পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


কিন্তু সম্পূৰ্ণ মাকজনী কি পদাৰ্থ, সেই মাকৰ বয়স, আদি, অন্ত, আগগুৰি ইত্যাদি নেজানে। মাকৰ মাতত্ব তাৰ আগত যিমান দূৰ প্ৰকাশিত অৰ্থাৎ সেই মাতৃত্বৰ ধাৰণা কৰিবৰ তাৰ যিমান ফেৰা ক্ষমতা সেই পৰিমাণেহে মাক তাৰ আগত ব্যক্ত, তাৰ দ্বাৰাই চিন্ত্য আৰু পূজিত। সূৰ্য্যৰ আমি আদিও নেজানো, অন্তও নেজানো, তেওঁক কোনে কৰিলে বা কিহৰে তেওঁ গঠিত হ'ল আৰু কেতিয়া ক'ত তেওঁৰ ওৰ পৰিব, ইত্যাদি সূৰ্য্যৰ সম্পূৰ্ণ জ্ঞান আমাৰ অজ্ঞেয়; কিন্তু তেওঁৰ সৈতে আমাৰ অছেদ অভেদ সমন্ধ আৰু তেওঁ যিমান দূৰ আমাৰ বুদ্ধিবৃত্তিত প্ৰকাশিত সিমান দূৰ তেওঁক আমি জানো। এই বাবে সূৰ্য্য আমালৈ যেনেকৈ অজ্ঞেয়, তেনেকৈ জ্ঞেয়ও। সৰহ দূৰলৈ যাবই নেলাগে, আমাৰ বন্ধু বা নিজৰ কুটুম এজনকে আমি যদিও দিনে ৰাতিয়ে দেখিছোঁ, তেওঁক ভালকৈ জানিছোঁ, তথাপি তেওঁক সম্পূৰ্ণকৈ জানিছোঁ বুলিলে ঠিক নহয়। আমি নজনা, ধৰিব নোৱাৰা, কত গুণ-দোষ তেওঁক অব্যক্ত হৈ আছে তাৰ ওৰ নাই। এইবোৰৰ তুলনাত অসীম অনন্ত ঈশ্বৰক জনা আমাৰ জ্ঞানফেৰাক তুলনা কৰি চোৱা। চোৱা ভাবি সি কিমান ফেৰা! তথাপি আমি ঈশ্বৰক নেজানো যে এনে নহয়। তেওঁৰ অস্তিত্ব আমি অনুভৱ কৰিব পাৰোঁ। তেওঁৰে আমাৰ নিত্য সমন্ধ। তেওঁক এৰি আমি এক মুহূৰ্ত্তও থাকিব নোৱাৰোঁ। তেওঁৰ চৰনত কৃতজ্ঞত, ভক্তি, সেৱা, পূজা নকৰাকৈ থকাটো আমাৰ পক্ষে অসম্ভৱ। যি গাৰ বলেৰে ঈশ্বৰক আঁতৰ কৰি সুকীয়া হৈ থাকিবলৈ যায় আৰু ঈশ্বৰৰ কৰুণ্য-কৃপা পায়ো তাক স্বীকাৰ নকৰি ভক্তিভৰে কৃতজ্ঞতা নজনাই বা জনাব নোৱাৰে, সি মিছলীয়া, অকৃতজ্ঞ আৰু অধৰ্ম। কিন্তু এনে এটা দিন আহে, যেতিয়া সেই মূঢ় অহঙ্কাৰীৰো অহঙ্কাৰ চূৰ্ণ হয়। সেই মূঢ় অগৰ্ব্বীয়ো সময়ত ধৰা নপৰি নেথাকে। আনকি ডাঙৰ বিপদৰ কথাই নকওঁ, সৰু পিছল বা উজুটি এটা খালেই সি স্বভাৱতে ধৰা পৰে। হে মানৱ! তুমি নিশ্চয় জানি থবা,- ঈশ্বৰে তোমাৰপৰা কৃতজ্ঞতা নিবিচাৰে, পূজা-ভক্তি নিবিচাৰে, কাৰণ তেওঁৰ একোৰে আৱশ্যক নাই। তেওঁ সূৰ্য্যৰ দৰে তোমাক জীৱন আৰু কিৰণ, পৰ্জন্যৰ দৰে বাৰি সমভাৱে দি গৈছে, দি যাব, কিন্তু সেইবোৰ পায়ো তোমাৰ হিয়াত কৃতজ্ঞতা-কিংশুক নুফুলিলে, ভক্তি ৰসৰ সোঁত নবলে, তুমি নিজকে এডোখৰ শিল বা এটা অগুণকাৰী পাষণ্ড প্ৰমাণ নকৰিবা নে? তুমি তোমাৰ পালক, জনক, ৰক্ষক, আনন্দদায়ক, মুক্তিদায়ক, ঈশ্বৰক সেৱা-ভজনা কৰাটো তোমাৰ কৰ্ত্তব্য কৰ্ম্ম বাবে কৰিব লাগে। তোমাপৰা সেইবোৰ ঈশ্বৰৰ আৱশ্যকীয় বুলি নহয়। কাৰণ তেওঁৰ একোৰে আৱশ্যক নাই। ঈশ্বৰৰ নিজৰ যদিও কোনো নাই, তথাপি তোমাক আৰ্হি দেখুৱাবলৈ, যাতে তেওঁ সৃষ্ট সংসাৰত কৰ্ম্মলোপ নহয়। তাৰ নিমিত্তে তেওঁ স্বয়ং কৰ্ম্মশীল।

       ঈশ্বৰ কোনো এটা লিঙ্গৰ অন্তৰ্গত নহয়। তেওঁ পুং, স্ত্ৰী আৰু ক্লীব কোনো এটা লিঙ্গৰ ভিতৰত নহয়। তেওঁ পুৰুষো নহয়, তিৰোতাও নহয়। আমাৰ কল্পনাই তেওঁত পুৰুষ ব স্ত্ৰীভাব আৰোপ কৰে। আৰু সেই ভাবৰ ব্যক্তিৰ শেষ ফলৰ উৎকৰ্ষ-অপকৰ্ষ অনুসৰি আমি তেওঁৰ সমীপবৰ্ত্তী বা দূৰবৰ্ত্তী হওঁহক। তেওঁ জগৎ সৃষ্টি