পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দুই

মহাপুৰুষে ঘোষাত বান্ধিছে –

কৃষ্ণ-সুৰ্য ভৈলন্ত উদিত।
নামধৰ্ম্ম কৰিলা বিদিত।

ভগৱন্তই গীতাৰ দশম অধ্যায়ত কৈছে –

মচ্চিত্তা মদ্‌গতপ্ৰাণী বোধয়ন্তঃ পৰম্পৰম।
কথয়ন্তশ্চ মাং নিত্যং তুষ্যন্তি চ ৰমন্তি চ।
মোতেসে কেৱলে দিয়া চিত্ত,        মোতেসে মাত্ৰ প্ৰাণ অৰ্পি নিত
অন্যোঅন্যে মিলি মোকেসে বোধ কৰাৱে।
মোক মাত্ৰ কহে সৰ্ব্বক্ষণে        পৰম সন্তোষ লভি মনে
আনন্দ-সাগৰে মজি ৰহে প্ৰেমভাবে। (ঘোষা)

অৰ্জ্জুনে কৈছে –

স্থানে হৃষীকেশ তৱ প্ৰকীৰ্ত্তা
জগৎ প্ৰহৃষ্যত্যনুৰজ্যতে চ।
ৰক্ষাংসি ভীতানি দিশো দ্ৰৱন্তি
সৰ্ৱে নমসান্তি চ সিদ্ধসঙ্ঘাঃ। (গীতা)
কৃষ্ণক বোলন্ত ধনঞ্জয়        তোমাৰ কীৰ্ত্তনে কৃপাময়
অতি অনুৰাগে জগতে কৰে হৰিষ।
তোমাৰ কীৰ্ত্তন অগনিৰ        শিখায়ে দগধ হুয়া আতি
ৰাক্ষস পিশাচ পলাই যায় দশ দিশ।। (ঘোষা)

       ঈশ্বৰৰ নাম আৰু ঈশ্বৰ একে। আমাৰ ঘোষাত লিখিছে –

আপন নামৰ সঙ্গ নছাৰন্ত হৰি।
যেই নাম সেই হৰি জানা নিষ্ঠ কৰি।
মাধৱৰ নাম        বৎস-প্ৰায় ভৈল
ভক্তে তাঙ্ক লৈয়া যান্ত।
বেদৰ ঈশ্বৰ        হৰি ধেনু যেন
তাৰ পাছে পাছে যান্ত।

       ধৰ্ম্ম মানে, – "ধাৰ্য্যতে অনেন ধৰি লোকং ৱা।" অৰ্থাৎ যি সমস্ত চৰাচৰক ধাৰণ কৰি আছে সেয়ে ধৰ্ম্ম। হিন্দু ধৰ্ম্ম বুলি ধৰ্ম্মৰ কোনো এটা বিশেষ নাম হিন্দুৰ শাস্ত্ৰত নাই। পিছৰ কালত বৌদ্ধ আৰু মছলম প্ৰভৃতি বেলেগ পন্থীসকলে হিন্দুৰপৰা নিজক সুকীয়াকৈ বুজাবৰ নিমিত্তে প্ৰাচীন আৰ্যসকলৰ সন্তানবোৰক হিন্দু নাম দিলে। হিন্দুধৰ্ম্মৰ ভিতৰুৱা শাক্ত, শৈৱ, বৈষ্ণৰ সম্প্ৰদায়বোৰ সুকীয়া স্তৰ মাথোন। সেইবোৰৰ ভিতৰতো ঐক্য আৰু সামঞ্জস্য আছে, দকৈ গমি চালেই দেখি। আন নেলাগে, আন আন ধৰ্ম্মাৱলম্বীৰে সৈতেও হিন্দু ধৰ্ম্মৰ অন্তনিহিত সত্যৰ সূক্ষ্ম ঐক্য বিস্তৰ আছে। নামেই ব্ৰহ্ম, ব্ৰহ্মই নাম। দুয়ো অভেদ। এই ধাৰণা পৃথিবীৰ সকলোকেইটা মুখ্য