম্মৰ সিদ্ধি-প্ৰাৰ্থীসকলে মোক এৰি আন আন দেৱতাসকলৰ উপাসনা কৰে। এনে উপাসনাৰ সিদ্ধি অনিশ্চিত। কিন্তু নিষ্কাম কৰ্ম্মজনিত সিদ্ধি বা মুক্তি নিশ্চয় শীঘ্ৰে লাভ হয়। এইখিনিতে “পূৰ্ব্বমীমাংসা” দৰ্শনেৰে সৈতে শ্ৰীকৃষ্ণৰ মতৰ বিশেষ অমিল। পূৰ্ব্বমীমাংসাই কৈছে যে বেদত যি কৈছে, সেই বিধি-ব্যৱস্থা অভ্ৰান্ত আৰু তাক অলৰ-অচৰকৈ মানি চলিবা। বেদৰ ব্যৱস্থামতে সকলো ক্ষুদ্ৰ দেৱতাৰ পূজা কৰিবা, তেহে তোমাৰ স্বৰ্গ লাভ হব। কৃষ্ণই বেদক একেবাৰেই উৰাই দিয়া নাই, কিন্তু কৈছে, বেদৰ অনেক বাগ্য পুষ্পিত। কৃষ্ণই কৈছে – “মম ৱক্সানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্বশঃ।”

যেহপ্যন্যদেৱতা ভক্তা যজন্তে শ্ৰদ্ধয়ান্বিতাঃ।

তেহপি মামেৱ কৌন্তেয় যজন্তবিধিপূৰ্ব কম।

       অৰ্থাৎ হে কৌন্তেয়! শ্ৰদ্ধাযুক্ত হৈ যি আন দেৱতা ভজনা কৰে, সিয়ো মোকেই অবিধিপূৰ্ব্বক ভজনা কৰে। ইয়াৰ মানে মোৰ বাহিৰে আন একো নাই। কিন্তু যদিও এনে ভজনা মোৰেই ভজনা, তথাপি সি আওবটীয়া। দেৱতাসকলে মোক্ষ দিব নোৱাৰে। মোক্ষ মইহে দিব পাৰো আৰু সিয়েই আচল বস্তু। দেৱতাসকলে মুচুকন্দক কৈছিল –

মোক্ষ ব্যতিৰেকে লৈয়োক বৰ। বিষ্ণুসে মোক্ষৰ হোন্ত ঈশ্বৰ। (কীৰ্ত্তন)

       সেইদেখি মুচুকুন্দই উত্তৰ দিছিল – নলাগে বৰ নিদ্ৰা কৰোঁ আমি। কোনো দেৱতাক “সৃষ্টি, স্থিতি, প্ৰলয়ৰ পৰম কাৰণ নাৰায়ণ” বুলি উপাসনা নকৰি, মাথোন এজন দেৱতা বুলি উপাসনা কৰাটো কৃষ্ণৰ মত নহয়। বাস্তৱিকতে অন্য দেৱতাক, যেনে – ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণক তেনেকৈ সৃষ্টি, স্থিতি, অন্তকাৰী দেৱ বুলি ভাবিবই নোৱাৰি, উপাসনাও কৰিব নোৱাৰি, কিয়নো, তেওঁলোক তেনেকুৱা নিশ্চয় নহয়। এক মাথোন নাৰায়ণহে সেই দেৱতা। ইন্দ্ৰাদি দেৱতাসকল তেওঁৰ আজ্ঞাকাৰী ভৃত্যহে উপনিষদত কৈছে –

ভয়াদস্যাগ্নিস্তপতি ভয়াৎ তপতি সূৰ্য্যঃ।

ভয়াদিন্দ্ৰশ্চ বায়ুশ্চ মৃত্যুধাৱতি পঞ্চঃ। — কঠোপনিষদ

       ইয়াৰ প্ৰতিনিধ শ্ৰীশঙ্কৰদেৱৰ কীৰ্ত্তন-ঘোষাত –

পলায় জগতৰ মৃত্যু যি প্ৰভুক ডৰে।

যাৰ ভয়ে চন্দ্ৰ সূৰ্য পৱন সঞ্চৰে।
[ ৮১ ]

হেন জগন্নাথ অনাথৰ নাথ দেৱ।

হৰি বিনে আৱৰ তাৰন্ত নাহি কেৱ।।


তিনি

       মুক্তিলাভৰ তৃতীয় পথ যোগমাৰ্গ। এই যোগ হঠযোগ নহয়, ৰাজযোগ। পতঞ্জলিত এই যোগৰ বিশদ শিক্ষা আছ। গীতাৰ ষষ্ঠ অধ্যায়ত ভগৱন্তই যোগমাগৰ বিষয়ে সংক্ষেপ বিবৃতি দিছে। গীতাৰ পঞ্চম অধ্যায়ত শ্ৰীকৃষ্ণই সন্ন্যাস আৰু কৰ্ম্ম যোগৰ ঐক্য দেখুৱাই ষষ্ঠ অধ্যায়ত ধান-যোগৰ বৰ্ণনা দিলে। তেওঁ আচলতে বুজাই দিলে যে যোগী আৰু সন্ন্যাসী একে। তেওঁ যোগীৰ স্থান, আসন, উপবেশনৰ নিয়ম আৰু প্ৰাণ মন বুদ্ধিৰ সংযম সাধন কৰি যোগপ্ৰাপ্তিৰ সুগম পথ দেখুৱাই দিলে আৰু যোগীৰ আহাৰ-বিহাৰাদিৰ বিষয়েও উপদেশ দিলে। অকল জ্ঞানকে আশ্ৰয় কৰি যোগাবলম্বনতকৈ যে জ্ঞান আৰু বৈৰাগ্যৰে সৈতে ভক্তিযোগ শ্ৰেষ্ঠ সেইটো তেওঁ কৈ দিলে –

যোগিনামপি সৰ্বেষাং মদগতেনান্তৰাত্মনা।

শ্ৰদ্ধাৱান ভজতে যো মাং স মে যুক্ততমো মতঃ।

       অৰ্থাৎ হে অৰ্জ্জুন ! মোৰ মতে যোগী তপস্বীতকৈ শ্ৰেষ্ঠ ; জ্ঞানীতকৈ শ্ৰেষ্ঠ। এতেকে তুমি যোগী হোৱা। যি শ্ৰদ্ধাবান মানুহে মদ্‌গত চিত্তেৰে মোক ভজনা কৰে, তেওঁ সকলো যোগীতকৈ শ্ৰেষ্ঠ।        বাস্তৱিকতে জ্ঞান আৰু ভক্তি দুয়ো ভগৱন্ত পাবৰ উপায়। দুইৰো দ্বাৰায় একে অৱস্থাত ওলোৱা যায়গৈ। প্ৰভেদৰ ভিতৰত – জ্ঞানীয়ে “তেৱেঁই মই” অৰ্থাৎ “সোহহম্‌” চিন্তা কৰোঁতে কৰোঁতে তেওঁত লীন হয়। এই বাবেই নৃসিংহ ভগৱন্তই প্ৰহলাদৰ নিচিনা ভক্তকো কৈছিল –

শুনি নৰসিংহে হাসিলন্ত।
জানো তুমি ভকত একান্ত।
তথাপিতো ইটো মন্বন্তৰ।
হুয়া থাকা দৈত্যৰ ঈশ্বৰ।।
সদায় শুনিবা মোৰ কথা।
মোৰ ৰূপ চিন্তিবা সৰ্ব্বথা।
কীৰ্ত্তনে পলাইবে পাপচয়।
ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়।
তোৰ যশে ব্যাপিবে জগতে।
ৰাত্ৰি দিনে মোক সুমৰন্তে।
সবে কৰ্ম্মবন্ধে হৈবা হীন।

অন্তকালে মোত যাইবা লীনা (শঙ্কৰদেৱ)

       এই বাবেই ভক্ত দামোদৰ বিপ্ৰই –

দৃঢ় ভকতি কৰি       ছিণ্ডি মোৰ জৰী
[ ৮২ ]

কৰ্ম্মবন্ধে ভৈলা হীন।
পায়া মহোদয়       দেখি ব্ৰহ্মময়

কৃষ্ণতে গৈলন্ত লীন।। (শঙ্কৰদেৱ)

       এই বাবেই শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল –

আমাক স্মৰিবা বাক্য মনে।
মোৰ ধৰ্ম্ম কৰিবা যতনে।।
সংসাৰৰ দোষে হৈবা হীন।

তেবে চিত্ত মোতে যাইব লীন।।

জ্ঞানীৰ বিচাৰত সমুদ্ৰৰপৰা এক বিন্দু জল সুকীয়া হ’ল। সেই বিন্দু জল আকৌ সমুদ্ৰত পৰি আগৰ নিচিনাকৈ সমুদ্ৰৰে সৈতে মিলি গ’ল, তাৰ সুকীয়া অস্তিত্ব নাথাকিলে। পৰমাত্মা আৰু জীৱাত্মা এনেকুৱা। কিন্তু ভক্তৰ বিচাৰ এনেকুৱা নহয়। ভক্তই কয়, জলবিন্দু অনন্ত সমুদ্ৰৰপৰা সুকীয়া হৈ সি জলবিন্দু নাম ল’লে। বেছ কথা। কিন্তু স্থূল দৃষ্টিত যদিও সেই বিন্দুৱে সমুদ্ৰত পৰি নিজৰ অস্তিত্ব বিলোপ কৰিলে, দৃষ্টিৰ বহিৰ্ভূত হ’ল আৰু স্থান আৰু কালৰ দ্বাৰাই যদিও বিচ্ছিন্ন হৈ একেজাতৰ সমুদ্ৰত পৰিল, তথাপি সি সমুদ্ৰ নহয় ; যদিও সি সমুদ্ৰৰ নিচিনা হোৱাটো দেখুৱালে। বাস্তৱিকতে সি সমুদ্ৰত থাকিও সমুদ্ৰ-বিন্দুৱেই হৈ ৰ’ল। আনে তাক সমুদ্ৰৰপৰা সুকীয়াকৈ ধৰিব নোৱাৰিলেও, সি নিজে জানে যে সি সমুদ্ৰৰ বিন্দুহে। সমুদ্ৰত পৰি তাৰ বিন্দু নাম গুচিলেও সি নিজে জানে যে সি আগেয়ে যি বিন্দু আছিল, তেতিয়াও সেই বিন্দুৱেই আছে। তাৰ নিজৰ অপ্ৰতিহত জ্ঞানে তাক সুকীয়া কৰিয়েই সমুদ্ৰত থৈছে। সি সমুদ্ৰক হেৰুৱাইছিল, আকৌ সমুদ্ৰক পালে, আৰু সমুদ্ৰৰ সেৱাত সি নিযুক্ত হ’ল। অনেকে ভাবে যে সমাধিৰ অৱস্থাত ভক্ত সাধকৰ সেব্যসেৱকৰ ভাব থাকিব নোৱাৰে। ইয়াৰ উত্তৰত ক’ব পাৰি যে সাধনাৰ দ্বাৰায় শোধিত জীৱই যেতিয়া সমাধিৰ অৱস্থাত নিজক ঈশ্বৰেৰে সৈতে অভেদ দেখে, তেতিয়া তাৰ তেনেকুৱা দেখাই সেৱা আৰু তেনেকুৱা দেখাই ঈশ্বৰৰ তাৰ প্ৰতি কৃপা। সেইদেখি ভগৱন্তই কৈছে – যোগীৰ পক্ষেও মই অদৃশ্য নহওঁ, আৰু যোগীও মোৰ পক্ষে অদৃশ্য নহয় অৰ্থাৎ ভক্ত যোগীৰ পক্ষে যেনেকৈ ভগৱন্ত “ভক্তৰ ভগৱন্ত”, ভগৱন্তৰ পক্ষেও তেনেকৈ “ভক্ত ভগৱন্তৰ ভক্ত।” এইবাবেই গীতাত ভগৱন্তই কৈছে – “যে ভজন্তি তু মাং ভক্ত্যা ময়ি তে তেষু চাপ্যহম্।।” আক্ৰুৰে সেই দেখি কৃষ্ণক কৈছিল-

কোননো পণ্ডিতে       এৰিয়া তোমাক
আনক ভজিবে যায়।
ভকতজনক       আপোনাকো দিয়া
জানো ইটো অভিপ্ৰায়।
ভকতেসে প্ৰভু       তোমাৰ বান্ধৱ

দিয়া মনোৰথ সিদ্ধি। (শঙ্কৰদেৱ)

এই বাবেই ভগৱন্ত বলিৰ দুৱাৰৰখীয়া। এই বাবেই শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল –

ভকতেসে মোৰ হৃদি জানিবা নিশ্চয়।
[ ৮৩ ]

ভকতজনৰ জানা আমিসে হৃদয়।
মই বিনা ভকতে নিচিন্তে কিছু আন।

ভকতৰ পৰে মই নিচিন্তোহো আন। (শঙ্কৰদেৱ)

        ভগৱন্তই গীতাত কৈছে –

যো মাং পশ্যতি সৰ্বত্ৰ সৰ্বঞ্চ ময়ি পশ্যতি।

তস্যাহং ন প্ৰণশ্যামি স চ মে ন প্ৰণশ্যতি।।

        অৰ্থাৎ, যি মোক সৰ্ব্বভুতত আৰু সকলোতে দেখে আৰু মোতে সকলোকে দেখে, তাৰ পক্ষে মই অদৃশ্য নহওঁ আৰু সিও মোৰ পক্ষে অদৃশ্য নহয়। এতেকে এনে জ্ঞানীৰ সত্তা একেবাৰেই বিলোপ হ’ব কেনেকৈ আৰু সেব্য-সেৱকৰ ভাবেই বা নাইকিয়া হব কেনেকৈ? আন নেলাগে, অদ্বৈতবাদী শঙ্কৰাচাৰ্য্যয়ো তেওঁৰ ৰচিত ষট্ৰপদীত লেখিছে – সত্যপি ভেদাপগমে নাথ তৱাহং ন মামকীনস্তৃম। সামুদ্ৰোহি তৰঙ্গঃ কচন সমুদ্ৰো ন তাৰঙ্গঃ।         অৰ্থাৎ হে ঈশ্বৰ ! যদিও সমুদ্ৰ আৰু তৰঙ্গৰ একো প্ৰভেদ নাই তথাপি লোকে সমুদ্ৰৰহে তৰঙ্গ বোলে, তৰঙ্গৰ সমুদ্ৰ নোবোলে। তেনেকৈ হে ঈশ্বৰ ! তোমাৰ আৰু মোৰ মাজত কোনো ভেদ নাথাকিলেও “মই তোমাৰ” এই কথাহে ক’ব পাৰিম, “তুমি মোৰ” এইদৰে ক’ব নোৱাৰো।


চাৰি

        এই পৃথিৱীত শ্ৰীকৃষ্ণ নিশ্চয় প্ৰেম-ভক্তিৰ প্ৰধান শিক্ষক, যদিও জ্ঞান আৰু কৰ্ম্মৰ শিক্ষাতো তেওঁ অলপো নুন নহয়। তেওঁৰ মতে, জ্ঞান, কৰ্ম্ম আৰু যোগৰ প্ৰত্যেকটো পথেই মুক্তিদায়ক ; কিন্তু ভক্তিৰ পথ সহজ আৰু শ্ৰেষ্ঠ। সেই তিনিটা পথে ভক্তিৰে অভিষিক্ত নহ’লে মুক্তিলাভ সুলভ নহয়। কৰ্ম্ম, জ্ঞান আৰু ভক্তিৰ সমন্বয় সৰ্ব্বোৎকৃষ্ট অৱস্থা আৰু গীতাৰ দ্বাদশ অধ্যায়ত কৃষ্ণৰ শিক্ষাৰ সেয়ে সাৰ বস্তু। বাস্তৱিকতে ভাবি চালে দেখি যে আচলতে গীতাত ভক্তিৰ ধাৰাটোৱেই ঘাই, কৰ্ম্ম আৰু জ্ঞান তাৰ শাখানদী মাথোন। প্ৰকৃত জ্ঞান আৰু প্ৰকৃত কৰ্ম্মই ভক্তিলৈকেহে টানি নিয়ে। গীতাৰ সপ্তম অধ্যায়ত –

তেষাং জ্ঞানী নিত্যযুক্ত একভক্তিবিশিষ্যতে।

প্ৰিয়োহি জ্ঞানিনোত্যৰ্থমহং স চ মম প্ৰিয়ঃ।।

        অৰ্থাৎ তেওঁলোকৰ ভিতৰত সদায় মোত নিষ্ঠাবান আৰু এক মাথোন মোত ভক্তিবিশিষ্ট জ্ঞানীয়েই শ্ৰেষ্ঠ। মই জ্ঞানীৰ অতিশয় প্ৰিয় আৰু তেৱোঁ মোৰ বৰ প্ৰিয়।         এই কথায়ো ভক্ত জ্ঞানীলৈকেহে আঙুলিয়ায়। শ্ৰীকৃষ্ণৰ মুখনিঃসূতা গীতা হিন্দুৰ বেদ, উপনিষদৰ আৰু দৰ্শনৰ ঘনীভূত সাৰতত্ত্ব। এই বাবে গীতাৰ বিষয়ে কোৱা হৈছে –

সৰ্বোপনিষদো গাৱো দোগ্ধা গোপালনন্দনঃ।

পাৰ্থে ৱৎসঃ সুধীৰ্ভোক্ত দুগ্ধং গীতামৃতং মহৎ।
[ ৮৪ ] অৰ্থাৎ –

সকলে উপনিষদ ধেনু        দোগ্ধা ভৈল তাৰ নন্দুসুত
তাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয়।
দুগ্ধ ভৈল মহা গীতামৃত        কৃষ্ণৰ চৰণে দিয়া চিত্ত

সুবুদ্ধিসকলে সন্তোষে পান কৰয়।। (ঘোষা)

        হিন্দুৰ এই প্ৰসিদ্ধ পুৰণি শাস্তৰ কৰ্ম্ম, জ্ঞান, ভক্তি, দৰ্শন, বিজ্ঞান, যুক্তি, বিশ্বাসৰ সামঞ্জস্যকৃত সন্মিলন। পৃথিৱীৰ কোনো সভ্য জাতিৰ কোনো শাস্ত্ৰই কৰ্ত্তব্য পৰমাত্মাৰ বিষয়ে গীতাৰ দৰে বিশদভাৱে শিক্ষা দিব পৰা নাই। এইবোৰ বিষয়ত গীতাৰ দৰে অদ্বিতীয়। গীতা কোনো এটা নতুন ধৰ্ম্মৰ আৱিষ্কাৰক নহয়। কৃষ্ণাৱতাৰৰ আগলৈকে হিন্দুৰ ইহকাল আৰু পৰকালৰ বিষয়ে অশেষ চিন্তা, গৱেষণা, আধ্যাত্মিক দৰ্শন, জ্ঞান, বিজ্ঞান ইত্যাদিৰ সংক্ষিপ্ত, সৰ্ব্বশ্ৰেষ্ঠ, অত্যুজ্জ্বল অথচ সুগভীৰ সাৰবিবৃতি গীতা। এই সকলোবোৰৰ সাৰতত্ত্বক কেন্দ্ৰীভূত কৰি, আধ্যাত্মিক, ঐহিক, পাৰলৌকিক, ধৰ্ম্ম নীতি, আচৰণ ইত্যাদিৰ প্ৰদীপ্ত প্ৰদীপ অজ্ঞান এন্ধাৰত পৰি ককবকোৱা মানুহৰ চকুৰ আগত শ্ৰীকৃষ্ণ ভগৱন্তই ধৰিছে। তেওঁৰ শিক্ষা সাম্প্ৰদায়িক সঙ্কীৰ্ণতাৰ আৱৰণ ভেদ কৰি উদাৰ সামঞ্জস্যৰ ওখ ভেটিত প্ৰতিষ্ঠিত হৈছে। কেউখন দৰ্শনৰ দাৰ্শনিক তত্ত্বৰ ব্যাখ্যাৰ সামঞ্জস্য কৰি বেদান্ত দৰ্শনেৰে সৈতে সাংখ্য আৰু যোগদৰ্শনৰ তেওঁ যোগ সাধন কৰিছে। তেওঁৰ শিক্ষা ধৰ্ম্ম-তত্ত্ব আৰু নীতি-তত্ত্বৰ চৰণ শিক্ষা। ঈশ্বৰত প্ৰগাঢ় ভক্তিযোগ, সৰ্ব্বপ্ৰাণীত সমদৰ্শন আৰু আত্মৱৎ বুদ্ধি, জীৱনৰ সকলো কৰ্ম্মত নিষ্কামভাব আৰু তাৰ ফলাফল ঈশ্বৰত সমৰ্পণ আৰু ঈশ্বৰত আত্মনিবেদন ইত্যাদি তেওঁৰ শিক্ষা পৃথিৱীত অতুলনীয়। ভিন্ন ভিন্ন পন্থাৱলম্বী ধৰ্ম্মাচৰণকাৰীসকলৰ প্ৰতিও তেওঁৰ উদাৰ ধৰ্ম্মমতৰ উদাৰ উক্তি। গীতাৰ সাৰবস্তু যদিও একমেৱাদ্বিতীয়ম্, ঈশ্বৰত একশৰণ আৰু অব্যভিচাৰী ভক্তি, তথাপি আন আন প্ৰচলিত বিভিন্ন মতাৱলম্বী ধৰ্ম্মৰ প্ৰতিও গীতাৰ শক্ৰতা নাই। কৃষ্ণ-প্ৰচাৰিত ধৰ্ম্মশিক্ষা সাৰ্ব্বভৌমিক, সাৰ্ব্বলৌকিক আৰু সনাতন। চাৰি-পাঁচ হাজাৰ বছৰৰ আগেয়ে প্ৰচাৰিত সেই শিক্ষাত, অৱশ্যে কোনো কোনো বিষয়ত সেই কালৰ মনুষ্য সমাজৰ আৰু মনুষ্য সমাজত প্ৰচলিত ধৰ্ম্ম-কৰ্ম্মৰ কিছু ছাঁ যে পৰিছে তাত সন্দেহ নাই।

        কোনো কোনোৱে ভগৱদগীতাক ৰূপক শাস্ত্ৰ বুলিও ব্যাখ্যা কৰে। যেনে, — অৰ্জ্জুন জীৱাত্মাৰ আৰু কৃষ্ণ পৰমাত্মাৰ প্ৰতীক। কৌৰৱ পাপ প্ৰবৃত্তিবোৰ। কৃষ্ণৰ অৰ্জ্জুনক দিয়া শিক্ষা যে স্বৰ্গ-ৰাজ্য পাবৰ হলে অৰ্থাৎ মুক্তি লভিবৰ হ’লে, সেইবোৰ জয় কৰিব লাগিব। জীৱন যুদ্ধক্ষেত্ৰত জীৱাত্মাৰ কাণত পৰমাত্মাৰ উপদেশ ফুচফুচ কথাৰে পৰিব লাগিছে। মানুহৰ শৰীৰেই যুদ্ধক্ষেত্ৰৰ মাজত স্থাপিত ৰথ। প্ৰত্যেক মানুহে নিজৰ বাহুবলেৰে যুদ্ধ কৰিব লাগিব, অৱশ্যে হৃদয়স্থ সাৰথি পৰমাত্মা শ্ৰীকৃষ্ণৰ উপদেশ আৰু চালনা মতে। [ ৮৫ ]

ভাগৱত-তত্ত্ব


নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্ৰৱসংযুতম্।
পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।

       মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,

সকল নিগম কল্পতৰু        তাৰ ফল মহা ভাগৱত
শুক মুখে আসি ভূমিত ভৈল বিদিত।
ৰসত চতুৰ যিটো জন        কৃষ্ণৰ চৰণে দিয়া মন

পৰম সন্তোষে পিয়াক ফল-অমৃত।।

       বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্ৰন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্ৰৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –

পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।
গৃহীতচেতা ৰাজৰ্ষে আখ্যানং যদধীতৱান।।
তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।

যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।

       ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -

শুক নিগদতি পৰীক্ষিত        যদি আমি নিগুণত স্থিত
তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
ককৰিলেক মোৰ বশ্য চিত্ত        ভাগৱত গ্ৰন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো মই আপুনে।
তোমাত কহিবো সেহি শাস্ত্ৰ        তুমি আক শুনিবাৰ পাত্ৰ
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি।
ই শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত        মুকুন্দৰ পাদ-পঙ্কজত

অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।।

       এই বাবেই শাস্ত্ৰত শ্ৰীমদ্ভাগৱতক প্ৰশংসা কৰি কোৱা হৈছে, -

ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।

যাৱজ্ঞাগৱতং নৈ শ্ৰুয়তেহমৃতসাগৰঃ।

       অৰ্থাৎ -

ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নান মত
[ ৮৬ ]

যত মহাজন সবৰ সভা মধ্যত।।
পৰম আনন্দ ৰসময়       কোটী সূৰ্য্যসম প্ৰকাশয়

মহা ভাগৱত নোহন্ত যাৱে বেকত। (ঘোষা)

        শ্ৰীমদ্ভাগৱত পৰমহংস-সংহিতা অৰ্থাৎ পৰমহংসপদ-প্ৰাপ্তিৰ উপায় এই মহাপুৰাণত বৰ্ণিত হৈছে। দ্বাদশ স্কন্ধ ভাগৱতৰ ভিতৰত দশম স্কন্ধ শ্ৰেষ্ঠ। দশম স্কন্ধত নব্বৈটা অধ্যায় আছে। তাৰ ভিতৰত উনত্ৰিংশ অধ্যায়ৰপৰা পাঁচোটা অধ্যায়ত ৰাসলীলা বৰ্ণিত হৈছে। এই পাঁচোটা অধ্যায়ক ৰাসপঞ্চাধ্যায় বোলে। ৰাসপঞ্চাধ্যায়ত বৰ্ণনা কৰা বিষয় চমুকৈ এই: ̶

ভগৱানপি তা ৰাত্ৰীঃ শাৰদোৎফুন্নমল্লিকাঃ

ৰীক্ষ্য ৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ।।

        শৰৎ কালৰ উৎফুল্লমল্লিকা ৰাত্ৰি দেখি যোগমায়াক অৱলম্বন কৰি ভগৱন্তই গোপীসকলেৰে সৈতে ৰমণ কৰিবৰ মনস্থ কৰিলে। কাৰণ, ব্ৰত কৰি শ্ৰীকৃষ্ণক পতি পাবলৈ কাত্যায়নীৰ পূজা কৰোতা গোপবালাসকলক শ্ৰীকৃষ্ণই প্ৰতিশ্ৰুতি দিছিল। এই কাল প্ৰকৃতিৰ অনুকুল।

শৰত কালৰ ৰাত্ৰি আতি বিতোপন।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল মন।।
ভৈলন্ত উদিত চন্দ্ৰ পূৰ্ব্বদিশ হন্তে।
কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জন্তে।।
অখণ্ডমণ্ডল চন্দ্ৰ দেখিলন্ত হৰি।
কুস্কুমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি।।
বনকো দেখিল চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত।

সুস্বৰ মধুৰ কৰি হৰি গাইল গীত।।

        এনেকুৱা অনুকূল কালত ভগৱন্তই গোপীসকলক আহবান কৰিলে। সেই আহ্বান সুমধুৰ আৰু সঙ্গীতময়। "Blessed is the soul that listeneth to the voice of the Lord." শ্ৰীকৃষ্ণাপহতচিত্ত গোপীসকলে সেই আহবান–

শুনি কামে উত্ৰাৱল হুয়া গোপীগণে।
দিলেক লৱৰ গীত-ধ্বনি নিৰীক্ষণে।।
নিশম্য গীতং তদনঙ্গবৰ্দ্ধনং ব্ৰজস্ক্ৰিয়ঃ কৃষ্ণগৃহীতমানসাঃ।

আজগুৰন্যোন্যমলক্ষিতোদ্যমাঃ স যত্ৰ কান্তে জৱলোলকুণ্ডলাঃ।।

        তেওঁলোকে পৰস্পৰক নিজৰ উদ্যম জ্ঞাপন নকৰিয়েই প্ৰাণকান্তৰ ওচৰলৈ ইমান বেগাই গৈছিল যে তেওঁলোকৰ কৰ্ণত কুণ্ডল দোলে বেগত হাণ্ঠিতে। কৃষ্ণত নিমগ্নচিত্ত গোপীসকলে কৃষ্ণৰ আহবান ধ্বনি শুনা মাত্ৰকতে গৃহকৰ্ম্ম যেনে আছিল তেনে অৱস্থাত এৰি গ’ল –

দুহন্ত্যোহভিযষ্ণু কশ্চিৎ দোহং হিতা সমুৎসুকাঃ।

পয়োহধিশ্ৰিত্য সংযাবমনুদবাস্যাপৰা যযুঃ।।
[ ৮৭ ]

পৰিৱেষয়ন্ততদ্ধিত্ব পায়য়ন্তঃ শিশুন পয়ঃ।

শুশ্ৰষন্ত পতীন কাশ্চিদশ্নস্ত্যোহপাস্য ভোজনম্।।

       ইয়াৰ ভাঙনি পদ শ্ৰীশঙ্কদেৱৰ কীৰ্ত্তনৰপৰা দিওঁ। সেই ভঙনি কি সুন্দৰ, স্বাভাৱিক, concise and compact, অথচ expressive &। এই পদৰ "একো অঙ্গে নাহি ক্ষতি ক্ষুণ্ণ।” ই অনুবাদ, অথচ কেনে অনুবাদ চোৱা। ইয়াক পঢ়িলেই কদাপি মনত নেখেলায় যে ই original নহয়, অনুবাদহে –

কত গোপী যায় গাই দোহনক এৰি।
আখাতে থাকিল দুগ্ধ চৰু সৈতে পৰি।।
পিয়ন্তে আছিল শিশু তাহাকো নগণি।
পতিশুশ্ৰুষাকো এৰি যায় কতোজনী।।
কতো গোপী আছিল স্বামীৰ পৰশন্তে।

আধা ভুঞ্জা হুয়া কতো যায় লৱৰন্তে।

       লৰালৰিকৈ যাবলৈ গোপীসকলৰ উৎকণ্ঠা কি অদম্য –

লিম্পন্তঃ প্ৰমৃজন্ত্যোহন্য অঞ্জন্তঃ কাশ্চ লোচনে।
ৱ্যত্যস্তৱত্তৰভৰণাঃ কাশ্চিৎ কৃষ্ণান্তিকং যযুঃ।।
কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন।
পিন্ধয় পাৱত নিয়া ৰত্নৰ কঙ্কণ।
হাতত নুপুৰ আৰে কঙ্কালত হাৰ।

কৰি বিপৰ্যয় পিন্ধে বস্তু অলঙ্কাৰ।।

       “ৱ্যত্যস্তৱস্থাভৰণাঃ” অৰ্থাৎ লৰালৰিত তেওঁলোকৰ বস্ত্ৰ-অলঙ্কাৰ বিপৰ্য্যস্ত হ’ল।

       কিন্তু তথাপি তেওঁলোকে কোনো বিঘিনি বা প্ৰতিবন্ধক নেমানিলে। কৃষ্ণকৃষ্ট মনৰ মানুহৰ বাটত কোনো বিঘিনি থাকিবই নোৱাৰে।

তা ৱাৰ্য্যমাণাঃ পতিভিঃ পিতৃভিঃ ভ্ৰাতৃবন্ধুভিঃ।
গোৱিন্দাপহতাত্মানো ন ন্যৱৰ্ত্তন্ত মোহিতাঃ।
নিবাৰয় পতি পুত্ৰ ভ্ৰাতৃ আগ ভেণ্টে।
গোবিন্দে হৰিল চিত্ত তথাপি নোলটে।
বিমোহিত হুয়া সবে লৱৰে গোপিনী।

হৰি-ভকতক যেন নলঙেঘ বিঘিনি।।

       তেওঁলোকে মুগ্ধ অৰ্থাৎ possessed হৈ লৰিল ; বিঘিনিয়ে বাটত অগাভেটা কৰি কি ৰাখিব? কোনো কোনো গোপী যাব নোৱাৰি বিৰহত কৃষ্ণৰ ধ্যানত মগ্ন হ’ল। আৰু ধ্যানত অৰ্থাৎ সমাধিত অচ্যুতৰ আলিঙ্গন লভি ক্ষীণমঙ্গলাঃ” অৰ্থাৎ পুণ্যবন্ধন ক্ষয় হৈ মুক্তি পালে। —

যাইবে নাপাই গৃহ মধ্যে কতো গোপীগণ।
মনে ধৰি কৃষ্ণক কৰিল আলিঙ্গন।

অনেক জন্মৰ কৰ্ম্মবন্ধ কৰি ক্ষীণ।
[ ৮৮ ]
এৰি তনু তেখনে কৃষ্ণত গৈল লীন।
        যদিও জাৰ-বুদ্ধিত সেই গোপীসকলে শ্ৰীকৃষ্ণত সঙ্গত হৈছিল, তথাপি শ্ৰীকৃষ্ণ পৰমাত্মা, সেইদেখি তেওঁলোকৰ দেহত্যাগ হ’ল।

তমেৱ পৰমাত্মানং জাৰবুদ্ধ্যাপি সঙ্গতাঃ।

জহুঃ গুণময়ং দেহং সদ্যঃ প্ৰক্ষীণবন্ধনাঃ।।

        ইয়াৰ কাৰণ বস্তু-শক্তিয়ে বুদ্ধিলৈ অপেক্ষা নকৰে। নেজানি অমৃত পান কৰিলেও পান কৰোতাজনে অমৃতৰ ফল পায়।

বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।।
বিষ বুলি অমৃত পিলে যিটো নৰ।
নুহিবে কি জানা সিটো অজৰ অমৰ।।
যেনে তেনমতে মাত্ৰ স্মৰোক সততে।

এতেকে মুকুতি পাৱে কহিলো বেকতে।

        পৰীক্ষিতৰো এই সন্দেহ হৈছিল আৰু সেইদেখি তেওঁ শুকদেৱক তাৰকাৰণ সুধিছিল। উত্তৰত শুকদেৱে ওপৰত দিয়া কাৰণ কৈছিল ; আৰু কৈছিল –

দ্বেষ কৰি শিশুপালে লভিল মুকতি।
বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।।
উক্তং পুৰস্তাদেতৎ তে চৈদ্যঃ সিদ্ধিং যথা গতঃ।

দ্বিষন্নপি হৃষীকেশং কিমূতাধোক্ষজপ্ৰিয়াঃ।।

        কাৰণ শ্ৰীকৃষ্ণ হৃষীকেশ। জীৱৰ হৃদয়ত থকা ব্ৰহ্ম আবৃত। কিন্তু শ্ৰীকৃষ্ণ অনাবৃত ব্ৰহ্ম। সেই দেখি সেইখিনিত বুদ্ধিৰ অপেক্ষা নাই। যেনে-তেনেমতে ভগৱন্তলৈ আসক্তি হ’লেই মুক্তি হয়।

কামং ক্ৰোধং ভয়ং স্নেহম ঐক্যং সৌহৃদমেৱ চ।

নিত্যং হৰে ৱিদধতো যান্তি তন্ময়তাং হি তে।

        অৰ্থাৎ যি সদায় কাম, ক্ৰোধ, ভয়, স্নেহ, ঐক্য, সম্বন্ধ আৰু সৌহাৰ্দ ভক্তি হৰিত নিয়োজিত কৰিব পাৰে, সি তাৰ দ্বাৰায় ঈশ্বৰেৰে সৈতে তন্ময় হয়। আৰু তন্ময় হলেই মুক্তি ; কাৰণ শ্ৰীকৃষ্ণৰ দ্বাৰায় স্থাৱৰাদিৰো মুক্তি হয়।

