পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


'বায়ুৰ্বা অহমস্মি মাতৰিশ্বা বা অহমস্মি,' মই বায়ু, মই মাতৰিশ্বা, সমস্ত জগত আদান কৰিব পাৰোঁ। ব্ৰহ্মাই ক'লে- 'বাৰু বেছ কথা; তেন্তে এই তৃণডালি আদান কৰাচোন।' বায়ুৱে তেওঁৰ গোটেই শক্তি প্ৰয়োগ কৰিও তৃণডালি লৰাব নোৱাৰিলে। বায়ু উভতি আহি সেই কথা দেৱতাসকলক ক'লত দেৱতাসকলে এইবাৰ ইন্দ্ৰক পঠিয়ালে। ইন্দ্ৰ ওচৰ চাপি অহা দেখি ব্ৰহ্ম অন্তৰ্দ্ধান হ'ল। এনেতে ইন্দ্ৰই আকাশত এটি বৰ সুন্দৰ ৰমণী মূৰ্ত্তি দেখিলে। সেই ৰমণী মূৰ্ত্তি ব্ৰহ্মবিদ্যাৰূপিণী উমা হৈমৱতী- 'স তস্মিন্নেৱাকাশে স্ত্ৰিয়মাজগাম বহুশোভমানাম্ উমাং হৈমৱতীম্ তাং হোৱাচ-- কিমেতদ্যক্ষমিতি।' ইন্দ্ৰই তেওঁক সুধিলে- 'এই অদ্ভুত বস্তু কোন?' উমাই ক'লে --'আৰু কোন হ'ব?' যাৰ শক্তিত তোমালোক শক্তিমন্ত্ৰ, যাৰ বিজয়ত তোমালোক জয়ী হৈছিলা, এওঁ সেই ব্ৰহ্ম।' 'সা ব্ৰহ্মেতি হোৱাচ। ব্ৰহ্মণো ৱা এতদ্বিজয়ে মহীয়ধ্বমিতি। ততো হৈৱ ৱিদাঞ্চকাৰ ব্ৰহ্মেতি।'

       শুকদেৱে পৰীক্ষিতক আৰু ক'লে-

নৈতং সমাচৰেজ্জাতু মনসাপি হ্যনীশ্বৰঃ।

বিনশ্যত্যাচৰণ্ মৌঢ্যাদ্ যথা ৰুদ্ৰোহব্ধিজং বিষম্।।

অৰ্থাৎ ̶

ঈশ্বৰসকলে যিটো কাম কৰ্ম্ম কৰে
মনেয়ো তাক নকৰি। ̶ দশম
ঈশ্বৰ নুহি যিটো মূঢ়মতি।
ই কৰ্ম্ম কৰি যাইব অধোগতি।।
ৰুদ্ৰক দেখি বিষ খায় আনে।

সি জন যেন মৰি যায় প্ৰাণে।। ̶ কীৰ্ত্তন

চকুৰ আগতে দেখা কথা, যে কত ইন্দ্ৰিয়পৰতন্ত্ৰ জটাধাৰী লেংটি পিন্ধা ছাই সনা সন্যাসীয়ে মহাদেৱৰ অনুকৰণ কৰি, কত বিলাসপয়াৰণ 'সন্ত'ই শ্ৰীকৃষ্ণৰ বৃন্দাবনলীলাৰ অনুকৰণ কৰি নিজেও অধঃপাতলৈ যাব লাগিছে আৰু সেইবোৰক বিশ্বাস কৰোঁতে সৰল স্বভাৱৰ নৰ-নাৰীকো অধঃপাতলৈ নিব লাগিছে। এনে সৰ্ব্বনশীয়া সন্ন্যাসী আৰু সৰ্ব্বনশীয়া বৈষ্ণৱ যাতে নোলায়, তাৰ নিমিত্তে শুকদেৱে এই কথা কৈছে।        শুকদেৱে আকৌ কৈছে ̶

ইশ্বৰাণাং বচঃ সত্যং তথৈবাচৰিতং ক্কচিৎ।

তেষাং যৎ শ্ববচোযুক্তং বুদ্ধিমাংস্তৎসমাচৰেৎ।।

       অৰ্থাৎ ̶

ঈশ্বৰসকলে        যিটো কৰ্ম্ম কৰে
মনেয়ো তাক নকৰি।
তেসম্বে যি সব       ধৰ্ম্ম বিহে বাক্যে

তাকেসে সবে আচৰি।। ̶ দশম

       মহাশাস্ত্ৰ গীতাৰ তৃতীয় অধ্যায়ৰ ২১ শ্লোকত ভগৱন্তই কৈছে ̶

যদযদাচৰিত শ্ৰেষ্ঠস্তওদেৱেতৰো জনঃ।

স যৎ প্ৰামাণং কুৰুতে লোকস্তদনুৱৰ্ত্ততে।।