পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
তত্ত্ব-কথা

থকা আৰু এক মূৰ্হুত্ত বৃথা কথাত সময় নষ্ট কৰিব নোৱাৰা অভিশপ্ত অনুতপ্ত পৰীক্ষিতক বিলাসপৰায়ণ মানুহৰ শৃঙ্গাৰ ৰসৰ সেই কথা শুনাব আৰু সেই সময়ত ভবৌষধিস্বৰূপে দান কৰিব ? শুকদেৱে এনে পৰীক্ষিতক এনে সময়ত সাংসাৰিক অশ্লীল আৰু নীতিবিগৰ্হিত কথা শুনাই প্ৰতাৰণা কৰিব পাৰে বুলি ভাবিব পাৰি নে ? যদি নোৱাৰি, তেন্তে এই ৰাসলীলাত পৰম গুহ্যতত্ত্ব যে নিহিত আছে, তাত সন্দেহ কৰিবৰ কাৰণ নাই। ধানৰ বাকলিৰ ভিতৰতহে চাউল আৰু সিহে আচল বস্তু। শৃঙ্গাৰ কথা পৰম তত্ত্ব ৰাসলীলা ওপৰৰ বাকলিহে। যি ধীৰ, স্থিৰ আৰু শ্ৰদ্ধাবান সিহে ধৈৰ্য্য ধৰি পৰম নিগূঢ় অন্তৰ্নিহিত তত্ত্বনিধি লাভ কৰিব পাৰিব, চঞ্চল অধীৰ, ওপৰচকুৱা, অশ্ৰদ্ধাবানে নোৱাৰে, মহামুনি ব্যাস আৰু শুকদেৱে ইয়াকেহে কয়।

       সৎ, চিৎ আৰু আনন্দস্বৰূপ ব্ৰহ্মই যেনেকৈ তিনিগুণক আশ্ৰয় কৰি তেওঁৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ এক এক অংশক বিকাৰযুক্ত কৰি সৃষ্টিত পৰিমত কৰে, নিৰ্ম্মল প্ৰেমানন্দৰ এক অংশও সেইদৰে বিকাৰযুক্ত হৈ কামত পৰিণত হয়। যেনেকৈ ত্ৰিগুণ সংযুক্ত ব্ৰহ্মাংশ ব্ৰহ্মাণ্ডত পৰিমত হৈ বিকাৰ প্ৰাপ্ত হ'লেও, ব্ৰহ্ম বিকাৰৰহিত নিৰঞ্জন নিৰ্ম্মল সচ্চিদানন্দস্বৰূপ, সেইদৰে প্ৰেমাংশ বিকাৰ প্ৰাপ্ত হৈ কামত পৰিণত হ'লেও, প্ৰেম নিৰ্ম্মল চিৰানন্দময়। ত্ৰিগুণাত্মক বিকৃত জীৱৰ যেনেকৈ পৰমাত্মাৰ ফাললৈ যাবৰ বাসনা আৰু অনেক সাধ্য-সাধনাৰ পিছত লাহে লাহে সি পৰিশুদ্ধ আৰু বিধ্যেত হৈ পৰমাত্মাৰ সামীপ্য আৰু সাৰূপ্য লাভ কৰে। কাম নামেৰে কোনো মূল্য মনোবৃত্তি নাই আৰু জীৱৰ দেহৰ বাহিৰে কামৰ সুকীয়া অস্তিত্ব নাই। কামাসক্ত মানুহেই কাম। সেই মুত্তিমন্ত কাম পৰিশোধিত হৈ সি যেতিয়া চিৰকাঙিক্ষত প্ৰেম পৰমানন্দ লাভ কৰিব, তেতিয়া ক্ষুদ্ৰ পাৰ্থিৱ কামৰ দেহা পুৰি ভস্ম হৈ যাব। পৰম পুৰুষ ভগৱন্তৰ প্ৰেমানন্দত নিমগ্ন মহাদেৱৰ আগত কাম ভস্ম হৈ পৰিছিল।

       মানুহে পাৰ্থিৱ সম্ভোগৰ আনন্দকে ভাষাৰে আনক ভালকৈ বুজাব নোৱাৰে, অথচ পাৰ্থিৱ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ আনন্দ ব্ৰহ্মানন্দৰ কণা বা ছাঁ মাথোন। যদি এই ছাঁ বা কণাকে ভাষাৰে ভালকৈ বুজাব নোৱাৰি, তেন্তে ব্ৰহ্মানন্দ বুজাবৰ ভাষা ক'ত ? পাৰ্থিব সকলো প্ৰকাৰ আনন্দতকৈ স্ত্ৰী-পুৰুষৰ ৰমণানন্দই প্ৰধান। সেই দেখি জীৱাত্মাৰ পৰমাত্মাৰে সৈতে আলিঙ্গ বা ৰমণত যি আনন্দ হয়, তাৰ যথাসম্ভৱ ক্ষুদ্ৰাতিক্ষুদ্ৰ আভাস দিবলৈ মহামুনিয়ে ৰাসলীলাৰ বৰ্ণনাত পাৰ্থিৱ শৃঙ্গাৰ ৰসৰ আনন্দৰ উদাহৰণৰ আশ্ৰয় ল'বলগীয়াত পৰিছে। শ্ৰুতিয়েও এই জীবাত্মা-পৰমাত্মাৰ আলিঙ্গনৰ আনন্দৰ কণামাত্ৰাৰ আভাস দিবলৈ এনে উদাহৰণৰেই আশ্ৰয় লৈছে। যেন ̶

       "তদযথা প্ৰিয়ায়া স্ত্ৰিয়া সম্পৰিষবক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰমেৱায়ং পুৰুষঃ প্ৰাজ্ঞেনাত্মনা সম্পৰিষবক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰং তদৱা অস্যৈতদাপ্তকামমাত্মকামং ৰূপং শোকান্তৰম্।"

       অৰ্থাৎ যেনেকৈ প্ৰিয়া ৰমণীৰ দ্বাৰাই আলিঙ্গিত হৈ মানুহে অন্তৰ-বাহিৰে একোকে জানিব নোৱাৰে, সেইদৰে জীৱ প্ৰাজ্ঞই আত্মাৰ দ্বাৰাই পৰিষ্‌বক্ত অন্তৰ-বাহিৰ একোকে জানিব নোৱাৰে।