ন চৈৱং ৱিস্ময়ং কাৰ্য্যো ভৱতা ভগৱত্যজে।
যোগেশ্বৰেশ্বৰে কৃষ্ণ যত এতদ ৱিমুচ্যতে।
ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্ৰভু ভগৱন্ত।

যাত হন্তে পাৱে মোক্ষ স্থাৱৰ পৰ্যন্ত।।
[ ৮৯ ]

কীৰ্ত্তন আৰু ঘোষা-তত্ত্ব


এক

       আমাৰ মহাপুৰুষ শঙ্কৰদেৱে তেওঁৰ ৰচিত প্ৰধান শাস্ত্ৰ কীৰ্ত্তনৰ আৰম্ভ কৰিছে -

প্ৰথমে প্ৰণামো ব্ৰহ্মৰণী সনাতন।

সৰ্ব্ব অৱতাৰৰ কাৰণ নাৰায়ণ॥

       কি প্ৰকৃত আৰম্ভণ! এনে সুন্দৰ আৰম্ভণ আন ধৰ্ম্মগ্ৰন্থত বা অন্য গ্ৰন্থত বিৰল। বেদ উপনিষদৰপৰা আৰম্ভ কৰি আজিৰ যি কোনো পৰাবিদ্যাৰ ধৰ্ম্মগ্ৰন্থ বা অপৰাবিদ্যাৰ গ্ৰন্থকে চোৱা, দুশাৰী উজু কথাৰে পৃথিৱীৰ সকলো সনাতন ধৰ্ম্মৰ তত্ত্ব এনেকৈ প্ৰথমতে প্ৰকাশ কতো নোপোৱা। পঢ়ি চোৱা, মিলাই চোৱা, ভাবি চোৱা— দেখিবা। অতীজৰ ঋগ্বেদ মেলা, “অগ্নিমীড়ে পুৰোহিতং” বুলি অগ্নিৰ বন্দনা পাব। সিদিনাৰ ৰত্নমালা ব্যাকৰণ মেলা, “শ্ৰীনন্দসূনুৰ” বন্দনা পাবা, ইত্যাদি। অৱশ্যে আমি এনেকৈ নাই কোৱা যে পৰমব্ৰহ্মৰ conception সেইবোৰত নাই। আছে, নিশ্চয় আছে; কিন্তু শঙ্কৰদেৱৰ এই দুশাৰীৰ ভিতৰত, আঠোটা শব্দৰ ভিতৰত, কেন্দ্ৰৰপৰা ব্যাসাৰ্দ্ধ আৰু বৃত্তলৈকে সোপাই এইদৰে থকাটো আন ক’তো নেদেখা। কি grand conception আৰু সেই conception উজুকৈ প্ৰকাশ কৰিবৰ বাবে কি আশ্চৰ্য্য শক্তি শঙ্কৰদেৱৰ! শঙ্কৰদেৱে প্ৰথমেই সনাতন ব্ৰহ্মক প্ৰণাম কৰিছে, যি ব্ৰহ্ম নিজে অপৰিবৰ্ত্তনীয় আৰু চিৰন্তন অথচ সেই ব্ৰহ্মই কেন্দ্ৰ আৰু সকলো অৱতাৰৰে কাৰণ হৈ সকলোৰে পৰিবৰ্ত্তন সাধন কৰিব লাগিছে। সকলোৰে কাৰ ব্ৰহ্ম বুলি শঙ্কৰদেৱে উপনিষদৰ ব্ৰহ্মৰ ধাৰণা মনলৈ আনিলে –

ওঁ য একোহৰণো বহুধা শক্তিযোগাৎ
ৱৰ্ণাননেকান্নিহিতাৰ্থে দধাতি।
ৱি চৈতি চান্তে ৱিশ্বমাদৌ স দেৱঃ

স নো বুদ্ধ্যা শুভয়া সংযুনত্ত্ব।

       অৰ্থাৎ যি এক আৰু বৰ্ণহীন আৰু যি প্ৰাণীসকলৰ প্ৰয়োজন জানি বহু প্ৰকাৰ শক্তিৰে বিবিধ কাম্য বস্তু বিধান কৰিছে, সমুদায় ব্ৰহ্মাণ্ড আদ্যন্ত মধ্যত যি ব্যাপ্ত হৈ আছে, তেওঁ দীপ্যমান পৰমেশ্বৰ, তেওঁ আমাক শুভ বুদ্ধি প্ৰদান কৰক। আৰু শঙ্কৰদেৱৰ মনলৈ ধাৰণা আহিল –

ওঁ যে দেৱোহগ্ৰেী যোহন্তু যো ৱিশ্বং ভুৱনমাৱিৱেশ।

য ওষধিযু যোৱনপ্ৰসূতিষু তস্মৈ দেৱায় নমো নমঃ॥

       অৰ্থাৎ যি দেৱতা অগ্নিত, যি পানীত, যি বিশ্বসংসাৰত প্ৰৱিষ্ট হৈ আছে; যি ওষধিত, যি বনস্পতিত, সেই দেৱতাক বাৰে বাৰে নমস্কাৰ কৰো।

       আৰু ধাৰণা আছিল –“ওঁ স পৰ্যাগাচ্ছক্ৰমকায়মব্ৰণম্নাবৰং শুদ্ধমপাপবিদ্ধম্‌।” [ ৯০ ] অৰ্থাৎ তেওঁ সৰ্ব্বব্যাপী, নিৰ্ম্মল, নিৰৱয়ৱ, সিৰা আৰু ব্ৰণৰহিত, শুদ্ধ, অপাপবিদ্ধ। “তদেৱ নিত্যং জ্ঞানমনন্তং শিৱং স্বতন্ত্ৰং নিৰৱয়মেকমদ্বিতীয়ম।” কিন্তু ইয়াৰ লগে লগে তেওঁৰ মনলৈ ধাৰণা আহিল, ̶ “ব্ৰহ্মৰূপী।” অৰ্থাৎ ব্ৰহ্ম যদিও নিৰাকাৰ, নিৰৱয়ৱ, সিৰা আৰু ব্ৰণৰহিত, তথাপি তেওঁৰ ৰূপ নোহোৱা নহয়। ব্ৰহ্ম নিৰাকাৰ যেনেকৈ সাকাৰো তেনেকৈ। আমি সেই “যতো ৱাচো নিৱৰ্ত্তন্তে অপ্ৰাপ্য মনসা সহ” জনক যেই মনত ধাৰণা কৰিলোঁ বা অনুভৱ কৰিলোঁ, যিমান কি চকামকাকৈ বা ক্ষুদ্ৰাতি-ক্ষুদ্ৰাংশকৈ হওঁক, যেই তেওঁক ব্ৰহ্ম বুলিলোঁ, সেই মুহুৰ্ত্ততে ব্ৰহ্ম সাকাৰ হ'ল। নাম আৰু আকৃতি noumenon আৰু phenomenon অবিভক্ত আৰু অভেদ্য। তেওঁক ব্ৰহ্ম বা ঈশ্বৰ বা ভগৱান বা জগতকাৰণ বোলা মাত্ৰকতে তেওঁলৈ আকৃতি আহিল, – তেহেলৈ সেই আকৃতিটো কি বা কেনে তুমি জানা বা নাজানা বা মনত ধাৰণা কৰিব পাৰা বা নোৱাৰা অথবা তাৰ একলক্ষভাগৰ এক কণিকাকে তোমাৰ মনত ধাৰণা কৰা। কোনো conceptৰ জন্ম হ’লেই তাৰ লগে লগে আকাৰৰ জনম হ’ল। আন নেলাগে, ব্ৰহ্ম বা ঈশ্বৰ জগৎ জুৰি আছে বুলিলেই তুমি জগতেৰে সৈতে ব্ৰহ্ম বা ঈশ্বৰ জগৎ জুৰি আছে বুলিলেই তুমি জগতেৰে সৈতে ব্ৰহ্ম distinguish কৰিলা, অৰ্থাৎ পৃথকত্ব দিলা, – আৰু যেই distinguish কৰিলা সেই মুহুৰ্ত্ততে ব্ৰহ্ম বা ঈশ্বৰ সাকাৰ হ’ল ; কাৰণ এটা সমূৰ্ত্তক পদাৰ্থকহে অৰ্থাৎ কোনো এটাক অস্তিত্ব দিহে তাক অমুক বুলি ক’ব পাৰি আৰু আন পদাৰ্থৰপৰা distinguish কৰিব পাৰি।

        এটা কথা মনত ৰাখিব লাগিব, – ঈশ্বৰ সাকাৰ মানে তেওঁ প্ৰকৃত আকাৰ ধৰাটো বুজিলে ঠিক নহয়। আকাৰ বুলিলেই আমাৰ পঞ্চভূতাত্মক প্ৰাকৃতিক আকাৰলৈ তৎক্ষণাৎ ভাবটো যোৱা সহজ। কিন্তু ঈশ্বৰ প্ৰাকৃতিক আকাৰেৰে সাকাৰ নহয়। তেওঁৰ আকাৰ প্ৰাকৃতিক আকাৰ বহিৰ্ভূত অৰ্থাৎ transcendental, কিন্তু তথাপি তেওঁৰ আকাৰ আছেই আছে, নতুবা তেওঁৰ অস্তিত্ব থাকি নোৱাৰে। এই অৰ্থত ঈশ্বৰ নিৰকাৰ হৈও সাকাৰ আৰু সাকাৰ হৈও নিৰাকাৰ। মহাপুৰুষ মাধৱদেৱে ঘোষাত তাকে কৈছে, আৰু সেয়েহে বিজ্ঞান দৰ্শন আৰু যুক্তিসন্মত –

যতেক প্ৰাকৃত        আকাৰ-বৰ্জিত
ভৈলন্ত যিহেতু হৰি।
সেহি হেতুতেসে        নিৰাকাৰ নাম
আছন্ত ঈশ্বৰে ধৰি।।

        এই বাবেই সনাতন নিৰাকাৰ ঈশ্বৰক বা ব্ৰহ্মক সাকাৰ “ব্ৰহ্মৰপী” বুলি প্ৰথমতে শঙ্কৰদেৱে প্ৰণাম কৰিছে। ব্ৰহ্ম বা ঈশ্বৰ “অৰূপী’ হ’লে তেওঁত প্ৰণামেই নচলে।

        কিন্তু তেওঁক সৃষ্টিপাতনিৰেপৰা সকলো জ্ঞানবিশিষ্ট জীৱই ধাৰণা আৰু অনুভৱ কৰি ভক্তিভাবেৰে প্ৰণাম কৰি আহিছে আৰু সৃষ্টিৰ অন্তলৈকে কৰিব। দেৱতা আৰু মানুহে তেওঁৰ আৰাধনা বন্দনা কৰিব লাগিছে আৰু কবিয়ে তেওঁৰ তীক্ষতৰ চকুৰে, স্থাৱৰ, জঙ্গম, আকাশ, বায়ু আৰু ঋতুসকলেও ঈশ্বৰক বন্দনা কৰি থকা দেখিছে – [ ৯১ ]

তাৰে আৰতি কৰে চন্দ্ৰ তপন,
        দেব মানব বন্দে চৰণ,
                 অসীম সেই বিশ্ব শৰণ
                         তাৰ জগত-মন্দিৰ।
অনাদি কাল অনন্ত গগন,
        সেই অসীম মহিমা মগন,
                 তাহে তৰঙ্গ উঠে সঘন,
                         আনন্দ নন্দ নন্দনে।
 হাতে লয় ছয় ঋতুৰ ডালি,
        পায়ে দেয় ধৰা কুসুম ঢালি,
                 কতই বৰণ, কতই গন্ধ,
                         কত গীত কত ছন্দৰে।
বিহঙ্গ গীত গগন ছায়,
         জলদ গায়, জলধি গায়,
                  মহা পবন হৰষে ধায়,
                         গাহে গিৰি-কন্দৰে।
কত শত ভকত প্ৰাণ,
          হেৰিছে পুলকে গাইছে গান,
                  পুণ্য কিৰণে ফুটিছে প্ৰেম,
                          ফুটিছে মোহ-বন্ধ ৰে।

        এই বাবে পৃথিৱীৰ সকলো ঈশ্বৰ প্ৰতিপাদক সনাতন ধৰ্ম্ম কাৰ্য্যত সাকাৰবাদী, মুখৰ কথাত নহ’লেও।

        ধৰ্ম্ম দুই প্ৰকাৰ। প্ৰথম আৰু ঘাইটো সনাতন ধৰ্ম্ম আৰু দ্বিতীয়টো যুগধৰ্ম্ম। কিন্তু দুইটাই সাকাৰ ঈশ্বৰ প্ৰতিপাদক। সনাতন ধৰ্ম্মই সনাতন ঈশ্বৰৰ আৰাধনা উপাসনা কৰে, ঘাইটিক গৌণ স্থলত ৰাখি, অথচ অশেষ শ্ৰদ্ধা আৰু অশেষ মান্য কৰি। বেদ উপনিষদ প্ৰতিপাদিত ধৰ্ম্ম সনাতন ধৰ্ম্ম। বাইবেল আৰু কোৰাণ প্ৰতিপাদিত ধৰ্ম্মও সনাতন ধৰ্ম্মইহে। পুৰাণ তন্ত্ৰ আদি প্ৰতিপাদিত ধৰ্ম্ম যুগধৰ্ম্ম। সনাতন ধৰ্ম্ম কল্পতৰু ; সেই কল্পতৰুৰপৰা আৱশ্যকতমতে মাগি প্ৰত্যেক যুগে যুগধৰ্ম্ম প্ৰৱৰ্ত্তকক পায়। সনাতন ঈশ্বৰৰ সনাতম ধৰ্ম্ম-কল্পতৰৰ সাময়িক ফল যুগধৰ্ম্মপ্ৰৱৰ্ত্তক অৱতাৰসকল। যেতিয়া যিভাৱে প্ৰাকৃত আকাৰবৰ্জিত নিৰাকাৰ হৰিয়ে সনাতন ধৰ্ম্মৰ গ্লানি গুচাই যুগধৰ্ম্ম প্ৰৱৰ্ত্তাবৰ আৱশ্যক বিবেচনা কৰে তেতিয়া তেওঁ সেই কাৰ্য্যৰ নিমিত্তে তেওঁৰ প্ৰাকৃত আকাৰসম্বলিত ৰূপ ধৰি অৱতাৰ হয়। সেই কাৰ্য সম্পাদিত হ’লে, তেওঁৰ আৰু তেতিয়া সেই অৱতাৰৰ আৱশ্যকতা নেথাকে। এই বাবেই শঙ্কৰদেৱে কৈছে যে “ব্ৰহ্মৰপী সনাতনে” “যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত।” “মৎস্য, কুৰ্ম্ম নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম” প্ৰত্যেক যুগৰ “ব্ৰহ্মৰূপী সনাতন’ৰ বিশেষ বিশেষ কাৰ্য্যৰ নিমিত্তে, সনাতম ধৰ্ম্মক গ্লানিৰপৰা ৰক্ষা কৰি যুগধৰ্ম্ম প্ৰৱৰ্ত্তাবৰ নিমিত্তে “ব্ৰহ্মৰূপী সনাতন’ৰ যিবোৰ বিকাশ বা অৱতাৰ [ ৯২ ] সেইবোৰ, নিৰাকাৰসাকাৰ ব্ৰহ্মৰ প্ৰাকৃতিক আকাৰ ; কাৰণ সৃষ্ট প্ৰাকৃতিক পদাৰ্থক সুশৃঙ্খল কৰিবলৈ, মানুহক আওবাটৰপৰা বাটলৈ নিবলৈ হ’লে তেওঁ সৃষ্ট পদাৰ্থ, সৃষ্ট জীৱ মানুহে ধাৰণা কৰিব পৰা, দেখিবলৈ পোৱা, ব্যৱহাৰ কৰিবলৈ পোৱা প্ৰাকৃতিক ৰূপেৰে সাকাৰ হ’বই লাগিব, নতুবা মানুহে ধৰি, ছুব নোৱৰা তেওঁ মানুহৰ পক্ষে অৰ্থহীন। মানুহৰ আনন্দ আৰু কুশলৰ অৰ্থে আনন্দময়ৰ এনেকুৱাই প্ৰাকৃতিক লীলা। খৃষ্টান ধৰ্ম্মতো এই বাবে প্ৰাকৃতিক ৰক্ত-মাংসৰ শৰীৰেৰে মীছৰ অৱতাৰ, আৰু মচলেম ধৰ্ম্মতো তেনেৰূপেই মহম্মদৰ অৱতাৰ। ব্ৰহ্ম সনাতন ঈশ্বৰক প্ৰণাম কৰিয়েই, শঙ্কৰদেৱ তৎক্ষণাৎ ঈশ্বৰৰ কাৰ্য সৃষ্টিলৈ গ’ল। নগৈ নোৱাৰি। কাৰণ ঈশ্বৰ কৰ্ম্মশীল, চৈতন্যস্বৰূপ ; তেওঁ জড় নহয়। এক তিল, এক মুহুৰ্ত্তও ঈশ্বৰ কৰ্ম্মবিৰত হৈ থাকিব নোৱাৰে ; কিয়নো, তেওঁ জ্ঞানময়, কৰ্ম্মময়, আনন্দময়। চেতনা আৰু জ্ঞান নিষ্কৰ্ম্মা হৈ বহি থাকিব নোৱাৰে ; কাৰণ ঈশ্বৰ পূৰ্ণচৈতনাময় আৰু পূৰ্ণজ্ঞানময়। তেওঁৰ চেতনা জ্ঞান এক তিল, এক মুহূৰ্ত্তত জড়ভাবাপন্ন হৈ থকা বুলিলে, – ঈশ্বৰৰ পূৰ্ণজ্ঞান পূৰ্ণ চৈতন্যত সীমা দি তাত অপূৰ্ণতা আৰোপিত কৰা হ’ব ; – যিটো অসম্ভৱ। যেই প্ৰলয় বা মহাপ্ৰলয় হল, ঈশ্বৰে জগৎ সংহৰণ কৰিলে, তৎক্ষণাৎ সেই মুহুৰ্ত্ততে তেওঁ জগৎ সৃষ্টি আৰম্ভ কৰিলে, সেই কাৰ্য তেওঁৰ মনত প্ৰকাশিতেই হওক বা কাৰ্য্যত প্ৰকাশিতেই হওক। সেই দেখি শঙ্কৰদেৱে কীৰ্ত্তনত লেখিছে –

জগত সংহৰি শুতি আছা নাৰায়ণ।

প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ।।

       ঈশ্বৰৰ প্ৰথম নিশ্বাসতে বেদ অৰ্থাৎ জ্ঞানৰ বিষয়ীভূত কাৰ্য বা পদাৰ্থ object বাজ হ'ল। প্ৰথম নিশ্বাসতে, অৰ্থাৎ consciousness of first breath অতে। ঈশ্বৰ সদায় সকলো মুহুৰ্ত্ততে conscious – এইটো স্বতঃসিদ্ধ। তেন্তে প্ৰথম নিশ্বাসতে বেদ বা জ্ঞান ৰাজ হোৱা মানে, সেই জগৎ সংহৰণ, সেই জগৎ প্ৰসাৰণ বা সৃষ্টি।

        ঈশ্বৰ জ্ঞাতা। কিন্তু জ্ঞানৰ বিষয় knowledge বা object অৰ্থাৎ জানিবৰ বিষয় নেথাকিলে জ্ঞান থাকিব নোৱাৰে। জ্ঞানে কিবা এটা জানিব লাগিব, নতুবা সি জ্ঞান হৈ থাকিব নোৱাৰে। ঈশ্বৰক জ্ঞাতা বুলিইে তেওঁক সেই মুহুৰ্ত্ততে জানিবলৈ বস্তু দিব লাগিব। The subject knower must have some object to know সেইদেখি প্ৰলয় হোৱা মাত্ৰকতে আকৌ সেই মুহূৰ্ত্ততে সৃষ্টি হ’বই লাগিব, নতুবা যিমানফেৰা সময়েই হওক, সৃষ্টি নথকা বুলিলেই তেওঁক জ্ঞানময় জ্ঞাতা knower বোলা নহ’ব। ঈশ্বৰৰ এনে conception হব নোৱাৰে ; হ’লে তেওঁ অসম্পূৰ্ণ হব। জগৎ আৰু ব্ৰহ্মক অভেদ বোলোতা আৰু ব্ৰহ্মত একেবাৰেই জীৱৰ লয় বোলোতা monistic principle প্ৰতিপাদক অদ্বৈতবাদী শঙ্কৰাচাৰ্য্যৰ বিশিষ্টাদ্বৈতবাদী বৈষ্ণৱে এইখিনিতে ঠেকত পেলালত শঙ্কৰাচাৰ্য্যইও শেহত dualism (দ্বৈতবাদ) স্বীকাৰ কৰিবলগীয়াত পৰিছিল। অদ্বৈতবাদত দ্বৈতবাদ থাকিবই লাগিব। অকল monism ও নিৰ্ভুল নহয়, অকল dualism ও নিৰ্ভুল নহয়।

        সৃষ্টি হ’লেই তাৰ শাসন পালন সুগঠন কৰিবলৈ অৱতাৰৰ (governor) [ ৯৩ ] আৱশ্যক আহিল আৰু সেই অৱতাৰবোৰ ব্ৰহ্মৰপী সনাতনৰ অংশ অৱতাৰ হ’বই লাগিব। নতুবা কোন অক্ষৰ পুৰুষৰ প্ৰশাসনত, কোন ৰাজচক্ৰবৰ্ত্তীৰ নিমিত্তে আৰু হুকুমত আৰু প্ৰতিনিধি হৈ তেওঁলোকে কাৰ্য্য কৰিব? এই বাবে হিন্দুৰ শাস্ত্ৰই ঈশ্বৰৰ প্ৰধান দশ অৱতাৰ আৰু অপ্ৰধান চতুৰ্ব্বিংশতি অৱতাৰৰ কথা কয়। এই নিমিত্তে শঙ্কৰদেৱে প্ৰথমতে “ব্ৰহ্মৰপী সনাতন নাৰায়ণ”ক প্ৰণাম কৰিয়েই তেওঁৰ সৃষ্টি আৰু দশ আৰু চতুৰ্ব্বিংশতি অৱতাৰৰ কথা তেওঁৰ কীৰ্ত্তনত কৈছে। বেদ-উপনিষদৰপৰা বিজ্ঞান অনুমোদিত আৰু দৰ্শনৰ বিচাৰ-অগ্নিৰে পৰিশোধিত হিন্দু ধৰ্ম্মৰ সৰ্ব্বসাৰ এইদৰে সকলোৰে সহজ উপভোগৰ বিষয় কৰি এই কালৰ বেদস্বৰূপ কীৰ্ত্তন’ পুথি যি মহাপুৰুষে ৰচনা কৰিলে সেই মহাপুৰুষৰ পদপঙ্কজৰ ধূলিৰ কণা এটা মূৰত লৈ, আহা ভাই অসমীয়া ! আজি আমি ধন্য হওঁহক। এই বাবেইহে আমি আমাৰ শঙ্কৰদেৱ গ্ৰন্থত কীৰ্ত্তনৰ কথা কওঁতে কৈছিলোঁ যে পৃথিৱীত যতবোৰ সুন্দৰ ধৰ্ম্মগ্ৰন্থ আছে, আমাৰ শঙ্কৰদেৱে বিৰচিত কীৰ্ত্তন সেইসকলৰ ভিতৰত শিৰৰ মুকুট। কি দুখৰ কথা, যে এনে এডোখৰ অমূল্য ৰতন আমাৰ হাততে আছে, অথচ আমি তাক চিনিব নোৱাৰো। আমি বোলে শিক্ষিত। জ্ঞানী !! বিদ্যাৱন্ত !! ! আমি অবিদ্যাত বিদ্যাৱন্ত, বিদ্যাত নহয়। আমি মৃগতৃষ্ণাত পৰি স্নান পান আচমন কৰি মৰিব লাগিছো। আচল সৰোবৰত নহয়।

হে হৰি সাৰশূন্য        মৃগতৃষ্ণাৰ্ণৱ-জলে
শ্ৰান্ত হুয়া মহামোহ পাওঁ।
স্নান পান আচমন        কৰোহো ৰমণ তাত
কতোহো ওপঙো তল যাওঁ। (ঘোষা)

        কীৰ্ত্তনৰ দুৱাৰমুখতে এই ভিতৰত সোমালে অষ্টনিধিৰ ভাণ্ডাৰ। কিন্তু যি সেই ভাণ্ডাৰৰ দুৱাৰ মুকলি কৰিবলৈ pass-word মন্ত্ৰ জানে, তাৰ নিমিত্তেহে সেই দুৱাৰ মুকলি হ’ব, আনৰ নিমিত্তে নহয়। 'চিচেম ফাক’ বুলিবলৈ জানিবলৈ আলিবাবা হ’ব লাগিব, তেহে কীৰ্ত্তনৰ ৰত্নভাণ্ডাৰ-গুহাৰ সেই দুৱাৰ মুকলি হব ; সেই মন্তৰ নজনালৈ বাহিৰৰপৰা সি খলাবমা পৰ্ব্বতৰ গা মাথোন, তাত ৰত্নমাণিক একো নাই। শঙ্কৰদেৱে আন একোকে নকৰি যদি এক মাথোন এই কীৰ্ত্তন পুথিখনকে লেখি থৈ গ’লহেঁতেন, তেন্তেও তেওঁ যুগযুগান্তৰলৈ অমৰ হৈ ৰ’লহেঁতেন। কিন্তু আমাৰ কি সৌভাগ্য যে তেওঁ ইয়াৰ বাহিৰেও আন আন অনেক অমূল্য গ্ৰন্থ ৰচনা কৰি গৈছে। আৰু অকল গ্ৰন্থ ৰচনাই নহয়, অসমীয়াক ধৰ্ম্ম, ভাষা, সাহিত্য, সমাজ, নীতি, সদাচাৰ, মনুষ্যত্ব, সত্যনিষ্ঠা আদিৰপৰা সঙ্গীতবিদ্যা, চিত্ৰকলাৰ আমোদ আনন্দলৈকে সকলোবোৰ দান কৰি গৈছে — মুঠতে জাতীয়তা গঠন কৰিবৰ নিমিত্তে অৰ্থাৎ এটা জাতিক সকলো পিনে সৰ্ব্বাঙ্গসুন্দৰ কৰি থিয় কৰিবৰ নিমিত্তে যি যি আৱশ্যক সকলোবোৰ সেই মহাপুৰুষে দান কৰি গৈছে। ভাই অসমীয়া ! তোমাৰ কৰ্ত্তব্য এতিয়া এইটোহে চোৱা যেন, সেই মহাপুৰুষৰ মহাদান অপাত্ৰত দান নহয়। এইটো নিশ্চয় জানিবা, তেওঁ তেতিয়া যি অসমীয়াক অৰ্থাৎ তোমাৰ যি পূৰ্ব্বপুৰুষক সেই মহাদান দিছিল, সেই [ ৯৪ ] অসমীয়া নিশ্চয় অপাত্ৰ নাছিল ; সেই অসমীয়াই সেই মহাপুৰুষৰ মহাদান মূৰ পাতি গ্ৰহণ কৰি তাৰ সাৰ্থক ব্যৱহাৰ কৰি তেতিয়াৰ অসমক গৌৰৱান্বিত কৰি তুলিছিল ; তেওঁৰ মহাদানৰ শান্তিসলিলত সিক্ত হৈ গোটেই অসম সজীৱ আৰু সৌভাগ্যৱন্ত হৈ উঠিছিল। আমাৰ জাতীয় গৌৰৱৰ জাতীয় মহাপুৰুষৰ সেই অমূল্য দানৰ মোল নুবুজি যদি এতিয়া আমি তাক আজি অপাত্ৰত পৰাটো প্ৰমাণ কৰোঁ, তেন্তে নিশ্চয় সেই কাৰ্য্যই আজিৰ আমাৰ হীনতাহে প্ৰমাণ কৰিব, সেই মহাপুৰুষৰ মহাগৌৰৱৰ অখণ্ড জ্যোতিৰ এক ধনিষ্ঠামানো খৰ্ব্ব নকৰে। জ্যোতিৰ্ম্ময় সূৰ্য্যই সকলো সময়তে ঠিক অখণ্ড উজ্জ্বল জ্যোতিবিলাক দিব লাগিছে। সেই জ্যোতি আমাৰ চকুত পৰিব নিদি চকু মুদিলে আমিহে এন্ধাৰত থাকিব, সূৰ্য এন্ধাৰত নহয় আৰু পোহৰতো এতিলমানো ক্ষীণ নহয়। সূৰ্য্যই ওপৰত উজ্জ্বল পোহৰ দি থাকোতে তেওঁৰ তলত মেঘে ওলমি পৃথিৱীক অলপ সময়ৰ নিমিত্তে এন্ধাৰ কৰিলেও সূৰ্যৰ পোহৰ নকমে আৰু সূৰ্য্যৰ কোনো প্ৰকাৰ হ্ৰাস-বৃদ্ধিও নঘটে। এনে পৰম উপকাৰী মহাপুৰুষ আমাৰ শঙ্কৰদেৱ। আমি নেজানো শঙ্কৰদেৱে বামুণ নে শূদিৰ ; আমি জানিব নোখোজো, তেওঁ কায়স্থ নে কলিতা। আমি তেওঁক পাইছো, তেওঁ দিয়া ষড়ৈশ্বৰ্য্যৰ অধিকাৰী আমি হৈছোঁ, তেওঁৰ মহাদান – ধৰ্ম্ম, ভাষা, সাহিত্য, কাব্য, নীতি, চৰিত্ৰ, কলাবিদ্যা, সমাজ আদি অমূল্য বস্তুবোৰ আমি পাইছো, সেই বাবেই শঙ্কৰ আমাৰ আৰু আমি শঙ্কৰৰ। পূজনীয় কৱিশ্ৰেষ্ঠ ৰবীন্দ্ৰনাথ ঠাকুৰৰ গানৰ ভাষাৰে ক’ব লাগিলে – হে শ্ৰীমন্ত শঙ্কৰ ! “আমাৰ পৰাণ যাহা চায়, তুমি তাই গো। তোমা ছাড়া এ জগতে, মোৰ কিছু নাই গো। আমি তোমাৰে পেয়েছি হৃদয় মাঝে, আৰ কিছু নাহি চাই গো।” সেই বাবেই আমি আমাৰ সকলো দিব লাগিলে অকাতৰে দিম, আমাৰ শঙ্কৰক ৰাখিম ; সেই বাবে আমি প্ৰত্যেক অসমীয়াই এই নগণ্য অকিঞ্চিৎকৰ জীৱন পৰ্যন্ত পাত কৰি অসমৰ অতীত গৌৰৱ কাহিনীৰ বিজয় স্তম্ভৰ ওপৰত শঙ্কৰদেৱে-পতাকা ৰক্ষা কৰিম। ঈংলণ্ডৰ এজন ডাঙৰ পণ্ডিত গ্ৰন্থকাৰে কৈছিল যে আমেৰিকাৰ ওপৰত ইংলণ্ডৰ অধিকাৰ আৰু য়ুৰোপ মহাদেশৰ ওপৰত যদি ইংলণ্ডৰ অধিকাৰ থাকিলহেঁতেন তাকো অম্লান বদনে আমি এৰি দিব পাৰি, কিন্তু আমাৰ ছেক্সপিয়েৰক আমাৰ ইহজীৱনত একবিন্দু তেজ থাকে মানে আমি এৰি দিব নোৱাৰো। হেৰা অসমীয়া ! আমিও সেইদৰে তেওঁৰ পুণ্য পৱিত্ৰ তিথিৰ দিনা, সাম্বৎসৰিক উৎসৱক দিনা, বুকু ফিন্দাই কওঁহক আহা, যে যদিও অসমীয়া আজি দীন-দৰিদ্ৰ, অসমীয়াৰ আজি “নান্নং ন বস্তুং ন চ বাৰিপাত্ৰং”, অসমীয়াৰ সেই পুৰণি কালৰ ভাৰত-ব্যপা সংস্কৃত বিদ্যাৰ চৰ্চা নাই, খ্যাতি নাই, জগতত অদ্বিতীয় শঙ্কৰাচাৰ্য্যৰ গুৰু অসমীয়া কুমাৰিল ভট্ট আজি যদিও অসমীয়াৰ নাই, যদিও আজি অসমীয়াৰ সেই আউৰংজেব পাটচাৰ সৈন্যক শৰাইঘাট আদি ঠাইত বিধবক্ত কৰা বীৰ্য নাই, অসমীয়া সতী জয়মতীৰ সেই জগতৰ admiration, শ্ৰদ্ধা আৰু ভক্তি আকৰ্ষণ কৰা অত্যাশ্চৰ্য্য সতীত্বৰ বীৰ্য আজি অসমত যদিও গুহানিহিত, – তথাপি আজিও আমাৰ শঙ্কৰদেৱ অসমত অসমীয়াৰ ঘৰে ঘৰে, গাঁৱে গাঁৱে, নগৰে নগৰে দেদীপ্যমান, আজিও শঙ্কৰদেৱৰ অমৃতনিসন্দিনী লেখনীৰপৰা ওলোৱা দশম, কীৰ্ত্তন আদি মহাশাস্ত্ৰসমূহ [ ৯৫ ] জীৱন্ত জ্বলন্ত মূৰ্ত্তি ধৰি অসমীয়াক এন্ধাৰ বাটত উজ্জ্বল পোহৰেৰে বাট দেখুৱাই, দুখত সুখ, নিৰানন্দত আনন্দ, নিৰাশাত আশা দি, ইহকাল পৰকালৰ উন্নতি সাধন কৰি লৈ যাব লাগিছে। তেন্তে হে অসমীয়া! ভয় কি? আৰু সংশয় কি ? আৰু আমনজিমনকৈ থাকা কিয় ? বুকুত সাহ লৈ, অন্তৰত উছাহ লৈ, ঈশ্বৰৰ আশীৰ্ব্বাদ ধৰ্ম্মৰ সুবিমল জ্যোতিৰে বিমণ্ডিত হৈ আগবঢ়া। চোৱাঁ, ওপৰলৈ চোৱা, অসমৰ বিজয়স্তম্ভৰ চূড়ান্ত সেই শঙ্কৰৰ নাম ডাঙৰ ডাঙৰ আখৰেৰে লিখা বিজয় পতাকা উৰি অসমীয়াৰ অতীত গৌৰৱৰ কাহিনী আৰু ভৱিষ্যততো তেনে গৌৰৱৰ আশাবাণী প্ৰচাৰ কৰিব লাগিছে।


দুই

        মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে কীৰ্ত্তনত কৈছে –

হৰি-নামে নামে নামে নিশ্চয়।
মোহোৰ জীৱন নাৰদে কয়।
কলিৰ কালে আৰ আত পৰ।
নাই নাই নাই গতি লোকৰ।
নাৰদে দিলন্ত তিনি কতপা।
নামানিবে আক কোননো লপা।।

