পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
তত্ত্ব-কথা

       বালিকাসকলে জাৰত বৰ কষ্ট পাইছিল। শেহত তেওঁলোকে দুই হাতেৰে যোনিদেশ আচ্ছাদন কৰি জাৰত কঁপি পাৰলৈ উঠিল। ভগৱন্ত তেওঁলোকৰ বিশুদ্ধ ভাবত যদিও প্ৰসন্ন হৈছিল, তথাপি তেওঁ ক'লে ̶ "তোমালোকে ব্ৰত আচৰণ কৰোঁতে বিবস্ত্ৰা হৈ জলত স্নান কৰিছিলা, সেইদেখি দেৱতাক অৱহেলা কৰা হৈছে। এতেকে এই পাপ দূৰ কৰিবৰ নিমিত্তে দুই হাতেৰে মূৰত অঞ্জলি ধাৰণ কৰি অৱনত মস্তকেৰে নমস্কাৰ কৰি বস্ত্ৰ গ্ৰহণ কৰা।" কুমাৰীসকলে এই কথা শুনি ভাবিলে, কিজানি সঁচাকৈয়ে তেওঁলোকৰ ব্ৰত ভঙ্গ হ'ল। তাকে ভাবি ভয় খাই তেওঁলোকে ব্ৰত পূৰণ কৰিবলৈ, সেই ব্ৰতৰ আৰু অন্যান্য বিবিধ কৰ্ম্মৰ ফলস্বৰূপ সেই শ্ৰীকৃষ্ণকেই নমস্কাৰ কৰিলে; কাৰণ তেওঁলোকে জানিছিল যে তেৱেঁই পাপ নাশ কৰে। এইবাৰ শ্ৰীকৃষ্ণই সদয় হৈ তেওঁলোকক বস্ত্ৰ প্ৰদান কৰিলে।

       মহাযোগী মহাভক্ত শুকদেৱে পৰীক্ষিতক কৈছে ̶ ৰাজন, শ্ৰীকৃষ্ণই ব্ৰজকুমাৰীসকলক বঞ্চনা কৰিলেও, নিৰ্লজ্জা কৰিলেও উপহাসাস্পদ কৰিলেও, বস্ত্ৰহৰণ কৰিলেও, আনকি, ধেমালিৰ পুতলাৰ নিচিনাকৈ লৈ চলালেও, সেই বালিকাসকলে তাত দোষ গ্ৰহণ নকৰিছিল; কাৰণ প্ৰিয় সঙ্গৰ নিমিত্তে তেওঁলোক বৰ সুখী হৈছিল। তেওঁলোকে কাপোৰ ওভোতাই পাই পিন্ধিও সেই ঠাইতে থিয় হৈ ৰ'ল; কাৰণ কৃষ্ণৰ প্ৰতি তেওঁলোকৰ চিত্ত আকৃষ্ট হৈছিল আৰু কৃষ্ণৰ প্ৰতি তেওঁলোকে সলজ্জ দৃষ্টি নিক্ষেপ কৰিবলৈ ধৰিলে। এই বালিকাসকলে তেওঁৰ পাদস্পৰ্শ কামনা কৰিয়েই ব্ৰত ধাৰণ কৰিছিল আৰু তেওঁলোকৰ এই উদ্দেশ্য জানিব পাৰি ভগৱন্তই তেওঁলোকক ক'লে, ̶ "হে সাধ্বীসকল! মই জানিব পাৰিছোঁ যে মোৰ অৰ্চ্চনা কৰাই তোমালোকৰ সঙ্কল্প আৰু সেইটোো মোৰ অনুমোদিত। এতেকে সেইটো সফল হোৱাটো উচিত হৈছে, যাৰ চিত্ত মোত নিবিষ্ট, তাৰ বাসনা পুনৰ্ব্বাৰ ফলভোগ কৰিবলগীয়া নহয়; ভজা বা সিজোৱা বীজৰ প্ৰায়েই গজালি নেমেলে। হে অবলাসকল! তোমালোক ব্ৰজলৈ যোৱা, সিদ্ধ হৈছা। আগামিনী যামিনীত তোমালোক সকলোৱে মোৰ সৈতে বিহাৰ কৰিবলৈ পাবা কাৰণ মোক উদ্দেশ্য কৰি তোমালোকে ভগৱতীৰ অৰ্চ্চনাৰূপ ব্ৰত কৰিছিলা।"

       ভগৱন্তৰ এই আদেশ পাই কুমাৰীসকলে তেওঁৰ পাদপদ্ম চিন্তা কৰি কৰি দুঃখিত মনেৰে অতি কষ্টে ব্ৰজলৈ উভতি আহিল।

       এতিয়া আমি ওপৰৰ কথা দুই-চাৰিটা তাৎপৰ্য্য বিচাৰি চাওঁ। কুমাৰীসকলৰ ব্ৰত ধাৰণ আৰু পূজাৰ প্ৰণালীলৈ মন কৰিলে আমি কি দেখোঁ? উদ্দেশ্য প্ৰাকৃত মলিন কাম নে অপ্ৰাকৃত পৱিত্ৰ ঈশ্বৰপ্ৰেম? তেওঁলোকে প্ৰত্যুষে শয্যা এৰি লগ লাগি ডিঙিত ধৰাধৰিকৈ কৃষ্ণ-গুণ গাই যমুনাত স্নান কৰিবলৈ যায় আৰু স্নান কৰি উঠি তেওঁলোকে কাত্যায়নীৰ বালিৰ প্ৰতিমা সাজি ধূপ-দীপ-নৈবেদ্য দি পূজা কৰি প্ৰাৰ্থনা কৰে ̶ 'নন্দ-নন্দনক আমাৰ পতি কৰি দিয়া।' তিৰোতাৰ সতিনী খটাতকৈ ডাঙৰ আন একো যান্ত্ৰণাদায়ক কষ্ট নাই। কিন্তু এওঁলোকে লগ বান্ধি একে ঠাইতে, একে সময়তে, একে মন্ত্ৰকে মাতি একেজনা দেৱীক, একেজন পুৰুষকে পতি পাবৰ কামনা কৰি প্ৰাৰ্থনা কৰে। সাধাৰণতঃ তিৰোতাই এইদৰে পাৰ্থিৱ প্ৰাকৃত পতি কামনা কৰাটো