অৰ্থাৎ জ্ঞানীৰ আচাৰ দেখি সাধাৰণ লোক চলে। আৰু তেওঁ যি প্ৰমাণ কৰে সাধাৰণ লোকে তাৰে অনুসৰণ কৰে।
এই বচন অনুসাৰে পাছে অজিতেন্দ্ৰিয় দেহাভিমানী লোকে অনাসক্ত বিষয়ত বিৰাগী তেজস্বী পুৰুষৰ লোকসমাজত নেইন্দিত কাৰ্য্যৰ অনুকৰণ কৰিবলৈ যায়, সেইটো আশঙ্কা কৰি শুকদেৱে এই কথা কৈছে।
দেহত যাৰ নাহি অহঙ্কাৰ।
এই নিমিত্তেই্ অবিৰক্তসকলৰ বেদবিহিত কৰ্ম্মলঙঘনত দোষ বুলিছ, আৰু বিৰক্ত ভক্তৰ দোষ নাই বুলিছে।
অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ
জানিবাহা হৈবেক নিশ্চয়।
পৰিৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল
শুকদেৱে পুনৰাই কৈছে -
কুশলাচৰিতেনৈষামিহ চাৰ্থো ন ৱিদ্যতে।
ৱিপৰ্যয়েন বানৰ্থো নিৰহঙ্কাৰিণাং প্ৰভো।।
কিমুতাখিলসত্ত্বানাং তিৰ্য্যঙ্ মৰ্ত্ত্যদিৱৌকসাম্।।
অৰ্থাৎ -
যিটো দেখে ব্ৰহ্মময় মহাজ্ঞানী
দেহে নাহি অহঙ্কাৰ।
এওক দোষ গুণে নোছোৱে তাহাৰ
কৰ্ম্মত গুচে বিচাৰ।। - দশম
সনাতন কৃষ্ণ পৰম পুৰুষ
যিটো জগতৰ ঈশ।
ইটো পৰদাৰা-গমন পাতকে
তাঙ্ক কৰিবেক কিস? - দশম
শ্ৰীকৃষ্ণই কৈছে ̶ 'হে পাৰ্থ! ত্ৰিলোকত মোৰ কৰ্ত্তব্য বুলি এওক নাই।' অৰ্থাৎ মই লৌকিক হিচাপত যি কৰ্ত্তব্য বা অকৰ্ত্তব্য তাৰ বাহিৰ।
যি পৰমেশ্বৰ সকলোৰে নিয়ন্তা তেওঁৰ পাপ-পুণ্য একো থাকিব নোৱাৰে।যাৰ দেহত অহং বুদ্ধি নাই অৰ্থাৎ মই কৰ্ত্তা বুলি অভিমান নাই, তাত পাপ-পুণ্যওনাই। দেহ আৰু আত্মাৰ অনিষ্টজনক যি সিয়েই পাপ, সিয়েই্ লৌকিক হিচাপত নিন্দনীয়। এতেকে যাৰ দেহেৰে সৈতে সম্পৰ্ক নাই, সমাজত সৈতে সম্বন্ধ নাই, তাৰ পাপ-পুণ্যও নাই। যাৰ 'মই' নাই, 'মোৰ' নাই, 'পৰ' নাই, 'অপৰ' নাই, যাৰ 'নিজৰ' বুলি একোতে অভিলাষ নাই, 'পৰ'ৰ বুলি একোতে বিতৃষ্ণা নাই, যাৰ মায়াৰ দ্বাৰাই জীৱ পাপ-পুণ্যত আবদ্ধ হৈছে, যি 'শুদ্ধমপাপবিদ্ধম্' যি ̶