        আমিও বাৰে বাৰে কওঁ, বুকু ডাঠ কৰি কওঁ, বাহু ডাম্ফি কওঁ, যে সকলো ধৰ্ম্মৰ সাৰ নামধৰ্ম্ম, সকলো ধৰ্ম্মৰে প্ৰাণ নামধৰ্ম্ম আৰু আমাৰ জীৱন হোৱা উচিত নামধৰ্ম্ম নাম আৰু নামী অভেদ ; যদিও আমি সদায় শুনি আহিছোঁ, what is in a name? আমি কওঁ – But there is much in a real name, বস্তুৰ গুণ আৰু প্ৰকৃতিৰ সংক্ষেপ সংজ্ঞা নাম ; নাম নামীৰ পুঞ্জীকৃত নিৰ্যাস, সত্তা, সূচী, সূত্ৰ। এক নিমিষৰ ভিতৰতে উচ্চাৰিত নামে বস্তুৰ বিস্তৃত সকলো গুণ হৃদয়ঙ্গম কৰায়। অৱশ্যে আমি এই কথা কওঁতে এনে বিধৰ নামলৈ চকু ৰাখি কোৱা নাই, যাৰ উদাহৰণ “কেলেহুৱা কুকুৰৰ কমললোচনও নাও” ; বা “নিৰ্ধনীৰ ধনঞ্জয়” বা ধনী নাম, নাইবা ওফোন্দাগালীক পাৰ্ব্বতী বা গৌৰী বুলি বাপেক-মাকে মৰম কৰি দিয়া নাম ; নাইবা মানুহ গৰু মৰা দগধা চোৰ আৰু অঘাইতং দুষ্টক “সুশীল” বুলি মাক-বাপেকে সৰুতে দিয়া নামৰ অসদ্ব্যৱহাৰ। নাম নোহোৱা সভ্য বা মনুষ্য সমাজ অসম্ভৱ, মানুহৰ প্ৰকৃতিগত ধাৰণা অসম্ভৱ। অখণ্ড অব্যয় অনন্ত সৎ-চিৎ-আনন্দময় পৰমেশ্বৰৰ ধাৰণা সীমাবদ্ধ ক্ষুদ্ৰ মনুষ্যৰ হৃদয়ত সম্ভৱ মাত্ৰ নামৰ দ্বাৰায়। অনন্ত কোটী ব্ৰহ্মাণ্ডৰ অধিকাৰীক বান্ধি আনি ক্ষুদ্ৰ মনুষ্যৰ হৃদয়-মন্দিৰত স্থাপনা কৰিব পাৰে মাথোন নাম-জৰীয়েই। নাম আৰু নামীৰ অভেদত্বৰ নিমিত্তেই নামক নাম-ব্ৰহ্ম বোলা হয়। নাম-ব্ৰহ্ম, শব্দ ব্ৰহ্মৰেই স্বৰূপ। সৃষ্ট জগতৰ আদি নাদ, মানুহৰ বাক্য স্ফুৰণৰ প্ৰথম প্ৰয়াস ̶ ওঁ এই আখৰটো বা শব্দটো এই বাবেই ইমান পৱিত্ৰ, ইমান গুৰুতৰ আৰু এই বাবেই বেদৰপৰা আৰম্ভ কৰি সকলো শাস্ত্ৰই ইয়াক পৰমব্ৰহ্মবাচক বুলিছে। [ ৯৬ ] গীতাই এই বাবেই কৈছে – ওঁ ইত্যেকাক্ষৰং ব্ৰহ্ম।” অ, উ আৰু ম ̶ এই তিনটি ধ্বনি মিলি ওঁ হৈছে। আ মানে পালনকৰ্ত্তা বিষ্ণু, উ মানে সংহাৰকৰ্ত্তা শিৱ আৰ ম মানে সৃষ্টিকৰ্ত্তা ব্ৰহ্মা। সৃষ্টি, স্থিতি আৰু লয়ৰ অধিকাৰী পৰম ঈশ্বৰৰ স্বৰূপক প্ৰণৱ ইমান মূল্যবান, আৰু এই বাবেই ওঁ উচ্ছাৰণ আৰু জপৰ বিধান। বাৰে বাৰে একেটা কথাকে উচ্ছাৰণ কৰি তাৰ মৰ্ম্ম বিশেষভাৱে হৃদয়ত অঙ্কিত কৰাকে জপ কৰা বোলে। এয়েইতো নামধৰ্ম্ম আৰু এই মূল প্ৰণালীৰেইতো এই কালত বিশেষভাৱে প্ৰচাৰ কৰোতা শ্ৰীশঙ্কৰদেৱ। ঈশ্বৰক সুমৰিবৰ এই মূল আৰু একমাত্ৰ বিশিষ্ট প্ৰণালী কালক্ৰমত আবৰ্জনাৰে ঢাক খাই গুপ্ত বা লুপ্ত হৈ পৰিছিল দেখি সেই আবৰ্জনাৰাশি দূৰ কৰি এই নামধৰ্ম্ম প্ৰকাশ কৰি জীৱৰ কল্যাণ কৰিলে শ্ৰীশঙ্কৰদেৱ, শ্ৰীচৈতন্যদেৱ প্ৰভৃতি চাৰিদিশে চাৰিজন মহাপুৰুষ অৱতাৰ হৈ সৃষ্টি, স্থিতি, লয়ৰ কৰ্ত্তা ও একাক্ষৰবাচক পৰমেশ্বৰৰ আনন্দময় গুণ আৰু সৰ্ব্বভূতৰ হৃদয়ত ৰমণ কৰি সকলোকে সন্তোষ দিওঁতা গুণ, এই দুটা প্ৰণৱৰপৰা মথি সাৰ কাঢ়ি মানুহৰ মনত সুমধুৰ ৰস সিঁচি মানুহক সজীৱ কৰা হ’ল ৰাম আৰু কৃষ্ণ এই দুটা নামেৰে শ্ৰৱণ-কীৰ্ত্তন ধৰ্ম্মজাতি-বৰ্ণ নিৰ্ব্বিশেষে সকলোৰে সুপ্ৰাপ্য কৰি প্ৰচাৰ কৰি জগতৰ উপকাৰ কৰিলে মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে। ব্ৰাহ্মণ আৰু বেদৰ হেঙাৰ ভাঙি তাৰপৰা সাৰৰো সাৰ, অথচ সুমধুৰৰো সুমধুৰ, উজুৰো উজু, পৰমব্ৰহ্মৰ “সত্যং শিৱং সুন্দৰং” গুণ প্ৰকাশক ৰামকৃষ্ণ নামৰ অমৃত সকলোকে বিলাই দি পৰম উপকাৰ কৰিলে কৃপালু শঙ্কৰে। এনে শঙ্কৰৰ উপকাৰ এনে কোন অগুণকাৰী অসাঠনীয়া অভাজন আছে যে পাহৰিব পাৰে ?

       নাম-ব্ৰহ্মৰ উপাসনা যে অকল হিন্দুৰ ভিতৰতে আছে এনে নহয়, খৃষ্টীয়ান ধৰ্ম্মতো নাম বা শব্দ-ব্ৰহ্ম বা ঈশ্বৰ ‘গড্‌’ বুলি স্বীকৃত ; যদিও আজিকালি অনেক খ্ৰীষ্টানৰ সেই কথা বৰকৈ মনত বহি থকাটো দেখা নেযায়। বাইবেলত আছে – "In the beginning was the Word ; and the Word was with God and the Word was God" অৰ্থাৎ আদিতে শব্দ বা বাক্য আছিল ; সেই বাক্য পৰমেশ্বৰৰে সৈতে আছিল, আৰু সেই বাক্যই পৰমশ্বেৰ। চেইণ্টজনৰ গছপেল মেলিলেই প্ৰথমতে এই কথা দেখিবলৈ পোৱা যায়। এই Word শব্দ বা ওঁ-কাৰ নাদেই বেদৰ পৰমব্ৰহ্ম, আৰু পিছৰ খ্ৰীষ্টানৰ Lord ! God ! আৰু হিন্দুৱে ধাৰণা কৰা ঈশ্বৰৰ অতি সুমধুৰ প্ৰেম, কৰুণা আৰু সৰ্ব্বভুতৰমণ ৰাম আৰু কৃষ্ণ নাম। যি জাতিৰ যি ঘৰুৱা শব্দই নিগুণ পৰমব্ৰহ্মক সগুণভাৱে অন্তৰঙ্গ কৰি উপলব্ধি কৰায়, সেয়েই নাম, সেয়েই ভৱসিন্ধু-তৰণী নামব্ৰহ্ম।

       শব্দই আৰু পৰমাৰ্থবোধক শব্দই মানুহক অন্য জীৱৰ ওপৰত শ্ৰেষ্ঠতা দান কৰি প্ৰকৃত মনুষ্যত্ব প্ৰদান কৰিছে। শব্দ অত্যন্ত শক্তিশালী। এই কথা অলপ দকৈ ভাবি চালেই বুজিব পাৰি। অৰ্থবোধক শব্দ যে শক্তিশালীয়েই, আমাৰ প্ৰচলিত বোধগম্যতাৰ বিপৰীত অৰ্থাৎ আমাৰ পক্ষে সাধাৰণতঃ নিৰৰ্থক বুলি ভবা শব্দও যে শক্তিশালী এই কথাও অলপ ভাবিলেই দেখা যায়। এটা মাত নুফুটা অকণমান কেঁচুৱা [ ৯৭ ] ল'ৰাক আটাহ পাৰি বা কঠুৱাকৈ হুকি মাৰি দি কোনো কথা এটা ক’লে সি ভয় থায় বা কান্দি পেলায়, কিন্তু মিহিকৈ চুপ্‌ চুপাই এটা কথা ক’লে সি সন্তোষ পাই হাঁহে। মানুহৰ কথা নুবুজা জন্তু এটাকো উচ্চাৰিত শব্দৰ তাৰতম্য অনুসাৰে ভয় খুৱাব বা আনন্দ দি বশ কৰিব পাৰি। সুললিত মাতৰ চৰাইৰ শব্দ শুনি আমি মোহ স্বাওঁ, যদিও সেই শব্দেৰে সেই চৰায়ে আনন্দ প্ৰকাশ কৰিছে নে বিৰক্তি প্ৰকাশ কৰিছে। চৰাইটোৱেহে জানে। শুকান শিলত বা খহটা ঠাইত ঘঁহি উলিৱা কেৰ্‌কেৰীয়া মাতে আমাৰ মনত প্ৰভাৱ বিস্তাৰ কৰি বিৰক্তি জন্মায় ; সুললিত বেহেলা বা বীণৰ গুণত ঘঁহনি খাই উঠা শব্দই মনত তৃপ্তি আৰু আনন্দ দিয়ে। আমি নজনা ভাষাত – যেনে ইটালীয় বা জাৰ্ম্মান ভাষাত শোকৰ বা প্ৰেমৰ বা উদগনিৰ গান শুনিলে যদিও আমি কথাবোৰৰ মানে বুজিব নোৱাৰোঁ, তথাপি তাত উচ্চাৰিত শব্দই আমাৰ মনত শোকৰ বা প্ৰেমৰ বা উদগনিৰ ভাব জগাই দিয়ে। এই লেখকৰ কেঁচুৱা ছোৱালী এজনীয়ে, তাইৰ মাত ফুটাৰ আগেয়ে, চেতনাৰ বা পিয়েনত কোনোবাই দুখৰ গান বজোৱা শুনিলে ফেকুৰি ফেকুৰি কন্দা আৰু হাঁহিৰ গান বজোৱা শুনিলে আনন্দ প্ৰকাশ কৰা লেখকে সততে দেখিছিল।

       গ্ৰীচৰ অৰ্ফিয়ছৰ (Orpheus) বীণৰ শব্দৰ মধুৰ ধ্বনিয়ে গছ, পৰ্ব্বত পশুপক্ষী আদিকে বিচলিত কৰা, লৰোৱা প্ৰবাদ প্ৰচলিত আছে। আকবৰ বাদছাহৰ সভাত এদিন দুপৰীয়া সঙ্গীতবিদ তানসেনে এটা ৰাতিৰ ৰাগ ধৰিলত সেই ৰাগৰ ধ্বনি যিমান দূৰলৈকে গৈছিল সেই ডোখৰ ঠাইক ৰাতিৰ এন্ধাৰে ঢাকিছিল বুলি প্ৰবাদ প্ৰচলিত আছে আকবৰৰে ৰাজসভাৰ আৰু এজন সঙ্গীত-শব্দবিদ গোপাল নায়কক এদিন আকবৰে দীপক ৰাগ গাবলৈ ক’লত, গোপালে এডিঙিলৈকে পানীত নামি ৰাগ ধৰিলত পানী তপত হৈ হৈ শেষত নিজেই পুৰি মৰিল, এনে প্ৰবাদ প্ৰচলিত আছে। হলায়ুধ মিশ্ৰই কৰা “সেকশুভোদয়া” নামৰ এখন প্ৰাচীন সঙ্গীত বিষয়ৰ গ্ৰন্থত আছে, বিদ্যুৎপ্ৰভা নামেৰে এজনী নৰ্ত্তকী গায়িকাই এদিন ৰজাৰ সভাত “সুহৈ” (সুহাই) নামৰ ৰাগ গাইছিল। ৰজাৰ বৰচ’ৰাৰ কাষতে এটা পাটনাদৰপৰা তেনে সময়তে এজনী তিৰোতা মানুহে পানী তুলিবলৈ আহোতে সেই ৰাগ শুনি কাণ্ডজ্ঞান হেৰুৱাই কলহৰ ডিঙিত জৰী নলগাই নিজৰ সৰু লৰাটােৰ ডিঙিত জৰী লগাই তাক পাটনাদত পেলাই জুবুৰিয়াই জৰীডাল টানি ল’ৰাটোক ওপৰলৈ তুলিলে, ল’ৰাটো পানী খাই মৰিল। সেই কাণ্ড দেখি ওচৰত থকা মানুহে হায়ৈবিয়ৈ কৰাত ৰজাই শুনি মানুহজনীক ধৰাই নি, তাই কিয় তেনে কৰিলে বুলি সুধিলত তাই ক’লে – “স্বৰ্গদেও, এইটো মোৰ ল’ৰা ; স্বৰ্গদেৱৰ সভাৰপৰা গোৱা ৰাগ এটা মই শুনি মোৰ জ্ঞান হৰি গৈ তেনে কাম কৰিছিলো।” ইয়াৰ পিছত ল’ৰাটোৰ ভৰি দুটা ধৰি তাক ঘূৰালত তাৰ মুখেদি পানীবোৰ ওলাই গৈ ল’ৰাটো ভাল হ’ল। এদিন সেই ৰজাৰ সভালৈকে বুঢ়ন মিশ্ৰ নামেৰে এজন গায়কে আহি পটমঞ্জৰী’ নামেৰে এটা ৰাগেৰে গান কৰিলত ৰাজসভাৰ ওচৰত থকা আহত গছ এজোপাৰ আটাইবোৰ পাত সৰি পৰিছিল। জয়দেৱ মিশ্ৰ নামৰ সঙ্গীতজ্ঞ পণ্ডিত এজনৰ ঘৈণীয়েক পদ্মাৱতীয়ে গঙ্গাস্নান কৰিবলৈ যাওঁতে গান্ধাৰ ৰাগ ধৰিলত গঙ্গাৰ ঘাটৰ ইপাৰে যিমানবোৰ নাও বন্ধা আছিল, এইবোৰৰ [ ৯৮ ] ডোল ছিগি গৈ টান খাই পদ্মাৱতীৰ ফালে আহিছিল। পদ্মাৱতীৰ স্বামী জয়দেৱে এদিন জাৰকালি বসন্তৰাগ গাওঁতে পাত নথকা গছবোৰত কুঁহিপাত মেলিছিল। Oriental hyperbole অৰ কথা বুলি যদি কোনোৱে এইবোৰ বৃত্তান্ত নপতিয়ায়ও, এইটাে কিন্তু স্বীকাৰ কৰিবই লাগিব যে পূৰ্ব্বকালত ভাৰতত সঙ্গীতশাস্ত্ৰৰ চৰমোৎকৰ্ষ সাধিত হৈছিল। যদিও এনোবোৰ আখ্যায়িকাক আজিকালি মানুহে সাধুকথাৰ শাৰীত পেলায়, তথাপি শব্দশাস্ত্ৰ সঙ্গীতশাস্ত্ৰত পাৰদৰ্শী আগৰ কালৰ হিন্দুৰ পক্ষে শব্দৰ এনে মহাশক্তিৰ সাধন আৰু তাক আয়ত্ত কৰা অসম্ভৱ নাছিল, বৰং অতিশয় সম্ভৱপৰ আছিল। অসমতো এনে শব্দবিদ্যা, সঙ্গীত সাধন বিদ্যাৰ চৰ্চা পূৰ্ব্বকালত বিশেষৰূপে আছিল। গুৰু চৰিত্ৰত আছে – মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে চিহ্নযাত্ৰাৰ ভাওনা কৰোঁতে -

গায়ন বায়ন বৰ ধেমালি জুৰিলা।
বৰগায়নৰ বেশে শঙ্কৰ উঠিল।
উদাৰ সহিত বৰ গোৱিন্দ উঠিল।
আনো ভক্তগণে পাছে গীত গাইতে লৈল।
প্ৰথমে শঙ্কৰদেৱে ৰাগ তুলিলেক।
উদাৰ প্ৰভৃতি ভক্তে দোহাৰে প্ৰত্যেক।
তিমিৰ ৰাগক পাছে বলায়ে জুৰিলা।
বায়ুমণ্ডলী ৰাগ শঙ্কৰেও দিলা।
ৰাগ উচ্চাৰণে মহা বতাস মিলিল।
নিকটৰ পাতিসোন্দো বৃক্ষত লাগিল।।
দুই ফাকি দেন্তে বৃক্ষে যত পাত ছিল।
সকলো সৰিয়া তৈতে ভৈলন্ত নিৰ্ম্মল।।
শেষ দুয়ো ফাকি দেন্তে মোসক গুণে পাছে।
পূৰ্ণ কৈল পত্ৰ সব সেহি বৰ গাছে।

       আমি যাক নিৰৰ্থক শব্দ বোলো, তাৰো এনে প্ৰভাৱ , অৰ্থবোধক শব্দৰতো কথাই নাই। ভৱদুখহাৰী আনন্দময় ঈশ্বৰবাচক নামৰ এই বাবেই অনন্ত মহিমা, – তেহেলৈ লওঁতাজনে সেই নাম জ্ঞানতে লওক বা অজ্ঞানতে লওক, শ্ৰদ্ধাতে লওক বা হেলাতে লওক। এই বাবে শ্ৰীশঙ্কৰদেৱে কীৰ্ত্তনত লেখিছে –

হৰিনামে সব       পাতক দহয়,
জ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে       শুকান কাষ্ঠক
অতি অপ্ৰয়াসে পোলে।
মধুৰমধুৰমেতন্মঙ্গলং মঙ্গলানাং।
সকলনিগমৱল্লীসৎফলং চিৎস্বৰূপং।
সকৃদপি পৰিগীতং শ্ৰদ্ধয়া হেলয়া ৱা।
ভূণ্ডৱৰ নৰমাত্ৰং তাৰয়েৎ কৃষ্ণনাম।
সকল নিগম-লতা       তাৰ অবিনাশী ফল

[ ৯৯ ]

কৃষ্ণনাম চৈতন্য স্বৰূপ।
সুমধুৰ সুমঙ্গল       শ্ৰদ্ধায়ে হেলায় লৈয়া
নৰমাত্ৰ তৰে ভৱ-কূপ। (ঘোষা)

       এই বাবে অজামিলে, অন্তকালত পুতেকৰ নাম ধৰি নাৰায়ণ’ বুলি মাতিলত তেওঁৰ সৰ্ব্বপাপ নষ্ট হৈ উদ্ধাৰ পালে।

পুত্ৰ-নাম ধৰি       উপহাস্য কৰি
হেলাত যি বোলে হৰি।
তাহাৰ সমস্ত       পাতক দহয়,
জানা তাক নিষ্ঠ কৰি। (কীৰ্ত্তন)

       নামৰ গোপ্য মহিমাই (intrinsic value) এনে। নিৰৰ্থক শব্দ এটাৰে যদি আমি প্ৰত্যক্ষ শক্তি দিনৌ এনেকৈ দেখো যে দেখি অবাক হওঁ, পৰম মঙ্গলময় পৰম ঈশ্বৰৰ আনন্দময় হৰিনাম শক্তিৰ অপাৰ মহিমা থকাত সন্দেহ কি?

নাম পঞ্চানন       নাদে পলাৱত
পাপ দন্তী ভয়ভীত। (শঙ্কৰদেৱ)
তাৱদেকে মহা       পাতক-হস্তীৰ
থাকে মহা গৰ্ব্ব-মদ।
যাৱে ৰামনাম       প্ৰমত্ত সিংহৰ
নুশুনে ধ্বনি শব্দ। (কীৰ্ত্তন)
       এই দেখি গুৰুজনে লেখিছে – নামৰ মহিমা       কহন্ত কেশৱে
আপুনি আশ্চৰ্য ভৈলা।
শৰীৰ ৰোমাঞ্চ       বচন নোলায়
নিচুকি স্তম্ভিয়া ৰৈলা।।

       এই বাবেই নাম সকলো ধৰ্ম্মৰ ওপৰত। সকলো ধৰ্ম্মৰ ওপৰে বসিয়া হৰিৰ নাম প্ৰকাশে বুলি এই বাবেই ঘোষাত কৈছে। এই বাবেই ভক্তই প্ৰভু ৰামক স্তুতি কৰি কৈছে –

হে প্ৰভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম
        তোমাত কৰিয়া তযু গুণ-নাম ছাৰ।
বিনা সেতু বন্ধ কৰি নৰে, ৰাম ৰাম ৰাম ৰাম ৰাম
        অপাৰ সংসাৰ সমুদ্ৰৰ হোৱে পাৰ। (ঘোষা)

এইবোৰ অতিৰঞ্জিত কথা নহয়, ভকতৰ প্ৰাণৰ প্ৰকৃত অনুভূতিৰ কথা ; ঈশ্বৰৰ পদ-পঙ্কজত ভকতে নিমগন হৈ অনেক সাধনা কৰি পোৱা কথা। আমি বাহিৰৰপৰা এনে কথাক অতিৰঞ্জিত আৰু ভুল বুলি আমাৰ মুখতাৰ চিনাকি দিওঁ মাথোন। ৰাম কৃষ্ণ হৰি নামৰ, ওঁ নামৰ অৰ্থৰ মৰ্ম্ম অবগাহ কৰি তাক সাধনা কৰি আমাৰ অস্তিত্বৰ প্ৰত্যেক অণু-পৰমাণু, প্ৰত্যেক কণাৰ চেতনা কৰি লব নেজানি, নোৱাৰি আৰু কৰিবলৈ চেষ্টা নকৰিহে আমি তাক ভাটৌৰ মাত বুলি উৰাই দি অধোগামী হৈছোঁহক। নামক [ ১০০ ] আমাৰ সৰ্ব্বহ কৰিব খুজিলে, আৰু কৰি কৰ্ম্মবন্ধ এৰাই ভৱ-সংসাৰ তৰিব খুজিলে তাক খাওঁতে-শোওঁতে উঠোঁতে-বহোঁতে লৈ জপ কৰি কৰি থাকিব লাগিব, amateur ভাৱে অৰ্থাৎ চেলেংপেতেংকৈ ললে নহ'ব; নতুবা তাৰ beauty, তাৰ মহিমা তোমাৰ আগত প্ৰকাশ নহয়। সাধনা, সাধনা, সাধনা লাগে, তেহে সম্পূৰ্ণ সিদ্ধি লাভ।

ৰাম নাম জপ ভাই, ৰাম নাম জপ।
ইহাৰ সমান নোহে, মন্ত্ৰ তন্ত্ৰ তপ।। (শঙ্কৰদেৱ)

       এইফাকি সাধকৰ হিয়াৰ বাণী, অনেক সাধনা কৰি পোৱা সিদ্ধান্তৰ কথা।

       ভগৱন্তই গীতাত কৈছে ̶ "যজ্ঞানাং জপযজ্ঞোহস্মি।" সকলো যজ্ঞৰ ভিতৰত নাম জপৰূপী যজ্ঞহে তেওঁ। নামব্ৰহ্মৰ উপাসনাই মানুহৰ একমাত্ৰ মুক্তিলাভৰ উপায়, আৰু ইয়েই ভাৰতৰ প্ৰাচীন ধৰ্ম্ম। শিৱ, নাৰদ, শুকদেৱ, প্ৰহলাদ, জনক প্ৰভূতি মহাযোগী, মহাভক্তসকলে নাম ধৰ্মৰ অমিয়ামাধুৰী পান কৰি থাকিবলৈহে আকাঙক্ষী। মহাযোগী, মহাতাপসসকলে মহাযোগ, কঠোৰ তপস্যা কৰি satisfied নহৈ, সন্তোষ নলভি, ̶ "শুদ্ধ নহ'ল, দোষ ৰৈ গ'ল, ছিদ্ৰ থাকি গ'ল, ̶ "Conscience বা বিবেক বা অন্তৰাত্মাৰপৰা এনে সাবধান কৰা বাণী শুনি শেহত নামহে সৰ্ব্বছিদ্ৰ সৰ্ব্বেদোষহাৰী পৰম আনন্দ, পৰম সন্তোষদায়ক বুলি থিৰ কৰি ব্ৰহ্মোপাসনাৰ প্ৰকৃত পদ্ধতি প্ৰচাৰ কৰি গৈছে।

তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ কাল পাত্ৰ ছিদ্ৰ যতেক।।
পূৰ্ণ নোহি যজ্ঞৰ অঙ্গ।
হৰি নামে কৰে সবে সুসাঙ্গ।। (কীৰ্ত্তন)

       মৃত্যুৰ সময়ত অন্তকৰ হাতত পৰিলে, তপ-জপ যাগ-যজ্ঞ ক'ৰবাত থাকে; তেতিয়া একমাত্ৰ এই হৰি নামকহে মানুহে (যি সম্প্ৰদায়ৰে হওক) সাৱটি ধৰে। ̶

তপ জপ তীৰ্থ ব্ৰত        যাগ যোগ জ্ঞান দান
কাকো নসুমৰে মৃত্যু বেলা।
মৰন্তাজনক বেঢ়ি        বোলে সৱে ৰাম বোল
হেন নামে এতিক্ষণে হেলা।। (ঘোষা)

       মৃত্যুৰ অধিকাৰী মহাভক্ত ধৰ্ম্মৰাজ যমে তেওঁৰ দূতসকলক নামৰ পৰম মহিমা জানি সেইদেখি কৈছিল, ̶

দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ গন্ধৰ্ব্ব চাৰণগণে।
হৰিৰ নামৰ গোপ্য মহিমাক তেসম্বো কেহো নাজানে।।
ব্ৰহ্মা হৰ মনু কপিল কুমাৰ শুক ভীষ্ম বলি ৰায়।
প্ৰহলাদ নাৰদ জনক আমিসে বাহ্ৰজন সমুদায়।।
পৰম গুপুত হৰিনাম ধৰ্ম্ম জানি আছো শুদ্ধভাবে।
যাক আচৰিলে ঠাৱতে বসিয়া দুৰ্ল্লভ মোক্ষক পাৱে।।
হৰি ভকতি কৰে সৰ্ব্বদায় কৰিয়া কীৰ্ত্তন কৰ্ম্ম।

মনুষ্য লোকত এহিমানে মাত্ৰ পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম।। (কীৰ্ত্তন)
[ ১০১ ]        এনে গুপ্তৰত্নক বেদ, ভাৰত, গীতা, ভাগৱত চাই উলিয়াই আনি এই কালৰ উপযোগী জানি পুনৰ প্ৰচাৰ কৰিলে আমাৰ শঙ্কৰদেৱে। এই কথা মাধৱদেৱে গীতেৰে যেনেকৈ কৈছে, ̶ তাক এশবাৰ সত্য সত্য বুলি স্বীকাৰ কৰোঁ ̶

চাৰি বেদ পুৰাণ যত ভাৰত গীতা ভাগৱত চাই।।
ওহি সাৰ বিচাৰ কয় ভাৰত, হৰি বিনে তাৰক নাই।।
সনক সনাতন শুক মুনি নাৰদ চতুৰবয়ন শূলপাণি।
সহস্ৰবয়ন আদি গাৱত হৰিগুণ, সকল নিগম তত্ত্ববাণী।।
কৃষ্ণনামযশ পৰম অমিয়া-ৰস গাৱত মুকুত নিশেষং।
পৰম মুৰুখমতি কহয় মাধৱ দীন, শঙ্কৰ গুৰু উপদেশং।।

       দেৱতা আছে। আমি পাশ্চাত্য শিক্ষাত শিক্ষিত হৈ, প্ৰত্যক্ষ আৰু বাস্তৱ জগতত নিমগন হৈ যিমানকে প্ৰত্যক্ষবাদী হৈ আমাৰ ভাৰতীয় মহাজ্ঞানী মহাচিন্তাশীল ঋষিমুনিসকলক কল্পনাবিহাৰী বুলি ঔদ্ধত্য প্ৰকাশ কৰোঁহক, এইটো নিশ্চয় নিশ্চয় যে তেওঁলোক মাথোন কল্পনা ৰাজ্যত থকা সাধুকথা ৰচোঁতা বা বিশ্বাস কৰোঁতা মানুহ নাছিল। তেওঁলোক আধ্যাত্মিক-জ্ঞান-নেত্ৰ উন্মিলিত কৰি দেখিছিল যে এই সংসাৰেই মানুহৰ এক মাথোন শেষ সংসাৰ নহয়, আধ্যাত্মিক জগৎ বুলিও এখন সংসাৰ মানুহৰ জীৱনৰ অন্তত আছে। আজিকালি প্ৰত্যক্ষবাদী বৈজ্ঞানিক দাৰ্শনিকসকলে এই জড় সংসাৰক যেনেকৈ তন্নতন্নকৈ আলোচনা কৰিছে, তেওঁলোকেও সেইদৰে আধ্যাত্মিক জগততো পুঙ্খানুপুঙ্খৰূপৰে আলোচনা কৰি তাৰ তথ্য নিৰ্ণয় কৰিছিল আৰু সেই আলোচনাৰ প্ৰণালী অধিৰোহ অবৰোহ আজিকালিৰ দৰেই খুবেই বৈজ্ঞানিক আছিল। আমি পাশ্চাত্য শিক্ষাত শিক্ষিত হৈ দেৱতাৰ অস্তিত্ব নেমানিব পাৰোঁ, কিন্তু সেই বুলি তেত্ৰিছ কোটী দেৱতা শূন্যত পৰিণত নহয়। সকলো ধৰ্মতে দেৱতাৰ অস্তিত্ব স্বীকৃত হৈছে। আমাৰ মৃত্যু হ'লেও আমাৰ আমিত্ববৰ ওৰ নপৰে, মৃত্যুৰ পাছতো যে আমাৰ আমিত্ব সম্পূৰ্ণৰূপে বৰ্ত্তমান থাকে, বৰং স্থূলদেহৰপৰা মুক্ত হৈ আত্মচৈতন্যৰ বিশেষভাৱে বিকাশ হয়, পাশ্চাত্য পণ্ডিতসকলেও লাহে লাহে এই কথা বুজি আহিবলৈ ধৰিছে। বিলাতৰ সৰ্ব্বশ্ৰেষ্ঠ বৈজ্ঞানিক ছাৰ অলিভাৰ লজে আজি বছৰদিয়েকৰ আগেয়ে কোৱা এই কথা অৱশ্যে অনেকে কাকতত পঢ়িছে। তেওঁ এটা বক্তৃতাত কৈছিল ̶

       In justice to myself and my co-workers, I must risk annoying present hearers, not only by leaving or record our conviction that occurrences now regarded as occult can be examined and reduced to order by methods of science carefully and persistently applied but by going further and saying with the utmost brevity that already the facts so examined have convinced me that memory and affection are not limited to that association with matter by which alone they can manifest themselves here and now and that personality persists be[ ১০২ ] yond bodily death. * * * The methods of science are not the only way, though they are our way of being piloted to truth.

দুষ্কৰ্ম্মৰ দ্বাৰায় যেনেকৈ ভূত (Evil spirit) হয়, সজ কৰ্ম্মৰ দ্বাৰায় তেনেকৈ Good spirit angel অৰ্থাৎ দেৱতা হয়, এইটো হিন্দু ঋষিৰ দৃষ্টিৰ সত্য সিদ্ধান্ত। তেওঁ দেখিছিল, পূৰ্ণ কাৰ্যৰ ফলত আৰু নিৰবিচ্ছিন্নভাৱে সজ চিন্তা, সজ কাৰ্যৰ ফলত মোলতিৰ নিয়ম মতে Good spirit উৰ্দ্ধগামী হৈ হৈ দেৱতাত পৰিণত হয়গৈ। পৰলোকতো সজ চিন্তৰ সজ কাৰ্যৰ ফলত কালক্ৰমত জীৱই দেৱতাৰ চাপে ঢাপে উঠি গৈ ইন্দ্ৰত্ন পৰ্যন্ত পায়গৈ। ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰণ প্ৰথমতে আমাৰে নিচিনাহে জীৱ আছিল। লাহে লাহে সজ কাৰ্য্যৰ দ্বাৰায় তেওঁলোক সেইবোৰ পদৰ অধিকাৰী হৈছে। ঈশ্বৰৰ বিশ্বৰাজ্যত সজ কাৰ্যৰ ফলত যেনেকৈ ক্ৰমোন্নতি ধ্ৰুব সত্য, অসজ কাৰ্যৰ ফলত অৱনতিও তেনেকৈ ধ্ৰুব সত্য।

       নামেৰে ঈশ্বৰক উপাসনা কৰাৰ বিশেষত্ব এই যে এই পূজা, এই উপাসনাত কোনো প্ৰকাৰ জাতিবৰ্ণ বিচাৰৰ প্ৰয়োজন নাই, ব্ৰাহ্মণৰপৰা চণ্ডাললৈকে সকলে এই পূজাৰ অধিকাৰী। এই পুজাক দেশ-কাল-পাত্ৰৰ বিচাৰ আৰু আন আন কোনো ছিদ্ৰই পৰশিব নোৱাৰে। আমাৰ মহাপুৰুষৰ দৰে চৈতন্যদেৱেও এই নামধৰ্ম্ম প্ৰচাৰ কৰি কৈছে –

কলিযুগে নামৰূপে কৃষ্ণেৰ অৱতাৰ।
নাম হইতে হয় সৰ্ব্ব জগত নিস্তাৰ।।

       ছান্দোগ্য উপনিষদে কৈছে – ওমিত্যেতদক্ষৰমুদ্‌গীথমুপাসীত” এই ঈশ্বৰবাচক প্ৰণৱ নামেই মধুৰমধুৰমেতং মঙ্গলং মঙ্গলনাং ... তাৰয়েৎ কৃষ্ণ নাম।” এনে কৃষ্ণ নাম, যাৰ অন্বয় ̶

কৃষিভূৰ্ৱাচক শব্দে ণশ্চ নিৱৃত্তিবাচকঃ।
তয়োৰৈক্যং পৰং ব্ৰহ্ম কৃষ্ণ ইত্যভিধীয়তে। (মহাভাৰত)
কৃষ্ণ হেন শব্দটো        পৃথিৱীবাচক ভৈল
ণ আনন্দত প্ৰৱৰ্ত্তয়।
দুইৰ এক পদ        ভৈল পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়। (ঘোষা)

       অতি সুমধুৰ ৰাম বোলা ভাই ! যি ৰাম নাম —

ৰমন্তে যোগিনোহনন্তে সত্যানন্দে চিদাত্মনি।
ইতি ৰামপদেনাসেী পৰং ব্ৰহ্মাভিধীয়তে।
অনন্ত চৈতন্য আত্মা        সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময়।
এহি হেতু ৰাম-পদে        পৰমব্ৰহ্ম স্বৰূপত
কহে ৰাম নামৰ অন্বয়। (ঘোষা)

       আমাৰ পাপ-তাপ হৰণ কৰোতা ঈশ্বৰক হৰি বোলা ভাই !

