তত্ত্ব-কথা/গীতা-তত্ত্ব
গীতা- তত্ত্ব
ঘোষাত মহাপুৰুষ শ্ৰীমাধদেৱে প্ৰাৰ্থনা কৰিছে -
শোক- মোহ-মহাপঙ্ক মাজে অৰ্জ্জুন মগন ভৈল দেখি
পৰম ঈশ্বৰ দৈৱকী-নন্দ-নন্দন।
কৃপায়ে ঈশ্বৰে তত্ত্ব কহি উদ্ধাৰিলা নিজ ভকতক
পৰম ঈশ্বৰ দৈৱকী-নন্দ-নন্দনে তেওঁৰ নিজ ভকতৰ আগত যি তত্ত্ব কৈ সেই শৰণাগত ভকতক উদ্ধাৰ কৰিলে সেই তত্ত্ব, তেতিয়াৰ দিনত সৰ্ব্বধৰ্ম্ম সমন্বয়, সৰ্ব্বদৰ্শন বিজ্ঞানৰ সমন্বয় আৰু আজিৰো সৰ্ব্বধৰ্ম্ম সাৰ পদাৰ্থ গীতাৰ মহোপদেশ তত্ত্ব। সেই তত্ত্ব-কথা শ্ৰীকৃষ্ণই অৰ্জ্জুনক কেতিয়া আৰু ক'ত কৈছিল? কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বৰ জোৰতে, যেতিয়া তেওঁৰ ৰথ দুই পক্ষৰ যুঁজাৰুসকলৰ আগত ৰখা হ'ল। কুৰুক্ষেত্ৰৰ যুদ্ধ হঠাৎ সংঘটিত হ'বলৈ যোৱা নাছিল। দুই পক্ষৰ ভিতৰত অনেক কথা-বাৰ্ত্তা, মীমাংসাৰ আলচ, সন্ধিৰ প্ৰস্তাৱ ইত্যাদিৰ যেতিয়া ওৰ পৰিল আৰু অগত্যা যুদ্ধৰ বাটেই এক মাথোন বাট ৰ'লগৈ, তেতিয়াহে। অৰ্জ্জুন সেই যুদ্ধৰ প্ৰধান অগ্ৰণী আৰু ঘাই ধৰণী। অনেক চিন্তা অনেক বিবেচনাৰ পিছতেহে অৰ্জ্জুনৰ মনত কৰ্ত্তব্য পিছলিছিল কিয়?
কুৰুক্ষেত্ৰৰ যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণৰ শিক্ষাৰ মূল কথা ̶
জীৱন-যুদ্ধৰ উদ্ভূত ঘাই কথাৰ সমাধান, সেই ঘাই কথাৰ ভিতৰৰ ঘাই কথা জীৱনত কৰ্ত্তব্যৰ বাধ্যতা। অৰ্জ্জুনৰ মন হঠাৎ পাৰ্থিৱ সমন্ধৰ মায়ামোহত অভিভূত হৈ পৰি আছিল। কৃষ্ণই অৰ্জ্জুনৰ কৰ্ত্তব্যৰ সাৰথি স্বৰূপে সেই কৰ্ত্তব্যৰ কথা তেওঁক সোঁৱৰাই দিছিল; কাৰণ সেইটো কৃষ্ণৰ কৰ্ত্তব্য নতুবা উপদেশক সাৰথি কৃষ্ণও কৰ্ত্তব্যৰ পৰা পিছলি পৰিলেহেঁতেন। দুৰ্য্যোধনক প্ৰমূখ্য কৰি কৌৰৱসকলে পাণ্ডৱক হেজাৰ প্ৰকাৰে অন্যায় আৰু অনিষ্ট কৰিছিল। ৰাজ্যৰ ৰাজপাটৰ প্ৰকৃত আধিকাৰী যুধিষ্ঠিৰক সেই অধিকাৰৰ পৰা বঞ্চিত কৰি কৰিছিল। জ্ঞাতিবধ আৰু ৰক্তপাতৰ হাত সাৰিবলৈ পাণ্ডৱে সাম্ৰাজ্যৰ মাথোন শেহত পাঁচখন গাওঁ খুজিছিল, তাকো দুৰ্য্যোধনে নিদিলে। কৃষ্ণই দুইদলক মিলাবলৈ অহোপুৰৰ্ষাৰ্থ কৰিছিল আৰু সেই কাৰ্য্যৰ নিমিত্তে মধ্যস্থ হৈ কৌৰৱৰ কাষলৈ গৈছিল। তেওঁৰ কথা শুনক ছাৰি কৌৰৱে তেওঁক বন্দী কৰিবলৈহে বিচাৰিছিল। জতুগৃহ দাহ, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, অন্যায় পাশাখেল, বনবাস দিয়া ইত্যাদি নানা অন্যায়-অত্যাচাৰ কৌৰৱে পাণ্ডৱৰ ওপৰত কৰিছিল। শান্তিৰ অৰ্থে সেই আটাইবোৰ অন্যায় কাতি কৈ থৈ [ ৭৪ ] যুধিষ্ঠিৰে পাঁচ পাণ্ডৱলৈ পাঁচখন গাঁও খুজিছিল, তাৰ উত্তৰত দুৰ্য্যোধনে বেজী এটাৰ মূৰত থাকিব পৰা মাটিৰ কনা এটাও নিদিওঁ বুলি ক'লে। এনেবোৰ চেষ্টা বিফল হোৱাৰ পিছত, নিতান্ত বাধ্য হৈ কৰিবলগীয়া যুদ্ধৰ মাজলৈ আহি অৰ্জ্জুনে হঠাত্ নকৰোঁ বুলি হাতৰ ধনুশৰ পেলাই দি কৰ্ত্তব্যৰ পৰা পিচলৈ মনুষ্যত্ব হেৰুৱাবলৈ গৈছিল। এনেস্থলত তেওঁক তেওঁৰ কৰ্ত্তব্য সোঁৱৰাই দিয়াটো ভগৱন্ত কৃষ্ণৰেই কৰ্ত্তব্যকাৰ্য্য। সেইদেখি অৰ্জ্জুনক তেওঁ প্ৰথম দুষাৰ কথাকে টান মাতেৰে ক'বলৈ বাধ্য হৈছিল।
কুতস্তা কশমলমিদং বিষমে সমুপস্থিতম্।
অনাৰ্য্যজুষ্টমস্বৰ্গ্যমকীৰ্ত্তিকৰমৰ্জ্জুন।।
ক্লৈব্যং মাস্ম গমঃ পাৰ্থ নৈতত্ ত্বষ্যুপপদ্যতে।
