ভকতজনৰ জানা আমিসে হৃদয়।
মই বিনা ভকতে নিচিন্তে কিছু আন।
ভগৱন্তই গীতাত কৈছে –
যো মাং পশ্যতি সৰ্বত্ৰ সৰ্বঞ্চ ময়ি পশ্যতি।
অৰ্থাৎ, যি মোক সৰ্ব্বভুতত আৰু সকলোতে দেখে আৰু মোতে সকলোকে দেখে, তাৰ পক্ষে মই অদৃশ্য নহওঁ আৰু সিও মোৰ পক্ষে অদৃশ্য নহয়। এতেকে এনে জ্ঞানীৰ সত্তা একেবাৰেই বিলোপ হ’ব কেনেকৈ আৰু সেব্য-সেৱকৰ ভাবেই বা নাইকিয়া হব কেনেকৈ? আন নেলাগে, অদ্বৈতবাদী শঙ্কৰাচাৰ্য্যয়ো তেওঁৰ ৰচিত ষট্ৰপদীত লেখিছে – সত্যপি ভেদাপগমে নাথ তৱাহং ন মামকীনস্তৃম। সামুদ্ৰোহি তৰঙ্গঃ কচন সমুদ্ৰো ন তাৰঙ্গঃ। অৰ্থাৎ হে ঈশ্বৰ ! যদিও সমুদ্ৰ আৰু তৰঙ্গৰ একো প্ৰভেদ নাই তথাপি লোকে সমুদ্ৰৰহে তৰঙ্গ বোলে, তৰঙ্গৰ সমুদ্ৰ নোবোলে। তেনেকৈ হে ঈশ্বৰ ! তোমাৰ আৰু মোৰ মাজত কোনো ভেদ নাথাকিলেও “মই তোমাৰ” এই কথাহে ক’ব পাৰিম, “তুমি মোৰ” এইদৰে ক’ব নোৱাৰো।
এই পৃথিৱীত শ্ৰীকৃষ্ণ নিশ্চয় প্ৰেম-ভক্তিৰ প্ৰধান শিক্ষক, যদিও জ্ঞান আৰু কৰ্ম্মৰ শিক্ষাতো তেওঁ অলপো নুন নহয়। তেওঁৰ মতে, জ্ঞান, কৰ্ম্ম আৰু যোগৰ প্ৰত্যেকটো পথেই মুক্তিদায়ক ; কিন্তু ভক্তিৰ পথ সহজ আৰু শ্ৰেষ্ঠ। সেই তিনিটা পথে ভক্তিৰে অভিষিক্ত নহ’লে মুক্তিলাভ সুলভ নহয়। কৰ্ম্ম, জ্ঞান আৰু ভক্তিৰ সমন্বয় সৰ্ব্বোৎকৃষ্ট অৱস্থা আৰু গীতাৰ দ্বাদশ অধ্যায়ত কৃষ্ণৰ শিক্ষাৰ সেয়ে সাৰ বস্তু। বাস্তৱিকতে ভাবি চালে দেখি যে আচলতে গীতাত ভক্তিৰ ধাৰাটোৱেই ঘাই, কৰ্ম্ম আৰু জ্ঞান তাৰ শাখানদী মাথোন। প্ৰকৃত জ্ঞান আৰু প্ৰকৃত কৰ্ম্মই ভক্তিলৈকেহে টানি নিয়ে। গীতাৰ সপ্তম অধ্যায়ত –
তেষাং জ্ঞানী নিত্যযুক্ত একভক্তিবিশিষ্যতে।
অৰ্থাৎ তেওঁলোকৰ ভিতৰত সদায় মোত নিষ্ঠাবান আৰু এক মাথোন মোত ভক্তিবিশিষ্ট জ্ঞানীয়েই শ্ৰেষ্ঠ। মই জ্ঞানীৰ অতিশয় প্ৰিয় আৰু তেৱোঁ মোৰ বৰ প্ৰিয়। এই কথায়ো ভক্ত জ্ঞানীলৈকেহে আঙুলিয়ায়। শ্ৰীকৃষ্ণৰ মুখনিঃসূতা গীতা হিন্দুৰ বেদ, উপনিষদৰ আৰু দৰ্শনৰ ঘনীভূত সাৰতত্ত্ব। এই বাবে গীতাৰ বিষয়ে কোৱা হৈছে –
সৰ্বোপনিষদো গাৱো দোগ্ধা গোপালনন্দনঃ।