গীতা- তত্ত্ব
ঘোষাত মহাপুৰুষ শ্ৰীমাধদেৱে প্ৰাৰ্থনা কৰিছে -
শোক- মোহ-মহাপঙ্ক মাজে অৰ্জ্জুন মগন ভৈল দেখি
পৰম ঈশ্বৰ দৈৱকী-নন্দ-নন্দন।
কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক
পৰম ঈশ্বৰ দৈৱকী-নন্দ-নন্দনে তেওঁৰ নিজ ভকতৰ আগত যি তত্ত্ব কৈ সেই শৰণাগত ভকতক উদ্ধাৰ কৰিলে সেই তত্ত্ব, তেতিয়াৰ দিনত সৰ্ব্বধৰ্ম্ম সমন্বয়, সৰ্ব্বদৰ্শন বিজ্ঞানৰ সমন্বয় আৰু আজিৰো সৰ্ব্বধৰ্ম্ম সাৰ পদাৰ্থ গীতাৰ মহোপদেশ তত্ত্ব। সেই তত্ত্ব-কথা শ্ৰীকৃষ্ণই অৰ্জ্জুনক কেতিয়া আৰু ক'ত কৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বৰ জোৰতে, যেতিয়া তেওঁৰ ৰথ দুই পক্ষৰ যুঁজাৰুসকলৰ আগত ৰখা হ'ল। কুৰুক্ষেত্ৰৰ যুদ্ধ হঠাৎ সংঘটিত হ'বলৈ যোৱা নাছিল। দুই পক্ষৰ ভিতৰত অনেক কথা-বাৰ্ত্তা, মীমাংসাৰ আলচ, সন্ধিৰ প্ৰস্তাৱ ইত্যাদিৰ যেতিয়া ওৰ পৰিল আৰু অগত্যা যুদ্ধৰ বাটেই এক মাথোন বাট ৰ'লগৈ, তেতিয়াহে। অৰ্জ্জুন সেই যুদ্ধৰ প্ৰধান অগ্ৰণী আৰু ঘাই ধৰণী। অনেক চিন্তা অনেক বিবেচনাৰ পিছতেহে অৰ্জ্জুনৰ মনত কৰ্ত্তব্য পিছলিছিল কিয়?
কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণৰ শিক্ষাৰ মূল কথা ̶
জীৱন-যুদ্ধৰ উদ্ভূত ঘাই কথাৰ সমাধান, সেই ঘাই কথাৰ ভিতৰৰ ঘাই কথা জীৱনত কৰ্ত্তব্যৰ বাধ্যতা। অৰ্জ্জুনৰ মন হঠাৎ পাৰ্থিৱ সমন্ধৰ মায়ামোহত অভিভূত হৈ পৰি আছিল। কৃষ্ণই অৰ্জ্জুনৰ কৰ্ত্তব্যৰ সাৰথি স্বৰূপে সেই কৰ্ত্তব্যৰ কথা তেওঁক সোঁৱৰাই দিছিল; কাৰণ সেইটো কৃষ্ণৰ কৰ্ত্তব্য নতুবা উপদেশক সাৰথি কৃষ্ণও কৰ্ত্তব্যৰ পৰা পিছলি পৰিলেহেঁতেন। দুৰ্য্যোধনক প্ৰমূখ্য কৰি কৌৰৱসকলে পাণ্ডৱক হেজাৰ প্ৰকাৰে অন্যায় আৰু অনিষ্ট কৰিছিল। ৰাজ্যৰ ৰাজপাটৰ প্ৰকৃত আধিকাৰী যুধিষ্ঠিৰক সেই অধিকাৰৰ পৰা বঞ্চিত কৰি কৰিছিল। জ্ঞাতিবধ আৰু ৰক্তপাতৰ হাত সাৰিবলৈ পাণ্ডৱে সাম্ৰাজ্যৰ মাথোন শেহত পাঁচখন গাওঁ খুজিছিল, তাকো দুৰ্য্যোধনে নিদিলে। কৃষ্ণই দুইদলক মিলাবলৈ অহোপুৰৰ্ষাৰ্থ কৰিছিল আৰু সেই কাৰ্য্যৰ নিমিত্তে মধ্যস্থ হৈ কৌৰৱৰ কাষলৈ গৈছিল। তেওঁৰ কথা শুনক ছাৰি কৌৰৱে তেওঁক বন্দী কৰিবলৈহে বিচাৰিছিল। জতুগৃহ দাহ, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, অন্যায় পাশাখেল, বনবাস দিয়া ইত্যাদি নানা অন্যায়-অত্যাচাৰ কৌৰৱে পাণ্ডৱৰ ওপৰত কৰিছিল। শান্তিৰ অৰ্থে সেই আটাইবোৰ অন্যায় কাতি কৈ থৈ