পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


আগত সাষ্টাঙ্গে প্ৰণাম কৰি বৃন্দাবনত কৈছিল –

ক্কাহং তমোমহদহংখচৰাগ্নিবাৰ্ভূ সম্বেষ্টিতাণ্ডঘটসপ্তবিতস্তিকায়ঃ।
ক্কেদৃগ্ বিধাবিগণিতাণ্ডপৰাণুচাৰ্য্যাৱাতাধ্ব ৰোমৱিৱৰস্য চ তে মহিত্বম্।।

অৰ্থাৎ ̶ ক্ষুদ্ৰ মই ক’ত? আৰু পৰম মহান তুমি ক’ত? ক্ষিত্যাদি সপ্ত তত্ত্বগঠিত এটি ব্ৰহ্মাণ্ড মোৰ শৰীৰ। আৰু তোমাৰ শৰীৰৰ ৰোমকূপত এনেকুৱা অগণ্য ব্ৰহ্মাণ্ড সোমাইছে আৰু ওলাইছে, যেনেকৈ খিৰিকী-দুৱাৰত পৰমাণুবোৰ সোমায় আৰু ওলায়।

ৰোম-বিবৰমহ কোটি কোটি অণ্ড তাণ্ডৱ
কৰু সম ৰেণুং।

       শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছে –

মম যোনিৰ্মহদ্ ব্ৰহ্ম তস্মিন গৰ্ভং দধাম্যহম্।
সম্ভৱঃ সৰ্ৱভূতানাং ততো ভৱতি ভাৰত।।

       ইয়াৰ অৰ্থ – প্ৰকৃতি মোৰ যোনি অৰ্থাৎ গৰ্ভাধান স্থান। মই তাত চিদ্ বীৰ্য্য নিক্ষেপ কৰিলে তাৰ পৰা সকলো ভূতৰ উৎপত্তি হয়।

       ঈশ্বৰ পুৰুষৰ এই বিহাৰ বা লীলাত যি ৰস প্ৰবৰ্ত্তে, সেই ৰস সৃষ্টিৰ আদি কাৰণ দেখি তাক আদি ৰস বোলে। ইয়াত ইন্দ্ৰিয় তৃপ্তিৰ ইচ্ছা বা ইন্দ্ৰিয়ৰ সম্বন্ধ নথকাৰ নিমিত্তে অশ্লীল নহয়। পুৰুষ আৰু স্ত্ৰীৰ সংযোগত সন্তান উৎপাদনৰ যি কাৰণ তাকো আদি ৰস বোলে আৰু যদিও সি সংসাৰ-ৰক্ষাৰ নিমিত্তে অপৰিহাৰ্য্য তথাপি লৌকিক হিচাপত সি অশ্লীল। সংসাৰ-ধৰ্ম্ম ৰক্ষা আৰু সন্তাননোৎপাদন যি কাৰ্যৰ উদ্দেশ্য নহয়, যাৰ উদ্দেশ্য কেৱল ইন্দ্ৰিয় পৰিতৃপ্তি সি অশ্লীল নোহোৱাটো দূৰৰ কথা, সি আদি ৰস বাচ্যই নহয়। সংসাৰ-ধৰ্ম্মৰ নিমিত্তে যি ৰস আদি কাৰক তাক শৃঙ্গাৰ ৰসো বোলে। শৃঙ্গ অৰ্থাৎ স্ত্ৰী-পুংচিহ্নৰ অৱলম্বনত তাৰ আবিৰ্ভাৱ। ত্ৰিগুণাত্মিক আদি ৰসৰপৰা জগৎসৃষ্টি, কামময় আদি ৰসৰপৰা সকলো জীৱৰ উৎপত্তি, কিন্তু কাম গন্ধহীন বিশুদ্ধ আনন্দময় আদি ৰসতেই জীৱৰ স্বৰূপত অৱস্থান। পাৰ্থিৱ মলিন আদি ৰস পৱিত্ৰমূল আদি ৰসৰেই বিকৃতি। অবিদ্যাপৰিচ্ছন্ন মলিন আদি ৰসৰ ভিতৰেদি গৈ থাকিবলগীয়া হৈয়ো ক্ৰমাৎ মলিনতা মুক্ত হৈ মূল মধুৰ আদিৰসস্বাদন কৰিব পাৰিলেই জীৱই চিৰবিশ্ৰাম আৰু সদানন্দ লাভ কৰে। অৰ্থাৎ জীৱই বিশুদ্ধ হৈ আনন্দময় মূৰ্ত্তিমান পৰম ব্ৰহ্মৰ আলিঙ্গন লাভ কৰিব পাৰিলেই তেওঁ আনন্দঘন শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ৰাসমণ্ডলৰ সহচৰ হ’ল। ভগৱন্তৰ লীলাৰ নামেই ৰাসলীলা। এই ৰাসলীলাত ক্ৰিয়া নাই, ফল আছে; কামনা নাই, তৃপ্তি আছে; সম্ভোগ নাই, আনন্দ আছে। এই লীলাৰ অলপ-অচৰপ আভাস দিবলৈ হ’লেও পাৰ্থিৱ শৃঙ্গাৰ ৰস বা আদি ৰসৰ আশ্ৰায় ল’ব লাগিব। এই বাবেই শ্ৰুতিত এনে উপমাকে দিছে – ‘তদযথা প্ৰিয়য়া স্ত্ৰিয়া সম্পৰিষ্‌বক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰমেবমেবায়ং পুৰুষঃ।’ অৰ্থাৎ মানুহে যেনেকৈ প্ৰিয়তমা স্ত্ৰীৰে সৈতে আলিঙ্গিত হ’লে অন্তৰ্বাহ্য একোকে জানিব নোৱাৰে, সকলো পাহৰি যায়। শ্ৰুত্যুক্ত এই বাক্যৰ অৰ্থ শ্ৰীকৃষ্ণই প্ৰত্যক্ষ