অৰ্থাৎ হে অৰ্জ্জুন ! এনে সঙ্কটৰ সময়ত আৰ্য্য-বিগৰ্হিত, নৰকৰ হেতু অখ্যাতিজনক এই মোহ ক'ৰপৰা আহি তোমাৰ গাত লাগিল? হে পাৰ্থ ! ক্লৈব্য অৰ্থাৎ নপুংসকৰদৰে কাতৰতা অৱলম্বন নকৰিবা। এনে ক্লৈব্য তোমাৰ যোগ্য নহয়। এতেকে হৃদয়ৰ তুচ্ছ দৌৰ্ব্বল্য পৰিত্যাগ কৰি যুদ্ধ কৰিবলৈ উঠা। ব্মানুহ যেতিয়া শোকত মগ্ন হয়, তেতিয়া তাৰ বুদ্ধি স্থিৰ নেথাকে, কৰ্ত্তব্য-অকৰ্ত্তব্যৰ বিচাৰ সি কৰিব নোৱাৰে। তাৰ মনত ধন-প্ৰাণ সকলো তুচ্ছাতিতুচ্ছ যেন লাগে। সেই শোকৰ উত্পত্তি ক'ত? শোক হয় কিয়? অৰ্জ্জুনে আত্মীয়সকলৰ মৃত্যু অনিবাৰ্য্য ভাবিলে। তুচ্ছ ৰাজ্যলোভত সেইসকলৰ মৃত্যু অনুচিত বিবেচনা কৰিলে। আত্মীয়সকলক দেখি তেওঁৰ হৃদয়ত মমত্বৰ সঞ্চাৰ হ'ল। শোকে তেওঁৰ হিতাহিত বিবেচনা, ধৰ্ম্মাধৰ্ম্ম বিচাৰ কৰিবৰ বিবেচনাক ঢাকি পেলালে। মমত্বই শোকৰ কাৰণ। অবিদ্য়া অৰ্থাৎ অজ্ঞানতাৰপৰাই মমত্বৰ উদ্ভৱ। কোনো বস্তু বা কোনো মানুহলৈ যিমান সৰহ মমতা থাকে তাৰ অভাৱত বা অভাৱৰ আশঙ্কাত সিমান শোক উত্পন্ন হয়। অবিদ্যাই জ্ঞানক আবৃত কৰি পেলায়। জড় শৰীৰত আত্মাজ্ঞান কৰাই অবিদ্যা। দেহৰ বিনাশত অৰ্জ্জুনে আত্মীয়সকলৰ বিনাশ বুলি ভাবিলে। এনে জ্ঞান জীৱৰ স্বাভাবিক। দেহাত্মজ্ঞানৰ নিমিত্তেই জীৱই অহঙ্কাৰক আশ্ৰয় কৰি কৰ্ত্তাৰূপে কৰ্ম্ম কৰে আৰু দেহৰ বিনাশতে আত্মাৰ বিনাশ বুলি ভাবে। সেই বাবেই ভগৱন্তই যাতে অৰ্জ্জুনৰ অবিদ্যা নাশ হৈ মনত জ্ঞানৰ উদয় হয় আৰু বিনাশী জড় দেহৰ মমতা গুচি আৰু তেনে দেহৰ অভাৱৰ নিমিত্তে উত্পন্ন হোৱা শোক-মোহ আদি দূৰ হৈ স্বধৰ্ম্মোচিত কৰ্ত্তব্য কৰ্ম্ম নিৰ্লিপ্তভাৱে তেওঁ কৰিব পাৰে, তাৰে উপদেশ গীতাত দিছিল। আমাৰ মহাপুৰুষে ঘোষাতো গদগদ কণ্ঠেৰে এই কাতৰ প্ৰাৰ্থনাকে কৰিছে-
তুমি প্ৰাণপ্ৰিয়তম সুহৃদ পৰম দেৱ
প্ৰাণপ্ৰভু পীতাম্বৰ এ,
তুমিসে কেৱলে আত্মাৰ মোৰ।
তোমাক নাজানি জড় মিচা শৰীৰক মই
[ ৭৫ ]
আত্মা বুলি ভৈলা সেৱাচোৰ,
আত্মা বুলি ভৈলো সেৱাচোৰ,
প্ৰাণবন্ধু কিনো মই অজ্ঞানী দুৰ্ঘোৰ।
দুৰ্ব্বাৰ দুঃসঙ্গ দুৰ্ব্বাসনা দুষ্ট,
হৰি হৰি হৰি হৰি এ,
অনাদি অবিদ্যা আপুনি ভৈলো মোহিত।
অনাত্মা দেহক আত্মা বুদ্দি কৰি
হৰি হৰ হৰি হৰি এ,
ঈশ্বৰপ্ৰাপ্তিৰ চাৰিটা ঘাই বাট। জ্ঞান-মাৰ্গ, কৰ্ম্ম-মাৰ্গ, যোগ-মাৰ্গ আৰু ভক্তি-মাৰ্গ। যদিও এই চাৰিটা বাট সুকীয়া তথাপি চাৰিওৰো মুখ্য লক্ষ্য একেটা অৰ্থাৎ ঈশ্বৰপ্ৰাপ্তি বা মুক্তি। প্ৰথমটো বাট কৰ্ম্ম। মানুহে প্ৰথমতে কৰ্ম্মত প্ৰবৃত্ত হয় সাংসাৰিক আৰু ইন্দ্ৰিয় সুখাদি-লাভৰ প্ৰেৰণাত। ইয়াতকৈ ওখ প্ৰেৰণাত মানুহে কৰ্ম্ম কৰে ইহলোকৰ সুখ বিচাৰি নহয়, পৰলোকৰ। তেতিয়া কৰ্ম্মৰ ফল ভোগৰ আকাঙ্ক্ষা হয় পৰলোকত। কৰ্ম্মৰ চূড়ান্ত অৱস্থাত কৰ্ম্মকৰ্ত্তাই তাৰ ফলাকাঙ্ক্ষা নকৰি কৰ্ম্ম কৰি যায়, আৰু তাৰ ফল ঈশ্বৰত সমৰ্পণ- "কৃষ্ণাৰ্পণমস্তু"। ইয়াকে গীতাত বোলা হৈছে নিষ্কম কৰ্ম্ম। কিন্তু কৰ্ম্মনুষ্ঠান নকৰি কোনো নিষ্কৰ্মী বোলা হৈছে নিষ্কাম কৰ্ম্ম। কিন্তু কৰ্ম্মানুষ্ঠান নকৰি কোনো নিষ্কৰ্মী হ'ব নোৱাৰে। কৰ্ম্ম নকৰি একেবাৰেই ত্যাগীৰ আসনত উঠি প্ৰকৃত ত্যাগী হৈ সিদ্ধিলাভ কৰিব নোৱাৰে।
ন কৰ্ম্মণামনাৰম্ভন্নৈষ্কৰ্ম্ম্যং পুৰুষোহশ্বুতে।
অৰ্থাৎ পুৰুষে কৰ্ম্মৰ অনুষ্ঠান নকৰি নৈষ্কৰ্ম্ম্য অৱস্থা পাব নোৱাৰে আৰু ত্যাগতো সিদ্ধি প্ৰাপ্ত নহয়।
অৰ্থাৎ কৰ্ম্মৰ ভিতৰেদি ত্যাগী হ'ব লাগিব; কৰ্ম্ম ত্যাগৰ দ্বাৰাই নহয়; কিয়নো কৰ্ম্ম ত্যাগ কৰা সম্পূৰ্ণৰূপে অসম্ভৱ। এই বাবে ভগৱন্তই কৈছে-
তস্মাদসক্তঃ সততং কাৰ্য্যং কৰ্ম্ম সমাচৰ।
অৰ্থাৎ তুমি ফলাভিসঙ্গ ৰহিত হৈ সদায় অৱশ্যে কৰণীয় কৰ্ম্মানুষ্ঠান কৰা। অনাসক্ত হৈ কৰ্ম্ম কৰিলে পুৰুষে মোক্ষ লাভকৰে।
