পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
গীতা-তত্ত্ব

যোগ নহ'লে পঞ্চ বিষয়েৰে সৈতে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ সম্বন্ধ নহয়। পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰায় যেতিয়া মনেৰে সৈতে পঞ্চ বিষয়ৰ সাক্ষাৎ হয়, তেতিয়া সেই বিষয়বোৰ বুদ্ধিত স্থিৰীকৃত হয় আৰু চিত্তত উদ্ধোধন প্ৰাপ্ত হৈ 'অহংকৰ্ত্তা'- এনে জ্ঞানৰ দ্বাৰায় কৰ্ম্মত প্ৰবৃত্তি জন্মায় আৰু পিছত বাক, পাণি ইত্যাদি কৰ্ম্মোন্দ্ৰিয়ৰ দ্বাৰায় কৰ্ম্ম নিষ্পন্ন হয়। পূৰ্ব্বজন্মাৰ্জ্জিত কৰ্ম্মসংস্কাৰ মনৰ প্ৰৱৰ্ত্তক বা চেষ্টা উত্পাদনকাৰক। সেই বাবে জীৱই কৰ্ম্ম নকৰি থাকিব নোৱাৰে। এই এটা কৰ্ম্মচক্ৰ। এই চক্ৰ উলঙ্ঘন কৰাই টান। কিন্তু যদিও জীৱ কৰ্ম্ম-পৰতন্ত্ৰ, তথাপি সৎ বা অসৎ কৰ্ম্ম সম্পাদন কৰা বিষয়ত মানুহৰ স্বাধীনতা আছে। মানুহ আন আন বিষয়ত আন আন জীৱৰ দৰে হ'লেও জ্ঞানৰ বিষয়ত সেইবোৰতকৈ শ্ৰেষ্ঠ। শাস্ত্ৰত কৈছেঃ- "আহাৰো নিদ্ৰা ভয়ং মৈথুনঞ্চ সামান্যমেতৎ পশুভিৰ্নৰাণাম্, জ্ঞানং হি তেষামধিকো বিশেষঃ জ্ঞানেন হীনাঃ পশুভিঃ সমানাঃ।" অৰ্থাত্ আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন বিষয়ত মানুহ আৰু পশু দুয়ো সমান। মানুহ মানোন জ্ঞানেৰে অধিক। সেইদেখি যি মানুহৰ জ্ঞান নাই, সি পশুৰ সমান। মানুহৰ গাত যি জ্ঞান আছে, তাৰদ্বাৰাই সি ভাল-বেয়া বুজিব পাৰে। মানুহে যিবোৰ ইন্দ্ৰিয়ৰ সহায়ত জ্ঞানৰ কাৰ্য্য কৰে, তাৰ ভিতৰত মনেই ঘাই। মনত প্ৰবৃত্তি আৰু নিবৃত্তি- এই দুটা বৃত্তি আছে। মানুহে জ্ঞানৰ দ্বাৰায় প্ৰবৃত্তিৰ কৰ্ম্ম বেছি কৰিব পাৰে। প্ৰবৃত্তিক অৱলম্বন কৰি যেনেকৈ কৰ্ম্ম সৰহ কৰিব পাৰি, নিবৃত্তিক আশ্ৰয় কৰি সেইদৰে কৰ্ম্ম কমাবও পাৰি। কৰ্ম্ম কমাব পাৰিলেই মানুহ মোক্ষৰ অধিকাৰী হ'ব পাৰে, কাৰণ কৰ্ম্মক্ষয় নহ'লে মুক্তি নহয়, কিয়নো কৰ্ম্মই বন্ধনৰ হেতু। সেইদেখি মানুহ কৰ্ম্মপৰতন্ত্ৰ হ'লেও তাৰ হ্ৰাস-বৃদ্ধি কৰিবৰ ক্ষমতা মানুহৰ আছে। জ্ঞানীয়ে স্বভাৱৰ বশীভূত হৈ বাহ্য কৰ্ম্মত প্ৰবৃত্ত থাকিলেও স্বতন্ত্ৰতাৰ বলেৰে কৰ্ম্মক্ষয় কৰে; কিন্তু অজ্ঞানীয়ে নোৱাৰে। স্বভাৱৰ বশৱৰ্ত্তী হৈ জ্ঞানীয়ে কৰ্ম্ম কৰিলেও সেই কৰ্ম্মৰ ফলৰ হাত এৰায়, কাৰণ জ্ঞানীয়ে তাক নিষ্কামভাৱে কৰি কৰ্ম্মফল ঈশ্বৰৰ হাতত সমৰ্পণ কৰে।

       মনৰ ত্যাগেই প্ৰকৃত্ব ত্যাগ, কাৰণ "মন এব মনুষ্যানাং কাৰণং বন্ধমোক্ষয়োঃ।" মনেই মানুহৰ বন্ধন আৰু মুক্তিৰ হেতু। এই বাবেই কবীৰে কৈছে-"মনকে হাৰে হাৰিয়াঁ মনকে জিতে জিত। পৰম ব্ৰহ্মকো পাইয়াঁ মনহীকে পৰতীত।" অৰ্থাৎ মনৰপৰা জয়ত পৰাজয়, তাৰ জয়তে জয় আৰু মনৰ প্ৰতীতিতে পৰম ব্ৰহ্মক লাভ কৰা যায়। "যা মতিঃ সা গতিঃ।" অৰ্থাৎ যেনে মতি হয় তেনে গতিও হয়। মতি অৱশ্যে কাৰ্য্যানুযায়ী হয়। যদিও ভগৱন্ত বস্তু নিত্যানন্দ, আত্মাৰাম, তথাপি তেওঁকে একে মাথোন শৰণ্য আৰু বৰেণ্য জ্ঞান কৰি তেওঁৰ আৰাধানা কৰিলে তেওঁত ঐকান্তিকতাৰ নিমিত্তে আৰাধাকৰ মনত তৃপ্তি আৰু প্ৰতি হয়; আৰু সেই তৃপ্তি, সেই প্ৰীতি নিত্যানন্দ পৰমেশ্বৰৰ পৰাই হয়। সাংসাৰিক বস্তুৰ পৰা হোৱা প্ৰীতি আৰু তৃপ্তি ক্ষণভঙ্গুৰ; কিন্তু ঈশ্বৰৰ পৰা অহা প্ৰীতি আৰু তৃপ্তি সনাতন। সেই সনাতন তৃপ্তি আৰু প্ৰীতিৰ নিমিত্তে অনুভৱ কৰিব পাৰি যে ঈশ্বৰ নিত্য, প্ৰীতি আৰু তৃপ্ত। এই বাবে ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে আৰাধানা কৰা মানে তেওঁৰ প্ৰীতি লাভ কৰিবৰ নিমিত্তে আৰাধনা অৰ্থাৎ তেওঁৰপৰা প্ৰীতি লাভ কৰিম, সেই নিমিত্তেই তেওঁৰ আৰাধনা কৰা।