আৰু ধাতুস্খলনো হোৱা নাই যেতিয়া, মনত কামৰো জন্ম হোৱা নাই, সেইদেখি ধতুস্খলন হোৱা নাই বোলাত কামজয় দেখুৱা হ’ল।
ৰাসপঞ্চাধ্যায়ৰ প্ৰথম অধ্যায়ৰ শ্লোক –
ভগৱানপি তা ৰাত্ৰীঃ শাৰ্দোৎপল্লমল্লিকাঃ।
ৱীক্ষ্য ৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ।।
অৰ্থাৎ
শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
বহুবিধ পুষ্পে বিকশিত বৃন্দাবন।।
দেখি যোগমায়া বলে হৰিষ তহিত।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল চিত্ত।। - দশম
অৰ্থাৎ ̶ শ্ৰীকৃষ্ণ স্বয়ং ষড়ৈশ্বৰ্য্যপূৰ্ণ আত্মতৃপ্ত হৈয়ো শৰৎকালৰ বিতোপন ৰাতিত তেওঁ যোগমায়া নামৰ অচিন্ত্য নিজ শক্তিক আশ্ৰয় কৰি পূৰ্ব্ব প্ৰতিশ্ৰুত ৰাসক্ৰীড়া কৰিবলৈ ইচ্ছা কৰিলে। ইচ্ছা কৰা মানে তেওঁ মায়াক আশ্ৰায় কৰি ৰমণেচ্ছাৰ নিচিনা দেখুৱালে।
এই অধ্যায়ৰ আৰু এটা শ্লোকত আছে –
ইতি ৱিপ্লৱিতং তাসাং শ্ৰুত্বা যোগশ্বৰেশ্বৰঃ।
প্ৰহস্য সদয়ং গোপীৰাত্মাৰামোহপ্যৰীৰমৎ।।
অৰ্থাৎ ̶ শ্ৰীকৃষ্ণই আত্মাৰাম হৈয়ো গোপীসকলক ৰমণ কৰিলে।
পূৰ্ণকাম হৰি যদি জগত ঈশ্বৰ।
তথাপি সাধন্ত আতি প্ৰীতি ভকতৰ।।
হাসি পাছে গোপযুৱতীৰ ৰঞ্জি চিত্ত।
কৰিলন্ত কামকেলি বিপৰীত।। ̶ দশম
এই শ্লোকতো শুকদেৱে দেখুৱালে যে শ্ৰীকৃষ্ণ পূৰ্ণকাম, তেওঁৰ ৰমণেচ্ছা নাই যদিও গোপীসকলৰ প্ৰীতি সাধিবৰ নিমিত্তে ৰমণ কৰিলে। আৰু অনেক ঠাইত, য’তে ৰমণৰ কথা উঠিছে, ত’তে শুকদেৱে শ্ৰোতাসকলক সাৱধান কৰি দিছে, যাতে তেওঁলোকে ৰমণৰ কথা শুনি কামজনিত প্ৰকৃত ৰমণৰ কথা নাভাবে।
বাস্তৱিকতে ৰাসলীলা শুনি বা পঢ়ি পোনতে মনত যেনে ভাৱ উদয় হয়, আচলতে তাত তেনেকুৱা একো নাই। শ্ৰীকৃষ্ণই যোগমায়াৰ বলেৰে তেনেকুৱা দেখুৱাইছিল মাত্ৰ। পৰীক্ষিতৰ সংশয় গুচাবৰ নিমিত্তে শুকদেৱেও তাকেই কৈছে। প্ৰথম মূল শ্লোকতেই ‘ৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ।’ জীৱ মাত্ৰকে চিৰকাল জীয়াই থাকিবৰ ইচ্ছা, মৰিবৰ ইচ্ছা কাৰো নাই। জীৱৰ এইটো স্বাভাৱিক ইচ্ছা। এই ইচ্ছা যদি পূৰ্ণ নহয় বা কেতিয়াও পূৰ্ণ কৰিব পৰা নহয়, তেন্তে ঈশ্বৰে অনাহকতে সকলো প্ৰাণীৰ মনত এই ইচ্ছাৰ বীজ নিহিত কৰি নিদিলেহেঁতেন। এতেকে এইটো নিঃসন্দেহে সিদ্ধান্ত কৰিব পাৰি যে জীৱই স্বভাৱতে যি বিচাৰে সেইটো অন্তত পোৱা যাব পাৰে। সূৰ্য্যৰ ৰশ্মি যেনেকৈ সূৰ্য্যৰপৰা সুকীয়া অথচ সুকীয়া নহয়, চিৰকাল সদানন্দময় ভগৱন্তৰ প্ৰীতি সাধন কৰি আনন্দ আস্বাদন কৰাটোৱেই জীৱৰ স্বৰূপত