মানুহে আনকি জ্ঞানী মানুহেও, নিজৰ স্বভাৱৰ বশীভূত হৈ কৰ্ম্মত প্ৰবৃত্ত হয়; স্বভাৱক কোনেও অতিক্ৰম কৰিব নোৱাৰে। জীৱই ঘাইকৈ মন, বুদ্ধি, চিত্ত আৰু অহঙ্কাৰ- এই চাৰিটি অন্তৰেন্দ্ৰিয়ৰ সংযোগেৰে কৰ্ম্ম সম্পাদন কৰে। পাঁচোটা জ্ঞানেন্দ্ৰিয়, শব্দ, স্পৰ্শ, ৰূপ, ৰস, গন্ধ এই পাঁচোটা বিষয়ৰ যোগত বাক, পাণি, পাদ, পায়ু আৰু উপস্থৰৰ দ্বাৰায় মানুহ কৰ্ম্মত পৰিচালিত হয়। জীৱৰ জাগ্ৰত অৱস্থাত পাঁচোটা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰই পাঁচোটা বিষয়েৰে সৈতে সাক্ষাৎ হয়। সেই সাক্ষাৎ বা সম্বন্ধ মনৰ সহায়ত হয়। মন চাৰিটা অন্তৰেন্দ্ৰিয়ৰ ভিতৰৰ এটা অন্তৰেন্দ্ৰিয়। মনৰ [ ৭৬ ] যোগ নহ'লে পঞ্চ বিষয়েৰে সৈতে পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ সম্বন্ধ নহয়। পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰায় যেতিয়া মনেৰে সৈতে পঞ্চ বিষয়ৰ সাক্ষাৎ হয়, তেতিয়া সেই বিষয়বোৰ বুদ্ধিত স্থিৰীকৃত হয় আৰু চিত্তত উদ্ধোধন প্ৰাপ্ত হৈ 'অহংকৰ্ত্তা'- এনে জ্ঞানৰ দ্বাৰায় কৰ্ম্মত প্ৰবৃত্তি জন্মায় আৰু পিছত বাক, পাণি ইত্যাদি কৰ্ম্মোন্দ্ৰিয়ৰ দ্বাৰায় কৰ্ম্ম নিষ্পন্ন হয়। পূৰ্ব্বজন্মাৰ্জ্জিত কৰ্ম্মসংস্কাৰ মনৰ প্ৰৱৰ্ত্তক বা চেষ্টা উত্পাদনকাৰক। সেই বাবে জীৱই কৰ্ম্ম নকৰি থাকিব নোৱাৰে। এই এটা কৰ্ম্মচক্ৰ। এই চক্ৰ উলঙ্ঘন কৰাই টান। কিন্তু যদিও জীৱ কৰ্ম্ম-পৰতন্ত্ৰ, তথাপি সৎ বা অসৎ কৰ্ম্ম সম্পাদন কৰা বিষয়ত মানুহৰ স্বাধীনতা আছে। মানুহ আন আন বিষয়ত আন আন জীৱৰ দৰে হ'লেও জ্ঞানৰ বিষয়ত সেইবোৰতকৈ শ্ৰেষ্ঠ। শাস্ত্ৰত কৈছেঃ- "আহাৰো নিদ্ৰা ভয়ং মৈথুনঞ্চ সামান্যমেতৎ পশুভিৰ্নৰাণাম্, জ্ঞানং হি তেষামধিকো বিশেষঃ জ্ঞানেন হীনাঃ পশুভিঃ সমানাঃ।" অৰ্থাত্ আহাৰ, নিদ্ৰা, ভয় আৰু মৈথুন বিষয়ত মানুহ আৰু পশু দুয়ো সমান। মানুহ মানোন জ্ঞানেৰে অধিক। সেইদেখি যি মানুহৰ জ্ঞান নাই, সি পশুৰ সমান। মানুহৰ গাত যি জ্ঞান আছে, তাৰদ্বাৰাই সি ভাল-বেয়া বুজিব পাৰে। মানুহে যিবোৰ ইন্দ্ৰিয়ৰ সহায়ত জ্ঞানৰ কাৰ্য্য কৰে, তাৰ ভিতৰত মনেই ঘাই। মনত প্ৰবৃত্তি আৰু নিবৃত্তি- এই দুটা বৃত্তি আছে। মানুহে জ্ঞানৰ দ্বাৰায় প্ৰবৃত্তিৰ কৰ্ম্ম বেছি কৰিব পাৰে। প্ৰবৃত্তিক অৱলম্বন কৰি যেনেকৈ কৰ্ম্ম সৰহ কৰিব পাৰি, নিবৃত্তিক আশ্ৰয় কৰি সেইদৰে কৰ্ম্ম কমাবও পাৰি। কৰ্ম্ম কমাব পাৰিলেই মানুহ মোক্ষৰ অধিকাৰী হ'ব পাৰে, কাৰণ কৰ্ম্মক্ষয় নহ'লে মুক্তি নহয়, কিয়নো কৰ্ম্মই বন্ধনৰ হেতু। সেইদেখি মানুহ কৰ্ম্মপৰতন্ত্ৰ হ'লেও তাৰ হ্ৰাস-বৃদ্ধি কৰিবৰ ক্ষমতা মানুহৰ আছে। জ্ঞানীয়ে স্বভাৱৰ বশীভূত হৈ বাহ্য কৰ্ম্মত প্ৰবৃত্ত থাকিলেও স্বতন্ত্ৰতাৰ বলেৰে কৰ্ম্মক্ষয় কৰে; কিন্তু অজ্ঞানীয়ে নোৱাৰে। স্বভাৱৰ বশৱৰ্ত্তী হৈ জ্ঞানীয়ে কৰ্ম্ম কৰিলেও সেই কৰ্ম্মৰ ফলৰ হাত এৰায়, কাৰণ জ্ঞানীয়ে তাক নিষ্কামভাৱে কৰি কৰ্ম্মফল ঈশ্বৰৰ হাতত সমৰ্পণ কৰে।
মনৰ ত্যাগেই প্ৰকৃত্ব ত্যাগ, কাৰণ "মন এব মনুষ্যানাং কাৰণং বন্ধমোক্ষয়োঃ।" মনেই মানুহৰ বন্ধন আৰু মুক্তিৰ হেতু। এই বাবেই কবীৰে কৈছে-"মনকে হাৰে হাৰিয়াঁ মনকে জিতে জিত। পৰম ব্ৰহ্মকো পাইয়াঁ মনহীকে পৰতীত।" অৰ্থাৎ মনৰপৰা জয়ত পৰাজয়, তাৰ জয়তে জয় আৰু মনৰ প্ৰতীতিতে পৰম ব্ৰহ্মক লাভ কৰা যায়। "যা মতিঃ সা গতিঃ।" অৰ্থাৎ যেনে মতি হয় তেনে গতিও হয়। মতি অৱশ্যে কাৰ্য্যানুযায়ী হয়। যদিও ভগৱন্ত বস্তু নিত্যানন্দ, আত্মাৰাম, তথাপি তেওঁকে একে মাথোন শৰণ্য আৰু বৰেণ্য জ্ঞান কৰি তেওঁৰ আৰাধানা কৰিলে তেওঁত ঐকান্তিকতাৰ নিমিত্তে আৰাধাকৰ মনত তৃপ্তি আৰু প্ৰতি হয়; আৰু সেই তৃপ্তি, সেই প্ৰীতি নিত্যানন্দ পৰমেশ্বৰৰ পৰাই