কৈছে ; – যি যাৰ স্বভাৱ অনুসৰি যেনেকৈ পূজা কৰে তাতে তেওঁ সন্তুষ্ট, কাৰণ সকলো বাটৰ ওৰ তেওঁতেই। কিন্তু যদিও তেওঁৰ এই উদাৰতা, তেওঁ এক অদ্বিতীয় ঈশ্বৰৰ পূজাকেহে (Monotheism) সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে আৰু সেই পূজা ইহলোক পৰলোকৰ সুখ বা ঐশ্বৰ্য্য কামনা কৰি কৰা পূজা নহয়, নিষ্কাম পূজা। সকাম পূজা মোক্ষপ্ৰাপ্তিৰ বাট নহয়।
কাঙক্ষন্তঃ কৰ্ম্মণাং সিদ্ধিং যজন্ত ইহ দেৱতাঃ।
অৰ্থাৎ এই মনুষ্যলোকত কাম কৰ্ম্মৰ সিদ্ধি-প্ৰাৰ্থীসকলে মোক এৰি আন আন দেৱতাসকলৰ উপাসনা কৰে। এনে উপাসনাৰ সিদ্ধি অনিশ্চিত। কিন্তু নিষ্কাম কৰ্ম্মজনিত সিদ্ধি বা মুক্তি নিশ্চয় শীঘ্ৰে লাভ হয়। এইখিনিতে “পূৰ্ব্বমীমাংসা” দৰ্শনেৰে সৈতে শ্ৰীকৃষ্ণৰ মতৰ বিশেষ অমিল। পূৰ্ব্বমীমাংসাই কৈছে যে বেদত যি কৈছে, সেই বিধি-ব্যৱস্থা অভ্ৰান্ত আৰু তাক অলৰ-অচৰকৈ মানি চলিবা। বেদৰ ব্যৱস্থামতে সকলো ক্ষুদ্ৰ দেৱতাৰ পূজা কৰিবা, তেহে তোমাৰ স্বৰ্গ লাভ হব। কৃষ্ণই বেদক একেবাৰেই উৰাই দিয়া নাই, কিন্তু কৈছে, বেদৰ অনেক বাগ্য পুষ্পিত। কৃষ্ণই কৈছে – “মম ৱক্সানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্বশঃ।”
যেহপ্যন্যদেৱতা ভক্তা যজন্তে শ্ৰদ্ধয়ান্বিতাঃ।
অৰ্থাৎ হে কৌন্তেয়! শ্ৰদ্ধাযুক্ত হৈ যি আন দেৱতা ভজনা কৰে, সিয়ো মোকেই অবিধিপূৰ্ব্বক ভজনা কৰে। ইয়াৰ মানে মোৰ বাহিৰে আন একো নাই। কিন্তু যদিও এনে ভজনা মোৰেই ভজনা, তথাপি সি আওবটীয়া। দেৱতাসকলে মোক্ষ দিব নোৱাৰে। মোক্ষ মইহে দিব পাৰো আৰু সিয়েই আচল বস্তু। দেৱতাসকলে মুচুকন্দক কৈছিল –
সেইদেখি মুচুকুন্দই উত্তৰ দিছিল – নলাগে বৰ নিদ্ৰা কৰোঁ আমি। কোনো দেৱতাক “সৃষ্টি, স্থিতি, প্ৰলয়ৰ পৰম কাৰণ নাৰায়ণ” বুলি উপাসনা নকৰি, মাথোন এজন দেৱতা বুলি উপাসনা কৰাটো কৃষ্ণৰ মত নহয়। বাস্তৱিকতে অন্য দেৱতাক, যেনে – ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণক তেনেকৈ সৃষ্টি, স্থিতি, অন্তকাৰী দেৱ বুলি ভাবিবই নোৱাৰি, উপাসনাও কৰিব নোৱাৰি, কিয়নো, তেওঁলোক তেনেকুৱা নিশ্চয় নহয়। এক মাথোন নাৰায়ণহে সেই দেৱতা। ইন্দ্ৰাদি দেৱতাসকল তেওঁৰ আজ্ঞাকাৰী ভৃত্যহে উপনিষদত কৈছে –
ভয়াদস্যাগ্নিস্তপতি ভয়াৎ তপতি সূৰ্য্যঃ।
ইয়াৰ প্ৰতিনিধ শ্ৰীশঙ্কৰদেৱৰ কীৰ্ত্তন-ঘোষাত –
পলায় জগতৰ মৃত্যু যি প্ৰভুক ডৰে।