হৰেং পাপঞ্চ তাপঞ্চ ভক্তানাঞ্চ হৰেৎ মনঃ।

[ ১০৩ ]

য এব স হৰিঃ প্ৰোক্তঃ সমটৰ্ন্তেভক্তসাধকৈঃ।।
স্মৰণ মাত্ৰকে        যিহেতু দুৰ্ঘোৰ
সংসাৰ দুখ হৰন্ত।
এহি হেতুতেসে        ঈশ্বৰক হৰি
বোলয় যত মহন্ত। (ঘোষা)

       চোৱাচোন, মহাভক্ত মহাদেৱ শিৱই মহানিৰ্ব্বাণতন্ত্ৰত জগত্মাতা পাৰ্ব্বতীদেৱীৰ উত্তৰত কৈছে –

কলৌ পাপযুগে ঘোৰে তপোইনেহতিদুস্তৰে।
নিস্তাৰবীজমেতাৰৎ ব্ৰহ্মমন্ত্ৰস্য সাধনম্।
সাধনানি বহুক্তানি নানাতন্ত্ৰগমাদিষু।
কলৌ দুৰ্বলজীৱানামসাধ্যানি মহেশ্বৰি।
তেষাং হিতায় মোক্ষায় ব্ৰহ্মাগোয়মীড়িতঃ।

       নাদ-ব্ৰহ্ম, শব্দ-ব্ৰহ্ম, নাম-ব্ৰহ্ম - এইবোৰ একে কথাই। নামেই ব্ৰহ্ম, নাম গালেই ব্ৰহ্মৰ উপাসনা হয়।

ন নাদেন ৱিনা জ্ঞানং ন নাদেন ৱিনা শিৱঃ।
নাদৰপং পৰং জ্যোতিনাদৰূপী স্বয়ং হৰিঃ।।

       অৰ্থাৎ নাদ (শব্দ বা নাম) ব্যতীত জ্ঞানেই নহয়। মঙ্গলময় শিৱ শব্দ-বিৰহিত নহয়। জ্যোতিৰ্ম্ময় পৰমব্ৰহ্ম নাদৰূপী হৰি পৰমেশ্বৰ স্বয়ং নাদৰূপী অৰ্থাৎ নামৰূপী।

       এই নামৰূপী পৰমব্ৰহ্মৰ উপাসনা আমাৰ যিজন পৰম কৃপালু শঙ্কৰদেৱে প্ৰচাৰ কৰি গ’ল, সেইজনৰ ওচৰত কৃতজ্ঞতা জনাই –

নাম লোৱা বাপুসকল, নকৰিবা হেলা।
নামে সে ৰাখিব ঘোৰ সঙ্কটৰ বেলা।
হৰেৰ্নাম হৰেৰ্নানাম হৰেৰ্নামৈব কেৱলং।
কলৌ নাস্ত্যেব নাস্তোব নাস্তোব গতিৰন্যথা।।

       এতেকে ভাই ! ভয় নাই – ভয়ৰতো কথাই নাই, পৰমানন্দ মিলিব কায়বাক্যমনেৰে ৰাম বোলা, কৃষ্ণ বোলা ! সকলো নামৰ সাৰ ৰাম কৃষ্ণ নাম। ঈশ্বৰে দঢ়াই কৈছে, promise কৰি কৈছে -

মাধৱে বোলন্ত মোক        কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি
সততে সুমৰে যিটোজন।
জল হন্তে যেন পদ্ম        নৰকৰপৰা তাক
আপুনি উদ্ধাৰোঁ ৰঙ্গ মন। (ঘোষা)


তিনি
       ভক্তি হৃদয়ৰ বস্তু, মূৰৰ নহয় ; সেই বাবে তাৰ মূল্য বেছি। হিয়াৰ বস্তুৰ মোল যে মূৰৰ অৰ্থাৎ মগজুৰ বস্তুতকৈ সৰহ এই কথা আমি সকলোৱে চিৰকাল স্বীকাৰ কৰি আহিছে। ঈশ্বৰ কত আছে বুলিলে আমি হিয়ালৈহে আঙুলিয়াওঁ, মূৰলৈ [ ১০৪ ] নহয়। “ত্বয়া হৃষীকেশ হৃদি স্থিতেন যথা নিযুক্তোহম্মি তথা কৰোমি"হে বোলোঁ। আমাৰ হিয়াত থকা বস্তুটো আমাৰ অতি ওচৰ, অতি নিজৰ, তাক আমি আতোলতোলকৈ সামৰি-সুতৰি থৈ দিওঁ। মাকে প্ৰাণসম সন্তানক বুকুতহে সামৰি লয়। এই বাবেই মাতৃস্তন্যৰ আধাৰ বুকু , যি স্তন্যামৃত দি তেওঁ সন্তানক বৰ্দ্দন কৰে। মূৰ জ্ঞানৰ আৰু বুদ্ধিৰ স্থান, হৃদয় ভক্তি আৰু প্ৰেমৰ স্থান, য’ত পৰমাত্মাৰ অংশ জীৱাত্মা গোপন হৈ আছে। এই বাবে গীতাত জ্ঞানযোগতকৈ ভক্তিযোগৰ প্ৰাধান্য। এই নিমিত্তে শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মত ভকত আৰু ভকতিৰ স্থান শ্ৰেষ্ঠ। সকলো প্ৰকৃত ধৰ্ম্মৰে প্ৰাণ ভক্তি, যদিও অনেকে তাক মুখেৰে স্বীকাৰ নকৰে বা সেইটো কথা অজ্ঞাতসাৰে স্বীকাৰ কৰিও, মন কৰি নেচায়। এটা বৰ বুদ্ধিমান চতুৰ লোকতকৈ নিশ্চয় তুমি নিৰ্ভাজ হিয়াৰ লোকক ভাল পোৱা, বিশ্বাস কৰা, তাৰ আগত তোমাৰ হিয়া উবুৰিয়াই দিয়া। কিয়? কাৰণ হৃদয়, হৃদয়েৰে সৈতে তাত চিনাকি হয়, তাত তঞ্চকতা নাথাকে, সি ঈশ্বৰৰ স্থান, তোমাৰ মূল্য বুলিবৰ নিমিত্তে কষটি শিল। তুমি মনীষী বিছমাৰ্ক, বা গ্লেড্‌ষ্টোনৰ আগত তোমাৰ হিয়াৰ কথা খুলি ক’বলৈ ভয় কৰিবা আৰু ক’বলগীয়া হলেও সাৱধান হৈ লুকঢাক কৰি পেটত কিছুমান ৰাখি ক’বা ; কিন্তু এজন সামান্য ধাৰ্ম্মিক পাদুৰী, অথবা ঈশ্বৰভক্ত নিভাঁজ হৃদয়বান লোকৰ আগত হ’লে নিশ্চয় তুমি হিয়া উবুৰিয়াই দিবা ; কাৰণ তেওঁৰ শুদ্ধ জীৱাত্মাই তোমাৰ শুদ্ধ জীৱাত্মাক টানি নিয়ে। বুদ্ধিমান অতি চতুৰ লোক যিমানেই জ্ঞানী হওক, যিমানকে তেওঁৰ বুদ্ধিৰ বিকাশ ঘটক, তেওঁৰ জীবাত্মা, জবায়ুৰে ভ্ৰাণ আবৃত হৈ থকাদি বা ধোঁৱাৰে জুই ঢাক খাই থকাদি অপ্ৰকাশিত থাকে। এই জৰায়ু বা ধোঁৱাকে সাধুসকলে মায়া বোলে। হিয়াৰ ভক্তিৰেহে এই মায়াৰ বন্ধন কুমলি শিথিল হয়। ভক্তিৰে সৈতে, শ্ৰদ্ধাৰে সৈতে তুমি যাক যি বস্তুকে দিয়া, সেইজনে নিশ্চয় প্ৰীতিৰে তাক গ্ৰহণ কৰে ; কাৰণ সেই বস্তু তোমাৰ হিয়াৰপৰা গৈ তেওঁৰ হিয়া পালেগৈ, সি দুই হিয়াৰ যোগ সাধন কৰিলে, দুইকো একান্তভূত কৰি পেলালে। এই বাবে ভক্তি জ্ঞানতকৈ শ্ৰেষ্ঠ। এইদেখি বিবেকানন্দ স্বামীয়ে কৈছিল - "It is through hearth Lord is seen and not through the intellect. The intellect is only the street cleaner cleansing the path for us, a secondary worker, the policeman. It is feeling that works, that moves with speed infinitely superior to the that of electricity or anything else." তুমি সাত্ত্বিকভাৱে হিয়াৰে সৈতে ঈশ্বৰৰ চৰণত, যি ঈশ্বৰ তোমাৰ হিয়াৰ বস্তু, ফুল-জল দিয়া কল এটি, মাহচাউল এগালিৰে সৈতে দিয়া তাৰ মোল ৰজাঘৰীয়া বৰপূজা বা ৰাইজৰ ডাঙৰ ৰাজহুৱা বৰপূজাতকৈ ঈশ্বৰৰ মানত নিশ্চয় সৰহ। ভক্তি প্ৰধান ধৰ্ম্মৰ শ্ৰেষ্ঠতা এই নিমিত্তে স্বীকাৰ কৰিবই লাগিব। বিশ্বজনীন উদাৰ মহান্‌ ধৰ্ম্ম এই নিমিত্তে ভক্তিপ্ৰধান নহৈ নোৱাৰে অৰ্থাৎ যি ধৰ্ম্মত ভক্তিয়ে প্ৰধান স্থান অধিকাৰ কৰিছে সেই ধৰ্ম্মহে বিশ্বজনীন হ’ব পাৰে। এবাটি গাখীৰত যেনেকৈ অলপমান টেঙা পৰিলে সি কুৰুচি যায়, সেই ভক্তিৰ ভাণ্ডাতো ৰাজসিক তামসিক কাৰ্য্যেৰে ভক্তি কৰিলে সেই ভক্তিও কালক্ৰমত বিকৃত নহৈ নোৱাৰে। এই বাবে গীতাই কৈছে – [ ১০৫ ]

কাম এষ ক্ৰোধ এষ ৰজোগুণসমুদ্ভৱঃ।
মহাশনো মহাপাপ্‌মা বিদ্ধ্যেনমিহ বৈৰিণম্।।

       মহাপুৰুষে সেইদেখি কীৰ্ত্তনত ৰাজসিক ভাবেৰে অনুপ্ৰাণিত কৰ্ম্মৰ বিষয়ে কৈছে ̶

ৰজোগুণে কৰে কৰ্ম্মত প্ৰীতি।
কৰ্ম্মীৰ দম্ভ ভাৱ বাঢ়ে নীতি।
কৰে হিংসা ধৰ্ম্ম নোপজে বোধ।
নুগুচয় যেন সৰ্পৰ ক্ৰোধন।।

       সেইদেখি যদিও ভক্তি পূজাৰ প্ৰধান অঙ্গ, সেই ভক্তিত যেন ৰজোগুণাশ্ৰিত কৰ্ম্ম মিহলি নহয়, সেইটো সদায় সাৱধানে চাব লাগিব নতুবা সি নিশ্চয় কলঙ্কিত যাব। সেইদেখি হে ভক্ত ! সাৱধান, ভক্তিসুধামৃতত যেন ৰজোগুণৰ টেঙাৰ চাট নপৰে, ভক্তিৰক্তৰ ধমনীত যেন ৰজোগুণ তমোগুণৰ শত্ৰু কীটপু সোমাই তাক বিকৃত নকৰে।

       ঈশ্বৰৰ স্বৰূপৰ ধাৰণা তুমি তোমাৰ যেনে ইচ্ছা কৰিব পাৰা, কিন্তু সেই ধাৰণা ভাল হ’লে, সুন্দৰ হ’লে, ওখ খাপৰ হ’লে ভাল হ’ব। তেনেহ’লে তোমাৰ মনও ভাল হ’ব, সুন্দৰ হ’ব আৰু ওখ খাপৰ হব ; ফলত তুমি সৰ্ব্বাঙ্গীন উৎকৰ্ষ লাভ কৰি তুলনাত আনতকৈ ঈশ্বৰৰ আৰু সমীপবৰ্ত্তী হবা ; কাৰণ তেওঁ শুদ্ধ বুদ্ধ নিষ্কলঙ্ক নিৰ্ম্মল। মনৰ চিন্ত অনুসাৰে জীৱজন্তুৰ শৰীৰো পৰিৱৰ্ত্তিত হয়। ৰত্নাৱলী শাস্তুত উল্লেখ কৰা বাঘ-পৰুৱাৰ দৃষ্টান্তই আৰু কীৰ্ত্তন-ঘোষাত উল্লেখ কৰা কংসই কৃষ্ণৰ ৰূপ পোৱা এই কথা সপ্ৰমাণ কৰে। বৰ্ত্তমান কালত ব্যৱহাৰিক বিজ্ঞান শাস্ত্ৰইও এই কথাকে সপ্ৰমাণ কৰে। জাপানত কেনেৰি চৰাই পোহোতাসকলে কেনেৰি চৰাইৰ বৰণ সলোৱাৰ কথা আমি জানো। এটা বগা ঘৰত, বগা সজাত, বগা কাপোৰেৰে ঢাকি, হালধীয়া বা মুগা বৰণৰ কেনেৰি চৰাই থৈ দিয়া হয়। কোনো ক’লা বা আন বৰণৰ কোনো বস্তু তাৰ চকুৰ আগৰপৰা একেবাৰেই গুচাই দিয়া হয়। আনকি যিটো মানুহে সেই চৰাইক খাবলৈ দিয়ে সিয়ে সম্পূৰ্ণৰূপে ধৌত বগা কাপোৰ পিন্ধিহে তাৰ আগলৈ যায়। এইদৰে কৰোঁতে কৰোতে কালক্ৰমত সেই কেনেৰিৰ বৰণ বগা হৈ যায়। জাপানৰ চৰাই পোহোতাবোৰে এই উপায়ৰে বগা কেনেৰি বেচি ধন ঘটিব লাগিছে। উপনিষদৰ ঋষিসকলে উপলব্ধি কৰা দৰে ঈশ্বৰ বাস্তৱিকতে অখণ্ড নিত্য, অসীম, নিৰাকাৰ, নিৰ্ব্বিকাৰ, সিৰা আৰু ব্ৰণ ৰহিত ; তেওঁ হ্ৰস্বও নহয়, দীৰ্ঘও নহয়, স্থলও নহয় ; তেওঁ সৰ্ব্বব্যাপক বিভূ। তেওঁক তোমাৰ-আমাৰ মনৰ গজমৰিডালেৰে জোখাটো অসম্ভৱ। তেওঁ তুমি যেনে মনত ধাৰণা কৰা তেওঁ তেনেকুৱা হয় ; অৱশ্যে উৎকৃষ্ট ধাৰণাৰ ফল তোমাৰ নিমিত্তে উৎকৃষ্ট হয়, অপকৃষ্ট ধাৰণাৰে ফল অপকৃষ্ট হয়। তেওঁ অনন্ত সমুদ্ৰ সদৃশ ; তুমি সাধকৰ ভক্তিৰূপ হিমে তেওঁৰ এক খণ্ডক মাথোন তোমাৰ ধাৰণাৰ নিমিত্তে, তোমাৰ উপকাৰৰ নিমিত্তে, এটা আকৃতি প্ৰদান কৰে। তোমাৰ ধাৰণাৰ ফলত সেই আকৃতি তুমি দেখা প্ৰকৃততে তেওঁৰ কোনো ৰূপ নাই। তেওঁৰ কোনো লিঙ্গ নাই। তুমি তেওঁক আই বুলি ভাবিলে তেওঁ আই ; [ ১০৬ ] বোপাই বুলি ভাবিলে বোপাই। নন্দ-যশোদাই তেওঁক পুত্ৰভাবে, উদ্ধৱে সখীভাবে, ব্ৰজৰ বালকসকলে সঙ্গীভাবে, গোপীসকলে স্বামীভাবে, কংসই অৰিভাবে, অৰ্জ্জুনে সখীভাবে, যীচুখ্ৰীষ্টই পিতৃভাবে, বল্লভাচাৰ্য্যই বালগোপালভাবে আৰু আন আন লক্ষ লোকে লক্ষভাবে তেওঁক ভাবি তৰি গৈছে তেওঁ কিন্তু যি আছিল, যি আছে, সেয়েই। তোমাৰ ধাৰণাৰ বেছ কম অনুসাৰে তোমাৰ উৎকৰ্ষ অপকৰ্ষ হয় মাথোন।

       হে মানৱ ! তুমি ঈশ্বৰবিশ্বাসী, ঈশ্বৰভক্ত হোৱা ; অন্ধ বিশ্বাস, অন্ধ ভক্তি পৰিত্যাগ কৰি প্ৰকৃত বিশ্বাসী, একনিষ্ঠ জ্ঞানী ভক্ত হোৱা, নিশ্চয় তুমি ভক্ত বৎসল ভগৱন্তৰ প্ৰিয় হ’বা। তেতিয়া তোমাৰ বিমল আনন্দ হ'ব, অমৃত ধন লাভ হ’ব, তোমাৰ অপ্ৰাপ্য একো নেথাকে ; তুমি হৰিৰ বশ্য, হৰিও তোমাৰ বশ্য। নামত ভকত নহৈ, কামত ভকত হোৱা, তেনেহ’লে কৃষ্ণক পাবা।

       ভক্ত ভগৱন্তৰ কেনে প্ৰিয়, এবাৰ কীৰ্ত্তনৰ প্ৰহলাদৰ উপাখ্যানলৈ চকু দিয়া। হিৰণ্যকশিপুক বধ কৰাৰ পিছতো নৃসিংহৰ উগ্ৰমূৰ্ত্তিৰ প্ৰশমন নহয়। ব্ৰহ্মা, ৰুদ্ৰ আদি দেৱতাসকলে তেওঁক স্তুতি কৰিছে,

তথাপি নুগুচে নৃসিংহৰ মহাক্ৰোধ।
দেখি দেৱগণে দেন্ত লক্ষ্মীক প্ৰবোধ।
স্বামীৰ গুচায়ো ক্ৰোধ জগতৰ মাৱ।

দেৱতাসকলৰ অনুৰোধ –

শুনি লক্ষ্মীদেৱী উঠি চলিলন্ত গাৱ।।
কিন্তু, নৃসিংহৰ মহা ভয়ঙ্কৰ ৰূপ দেখি।
ডৰে উলটিল দেৱী মুদি দুই আখি।।

অনন্ত উপায় নেপাই ব্ৰহ্মাই প্ৰহলাদক ক’লে –

নৃসিংহৰ কোপ বাপ কৰা উপশান্ত।
ব্ৰহ্মাৰ বচন সাদৰি প্ৰহলাদে ধীৰে ধীৰে গৈলা চলি।
ভূমিত পৰিয়া বিষ্ণুক নমিলা শিৰে ধৰি কৃতাঞ্জলি।।
প্ৰহলাদ পাৱত পৰি থকা দেখি নৃসিংহই হাঁহি,
স্নেহত স্ৰৱয় নয়নৰ নীৰ তুলিলা হাতে উল্লাসি।।

       নৃসিংহৰ ক্ৰোধ গ'ল, মুখত হাঁহিয়ে দেখা দিলে, স্নেহত তেওঁৰ নয়নৰ নীৰ বলে, তেওঁ প্ৰহলাদক হাতত ধৰি তুলি মৰম কৰি প্ৰহলাদৰ মূৰত হস্তপদ্ম বুলালে। কৃতজ্ঞ প্ৰহলাদে তেওঁক আন অনেক স্তুতি কৰি এষাৰ কি কথা ক’লে শুনা –

ভয়ঙ্কৰ কোপ        দেখিয়া তোমাৰ
প্ৰভু মোৰ ভয় নাই।
সংসাৰ-চক্ৰৰ        নিকাৰ দেখন্তে
সদায় ধাতু উড়াই।।

       ওপৰৰ এই অতি সুন্দৰ চিত্ৰত কি দেখিলোঁ ? নিজৰ ভাৰ্য্যা লক্ষ্মীতকৈও ভগৱন্তৰ ভক্তৰ মূল্য ভক্তবৎসল ভগৱন্তৰ মনত বেছি। ব্ৰহ্মা, ৰুদ্ৰ আদি দেৱতাৰ কথাকে নকওঁ, লক্ষ্মীও ভয়ত ভীতা ; কিন্তু ভক্ত নিৰ্ভয়। [ ১০৭ ] আৰু এটি চিত্ৰ চোৱা ; – নৃসিংহই প্ৰহলাদক ক’লে –

বোলন্ত প্ৰহলাদ উঠ উঠ।
তোৰ ভক্তি ভৈলো মহাতুষ্ট।
লয়ো বৰ তোৰ যেন মন।
ব্যৰ্থ নোহে মোৰ দৰিশন।
মোক দেখিলেক যিটোজন।
নাহি তাৰ পুনৰাগমন।
ভকতৰ পূৰ্বে মনোৰথ।
দিওঁ কাম মোক্ষ ধৰ্ম্ম অৰ্থ।

       “ভক্তিসে পৰম লাভ” জানোতা প্ৰহলাদে কি উত্তৰ দিলে শুনা –

জানো প্ৰভু, পৰীক্ষা আমাক।
সিহেতু বলিলা হেন বাক।
বাঞ্ছে ফল তযু কৰি কৃতা।
সিটো বাণিজ্যৰ নোহো ভৃত্য।
তোমাৰ অকাম ভূত্য আমি।
তুমিও নিষ্কাম মোৰ স্বামী।।
নাহি কাম আমাৰ অন্যথা।
নুহি ৰাজসেৱকৰ যথা।।

       এই কথা শুনি নৃসিংহই হাঁহি ক’লে –

জানো তই ভকত একান্ত।।
তথাপিতো ইটো মন্বন্তৰ।
হুয়া থাক দৈত্যৰ ঈশ্বৰ।
সদায় শুনিবি মোৰ কথা।
মোৰ ৰূপ চিন্তিৰি সৰ্ব্বথা।
কীৰ্ত্তনে পাইলা পাপচয়।
ভোগ ভুঞ্জি পুণ্য কৰ ক্ষয়।
তোৰ যশ ব্যাপিৰ জগতে।
ৰাত্ৰি দিনে মোক সুমৰন্তে।
সৰ্ব্ব কৰ্ম্মবন্ধ হৈবি হীন।
অন্তকালে মোত যাইবি লীন।।

       এই চিত্ৰই কয় যে নিষ্কাম ভকতে একো নেবাঞ্ছে, একো নিবিচাৰে, একোতে তেওঁৰ স্পৃহা নাই, কেৱল ঈশ্বৰত ৰসময়ী ভকতি কৰি থাকিবলৈহে তেওঁৰ হেঁপাহ। তথাপি সকলো সুখ-সম্পদ, ঐশ্বৰ্য-বিভূতি সেই ভকতৰ পাছে পাছে লগুৱা ফুৰাদি ফুৰে। এই কথাকেহে ৰত্নাৱলী শাস্ত্ৰত লেখিছে –

নবাঞ্ছয় কিছু যিটো ভজি মাধৱক।
দিবন্ত আপুনি নিজ পাদ-পল্লৱক।।

[ ১০৮ ]        শেহত কিন্তু প্ৰহলাদে এখুদমান বৰ এটি নৃসিংহৰ ওচৰত মাগিলে। বৰটি কি চোৱা।

তযু পাৱে মাগো এক বৰ।
তুমি প্ৰভু জগত ঈশ্বৰ।
তোমাক নিন্দিলে পিতৃ মোৰ।
সিজিল পাতক মহাঘোৰ।।
তাত হন্তে পিতৃ নিস্তৰোক।
এতেক প্ৰসাদ দিয়া মোক।।

       এই প্ৰাৰ্থনা ভক্ত, বৈষ্ণৱৰ প্ৰাৰ্থনা। নিজৰ উপকাৰৰ নিমিত্তে নহয়, পৰৰ উপকাৰৰ অৰ্থে আৰু সেই পৰ এনেজনে যি তেওঁক নগুৰ-নাগতি কৰি শাক্তি কৰিছিল, জুইত পেলাইছিল, পৰ্ব্বতৰপৰা বগৰাই দিছিল, যাঠিৰে খুঁচিছিল।

       এই প্ৰাৰ্থনাৰ উত্তৰত ভক্তবৎসল নৃসিংহ মহাপ্ৰভুৱে ভক্তৰ বিষয়ে কি ক’লে এবাৰ ভালকৈ মন দি শুনা, –

নৃসিংহে বোলন্ত হাসি শুনিয়ো প্ৰহলাদ।
দিবেক নলাগে তোক ইসৰ প্ৰসাদ।
পৰম বৈষ্ণৱ তই পুত্ৰ ভৈলি যাৰ।
একৈশ পুৰুষ তাৰ কৰিলি উদ্ধাৰ।
যৈত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ।
কীটপতঙ্ককো তথা কৰয় পবিত্ৰ।
নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
আমাত অৰ্পণ কৰে আপোনাৰ দেহা।
ভকততে শ্ৰেষ্ঠ তই পাইলি বাঞ্ছা সিদ্ধি।
কৰিয়ো পিতৃৰ প্ৰেতকাৰ্য যেন বিধি।
মোত চিত্ত দিয়া কাৰ্য্য কৰিয়ো সন্তোষে।
তবে কি কৰিব আৰ সংসাৰৰ দোষে।।

       গীতোক্ত কৰ্ম্মযোগ, জ্ঞানযোগ, ভক্তিযোগ আৰু ভক্তৰ লক্ষণ, জীৱহিংসা, প্ৰাণীবধ নিষেধ, সকলোৰে চুম্বক সাৰাংশ ওপৰৰ কেইশাৰীত আছে। প্ৰহলাদৰ উপাখ্যানৰ কথাবোৰ আমি মহাপুৰুষ শ্ৰীশঙ্কৰদেৱৰ কীৰ্ত্তন পুথিৰপৰা তুলি যে দিছোঁ এইটো নক’লেও হ'ব। এনে বিশ্বজনীন উদাৰ মহান সাত্ত্বিক বিমল ধৰ্ম্ম আমাৰ শঙ্কৰদেৱে প্ৰচাৰ কৰি গৈছে ; তথাপি তাৰ মোল বুজিব নোৱাৰি তাক অৱহেলা কৰোঁ। এনে ধৰ্ম্মতকৈ নিৰ্ম্মল বিশুদ্ধ ওখ ধৰ্ম্ম পৃথিৱীত দ্বিতীয় আছে বুলি আমি নেজানো। ভাই অসমীয়া ! এনে মহাধৰ্ম্ম, এনে মহাৰত্ন, তুমি হেলাত নেহেৰুৱাবা; উঠা, সাৰ পোৱা, মোহ-নিদ্ৰাত আপোনাকে পাহৰি আৰু নাথাকিবা, আৰু সময় নাই। যি অকিঞ্চিৎকৰ বিষয়-সুখত ভোল গৈ আছা, সি তোমাক নেতাৰে।

বিষয়ৰ সুখ এক তিলে কৰি চুৰ।
যমৰ কিঙ্কৰে ধৰি নিব যমপুৰ।

[ ১০৯ ]

চাৰি ধৰ্ম্মক জানোহো মই        তাহাত প্ৰবৃত্তি নাই,
অধৰ্ম্মতো নিবৃত্তি নহয়।
হৃদিস্থিতি হুয়া তুমি        যেন কৰোৱাহা স্বামী,
তাকে মাত্ৰ কৰোঁ কৃপাময়। (ঘোষা)

       এই আষাৰ কথা, জ্ঞানৰ পোহৰ কম পোৱা অন্ধবিশ্বাসী আৰু লোকৰ গলগ্ৰহ হ’ব খোজা এলেহুৱাৰ নিমিত্তে নহয়, যদিও সেই শাৰীৰ লোকসকলে ইয়াক কথাই কথাই মাতে, কথাই কথাই ব্যৱহাৰ কৰে। এইষাৰ শ্ৰুতি-স্মৃতি আদিৰে ব্যৱস্থিত, দৰ্শনৰ যুক্তি-তৰ্কেৰে পৰিশোধিত, জ্ঞানৰ আলোকেৰে আলোকিত, পুৰাণৰ পাৰমাৰ্থিক কথা। এই জ্ঞানী ভক্তই কয় যে “চাৰি বেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণ, ছখন দৰ্শন ইত্যাদিত যি ধৰ্ম্মৰ পথবোৰ প্ৰদৰ্শিত হৈছে সেই পথবোৰৰ বিষয়ে মই সকলো জানো, সকলোবিলাক মোৰ দ্বাৰায় অৱলম্বিত আৰু পৰীক্ষিত হৈছে। মই অৱশ্যে জানো যে সেই বেদ-বেদাঙ্গ আদি শাস্ত্ৰৰ বাণী তোমাৰেই বাণী আৰু জানো যে গীতাত তুমি মুক্তিলাভৰ উপায় স্বৰূপে যি জ্ঞানযোগ, কৰ্ম্মযোগ আৰু ভক্তিযোগৰ উপদেশ দিয়া, সেইবোৰও তোমাৰ আপোন মুখৰে উপদেশ ; কিন্তু হে প্ৰভু ! হে ভকতবৎসল ভক্ত ভগৱান ! তথাপি মোৰ মনক একো একো বেলি ডাৱৰে ঢাকি ধৰে, তথাপি মই কেতিয়াবা কেতিয়াবা সমুখত পোহৰ নেদেখি ধুৱলিকুঁৱলি দেখোঁ। তুমি দেখুৱা জ্ঞানপন্থাৰে বাট বুলোঁতে বুলোঁতে মোৰ চকুত জলব তবক লাগি আহে, কিয়নো বৰ পোহৰ, বৰ জেউটি; ভালকৈ চকু মেলি চাব নোৱাৰো। হে প্ৰভু ! বৰ পোহৰ এন্ধাৰৰ সমান। তোমাৰ অখণ্ড অত্যুজ্জ্বল জ্ঞানৰ প্ৰখৰ জ্যোতি মোৰ চৰ্ম্ম-চক্ষুৰে ধাৰণ কৰিব নোৱাৰে, জ্ঞানৰ চিন্তা কৰোঁতে কৰোঁতে দেখোন কেতিয়াবা অজ্ঞানতাই জ্ঞানৰ ভাও জুৰি তাত সোমাই সকলো নষ্ট কৰে আৰু চাবলৈ গ’লে, হে প্ৰভু ! মোৰ শক্তিৰ ভিতৰুৱা ক্ষুদ্ৰ সীমাবদ্ধ জ্ঞানেই বা তোমাৰ অনিৰ্ব্বচনীয় অখণ্ড অশেষ জ্ঞানৰ তৰ পায় কেনেকৈ? মুক্তিলাভৰ preliminary পাতনি কৰ্ম্ম কৰি চিত্তশোধন কৰি থাকোতেই দেখোন তাত নানা বিঘিনি, নানা বিপদ, নানা দোষ পৰি তাক পণ্ড কৰি দিয়ে, চিত্তশোধন কৰি মন-দৰ্পণৰ ধূলিমলি জাৰি-ফুকি গুচাই থাকোঁতেই দেখোন আকৌ আহি সংসাৰৰ ধূলিয়ে তাক ছাটি পেলায়। সি জড় সংসাৰৰ ধূলি-মাকতিৰে লগৰীয়া বস্তু বুলিহে হবলা। হে প্ৰভু! তোমাৰ উপদেশ মতে তোমাৰে সৈতে মোৰ আত্মাৰ যোগ সাধন কৰিবলৈ যোগমাৰ্গ অৱলম্বন কৰি নথৈ পৰিশ্ৰম কৰোঁতে কৰোতে মই হাইৰাণ হৈছোঁ, তথাপি নোৱাৰোঁ; তোমাক ধৰোঁ ধৰোঁ, ছোওঁ ছোওঁ হওঁতেই, সংসাৰৰ এশ এটা দুপুৰ কামনা, দুৰ্ঘোৰ দুৰ্ব্বাসনাই মোৰ মনত সোমাই যোগৰ চেষ্টাত সাধন কৰি দিয়ে। এতেকে হে প্ৰভু ! মই কি কৰিম, কলৈ যাম? তুমি যাক অধৰ্ম্ম বুলি কৈছা, সেই অধৰ্ম্মলৈ নেযাওঁ বুলি প্ৰাণপণে যত্ন কৰিও নেখোন মই কৃতকাৰ্য হব নোৱাৰোঁ। মই কবই নোৱাৰো ক’ৰপৰা যে কিহৰ ধুমুহা আমি মোৰ দুৰ্ব্বল মনক মোহাৰি পেলায়হি। মই জানি-শুনিও কোনোমতে অধৰ্ম্মৰপৰা নিবৃত্ত নোৱাৰোঁ। [ ১১০ ] এতেকে হে প্ৰভু ! হে ভগৱান ! হে মোৰ বাহিৰে-ভিতৰে গুৰু। হে হৃদিস্থিত পৰমেশ্বৰ ! মই তোমাত কায়মনোবাক্যে আত্মসমপণ কৰিলোঁ, তোমাৰ যি মন যায় তাকে মোৰ হতুৱাই কৰোৱা, মই ধৰ্ম্মৰ বাটত ঠিক ঠাকিব নোৱাৰোঁ।”

       পৰমেশ্বৰত absolute resignation অৰ ভাব অৰ্থাৎ সম্পূৰ্ণৰূপে আত্মসমৰ্পণৰ unconditional surrender ভাব ইয়াতকৈ কি আৰু হ'ব পাৰে? এয়েই যীচুৰ প্ৰচাৰিত খ্ৰীষ্টধৰ্ম্ম resignation, এয়েই মহম্মদে প্ৰচাৰিত মচলেম ধৰ্ম্মৰ মহা বলৱন্ত বিশ্বাসৰ আত্মসমৰ্পণ, এয়েই হিন্দু ধৰ্ম্মৰ গীতাশাস্ত্ৰৰ শ্ৰীকৃষ্ণোপদিষ্ট একশৰণ, এয়েই শঙ্কৰ-মাধৱ প্ৰকাশিত মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম্মৰ একশৰণ।