হয়। সাংসাৰিক বস্তুৰ পৰা হোৱা প্ৰীতি আৰু তৃপ্তি ক্ষণভঙ্গুৰ; কিন্তু ঈশ্বৰৰ পৰা অহা প্ৰীতি আৰু তৃপ্তি সনাতন। সেই সনাতন তৃপ্তি আৰু প্ৰীতিৰ নিমিত্তে অনুভৱ কৰিব পাৰি যে ঈশ্বৰ নিত্য, প্ৰীতি আৰু তৃপ্ত। এই বাবে ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে আৰাধানা কৰা মানে তেওঁৰ প্ৰীতি লাভ কৰিবৰ নিমিত্তে আৰাধনা অৰ্থাৎ তেওঁৰপৰা প্ৰীতি লাভ কৰিম, সেই নিমিত্তেই তেওঁৰ আৰাধনা কৰা। [ ৭৭ ] যিজন আত্মদৰ্শী অৰ্থাৎ আত্মতৃপ্ত, আত্মৰত আৰু আত্মাতেই সন্তুষ্ট, তেওঁৰ কোনো কৰ্ত্তব্য নাই। সাধাৰণ মানুহতকৈ আত্মদৰ্শীৰ বিশেষত্ব এইখিনিতে। যি আত্মৰত অৰ্থাত্ মনক সঙ্কল্পবকল্পশূন্য কৰি আত্মাত ৰমণ কৰে, আত্মাতে সম্যকৰূপে আনন্দপ্ৰাপ্ত, তাৰ কৰ্ত্তব্য কাৰ্য্য একো নাই। বেদত কৈছে, তেনে মানুহৰ,
ভিদ্যতে হৃদয়গ্ৰন্থিশ্ছিদ্যন্তে সৰ্ব্বসংশয়াঃ।
ক্ষীয়ন্তে চাস্য কৰ্ম্মাণি তস্মিন্ দৃষ্টে পৰাবৰে।।
অৰ্থাৎ যাৰ আত্মসাক্ষাত্কাৰ লাভ হৈছে, তাৰ ৰাসনাময় হৃদয়গ্ৰন্থি ভেদ হৈ হৃদয় সৰল হৈছে, সমস্ত শংশয় নষ্ট হৈছে আৰু তাৰ সকলো কৰ্ম্মফল ক্ষয় হৈছে। "বাসনা এব সংসাৰ"-বাসনাই সংসাৰ। সেই বাসনা জীৱ মাত্ৰকৰে সুখলাভৰ নিমিত্তে উত্পন্ন হয়, আৰু সুখলাভৰ নিমিত্তেই মানুহে কৰ্ম্ম কৰে। কিন্তু যেতিয়া মানুহৰ আত্মসাক্ষাত্কাৰ হয়, সেই আত্মানন্দ লাভৰ পিছত আৰু সাধাৰণ ক্ষণিক সুখলাভৰ নিমিত্তে কৰ্ম্ম-প্ৰবৃত্তি নেথাকে। এই বাবেই আত্মদৰ্শী জ্ঞানীৰ অনুষ্ঠিত কৰ্ম্ম দ্বাৰায়, পুণ্য, অৰ্থ বা কৰ্ম্মত্যাগৰ নিমিত্তে প্ৰত্যবায় নাই। দেহাভিমানতে পাপ-পুণ্য আশ্ৰয় কৰে। যাৰ দেহাভিমান নাই, অৰ্থাৎ আত্মদৰ্শনৰ নিমিত্তে আত্মাৰ পাৰ্থক্য অনুভূত হ'লে নিৰ্লিপ্ততাৰ নিমিত্তে পাপ বা পুণ্য আত্মাত লিপ্ত নহয়, তাৰ আৰু কৰ্ম্মত বিচাৰ নাই।
দেহত যাৰ নাহি অহঙ্কাৰ।
মুক্তিলাভ বা ঈশ্বৰপ্ৰাপ্তিৰ দ্বিতীয়টো পথ জ্ঞান-যোগ বা জ্ঞান-মাৰ্গ শ্ৰীমদ্ভগৱদূগীতাৰ চতুৰ্থ অধ্যায়ত এই জ্ঞানযোগৰ কথা বিশদভাৱে উল্লিখিত আছে। এক পৰমব্ৰহ্ম সকলো অহং বা Ego বা আত্মা আছে যেনেকৈ, Non-ego বা অনাত্মাও আছে। সকলো সৃষ্ট বস্তু সেই অদ্বিতীয় পৰমাত্মাৰ অসংখ্য বিকাশ।
ব্ৰহ্মাৰ্পণং ব্ৰহ্মহবিঃ ব্ৰহ্মাগ্নৌ ব্ৰহ্মণা হুতম্।
আমাৰ কীৰ্ত্তনত শ্ৰীশঙ্কৰদেৱে লিখিছে:-
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত ব্যতিৰেক।।
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।
তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ।
গীতাৰ সপ্তম অধ্যায়ত ভগৱন্তই কৈছেঃ-
[ ৭৮ ]
আকৌ
দৈৱী হ্যেষা গুণময়ী মম মায়া দুৰত্যয়া।
আকৌ
ন মাং দৃষ্মৃতিনো মুঢ়া: প্ৰপদ্যন্তে নৰাধমা:।
আকৌ
নাহং প্ৰকাশ: সৰ্ৱস্য যোগমায়াসমাবৃত:।
মুঢ়োহয়ং নাভিজানাতি লোকো মামজমৱ্যয়ম।
তোমাৰেসে মায়ায়ে মোহিত সৰ্ব্বজনে।
তুমি আত্মা তোমাক নাজানে একোজনে।।
সমস্ত ভূতৰে তুমি আছা হঋদয়ত।
তত্ত্ব নাপাই তোমাক বিচাৰি বাহিৰত।।
তুমিসে কেৱল সত্য মিছা সবে আন।
