পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/২৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


তেওঁলোকক তেতিয়াও অনুপযুক্ত জানি উপযুক্ত হ'বৰ নিমিত্তে এবছৰ সময় দি ঘৰলৈ পঠিয়াই দিলে। এবছৰৰ মূৰত তেওঁলোকৰ সেই উপদেশ ফলি দ্বৈতজ্ঞান নষ্ট হ'লত তেওঁলোকক নিজে বাঁহীৰ ধ্বনিৰে মাতি নি নিজ সঙ্গলাভৰ উপায় কৰি দিলে। বস্ত্ৰহৰণলীলাৰ ওপৰ ভাগ অতি অশ্লীল যেন দেখি, কিন্তু প্ৰকৃত তত্ত্বজ্ঞসকলৰ নিমিত্তে ই পৰম তত্ত্ব।

       ব্যাসদেৱে শ্ৰীমদ্ভাগৱতত কুমাৰীসকলক 'আহতা' বুলিছে। তত্ত্বজ্ঞ শ্ৰীধৰ স্বামীয়ে আহতা শব্দৰ অৰ্থ 'ঈষৎ অক্ষত-যোনি' কৰিছে। ঈষৎ অক্ষত অৰ্থাৎ গোপীসকলৰ মায়া বা অবিদ্যা ইষৎ অক্ষত অৰ্থাৎ সম্পূৰ্ণ ক্ষয় হোৱা নাছিল, সেইদেখি তেওঁলোক তেতিয়াও ভগৱন্তৰ সঙ্গলাভৰ উপযুক্ত হোৱা নাছিল। সেইফেৰা মায়া বা অবিদ্য়াকো ক্ষয় কৰাবৰ নিমিত্তে শ্ৰীকৃষ্ণই তেওঁলোকক তেতিয়াও অযোগ্য জানি ওভোতাই পঠিয়ালে। অলপৰো অলপ মায়া বা অবিদ্যাৰ সম্পৰ্ক থাকিলে জীৱই পৰমানন্দ ঈশ্বৰৰ সৈতে বিহাৰ কৰিবলৈ যোগ্য নহয়। মায়া থাকিলেই ভেদজ্ঞান থাকে। ভগৱন্ত শ্ৰীকৃষ্ণই গীতাত মায়াকে 'মোৰ যোনি' বুলি কৈছে ̶

মম যোনিৰ্মহদব্ৰহ্ম তস্মিন্ গৰ্ভং দধাম্যহম্।

সম্ভৱঃ সৰ্ব ভূতানাং ততো ভৱতি ভাৰত।।

       গীতাত আকৌ ভগৱন্তই কৈছে-

নাহং প্ৰকাশঃ সৰ্বস্য যোগমায়াসমাবৃতঃ।

মূঢ়োহয়ং নাভিজানাতি লোকো মামজমৱ্যয়ম।।

       অৰ্থাৎ যোগমায়াৰ দ্বাৰাই আবৃত থাকি মই জীৱত অপ্ৰকাশ থাকোঁ স্বয়ম্ভূ অব্যয়ৰূপ মোক মূঢ়লোকে নাজানে। আকৌ ̶

দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰত্যয়া।

মামেৱ যে প্ৰপদ্যন্তে মায়ামেতাং তৰন্তি তে।।

       অৰ্থাৎ মোৰ দৈৱী গুণময়ী মায়া অত্যন্ত দুৰ্জ্জয়; যি মোৰ শৰণাগত হয়, সিয়েই মায়াৰ হাতৰপৰা তৰে।

       সেই দেখিয়েই আমাৰ মহাপুৰুষ শ্ৰীমাধৱদেৱে ঘোষাত লিখিছে-

যাৰ মায়া-পাশে        বন্দী হুয়াছ পামৰ মন

তান দুই চৰণত ধৰ।

       মায়াৰ নিমিত্তেই জীৱৰ বিষম বুদ্ধি হয় আৰু সেই বিষম বুদ্ধিৰ নিমিত্তেই দেহাভিমান ৰাগ, দ্বেষ, দম্ভ আৰু লজ্জাদি হয়। এইবোৰেই জীৱৰ বন্ধনৰ কাৰণ। মুক্তি কামনাকাৰীসকলে এই বন্ধনৰপৰাই মুক্ত হ'ব খোজে। ভগৱন্ত বস্তুৰ চৰণত শৰণ লৈ তেওঁৰ দুটি চৰণত ধৰি কায়বাক্য-মনে এই মায়াপাশৰ বন্ধনৰ পৰা এৰাবলৈ প্ৰাৰ্থনা কৰাৰ বাহিৰে আন উপায় নাই। তেওঁৰ কৃপা হ'লেই মায়াৰ বন্ধন মুকলি হয়।

       এই মায়া ভগৱন্তৰ পৰমাশ্চৰ্য্য ঐশী শক্তি। ঈশ্বৰে নিজৰ ঐশ্বৰ্য্য আৰু শৌন্দৰ্য্যৰ ভাণ্ডাৰ জ্ঞানবান আৰু হৃদয়বান জীৱসকলৰ আগত ক্ৰমে ক্ৰমে উন্মুক্ত কৰি প্ৰত্যেকজনৰ অন্তঃকৰণৰ যোগ্যতা অনুসাৰে তেওঁক আপোনাৰ অনুপম ঐশ্বৰ্য্যৰ