জানো কৃষ্ণ তযু গুণ পৰম অমৃত।
তোমাৰ ভক্তৰ সঙ্গে পিয়ায়োক নিত।।
তেবেসে দুৰ্ঘোৰ ভৱ-ৰোগ হোৱে দূৰ।
শাস্ত্ৰত কৈছে ̶ 'ৰস্যতে আস্বাদ্যতে অসৌ ৰসঃ' অৰ্থাৎ যাক আস্বাদন কৰা যায় সিয়েই ৰস। হাস্য, কৰুণ, বীৰ অদি নটা ৰসৰ কথা শাস্ত্ৰত আছে। হাস্যৰ স্থায়ীভাব হাস্যৰ ভিতৰত আছে, কৰুণৰ স্থায়ীভাব শোকৰ ভিতৰত, বীৰৰ স্থয়ীভাব উৎসাহ আৰু বীৰ্য্যৰ ভিতৰত আছে, ইত্যাদি। সেই স্থায়ীভাব হৈছে আনন্দ। আনন্দৰ বাহিৰে আমাৰ আস্বাদ্য বস্তুৱেই নাই। কৰুণ ৰোদনৰ অন্তৰো অন্তৰত নিফুট আনন্দ আছে। যি কান্দে, সিও কান্দি আৰাম পায় নতুবা সেই কাৰ্য্য সি নকৰিলেহেঁতেন। খঙালে খং কৰিও একপ্ৰকাৰ অনিৰ্ব্বচনীয় আনন্দ লাভ কৰে। জলা, তিতা, কেহা যি খাই চকুৰ পানী পেলায়, তাৰো আস্বাদ্য আনন্দ। জালৰ তাপত তাৰ চকুৰ পানী ওলাই গৈছে তথাপি জলা দিয়া আঞ্জাহে সি ভাল পায়। মিঠা খোৱাইতো মিঠাৰ ভিতৰেদি আনন্দকেহে বিচাৰে। এই নটা ৰসত অনুৰাগী প্ৰত্যেকৰ আচৰণ সুকীয়া হ'লেও, প্ৰ্ত্যেকৰ লক্ষ্য আনন্দৰ ফালে, প্ৰ্ত্যেকৰ উদ্দেশ্য আৰু আস্বাদ্য আনন্দ মাথোন। ঐক্যতান সঙ্গীতৰ নানা বাজনাৰ মাত সুকীয়া হ'লেও সকলোবোৰ একে সুৰতে বন্ধা। জগৎ-সংসাৰত সকলোৰে গতি আৰু কৰ্য্য বিভিন্ন যেন দেখা গ'লেও, বাস্ত্ৱিকতে সকলোৰে মূল উদ্দেশ্য একে অৰ্থাৎ আনন্দৰ আস্বাদন, কাৰণ আনন্দৰ সুমধুৰ সুৰতে জগৎ বন্ধা। এতসৈবে আনন্দস্য অন্যানি ভূতানি মাত্ৰামুপজীৱন্তি' (বৃহদাৰণ্যক)। 'কো হ্যেৱন্যাৎ কঃ প্ৰাণ্যাৎ। যদেষ আকাশ আনন্দো ন স্যাৎ। এষ হ্যেবান্দয়াতি' (তৈত্তিৰীয়)। অৰ্থাৎ যদি আনন্দ স্বৰূপ আকাশ (ব্ৰহ্ম) নাথাকিলহেঁতেন, কোন জীয়াই থাকিলহেঁতেন। তেৱেঁই আনন্দিত কৰে। বেদান্তৰ পঞ্চদশীত সেই দেখি কৈছে যে গুণময় প্ৰকৃতিৰ বিকাৰ বিষয়ৰ পৰা আমাৰ যি আনন্দানুভৱ হয়, তাৰ কাৰণ আনন্দঘন ব্ৰহ্মৰ তাত ক্ষণিক আভাস। সকলোৱে প্ৰকৃত ৰস অৰ্থাৎ আনন্দৰ অনুসন্ধান কৰি ফুৰিছে, তাৰ কোটি কোটি অংশৰ কণাৰ আভাস পাই বলিয়া হৈ ফুৰিছে, কিন্তু আচল ৰস বা আনন্দ নাই পোৱা। নকলকে আচল ভাবি আটায়ে তাতে ক্ষণিক সুখ-শান্তি বোধ কৰিছে, কিন্তু সি যে প্ৰকৃত ৰস বা আনন্দ নহয়্, সেইদেখি জীৱই তাত স্থিৰ শান্তি পোৱা নাই ; বৰং ক্ৰ্মে বেছি অশান্তিহে পাই আহিছে। ছাঁ আচল বস্তু নহয়। আচল বস্তু পালেই চিৰশান্তি, চিৰানন্দ। কিন্তু ছাঁ থাকিলে যেনেকৈ আচল থাকিবই লাগিব নতুবা ছাঁৰ জন্ম অসম্ভ, সেইদৰে আচল আনন্দ ৰসময় পৰম বস্তু আছেই আছে। জীৱৰ সেয়েই প্ৰকৃত লক্ষ্য, উদ্দেশ্য, প্ৰাপ্তিস্থান আৰু চিৰবিশ্ৰাম, জীৱই বিষয়ত যি আনন্দ ভোগ কৰে, সেইটো পিয়াহ- লগা মানুহে চেঁচা পানীৰ কলহৰ গাত লাগি থকা চেলেকাৰ নিচিনা। সেই চেলেকনীত পিয়াহ নুগুচি বাঢ়েহে। জগতৰ অন্তৰ্য্যামী ব্ৰহ্মানন্দৰস জীৱই পান কৰিব নোৱাৰি পঞ্চেন্দ্ৰিয়ৰ সাহায্যত তাৰ ওপৰত চেলেকিছে মাথোন ; এতেকে জীৱৰ পিয়াহৰ শান্তি ক'ত? এই বহিৰাবৰণ ভেদ কৰি প্ৰকৃত পৰম ৰস পান কৰিব পাৰিলেহে জীৱৰ শান্তি।