পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


যুধিষ্ঠিৰে পাঁচ পাণ্ডৱলৈ পাঁচখন গাঁও খুজিছিল, তাৰ উত্তৰত দুৰ্য্যোধনে বেজী এটাৰ মূৰত থাকিব পৰা মাটিৰ কনা এটাও নিদিওঁ বুলি ক'লে। এনেবোৰ চেষ্টা বিফল হোৱাৰ পিছত, নিতান্ত বাধ্য হৈ কৰিবলগীয়া যুদ্ধৰ মাজলৈ আহি অৰ্জ্জুনে হঠাত্ নকৰোঁ বুলি হাতৰ ধনুশৰ পেলাই দি কৰ্ত্তব্যৰ পৰা পিচলৈ মনুষ্যত্ব হেৰুৱাবলৈ গৈছিল। এনেস্থলত তেওঁক তেওঁৰ কৰ্ত্তব্য সোঁৱৰাই দিয়াটো ভগৱন্ত কৃষ্ণৰেই কৰ্ত্তব্যকাৰ্য্য। সেইদেখি অৰ্জ্জুনক তেওঁ প্ৰথম দুষাৰ কথাকে টান মাতেৰে ক'বলৈ বাধ্য হৈছিল।

  কুতস্তা কশমলমিদং বিষমে সমুপস্থিতম্।
অনাৰ্য্যজুষ্টমস্বৰ্গ্যমকীৰ্ত্তিকৰমৰ্জ্জুন।।
ক্লৈব্যং মাস্ম গমঃ পাৰ্থ নৈতত্ ত্বষ্যুপপদ্যতে।

ক্ষুদ্ৰং হৃদয়দৌৰ্বল্যং ত্যক্তোবাত্তিষ্ঠ পৰন্তপ।।

       অৰ্থাৎ হে অৰ্জ্জুন ! এনে সঙ্কটৰ সময়ত আৰ্য্য-বিগৰ্হিত, নৰকৰ হেতু অখ্যাতিজনক এই মোহ ক'ৰপৰা আহি তোমাৰ গাত লাগিল? হে পাৰ্থ ! ক্লৈব্য অৰ্থাৎ নপুংসকৰদৰে কাতৰতা অৱলম্বন নকৰিবা। এনে ক্লৈব্য তোমাৰ যোগ্য নহয়। এতেকে হৃদয়ৰ তুচ্ছ দৌৰ্ব্বল্য পৰিত্যাগ কৰি যুদ্ধ কৰিবলৈ উঠা।        ব্মানুহ যেতিয়া শোকত মগ্ন হয়, তেতিয়া তাৰ বুদ্ধি স্থিৰ নেথাকে, কৰ্ত্তব্য-অকৰ্ত্তব্যৰ বিচাৰ সি কৰিব নোৱাৰে। তাৰ মনত ধন-প্ৰাণ সকলো তুচ্ছাতিতুচ্ছ যেন লাগে। সেই শোকৰ উত্পত্তি ক'ত? শোক হয় কিয়? অৰ্জ্জুনে আত্মীয়সকলৰ মৃত্যু অনিবাৰ্য্য ভাবিলে। তুচ্ছ ৰাজ্যলোভত সেইসকলৰ মৃত্যু অনুচিত বিবেচনা কৰিলে। আত্মীয়সকলক দেখি তেওঁৰ হৃদয়ত মমত্বৰ সঞ্চাৰ হ'ল। শোকে তেওঁৰ হিতাহিত বিবেচনা, ধৰ্ম্মাধৰ্ম্ম বিচাৰ কৰিবৰ বিবেচনাক ঢাকি পেলালে। মমত্বই শোকৰ কাৰণ। অবিদ্য়া অৰ্থাৎ অজ্ঞানতাৰপৰাই মমত্বৰ উদ্ভৱ। কোনো বস্তু বা কোনো মানুহলৈ যিমান সৰহ মমতা থাকে তাৰ অভাৱত বা অভাৱৰ আশঙ্কাত সিমান শোক উত্পন্ন হয়। অবিদ্যাই জ্ঞানক আবৃত কৰি পেলায়। জড় শৰীৰত আত্মাজ্ঞান কৰাই অবিদ্যা। দেহৰ বিনাশত অৰ্জ্জুনে আত্মীয়সকলৰ বিনাশ বুলি ভাবিলে। এনে জ্ঞান জীৱৰ স্বাভাবিক। দেহাত্মজ্ঞানৰ নিমিত্তেই জীৱই অহঙ্কাৰক আশ্ৰয় কৰি কৰ্ত্তাৰূপে কৰ্ম্ম কৰে আৰু দেহৰ বিনাশতে আত্মাৰ বিনাশ বুলি ভাবে। সেই বাবেই ভগৱন্তই যাতে অৰ্জ্জুনৰ অবিদ্যা নাশ হৈ মনত জ্ঞানৰ উদয় হয় আৰু বিনাশী জড় দেহৰ মমতা গুচি আৰু তেনে দেহৰ অভাৱৰ নিমিত্তে উত্পন্ন হোৱা শোক-মোহ আদি দূৰ হৈ স্বধৰ্ম্মোচিত কৰ্ত্তব্য কৰ্ম্ম নিৰ্লিপ্তভাৱে তেওঁ কৰিব পাৰে, তাৰে উপদেশ গীতাত দিছিল। আমাৰ মহাপুৰুষে ঘোষাতো গদগদ কণ্ঠেৰে এই কাতৰ প্ৰাৰ্থনাকে কৰিছে-

                           তুমি প্ৰাণপ্ৰিয়তম সুহৃদ পৰম দেৱ,
                                                        প্ৰাণপ্ৰভু পীতাম্বৰ এ,
                                        তুমিসে কেৱলে আত্মাৰ মোৰ।
                                        তোমাক নাজানি জড় মিচা শৰীৰক মই

                                                        প্ৰাণপ্ৰভু পীতাম্বৰ এ,