সমললৈ যাওক

পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ইমানবোৰ জ্ঞানী আৰু প্ৰতাপী মানুহ হৈ গৈছে, কেইজন তেওঁলোকৰ নিচিনা হৈছে? এই কথাৰ কি কোনো mystery, গুঢ় সাৰত্ত্ব নাই? ঈশ্বৰে মানুহক স্ৰজন কৰি জ্ঞান দিলে, সেই জ্ঞানেৰে সংসাৰত আগবাঢ়ি ঈশ্বৰমুখী হ’বলৈ আদৰ্শ আগত ধৰি, উপদেশ দি, মানুহক ঈশ্বৰৰ ওচৰলৈ যাবলৈ বাট দেখুৱাবলৈ তেওঁ শ্ৰেষ্ঠ নৰৰূপে মানৱী কায়া নধৰিবৰে বা কাৰণ কি? নহ’লে তেনে দুৰূহ দুৰ্ল্লভ কাম কোনে কৰিব? ঈশ্বৰে তেওঁৰ সন্তানবোৰক পৃথিৱীত মনুষ্যজনম দি হেদাঙি মেলি এৰিব বুলি বিশ্বাস কৰিব পাৰি নে ? তেওঁ সন্তানেৰে সৈতে সময়ত এক ৰক্তমাংসৰ দেহ ধৰি আনন্দ দি, আনন্দ লভি জ্ঞান-ধৰ্ম্ম শিক্ষা দিয়াটো তেওঁৰ কৰ্ত্তব্য নহয় নে ? নন্দনন্দন আৰু ৰঘুনন্দন যে ঈশ্বৰৰ অৱতাৰ, আত্মতত্ত্বদৰ্শী সাধু ভক্তই (seers) সেইটো জানিছিল, দেখিছিল, অনুভৱ কৰিছিল ; তুমি আমি অবিশ্বাসী তাৰ্কিক মহাব্যাঘ্ৰ নেদেখিব পাৰে। কিন্তু সাধুৰ সঙ্গত আমাৰ জ্ঞান-চকু মুকলি হ’লে আমিও দেখিম, আমিও জানিম। কিন্তু অকল ক্ষুদ্ৰ জ্ঞানেৰে নহয়, হৃদয়ৰ ভক্তিৰেঙে। ঈশ্বৰ অকল শুষ্ক জ্ঞান হোৱাহেঁতেন, মানুহবিলাকৰ স্বভাৱে অকল শুষ্ক জ্ঞানপ্ৰিয় হ’লহেঁতেন। কিন্তু তেনে নহয় ; মানুহে জ্ঞানেৰে সৈতে প্ৰেম, ভক্তি, আনন্দও ভাল পায়। সেইদেখি নিশ্চয় ঈশ্বৰ যেনে জ্ঞানময়, তেনে প্ৰেমময়, তেনে আনন্দময়ো। সেইদেখি ঈশ্বৰৰ বৈকুণ্ঠতো তেওঁক ভক্তই সেই গুণসম্পন্ন দেখে। সেইদেখি ঈশ্বৰ কৃষ্ণৰো আনন্দময় প্ৰেমময় ব্ৰজলীলা আৰু জ্ঞানময় গীতোপদেশ, আমি তেওঁৰ সন্তান পৃথিৱীবাসীয়ে নেদেখিম, নুশুনিম কিয়? অকল জ্ঞানে মস্তিষ্ক উজ্জ্বল কৰিলেও হৃদয়ত শান্তি নিদিয়ে ; হৃদয়লৈ শান্তি আনে প্ৰেমে, ভক্তিয়ে আৰু আনন্দই। সেই বাবেহে জ্ঞানচৰ্চা কৰোতা ব্যাসৰ ভাগৱত ৰচনা; সেই বাবেহে জ্ঞানমুক্ত নাৰদ সনক সনন্দৰ, একান্ত ভক্তৰ সঙ্গত হৰিগুণ শ্ৰৱণকীৰ্ত্তনৰ স্পৃহা।

       এতেকে হে জগতবাসী। হে ভাৰতবাসী! হে অসমবাসী। শঙ্কৰদেৱে দিয়া উপদেশমতে, হে খ্ৰীষ্টান। খ্ৰীষ্টই দিয়া উপদেশমতে, হে মুছলমান। মহম্মদে দিয়া উপদেশমতে, এক ঈশ্বৰত শৰণ লৈ, ৰাম কৃষ্ণ হৰি বোলা, "গড বোলা, ফাদাৰ’ অৰ্থাৎ পিতা বোলা, আৰু মহম্মদে দিয়া মতে “আল্লাহো আকবৰ" বোলা, নিশ্চয় মুক্তি পাবা, বক্তি পাবা, শান্তি পাবা। শঙ্কৰ-মাধৱৰ কৃষ্ণই সাংখ্যৰ প্ৰকৃতি-পুৰুষৰ নিয়ন্ত কাল-মায়াদিৰ অধিকাৰী পৰমপুৰুষ পৰমেশ্বৰ, আৰু খ্ৰীষ্টৰ God the Father আৰু মহম্মদৰ আল্লাহো আকবৰ'।

হে কৃষ্ণ তুমি মাত্ৰ     চৈতন্য স্বৰূপ নিত্য
সত্য শুদ্ধ জ্ঞান অখণ্ডিত।
আৱৰ যতেক ইটো     তোমাৰ বিনোদ ৰূপ
চৰাচৰ মায়ায়ে কল্পিত।।
প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্ত মাধৱ।
সমস্তৰে আত্মা হৰি পৰম বান্ধৱ।।