পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৩
কীৰ্ত্তন আৰু ঘোষা-তত্ত্ব

নহয়। “ত্বয়া হৃষীকেশ হৃদি স্থিতেন যথা নিযুক্তোহম্মি তথা কৰোমি"হে বোলোঁ। আমাৰ হিয়াত থকা বস্তুটো আমাৰ অতি ওচৰ, অতি নিজৰ, তাক আমি আতোলতোলকৈ সামৰি-সুতৰি থৈ দিওঁ। মাকে প্ৰাণসম সন্তানক বুকুতহে সামৰি লয়। এই বাবেই মাতৃস্তন্যৰ আধাৰ বুকু , যি স্তন্যামৃত দি তেওঁ সন্তানক বৰ্দ্দন কৰে। মূৰ জ্ঞানৰ আৰু বুদ্ধিৰ স্থান, হৃদয় ভক্তি আৰু প্ৰেমৰ স্থান, য’ত পৰমাত্মাৰ অংশ জীৱাত্মা গোপন হৈ আছে। এই বাবে গীতাত জ্ঞানযোগতকৈ ভক্তিযোগৰ প্ৰাধান্য। এই নিমিত্তে শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্ম্মত ভকত আৰু ভকতিৰ স্থান শ্ৰেষ্ঠ। সকলো প্ৰকৃত ধৰ্ম্মৰে প্ৰাণ ভক্তি, যদিও অনেকে তাক মুখেৰে স্বীকাৰ নকৰে বা সেইটো কথা অজ্ঞাতসাৰে স্বীকাৰ কৰিও, মন কৰি নেচায়। এটা বৰ বুদ্ধিমান চতুৰ লোকতকৈ নিশ্চয় তুমি নিৰ্ভাজ হিয়াৰ লোকক ভাল পোৱা, বিশ্বাস কৰা, তাৰ আগত তোমাৰ হিয়া উবুৰিয়াই দিয়া। কিয়? কাৰণ হৃদয়, হৃদয়েৰে সৈতে তাত চিনাকি হয়, তাত তঞ্চকতা নাথাকে, সি ঈশ্বৰৰ স্থান, তোমাৰ মূল্য বুলিবৰ নিমিত্তে কষটি শিল। তুমি মনীষী বিছমাৰ্ক, বা গ্লেড্‌ষ্টোনৰ আগত তোমাৰ হিয়াৰ কথা খুলি ক’বলৈ ভয় কৰিবা আৰু ক’বলগীয়া হলেও সাৱধান হৈ লুকঢাক কৰি পেটত কিছুমান ৰাখি ক’বা ; কিন্তু এজন সামান্য ধাৰ্ম্মিক পাদুৰী, অথবা ঈশ্বৰভক্ত নিভাঁজ হৃদয়বান লোকৰ আগত হ’লে নিশ্চয় তুমি হিয়া উবুৰিয়াই দিবা ; কাৰণ তেওঁৰ শুদ্ধ জীৱাত্মাই তোমাৰ শুদ্ধ জীৱাত্মাক টানি নিয়ে। বুদ্ধিমান অতি চতুৰ লোক যিমানেই জ্ঞানী হওক, যিমানকে তেওঁৰ বুদ্ধিৰ বিকাশ ঘটক, তেওঁৰ জীবাত্মা, জবায়ুৰে ভ্ৰাণ আবৃত হৈ থকাদি বা ধোঁৱাৰে জুই ঢাক খাই থকাদি অপ্ৰকাশিত থাকে। এই জৰায়ু বা ধোঁৱাকে সাধুসকলে মায়া বোলে। হিয়াৰ ভক্তিৰেহে এই মায়াৰ বন্ধন কুমলি শিথিল হয়। ভক্তিৰে সৈতে, শ্ৰদ্ধাৰে সৈতে তুমি যাক যি বস্তুকে দিয়া, সেইজনে নিশ্চয় প্ৰীতিৰে তাক গ্ৰহণ কৰে ; কাৰণ সেই বস্তু তোমাৰ হিয়াৰপৰা গৈ তেওঁৰ হিয়া পালেগৈ, সি দুই হিয়াৰ যোগ সাধন কৰিলে, দুইকো একান্তভূত কৰি পেলালে। এই বাবে ভক্তি জ্ঞানতকৈ শ্ৰেষ্ঠ। এইদেখি বিবেকানন্দ স্বামীয়ে কৈছিল - "It is through hearth Lord is seen and not through the intellect. The intellect is only the street cleaner cleansing the path for us, a secondary worker, the policeman. It is feeling that works, that moves with speed infinitely superior to the that of electricity or anything else." তুমি সাত্ত্বিকভাৱে হিয়াৰে সৈতে ঈশ্বৰৰ চৰণত, যি ঈশ্বৰ তোমাৰ হিয়াৰ বস্তু, ফুল-জল দিয়া কল এটি, মাহচাউল এগালিৰে সৈতে দিয়া তাৰ মোল ৰজাঘৰীয়া বৰপূজা বা ৰাইজৰ ডাঙৰ ৰাজহুৱা বৰপূজাতকৈ ঈশ্বৰৰ মানত নিশ্চয় সৰহ। ভক্তি প্ৰধান ধৰ্ম্মৰ শ্ৰেষ্ঠতা এই নিমিত্তে স্বীকাৰ কৰিবই লাগিব। বিশ্বজনীন উদাৰ মহান্‌ ধৰ্ম্ম এই নিমিত্তে ভক্তিপ্ৰধান নহৈ নোৱাৰে অৰ্থাৎ যি ধৰ্ম্মত ভক্তিয়ে প্ৰধান স্থান অধিকাৰ কৰিছে সেই ধৰ্ম্মহে বিশ্বজনীন হ’ব পাৰে। এবাটি গাখীৰত যেনেকৈ অলপমান টেঙা পৰিলে সি কুৰুচি যায়, সেই ভক্তিৰ ভাণ্ডাতো ৰাজসিক তামসিক কাৰ্য্যেৰে ভক্তি কৰিলে সেই ভক্তিও কালক্ৰমত বিকৃত নহৈ নোৱাৰে। এই বাবে গীতাই কৈছে –