মায়াৰ ৰচনা এই সংসাৰৰ আৱৰণৰ ভিতৰত থকা ব্ৰহ্মক যি ধ্যান কৰে, তাৰ ব্ৰহ্ম লাভ হয়-জ্ঞান -যোগৰ এই মূল কথা। শ্ৰীকৃষ্ণই কৈছে, egoবা সুকীয়া আত্মাৰ পুনৰ্জ্জন্ম আছে। প্ৰকৃত জ্ঞান আৰু ধৰ্ম্ম সংস্থাপনৰ অৰ্থে , -যি জ্ঞান আৰু ধৰ্ম্ম কালক্ৰমত অধোগতি প্ৰাপ্ত হয়-যুগে যুগে ঈশ্বৰৰ অৱতাৰ হয়। যি যি বিশেষ ego বা আত্মাত পৰমাত্মাৰ বিকাশ বেছি, সেই সকলেই অৱতাৰ। সাধাৰণ ego বা আত্মাও ঈশ্বৰৰে অংশ। ”তোমাৰেসে অংশ আমি যত জীৱজাক।” (শঙ্কৰদেৱ।) জ্ঞানত অৱতাৰো ঈশ্বৰৰ অংশ, কিন্তু অৱতাৰজন শ্ৰেষ্ঠ; কাৰণ তেওঁ আৰু ঈশ্বৰ যে একে , এইটো তেওঁ সম্পূৰ্ণৰূপে উপলব্ধি আৰু অনুভৱ কৰে। অৱতাৰ মায়াৰ অৰ্থাৎ অবিদ্যা বা অজ্ঞানৰ বান্ধোনেৰে বদ্ধ নহয়; সাধাৰণ মানুহ বদ্ধ। মানুহে সাধাৰণতে নিজক সুকীয়া পদাৰ্থ বুলি ভাৱে। অৱতাৰে ভাবে আৰু উপলব্ধি কৰে যে তেওঁ ঈশ্বৰেৰে সৈতে একে; সোহহম। সাধাৰণ মানুহৰ দেহত আত্মবৃদ্ধি হয় অজ্ঞানতাৰ নিমিত্তে, অৱতাৰ বা মহাপুৰুষৰ নহয়। এই অজ্ঞানতাৰ জাল সম্পূৰ্ণৰূপে জ্ঞান খড়্গৰ দ্বাৰা ছেদিত হ’লেও মানুহৰ মুক্তি। এই বাবেই শাস্ত্ৰত কৈছে- ”আত্মানং বিদ্ধি।” এই বাবেই ভক্তই কাতৰভাৱে প্ৰাৰ্থনা কৰি কৈছে:-
তুমিহে কেৱল আত্মা মোৰ।
তোমাক নাজনি জড় মিছা শৰীৰক মই
আত্মা বুলি ভৈলো সেৱা-চোৰ,
কিনো মই অজ্ঞানী দুৰ্ঘোৰ। (মাধৱদেৱ)
আমি মূঢ়মতি ঘোৰ অবিদ্যা-সাগৰে মজি
[ ৭৯ ]
বেদান্ত দৰ্শনৰ শিক্ষা এই; -আচলতে জন্ম বা সৃষ্টি আত্মবিস্মৃতি। প্ৰকৃত মুক্তি আত্মজ্ঞান। যি জ্ঞান মানুহক সম্পূৰ্ণৰূপে প্ৰবৃদ্ধ কৰে (অকল বুদ্ধিত চেলেংপেতেংকৈ নহয়), সৰ্ব্বতোভাৱে তেওঁ যে ঈশ্বৰৰ অংশ, ঈশ্বৰেৰে সৈতে একে এই জ্ঞান। অৱতাৰ হোৱা মহাপুৰুষৰে নিজৰ জীৱন, ইচ্ছা আৰু কাৰ্য্যকলাপ ঈশ্বৰৰ ইচ্ছাৰ সৈতে যে এক এই জ্ঞান সম্পূৰ্ণৰূপে অনুভৱ কৰে । এই বাবেই যীশুখৃষ্টই কৈছিল , "I and my Father are one." এইবাবেই বুদ্ধই কৈছিল- ”মানুহে পৃথিৱীত সুকীয়া অস্তিত্ব অনুভৱ কৰে অজ্ঞানতাৰ নিমিত্তে।” ঘোষাত মহাপুৰুষে লিখিছে-
ঈশ্বৰৰ সেৱা কৰন্তে জীৱৰ
গুচয় মায়াৰ ভ্ৰম।
ব্ৰহ্মপদে শুদ্ধ জীৱক বোলয়
ঈশ্বৰ পৰমব্ৰহ্ম।
অৰ্থাৎ আসক্তি, ভয় আৰু ক্ৰোধশূন্য আৰু মোতে একচিত্ত যি মোক আশ্ৰয় কৰি অনেকে আত্মজ্ঞানৰ দ্বাৰাই পবিত্ৰ হৈ মোৰ ভাব পাইছে।
যক্ষ বক্ষ স্ত্ৰীশুদ্ৰ যত ব্ৰজবাসী।
পক্ষী মৃগ বিষ্ণু ভৈল কৃষক উপাসি।। (কীৰ্ত্তন)
সমস্ত ভুততে দেখিবেক নাৰায়ণ
আত পৰে আন ধৰ্ম্ম সবে বিড়ম্বন।।
সমস্ত ভূততে ব্যাপি আছো মই হৰি।
সবাক মানিবা তুমি বিষ্ণু-বুদ্ধি কৰি।।
কুকুৰ চণ্ডাল গৰ্দ্দভৰো আত্মা ৰাম।
ইয়াকে বোলে ঈশ্বৰৰ অনুভূতি (God-realisation) আৰু এই অৱস্থাত জ্ঞানীয়ে সকলো প্ৰাণীক নিজৰ ভিতৰত দেখে আৰু নিজক সকলো প্ৰাণীৰ ভিতৰত দেখে আৰু এই সকলোকে এক ঈশ্বৰৰ ভিতৰত দেখে।
সমস্ত প্ৰাণীক পূজা বিষ্ণু বুদ্ধি কৰি। (কীৰ্ত্তন)
হৰিসে সবাৰো আত্মা বান্ধৱ ঈশ্বৰ।
বেদান্ত দৰ্শনৰ মতে অনুসৰণ কৰোঁতাসকল দুভাগত বিভক্ত- এভাগ দ্বৈতবাদী, আনভাগ অদ্বৈতবাদী। দ্বৈতবাদীয়ে কয়, জীৱাত্মা পৰমাত্মাৰে পৃথক হৈছে ঈশ্বৰৰ ইচ্ছাত; সেইদেখি ঈশ্বৰৰ ইচ্ছা নহ'লে জীৱাত্মা আৰু পৰমাত্মা একে হ'ব নোৱাৰে। ওপৰত তুলি দিয়া "ৱীতৰাগ-ভয়-ক্ৰোধা" গীতাৰ এই শ্লোকটোৰ দ্বৈতবাদীয়ে অৰ্থ কৰে যে এই মুক্তি ঈশ্বৰৰে সৈতে সম্পূৰ্ণ একত্ব হোৱা।
শ্ৰীকৃষ্ণৰ ধৰ্ম্মমত অতি উদাৰ। তেওঁ সকলো প্ৰকাৰ মতৰে প্ৰতি শ্ৰদ্ধা দেখুৱাই [ ৮০ ] কৈছে ; – যি যাৰ স্বভাৱ অনুসৰি যেনেকৈ পূজা কৰে তাতে তেওঁ সন্তুষ্ট, কাৰণ সকলো বাটৰ ওৰ তেওঁতেই। কিন্তু যদিও তেওঁৰ এই উদাৰতা, তেওঁ এক অদ্বিতীয় ঈশ্বৰৰ পূজাকেহে (Monotheism) সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে আৰু সেই পূজা ইহলোক পৰলোকৰ সুখ বা ঐশ্বৰ্য্য কামনা কৰি কৰা পূজা নহয়, নিষ্কাম পূজা। সকাম পূজা মোক্ষপ্ৰাপ্তিৰ বাট নহয়।
কাঙক্ষন্তঃ কৰ্ম্মণাং সিদ্ধিং যজন্ত ইহ দেৱতাঃ।
