পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
কীৰ্ত্তন আৰু ঘোষা-তত্ত্ব

গীতাই এই বাবেই কৈছে – ওঁ ইত্যেকাক্ষৰং ব্ৰহ্ম।” অ, উ আৰু ম ̶ এই তিনটি ধ্বনি মিলি ওঁ হৈছে। আ মানে পালনকৰ্ত্তা বিষ্ণু, উ মানে সংহাৰকৰ্ত্তা শিৱ আৰ ম মানে সৃষ্টিকৰ্ত্তা ব্ৰহ্মা। সৃষ্টি, স্থিতি আৰু লয়ৰ অধিকাৰী পৰম ঈশ্বৰৰ স্বৰূপক প্ৰণৱ ইমান মূল্যবান, আৰু এই বাবেই ওঁ উচ্ছাৰণ আৰু জপৰ বিধান। বাৰে বাৰে একেটা কথাকে উচ্ছাৰণ কৰি তাৰ মৰ্ম্ম বিশেষভাৱে হৃদয়ত অঙ্কিত কৰাকে জপ কৰা বোলে। এয়েইতো নামধৰ্ম্ম আৰু এই মূল প্ৰণালীৰেইতো এই কালত বিশেষভাৱে প্ৰচাৰ কৰোতা শ্ৰীশঙ্কৰদেৱ। ঈশ্বৰক সুমৰিবৰ এই মূল আৰু একমাত্ৰ বিশিষ্ট প্ৰণালী কালক্ৰমত আবৰ্জনাৰে ঢাক খাই গুপ্ত বা লুপ্ত হৈ পৰিছিল দেখি সেই আবৰ্জনাৰাশি দূৰ কৰি এই নামধৰ্ম্ম প্ৰকাশ কৰি জীৱৰ কল্যাণ কৰিলে শ্ৰীশঙ্কৰদেৱ, শ্ৰীচৈতন্যদেৱ প্ৰভৃতি চাৰিদিশে চাৰিজন মহাপুৰুষ অৱতাৰ হৈ সৃষ্টি, স্থিতি, লয়ৰ কৰ্ত্তা ও একাক্ষৰবাচক পৰমেশ্বৰৰ আনন্দময় গুণ আৰু সৰ্ব্বভূতৰ হৃদয়ত ৰমণ কৰি সকলোকে সন্তোষ দিওঁতা গুণ, এই দুটা প্ৰণৱৰপৰা মথি সাৰ কাঢ়ি মানুহৰ মনত সুমধুৰ ৰস সিঁচি মানুহক সজীৱ কৰা হ’ল ৰাম আৰু কৃষ্ণ এই দুটা নামেৰে শ্ৰৱণ-কীৰ্ত্তন ধৰ্ম্মজাতি-বৰ্ণ নিৰ্ব্বিশেষে সকলোৰে সুপ্ৰাপ্য কৰি প্ৰচাৰ কৰি জগতৰ উপকাৰ কৰিলে মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে। ব্ৰাহ্মণ আৰু বেদৰ হেঙাৰ ভাঙি তাৰপৰা সাৰৰো সাৰ, অথচ সুমধুৰৰো সুমধুৰ, উজুৰো উজু, পৰমব্ৰহ্মৰ “সত্যং শিৱং সুন্দৰং” গুণ প্ৰকাশক ৰামকৃষ্ণ নামৰ অমৃত সকলোকে বিলাই দি পৰম উপকাৰ কৰিলে কৃপালু শঙ্কৰে। এনে শঙ্কৰৰ উপকাৰ এনে কোন অগুণকাৰী অসাঠনীয়া অভাজন আছে যে পাহৰিব পাৰে ?

       নাম-ব্ৰহ্মৰ উপাসনা যে অকল হিন্দুৰ ভিতৰতে আছে এনে নহয়, খৃষ্টীয়ান ধৰ্ম্মতো নাম বা শব্দ-ব্ৰহ্ম বা ঈশ্বৰ ‘গড্‌’ বুলি স্বীকৃত ; যদিও আজিকালি অনেক খ্ৰীষ্টানৰ সেই কথা বৰকৈ মনত বহি থকাটো দেখা নেযায়। বাইবেলত আছে – "In the beginning was the Word ; and the Word was with God and the Word was God" অৰ্থাৎ আদিতে শব্দ বা বাক্য আছিল ; সেই বাক্য পৰমেশ্বৰৰে সৈতে আছিল, আৰু সেই বাক্যই পৰমশ্বেৰ। চেইণ্টজনৰ গছপেল মেলিলেই প্ৰথমতে এই কথা দেখিবলৈ পোৱা যায়। এই Word শব্দ বা ওঁ-কাৰ নাদেই বেদৰ পৰমব্ৰহ্ম, আৰু পিছৰ খ্ৰীষ্টানৰ Lord ! God ! আৰু হিন্দুৱে ধাৰণা কৰা ঈশ্বৰৰ অতি সুমধুৰ প্ৰেম, কৰুণা আৰু সৰ্ব্বভুতৰমণ ৰাম আৰু কৃষ্ণ নাম। যি জাতিৰ যি ঘৰুৱা শব্দই নিগুণ পৰমব্ৰহ্মক সগুণভাৱে অন্তৰঙ্গ কৰি উপলব্ধি কৰায়, সেয়েই নাম, সেয়েই ভৱসিন্ধু-তৰণী নামব্ৰহ্ম।

       শব্দই আৰু পৰমাৰ্থবোধক শব্দই মানুহক অন্য জীৱৰ ওপৰত শ্ৰেষ্ঠতা দান কৰি প্ৰকৃত মনুষ্যত্ব প্ৰদান কৰিছে। শব্দ অত্যন্ত শক্তিশালী। এই কথা অলপ দকৈ ভাবি চালেই বুজিব পাৰি। অৰ্থবোধক শব্দ যে শক্তিশালীয়েই, আমাৰ প্ৰচলিত বোধগম্যতাৰ বিপৰীত অৰ্থাৎ আমাৰ পক্ষে সাধাৰণতঃ নিৰৰ্থক বুলি ভবা শব্দও যে শক্তিশালী এই কথাও অলপ ভাবিলেই দেখা যায়। এটা মাত নুফুটা অকণমান কেঁচুৱা