যিজন আত্মদৰ্শী অৰ্থাৎ আত্মতৃপ্ত, আত্মৰত আৰু আত্মাতেই সন্তুষ্ট, তেওঁৰ কোনো কৰ্ত্তব্য নাই। সাধাৰণ মানুহতকৈ আত্মদৰ্শীৰ বিশেষত্ব এইখিনিতে। যি আত্মৰত অৰ্থাত্ মনক সঙ্কল্পবকল্পশূন্য কৰি আত্মাত ৰমণ কৰে, আত্মাতে সম্যকৰূপে আনন্দপ্ৰাপ্ত, তাৰ কৰ্ত্তব্য কাৰ্য্য একো নাই। বেদত কৈছে, তেনে মানুহৰ,
ভিদ্যতে হৃদয়গ্ৰন্থিশ্ছিদ্যন্তে সৰ্ব্বসংশয়াঃ।
ক্ষীয়ন্তে চাস্য কৰ্ম্মাণি তস্মিন্ দৃষ্টে পৰাবৰে।।
অৰ্থাৎ যাৰ আত্মসাক্ষাত্কাৰ লাভ হৈছে, তাৰ ৰাসনাময় হৃদয়গ্ৰন্থি ভেদ হৈ হৃদয় সৰল হৈছে, সমস্ত শংশয় নষ্ট হৈছে আৰু তাৰ সকলো কৰ্ম্মফল ক্ষয় হৈছে। "বাসনা এব সংসাৰ"-বাসনাই সংসাৰ। সেই বাসনা জীৱ মাত্ৰকৰে সুখলাভৰ নিমিত্তে উত্পন্ন হয়, আৰু সুখলাভৰ নিমিত্তেই মানুহে কৰ্ম্ম কৰে। কিন্তু যেতিয়া মানুহৰ আত্মসাক্ষাত্কাৰ হয়, সেই আত্মানন্দ লাভৰ পিছত আৰু সাধাৰণ ক্ষণিক সুখলাভৰ নিমিত্তে কৰ্ম্ম-প্ৰবৃত্তি নেথাকে। এই বাবেই আত্মদৰ্শী জ্ঞানীৰ অনুষ্ঠিত কৰ্ম্ম দ্বাৰায়, পুণ্য, অৰ্থ বা কৰ্ম্মত্যাগৰ নিমিত্তে প্ৰত্যবায় নাই। দেহাভিমানতে পাপ-পুণ্য আশ্ৰয় কৰে। যাৰ দেহাভিমান নাই, অৰ্থাৎ আত্মদৰ্শনৰ নিমিত্তে আত্মাৰ পাৰ্থক্য অনুভূত হ'লে নিৰ্লিপ্ততাৰ নিমিত্তে পাপ বা পুণ্য আত্মাত লিপ্ত নহয়, তাৰ আৰু কৰ্ম্মত বিচাৰ নাই।
দেহত যাৰ নাহি অহঙ্কাৰ।
মুক্তিলাভ বা ঈশ্বৰপ্ৰাপ্তিৰ দ্বিতীয়টো পথ জ্ঞান-যোগ বা জ্ঞান-মাৰ্গ শ্ৰীমদ্ভগৱদূগীতাৰ চতুৰ্থ অধ্যায়ত এই জ্ঞানযোগৰ কথা বিশদভাৱে উল্লিখিত আছে। এক পৰমব্ৰহ্ম সকলো অহং বা Ego বা আত্মা আছে যেনেকৈ, Non-ego বা অনাত্মাও আছে। সকলো সৃষ্ট বস্তু সেই অদ্বিতীয় পৰমাত্মাৰ অসংখ্য বিকাশ।
ব্ৰহ্মাৰ্পণং ব্ৰহ্মহবিঃ ব্ৰহ্মাগ্নৌ ব্ৰহ্মণা হুতম্।
আমাৰ কীৰ্ত্তনত শ্ৰীশঙ্কৰদেৱে লিখিছে:-
তুমি পৰমাত্মা জগতৰ ঈশ এক।
একো বস্তু নাহিকে তোমাত ব্যতিৰেক।।
তুমি কাৰ্য্য কাৰণ সমস্ত চৰাচৰ।
সুৱৰ্ণ কুণ্ডলে যেন নাহিকে অন্তৰ।।
তুমি পশু পক্ষী সুৰাসুৰ তৰু তৃণ।
গীতাৰ সপ্তম অধ্যায়ত ভগৱন্তই কৈছেঃ-