অৰ্থাৎ এই মনুষ্যলোকত কাম কৰ্ম্মৰ সিদ্ধি-প্ৰাৰ্থীসকলে মোক এৰি আন আন দেৱতাসকলৰ উপাসনা কৰে। এনে উপাসনাৰ সিদ্ধি অনিশ্চিত। কিন্তু নিষ্কাম কৰ্ম্মজনিত সিদ্ধি বা মুক্তি নিশ্চয় শীঘ্ৰে লাভ হয়। এইখিনিতে “পূৰ্ব্বমীমাংসা” দৰ্শনেৰে সৈতে শ্ৰীকৃষ্ণৰ মতৰ বিশেষ অমিল। পূৰ্ব্বমীমাংসাই কৈছে যে বেদত যি কৈছে, সেই বিধি-ব্যৱস্থা অভ্ৰান্ত আৰু তাক অলৰ-অচৰকৈ মানি চলিবা। বেদৰ ব্যৱস্থামতে সকলো ক্ষুদ্ৰ দেৱতাৰ পূজা কৰিবা, তেহে তোমাৰ স্বৰ্গ লাভ হব। কৃষ্ণই বেদক একেবাৰেই উৰাই দিয়া নাই, কিন্তু কৈছে, বেদৰ অনেক বাগ্য পুষ্পিত। কৃষ্ণই কৈছে – “মম ৱক্সানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্বশঃ।”
যেহপ্যন্যদেৱতা ভক্তা যজন্তে শ্ৰদ্ধয়ান্বিতাঃ।
অৰ্থাৎ হে কৌন্তেয়! শ্ৰদ্ধাযুক্ত হৈ যি আন দেৱতা ভজনা কৰে, সিয়ো মোকেই অবিধিপূৰ্ব্বক ভজনা কৰে। ইয়াৰ মানে মোৰ বাহিৰে আন একো নাই। কিন্তু যদিও এনে ভজনা মোৰেই ভজনা, তথাপি সি আওবটীয়া। দেৱতাসকলে মোক্ষ দিব নোৱাৰে। মোক্ষ মইহে দিব পাৰো আৰু সিয়েই আচল বস্তু। দেৱতাসকলে মুচুকন্দক কৈছিল –
সেইদেখি মুচুকুন্দই উত্তৰ দিছিল – নলাগে বৰ নিদ্ৰা কৰোঁ আমি। কোনো দেৱতাক “সৃষ্টি, স্থিতি, প্ৰলয়ৰ পৰম কাৰণ নাৰায়ণ” বুলি উপাসনা নকৰি, মাথোন এজন দেৱতা বুলি উপাসনা কৰাটো কৃষ্ণৰ মত নহয়। বাস্তৱিকতে অন্য দেৱতাক, যেনে – ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণক তেনেকৈ সৃষ্টি, স্থিতি, অন্তকাৰী দেৱ বুলি ভাবিবই নোৱাৰি, উপাসনাও কৰিব নোৱাৰি, কিয়নো, তেওঁলোক তেনেকুৱা নিশ্চয় নহয়। এক মাথোন নাৰায়ণহে সেই দেৱতা। ইন্দ্ৰাদি দেৱতাসকল তেওঁৰ আজ্ঞাকাৰী ভৃত্যহে উপনিষদত কৈছে –
ভয়াদস্যাগ্নিস্তপতি ভয়াৎ তপতি সূৰ্য্যঃ।
ইয়াৰ প্ৰতিনিধ শ্ৰীশঙ্কৰদেৱৰ কীৰ্ত্তন-ঘোষাত –
পলায় জগতৰ মৃত্যু যি প্ৰভুক ডৰে।
[ ৮১ ]
হেন জগন্নাথ অনাথৰ নাথ দেৱ।
মুক্তিলাভৰ তৃতীয় পথ যোগমাৰ্গ। এই যোগ হঠযোগ নহয়, ৰাজযোগ। পতঞ্জলিত এই যোগৰ বিশদ শিক্ষা আছ। গীতাৰ ষষ্ঠ অধ্যায়ত ভগৱন্তই যোগমাগৰ বিষয়ে সংক্ষেপ বিবৃতি দিছে। গীতাৰ পঞ্চম অধ্যায়ত শ্ৰীকৃষ্ণই সন্ন্যাস আৰু কৰ্ম্ম যোগৰ ঐক্য দেখুৱাই ষষ্ঠ অধ্যায়ত ধান-যোগৰ বৰ্ণনা দিলে। তেওঁ আচলতে বুজাই দিলে যে যোগী আৰু সন্ন্যাসী একে। তেওঁ যোগীৰ স্থান, আসন, উপবেশনৰ নিয়ম আৰু প্ৰাণ মন বুদ্ধিৰ সংযম সাধন কৰি যোগপ্ৰাপ্তিৰ সুগম পথ দেখুৱাই দিলে আৰু যোগীৰ আহাৰ-বিহাৰাদিৰ বিষয়েও উপদেশ দিলে। অকল জ্ঞানকে আশ্ৰয় কৰি যোগাবলম্বনতকৈ যে জ্ঞান আৰু বৈৰাগ্যৰে সৈতে ভক্তিযোগ শ্ৰেষ্ঠ সেইটো তেওঁ কৈ দিলে –
যোগিনামপি সৰ্বেষাং মদগতেনান্তৰাত্মনা।
অৰ্থাৎ হে অৰ্জ্জুন ! মোৰ মতে যোগী তপস্বীতকৈ শ্ৰেষ্ঠ ; জ্ঞানীতকৈ শ্ৰেষ্ঠ। এতেকে তুমি যোগী হোৱা। যি শ্ৰদ্ধাবান মানুহে মদ্গত চিত্তেৰে মোক ভজনা কৰে, তেওঁ সকলো যোগীতকৈ শ্ৰেষ্ঠ। বাস্তৱিকতে জ্ঞান আৰু ভক্তি দুয়ো ভগৱন্ত পাবৰ উপায়। দুইৰো দ্বাৰায় একে অৱস্থাত ওলোৱা যায়গৈ। প্ৰভেদৰ ভিতৰত – জ্ঞানীয়ে “তেৱেঁই মই” অৰ্থাৎ “সোহহম্” চিন্তা কৰোঁতে কৰোঁতে তেওঁত লীন হয়। এই বাবেই নৃসিংহ ভগৱন্তই প্ৰহলাদৰ নিচিনা ভক্তকো কৈছিল –
শুনি নৰসিংহে হাসিলন্ত।
জানো তুমি ভকত একান্ত।
তথাপিতো ইটো মন্বন্তৰ।
হুয়া থাকা দৈত্যৰ ঈশ্বৰ।।
সদায় শুনিবা মোৰ কথা।
মোৰ ৰূপ চিন্তিবা সৰ্ব্বথা।
কীৰ্ত্তনে পলাইবে পাপচয়।
ভোগ ভুঞ্জি পুণ্য কৰা ক্ষয়।
তোৰ যশে ব্যাপিবে জগতে।
ৰাত্ৰি দিনে মোক সুমৰন্তে।
সবে কৰ্ম্মবন্ধে হৈবা হীন।
এই বাবেই ভক্ত দামোদৰ বিপ্ৰই –
[ ৮২ ]
কৰ্ম্মবন্ধে ভৈলা হীন।
পায়া মহোদয় দেখি ব্ৰহ্মময়
