পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ভকতিত পৰে ধৰ্ম্ম নাহি সংসাৰত।
চাৰিও বেদৰ জানা এহি সাৰ তত্ত্ব।

       ভক্তিয়েই সকলো উপাসনাৰ সাৰ এইটো আমি দেখি আহিছোঁ। কিন্তু কেনেকৈ ভক্তি কৰিব লাগে সেইটো আমাক কোনে কৈ দিব ? শ্ৰীমদ্ভাগৱতে ন বিধ ভক্তিৰ কথা কৈছে –

শ্ৰৱণ কীৰ্ত্তন        স্মৰণ বিষ্ণুৰ
অৰ্চ্চন পদসেৱন।
দাস্য সখিত্ব        বন্দন বিষ্ণুত
কৰিব দেহা অৰ্পণ। (কীৰ্ত্তন)

       এই ন বিধ ভক্তিয়েই শ্ৰেষ্ঠ ভক্তি। ভক্তই ন বিধ ভাগৱতী ভক্তি কৰি ঈশ্বৰৰ উপাসনা কৰে। এই ন বিধ ভক্তিকে উপাসনাৰ সাৰ বুলি ধৰা যায়। শঙ্কৰদেৱেও এই ন বিধ ভক্তিকে ভাগৱতৰপৰা আনি প্ৰচাৰ কৰিছে। কিন্তু ন বিধৰ ভিতৰতে তেওঁ শ্ৰৱণ-কীৰ্ত্তনক প্ৰাধান্য দিছে। বাস্তৱিক পক্ষতো এই দুই বিধেই যে আনবোৰতকৈ শ্ৰেষ্ঠ তাৰ কোনো ভুল নাই। আকৌ শ্ৰৱণ-কীৰ্ত্তনৰ ভিতৰতো শ্ৰৱণেইহে আদি। তুমি যাক ভক্তি কৰিব, তাৰ বিষয়ে শুনাইহে তোমাৰ প্ৰথম কাৰ্য্য। তেওঁৰ গুণশীল শুনোতে শুনোতে তেওঁৰ প্ৰতি তোমাৰ চিত্ত সুপ্ৰসন্ন হ'ব, ৰতি জন্মিব, তেতিয়া তুমি নিজেও তেওঁৰ গুণ-শীল কীৰ্ত্তন কৰিব পৰা হ’বা, আৰু কৰি পৰম আনন্দ লাভ কৰিবা ; আৰু তাৰপিছত লাহে লাগে বগাই গৈ বাকী সাত বিধ ভক্তিতো তুমি পৰায়ণ নহৈ নোৱাৰা। ভক্ত দামোদৰদেৱে আদি ভক্তি শ্ৰৱণতে বেছি নিমগন হৈ দিনে-ৰাতিয়ে ঈশ্বৰৰ গুণশীল শ্ৰৱণ কৰি কটাইছিল, কাৰণ প্ৰথম শ্ৰৱণেইহে তেওঁক শঙ্কৰদেৱৰ সমীপলৈ আকৰ্ষণ কৰি আনে। মহাপুৰুষে তেওঁৰ অমূল্য উপদেশবোৰৰ এটা উপদেশত দুই-চাৰি আষাৰৰ ভিতৰতে শুৱলাকৈ কৈ এই ভক্তিৰ কথা কেনেকৈ কৈছে চোৱা -

শুনা সভাসদসদৰ যুগুতি বচন।
হৰিভকতিৰ আদি জানিবা শ্ৰৱণ।
মহন্তৰ মুখে কথা শুনি প্ৰথমত।
তেবেসে পুৰুষে পায় ভকতিৰ তত্ব।
কথা শুনিলেসে গুচে মনৰ সংশয়।
কৃষ্ণৰ সেৱাত ৰতি তেৱেসে বাঢ়য়।

       শাস্তুত ন বিধ ভক্তিৰ কথা কলৈ ; কেনেকৈ সেই সেই ভক্তি কৰিব লাগে তাকো বহলাই উপদেশ দিলে ; কিন্তু হে ভক্ত। ভক্তিত পাৰদশী মহন্ত ভক্তৰ মুখে তুমি শুনি লোৱা প্ৰথমতে,-কেনেকৈ ভক্তি কৰিব লাগে, নতুবা তোমাৰ খৰচি নমৰে। তেহে পদে পদে তুমি উজুটি খোৱা প্ৰতিবন্ধকবোৰ এৰাই কৃতকাৰ্য হৈ ভকতিৰ পথত আগবাঢ়ি আচল তত্ত্ব পাব পাৰিবা। আয়ুৰ্ব্বেদ শাস্ত্ৰত ৰোগ আৰু ৰোগৰ চিকিৎসাৰ বিষয়ে তন্নতন্নকৈ ব্যাখ্যা কৰা আছে; কিন্তু তুমি যদি ভাল কবিৰাজ হ’ব খুজিছা তেন্তে প্ৰাজ্ঞ কবিৰাজ অধ্যাপকৰ ওচৰত সেই শাস্ত্ৰ পঢ়ি কবিৰাজী শিক্ষা