       ভক্তৰ ঈশ্বৰত আত্মসমপণ (resignation) সংসাৰ-ধৰ্ম্মত ঈশ্বৰনিৰ্দিষ্ট কৰ্ম্মৰ প্ৰতি বিমুখতা নহয়, নিষ্কৰ্ম্ম ঔদাস্যৰ জীৱন নহয় ; ভক্তৰ এই আত্মসমৰ্পণত নিজৰ অহং বিলোপ, নিজে অকৰ্ত্তা আৰু ঈশ্বৰ সকলোৰে কৰ্ত্তাৰ ভাব, এই আত্মসমৰ্পণত অসীম বলৰ, অনন্ত ক্ষমতাৰ, অখণ্ড আনন্দৰ উৎস। “মই অকামিলা অপাৰগ দুৰ্বলৰ গুৰিত সকলো কাৰ্য্যৰ গুৰি সৰ্ববপাৰগ অনন্তবলীৰ বল আছে। ইন্দ্ৰিয়বিলাকক সবল কৰি সেইবোৰৰ দ্বাৰায় মই মোৰ কায্য কৰোৱাই লোৱাৰ দৰে ঈশ্বৰে মোৰ দ্বাৰায় তেওঁৰ ইচ্ছাৰ কাৰ্য্যবোৰ সম্পন্ন কৰি লৈছে ; তেওঁ মোৰ সকলো কাৰ্য্যৰ, সকলো ইচ্ছাৰ মূলত থকাত মোৰ অসীম সাহ, অদম্য উৎসাহ প্ৰবল কাৰ্যকৰী শক্তি, দুৰ্ঘোৰ বিভীষিকাত নিৰ্ভীকতা, নৈৰাশ্যৰ দুখত অক্লিষ্টতা, সুখৰ ধাৰ নিছিগা প্ৰবাহ।" ঈশ্বৰৰ চৰণত আত্মসমৰ্পণ কৰোঁতা ভক্তৰ এই অমৃত বাণী শুনি লোৱা হে অহম্মমী অবিবেকী মানৱ! তোমাৰ আগতে আহি আছে, চকু মেলি চোৱা, ঈশ্বৰত সম্পূৰ্ণ আত্মনিবেদন কৰোতা মীচুখুষ্ট, মহম্মদ, নানকৰ কি কি শক্তি কি ক্ষমতা লাভ। তেওঁলোকৰ সাংসাৰিক –কি ধনৰ, কি ঐশ্বৰ্য্যৰ, কি সন্মানৰ, কি ক্ষমতাৰ অধিকাৰ আছিল যে তেওঁলোকে বিশ্ববিজয় কৰিলে? এইটো হ’ব বিশ্ববিজয়ীৰ, তেওঁলোকৰ কি বল ? এনেকুৱা তেওঁলোকৰ আৰ্হি দেখিও তুমি অহঙ্কাৰৰ আশ্ৰয় লৈ সসীম সংসাৰেদিয়া ক্ষুদ্ৰ ঐশ্বৰ্য সন্মান ক্ষমতালৈ হেঁপাহ কৰি, মহান অসীম পৰমাত্মদত্ত ক্ষমতা আৰু পাৰমাৰ্থিক ঐশ্বৰ্য্য-সন্মানলৈ আওকাণ কৰি আছাঁ! হায়! আন হিচাপে consideration এৰিলেও, তুমি যদি লাভ-লোকচানৰ হিচাপ কৰোতা চতুৰ ব্যৱসায়ীও (business-man) হোৱা, তেনেহ’লেও এনে ক্ষুদ্ৰ লাভৰবেহা কৰিবলৈ যোৱাটো তোমাৰ বুদ্ধি-বৃত্তিৰপক্ষে আগৌৰৱৰ কথা নহয়নে ? এতেকে হে ব্যৱসায়ী! তুমি এনে ব্যৱসায় কৰা, যি ব্যৱসায়ত পৰম লাভ আছে। মহাপুৰুষ মাধৱদেৱৰ এই কথাষাৰ ভাবি চোৱা –

ভাৰত ৰত্নৰ দ্বীপ,       মনুষ্য শৰীৰ নৌকা
ৰামনাম মহাৰত্ন সাৰ।
হেনয় বণিজ পাই       যিটোজনে নকৰয়
তাতপৰে দুখী নাহি আৰ।। (ঘোষা)

       “জানামি ধৰ্ম্ম ন চ মে প্ৰবৃত্তিঃ” এই শ্লোকটোৰ শেহডোখৰ “ত্বয়া হৃষীকেশ হৃদিস্থিতেন যথা নিযুক্তোহস্মি তথা কৰোমি” বিকৃতিভাৱে চৰ্চ্চা কৰি কৰি [ ১১১ ] আজিকালি অনেকে তাৰ আঁৰ লৈ কুকাম কৰাদেখা যায়। এইদেখিহে ইংৰাজীত একাষাৰ কথা আছে "The devil can cite the scriptures to support his wicked deeds" অৰ্থাৎ চয়তানেও তাৰ মতলব সিদ্ধি কৰিবৰ নিমিত্তে তাৰ কথাৰ সমৰ্থন কৰিবলৈ বাইবেলৰ বাক্য উদ্ধৃত কৰিব পাৰে। আমি পাহৰা নাই যে আজিকালিৰ এনাৰ্কিষ্ট (anarchist) অৰ্থাৎ ৰাদ্ৰোহীসকলৰ হাতত একোখন গীতা পোৱা যায়। আৰু কলিকতাৰ মুৰাৰিপুকুৰ বাগানত (তেওঁলোকৰ যত ঘাই আড্ডা আছিল) ৰীতিমতে গীতা পঢ়োৱা আৰু পঢ়োঁতা ৰাজদ্ৰোহী অধ্যাপক আৰু ছাতৰ আছিল। এইটো একে ফুলৰে মৌ, কোদোৰ মুখত পৰি বিহ আৰু মৌমাখিৰ মুখত পৰি মেী হোৱাৰ নিচিনা কথা। 'ত্বয়া হৃষীকেশ' শ্লোক মাতি কুকামৰ পোষকতা কৰোঁতাৰো এনে কথাই। এইটো মন কৰিলেই হয় যে ঈশ্বৰ মঙ্গলময়, কৰুণাময়, ন্যায়বান আৰু সৎ। এনে ঈশ্বৰক যদি আমাৰ সকলো মনোবৃত্তিৰ গৰাকী সম্পূৰ্ণভাৱে পাতি তেওঁৰ আত্মসমৰ্পণ কৰা যায়, তেন্তে তেওঁ আমাৰ দ্বাৰায়, তেওঁৰ সৃষ্টিৰ অমঙ্গলকাৰী কাৰ্য্য কৰোৱাটো একেবাৰেই অসম্ভৱ। তোমাৰ কুকাৰ্য্য কৰিবৰ প্ৰবৃত্তি হৈছে কৰা, কৰি অধঃপাতলৈ যাব খুজিছা যোৱা, কিন্তু ঈশ্বৰে সেই কুকাৰ্য্য তোমাৰ হৃদয়ত থাকি কৰাইছে বুলি কৈ, লোকক ফাকিদি লগেলগে নিজৰ মনো ফাকি আৰু মিছা প্ৰবোধ দি, তোমাৰ বিবেক ঢাকি থৈ sacrilege অৰ্থাৎ অধৰ্ম্ম কৰি মঙ্গলময় ঈশ্বৰত অমঙ্গল ভাব আৰোপ কৰি নিজে নষ্ট হোৱা কিয় ? তোমাৰ অদম্যবাসনা প্ৰবল কুপ্ৰবৃত্তিয়ে তোমাক ককুকাম কৰিবলৈ উদগাইছে, ঈশ্বৰৰ বীণাৰ সুমধুৰ বাণীলৈ তুমি কাণ নিদি কুপ্ৰবৃত্তিৰ ঢাক-ঢোলৰমাতলৈ কাণ দিছা আৰু সেই ঢাক-ঢোল বন্ধ নকৰি তাৰে তোমাৰ হৃদিস্থিত হৃষীকেশৰ বীণাৰ ঝঙ্কাৰ বুৰাইছা, অথচ কৈছ – “ত্বয়া হৃষীকেশ হৃদিস্থিতেন যথা নিযুক্তোহস্মি তথা কৰোমি। কি আপদীয়া কথা! তেনেকৰি বৰং তোমাৰ কোবা উচিত, – লোভ-মোহ-কাম-ক্ৰোধৰ দ্বাৰায় “যথা নিযুক্তোহস্মি তথা কৰোমি।” তুমি ক’বা যে কাম, ক্ৰোধ, মোহ আদিও তেওঁ ঈশ্বৰৰ সৃষ্টি বস্তুহে, তেন্তে সেইবোৰে যিকৰোৱায় সি ঈশ্বৰে কৰোৱা নুবুলিবা কেনেকৈ? আমি কওঁ – হয়, কিন্তু তাৰ use অৰ বিধান ঈশ্বৰে আন প্ৰকাৰেহে কৰিছে, তাৰে তোমাৰ দ্বাৰায় তেওঁৰ সৃষ্টি নাশ কৰিবলৈ আৰু তোমাক ৰসাতললৈ পঠিয়াবলৈ বিধান কৰা নাই। তোমাৰ হাতৰ কটাৰীখনেৰে তুমি তামোল কাটিলে তামোল খাইতৃপ্তি লাভ কৰিবলৈ পাবা, আৰু আঙুলি কাটিলে খঁৰা-আঙুলিয়া হ’বা ; এই কথা। পোহৰৰ তেজ বঢ়াবলৈ যেনেকৈ এন্ধাৰ থাকে, পুণ্যৰ জ্যোতি উজ্জ্বল কৰিবলৈ সেইদৰে পাপ থাকে। এন্ধাৰ পৰিত্যাগ কৰি যেনেকৈ পোহৰলৈ মানুহ যায়, পাপ পৰিত্যাগকৰি তেনেকৈপুণ্যলৈ সন্ত-সাধু যায়। ক'লা ছাইৰে যেনেকৈ ঘঁহি ৰৌপ্যাদি তৈজস দ্ৰব্যহে উজ্জ্বল পেৰাত সুমাবৰ বস্তু। দুনিবাৰ প্ৰবল লোভ-মোহ-কাম-ক্ৰোধক অহোপুৰুষাৰ্থ কৰি বলি দি তুমি পৰীক্ষাত উঠিব লাগে দেখি সেইবোৰ ঈশ্বৰে স্ৰজন কৰিছে। তেওঁ সেই পৰীক্ষা দুৰূপ কৰি দি তাৰে সৈতে তোমাক যুঁজাই তোমাৰ ক্ষমতা বঢ়াই দি তোমাক প্ৰবল আৰু উন্নতি কৰিছে। তুমি তাকে নুবুজি বা বুজিব নুখুজি সেই ৰিপুবিলাকৰ অধীন হৈ থাকা আৰুকোৱা, – ঈশ্বৰে যেনে কৰাইছে, [ ১১২ ] মই তাকে কৰিছোঁ !

বিষয় সম্বন্ধ সুখ        সমস্ত যোনিত পায়,
হৰি-সেৱা একো স্থানে নাই।
হৰিৰ সেৱাৰ যোগ্য        কেৱলে মনুষ্য তনু,
জানি ফুৰা হৰি গুণ গাই। (ঘোষা)

তুমি এইষাৰ গুৰুবাক্যপাহৰি আওবাটে যাব লাগিছা, আকৌ শ্লোকমাতিছা “ত্বয়া হৃষীকেশ হৃদিস্থিতেন যথা নিযুক্তোহস্মি তথা কৰোমি।” তুমি দেখা নাই নে কাম, ক্ৰোধ, লোভ, মোহ আদি বিষয়-সম্বন্ধৰ সুখ কাউৰী, ছাগলীৰ সাপ, বাঘ, গৰুৰো আছে, সিহঁতে তাৰ অধীন ; সেইবোৰৰ ওপৰত কৰ্তৃত্ব কৰিবলৈ সিহঁতক জ্ঞানবিবেচনা ঈশ্বৰে দিয়া নাই ; কিন্তু তোমাক দিছে। কিয় দিছে কোৱাচোন ? ঈশ্বৰে আশা কৰে যে তুমি শ্ৰেষ্ঠ জীৱ, এতেকে জ্ঞান-বিবেচনাৰে তুমি সেই দুৰ্বত্ত দানৱ ৰিপুবোৰৰ ওপৰত জয় লাভ কৰি জীৱৰ উন্নতি আৰু ওখ খাপলৈ যাবা। ঈশ্বৰে দিয়া জ্ঞান-বিবেচনাৰ সদ্ব্যৱহাৰ নকৰি যদি তুমি তাক পেলাই থৈ ৰিপুৰ দাসহোৱা,তেন্তে তোমাৰ ওপৰত ঈশ্বৰে যি trust impose কৰিছিল অৰ্থাৎ কৰ্ত্তব্যৰ ভাৰ দিছিল, তাত তুমি fail হ’লা, কৃতকাৰ্য নহ’লা। তুমি dutiful নহৈ নিজৰ মাৰ নিজে চিন্তিলা, আৰু শেহত কোৱা যে “ত্বয়া হৃষীকেশ হৃদিস্থিতেন যথা নিযুক্তোহস্মি তথা কৰোমি!” কত হৰিভকতৰ ই grand resignation, মহান আত্মসৰ্পণৰ বাক্য, আৰুকত মতলবী মোহান্ধৰ এই শ্লোকাদ্ধৰ আবৃত্তি আৰু বিকৃত মৰ্ম্মগ্ৰহণ! তুমিচোন কোৱা, যীচুখ্ৰীষ্ট, মহম্মদ, জনক, ভীষ্ম আদিকৰি যিসকল ঈশ্বৰত আত্মসৰ্পণ কৰোঁতা মহাপুৰুষ আছিল তেওঁলোকে লোভ-মোহ আদি ৰিপুক প্ৰশ্চয়দিয়া কোনো কাৰ্য কেতিয়াবা কৰিছিলনে? যদি নাই কৰা তেওঁলোকে তুমি বুজাদি “ত্বয়া হৃষীকেশ’ৰ মানে নুবুজি কআন প্ৰকাৰে বুজিছিল কিয় ? সেইটো আচল মানে নে তোমাৰটো?

       যি যিটো বস্তু দিনে-ৰাতিয়ে ধ্যান কৰে, সদায় মন-প্ৰাণ যিটোত সাপ দিয়ে, সেই বস্তুটোতে তেওঁৰ লাহে লাহে আসক্তি জন্মি তাকে লাভ মনত ভাবি তাৰে আনন্দত তেওঁ নিমগন হয়। যি দিনে-ৰাতিয়ে টকা টকা কৰি থাকে, টকা ঘটাকেহে জীৱনৰ একমাত্ৰ কাম বুলি ভাবে, ক্ৰমাৎ তেওঁৰ টকাতেই এনে এটা আনন্দ হয় যে টকা যে means to an end অৰ্থাৎ আন সুখ পাবৰ উপায়, সেইটোলৈ তেওঁ পাহৰি যায় ; দিনে-ৰাতিয়ে টকাকে বুকুত বান্ধি সচিতে-সপোনে টকাৰ সমাজিক দেখি কটায় আৰু শেহত তেওঁৰ এনে অৱস্থা হয় যে তেওঁ নৰিয়াত পৰি মৰিবলৈ ওলালেও নিজৰ নিমিত্তে ঔষধ-পথ্য আৰু চিকিৎসাৰ অৰ্থে পইচা খৰচ কৰিব নোৱাৰি টকাক ৰাখি থৈ নিজক বিনাশ কৰে। তেওঁৰ নিজৰ মৃত্যু-শোকতকৈও ধন-ভগনৰ শোক মৰ্ম্মভেদী। পুত্ৰ-দাৰা আদি বিষয়ত অতিৰিক্ত আসক্তজনৰো এনে অতিৰিক্ত অৱস্থা ঘটে। ভকতি-সুখত মজি থকা ভক্তৰো এনে অৱস্থাৰে তুলনা কৰিব পাৰি, যদিও ভক্তৰ অৱস্থা ideal (আৰ্হি) অৱস্থা। শেহত ভক্তই ভক্তি-সুখৰ বাহিৰে আন একো নিবিচৰা হয়, মুক্তি-সুখও তেওঁৰ এলাগী হৈ পৰে। ভক্তৰ এই অৱস্থাৰে সৈতে [ ১১৩ ] বিষয়াৰ অৱস্থাৰ এই মহা প্ৰভেদ যে বিষয়ত সুখাসক্তই বিষয়ক পাই সংসাৰতে মজি সংসাৰী হৈ জন্মজন্মান্তৰ কটাবলগীয়া হয়, ঈশ্বৰ-ভক্তি সুখত মজা ভক্তই তেওঁৰ আকাঙিক্ষত ঈশ্বৰৰ চৰণ-পঙ্গজ সেৱাসুখ পাই অখণ্ড অমিয়া সুখৰ অধিকাৰী হয়। হে সকামী মানৱ! তুমি পাৰ্থিৱ বস্তুৰ কামনা কৰি কি শান্তি পাবা? কিহে তোমাৰ হিয়া পূৰাব? ব্ৰহ্মাণ্ডৰ সকলো বস্তুও যে তোমাৰ কামনা পূৰাব নোৱাৰে ; তুমি যিমান পোৱা, তোমাৰ হৃদয়ে ততালিকে আকৌ বিচাৰিব। এতেকে সকলো কামনা পৰিত্যাগ কৰি ঈশ্বৰৰ অক্ষম নামামৃত পিয়া, তোমাৰ সন্তোষ লাভ হব।

শুনিয়ো হৃদয় হেৰ        ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোৰয়।
তাক ত্যজি কৃষ্ণ নাম        অক্ষয় অমৃত পিয়া
সন্তোষক লভিয়ো হৃদয়। (ঘোষা)

       এই বাবেই শ্ৰীমদ্ভাগৱতত কৈছে যে ব্যাসে কৰ্ম্মযোগ, জ্ঞানযোগ সকলো আচৰণ কৰিও মনত শান্তি নেপাই, তেওঁৰ মনৰ মহাক্লেশ কোনোমতে গুচাব নোৱাৰি, শেহত নাৰদৰ উপদেশত –

এক চিত্তে মাধৱত কৰিয়া ভকতি।
তেবে তান নিৰ্ম্মল নিশ্চল ভৈল মতি।।
ভকতিৰ পৰম আনন্দ ভৈলা জাত।
হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাত।।
কৃষ্ণৰ অধীন মায়াদেৱীকো দেখিল।
তেবেসে ব্যাসৰ যত সংশয় গুচিল। (ৰত্নাৱলী)

       ঈশ্বৰ লাভ কৰিবলৈ আন আন মাগৰ নিচিনাকৈ ভক্তিমাগত বেছি সময় আৰু শ্ৰম নালাগে। ভক্তি কৰোঁতে কৰোতে ভকতৰ ভকতি স্বভাৱ-সিদ্ধ (second nature) হৈ পৰে। মানুহে যেনেকৈ গুৰিতে কথা ক’বলৈ, খোজ কাঢ়িবলৈ যত্ন কৰি শিকে, কিন্তু শেহত সেইবোৰ কাম স্বভাৱসিদ্ধ যেন হৈ পৰে আৰু ইন্দ্ৰিয়ৰ বৃত্তিবোৰে যেনেকৈ শেহত অযত্নতে নানা বিষয়ত প্ৰৱৰ্ত্তিত হয়, তেনেকৈ ভক্তৰ, ঈশ্বৰত ৰতি হৈ মন স্বভাৱতে তেওঁৰ চৰণত প্ৰৱৰ্তিত হয়। তেতিয়া ভক্তই ভকতিক ত্যাগ কৰি আন একো কামনা নকৰে, কাৰণ নোৱাৰে ; ঈশ্বৰত ভক্তিয়ে তেওঁৰ মন মথি পেলালে যে নিষ্কামভাৱে মাথোন ঈশ্বৰৰ চৰণসেৱা কৰি থাকিবলৈ পালেই তেওঁৰ হ’ল। তেওঁ আৰু একো নিবিচাৰে। তেওঁ তেতিয়া তেওঁৰ কাণক ঈশ্বৰৰ কথা শ্ৰবণত, মুখক শিৰক ঈশ্বৰবুদ্ধি কৰি সমস্ত জগতক নমস্কাৰত, নাকক ঈশ্বৰৰ নিৰ্ম্মাল্য ঘ্ৰাণত আৰু জিভাক ঈশ্বৰৰ প্ৰসাদ আস্বাদনত মাত্ৰ লগায়। মুক্তিপদ সুখৰ হ’লেও সেইদেখি ভকতে ভক্তিক তাতকৈ শ্ৰেষ্ঠ দেখে ; কাৰণ সেৱৰ আনন্দ-সুখ মুকুতিত নাই, ভক্তিত আছে, অথচ ভক্তিতে মুকুতিৰ সুখকো পোৱা যায়। এই নিমিত্তে ভক্তি কৰিলে ভক্তিয়ে ভক্তি-সুখ যে মিলায়েই, মুক্তি-সুখকো আনি দিয়ে, মুক্তিৰ নিমিত্তে সুকীয়াকৈ পুৰুষাৰ্থ কৰিব নেলাগে। এই বাবে শঙ্কৰদেৱে কীৰ্ত্তনত লেখিছে, [ ১১৪ ]

ভকতিত পৰে ধৰ্ম্ম নাহি সংসাৰত।
চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব।

       ভক্তিয়েই সকলো উপাসনাৰ সাৰ এইটো আমি দেখি আহিছোঁ। কিন্তু কেনেকৈ ভক্তি কৰিব লাগে সেইটো আমাক কোনে কৈ দিব ? শ্ৰীমদ্ভাগৱতে ন বিধ ভক্তিৰ কথা কৈছে –

শ্ৰৱণ কীৰ্ত্তন        স্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদসেৱন।
দাস্য সখিত্ব        বন্দন বিষ্ণুত
কৰিব দেহা অৰ্পণ। (কীৰ্ত্তন)

       এই ন বিধ ভক্তিয়েই শ্ৰেষ্ঠ ভক্তি। ভক্তই ন বিধ ভাগৱতী ভক্তি কৰি ঈশ্বৰৰ উপাসনা কৰে। এই ন বিধ ভক্তিকে উপাসনাৰ সাৰ বুলি ধৰা যায়। শঙ্কৰদেৱেও এই ন বিধ ভক্তিকে ভাগৱতৰপৰা আনি প্ৰচাৰ কৰিছে। কিন্তু ন বিধৰ ভিতৰতে তেওঁ শ্ৰৱণ-কীৰ্ত্তনক প্ৰাধান্য দিছে। বাস্তৱিক পক্ষতো এই দুই বিধেই যে আনবোৰতকৈ শ্ৰেষ্ঠ তাৰ কোনো ভুল নাই। আকৌ শ্ৰৱণ-কীৰ্ত্তনৰ ভিতৰতো শ্ৰৱণেইহে আদি। তুমি যাক ভক্তি কৰিব, তাৰ বিষয়ে শুনাইহে তোমাৰ প্ৰথম কাৰ্য্য। তেওঁৰ গুণশীল শুনোতে শুনোতে তেওঁৰ প্ৰতি তোমাৰ চিত্ত সুপ্ৰসন্ন হ'ব, ৰতি জন্মিব, তেতিয়া তুমি নিজেও তেওঁৰ গুণ-শীল কীৰ্ত্তন কৰিব পৰা হ’বা, আৰু কৰি পৰম আনন্দ লাভ কৰিবা ; আৰু তাৰপিছত লাহে লাগে বগাই গৈ বাকী সাত বিধ ভক্তিতো তুমি পৰায়ণ নহৈ নোৱাৰা। ভক্ত দামোদৰদেৱে আদি ভক্তি শ্ৰৱণতে বেছি নিমগন হৈ দিনে-ৰাতিয়ে ঈশ্বৰৰ গুণশীল শ্ৰৱণ কৰি কটাইছিল, কাৰণ প্ৰথম শ্ৰৱণেইহে তেওঁক শঙ্কৰদেৱৰ সমীপলৈ আকৰ্ষণ কৰি আনে। মহাপুৰুষে তেওঁৰ অমূল্য উপদেশবোৰৰ এটা উপদেশত দুই-চাৰি আষাৰৰ ভিতৰতে শুৱলাকৈ কৈ এই ভক্তিৰ কথা কেনেকৈ কৈছে চোৱা -

শুনা সভাসদসদৰ যুগুতি বচন।
হৰিভকতিৰ আদি জানিবা শ্ৰৱণ।
মহন্তৰ মুখে কথা শুনি প্ৰথমত।
তেবেসে পুৰুষে পায় ভকতিৰ তত্ব।
কথা শুনিলেসে গুচে মনৰ সংশয়।
কৃষ্ণৰ সেৱাত ৰতি তেৱেসে বাঢ়য়।

       শাস্তুত ন বিধ ভক্তিৰ কথা কলৈ ; কেনেকৈ সেই সেই ভক্তি কৰিব লাগে তাকো বহলাই উপদেশ দিলে ; কিন্তু হে ভক্ত। ভক্তিত পাৰদশী মহন্ত ভক্তৰ মুখে তুমি শুনি লোৱা প্ৰথমতে,-কেনেকৈ ভক্তি কৰিব লাগে, নতুবা তোমাৰ খৰচি নমৰে। তেহে পদে পদে তুমি উজুটি খোৱা প্ৰতিবন্ধকবোৰ এৰাই কৃতকাৰ্য হৈ ভকতিৰ পথত আগবাঢ়ি আচল তত্ত্ব পাব পাৰিবা। আয়ুৰ্ব্বেদ শাস্ত্ৰত ৰোগ আৰু ৰোগৰ চিকিৎসাৰ বিষয়ে তন্নতন্নকৈ ব্যাখ্যা কৰা আছে; কিন্তু তুমি যদি ভাল কবিৰাজ হ’ব খুজিছা তেন্তে প্ৰাজ্ঞ কবিৰাজ অধ্যাপকৰ ওচৰত সেই শাস্ত্ৰ পঢ়ি কবিৰাজী শিক্ষা [ ১১৫ ] কৰা, তেহে সেই বিদ্যা তোমাৰ সৰ্ব্বতোভাৱে আয়ত্ব হ’ব। নতুবা তোমাৰ ভিষক্‌ বিদ্যাৰ খৰচি নমৰে, তুমি এধাখুন্দা বেজহে হ’ব। ভক্তিও সেইদৰে মহন্ত সাধু ভক্তৰ ওচৰত তেওঁৰ উপদেশমতে শিক্ষা কৰা, অনুশীলন কৰা আৱশ্যক। ভক্তি যদিও সুগম, তথাপি অন্যমনা হৈ তাক আচৰণ কৰিলে তাত সিদ্ধিলাভ সুদুষ্কৰ হৈ উঠে। এটা কথা মন কৰিবলৈ পাহৰিব নেলাগে যে উজু কাৰ্য্যবোৰেই, উজু কথাবোৰেইহে আয়ত্তৰ অধীন কাম হয় ; কাৰণ উজু বুলি মানুহে সেইবোৰক অৱহেলা কৰে বা একেদিনাই কৰিম বুলি পেলাই থৈ দিয়ে। ঈছপৰ শহাপহু আৰু কাছৰ সাধুতে এই কথাৰ নীতি আছে। ভকতিৰ পথ যদিও উজু, কিন্তু মানুহৰ স্বভাৱ হৈছে — উজু বস্তুৰ ফালে আকৃষ্ট নহৈ, সহজ প্ৰাপ্য বস্তুত মূল্য স্থাপন নকৰি, জটিল আৰু কষ্টসাধ্য বস্তুৰ ফালে ঢাল লোৱাটো। এইটোও ঈশ্বৰৰ মায়াৰে খেলা। পানী-বতাহ সহজপ্ৰাপ্য উজু বস্তু, সেইদেখি তাৰ মূল্য সাধাৰণ মানুহৰ মানত কম বা একৰকম নাই বুলিলেই হয় ; কিন্তু এই দুইটা এনে বহুমূলীয়া পদাৰ্থ যে তাৰ অভাৱত মানুহৰ থিতাতে মৰণ। মহাপুৰুষ শঙ্কৰদেৱৰ প্ৰচাৰিত উজু অথচ অমূল্য ধৰ্ম্মত সেইদেখি অসম ৰজাই মূল্য নেদেখি বঙ্গদেশৰ তান্ত্ৰিক ধৰ্ম অসমলৈ আনি গ্ৰহণ কৰিছিল। এই কাৰণৰ নিমিত্তেই মহাপুৰুষ বিহিত উজু অসমীয়া মাতৃভাষাত উচ্চাৰিত শৰণতকৈ সংস্কৃত বিজড়িত দীক্ষাক কোনো কোনো লোকে আৰু তেওঁলোকৰ শিকনিৰে মনে ঘোৰপাক খোৱা শিষ্যই শ্ৰেষ্ঠ বোলে। অথচ যেই শৰণ, সেই দীক্ষা, যেই তণ্ডুল, সেই চাউল, বৰং শবণ আমাৰ মাতৃভাষাত উক্ত দেখি সি দীক্ষাৰ মন্ত্ৰতকৈ অবাধে সহজে আমাৰ মৰ্ম্মত প্ৰৱেশ কৰে, সেই দেখি সি শ্ৰেষ্ঠ। হায়। ঘূতপক্ক মচলামিশ্ৰিত rich পোলাও চমকেই এনে। স্বাস্থ্যবিজ্ঞানৰ হিচাপত পোলাও plain ভাততকৈ তল খাপৰ হ’লেও আৰু বৰং অস্বাস্থ্যকৰ হ'লেও মানুহে কিন্তু পোলাও খাবলৈ হেঁপাহ কৰি ফুৰে আৰু পইচা খৰচ কৰি মৰে। এই নিমিত্তেই তাহানি যুৰোপত লাটিন গ্ৰীক ভাষাত ৰচিত গ্ৰন্থৰ প্ৰাধান্য প্ৰচলিত ভাষাৰ গ্ৰন্থৰ ওপৰত আছিল ; এই কাৰণেই আজিও আমাৰ মনত সংস্কৃত ভাষাত ৰচিত শ্লোকৰ প্ৰাধান্য আমাৰ মাতৃভাষাতকৈ ওপৰত আছে ; এই কাৰণেই কাৰো কাৰো মনত ক্লীং ইং ফট্‌-অৰ শ্ৰেষ্ঠতা ৰাম শব্দৰ ওপৰত বৰ বেছি কাৰণ ৰাম যে বৰ উজু, বৰ সৰল আৰু সকলোৱে সহজে মাতিব পৰা, আৰু সি যে “ঢাকিলে ঢুকিলে লাখ টকা”ৰ জাতৰ ইং ক্লীং নহয়।

দুগুটি অক্ষৰ ৰাম নাম
শ্ৰীৰাম নাম অমিয়া-মাধুৰী জৰে।
অতি সুকোমল পৰম মঙ্গল,

সবে মনোৰথ পূৰে। (ঘোষা)

       কিন্তু ৰাম একে সুকোমল আৰু সবে মনোৰথ পূৰোৱা হ’লে কি হ'ব? — ৰাম যে একেবাৰেই উকা আখৰ আৰু যে সি অতি সহজে উচ্চাৰণ কৰিব পৰা সহজপ্ৰাপ্য। তাততো ক্লীং হ্ৰীং-অৰ জবৰ্জং অলঙ্কাৰ কাঁইট নাই। কাঁইট নোহোৱা গোলাপক কোনে আদৰ কৰিব ? এতেকে 'বুদ্ধিমানসকলে’ মন্ত্ৰ লোৱাক, দীক্ষা [ ১১৬ ] লোৱাক, ৰাম-কৃষ্ণ নামত শৰণ লোৱাতকৈ যে শ্ৰেষ্ঠ যেন দেখিব তাত আশ্চৰ্য কি?

       কি ৰামকৃষ্ণ নামত শৰণ লোৱা ভক্তই ভক্তিকে সাৰ বুলি জানি ভক্তি কৰি আছে কৰি থাকিব, তেওঁলোকক আন একো নালাগে। তেওঁলোকে শ্ৰীমদ্ভাগৱতে বিবৃত কৰা নবিধ ভক্তি কৰিও, “মই ভকতি কৰিব জনা ভকত” বুলি এক কণিকা মাত্ৰও অহঙ্কাৰ আৰু শ্ৰেষ্ঠতাৰ ভাব মনলৈ মানি কয়, – “হে প্ৰভু, তোমাত ভক্তি কৰিব যে লাগে এই মহৎ উপদেশ আমি পাইছোঁ, তুমি উপদেশ দিয়া প্ৰকাৰেই আমি তোমাত ভকতি কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু প্ৰভু, তথাপি তাক কেনেকৈ কৰিব লাগে নেজানো, ভালকৈ তাৰ উৱাদিহ নেপাওঁ, যিমানকে কৰিছে সিমান আমাৰ মনত খেলাইছে যে আমি ঠিক কৰিব পৰা নাই। আৰু হে প্ৰভু, আমাৰ সীমাবদ্ধ ক্ষুদ্ৰ ক্ষমতাৰে পাৰিমেই বা কেনেকৈ? এতেকে পৰমেশ্বৰ ! দয়াময়! ভক্তবৎসল ভগৱান! তোমাত আমি সম্পূৰ্ণৰূপে আত্মসমৰ্পণ কৰিছে, আমাক তুমি শিকাই দিয়া কেনেকৈ ভক্তি কৰিব লাগে ; শিকাই দিয়া হে প্ৰভু, শিকাই দিয়া, –

কিমতে ভকতি কৰিবো তোমাত হৰি এ,
মই মূঢ়মতি নাজানো তাৰ উপায়।
মহা বলৱন্ত দুৰ্ব্বাসনা ঘোৰ হৰি এ
আমাৰ মনক ত্যজিয়া দূৰ নাযায়।
তোমাৰ মায়ায়ে মন মোহি আছে হৰি এ,
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নাপাওঁ।
অভয় চৰণে শৰণ পশিলো হৰি এ,
তুৱা গুণ নাম ভকতি-প্ৰদীপ চাওঁ।
ভকতি মিনতি প্ৰণতি নাজানো হৰি এ,
মোত পৰে জ্ঞানশূন্য হীন-মতি নাই।
তুমি প্ৰভু কৃপা-ৰসৰ সাগৰ হৰি এ,
দিয়া মোক তুৱা পদছায়া তলে ঠাই। (ঘোষা)

       এইটি ভক্তৰ হৃদয়-কন্তৰস্থিত ভক্তিৰস বিমিশ্ৰিত কি সুন্দৰ প্ৰাৰ্থনা ভক্তৰ হিয়াৰ মৰ্ম্মস্থলীৰপৰা ওলোৱা কি নিবেদন ! কি আবেদন! কি কাকুতি! কি প্ৰাণস্পৰ্শী প্ৰাৰ্থনা! ভাই অসমীয়া, পৃথিৱীৰ সুসভ্য, অসভ্য, অৰ্দ্ধসভ্য, কোন দেশৰ ধৰ্ম্মপ্ৰচাৰক সাধক ভক্তৰ হৃদয়ৰপৰা এনে “মহতো-মহীয়ান” প্ৰাৰ্থনা ওলাইছে, এবাৰ সেইবোৰৰে সৈতে, দুখীয়া অসমৰ এচুকত পৰি থকা আমাৰ মহাপুৰুষ মাধৱদেৱৰ এই প্ৰাৰ্থনাটি তুমি ৰিজাই চোৱা, দহোকুৰি, চোৱা। আমাৰ দৃঢ় বিশ্বাস, তেতিয়া নিঃসন্দেহে ক’ব পাৰিবা যে ধৰ্ম্মবিষয়ত তোমাৰ দেশ আন সকলো দেশতকৈ ধনী আৰু শঙ্কৰ-মাধৱ তোমাৰ আঁচলৰ নিধি।


পাঁচ

       কোনো কোনো লোকে এইদৰে কোৱাও শুনিছো, যে “হেৰা বৈষ্ণৱ! তুমি বিচৰা মুকুতি-সুখটো কি বস্তু আমি নুবুজো, তুমি যিহকে কোৱা, সেইটো আমাৰ [ ১১৭ ] অপৰিজ্ঞাত পদাৰ্থ 'unknown, unappreciable entity, যি আমাৰ দ্বাৰায় ভালকৈ বুজিব বা অনুভৱ কৰিব নোৱৰা বস্তু বা অৱস্থা; সেইদেখি আমি ভালকৈ বুজিব পৰা, অনুভৱ কৰিব পৰা বস্তু আৰু আমাৰ দৈনিক জীৱন-যাত্ৰাৰ আৱশ্যকীয় সুখ, যেনে-ইহকালত ধন, ঐশ্বৰ্য, মান, সম্ভম, ক্ষমতা, আমোদ-প্ৰমোদ ইত্যাদি আৰু যদি পৰকাল আছে, পৰকালতো তাকে পোৱা অৱস্থা লাভ কৰিবলৈ, আন দেৱ দেৱীৰ পূজা ধুমধাম কৰি নকৰোঁ কিয়? তুমিয়েই কৈছা যে আন দেৱ দেৱীয়ে সেইবোৰ দিব পাৰে। তেওঁলোকে মুক্তি দিব নোৱাৰিলে কি হল? তোমাৰ বৈকুণ্ঠত বোদবোদ কৰে বহি থকা মুক্তি-সুখ আমাক নেলাগে। এতেকে মুক্তিদাতা তোমাৰ বৈকুণ্ঠেশ্বৰ আমাৰ ভজনীয় নহয়।” ইয়াৰ উত্তৰত ইয়াকে কওঁ যে ঈশ্বৰক কল্পতৰু তেওঁক যেয়ে যি মাগে তাকে তেওঁ মাগোতাক দিয়ে। তুমি তেওঁৰ ওচৰত মুকুতি নামাগা, ধন-ঐশ্বৰ্য্যাদি পাৰ্থিৱ সুখ মাগিছা, স্বৰ্গসুখ মাগিছা, তাকে পাবা।

