পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আমাৰ সৰ্ব্বহ কৰিব খুজিলে, আৰু কৰি কৰ্ম্মবন্ধ এৰাই ভৱ-সংসাৰ তৰিব খুজিলে তাক খাওঁতে-শোওঁতে উঠোঁতে-বহোঁতে লৈ জপ কৰি কৰি থাকিব লাগিব, amateur ভাৱে অৰ্থাৎ চেলেংপেতেংকৈ ললে নহ'ব; নতুবা তাৰ beauty, তাৰ মহিমা তোমাৰ আগত প্ৰকাশ নহয়। সাধনা, সাধনা, সাধনা লাগে, তেহে সম্পূৰ্ণ সিদ্ধি লাভ।

ৰাম নাম জপ ভাই, ৰাম নাম জপ।
ইহাৰ সমান নোহে, মন্ত্ৰ তন্ত্ৰ তপ।। (শঙ্কৰদেৱ)

       এইফাকি সাধকৰ হিয়াৰ বাণী, অনেক সাধনা কৰি পোৱা সিদ্ধান্তৰ কথা।

       ভগৱন্তই গীতাত কৈছে ̶ "যজ্ঞানাং জপযজ্ঞোহস্মি।" সকলো যজ্ঞৰ ভিতৰত নাম জপৰূপী যজ্ঞহে তেওঁ। নামব্ৰহ্মৰ উপাসনাই মানুহৰ একমাত্ৰ মুক্তিলাভৰ উপায়, আৰু ইয়েই ভাৰতৰ প্ৰাচীন ধৰ্ম্ম। শিৱ, নাৰদ, শুকদেৱ, প্ৰহলাদ, জনক প্ৰভূতি মহাযোগী, মহাভক্তসকলে নাম ধৰ্মৰ অমিয়ামাধুৰী পান কৰি থাকিবলৈহে আকাঙক্ষী। মহাযোগী, মহাতাপসসকলে মহাযোগ, কঠোৰ তপস্যা কৰি satisfied নহৈ, সন্তোষ নলভি, ̶ "শুদ্ধ নহ'ল, দোষ ৰৈ গ'ল, ছিদ্ৰ থাকি গ'ল, ̶ "Conscience বা বিবেক বা অন্তৰাত্মাৰপৰা এনে সাবধান কৰা বাণী শুনি শেহত নামহে সৰ্ব্বছিদ্ৰ সৰ্ব্বেদোষহাৰী পৰম আনন্দ, পৰম সন্তোষদায়ক বুলি থিৰ কৰি ব্ৰহ্মোপাসনাৰ প্ৰকৃত পদ্ধতি প্ৰচাৰ কৰি গৈছে।

তন্ত্ৰ মন্ত্ৰ আনো দ্ৰব্য অনেক।
দেশ কাল পাত্ৰ ছিদ্ৰ যতেক।।
পূৰ্ণ নোহি যজ্ঞৰ অঙ্গ।
হৰি নামে কৰে সবে সুসাঙ্গ।। (কীৰ্ত্তন)

       মৃত্যুৰ সময়ত অন্তকৰ হাতত পৰিলে, তপ-জপ যাগ-যজ্ঞ ক'ৰবাত থাকে; তেতিয়া একমাত্ৰ এই হৰি নামকহে মানুহে (যি সম্প্ৰদায়ৰে হওক) সাৱটি ধৰে। ̶

তপ জপ তীৰ্থ ব্ৰত        যাগ যোগ জ্ঞান দান
কাকো নসুমৰে মৃত্যু বেলা।
মৰন্তাজনক বেঢ়ি        বোলে সৱে ৰাম বোল
হেন নামে এতিক্ষণে হেলা।। (ঘোষা)

       মৃত্যুৰ অধিকাৰী মহাভক্ত ধৰ্ম্মৰাজ যমে তেওঁৰ দূতসকলক নামৰ পৰম মহিমা জানি সেইদেখি কৈছিল, ̶

দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ গন্ধৰ্ব্ব চাৰণগণে।
হৰিৰ নামৰ গোপ্য মহিমাক তেসম্বো কেহো নাজানে।।
ব্ৰহ্মা হৰ মনু কপিল কুমাৰ শুক ভীষ্ম বলি ৰায়।
প্ৰহলাদ নাৰদ জনক আমিসে বাহ্ৰজন সমুদায়।।
পৰম গুপুত হৰিনাম ধৰ্ম্ম জানি আছো শুদ্ধভাবে।
যাক আচৰিলে ঠাৱতে বসিয়া দুৰ্ল্লভ মোক্ষক পাৱে।।
হৰি ভকতি কৰে সৰ্ব্বদায় কৰিয়া কীৰ্ত্তন কৰ্ম্ম।

মনুষ্য লোকত এহিমানে মাত্ৰ পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম্ম।। (কীৰ্ত্তন)