পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিষয়াৰ অৱস্থাৰ এই মহা প্ৰভেদ যে বিষয়ত সুখাসক্তই বিষয়ক পাই সংসাৰতে মজি সংসাৰী হৈ জন্মজন্মান্তৰ কটাবলগীয়া হয়, ঈশ্বৰ-ভক্তি সুখত মজা ভক্তই তেওঁৰ আকাঙিক্ষত ঈশ্বৰৰ চৰণ-পঙ্গজ সেৱাসুখ পাই অখণ্ড অমিয়া সুখৰ অধিকাৰী হয়। হে সকামী মানৱ! তুমি পাৰ্থিৱ বস্তুৰ কামনা কৰি কি শান্তি পাবা? কিহে তোমাৰ হিয়া পূৰাব? ব্ৰহ্মাণ্ডৰ সকলো বস্তুও যে তোমাৰ কামনা পূৰাব নোৱাৰে ; তুমি যিমান পোৱা, তোমাৰ হৃদয়ে ততালিকে আকৌ বিচাৰিব। এতেকে সকলো কামনা পৰিত্যাগ কৰি ঈশ্বৰৰ অক্ষম নামামৃত পিয়া, তোমাৰ সন্তোষ লাভ হব।

শুনিয়ো হৃদয় হেৰ        ব্ৰহ্মাণ্ড ভিতৰে যত
বস্তু আছে তোক নোজোৰয়।
তাক ত্যজি কৃষ্ণ নাম        অক্ষয় অমৃত পিয়া
সন্তোষক লভিয়ো হৃদয়। (ঘোষা)

       এই বাবেই শ্ৰীমদ্ভাগৱতত কৈছে যে ব্যাসে কৰ্ম্মযোগ, জ্ঞানযোগ সকলো আচৰণ কৰিও মনত শান্তি নেপাই, তেওঁৰ মনৰ মহাক্লেশ কোনোমতে গুচাব নোৱাৰি, শেহত নাৰদৰ উপদেশত –

এক চিত্তে মাধৱত কৰিয়া ভকতি।
তেবে তান নিৰ্ম্মল নিশ্চল ভৈল মতি।।
ভকতিৰ পৰম আনন্দ ভৈলা জাত।
হৃদয়তে ঈশ্বৰক দেখিলা সাক্ষাত।।
কৃষ্ণৰ অধীন মায়াদেৱীকো দেখিল।
তেবেসে ব্যাসৰ যত সংশয় গুচিল। (ৰত্নাৱলী)

       ঈশ্বৰ লাভ কৰিবলৈ আন আন মাগৰ নিচিনাকৈ ভক্তিমাগত বেছি সময় আৰু শ্ৰম নালাগে। ভক্তি কৰোঁতে কৰোতে ভকতৰ ভকতি স্বভাৱ-সিদ্ধ (second nature) হৈ পৰে। মানুহে যেনেকৈ গুৰিতে কথা ক’বলৈ, খোজ কাঢ়িবলৈ যত্ন কৰি শিকে, কিন্তু শেহত সেইবোৰ কাম স্বভাৱসিদ্ধ যেন হৈ পৰে আৰু ইন্দ্ৰিয়ৰ বৃত্তিবোৰে যেনেকৈ শেহত অযত্নতে নানা বিষয়ত প্ৰৱৰ্ত্তিত হয়, তেনেকৈ ভক্তৰ, ঈশ্বৰত ৰতি হৈ মন স্বভাৱতে তেওঁৰ চৰণত প্ৰৱৰ্তিত হয়। তেতিয়া ভক্তই ভকতিক ত্যাগ কৰি আন একো কামনা নকৰে, কাৰণ নোৱাৰে ; ঈশ্বৰত ভক্তিয়ে তেওঁৰ মন মথি পেলালে যে নিষ্কামভাৱে মাথোন ঈশ্বৰৰ চৰণসেৱা কৰি থাকিবলৈ পালেই তেওঁৰ হ’ল। তেওঁ আৰু একো নিবিচাৰে। তেওঁ তেতিয়া তেওঁৰ কাণক ঈশ্বৰৰ কথা শ্ৰবণত, মুখক শিৰক ঈশ্বৰবুদ্ধি কৰি সমস্ত জগতক নমস্কাৰত, নাকক ঈশ্বৰৰ নিৰ্ম্মাল্য ঘ্ৰাণত আৰু জিভাক ঈশ্বৰৰ প্ৰসাদ আস্বাদনত মাত্ৰ লগায়। মুক্তিপদ সুখৰ হ’লেও সেইদেখি ভকতে ভক্তিক তাতকৈ শ্ৰেষ্ঠ দেখে ; কাৰণ সেৱৰ আনন্দ-সুখ মুকুতিত নাই, ভক্তিত আছে, অথচ ভক্তিতে মুকুতিৰ সুখকো পোৱা যায়। এই নিমিত্তে ভক্তি কৰিলে ভক্তিয়ে ভক্তি-সুখ যে মিলায়েই, মুক্তি-সুখকো আনি দিয়ে, মুক্তিৰ নিমিত্তে সুকীয়াকৈ পুৰুষাৰ্থ কৰিব নেলাগে। এই বাবে শঙ্কৰদেৱে কীৰ্ত্তনত লেখিছে, -