ঈশ্বৰ কেশৱ দেৱ ভকতৰ নিধি।
যেই যিবা চাৱে তাৰ সেই হোৱে সিদ্ধি।

        এইদেখি তেওঁক সকামভাৱে ভজনা কৰোঁতাই সেইবোৰ পাবই; কিন্তু তাৰ উপৰিও তেওঁত যদি তোমাৰ সকলো কাৰ্য সমৰ্পণ কৰি ভজনা কৰা তেন্তে তুমি মুক্তি-সুখটোও পাবা। কিন্তু আন দেৱতাই ঐশ্বৰ্য্যসুখ আদিহে দিব, মুকুতি-সুখ দিব নোৱাৰে; সেইদেখি ঈশ্বৰ কৃষ্ণক ভজনা কৰি তোমাৰ দুটা লাভ হ’ব, দুটা বাট মুকলি হ’ব - ঐশ্বৰ্য্যসুখ আৰু মুক্তি-সুখ মুক্তি-সুখটো কি এতিয়া তুমি নুবুজিলেও, তাক পিছত বুজিবলৈ আৰু পাবলৈ বাট থাকিল। এই দুগুণ লাভৰ বাট এৰি এগুণ লাভৰ বাট ধৰিবৰ তুমি হেন shrewd businessman অৰ অৰ্থাৎ চতুৰ ব্যৱসায়ীৰ আৱশ্যক কি? এতেকে কেয়োফালৰপৰা চোৱা, দেখিবা, ঈশ্বৰ কৃষ্ণহে তোমাৰ ভজনীয়। সেইদেখি গছৰ গুৰিডালত ধৰি থকাই ভাল, ডাল-পাতত নোলমি। আৰু গছৰ গুৰিত পানী দিলেই ডাল-পাতকৈ জীপ গৈ ডাল-পাত সন্তুষ্ট থাকিব, গুৰিত নিদি ডাল-পাতত দিলে ডাল-পাতলৈ জীপ নাহি সি শুকাই যাব। "যাৰ প্ৰতি বৃহস্পতি পোন তাৰ ফালে নবয় কোন?” বুলি অসমীয়াত কয়। “কিং কুৰ্বন্তি গ্ৰহাঃ সৰ্বে যস্য কেন্দ্ৰে বৃহস্পতিঃ।” এতেকে সকলোৰে কেন্দ্ৰ ঈশ্বৰ-বৃহস্পতিৰ পালে ঢাল লোৱাটোহে বুদ্ধিমানৰ কাৰ্য। ঘৰৰ ঘাই ডাঙৰীয়া তোমাৰ প্ৰতি সন্তুষ্ট থাকিলে, ঘৈণী, লগুৱা, লিকচৌও সন্দুষ্ট নাথাকি নোৱাৰে। ডাঙৰীয়াক বাদ দি লগুৱা-লিকচৌ, বান্দীবেটী, ঘৈণী আদি এজাকক সন্তুষ্ট কৰিবলৈ গ’লে বৰ লেঠা, বৰ পৰিশ্ৰম আৰু ডাঙৰ টানত তেওঁলোকে তোমাক একো উপকাৰ কৰিব নোৱাৰে, কাৰণ তেওঁলোকেও তেতিয়া ডাঙৰীয়াৰ ওপৰত কাকূতি কৰি দীঘল হৈ পৰিব লাগিবগৈ, কিয়নো সেই ডাঙৰ টান অৱস্থাৰপৰা সকলোকে উদ্ধাৰ কৰোঁতাজন এক মাথোন ডাঙৰীয়াহে। ভৱসংসাৰ তৰণেই সেই ডাঙৰ অৱস্থা আৰু ঈশ্বৰ কৃষ্ণই সেই ডাঙৰীয়া।

ব্ৰহ্ম মহাদেৱ লক্ষ্মী দেৱী         কায়-বাক্য-মনে থিৰ কি,
পৰম আনন্দে চৰণ সেৱয় যাৰ। (ঘোষা)

সেইজনেই ̶ [ ১১৮ ]

কৃষ্ণ এক দেব দুখহাৰী         কাল মায়াদিৰো অধিকাৰী
কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি আৰ।
সৃষ্টি-স্থিতি-অন্তকাৰী দেৱ         তান্ত বিনে আন নাহি কেৱ
জানিবা বিষ্ণুসে সমস্ত জগতে সাৰ। (ঘোষা)

        আমি আগেয়ে কৈ আহিছোঁ যে ঈশ্বৰৰ স্বৰূপৰ সকলো প্ৰকাৰ ধাৰণা হয়; কোনো ধাৰণাই তেওঁৰ স্বৰূপৰ বহিৰ্ভূত নহয়। কিন্তু তেওঁৰ “সত্যং শিৱং সুন্দৰং” ধাৰণা কেনে শ্ৰেষ্ঠ, কেনে আনন্দময়, কেনে সুখময়, কেনে প্ৰেমময়, এবাৰ ভাবি চোৱাচোন। এনে আনন্দময়, প্ৰেমময়, সুখময়, সুন্দৰ হয়। ঈশ্বৰৰ প্ৰতি ভয়ৰ ভাবতকৈ প্ৰেমৰ ভাব, বিশ্বাসৰ ভাব সুমধুৰ সুশীতল নিশ্চয়। ভয় সকলো অনিষ্ট, সকলো উন্নতিৰ প্ৰতিবন্ধকতাৰ মূল, এই কথা সকলোৱে স্বীকাৰ কৰে, আৰু আমি আমাৰ দৈনিক জীৱনত তাৰ হেজাৰ হেজাৰ প্ৰমাণ পাই আছে। এনে স্থলত বৈষ্ণৱৰ ঈশ্বৰৰ ধাৰণা শ্ৰেষ্ঠ নোবোলা কেনেকৈ? শঙ্কৰদেৱৰ ঈশ্বৰৰ ধাৰণা কেনে আনন্দময়, প্ৰশান্ত, শিৱ আৰু সুন্দৰ এবাৰ চোৱা। ভকতে স্থিৰ বুদ্ধি কৰি বৈকুণ্ঠনাথৰ কেনে ৰূপ চিন্তা কৰিবলৈ শঙ্কৰদেৱে কয় চোৱা, ̶

স্থিৰ বুদ্ধি কৰি ভকতজনে।
প্ৰত্যেক অঙ্গক চিন্তিৰ মনে॥
চৰণ-পদ্ম দেখি সুখী হুই।
অৰুণ অতি পদতল দুই।
দেখি চিহ্ন তাতে মিলে উৎসৱ॥
চৰণ-পঙ্কজ আছে প্ৰকাশি।
অঙ্গুলিপান্তি তাৰ ভৈল পাসি।
দেখিয় ৰত্নৰ পাকৰি নয়।
প্ৰকাশে তাতে নখচন্দ্ৰচয়।
ৰতনে উজ্জ্বল উঝণ্টি যত।
নুপুৰ প্ৰকাশে পাদপৃষ্ঠত।
ৰত্নৰ হোড়ৰ জ্বলে জঙ্ঘাত।
উৰু কৰিকৰ সময় সাক্ষাত॥
কটিত প্ৰকাশে বসন পীত।
বান্ধিছে মেখলা ৰত্নে ৰঞ্জিত।
নাভি-সৰোৰুহ ৰুচিৰ কান্তি।
হৃদয়ে প্ৰকাশে শ্ৰীবৎস-পান্তি।

       এনে ঈশ্বৰৰ ৰূপ ধ্যান কৰিবলৈ শঙ্কৰদেৱৰ উপদেশ। এনে ৰূপ ঈশ্বৰে ভকতৰ নিমিত্তে ধৰে যাতে ভকতে এনে আনন্দময়, প্ৰেমময় ৰূপ হৃদয়ত ধাৰণ কৰি সন্তোষ লাভ কৰি কৃতাৰ্থ হয়, তাৰ নিমিত্তে এই মনোহৰ ৰূপ ঈশ্বৰে পৰিগ্ৰহণ কৰে। “ধৰিছা মূৰ্ত্তি ভকতৰ পদে।” [ ১১৯ ]        বৈকুণ্ঠত ঈশ্বৰ কেনে সন্তোযময় হৈ থকাটো ভকতে ধাৰণা কৰে চোৱা, শঙ্কৰদেৱেৰ কথাৰে কওঁ, ̶

বৈকুণ্ঠত কেশৱ সাক্ষাত।।
শুতি থাকা অনন্ত শয্যাত।
লক্ষ্মী কোলাতে থৈয়া ভৰি।
লক্ষ্মীও ঝাণ্টন্ত হাতে ধৰি।।
মূৰ্ত্তি ধৰি বেদশাস্ত্ৰগণ।
কৰে বেঢ়ি মহিমা কীৰ্ত্তন।।

       বৈকুণ্ঠনাথে পাৰিষদ জয়-বিজয়ৰ চাৰি সিদ্ধৰ হাতত অথান্তৰ মিলা শুনি তেওঁৰ মন্দিৰৰ অভ্যন্তৰ এৰি বাহিৰলৈ ওলাই অহাৰ কি সুন্দৰ ধাৰণা চোৱাঁ, ̶

হেন আথান্তৰ শুনিয়া হৰি।
আসন্ত বজাই অভ্যন্তৰ এৰি।।
অনেক পৰিচ্ছদে লক্ষ্মী মাৱে
পাছত চলি যান্ত ভূমি-পাৱে।।
শুক্ল চামৰে বিঞ্চে দুই কাষে।
ওপৰে শ্বেত ছত্ৰ ধৰি আছে।।
তাতে চন্দ্ৰকান্তে স্ৰৱেশিশিৰ।
চলি যান্ত হৰি গতি গম্ভীৰ।।

       এই হ’ল সংক্ষেপতে বৈকুণ্ঠনাথৰ সম্পৰ্কে ধাৰণা। বৈকুণ্ঠ, য’লৈ যাবলৈ ভক্তৰ হেঁপাহ, তাৰ ধাৰণা কি চোৱা যাওক। শঙ্কৰদেৱৰ বৈকুণ্ঠ বৰ্ণনা তলত তুলি দিলোঁ –

বৈকুণ্ঠ নামে আছে মহা থান।
যৈত শাৰী শাৰী ৰঞ্জে বিমানচয়।
বৈদূৰ্ঘ্য হীৰ মৰকতময়।
চন্দ্ৰ সূৰ্য্য যেন প্ৰকাশে আতি।
নাজানি যাত পশিদিন ৰতি।।
চাৰু সৰোবৰ নিৰ্ম্মল জল।
সুগন্ধি পদ্ম শোভে উতপল।।
আছে ৰাজহংস সমূহে ৰঞ্জি
লীলায়ে মৃণাল ভুঞ্জে উভঞ্জি। ইত্যাদি

       এনেজন ঈশ্বৰে সেই বৈকুণ্ঠত আছে, যাক স্মৰণ কৰিলে পাতকৰাশি ধ্বংশ হয়। তেওঁ “মহদ্ভয়ং বজ্ৰমুদ্যতং” ভক্তৰ নিমিত্তে নহয়, তেওঁ আমাৰ পিতৃভাৱে আছে, বন্ধুবাৱে আছে।

       শঙ্কৰদেৱৰ কীৰ্ত্তনৰ আৰু এঠাইৰপৰা বৈকুণ্ঠৰ ধাৰণ অলপ দিওঁ। চাৰি সিদ্ধই ফুৰোঁতে ফুৰোঁতে এদিন বৈকুণ্ঠপুৰী দেখিলে। -

অতি আনন্দিত বিষ্ণুৰ স্থানে। [ ১২০ ]

সৱে চতুভুজ পুৰুষমানে।
যতেক ৰমণী লক্ষ্মী প্ৰত্যেক।
কল্পতৰু সম বৃক্ষ যতেক।
বৈমানিকগণ পৰম ৰঙ্গে।
হাতত তাল নাৰীগণ সঙ্গে।
গাৱন্ত কৃষ্ণৰ গুণ চৰিত।
আনন্দতে দ্ৰৰোসবাৰ চিত্ত।
সুগন্ধি বায়ুক কৰে ধিক্কাৰ।
সিবেলা মনক মোহে আমাৰ।
ভ্ৰমবৰাজে গাৱে হৰিঙ্গীত।
যতেক পক্ষী তাতে দিয়া-চিত।
নকৰে আৰাৱ থাকে নিচুকে।
কৃষ্ণৰ চৰিত্ৰ শুনে উৎসুক।
চৰি ৰত্নময় দিব্য বিমানে।
যতেক সুন্দৰী পদ্মিনী মানে
হাস-লাস কৰি দশাবে গাব !
বৈষ্ণৱ জনৰ নোপজে ভৰি।
হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৰে।
দেখিয় স্ফটিক বাৰৰ গুণে।
মাঞ্জে গুহ যেন লক্ষ্মী আপুনে।

       বৈকুণ্ঠনাথক দেখা গ’ল, তেওঁৰ বৈকুণ্ঠৰো অলপ আভাস পোৱা গ’ল, তেওঁৰ স্বভাৱৰ অলপ আভাস বিচৰা যাওক। দিগ্‌বাম উলঙ্গ ব্ৰাহ্মণ চাৰিজন কৃষ্ণ হৰ্ম্মৰ অভ্যন্তৰলৈ সোমাই গৈছিল, দুৱাৰত থকা দুৱৰী দুজনক নোসোধাকৈ তেওঁলোকৰ গতিগোত্ৰ আৰু বেশ দেখি দুৱৰীৰ মনত তেওঁলোক বলিয়া যেনহে লাগিল সেইদেখি দুৱৰীয়ে তেওঁলোকক সোমাবলৈ নিদি উলিয়াই দিলে। তাতে তেওঁলোকে অপমান পাই তেওঁলোকৰ খং উঠি দুৱৰীক শাপ দি দণ্ডবিধান কৰিলে। চাবলৈ গ’লে অময়া বৈকুণ্ঠত মায়া দেখা দুৱৰীৰ গাত যেনে দোষ পৰে, মানৰ লাঘৱত ক্ৰোধৰ বশীভূত হোৱা ব্ৰাহ্মণৰ গাতো, আৰু বিশেষকৈ বৈষ্ণব ব্ৰাহ্মণৰ গাতো অবৈষ্ণৱৰ নিচিনা দোষৰ ছাট নপৰি নাথাকে। এনে অৱস্থাত বৈকুণ্ঠৰ অধিপতিয়ে কেনে আচৰণ কৰি তেওঁ স্বভাৱৰ নিদৰ্শন দিলে এবাৰ চোৱা। তেওঁলোক চাৰিওকো তেওঁ অনুতপ্ত দেখি ক’লে -

পাৰিষদ জয় বিজয় মোৰ।
কৰিল অপৰাধ মহাঘোৰা।
বিহিলা উচিত দণ্ড ইহকাল।
কদৰ্থিলা দুয়ো অতি আমাক।
সেৱকে যদি কৰে অপকাৰ।

[ ১২১ ]

পাৱে অপযশে স্বামীক তাৰ।।
ক্ষমিয়ো মোক চাৰি মহা শিষ্ট।

ব্ৰাহ্মণগণ মোৰ মহা ইষ্ট।।

       ত্ৰিগুণাতীত ঈশ্বৰ সাত্ত্বিক মূৰ্ত্তিৰ পূৰ্ণ বিকাশ বৈকুণ্ঠনাথৰ এই বাক্য বৈকুণ্ঠনাথৰেহে উপযুক্ত। ঈশ্বৰৰ ধাৰণাৰ চূড়ান্ত সীমা ওপৰৰ কথা কেইষাৰ। ভৃগুৰ গোবৰ সাঁচক শ্ৰীবৎস চিহ্ন কৰি লোৱা কৃষ্ণৰ ই উপযুক্ত বাক্যই। ঈশ্বৰৰ এনে বাক্য শুনি বৈষ্ণৱ বিপ্ৰসকলে নিজৰ অবৈষ্ণৱ জনোচিত কাৰ্য্যৰ বাবে লাজ পাই যি ক’লে, সেই কথাই ওপৰৰ কথাৰ মৰ্ম্ম ব্যক্ত কৰে।

তোমাৰ বচন স্বামী।
নুবুজিলো কিছু আমি।।
আপুনি ঈশ্বৰ হুয়া।
বোলাহা কৰিয়ো দয়া।।
ত্ৰিজগতে কৰে সেৱ।
বোলা বিপ্ৰ মোৰ দেৱ।
যত দেৱ দ্বিজ ভূমি।
সবাৰো দেৱতা তুমি।।
ধৰ্ম্মৰো পৰম গুহ্য।
তুমি জগতৰে পূজ্য।
যাৰ ৰূপ দিয়ে ধৰি।
দুস্তৰ মৃত্যুক তৰি।।
তাক আনে কৰে দায়া।
কোনে বুজিবেক মায়া।।
মান্য কৰি ব্ৰাহ্মণক।
শিক্ষা দিয়া সামান্যক।।
ধৰ্ম্মপথ ৰক্ষা কৰি।
সৃষ্টি প্ৰৱৰ্ত্তাৱা হৰি।।
তযু পাৰিষদ দুই।
আকো শাপে মুনি হুই।।
কৰিলো দাৰুণ পাপ।

দণ্ডিয়ো জগত বাপ।।

       ইয়াৰ উত্তৰত ঈশ্বৰে তেওঁলোকক ক’লে –

মুনিগণ এৰা তাপ।
আমিসে দিয়ালো শাপ।।
বৈৰভাবে চিন্তি মোক।

দুনাই পাইব এহি লোক।।

       ঈশ্বৰে যে সকলো কৰায়, ঈশ্বৰহে সকলোৰে কৰ্ত্তা, আমি মায়াত মুগ্ধ হৈ [ ১২২ ] হৈ নিজে কৰোঁ বুলি ভাবো, শেহৰ এই চাৰি শাৰীয়ে তাকে কয়। আৰু এটা কয়, যে বৈষ্ণৱ হৈ ঈশ্বৰৰ পাৰিষদৰ পদ পালেও, সেই পদ-গৌৰৱত অহম্মমৰ ভাব ভক্ত বৈষ্ণৱৰ হোৱা উচিত নহয় ; হ’লে তেওঁৰ সেই পাপৰ ক্ষালণ হ’ব লাগে ; সেই পাপৰ বাবে তেওঁৰ স্বামী প্ৰভু ঈশ্বৰে তেওঁক একেবাৰেই পৰিত্যাগ নকৰে, শুধৰাই নিজেও তেওঁৰ ভক্তৰ দুৰ্দ্দশাৰ লগে লগে ফুৰি দুৰ্দ্দশাৰ ভাগ লয়। পৃথিৱীৰ মানুহৰ পাপৰ নিমিত্তে খৃষ্টই এবাৰহে 'ক্ৰুছিফাইড' হৈছিল, বৈকুণ্ঠনাথে ভক্তিৰ নিমিত্তে দিনৌ শত-সহস্ৰবাৰ হ’বই লাগিছে। ভক্তৰ মন সদায় সুনিৰ্ম্মল ৰাখিব লাগে , সি দৰ্পণৰ নিচিনা। আজি সি নিৰ্ম্মল হৈ আছে বুলি যদি তালৈ আওকাণ কৰিলা, তেন্তে কাইলৈ তাৰ ওপৰত আকৌ মলি পৰি তাক আবৃত কৰিব ; মন এনে পদাৰ্থ। এইদেখি সদায় ঈশ্বৰ চিন্তা, নামগুণ শ্ৰৱণ-কীৰ্ত্তনৰ ব্যৱস্থা সাধুসকলে দিছে। ভক্তবৎসল ভগৱন্তৰ আৰু ভগৱন্তৰ ভক্তৰ এই উজ্জ্বল চিত্ৰ আমাৰ শঙ্কৰদেৱে আমাক দেখুৱাইছে আৰু কেনে গোটাচেৰেক উজু কথাৰে ৰচিত শাৰীচেৰেক পদেৰে অমূল্য গভীৰ জ্ঞানৰ উপদেশ তেওঁ দিছে, হেৰা চকুত চামনি পৰা অবিশ্বাসীসকল, চাই লোৱা ! এনেজন মহাপুৰুষতো তোমালোকে পূৰ্ণ বিশ্বাস কৰিবলৈ নোযোৱা ! এনেজন প্ৰশান্ত পুৰুষ আনন্দময়, তাহান্তো তোমৰা কৰা সংশয়।

       ঈশ্বৰক ভজনা কৰোঁতা ভক্তক ঈশ্বৰে তেওঁৰ সাৰূপ্য দিয়ে। মনোহৰ কৃষ্ণৰূপ ভজনা কৰোঁতা ভক্তই কৃষ্ণৰ ৰূপকে পায়। ৰুদ্ৰৰূপ কালান্তক মূৰ্ত্তিক ভজনা কৰা ভক্তই তেনেকুৱা মূৰ্ত্তি পৰিগ্ৰণ কৰে। "যাদৃশী ভাৱনা যশ্য সিদ্ধিৰ্ভৱতি তাদৃশী" বুলি উজু সংস্কৃত শ্লোক আছে। সাধাৰণ লোকে বাঘ-পৰুৱাৰ ভয়ত বাঘ-পৰুৱাৰ ৰূপ ধৰে বুলি শাস্ত্ৰত উপমা আছে। বৈকুণ্ঠবাসীৰ ৰূপ সেইদেখি ভেঙুৰাভেঙুৰি কুশ্ৰী ভূত-প্ৰেতৰ নিচিনা ভয়ানক নহয়। তেওঁলোক Old Testament আৰু New Testament বাইবেলৰ পাখিলগা আদমানুহ আদচৰাইৰ নিচিনাও নহয়। তেওঁলোক আমাৰে নিচিনা পুৰুষ-স্ত্ৰী, দেখিবলৈ মনোমুগ্ধকৰ সুন্দৰ-সুন্দৰী। মহাপুৰুষ ৰচিত কীৰ্ত্তনৰপৰা ওপৰত দিয়া বৈকুণ্ঠ-বৰ্ণনাৰপৰাই সেইটো আমি ভালকৈ দেখিবলৈ পাইছোঁ। আমাৰ কথাৰ উদাহৰণস্বৰূপে ভকত দুৱৰী জয়-বিজয়ৰ ৰূপৰ বৰ্ণনাকে এইখিনিতে তুলি দিওঁ চোৱা, দেখিবা তেওঁলোকৰ ৰূপ তেওঁলোকৰ প্ৰভু ঈশ্বৰ কৃষ্ণৱে নিচিনা অবিকল কেৱল বুকুত শ্ৰীবৎসটি বাদ। শ্ৰীবৎসটি বৈকুণ্ঠনাথৰ চুড়ান্ত পৰীক্ষাৰ medal, টোক্‌মা। পাৰিষদসকলে, ভকতসকলে সেই মহলাত উঠা নাই দেখি তাক পোৱা নাই। উদাহৰণস্বৰূপে চোৱা, সনক সনন্দ সনতকুমাৰ সনাতনৰ নিচিনা যোগী বৈৰাগী ভক্ত, যি গাত কাপোৰ এডোখৰৰ আৱশ্যকতাও অনুভৱ নকৰে, এনে যোগীৰে জয়-বিজয়ৰ ওপৰত উঠিল খং আৰু সিফালে কৃষ্ণৰ সাৰূপ্য পোৱা জয়-বিজয়েই চাৰ সিদ্ধক উলঙ্গ দেখিলে। যাওক, জয়-বিজয় নামৰ পাৰিষদ দুজনৰ ৰূপৰ বৰ্ণনালৈ চোৱা ̶

সপ্তম দ্বাৰৰ দুই পাশে।
দুইৰো শিৰে কিৰীটি প্ৰকাশে।।
পদ্মনেত্ৰ বদন-মণ্ডলে।

[ ১২৩ ]

শোভে গণ্ড মকৰ কুণ্ডলে॥
সুন্দৰ নাসিকা অল্প হাস।
চাৰু শ্যাম তনু পীতবাস॥
যেন কুন্দ পুষ্প দন্তপান্তি।
কেয়ূৰ কঙ্কণে কৰে কান্তি॥
দুইৰো চতুৰ্ভূজ আতি জ্বলে।
বনমালা শোভে বক্ষঃস্থলে॥

সেৱে তাক ভ্ৰমৰে গুঞ্জৰি।

       কবিৰ সুন্দৰ কল্পনাৰ চূড়ান্ত গতি ঈশ্বৰৰ স্বৰূপৰ সমীপবৰ্ত্তী। সেইদেখি বেদবাসী ঋষিসকলক কবি বোলে। দৰ্শনৰ দৃষ্টি য’লৈ যাব নোৱাৰে, কবিৰ দৃষ্টি তলৈ যায়। কবিৰ দৃষ্টি অন্তৰাত্মাৰ দৃষ্টি। উপনিষদত সেইদেখি ঈশ্বৰকো কবি বুলিছে - “কবিৰ্ম্মনীষী পৰিভূঃ স্বয়ভুঃ।”

       মহাপুৰুষ মাধৱদেৱে ঘোষাত জ্ঞানী আৰু ভক্তৰ তাৰতম্য দেখুৱাই লেখিছে ̶

জ্ঞাননিষ্ঠজনে বিদ্যা        অবিদ্যা-জনিত দুয়ো
সুখে বিৰকতি ভৈল যেৱে।
বাসুদেৱময মাত্ৰ        দেখয় জগত ইটো
বিধিৰ কিঙ্কৰ গুচে তেবে।
পুৰুষোত্তম-প্ৰেম        ভকতি-সুখক মাত্ৰ
নিশ্চয় কৰিল যিটো জন।
শৰণ-কালৰপৰা        বিধিৰ কিঙ্কৰ গুচি

কৰে সদা শ্ৰৱণ কীৰ্ত্তন॥

       জ্ঞান যদিও উৎকৃষ্ট কিন্তু সি পৰমেশ্বৰক লাভ কৰিবৰ নিমিত্তে ভক্তিতকৈ উৎকৃষ্ট নহয় আৰু হ’ব নোৱাৰে। ভক্তি সহায় কৰিবলৈ, যদিও ভক্তি অকলৈ শকত, জ্ঞান যিমানফেৰা আৱশ্যক সিমানফেৰাই জোৰে; বেছিকৈ জ্ঞানৰ ফালে ঢাল হৈ পৰিল, ভক্তিলৈ আওকাণ হবৰ ভয় অথচ ভক্তিহে ঈশ্বৰ লাভৰ মূল পদাৰ্থ। জ্ঞান মানে ক্ষমতা , কোনো এটা পদাৰ্থক জনা বা সেই পদাৰ্থ আৰু সেইজনৰ বিষয় তোমাৰ ক্ষমতাৰ কিছুদূৰ আয়ত্ত হোৱা। ইংৰাজীত কয়, Knowledge is power এই জনা বা জ্ঞানে তোমাক ক্ষমতা প্ৰদান কৰে আৰু সেই Knowledge অৰ্থাৎ ভাব অলপ নহয় অলপ অহাটো খুব সম্ভৱ। পৰমেশ্বৰ অসীম জ্ঞানসিন্ধু, তুমি আয়ত্ত কৰা ক্ষুদ্ৰাতিক্ষুদ্ৰ জ্ঞানবিন্দুৱে তেওঁক জনাত বা তেওঁৰ বিষয়ে আয়ত্ত কৰাত বিপদ সৰহ। ভক্তি কিন্তু entire resignation; তাত অহম্মমৰ ভাবৰ গোন্ধ পৰ্যন্ত নাই; সেইদেখি ভক্তি নিৰাপদ আৰু ঈশ্বৰ লাভৰ মুখ্য বস্তু। এই নিমিত্তে ভক্তই গায় –

দেৱ দুৰ্ল্লভ        ঈশ্বৰ কৃষ্ণক
[ ১২৪ ]

ভকতিসে কৰে বশ্য।
আগম নিগম        গীতা ভাগৱত
শাস্ত্ৰৰ ইটো বহস্য।। (ঘোষা)

       জ্ঞান মাগোৱলম্বী বেদবাদী, কৰ্ম্মমাৰ্গাৱলম্বী বেদবাদী, জ্ঞান পথ আশ্ৰয় কৰোতা দাৰ্শনিক পণ্ডিতসকলৰ অহম্মমৰ ভাব মনত উৎপন্ন হোৱা উদাহৰণ অনেক। দাৰ্শনিকে জ্ঞানৰ ধুমুহা বতাহত পৰি শেহত ঈশ্বৰক উৰাই দি নিজেও উৰি শূন্য মাগত পৰাৰ উদাহৰণো তাকৰীয়া নহয়। এইদেখি জ্ঞানী মহন্তই অব্যভিচাৰী ভক্তিৰে কৃষ্ণক ভজনা কৰিবলৈ বাৰে বাৰে উপদেশ দিয়ে। –

কৃষ্ণকেসে মাত্ৰ        ভজে যিটো জনে
অব্যভিচাৰী ভকতি।
তিনি গুণ অতি        ক্ৰমি ব্ৰহ্মৰূপ।
পাৱে সিটো মহামতি। (ঘোষা)
       এইদেখি জ্ঞানী সাধুজনে কয় –
তিনি গুণময়        যত জ্ঞান কৰ্ম্ম
কেৱল বন্ধ কাৰণ।
জানি তাক ত্যজি        একান্ত ভকতি
ভজিয়ো কৃষ্ণ চৰণ।। (ঘোষা)

       তেওঁ কয়, জ্ঞান চৰ্চা কৰা, কৰ্ম্ম কৰা, কিন্তু তিনি গুণ বিজড়িত জ্ঞান কৰ্ম্মৰ আশ্ৰয় নলবা ; ল’লে তুমি সংসাৰৰ বান্ধোনেৰে বান্ধহে খাবা, মুক্তি নোপোৱা। একমাত্ৰ সত্ত্বগুণৰ আশ্ৰয় লৈ জ্ঞান চৰ্চা কৰা, ঈশ্বৰৰ সুপ্ৰীতিৰ অৰ্থে কৰ্ত্তব্য জ্ঞানেৰে আৰু মোক্ষৰ প্ৰধান সমল ভক্তিৰ সি প্ৰতিবন্ধক হ’ব নোৱাৰে। এই কথাকে মাধৱদেৱে ঘোষাত কৈছে –

ৰজোগুণ তমো        গুণময় বৃত্তি
কেৱল আসুৰী ভাৱ।
সুদ্ধ-বৃত্তি        দেৱৰ সম্পত্তি
লৈয়া ভজা কৃষ্ণ পাৱ।।

       কৃষ্ণক ভজনা কৰিবৰ ঐকান্তিক ভক্তি কৰিবৰ প্ৰথম উপায় মহন্তৰ সঙ্গ, –

মহন্তৰ সঙ্গে        হৰি কথা ৰসে
মনক ভিজায়ো ভাই।
মায়াক তৰিয়া        হৰি পাইবাৰ
আৱৰ উপায় নাই। (ঘোষা)

       কেনে মহন্তৰ সঙ্গ ল’ব লাগে মহাপুৰুষ মাধৱদেৱে কৈ দিছে, শুনা –

যাহাৰ জিহাতে        থাকয় সতত
হৰিৰ নাম মঙ্গল।
সেহিসে মহন্ত তাহাৰেসে মাত্ৰ

[ ১২৫ ]

সিজয় ধৰ্ম্ম সকল॥

       আৰু সেই মহন্তৰ মুখৰপৰানো হৰিনাম নুগুচে কিয়? তাৰ কাৰণ, তেওঁ সমগ্ৰ শাস্ত্ৰ তন্নতন্নকৈ পঢ়ি তাৰ তত্ত্ব বিচাৰি পালেগৈ যে ঈশ্বৰলাভৰ একমাত্ৰ উপায় ঈশ্বৰৰ নাম শ্ৰৱণ-কীৰ্ত্তন; – তেহেলৈ যেয়ে যিহকে কওক। ভক্তি আচল পদাৰ্থ আৰু শ্ৰেষ্ঠ ভক্তি হৈছে নাম শ্ৰৱণ-কীৰ্ত্তন। সেইদেখি তেওঁ –

সমস্ত শাস্ত্ৰৰ        তত্ত্বক জানিয়া
নেৰয় নাম মুখত।
সিটো মহাজনে        অপ্ৰয়াসে তৰে
সংসাৰ ঘোৰ দুঃখত॥

       এই বাবে শঙ্কৰ-মাধৱ দুইজনা গুৰুৱে উপদেশ দিছে – “হৰি ৰাম হৰি ৰাম এ মূলমন্ত্ৰ। " (কীৰ্ত্তন)

ৰাম কৃষ্ণ ৰাম        কৃষ্ণ বোলা ভাই
ত্যজিয়া লাজ আলাস।
শাস্ত্ৰ আচাৰ্য্যৰ        উপাসা কৰিয়া
বাসনা কৰা বিনাশ॥ (ঘোষা)

[ ১২৬ ]

ভক্তি-তত্ত্ব


মহাপুৰুষে ঘোষাত কৈছে –

তাৱত কৃষ্ণৰ ভক্ত নৰে        ভক্তি অবিৰোধী কৰ্ম্ম কৰে,
কৃষ্ণৰ কথাত ৰতি যাৱে নুপজয়।
যেবে ভৈল কৃষ্ণ কথাৰত        নিত্য-নৈমিত্তিক আদি যত,
কথাৰ বিৰোধী জানিয়া সবে ত্যজয়।
অবিৰক্ত ভকতৰ       বেদ লঙ্ঘিবাৰ দোষ,
জানিবাহা বৈবেক নিশ্চয়।
পৰম বিৰক্ত যিটো        কৃষ্ণৰ ভকত ভৈল,
তাৰ একো নাহিক নিৰ্ণয়।।

ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, -
       “যখন একবার হরি বা রামনাম করলে রোমাঞ্চ হয়, অশ্রুপাত হয়, তখন নিশ্চয়ই জেনো য়ে সন্ধ্যাদি কৰ্ম্ম আর করতে হবে না। তখন কৰ্ম্মত্যাগের অধিকার হয়েছে, কৰ্ম্ম আপনাআপনি ত্যাগ হয়ে যাচ্ছে। তখন কেবল রামনাম কি শুদ্ধ ওঁকার জপলেই হ'ল। সন্ধ্যা গায়ত্রীতে লয় হয়। গায়ত্রী আবার ওঁকারে লয় হয়।”

যাহাৰ ভোগত নতু হোৱে বিৰকতি।
স্বৰ্গাদিৰ অৰ্থে কৰ্ম্ম কৰিব সম্প্ৰতি।
ইন্দ্ৰয়ৰ ভোগে বিৰকতি ভৈল যাৰ।
নিত্যনৈমিত্তিক কৰিবাক লাগে তাৰ।
ভৈল যাৰ শ্ৰদ্ধা মোৰ কথা শ্ৰৱণত।
 নিত্যনৈমিত্তিক আদি কৰি কৰ্ম্ম যত।
কথাৰ বিৰোধী জানি ত্যজিবে সকল।
সমস্ত কৰ্ম্মৰ কথা শ্ৰৱণেসে ফল।।” (ৰত্নাৱলী)

       বেদ ভগৱন্তৰ বাক্য। সমাজ ৰক্ষাৰ নিমিত্তে সকলোৱে বেদৰ বিধান পালন কৰা উচিত। সেইদেখি যাৰ ভগৱন্তৰ চৰণত একনিষ্ঠ ভক্তি হোৱা নাই, যি নামধৰ্ম্মত একান্ত শৰণ লৈ কায়মনোবাক্যে ঈশ্বৰৰ নাম উচ্চাৰণ কৰি কৰি তাতে তাৰ চিত্ত মগ্ন হোৱা নাই, সি যদি – মই নাম লৈছোঁ, এতেকে বেদৰ বিধান মোৰ অনাৱশ্যক, এনেভাৱে চলে, সি নিশ্চয় বেদলঙঘনৰ দোষত পৰি দোষী হৈ ঈশ্বৰৰ আজ্ঞাভেদী হব। ঈশ্বৰে সৃষ্টি প্ৰৱৰ্ত্তাবৰ নিমিত্তে শ্ৰুতি-স্মৃতিৰ বিধানৰ ধৰ্ম্মপথ নিৰ্দিষ্ট কৰি দিছে, নতুবা মানুহৰ বাট হেৰাব।

ধৰ্ম্মপথ ৰক্ষা কৰি।
              সৃষ্টি প্ৰৱৰ্ত্তাৱা হৰি।। (কীৰ্ত্তন-ঘোষা)

[ ১২৭ ]

মাধৱে বোলন্ত শ্ৰুতিস্মৃতি        মোৰ আজ্ঞাবাণী জানা নিষ্ঠ
আক যিটো জনে উলঙিঘয়া প্ৰৱৰ্ত্তয়।
ভৈয় সিটো মোৰ অজ্ঞাছেদী        মোৰ দ্বেষ কৰিলেক অতি
মোৰ ভক্ত হোন্তে বৈষ্ণৱ সিটো নোহয়।

ভক্তই কয়, –

হৰিভক্তি ৰাজমাৰ্গ        গুৰু-পদ-নখ-চন্দ্ৰ প্ৰকাশয়
শ্ৰুতি-জননীৰ পদপথ অনুসৰি।
ফুৰোঁ হুয়া অতি আনন্দিত        স্খলন নাহিকে কদাচিত
মহাজনসবে জানিবাহা নিষ্ঠ কৰি।

       বহু ধাৰণা এনেকুৱা যে মই শ্ৰুতি-স্মৃতিৰ বিধান মানি কিয় চলিম, অকল নাম ল’লেই হ'ল। আমি কওঁ – কথাটো ঠিক ; অকল নাম ল'লেই হয় ; কিন্তু কায়মনোবাক্যে নাম ল’ব লাগিব। বেদৰ বিধানৰ হাত সাৰিবৰ বাবে টেঙৰালি কৰি নাম ল'লে নহয়। সেই দেখি শ্ৰীশঙ্কৰদেৱে কীৰ্ত্তনৰ নামাপৰাধ খণ্ডত কৈছে –

নামত বলে কৰে পাপ বুদ্ধি।
অষ্টাঙ্গ যোগে তাৰ নাহি শুদ্ধি।

শ্ৰীমাধৱদেৱে ঘোষাত কৈছে –

শুদ্ধে বা অশুদ্ধে এক নাম        শুনে বা ভণে বা মনে স্মৰে
অপৰাধহীন পুৰুষক সদ্যে তাৰে।
দেহ ধন জন অৰ্থ-লোভে        পাষণ্ড বুদ্ধিয়ে যিটো লৱে
সিটো হৰিনাম তাৰিতে শীঘ্ৰে নাপাৰে।

       অপৰাধহীন মানে শ্ৰীশঙ্কৰদেৱে কোৱা সেই নামাপৰাধহীন।

       ভক্তিয়েই হৈছে ঈশ্বৰক পাবৰ প্ৰধান উপায়। নিভাঁজ প্ৰেম-ভক্তিয়ে জ্ঞান বা কৰ্ম্ম কাৰো সহায় নিবিচাৰে , সি নিজেই শকত। কিন্তু ভক্তি মানে অন্ধ ভক্তি নহয়। ভক্তিয়ে জ্ঞানৰ সহায় বিচাৰক বা নিবিচাৰক, জ্ঞান ভক্তিৰ দাসত্ব আপোন ইচ্ছাতে কৰিবই কৰিব নতুবা জ্ঞানক কোনে 'পুছে'? অনন্ত জ্ঞানময় ঈশ্বৰৰ জ্ঞান ক্ষুদ্ৰাতিক্ষুদ্ৰ মনুষ্যই কিমান ফেৰাই বা লাভ কৰিব পাৰে?

অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী।
ঈশ্বৰৰ ৰোম বিবৰ মহ কোটি কোটি অণ্ড
                         তাণ্ডৱ কৰু সম ৰেণু।

       এনে ঈশ্বৰৰ বিষয়ে কণামাত্ৰ জ্ঞান লৈয়েই যদি বালিচাহী মানুহে জ্ঞানৰ আড়ম্বৰ কৰি জ্ঞানী হৈ ফুৰি তেওঁক পালোঁ বুলি বৰাই কৰে, তেন্তে সি হাঁহিয়াতৰ কথাহে। ঈশ্বৰৰ সৃষ্টি অলেখ শক্তিৰ এটা কণাকড়ি লৈ মানুহে ছায়েন্স বা বিজ্ঞান ঘাটি ইলেকট্ৰিচিটি, ৱাইৰ্লেছ, টেলিফোন ইত্যাদি এইটাে-সেইটাে উলিয়াই গপ মাৰি ফুৰিছে, কিন্তু এক নিমিষতে বতাহ, বৰষুণ, ভঁইকঁপ টাইডেল বেভ ইত্যাদিৰ আগত সেইবোৰ শূন্য। মানুহৰ চেষ্টাত প্ৰস্তুত কত জ্ঞানৰ উৎকৰ্ষ তিলেকতে এই পৃথিৱীত [ ১২৮ ] কত অদৃশ্য হৈ গৈছে, কোনে ক’ব? মানুহৰ বিজ্ঞানৰ লেব’ৰেটৰিত’ আজিলৈকে দুবৰি বনৰ পাত এটাকে তৈয়াৰ কৰি উলিয়াব পৰা নাই। তথাপি ঈশ্বৰৰ অনন্ত ৰাজ্যত ক্ষুদ্ৰ বালিচাহী যেন মানুহৰ আস্পৰ্দ্ধা দেখি হাঁহি উঠে।

       ঈশ্বৰৰ কৰুণা পাবৰ হ’লে এক মাথোন উপায় ভক্তি। এশাশুধীয়া ভক্তিৰ বাহিৰে আন প্ৰকৃষ্ট উপায় নাই আৰু কলিকালত শ্ৰৱণ-কীৰ্ত্তন ভক্তিয়েই শ্ৰেষ্ট ভক্তিধৰ্ম্ম, নাম-ধৰ্ম্ম। ঈশ্বৰত কায়মনোবাক্যে শৰণ, ভজন, আৰু ঈশ্বৰৰ গুণানুশ্ৰৱণ-কীৰ্ত্তন; – যি গুণ আৰু নাম ঈশ্বৰে মায়াৰ দ্বাৰায় মানুষী তনু ধাৰণ কৰি তেওঁৰ ভক্তসকলক অনুগ্ৰহ কৰিবৰ নিমিত্তে প্ৰকাশ কৰিছে। তেওঁ মানুহক জ্ঞান-বুদ্ধি দি স্ৰজন কৰি কেতিয়াও দলনিত পোনা মেলা দি মেলি এৰা নাই নিশ্চয়। নতুবা তেওঁ মানুহক স্ৰজন নকৰিলেহেঁতেন আৰু মানুহৰ মনত ঈশ্বৰক পাবৰ আকাঙক্ষাও নিদিলেহেঁতেন। তেওঁ অবুজ নহয়, তেওঁ দয়াৰ সাগৰ। নতুবা তেওঁ মানুহৰ অভাৱ মোচনৰ নিমিত্তে এই পৃথিৱীত ইমানবোৰ আৱশ্যকীয় বস্তুৰ দিহা কৰি কেতিয়াও নথলেহেঁতেন। ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, ভক্তি আনন্দৰমহললৈকে যাব পৰা তিৰোত মানুহৰ নিচিনা। জ্ঞান বাহিৰত বৰচ’ৰাত বহা বিজ্ঞ সভাসদ। অন্তেষপুৰলৈ যাব পৰা ভক্তি নিশ্চয় ঈশ্বৰৰ অন্তেষপুৰগামিনী ভক্তিয়ে মোৰ প্ৰভুৰ অন্তৰ অতি সহজে ছুব যে তাৰ কোনো ভুল নাই। এইদেখি ঘোষাত মহাপুৰুষে লেখিছে –

শবদ-ব্ৰহ্মাৰ পাৰ ভৈল যিটো কৃষ্ণত ভকতি নাই।
তাৰ মাত্ৰ শ্ৰম, শ্ৰম মাত্ৰ ফল, যেন ৰাখে বাজী গাই।।

       প্ৰহলাদক নৃশিংহই বৰ যাচোঁতে প্ৰহলাদে কৈছিল, –

ভক্তিসে পৰম লাভ জানি।

দৈত্য শিশুসকলক উপদেশ দি প্ৰহলাদে কৈছিল, –

নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে।
নলাগে সত্ত্বত শাস্ত্ৰ বিস্তৰ জানিবে।।
তপ জপ যজ্ঞ দান সবে বিড়ম্বন।
কেৱলে ভক্তিত তুষ্ট হোন্ত নাৰায়ণ।।

নৃসিংহই প্ৰহলাদক কৈছিল, –

যৈত থাকে মোৰ ভক্ত উদাৰ-চৰিত্ৰ।
কীট-পতঙ্গকো তথা কৰয় পৱিত্ৰ।।
নকৰে প্ৰাণীক হিংসা নাহি একো স্পৃহা।
আমাত অৰ্পণ কৰে আপোনাৰ দেহা।।

সুদামা মালীক শ্ৰীকৃষ্ণই বৰ লোৱা বুলি বৰ যাচিলত সুদামাই ক’লে,

শুনিয়া মালী বোলে যুৰি হাত।
থাকোক অচলা ভক্তি তোমাত।।
বিষ্ণু ভকতেসে হৈব বান্ধৱ।
ভূতদয়া যেন নাছাড়ে মাধৱ।।

[ ১২৯ ] মুচুকুন্দক শ্ৰীকৃষ্ণই বৰ দিব খোজাত মুচুকুন্দই ক’লে, ̶

নবাঞ্ছোহো আন        মাধৱ তোমাৰ
চৰণ-সেৱাত পৰে।
মুকুতিদাতাক        আৰাধি খুজিবে
আন বৰ কোন নৰে।।

ঈশ্বৰে কৈছে, ̶

       মই হৰি-চৰাচৰ।
কিন্ত ̶ মই বশ্য ভকতৰ।।

       প্ৰকৃত ভকতে ঈশ্বৰ তেওঁৰ বশ্য বুলি কিন্তু কেতিয়াও গৰ্ব্ব নকৰে। গৰ্ব্ব মনত উদয় হলেও তেওঁ আগৰপৰা ঈশ্বৰ গল। বৃন্দাবনত গোপীসকলে কৃষ্ণৰ সঙ্গ আৰু সমাদৰ পাই যেতিয়া মনত গৰ্ব্ব অনুভৱ কৰিলে তেতিয়াই শ্ৰীকৃষ্ণ অন্তৰ্দ্ধান হ'ল। গোপীসকলে

কৃষ্ণত হন্তে মহামান পায়া।
বুলিল গৰ্ব্বে সব গোপজায়া।
আমাৰ সম সুভাগিনী নাই।
ভৈলন্ত অধীন যাদৱৰায়।
তাসম্বাৰ দৰ্প হৰিৰে মনে।
(শ্ৰীকৃষ্ণ) ভৈলা অন্তৰ্দ্ধান তৈতে তেখনে।

       ভক্তি-লাভ কৰিবৰ উপায় হৈছে – সদায় ঈশ্বৰৰ নাম-গুণ শ্ৰৱণ-কীৰ্ত্তন কৰা। সাধুৰ সঙ্গ লোৱা।

লৈয়া উপদেশ মাধৱক আৰাধিৰ।
যতেক সুকৃতি মানে কৃষ্ণত অৰ্পিব।।
কৃষ্ণ-কথা-শ্ৰৱণত শুদ্ধ হৈব মন।
সৰ্ব্বদায় কৰিবেক কৃষ্ণৰ কীৰ্ত্তন।
কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।
আছন্ত ঈশ্বৰ হৰি সমস্ত ভূতত।।
হেন জানি প্ৰাণাধিক কৰিব সৎকাৰ।
তেবেসে কৃষ্ণত ৰতি হৈবেক তোমাৰ।।
 হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস।
আপুনি লৈবন্ত হৰি হৃদয়ত বাস।।

       ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, ̶
       ভক্তিলাভ কৰিবৰ হ’লে “ঈশ্বরের নাম-গুণ সৰ্ব্বদা করতে হয়। আর সৎসঙ্গ সাংসারের ভিতর ও বিষয় কাজের ভিতর রাত দিন থাকলে ঈশ্বরে মন হয়না। মাঝে মাঝে নির্জনে গিয়ে তার চিন্তা করা বড় দরকার। প্রথম অৱস্থায় নির্জন না । হলে ঈশ্বরে মন রাখা বড়ই কঠিন। যখন চারাগাছ থাকে, তখন তার চারিদিকে [ ১৩০ ] বেড়া দিতে হয়। বেড়া না দিলে ছাগল গৰুতে খেয়ে ফেলে।"

       সংসাৰত থাকিও ঈশ্বৰক পোৱা যায়, যদি মনেৰে তুমি সংসাৰত নিৰ্লিপ্ত হৈ থাকিব পাৰা। উদাহৰণ ̶ জনক ৰজা। এই বাবেই বশিষ্ঠই শ্ৰীৰামচন্দ্ৰক উপদেশ দিছিল ; ̶

অনন্তৰেকো বহিৰ্নানা অন্তৰ্ব্বোধো বহিৰ্জড়ঃ।
অন্তস্ত্যাগী বহিঃসঙ্গী লোকে বিচৰ ৰাঘৰ।

       ইয়াৰ ভাঙনি মহাপুৰুষৰ ঘোষা : ̶

অন্তৰত এক ঈশ্বৰক        দেখিয়োক নানা বাহিৰত
অন্তৰত বোধ বাহিৰত জড়প্ৰায়।
বুদ্ধিত সমস্ত ত্যজিয়োক        বাহিৰত সঙ্গ দেখায়োক
এহিভাবে ৰাম লোকত ফুৰা বেৰাই।।

       পৰমহংসদেৱে এই কথাকে কৈছে; –
       “সব কাজ করবে, কিন্তু মন ঈশ্বরেতে রাখবে। স্ত্রী, পুত্র, বাপ, মা সকলকে নিয়ে থাক্‌বে ও সেবা করবে। যেন কত আপনার লোক। কিন্তু মনে জানবে যে তারা তোমার কেউ নয়।”

       বহুত ডেকাই ভাবে যে এতিয়া বিষয়-সুখৰ সোৱাদ লৈ পিছত বুঢ়া বা আদহীয়া হ’লে ঈশ্বৰ-চিন্ত কৰা যাব। এইটো বৰ ভুল কথা। বিষয়-সুখ কৰি তাত মজি তাৰ পিছত কাচিৎ কোনোবাৰহে ঈশ্বৰত মন হয়। বিষয়-সুখ কৰোঁতে কৰোতে তাত আসক্তি ক্ৰমাৎ বাঢ়ি যায় ; শেহত তাৰপৰা এৰাই আহিবই নোৱৰা অৱস্থা হয়।

ঈন্দ্ৰিয়ৰ সুখে যাৰ সদা আসকতি।
কদাচিতো কৃষ্ণত নোপজে তাৰ মতি। (ৰত্নাৱলী)

       গীতাত সেইদেখি ভগৱন্তই কৈছে , ̶

ধ্যায়তো বিষয়ান্‌ পুংসঃ সঙ্গস্তেষু পজায়তে – ইত্যাদি

সেইদেখি নীতিশাস্ত্ৰত কৈছে “গৃহীত ইৱ কেশেষু মৃত্যুন্য ধৰ্ম্মমাচৰেৎ।"

ল’ৰাই হওক বা বুঢ়াই হওক, মৃত্যুৱে সময় আৰু অৱস্থালৈ অপেক্ষা নকৰে।

প্ৰহলাদে

পঞ্চ বৰিষতে মহামতি।
ক্ৰীড়া এড়ি কৰিলন্ত ভকতি

       আৰু সহপাঠী দৈত্য শিশুসকলক উপদেশ দিছিল ; –

দয়ায়ে প্ৰহলাদে দেন্ত হিত উপদেশ।
শুনিয়োক বাণী দৈত্য দানব নিঃশেষ।।
অসাৰ সংসাৰ নাই ইহাত বিশ্বাস।
জানি হৰি-ভকতিক কৰিয়ো অভ্যাস।। (কীৰ্ত্তন)

       উদ্ধৱে [ ১৩১ ]

পঞ্চ বৰিষতে যিটো ভোজনক এৰি।
শিশুলীলা কৰিয়া পূজন্ত মাত্ৰ হৰি।।
জানিয়া বিষয়-সুখ যত্নে দূৰ কৰি।
কুমাৰ কালৰেপৰা ভজিয়োক হৰি।। (ৰত্নাৱলী)

       ৰামকৃষ্ণ পৰমহংসদেৱে কৈছিল, "মনে নিৰ্জ্জনে ঈশ্বরেৰ চিন্তা করলে, জ্ঞান বৈরাগ্য ভক্তি লাভ হয়। কিন্তু সংসারে ফেলে রাখলে ঐ মন নীচ হয়ে যায়। সংসার জল, আর মনটি যেন দুধ। যদি জল ফেলে রাখ, তাহলে দুধে জলে মিশে এক হয়ে যায়। দুধকে দই পেতে মাখন তুলে যদি জলে রাখা যায় তাহলে ভাসে। সেই মাখন সংসার-জলে ফেলে রাখলেও মিশ্‌বে না, ভেসে থাকবে।” [ ১৩২ ]

নামধৰ্ম্ম-তত্ত্ব


এক

       শঙ্কৰদেৱৰ ধৰ্ম্ম বিশ্বজনীন, উদাৰ আৰু মহান ধৰ্ম্ম। এই ধৰ্ম্ম পুৰণি, প্ৰাচীন, চিৰন্তন, সনাতন যদিও সি শঙ্কৰদেৱৰ দ্বাৰাই ছয়ত্ৰিশ জাতিৰ লোকৰ ভিতৰত নতুনকৈ প্ৰকাশিত আৰু প্ৰচাৰিত। আৰ্য্য ঋষিসকলৰ হৃদয়ত যেতিয়া সৰ্ব্বময় সৰ্ব্বকৰ্ত্তা ঈশ্বৰৰ অসীম মহিমাৰ প্ৰথম উন্মেষ হয় আৰু সেই মহিমাৰে অন্তৰ-বাহিৰ মণ্ডিত হৈ যেতিয়া তেওঁলোকে তপোবনত সাম গান কৰে, যেতিয়া তেওঁলোকে ঈশ্বৰক জানিবৰ নিমিত্তে অনেক কাল সমাধিত বহি থাকোঁতে তেওঁলোকৰ এজনে ঈশ্বৰক হঠাৎ চকামকাকৈ দেখিবলৈ পায় ৰিঙিয়াই উঠিছিল-

শৃণ্বন্তু ৱিশ্বেহমৃতশ্য পুত্ৰা আ যে ধামানি দিৱ্যানি তস্থূঃ।

ৱেদাহমেতং পুৰুষং মহান্তমাদিত্যবৰ্ণং তমসঃ পৰস্তাৎ

       যেতিয়া আন এজনে ক’লে, ময়ো জানিছোঁ “ৰসো ৱৈ সঃ,” আৰু যেতিয়া আন এজনে ক’লে, “ময়ো ঈশ্বৰক জানিছোঁ বুলিও ক’ব নোৱাৰোঁ, নাই জনা বুলিও ক’ব নোৱাৰোঁ”, সেই জ্ঞান ভালকৈ জানিব নোৱৰা, মনে সম্পূৰ্ণকৈ জুখিব, সোঁৱৰণীয়ে ভালকৈ খেপিয়াই ধৰিব নোৱৰা কালতে এই ধৰ্ম্মৰ জনম। এই ধৰ্ম্মৰ বীজ বীজ পুৰাকলাৰ বেদ ঋষিসকলৰ হৃদয়ত পৰমপুৰুষ পৰমাত্মাৰ দ্বাৰায় ৰোপিত আৰু পৰমপুৰূষৰ অপাৰ কৰুণা-বাৰি সিঞ্চিত হৈ অঙ্কুৰিত আৰু পৰিৱৰ্দ্ধিত। এই ধৰ্ম্ম বেদৰ গুপুত বিত্ত, বেদ মহোদধিৰ হৃদয়কন্দৰত আন আন অনেক কম লাগতিয়াল, অসাৰ, অসাৰ্থক বস্তু অথচ আচল ৰত্ন বুলি থকা বিত্তৰ সৈতে এই মহাবিত্ত মিহলি হৈ আছিল। বেদৰ ঋষিসকলে বেদৰ গৰ্ভত এই বিত্ত দেখি চিনি নিজৰ ভোগলৈ ৰাখিছিল আৰু উপযুক্ত শিষ্যক দিছিল; কিন্তু নানা কাৰণত, ঘাইকৈ তাৰ মোল বুজিব নোৱৰা লোকৰ হাতত তাৰ সম্ভৱতঃ আলৈআথানি হোৱাৰ ভয়ত তাক অনেক অসাৰ বস্তুৰ মাজত মিহলি কৰি থৈ দিছিল। ইয়াৰ পিছত দৈৱকীহৃদয়ানন্দন শ্ৰীকৃষ্ণৰ মুখনিঃসৃত গীতাই, শুকপ্ৰোক্ত পুৰাণ-সূৰ্য্য শ্ৰীমদ্ভাগৱতে, পদ্মপুৰাণৰ স্বৰ্গখণ্ডই, বৃহন্নাৰদীয় পুৰাণ আদি সত্ত্বিক গ্ৰন্থই এই ৰত্ন উদ্ধাৰ কৰি ভক্তৰ হৃদয়-সঁফুৰাত স্থাপন কৰে আৰু আমাৰ কৃপালু শঙ্কৰদেৱে “ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল”, “দাতাত চোৰতে সমতুল” হৈ সকলোকে তাক দান কৰি দিলে।

       শঙ্কৰদেৱে ক্ষুদ্ৰ সম্প্ৰদায় গঠন কৰা দূৰত থাকক, ক্ষুদ্ৰ ক্ষুদ্ৰ অনেক সম্প্ৰদায়ৰ ভিতৰুৱা সকলোকে তেওঁলোকৰ খোটালীবোৰৰ বেৰবোৰ ভাঙি ওলাই আহি একে ঠাইতে গোট খাই একেখোটলীয়া ডাঙৰ নামঘৰৰ তলত বহি তেওঁ বিলাই দায় এই মহাৰত্নৰ ভাগ ল’বলৈ উচ্চৰৱে মাতিছিল। তেওঁ ৰাইজক মাতিছিল, - “হেৰা বামুণ, হেৰা শূদিৰ, হেৰা কোচ, হেৰা কেওঁট, হেৰা কলিতা, হেৰা অসম, হেৰা যৱন, হেৰা [ ১৩৩ ] গাৰো, হেৰা মিকিৰ, হেৰা চণ্ডাল, আহা, তোমালোকে হৰিত শৰণ লৈ তৰাহঁক, এই কামলৈ তোমালোকৰ সকলোৰে সমান অধিকাৰ , হৰি তোমালোকৰ সকলোৰে পিতা, পিতাৰ চকুত তোমালোক সমান ; তোমালোকে নিজে ভঙা-পতা ডাঙৰ-সৰু জাতবোৰ তোমালোকৰ নিজৰ নিমিত্তেহে, হৰিক পাবৰ নিমিত্তে নহয় ; এতেকে সেইবোৰ নিমিত্তে অসাৰ্থক খকাখুন্দা কৰি থাকি আচল ৰত্ন পাহৰি নাথাকিবা।

       শঙ্কৰদেৱে বেদাভিমানীসকলক কৈছে – “তোমালোকে বেদৰ আচল গুঢ় মৰ্ম্ম নুবুজি তাত বিক্ষিপ্ত ৰত্নৰাজি পৰিত্যাগ কৰি, তাৰ পুষ্পিত বাক্যসমূহকে সাৰোগত কৰি লৈ খালী কৰ্ম্ম কৰি মৰিছা। তোমালোকে বেদৰ গুঢ় অভিপ্ৰায় নুবুজি মাত্ৰ কৰ্ম্ম কৰিয়েই মৰা অথচ বেদৰ অভিব্ৰায় মতে কৰ্ম্মকো কৰিব নাজানো।"

নুবুজে বেদ অভিপ্ৰায় গূঢ়
কৰ্ম্মক কৰিবে নজানে মূঢ়।

কৰ্ম্ম চিত্তশুদ্ধিৰ নিমিত্তেহে আৱশ্যক, ঈশ্বৰ প্ৰাপ্তিৰ নিমিত্তে নহয়। কৰ্ম্ম কৰিলে তাৰ ফল অৱশ্যে পোৱা যায় কিন্তু সেই ফল স্বৰ্গসুখ আদি বিনাশী, অবিনাশী নহয় ; কৰ্ম্মফল ভোগৰ অন্তত আকৌ জন্ম, পুনৰাগমন। "গতাগতপ্ৰসক্তানাং কম্মিণাং কৰ্ম্মচাৰিণাম।” কিন্তু বেদবিহিত কৰ্ম্ম কৰিবলৈ মই হাক দিয়া নাই, কিন্তু সেই কাম সকামভাৱে নকৰি নিষ্কামভাৱে কৰিবা আৰু সকলো কৰ্ম্ম আৰু কৰ্ম্মফল ঈশ্বৰত সমৰ্পণ কৰি থ’বা, তেহে সেই কৰ্ম্মৰদ্বাৰায় তোমাৰ চিত্তশুদ্ধি, আৰু চিত্তশুদ্ধিৰদ্বাৰাই জ্ঞান আৰু শেহত মুক্তি লাভ হব। শুনা, একাদশ স্কন্ধত কৈছে –

নিষ্কামে কৰিয়া সকল কৰ্ম্ম।
বিষ্ণুত অৰ্পিব সি সব ধৰ্ম্ম।
শ্ৰৱণ কীৰ্ত্তন তাহাৰ ফল।

কিন্তু তাকে নকৰি ৰজোগুণৰ আশ্ৰয় লৈ জীৱহিংসা আদি কৰ্ম্ম কৰিলে –

ৰজোগুণে কৰে কৰ্ম্মত প্ৰীতি।
কৰ্ম্মীব দত্ত ভাৱ বাঢ়ে নিতি।।
কৰে হিংসা ধৰ্ম্ম নোপজে বোধ।
নুগুচয় যেন সৰ্পৰ ক্ৰোধ। (কীৰ্ত্তন)

       কৰ্ম্ম মানে ঈশ্বৰপ্ৰাপ্তিৰ আশা কৰি কৰা নিত্যনৈমিত্তিক ধৰ্ম্মকাৰ্য্যৰ কথাহে কোৱা হৈছে, জীৱনযাত্ৰা নিৰ্ব্বাহৰ নিমিত্তে কৰিবলগীয়া মৰ্ম্মকৰ কথা কোৱা নাই। বেদেও তোমাক নিষ্কৰ্ম্মা হবলৈ কোৱা নাই, বেদান্তয়ো কোৱা নাই, বেদান্তৰ সাৰ গীতাইও কোৱা নাই, মইও নকওঁ। গৃহত থাকি জীৱনৰ যাৱতীয় কৰ্ম্ম কৰি, জলত থাকিও পদুমৰ পাত নিতিতি থকাৰ দৰে কৰ্ম্মত নিৰ্লিপ্ত হৈ থাকি সেই কৰ্ম্ম আৰু কৰ্ম্মফলক ঈশ্বৰত সমৰ্পণ কৰি “সদায়ে ডাকি বোলা হৰি হৰি”। গীতাই দঢ়াই দঢ়াই কৈছে, কৰ্ম্ম কৰা, তোমাৰ যথাসাধ্য কৰ্ম্ম কৰা, ভালকৈ কৰ্ম্ম কৰা, কিন্তু নিষ্কাম হৈ কৰি তাক তাৰ ফলেৰে সৈতে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবা, তেহে তোমাৰ উদ্ধাৰ হ’ব, নতুবা তুমি তোমাৰ কৰ্ম্মৰে সৈতেই বুৰি মৰিবা। বেদ নলঙিঘ, সাত্ত্বিকভাৱে কৰ্ম্ম কৰিলে চিত্তশুদ্ধি হ’ব, চিত্তশুদ্ধি হলেই নিৰ্ম্মল দৰ্পণত তোমাৰ মুখৰ প্ৰতিবিম্ব [ ১৩৪ ] পালেই তোমাৰ কাম সিজিল ; তেতিয়া সকলো কৰ্ম্ম পৰিত্যাগ কৰি আচল কাৰ্য্য ঈশ্বৰত একশৰণ হ’ব পাৰিবা। কিন্তু এটি কথা, ঈশ্বৰত প্ৰথমৰেপৰা একশৰণ হোৱা ভক্তৰ পক্ষে মুক্তিৰ নিমিত্তে preliminary কৰ্ম্ম কৰিবৰ একো আৱশ্যক নাই, কাৰণ তেওঁ যদিও সংসাৰত ঈশ্বৰনিদিষ্ট সকলো কৰ্ম্মকে কৰি যায়, তথাপি তেওঁ ঈশ্বৰত একশৰণীয়া হোৱা দিনৰেপৰা, নিজৰ শৰীৰ পুত্ৰ ভাৰ্য্যা বিত্তত মমতাশূন্য হৈ অবিদ্যাৰ হস্তবিমুক্ত হয়। কৰ্ম্ম বিহোতা বেদৰ নিজৰো এই অভিপ্ৰায়েইহে, আৰু বেদৰ সেই নিগুঢ় ভাব বুজোতাই সেইদেখি আন ধৰ্ম্ম-কৰ্ম্মৰ ওপৰত হৰিনামক বহুৱায়।

সেহিসে কুলীন বেদক বুজে।
যাহাৰ মুখে হৰিনাম সিজে।
সকল ধৰ্ম্মত কৰি বিশিষ্ট।--
হৰি কীৰ্ত্তনেসে ধৰ্ম্ম গৰিষ্ঠ। ।
অনাদিৰ আন ধৰ্ম্ম সম্প্ৰতি।
দিওঁ উপদেশ হৰি ভকতি। (কীৰ্ত্তন)

নাৰদে তিনি কটপা দি তাকেহে কৈছিল

হৰি নামে নামে নিশ্চয়।
মোহোৰ জীৱন নাৰদে কয়।।
কলিৰ কালে আৰ আতপৰ।
নাই নাই নাই গতি লোকৰ।।
নাৰদে দিলন্ত তিনি কটপা।
আৰু নামানিবে কোন নো লপা।।
নাৰদৰ বাণী শিলৰ ৰেখা।
বৃহত নাৰদী বিচাৰি দেখা।। (কীৰ্ত্তন)

       প্ৰথম স্কন্ধ ভাগৱতত নাৰদে ব্যাসক উপদেশ দিওঁতে কৈছে যে ব্ৰহ্মাই চাৰিখন বেদক তিনিবাৰ ভালকৈ বিচাৰি চাই তাত হৰি-কীৰ্ত্তনকহে সাৰ বুলি থিৰ কৰাটো পালে ; –

চাৰিও বেদক ব্ৰহ্মায়ে আনি।
বিচাৰিলা তিনিবাৰ প্ৰণামি।।
এহিমানে মাত্ৰ কৰিলা সাৰ।
হৰি কীৰ্ত্তনেসে তৰে সংসাৰ।।

       আৰু চোৱাচোন বেদবিহিত তন্ত্ৰ-মন্ত্ৰবিহিত যজ্ঞ হোম আদি কৰ্ম্ম কৰোঁতাসকলৰ কৰ্ম্মতো অনেক ছিদ্ৰ থাকি যায়, তাৰ অঙ্গপূৰ্ণ নহয় ; সেইদেখি সেইটাে বুজি তাৰ অন্তত হৰিনাম স্মৰণ কৰিবৰ ব্যৱস্থা ঋষিসকলে দিছে –

তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ কাল পাত্ৰ ছিদ্ৰ যতেক।।
পূৰ্ণ নুহি যত যজ্ঞৰ অঙ্গ।

[ ১৩৫ ]

হৰিনামে কৰে সবে সুসাঙ্গ।

       ভাগৱতৰ অষ্টম স্কন্ধত শুক্ৰ ঋষিয়ে এই কথা কৈছে। এই ব্যৱস্থা মতেই সকলো যাগ-যজ্ঞৰ অধিপতি যজ্ঞেশ্বৰ হৰিৰ নাম যাগ-যজ্ঞৰ অন্তত সুমৰণ হৈ আহিব লাগিছে। হৰিনামৰ এনে মহিমা জানি তাক অপ্ৰয়াসে সকলোৱে লৈ তৰি যাব বুলি পূৰ্ব্বত বেদে তাক হৃদয়ত ধাৰণা কৰি ধন হৈও, দেৱ ভুদেৱসকলৰ পৰমাৰ্শমতেই হওক বা আন কেইবাটাও কাৰণতে হওক, তাক দুৰ্ল্লভ কৰি আন পুষ্পিত অসাৰ বা অল্পসাৰ পন্থাৰ লগত লুকাই থৈছিল –

নামৰ মহিমা জানি সমূলি।
জগতেৰে মোক্ষ হইবেক বুলি।।
পূৰ্ব্বত আৰু গোপ্য কৰি থৈল।

       কালমায়াৰ অধিকাৰী এক ঈশ্বৰৰ নাম আৰু সেৱাইহে যে সাৰ পদাৰ্থ এই কথা বেদৰ ঋষিসকলে যেনেকৈ জানিছিল, জগতৰ আন আন ডাঙৰ ধৰ্ম্মপন্থাৰ জ্ঞানীসকলেও তেনেকৈ অতীজ কালৰেপৰা জানিছিল। কিন্তু নানা কাৰণত আমাৰ বেদৰ ঋষিসকলৰ দৰেই তেওঁলোকেও তাক গুপ্ত কৰি ৰাখিছিল।

       আমাৰো বেদ উপনিষদ বেদান্ত আদি শাস্ত্ৰত বিক্ষিপ্ত আৰু গুপ্ত হৈ ইমান যুগ থকা এক অদ্বিতীয় ঈশ্বৰৰ নাম আৰু উপাসনা এই যুগত এনে গুপ্ত ধন উলিয়াই সকলোকে দিবলৈ পাৰিছিল আমাৰ শঙ্কৰদেৱৰ গাত ভাৰ আৰু তেওঁ সেই কাৰ্য এনে সুন্দৰকৈ কৰিলে যে তৃতীয় স্কন্ধ ভাগৱতৰ পদ কৰোতা গোপালচৰণ দ্বিজে ক'বৰ নিচিনা আমি অসমীয়াই –

কোটি কোটি কল্প যদি        উপকাৰ কৰো আতি
তভো গুণ শুজা নাযায় তান।

       আমাৰ মানুহে সাধাৰণ সাপৰ মন্ত্ৰ বা মূৰৰ বিষৰ মন্ত্ৰ অথবা আসুৰিক দৰৱ এটা জানিলে, তাকে লোকক নিশিকায়, অনেক সময়ত সেই মন্ত্ৰ সেই দৰৱ সেই লোকৰ পেটতে থাকি তাৰে সৈতে মৰি যায়, তথাপি তাক কাকো, অনেক সময়ত বাপেকে পুতেককো শিকাই নাযায় ; এনে স্থলত ভৰসংসাৰ তৰিবৰ উপায় –

