আকাঙ্ক্ষা কৰিছিল। কল্পতৰু ঈশ্বৰে তেওঁলোকৰ আকাঙক্ষা পূৰণ কৰিলে। তেওঁ গীতাত নিজ মুখেৰেই কৈছে, ̶ 'যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্।' বাস্তৱিকতে যি তেওঁৰ ওচৰত যিহকে বিচাৰে, তেওঁ তাক তাকেই দিয়ে। যি ধন-জন-ঐশ্বৰ্য্য-বিভূতি বিচাৰে, তেওঁ সেইবোৰ তাক দিয়ে, যি স্বৰ্গসুখ বিচাৰে সেইটো তেওঁ তাক দিয়ে। যি ক্ষণিক পাৰ্থিৱ সুখ আৰু ক্ষয়শীল স্বৰ্গসুখ নিবিচাৰি মুক্তিসুখ বিচাৰে, তাক তেওঁ মুক্তিসুখ দিয়ে আৰু যি একান্ত ভকতে এইোবৰ একোকে নিবিচাৰি আৰু মুকুতিসুখকো পৰিত্যাগ কৰি তেওঁৰ চৰণসেৱা-সুখ বিচাৰে, তাক তেওঁ তাকে দিয়ে। অৱশ্যে বিচৰা মানে, বাক্যেৰে বা ক্ষন্তেকীয়া উত্তেজনা বা আকাঙক্ষাত পৰি অথচ অন্তৰৰ নিভৃত স্থলত আন সুখৰ বাসনাৰ ক্ষীণ বা প্ৰবল প্ৰভা ৰাখি বিচৰাটো নহয়; এই বিচৰা কায়মনোবাক্যে সকলো পাৰ্থিৱ সুখৰ বাসনা পৰিত্যাগ কৰি অভিলষিত পৰম বস্তু পাবৰ নিমিত্তে ব্যাকুল আকাঙ্ক্ষাৰ ব্যাকুল সাধনা। ঈশ্বৰ অনন্তৰ্য্যামী। আমাৰ অন্তৰত তেওঁক পাবলৈ ব্যাকুলতা আছে নে নাই; তেওঁক পাবৰ প্ৰাৰ্থনাত সংসাৰৰ সুখৰ বাসনাৰ ছাট মিহলি হৈ আছে নে নাই তেওঁ জানে; সেইদেখি আমি মিশ্ৰিত ভাব, মিশ্ৰিত বাসনা ৰাখি তেওঁক পাবলৈ বাঞ্ছা কৰিও কৃতকাৰ্য্য নহওঁ। ব্ৰজৰ গোপীসকলৰ ঈশ্বৰ লাভৰ বাসনা, ঈশ্বৰক সৰ্ব্বতোভাৱে পৰিৰূপে পাবৰ আকাঙ্ক্ষা বিশুদ্ধ, তীব্ৰ আৰু অবিমিশ্ৰ; সেইবাবে ঈশ্বৰে তেওঁলোকৰ কামনা পূৰ্ণ কৰিলে। গোপীসকলে সকলো পৰিত্যাগ কৰি, সৌকিক বৈদিক সকলো বিধি নিষেধ পৰিহাৰ কৰি, তিৰোতাৰ অত্যাজ্য পাৰ্থিৱ পৰি আৰু অত্যাজ্য লাভ পৰ্য্যন্ত পৰিহাৰ কৰি পৰম পতিক বৰণ কৰিলে দেখি পৰম পতি পৰমেশ্বৰে তেওঁলোকক গ্ৰহণ কৰিলে। ভক্ত গোপীৰ পৰমবস্ত লাভ কৰিবৰ নিমিত্তে পাৰ্থিৱ শ্ৰুদ্ৰ বস্তু, ক্ষুদ্ৰ সম্বন্ধ ত্যাগ আৰু সেই পৰমবস্তু লাভৰ নিমিত্তে ব্যাকুলতা দেখি ভগৱন্তই 'ৰন্তুং মনশ্চক্ৰে যোগমায়ামূ-পাশ্ৰিতঃ।' ভক্তবত্সল ভগৱন্তই পতিভাৱেই গোপীসকলৰ প্ৰাথিত বস্তু দান কৰিলে। আত্মাৰাম কৃষ্ণৰ আনত ৰমণৰ কোনো আৱস্যকতা নাই, কিন্তু শৰণাগত জীৱৰ অভিলাষ পূৰ্ণ কৰাই হৈছে তেওঁৰ আনন্দাস্বাদন অৰ্থাত্ ৰমণ। এই ৰমণত পাৰ্থিৱ স্ত্ৰী-পুৰুষৰ ৰমণৰ নিচিনা বাহ্যক্ৰিয়া নাই আৰু তাৰ আৱশ্যকতা নাই। আত্মাৰাম পৰমব্ৰহ্মৰ ৰমণৰ নিমিত্তে কামিনী নামৰ দ্বিতীয় বস্তুৰ প্ৰয়োজন নাই। যোগমায়াক আশ্ৰয় কৰি তেওঁ তেওঁৰ এই ৰাসক্ৰীড়াক ৰতিক্ৰীড়াৰ নিচিনা দেখুৱাছিল মাথোন। তেওঁ গীতাত নিজ মুখেই কৈছে 'নাহং প্ৰকাশঃ সৰ্ব্বস্য যোগমায়াসমাবৃতঃ।' অৰ্থাত মই যোগমায়াৰে আবৃত থাকোঁ দেখি মোক সকলোৱে দেখিবলৈ নাপায়। বহিৰঙ্গ মানুহৰ প্ৰতীতিৰ নিমিত্তেই ঈশ্বৰে যোগমায়াক আশ্ৰয় কৰি তেনেকৈ দেখুৱাইছিল। যাৰ শৃঙ্গাৰ ৰসত ৰতি আছে, সি আন নহ'লে সেই ৰসৰ আকৰ্ষণতে ঈশ্বৰৰ পৰমতত্ত্ব নিত্যলীলা বুজিবৰ, শুনিবৰ আৰু কীৰ্ত্তন কৰিবৰ ফালে যাতে আহে, এই নিমিত্তে এই ক্ৰিয়াত চিত্তাকৰ্ষক প্ৰাকৃত শৃঙ্গাৰ ৰসৰ আবৰণ। দয়াময় তেওঁ কত উপায়েৰে চিত্তাকৰ্ষক প্ৰাকৃত শৃঙ্গাৰ ৰসৰ আৱৰণ। দয়াময় তেওঁ কত উপায়েৰে সংসাৰতাপক্লিষ্ট জীৱক সুমধুৰ বংশীধ্বনিৰে মাতিব লাগিচে, কিন্তু সংসাৰ বিষেৰে জৰ্জ্জৰিত জীৱই বিষয়-অপথ্য খাই কলা হৈ
পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৫১
অৱয়ব