এই বাবেই শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল –
আমাক স্মৰিবা বাক্য মনে।
মোৰ ধৰ্ম্ম কৰিবা যতনে।।
সংসাৰৰ দোষে হৈবা হীন।
জ্ঞানীৰ বিচাৰত সমুদ্ৰৰপৰা এক বিন্দু জল সুকীয়া হ’ল। সেই বিন্দু জল আকৌ সমুদ্ৰত পৰি আগৰ নিচিনাকৈ সমুদ্ৰৰে সৈতে মিলি গ’ল, তাৰ সুকীয়া অস্তিত্ব নাথাকিলে। পৰমাত্মা আৰু জীৱাত্মা এনেকুৱা। কিন্তু ভক্তৰ বিচাৰ এনেকুৱা নহয়। ভক্তই কয়, জলবিন্দু অনন্ত সমুদ্ৰৰপৰা সুকীয়া হৈ সি জলবিন্দু নাম ল’লে। বেছ কথা। কিন্তু স্থূল দৃষ্টিত যদিও সেই বিন্দুৱে সমুদ্ৰত পৰি নিজৰ অস্তিত্ব বিলোপ কৰিলে, দৃষ্টিৰ বহিৰ্ভূত হ’ল আৰু স্থান আৰু কালৰ দ্বাৰাই যদিও বিচ্ছিন্ন হৈ একেজাতৰ সমুদ্ৰত পৰিল, তথাপি সি সমুদ্ৰ নহয় ; যদিও সি সমুদ্ৰৰ নিচিনা হোৱাটো দেখুৱালে। বাস্তৱিকতে সি সমুদ্ৰত থাকিও সমুদ্ৰ-বিন্দুৱেই হৈ ৰ’ল। আনে তাক সমুদ্ৰৰপৰা সুকীয়াকৈ ধৰিব নোৱাৰিলেও, সি নিজে জানে যে সি সমুদ্ৰৰ বিন্দুহে। সমুদ্ৰত পৰি তাৰ বিন্দু নাম গুচিলেও সি নিজে জানে যে সি আগেয়ে যি বিন্দু আছিল, তেতিয়াও সেই বিন্দুৱেই আছে। তাৰ নিজৰ অপ্ৰতিহত জ্ঞানে তাক সুকীয়া কৰিয়েই সমুদ্ৰত থৈছে। সি সমুদ্ৰক হেৰুৱাইছিল, আকৌ সমুদ্ৰক পালে, আৰু সমুদ্ৰৰ সেৱাত সি নিযুক্ত হ’ল। অনেকে ভাবে যে সমাধিৰ অৱস্থাত ভক্ত সাধকৰ সেব্যসেৱকৰ ভাব থাকিব নোৱাৰে। ইয়াৰ উত্তৰত ক’ব পাৰি যে সাধনাৰ দ্বাৰায় শোধিত জীৱই যেতিয়া সমাধিৰ অৱস্থাত নিজক ঈশ্বৰেৰে সৈতে অভেদ দেখে, তেতিয়া তাৰ তেনেকুৱা দেখাই সেৱা আৰু তেনেকুৱা দেখাই ঈশ্বৰৰ তাৰ প্ৰতি কৃপা। সেইদেখি ভগৱন্তই কৈছে – যোগীৰ পক্ষেও মই অদৃশ্য নহওঁ, আৰু যোগীও মোৰ পক্ষে অদৃশ্য নহয় অৰ্থাৎ ভক্ত যোগীৰ পক্ষে যেনেকৈ ভগৱন্ত “ভক্তৰ ভগৱন্ত”, ভগৱন্তৰ পক্ষেও তেনেকৈ “ভক্ত ভগৱন্তৰ ভক্ত।” এইবাবেই গীতাত ভগৱন্তই কৈছে – “যে ভজন্তি তু মাং ভক্ত্যা ময়ি তে তেষু চাপ্যহম্।।” আক্ৰুৰে সেই দেখি কৃষ্ণক কৈছিল-
কোননো পণ্ডিতে এৰিয়া তোমাক
আনক ভজিবে যায়।
ভকতজনক আপোনাকো দিয়া
জানো ইটো অভিপ্ৰায়।
ভকতেসে প্ৰভু তোমাৰ বান্ধৱ
এই বাবেই ভগৱন্ত বলিৰ দুৱাৰৰখীয়া। এই বাবেই শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল –
[ ৮৩ ]
ভকতজনৰ জানা আমিসে হৃদয়।
মই বিনা ভকতে নিচিন্তে কিছু আন।
ভগৱন্তই গীতাত কৈছে –
যো মাং পশ্যতি সৰ্বত্ৰ সৰ্বঞ্চ ময়ি পশ্যতি।
অৰ্থাৎ, যি মোক সৰ্ব্বভুতত আৰু সকলোতে দেখে আৰু মোতে সকলোকে দেখে, তাৰ পক্ষে মই অদৃশ্য নহওঁ আৰু সিও মোৰ পক্ষে অদৃশ্য নহয়। এতেকে এনে জ্ঞানীৰ সত্তা একেবাৰেই বিলোপ হ’ব কেনেকৈ আৰু সেব্য-সেৱকৰ ভাবেই বা নাইকিয়া হব কেনেকৈ? আন নেলাগে, অদ্বৈতবাদী শঙ্কৰাচাৰ্য্যয়ো তেওঁৰ ৰচিত ষট্ৰপদীত লেখিছে – সত্যপি ভেদাপগমে নাথ তৱাহং ন মামকীনস্তৃম। সামুদ্ৰোহি তৰঙ্গঃ কচন সমুদ্ৰো ন তাৰঙ্গঃ। অৰ্থাৎ হে ঈশ্বৰ ! যদিও সমুদ্ৰ আৰু তৰঙ্গৰ একো প্ৰভেদ নাই তথাপি লোকে সমুদ্ৰৰহে তৰঙ্গ বোলে, তৰঙ্গৰ সমুদ্ৰ নোবোলে। তেনেকৈ হে ঈশ্বৰ ! তোমাৰ আৰু মোৰ মাজত কোনো ভেদ নাথাকিলেও “মই তোমাৰ” এই কথাহে ক’ব পাৰিম, “তুমি মোৰ” এইদৰে ক’ব নোৱাৰো।
এই পৃথিৱীত শ্ৰীকৃষ্ণ নিশ্চয় প্ৰেম-ভক্তিৰ প্ৰধান শিক্ষক, যদিও জ্ঞান আৰু কৰ্ম্মৰ শিক্ষাতো তেওঁ অলপো নুন নহয়। তেওঁৰ মতে, জ্ঞান, কৰ্ম্ম আৰু যোগৰ প্ৰত্যেকটো পথেই মুক্তিদায়ক ; কিন্তু ভক্তিৰ পথ সহজ আৰু শ্ৰেষ্ঠ। সেই তিনিটা পথে ভক্তিৰে অভিষিক্ত নহ’লে মুক্তিলাভ সুলভ নহয়। কৰ্ম্ম, জ্ঞান আৰু ভক্তিৰ সমন্বয় সৰ্ব্বোৎকৃষ্ট অৱস্থা আৰু গীতাৰ দ্বাদশ অধ্যায়ত কৃষ্ণৰ শিক্ষাৰ সেয়ে সাৰ বস্তু। বাস্তৱিকতে ভাবি চালে দেখি যে আচলতে গীতাত ভক্তিৰ ধাৰাটোৱেই ঘাই, কৰ্ম্ম আৰু জ্ঞান তাৰ শাখানদী মাথোন। প্ৰকৃত জ্ঞান আৰু প্ৰকৃত কৰ্ম্মই ভক্তিলৈকেহে টানি নিয়ে। গীতাৰ সপ্তম অধ্যায়ত –