হৰি ৰাম হৰি ৰাম এ মূল মন্ত্ৰ।
কলিত নাহি তপ যজ্ঞ যন্ত্ৰ।

       এই মহামন্ত্ৰ দয়ালু শঙ্কৰদেৱে বক্তৃতা-উপদেশ তৰ্কযুক্তিৰে, ঘোষা-গীতা-ভটিমাৰে, ভাওনাৰে, খোল-মৃদঙ্গৰে, কীৰ্ত্তনৰ ভোৰ-তালেৰে গাই সকলো লোকৰ মনোমোহা কৰি শুনাই সকলোকে শিকাই দি গৈছে ; এনে উদাৰ কৃপালু মহাপুৰুষৰ ধৰ্ম্ম সাম্প্ৰদায়িক ধৰ্ম্মনে ? লোকক কৰ্ম্ম কৰি স্বৰ্গসুখ লভিবলৈ দিয়া বেদে নিজে ঈশ্বৰক স্তুতি কৰি কি কৈছিল, এবাৰ শ্ৰীমদ্ভাগৱতৰ দশম স্কন্ধৰ বেদস্তুতি পঢ়ি চোৱা।

জগত সংহৰি শুতি আছা নাৰায়ণ।
প্ৰথম নিশ্বাসে বাজ ভৈল বেদগণ।।
জগাইল বিষ্ণুক স্তুতি কৰি ভক্তিভাবে।

[ ১৩৬ ]

যেন নটভাটে চক্ৰবৰ্তীক জগাৱে।।
তুমি সি পৰমতত্ত্ব জানি জ্ঞানীগণে।
ছাড়ে পাপ তযুগুণ শ্ৰৱণ-কীৰ্ত্তনে।
মনুষ্য শৰীৰ পায়া যিটো নৰগণ।
নকৰে তোমাৰ যিটো শ্ৰৱণ-কীৰ্ত্তন।।
বিফলে জনম গৈল ভৈল সৰ্ব্বনাশ।
জীৱন্ত মৰা সিটো ভাথিৰ নিশ্বাস।।
জ্ঞান অভ্যাসক কহে নেদেখি বিশেষ।
শ্ৰৱণ-কীৰ্ত্তনে তৰে সংসাৰৰ ক্লেশ।।
মিছা তৰ্কবাদে        ভৈল অন্ধকাৰ
তাতে ভ্ৰমো মন্দমতি।
তযু জ্ঞানপন্থ        খুজিয়া নাপাওঁ
কৰা হৰি মোৰ গতি।।
যত তপ আছে        সমস্তে কৰোক
পড়োক পৰ্ব্বতে উঠি।
সমস্তে তীৰ্থত        স্নানিয়া ফুৰোক
বেদক পঢ়োক তুষ্টি।
যত যজ্ঞ আছে        সমস্তে যজোক
কৰোক যোগ অভ্যাস।
হৰিৰ কীৰ্ত্তন        নকৰি তথাপি
নেড়ায় মৃত্যুৰ ত্ৰাস।
অসন্ত জগতখান        তোমাত উদ্ভব ভৈল
সন্ত হেন প্ৰকাশে সদায়।
কৰ্ম্মজড় মনুষ্যৰ        মন মগ্ন ভৈল তাতে
বেদৰ নুবুজে অভিপ্ৰায়।
তোমাৰ পৰম জ্ঞান        মাধক দিয়োক মোক
যি অখণ্ড সুখ দুখহীন।
নুহি নাৰায়ণ দিয়া        শ্ৰৱণ-কীৰ্ত্তন-ভক্তি
নোহো যেন বেদৰ অধীন।
ব্ৰহ্মায়ো নপান্ত অন্ত        তোমাক নজানে বেদে
আপুনিও নাজান সমূলি।
এতেকে কেৱলে আমি        তোমাৰ চৰণে স্বামী
ভজিলোহোঁ জয় জয় বুলি।।
চাৰি বেদ অষ্টাদশ        পুৰাণ যতেক শাস্ত্ৰ
পৰম বেদান্ত ভাগৱত।
সনক সনন্দ মুনি        যোগ জ্ঞান বিচাৰিয়া

[ ১৩৭ ]

উদ্ধাৰিলা তাৰ সৰা তত্ত্ব।।
আগমন পুৰাণ যত        বেদান্তৰ তাৎপৰ্য্য
জানি কৰা ভকতিৰ সাৰ।
শ্ৰৱণ কীৰ্ত্তন বিনা        আন পুণ্যে নপায় জানা
ইটো ঘোৰ সংসাৰৰ পাৰ।। (কীৰ্ত্তন)

       বেদ-বেদান্তাদি শাস্ত্ৰৰ প্ৰমাণৰূপে তেওঁলোকৰ নিমিত্তে আমি ওপৰৰ কথাখিনি কলোঁ। যিসকলৰ মনত শাস্তুৰ প্ৰমাণ বলবৎ নহয়, সেইসকলক চমুকৈ দুআষাৰমান ইয়াকে কওঁ যে ঈশ্বৰ অনন্ত, অখণ্ড, অচিন্তা, অজ্ঞেয় ; তেওঁক জানিবৰ নিমিত্তে জ্ঞানৰ পিছ ধৰি তুমি কি কৰিবা ? তুমি সাগৰত কি কাঠীডাল বাবলৈ গৈছা ? তোমাৰ নিচিনা ক্ষুদ্ৰাতিক্ষুদ্ৰ প্ৰাণী সেই অনন্ত মহাজ্ঞানৰ কণা এটিকে সৰ্ব্বহ কৰি লৈ চকু মেলি আছা, তেনে তুমি যিমানকে তোমাৰ জ্ঞানৰ উৎকৰ্ষ সাধন কৰা, তেওঁক কি জানিবা ? তোমাৰ ভৰিৰ গচকৰ তলত পৰি থকা এজোপা দুবৰি বনৰ পাত এটি কেনেকৈ হ’ল তুমি তোমাৰ আজন্মকাল উপাৰ্জন কৰা জ্ঞানেৰে ক’ব নোৱাৰা বা তেনে এটা বনপাত স্ৰজিব নোৱাৰা। এই ক্ষুদ্ৰ পৃথিৱীত হোৱা এটা ধুমুহা বতাহ বা এটা ভূইকঁপে তোমাৰ অস্তিত্ব এক মুহুৰ্ত্ততে চিৰকাললৈ বিলুপ্ত কৰে। সূৰ্য্যমণ্ডলেৰে সৈতে গঠিত হোৱা এনে কোটি কোটি ব্ৰহ্মাণ্ড যাৰ লোমকূপত –

গোৱিন্দ গোৱিন্দ গোৱিন্দ গোৱিন্দ ৰাম মুৰাৰি,
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী।

       এনে কোটি কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীৰ বিষয়ে জানিবলৈ জ্ঞানচৰ্চা কৰি তৰ পোৱা তোমাৰ ক্ষমতা কি জনা আছে ! এতেকে তুমি জ্ঞানৰ মিছা অভিমান কৰি গপ মাৰি নাথাকিবা আৰু তোমাৰ জ্ঞানৰ বহিৰ্ভুত অখণ্ড অসীম জ্ঞানময় ঈশ্বৰকো তোমাৰ জ্ঞানৰ ঠুহাটোত সুমাবলৈ বৃথা চেষ্টা কৰি থাকি নমৰিবা। তুমি ঈশ্বৰৰ অংশ সন্তান ; গোৱিন্দ, মাধৱ, কৃষ্ণ ৰাম নামধাৰী ঈশ্বৰ তোমাৰ পিতা, এই যৎকিঞ্চিৎ অনুভূতি জ্ঞানেই তোমাৰ পক্ষে যথেষ্ট আৰু বেছিকৈ ধুমধুপাল অসাৰ্থক। এতেক হে মনুষ্য, হে বালিচাহি, তুমি জ্ঞান জ্ঞান নকৰি, নিজক ঈস্বৰৰ পুত্ৰ বুলি (বৰং দাস বুলিয়েই ভাল, কাৰণ পুত্ৰ বুলিলে মনলৈ অলপ অহঙ্কাৰ আহিব পাৰে, – তোমাৰ মোৰ অধম মনতো) তেওঁৰ চৰণত কৃতজ্ঞ হৈ ভক্তি কৰা, নিৰ্গুণ তেওঁ তোমাক কৃপা কৰি দিয়া তেওঁৰ গুণময় নাম শ্ৰৱণ-কীৰ্ত্তন কৰা, তোমাৰ মুক্তি হ’ব, তোমাৰ জীৱন ধন্য হ'ব। এই ধৰ্ম্ম আৰু উপদেশদাতা তোমাৰ দেশৰ নিজৰ শ্ৰীমন্ত শঙ্কৰ আৰু গ্ৰহীতা তুমি।

       তুমি ঈশ্বৰক কি দি পূজা কৰিবা ? সকলো তেওঁৰ আৰু তুমি তেওঁৰ কি পূজাৰ মন্ত্ৰ জানা ? “এতাৱন্ত মূৰ্ত্তিশূন্য কেনমতে পূজিবাহা", এতেকে “ৰাম বুলি শুদ্ধ কৰা মন।” আমাৰ কৃপালু শঙ্কৰদেৱে তোমাক মাতিছে, তেওঁৰে সৈতে একে ঠাইতে বহি, সাধুসঙ্গত সজ উপদেশ শুনি, মনৰ বান্ধোন কটাই ঈশ্বৰৰ ৰাম, কৃষ্ণ, হৰি, মাধৱ, গোবিন্দ, বামন নাম লৈ, সেই নামৰ মহিমা অন্তৰত অনুভৱ কৰি, ঈশ্বৰক স্তুতি-নতি কৰি আমি ধন্য হওহঁক। তোমাৰ হৃদয়ত তেতিয়া উদয়াস্ত-বিৰহিত চৈতন্য [ ১৩৮ ] আদিত্য প্ৰকাশ হ’ব।

চৈতন্য ঈশ্বৰ আদিতে যাহাৰ হিয়াত ভৈল প্ৰকাশ।
কালমেঘ প্ৰায় অবিদ্যা আন্ধাৰ তাহাৰ হোৱে বিনাশ।।
চৈতন্য আদিত্য হৃদয় আকাশে সৰ্ব্বদায় প্ৰকাশয়।
উদয়াস্ত নাহি সন্ধা উপাসা কৰিবো কোন সময়।।

       চোৱা, জগতৰ সকলো ডাঙৰ ডাঙৰ ধৰ্ম্মতো ঈশ্বৰৰ নাম লোৱাৰ বাহিৰে আন একো উপায় বিহা নাই। কি খৃষ্টান ধৰ্ম্ম কি মছলম ধৰ্ম্ম, সকলোৰে এই এক সাৰ উপদেশ। অৱশ্যে তুমি ক’ব পৰা যে মই ৰাম কৃষ্ণ বুলিবৰ সকাম কি? এনেই ঈশ্বৰ বুলিলেই হব। আমিও কওঁ যে নহ’লে যে এনে নহয়। কিন্তু এক ঈশ্বৰৰ সহস্ৰ নামেৰে সহস্ৰ প্ৰকাৰ গুণ বহলকৈ মনত ভাবিৰ পৰাটোত নিশ্চয় উৎকৰ্ষ আছে। তোমাৰ পিতৃক পিতাদেৱ বুলি এটা মাতেৰে মাতি থাকি তুমি সিমান সন্তুষ্ট নোহোৱা, যিমান তেওঁ নানা গুণ সুঁৱৰি জনক, তাত, বোপাই ইত্যাদি নামেৰে মাতিব পাৰা। নামৰ সন্তোষ ফল তোমাৰ হিয়াৰ বস্তুহে, ঈশ্বৰৰ তাত একো লাভ-লোকচান নাই। গৰজ তোমাৰহে, ঈশ্বৰৰ নহয়। ৰাম, কৃষ্ণ, হৰি বোলোতে তুমি অকল উচ্চাৰিত শব্দতে সন্তুষ্ট নহৈ তাৰ অন্বয় অবগাহ কৰি যাবা আৰু গাবা, তেহে ফল পূৰ্ণ। ভকতে সেইদৰে কৰিহে নাম লয়, সেইদেখি তেওঁ তাত অমৃত পায়, শান্তি পায় ; তুমি সেইদৰে নকৰা বা তোমাৰ কৰিবৰ অভ্যাস নাই, সেইদেখি তুমি তাত মজিব পৰা নাই, গতিকে তাৰ পৰম সুখো পোৱা নাই। ভকতে কৃষ্ণ বোলোতে –

কৃষ্‌ হেন শব্দ ইটো        পৃথিৱীবাচক ভৈল
ণ আনন্দত প্ৰৱৰ্ত্তয়।
দুইৰ এক পদ ভৈল        পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়।
ঈশ্বৰৰ পদসেৱা        কৰন্তে জীৱৰ যত
কৃশতা গুচয় নিৰন্তৰ।
এহি হেতুতেসে জানা        ঈশ্বৰক বুলি কৃষ্ণ
প্ৰসিদ্ধ অজয় মনোহৰ।।
অনন্ত চৈতন্য আত্মা        সদানন্দ ঈশ্বৰত
যোগীজনে সদায় ৰময়।
এহি হেতু বাম পদে        পৰমব্ৰহ্ম স্বৰূপক
কহে ৰাম নামৰ অম্বয়।

       অৱশ্যে দশৰথৰ পুত্ৰ ৰাম দেৱকীনন্দন কৃষ্ণকো শঙ্কৰদেৱ, মাধৱদেৱ, নামেৰে জানিছিল আৰু চিন্তিছিল। তেওঁলোকে অজ্ঞান আন্ধাৰত পৰি থকা জীৱক পথপ্ৰদৰ্শন আৰু কৰুণা কৰিবৰ নিমিত্তে পৃথিৱীত ঈশ্বৰৰ অৱতাৰ মানিছিল। ভালকৈ ভাবিলে, ভালকৈ বুজিলে – তুমিও মানিবই লাগিব। আৰু নামানিবই বা কিয় ? ঐশ্বৰিক গুণ আৰু কাৰ্যসম্পন্ন ৰাম কৃষ্ণ অৱতাৰেই বা নহ’ব কিয়? সংসাৰত [ ১৩৯ ] ইমানবোৰ জ্ঞানী আৰু প্ৰতাপী মানুহ হৈ গৈছে, কেইজন তেওঁলোকৰ নিচিনা হৈছে? এই কথাৰ কি কোনো mystery, গুঢ় সাৰত্ত্ব নাই? ঈশ্বৰে মানুহক স্ৰজন কৰি জ্ঞান দিলে, সেই জ্ঞানেৰে সংসাৰত আগবাঢ়ি ঈশ্বৰমুখী হ’বলৈ আদৰ্শ আগত ধৰি, উপদেশ দি, মানুহক ঈশ্বৰৰ ওচৰলৈ যাবলৈ বাট দেখুৱাবলৈ তেওঁ শ্ৰেষ্ঠ নৰৰূপে মানৱী কায়া নধৰিবৰে বা কাৰণ কি? নহ’লে তেনে দুৰূহ দুৰ্ল্লভ কাম কোনে কৰিব? ঈশ্বৰে তেওঁৰ সন্তানবোৰক পৃথিৱীত মনুষ্যজনম দি হেদাঙি মেলি এৰিব বুলি বিশ্বাস কৰিব পাৰি নে ? তেওঁ সন্তানেৰে সৈতে সময়ত এক ৰক্তমাংসৰ দেহ ধৰি আনন্দ দি, আনন্দ লভি জ্ঞান-ধৰ্ম্ম শিক্ষা দিয়াটো তেওঁৰ কৰ্ত্তব্য নহয় নে ? নন্দনন্দন আৰু ৰঘুনন্দন যে ঈশ্বৰৰ অৱতাৰ, আত্মতত্ত্বদৰ্শী সাধু ভক্তই (seers) সেইটো জানিছিল, দেখিছিল, অনুভৱ কৰিছিল ; তুমি আমি অবিশ্বাসী তাৰ্কিক মহাব্যাঘ্ৰ নেদেখিব পাৰে। কিন্তু সাধুৰ সঙ্গত আমাৰ জ্ঞান-চকু মুকলি হ’লে আমিও দেখিম, আমিও জানিম। কিন্তু অকল ক্ষুদ্ৰ জ্ঞানেৰে নহয়, হৃদয়ৰ ভক্তিৰেঙে। ঈশ্বৰ অকল শুষ্ক জ্ঞান হোৱাহেঁতেন, মানুহবিলাকৰ স্বভাৱে অকল শুষ্ক জ্ঞানপ্ৰিয় হ’লহেঁতেন। কিন্তু তেনে নহয় ; মানুহে জ্ঞানেৰে সৈতে প্ৰেম, ভক্তি, আনন্দও ভাল পায়। সেইদেখি নিশ্চয় ঈশ্বৰ যেনে জ্ঞানময়, তেনে প্ৰেমময়, তেনে আনন্দময়ো। সেইদেখি ঈশ্বৰৰ বৈকুণ্ঠতো তেওঁক ভক্তই সেই গুণসম্পন্ন দেখে। সেইদেখি ঈশ্বৰ কৃষ্ণৰো আনন্দময় প্ৰেমময় ব্ৰজলীলা আৰু জ্ঞানময় গীতোপদেশ, আমি তেওঁৰ সন্তান পৃথিৱীবাসীয়ে নেদেখিম, নুশুনিম কিয়? অকল জ্ঞানে মস্তিষ্ক উজ্জ্বল কৰিলেও হৃদয়ত শান্তি নিদিয়ে ; হৃদয়লৈ শান্তি আনে প্ৰেমে, ভক্তিয়ে আৰু আনন্দই। সেই বাবেহে জ্ঞানচৰ্চা কৰোতা ব্যাসৰ ভাগৱত ৰচনা; সেই বাবেহে জ্ঞানমুক্ত নাৰদ সনক সনন্দৰ, একান্ত ভক্তৰ সঙ্গত হৰিগুণ শ্ৰৱণকীৰ্ত্তনৰ স্পৃহা।

       এতেকে হে জগতবাসী। হে ভাৰতবাসী! হে অসমবাসী। শঙ্কৰদেৱে দিয়া উপদেশমতে, হে খ্ৰীষ্টান। খ্ৰীষ্টই দিয়া উপদেশমতে, হে মুছলমান। মহম্মদে দিয়া উপদেশমতে, এক ঈশ্বৰত শৰণ লৈ, ৰাম কৃষ্ণ হৰি বোলা, "গড বোলা, ফাদাৰ’ অৰ্থাৎ পিতা বোলা, আৰু মহম্মদে দিয়া মতে “আল্লাহো আকবৰ" বোলা, নিশ্চয় মুক্তি পাবা, বক্তি পাবা, শান্তি পাবা। শঙ্কৰ-মাধৱৰ কৃষ্ণই সাংখ্যৰ প্ৰকৃতি-পুৰুষৰ নিয়ন্ত কাল-মায়াদিৰ অধিকাৰী পৰমপুৰুষ পৰমেশ্বৰ, আৰু খ্ৰীষ্টৰ God the Father আৰু মহম্মদৰ আল্লাহো আকবৰ'।

হে কৃষ্ণ তুমি মাত্ৰ     চৈতন্য স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো     তোমাৰ বিনোদ ৰূপ
চৰাচৰ মায়ায়ে কল্পিত।।
প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্ত মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।।

[ ১৪০ ]

দুই

মহাপুৰুষে ঘোষাত বান্ধিছে –

কৃষ্ণ-সুৰ্য ভৈলন্ত উদিত।
নামধৰ্ম্ম কৰিলা বিদিত।

ভগৱন্তই গীতাৰ দশম অধ্যায়ত কৈছে –

মচ্চিত্তা মদ্‌গতপ্ৰাণী বোধয়ন্তঃ পৰম্পৰম।
কথয়ন্তশ্চ মাং নিত্যং তুষ্যন্তি চ ৰমন্তি চ।
মোতেসে কেৱলে দিয়া চিত্ত,        মোতেসে মাত্ৰ প্ৰাণ অৰ্পি নিত
অন্যোঅন্যে মিলি মোকেসে বোধ কৰাৱে।
মোক মাত্ৰ কহে সৰ্ব্বক্ষণে        পৰম সন্তোষ লভি মনে
আনন্দ-সাগৰে মজি ৰহে প্ৰেমভাবে। (ঘোষা)

অৰ্জ্জুনে কৈছে –

স্থানে হৃষীকেশ তৱ প্ৰকীৰ্ত্তা
জগৎ প্ৰহৃষ্যত্যনুৰজ্যতে চ।
ৰক্ষাংসি ভীতানি দিশো দ্ৰৱন্তি
সৰ্ৱে নমসান্তি চ সিদ্ধসঙ্ঘাঃ। (গীতা)
কৃষ্ণক বোলন্ত ধনঞ্জয়        তোমাৰ কীৰ্ত্তনে কৃপাময়
অতি অনুৰাগে জগতে কৰে হৰিষ।
তোমাৰ কীৰ্ত্তন অগনিৰ        শিখায়ে দগধ হুয়া আতি
ৰাক্ষস পিশাচ পলাই যায় দশ দিশ।। (ঘোষা)

       ঈশ্বৰৰ নাম আৰু ঈশ্বৰ একে। আমাৰ ঘোষাত লিখিছে –

আপন নামৰ সঙ্গ নছাৰন্ত হৰি।
যেই নাম সেই হৰি জানা নিষ্ঠ কৰি।
মাধৱৰ নাম        বৎস-প্ৰায় ভৈল
ভক্তে তাঙ্ক লৈয়া যান্ত।
বেদৰ ঈশ্বৰ        হৰি ধেনু যেন
তাৰ পাছে পাছে যান্ত।

       ধৰ্ম্ম মানে, – "ধাৰ্য্যতে অনেন ধৰি লোকং ৱা।" অৰ্থাৎ যি সমস্ত চৰাচৰক ধাৰণ কৰি আছে সেয়ে ধৰ্ম্ম। হিন্দু ধৰ্ম্ম বুলি ধৰ্ম্মৰ কোনো এটা বিশেষ নাম হিন্দুৰ শাস্ত্ৰত নাই। পিছৰ কালত বৌদ্ধ আৰু মছলম প্ৰভৃতি বেলেগ পন্থীসকলে হিন্দুৰপৰা নিজক সুকীয়াকৈ বুজাবৰ নিমিত্তে প্ৰাচীন আৰ্যসকলৰ সন্তানবোৰক হিন্দু নাম দিলে। হিন্দুধৰ্ম্মৰ ভিতৰুৱা শাক্ত, শৈৱ, বৈষ্ণৰ সম্প্ৰদায়বোৰ সুকীয়া স্তৰ মাথোন। সেইবোৰৰ ভিতৰতো ঐক্য আৰু সামঞ্জস্য আছে, দকৈ গমি চালেই দেখি। আন নেলাগে, আন আন ধৰ্ম্মাৱলম্বীৰে সৈতেও হিন্দু ধৰ্ম্মৰ অন্তনিহিত সত্যৰ সূক্ষ্ম ঐক্য বিস্তৰ আছে। নামেই ব্ৰহ্ম, ব্ৰহ্মই নাম। দুয়ো অভেদ। এই ধাৰণা পৃথিবীৰ সকলোকেইটা মুখ্য [ ১৪১ ] ধৰ্ম্মৰ ভিতৰত অনুপ্ৰবিষ্ট। ভগৱন্তৰ কোনো নিৰ্দিষ্ট নাম নাই। যি যি নামেৰে তেওঁক মাতে সেয়ে তেওঁৰ নাম। তেওঁক মাতে, – এইটোৱেই প্ৰধান কথা। মনে-মুখে একে কৰি মাতিব লাগে।

মনে-মুখে একে কবি সদা বোলে ৰাম।
জনম সাম্ফল হয় সিজে মনস্কাম।।

কৃষ্ণ, ৰাম, কালী, দুৰ্গা, খোদা, আল্লা, গড়, যি কোনো নামৰ দ্বাৰায় যি কোনো জাতীয় মানুহে তেওঁক মাতে, প্ৰাণভৰি তেওঁত আত্মসমপণ কৰে, ওপৰে ওপৰে নহয় – তাৰেই মনস্কামনা সিদ্ধি হয়। “যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্।" ঈশ্বৰৰ মুখনিঃসৃত বাক্য। শুদ্ধ বা অশুদ্ধ যি যি নামেৰেই হওক, যদি ঈশ্বৰক মাতে আৰু তেওঁত শৰণাপন্ন হয়, তাতে তেওঁৰ কাৰ্য সিদ্ধি হয়। সেই নাম “দেহ, ধন, জন, অৰ্থলোভে পাষণ্ড বুদ্ধিয়ে ললে।” নহয়। যি দেশৰ যি জাতৰ মানুহ হওক, সেই দেশৰ ভাষাৰে, ঈশ্বৰৰ গুণশীল মনত ধাৰণা কৰি যি নামেৰে তেওঁক উপাসনা কৰে সেয়ে সেইজনৰ গতি সাধে। বাহ্য পূজাতকৈ মানসিক পূজাই শ্ৰেষ্ঠ। সেইদেখি ভগৱন্তই গীতাত কৈছে – “যজ্ঞানাং জপষজ্ঞোহম্মি।” খ্ৰীষ্টানৰ Jehova Elohim (জেহোভা ইলোহিম) আৰু মুছলমানৰ “লাই ইলাহি ইলাল্লা, মহম্মদ ৰছুলল্লা”—এই দুয়োয়েই খ্ৰীষ্টান আৰু মুছলমানক তাৰিব। mother বুলিলে মাককে বুজায়, father বুলিলে বাপেককে বুজায় ; mater বুলিলেও মাতৰ, pater বুলিলেও পিতাৰ, মা বুলিলেও মাক, পিতা বুলিলেও সেই একেজন বাপেক-মাকেই। প্ৰভেদ ভাষাত, ভাবত নহয় অন্তৰ্য্যামী ভগৱন্তই অন্তৰৰ ভাবহে বিচাৰে, মুখৰ ভাষা নহয়। অৱশ্যে ভাব আৰু ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক নিশ্চয় আছে ; কিন্তু সিও যাৰ যি ভাষাৰ ভিতৰেদি সেই ভাব প্ৰকাশ পায়। শব্দ-ব্ৰহ্ম, নাদ-ব্ৰহ্মৰ পূজা আচলতে এই কথাৰ বিৰোধী নহয়। ইংৰাজীত Epeolatry মানে শব্দ-ব্ৰহ্মৰ পূজা। বাইবেলত আছে — "In the beginning was the Word, and the Word was with God, and the Word was God." ইয়াৰ দ্বাৰায় স্পষ্টকৈ দেখা যায় যে শব্দ-ব্ৰহ্ম বা নাম-ব্ৰহ্ম, আৰু তাৰ দ্বাৰায় ঈশ্বৰৰ উপাসনা সকলো মুখ্য ধৰ্ম্মতে আছে। নাম, সৰ্ব্বশক্তিমান সৰ্ব্বানিয়ন্তী সগুণ ঈশ্বৰক বুজাবৰ, ধাৰণা কৰিবৰ আৰু তেওঁক মাতিবৰ Code word মাথোন। হে জগদম্বা! তুমি মহিষাসুৰক মাৰিলা, অমুক পাপীৰ দুৰ্গতি নাশ কৰিলা, এইদৰে নকৈ, তেওঁক সংক্ষেপতে দুৰ্গ বুলিলেও ভক্তৰ মনলৈ জগদম্বাৰ সকলো গুণ আপোনা-আপুনি আহি পৰিব। হে ৰাম! হে কৃষ্ণ বুলিলেই ভগৱন্তৰ ৰামাৱতাৰ, কৃষ্ণাৱতাৰ সকলো কথা সংক্ষেপতে ধাৰণা কৰি উচ্চাৰণ কৰা হ’ল। ইংৰাজে Mother England বুলিলে, জাৰ্ম্মানে Father land বুলিলে, তেওঁ ভাৰতমাতা বুলিলে, মই আই অসম বুলিলো ; এই সকলোবোৰ মুঠতে বন্দে মাতৰম।' আৰু সকলো মাকৰ মাক বা বাপেকৰ বাপেক পৰমেশ্বৰ পৰমব্ৰহ্মৰে মহিমা কীৰ্ত্তন। ঈশ্বৰৰ নাম-কীৰ্ত্তনেই ঈশ্বৰৰ বিশিষ্ট উপাসনা। অনন্ত ঈশ্বৰৰ অনন্ত মহিমাৰ পাৰ কোনে পাব ? সেইদেখি হে হিন্দু, তুমি ৰাম বুলি শুদ্ধ কৰা মন। ঈশ্বৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ মনুষ্যৰ ধাৰণা [ ১৪২ ] আৰু জ্ঞানৰ আগত যিমানফেৰা ব্যক্তি, তাতকৈ অনন্ত অসীম গুণা অব্যক্ত।

বুদ্ধি অহঙ্কাৰে       আবৰিলে আতি
মহা মূঢ় ভৈলা স্বামী।
তোমাৰ অখণ্ড       আনন্ধ ৰূপক
কিমতে জানিবো আমি।।
ব্ৰহ্মায়ো নপান্ত অন্ত তাক নজানে বেদে। (কীৰ্ত্তন)
এতেকে কেৱলে আমি       তোমাৰ চৰণে স্বামী
ভজিলোহো জয় জয় বুলি (কীৰ্ত্তন)
অব্যক্ত ঈশ্বৰ হৰি       কিমতে পূজিবা তাঙ্ক
ব্যাপকত কিবা বিসৰ্জ্জন।
এতাৱন্ত মূৰ্ত্তি শূন্য       কেনমতে চিন্তিবাহা
ৰাম বুলি শুদ্ধ কৰা মন।।(ঘোষা)

       বাস্তৱিকতে কলিত ঈশ্বৰৰ নাম কীৰ্ত্তন কৰাৰ বাহিৰে তৰিবৰ আন গতি নাই Mythological interpretation অৰ্থাৎ কোনো কোনো পুৰাণৰ ব্যাখ্যাতে সীমাবদ্ধ নকৰি হিন্দুৱে ৰাম বুলি, কৃষ্ণ বুলি, দুৰ্গা বুলি, শিৱ বুলি মাতক; খ্ৰীষ্টানে God বোলক, মুছলমানে আল্লা বোলক, সেয়ে মূলীভূত পৰমেশ্বৰৰ ওচৰ পাবলৈ। নিজৰ নিজৰ ভাষাত ঈশ্বৰৰ যি যি নামকৰণ হৈছে, সেই ভাষাভাষীয়ে সেই সেই নামেৰে ঈশ্বৰক মাতি কৃতাৰ্থ হওক। মহাত্মা গান্ধীয়ে হাজাৰীবাগত ফুৰোঁতে তাৰ গাঁৱলীয়া মানুহক কথা আষাৰচেৰেক কৈছিল। কথা কেইষাৰ এনে সুন্দৰৰ যে এইখিনিতে তুলি দিয়াৰ লোভ সামৰিব নিৱাৰিলোঁ।

       Your must learn to take the name of Ram with full devotion and faith. When you study the Ramayan, you will learn from Tulsidas the divine power of that bleassed name. You might ask me why I tell you to use the word Ram and not one of the many other names of teh creator. True His names are as many as and more than the leaves on a tree and I might for instance ask you to use the word god. But what meaning, what association would it have for you here? In order to enable you to feel anything when repeating the word God, I should have to teach you some English. I should have to explain to you the foreign peoples' thoughts and associations. But in telling you to repeat the name of Ram, I am giving you a name worshipped, since countless generations, by the people of this land -- and name familiar to the very animals and birds, the very trees and stones of Hindusthan through many thousand years. You know the story of Ahalya ? -- No, I [ ১৪৩ ] see you don't. But you will soon learn it when you study the Ramayan ̶ learn how a stone on a roadside sprung to life at the touch of Ram's foot as he passed by. You must repeat the blessed name of Ram with such sweetness and such devotion that the birds will pause in their singing to listen to you ̶ that the very trees will bend their leaves towards you, stirred by the divine melody of that Name.

       And when you are able to do this, I tell you, I will come all the way on foot from Bombay as on a pilgrimage to hear you. In His sweet name lies a power which can cure all our ills.

দুগুটি অক্ষৰ ৰাম নাম,
শ্ৰীৰাম নাম অমিয়া মাধুৰী ঝৰে।
অতি সুকোমল পৰম মঙ্গল,
সবে মনোৰথ পুৰে।।
বৈকুণ্ঠত, ভ্ৰমৰৰাজে গাৱে হৰি-গীত।
যতেক পক্ষী দিয়ে তাতে চিত্ত।।
নকৰে আৰাৱ থাকে নিছুকে।
কৃষ্ণৰ চৰিত্ৰ শুনে উৎসুকে। (শঙ্কৰদেৱ)

       "হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ হয়" এনে নাম-ধৰ্ম্ম, নাম-ব্ৰহ্ম হাতৰ কাষতে থাকোঁতেও কত অবুজ ভাৰতবাসীয়ে ধৰ্ম্মৰ নামত নিৰ্দ্দোষ পশুৰ ৰক্তেৰে ভাৰত আইৰ বুক ৰাঙলী কৰিছে। তন্ত্ৰশাস্ত্ৰৰ গূঢ় মৰ্ম্ম বুজিব নোৱাৰি মদ্যপান আৰু ব্যভিচাৰক ধৰ্ম্মানুষ্ঠান বুলি চলাইছে। কোনো কোনোয়ে শঠযোগৰ দ্বাৰায়ে উপাৰ্জ্জিত কিছুমান কৌশলকে ধৰ্ম্ম বুলি মানুহৰ মাজত চলাইছে। কামিনী-কাঞ্চনকে মুখ্য বস্তু স্বৰূপে অৱলম্বন কৰি কত ধৰ্ম্মৰ বাট সৃষ্টি হৈছে আৰু সেইবোৰ বাটকে ঈশ্বৰপ্ৰাপ্তিৰ উপায় বুলি কত লোকে আত্মবঞ্চনা কৰি আপোনাৰ মাৰ আপুনি চিন্তিছে। কত টেঙৰ ব্যৱসায়ী মানুহে নিজক ভক্ত বোলাই কত হোজা মানুহক দিনৌ যে ঠগিব লাগিছে, দেখিলে দুখ লাগে। এনেবোৰ কাণ্ড দেখিয়েই মহাপুৰুষে ঘোষাত দুখ কৰি লিখিছে-

আপুনি পণ্ডিত        নুহি মহন্তক
নুপাসিলে কদাচিত।
তথাপিও গুৰু        বোলাৱে কৃষ্ণৰ
মায়ায়ে হুয়া মোহিত।।
নাজানে        শাস্ত্ৰক শিষ্যৰ সংশয়
নাপাৰে দূৰ কৰিত।
তাৰ উপদেশে        আনো নতৰয়
আপুনি ভৈল বঞ্চিত।।

[ ১৪৪ ]

হৰি হৰি হৰি        কিনো ভৈল ইটো
কৃষ্ণৰ মায়াৰ বল।
হৰি-ভকতিৰ        পথত কপট
পাতিলেক অমঙ্গল।।
শাস্ত্ৰৰ বিচাৰ        নাজানে ভকতি
পৰমাৰ্থ অতি মূঢ়।
হাঁহি কথা ছলে        কৰ্ণত কুমন্ত্ৰ
কহয় কৰিয়া গূঢ়।।

এতেকে, নাম লোৱা ভাইসকল, নকৰিবা হেলা।
       নামেসে ৰাখিব ঘোৰ সঙ্কটৰ বেলা।।
এই মহা উপদেশ সাৰোগত কৰি লোৱা।

।।।।