পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৩৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(শ্বেত)। 'য ইমান্ লোকান্ ঈশত ঈশনীভিঃ।' যিসকলে ইন্দ্ৰিয়ৰ অধীন নহৈ ইন্দ্ৰিয়ৰ ওপৰত প্ৰভুত্ব কৰিবপাৰে তেওঁলোকেই ঈশ্বৰ। তেওঁলোকৰ ঈশ্বৰ। তেওঁলোকৰ পাপ-পুণ্য নাই। যাৰ আত্মাভিমান নাই, যি ইন্দ্ৰিয়ৰ অধীন হৈ সকামভাবে কোনো কাম নকৰে, তেৱেঁই ঈশ্বৰ, তেৱেঁই তেজস্বী। কৰ্ম্মৰ ফল আছেই। যাৰ কৰ্ম্ম তাৰ ফল নিশ্চয় থাকিব। দেহ যদি অহংশূন্য হ'ল, তেনেহ'লে দেহকৃত কৰ্ম্মৰ ফল দেহীৰ নহয়। সেইদিখে শুকদেৱে ৰুদ্ৰৰ উদাহৰণ দি কৈছে, ̶

ৰুদ্ৰক দেখি বিষ খায় আনে।

সিজন যেন মৰি যায় প্ৰাণে।। ̶ কীৰ্ত্তন

       ৰুদ্ৰৰ আত্মাভিমান নাই, ইন্দ্ৰিয়ৰ অধীন তেওঁ নহয়, বৰং ইন্দ্ৰিয়হে তেওঁৰ অধীন; সেইদেখি তেওঁ বিষ খায়ো নমৰিল। কিন্তু তেওঁক দেখি তেওঁৰ আৰ্হি লৈ আনে অৰ্থাৎ যাৰ আত্মাভিমান আছে, যি ইন্দ্ৰিয়ৰ দাস, তেওঁ বিষ খালে মৰিবই; কাৰণ বিষপান কৰ্ম্মৰ ফল--মৃত্যু। অগ্নি ঈশ্বৰৰ শক্তিৰে শক্তিমন্ত। যি তেনে ঐশ্বৰিক শক্তিৰে শক্তিমন্ত নহয়, তেওঁ সৰ্ব্বভূক্ হ'বলৈ গ'লে তেওঁৰ বিনাশ নিশ্চয়।

সৰ্ব্বভক্ষ বহ্নি সবাকো শোষে।

তথাপিতো তাঙ্ক নোছোৱে দোষে।। ̶ কীৰ্ত্তন

       ঈশ্বৰসকলৰে যেতিয়া এনে ক্ষমতা, এনে প্ৰভুত্ব, ঈশ্বৰৰো ঈশ্বৰ পৰম মহেশ্বৰ শ্ৰীকৃষ্ণৰ এনে কাৰ্য্যত তেনেকৈ দোষ হ'ব পাৰে? শ্ৰীকৃষ্ণ 'তমীশ্বৰণাম্ পৰম মহেশ্বৰম্' (শ্বেত)। তেওঁৰ বীৰ্য্যেৰে অগ্নি, বায়ু, ইন্দ্ৰ, ব্ৰহ্ম, ৰুদ্ৰ সকলো বীৰ্য্যৱন্ত। এই তত্ত্ব বিশদ কৰিবৰ নিমিত্তে কেনোপনিষদত এটা উপাখ্যান আছে ̶ 'ব্ৰহ্ম হ দেৱেভ্যো বিজিগ্যে। তস্য হ ব্ৰহ্মণো বিজয়ে দেৱা অমহীয়ন্ত। ত ঐক্ষন্ত অস্মাকমেৱায়ং বিজয়ঃ অস্মাকমেৱায়ং মহিমা।' অৰ্থাৎ কোনো এক সময়ত ব্ৰহ্মই দেৱতাসকলক জয়ী কৰিছিল। ব্ৰহ্মকৃত এই বিজয়ত দেৱতাসকল স্পৰ্দ্ধিত হৈ ভাবিলে যে এই বিজয় আমাৰেই, এই মহিমা আমাৰেই। ব্ৰহ্মই তেওঁলোকৰ আগত আবিৰ্ভূত হ'ল। 'তন্ম ব্যজানত কিমিদং যক্ষমিতি।' দেৱতাসকলে তেওঁক জানিব নোৱাৰিলে। তেওঁলোকে ক'লে, 'এইটো কি অদ্ভুত বস্তু?' তেওঁলোকে অগ্নিক ক'লে -'জাতৱেদা' অৰ্থাৎ এইটো কি 'যক্ষ' জানি আহা। অগ্নি সেই মূৰ্ত্তিৰ ওচৰ চাপিলত মূৰ্ত্তিয়ে সুধিলে 'কোহসি' ̶ তুমি কোন? অগ্নিয়ে উত্তৰ দিলে, মোক নাজানানে? মই অগ্নি। ব্ৰহ্মই সুধিলে-'তস্মিন্ ত্বয়ি কিংবীৰ্য্যম্।' অৰ্থাৎ তোমাত কি শক্তি আছে? অগ্নিয়ে উত্তৰ দিলে ̶ 'অপীদং সৰ্বংদহেয়ং যদিদং পৃথিব্যাম্।' অৰ্থাৎ পৃথিৱীত যি আছে, মই সকলোকে দহন কৰিব পাৰোঁ। ব্ৰহ্মাই ক'লে-'বেছ, তেন্তে এই তৃণডাল পোৰাচোন।' অগ্নিয়ে তেওঁৰ সকলো শক্তি প্ৰয়োগ কৰিও সেই তৃণডাল পুৰিব নোৱাৰি নিবৃত্ত হৈ দেৱতাসকলক ক'লে ̶ 'নৈতদশকং বিজ্ঞাতুং যদেতৎ যক্ষমিতি।' এইটো কি অদ্ভুত বস্তু মই জানিব নোৱাৰিলোঁ। দেৱতাসকলে তাৰ পিছত বায়ুক পঠিয়ালে। বায়ু ব্ৰহ্মাৰ ওচৰ চাপিলত ব্ৰহ্মাই সুধিলে ̶ 'তুমি কোন?' বায়ুৱে উত্তৰ দিলে ̶