তেষাং জ্ঞানী নিত্যযুক্ত একভক্তিবিশিষ্যতে।
অৰ্থাৎ তেওঁলোকৰ ভিতৰত সদায় মোত নিষ্ঠাবান আৰু এক মাথোন মোত ভক্তিবিশিষ্ট জ্ঞানীয়েই শ্ৰেষ্ঠ। মই জ্ঞানীৰ অতিশয় প্ৰিয় আৰু তেৱোঁ মোৰ বৰ প্ৰিয়। এই কথায়ো ভক্ত জ্ঞানীলৈকেহে আঙুলিয়ায়। শ্ৰীকৃষ্ণৰ মুখনিঃসূতা গীতা হিন্দুৰ বেদ, উপনিষদৰ আৰু দৰ্শনৰ ঘনীভূত সাৰতত্ত্ব। এই বাবে গীতাৰ বিষয়ে কোৱা হৈছে –
সৰ্বোপনিষদো গাৱো দোগ্ধা গোপালনন্দনঃ।
[ ৮৪ ] অৰ্থাৎ –
সকলে উপনিষদ ধেনু দোগ্ধা ভৈল তাৰ নন্দুসুত
তাৰ বৎস ভৈল কুন্তীসুত ধনঞ্জয়।
দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ চৰণে দিয়া চিত্ত
হিন্দুৰ এই প্ৰসিদ্ধ পুৰণি শাস্তৰ কৰ্ম্ম, জ্ঞান, ভক্তি, দৰ্শন, বিজ্ঞান, যুক্তি, বিশ্বাসৰ সামঞ্জস্যকৃত সন্মিলন। পৃথিৱীৰ কোনো সভ্য জাতিৰ কোনো শাস্ত্ৰই কৰ্ত্তব্য পৰমাত্মাৰ বিষয়ে গীতাৰ দৰে বিশদভাৱে শিক্ষা দিব পৰা নাই। এইবোৰ বিষয়ত গীতাৰ দৰে অদ্বিতীয়। গীতা কোনো এটা নতুন ধৰ্ম্মৰ আৱিষ্কাৰক নহয়। কৃষ্ণাৱতাৰৰ আগলৈকে হিন্দুৰ ইহকাল আৰু পৰকালৰ বিষয়ে অশেষ চিন্তা, গৱেষণা, আধ্যাত্মিক দৰ্শন, জ্ঞান, বিজ্ঞান ইত্যাদিৰ সংক্ষিপ্ত, সৰ্ব্বশ্ৰেষ্ঠ, অত্যুজ্জ্বল অথচ সুগভীৰ সাৰবিবৃতি গীতা। এই সকলোবোৰৰ সাৰতত্ত্বক কেন্দ্ৰীভূত কৰি, আধ্যাত্মিক, ঐহিক, পাৰলৌকিক, ধৰ্ম্ম নীতি, আচৰণ ইত্যাদিৰ প্ৰদীপ্ত প্ৰদীপ অজ্ঞান এন্ধাৰত পৰি ককবকোৱা মানুহৰ চকুৰ আগত শ্ৰীকৃষ্ণ ভগৱন্তই ধৰিছে। তেওঁৰ শিক্ষা সাম্প্ৰদায়িক সঙ্কীৰ্ণতাৰ আৱৰণ ভেদ কৰি উদাৰ সামঞ্জস্যৰ ওখ ভেটিত প্ৰতিষ্ঠিত হৈছে। কেউখন দৰ্শনৰ দাৰ্শনিক তত্ত্বৰ ব্যাখ্যাৰ সামঞ্জস্য কৰি বেদান্ত দৰ্শনেৰে সৈতে সাংখ্য আৰু যোগদৰ্শনৰ তেওঁ যোগ সাধন কৰিছে। তেওঁৰ শিক্ষা ধৰ্ম্ম-তত্ত্ব আৰু নীতি-তত্ত্বৰ চৰণ শিক্ষা। ঈশ্বৰত প্ৰগাঢ় ভক্তিযোগ, সৰ্ব্বপ্ৰাণীত সমদৰ্শন আৰু আত্মৱৎ বুদ্ধি, জীৱনৰ সকলো কৰ্ম্মত নিষ্কামভাব আৰু তাৰ ফলাফল ঈশ্বৰত সমৰ্পণ আৰু ঈশ্বৰত আত্মনিবেদন ইত্যাদি তেওঁৰ শিক্ষা পৃথিৱীত অতুলনীয়। ভিন্ন ভিন্ন পন্থাৱলম্বী ধৰ্ম্মাচৰণকাৰীসকলৰ প্ৰতিও তেওঁৰ উদাৰ ধৰ্ম্মমতৰ উদাৰ উক্তি। গীতাৰ সাৰবস্তু যদিও একমেৱাদ্বিতীয়ম্, ঈশ্বৰত একশৰণ আৰু অব্যভিচাৰী ভক্তি, তথাপি আন আন প্ৰচলিত বিভিন্ন মতাৱলম্বী ধৰ্ম্মৰ প্ৰতিও গীতাৰ শক্ৰতা নাই। কৃষ্ণ-প্ৰচাৰিত ধৰ্ম্মশিক্ষা সাৰ্ব্বভৌমিক, সাৰ্ব্বলৌকিক আৰু সনাতন। চাৰি-পাঁচ হাজাৰ বছৰৰ আগেয়ে প্ৰচাৰিত সেই শিক্ষাত, অৱশ্যে কোনো কোনো বিষয়ত সেই কালৰ মনুষ্য সমাজৰ আৰু মনুষ্য সমাজত প্ৰচলিত ধৰ্ম্ম-কৰ্ম্মৰ কিছু ছাঁ যে পৰিছে তাত সন্দেহ নাই।
কোনো কোনোৱে ভগৱদগীতাক ৰূপক শাস্ত্ৰ বুলিও ব্যাখ্যা কৰে। যেনে, — অৰ্জ্জুন জীৱাত্মাৰ আৰু কৃষ্ণ পৰমাত্মাৰ প্ৰতীক। কৌৰৱ পাপ প্ৰবৃত্তিবোৰ। কৃষ্ণৰ অৰ্জ্জুনক দিয়া শিক্ষা যে স্বৰ্গ-ৰাজ্য পাবৰ হলে অৰ্থাৎ মুক্তি লভিবৰ হ’লে, সেইবোৰ জয় কৰিব লাগিব। জীৱন যুদ্ধক্ষেত্ৰত জীৱাত্মাৰ কাণত পৰমাত্মাৰ উপদেশ ফুচফুচ কথাৰে পৰিব লাগিছে। মানুহৰ শৰীৰেই যুদ্ধক্ষেত্ৰৰ মাজত স্থাপিত ৰথ। প্ৰত্যেক মানুহে নিজৰ বাহুবলেৰে যুদ্ধ কৰিব লাগিব, অৱশ্যে হৃদয়স্থ সাৰথি পৰমাত্মা শ্ৰীকৃষ্ণৰ উপদেশ আৰু চালনা মতে।