পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সগুণ আৰু নিৰ্গুণ ধৰ্ম্ম-তত্ত্ব


       বেদত্ৰয় প্ৰতিপাদিত ধৰ্ম্মক সগুণ ধৰ্ম্ম বোলে, আৰু ভগৱৎপ্ৰণীত বিশুদ্ধ ধৰ্ম্মক নিৰ্গুণ ধৰ্ম্ম বোলে। অজামিলৰ উপাখ্যানত বিষ্ণুদূত আৰু যমদূতৰ ভিতৰত হোৱা কথাৰপৰা এই দুটাৰ ব্যাখ্যা পোৱা যায়। চমুকৈ সেই কথা তলত দিলোঁ:-

       কান্যকুব্জ দেশত অজামিল নামেৰে এজন ব্ৰাহ্মণ আছিল। তেওঁৰ জীৱনৰ প্ৰথম ছোৱাত তেওঁ সদাচাৰী, সুশীল, মৃদু, সত্যবাদী, মন্ত্ৰজ্ঞ, নিৰহঙ্কাৰী, অতিথিসৎকাৰকাৰী, পৰিমিতভাষী, ক্ষমাশীল, সকলো প্ৰাণীৰ হিতৰত, আনৰ প্ৰতি অসূয়াশূন্য, আৰু শুচি ব্ৰহ্মণ আছিল। এদিন অজামিলে বাপেকৰ অজ্ঞাতে ফল-ফুল, সমিধ, কুশ আনিবলৈ এখন বনলৈ আনিবলৈ গৈ, সেইবোৰ সংগ্ৰহ কৰি আনি উভতি আহোঁতে বাটতে এটা মতলীয়া মানুহে বেশ্যা এজনীৰে সৈতে হাস্য-পৰিহাস কৰি ক্ৰীড়াসক্ত হৈ থকা দেখিবলৈ পালে। সেই দৃশ্য দেখি অজামিলৰ মন তলিল আৰু স্বধৰ্ম্মভ্ৰষ্ট হৈ সেই বেশ্যাৰ প্ৰতি একেবাৰেই আসক্ত হৈ পৰিল। অন্তত অজামিলে যাৱতীয় পৈতৃক অৰ্থ ব্যয় কৰি সেই তৰুণী বেশ্যাক হস্তগত কৰি, নিজৰ বিবাহিতা পত্নীক পৰিত্যাগ কৰি তাইৰে সৈতে গৃহবাস কৰিবলৈ ধৰিলে।

বিপ্ৰৰ ঔৰসে       বেশ্যাৰ গৰ্ভত
দশ পুত্ৰ জাত ভৈলা।
আতি দায়াতৰে       কনিষ্ঠ পুত্ৰৰ
নাৰায়ণ নাম থৈলা।।
জাতি-কুল-ক্ৰিয়া       সমস্ত ত্যজিল
মিলিল কৰ্ম্ম -বিপাক।
যত মহাপাপ       সমস্ত সিজিল
পোষন্তে পুত্ৰ-ভাৰ্য্যাক।।
অনেক অধৰ্ম্ম       কৰন্তে বিপ্ৰৰ
আয়ু ভৈল সমাপত।
ভয়ঙ্কৰ তিনি       গোটা যমদূত
আগে ভৈলা উপগত।।

       বৰ মৰমৰ পুতেক নাৰায়ণক অজামিলে চকুৰ আঁৰকে কৰিব নোৱাৰিছিল। তেওঁৰ মৃত্যুকাল উপস্থিত হ'লত কালি পুতেক নাৰায়ণকে অজামিলে ভাবিবলৈ ধৰিলে। যমদূতে যেতিয়া তেওঁৰ জীৱনটো দেহৰপৰা আকৰ্ষণ কৰিবলৈ ধৰিলে, তেওঁ "নাৰায়ণ ঔ নাৰায়ণ, লৰি আহ! মোক নিলে ঔ!" এই বুলি অতি উচ্চস্বৰে