তত্ত্ব-কথা/শ্ৰীকৃষ্ণ-তত্ত্ব
শ্ৰীকৃষ্ণ-তত্ত্ব
কৃষিৰ্ভূ ৱাচকঃ শব্দো ণশ্চ নিৰ্বৃত্তৱাচকঃ৷
দ্বয়োৰৈক্যং পৰং ব্ৰহ্ম কৃষ্ণ ইত্যভিধীয়তে৷৷
কৃষ্ হেন শব্দ ইটো পৃথিৱীবাচক ভৈল
ণ আনন্দত প্ৰৱৰ্ত্তয়৷
দুইৰ এক পদ ভৈল পৰমব্ৰহ্ম-ৰূপ কৃষ্ণ
নাম আনন্দক মাত্ৰ কয়৷৷
শ্ৰীমদ্ভাগৱতৰ শ্ৰেষ্ঠতম টীকাকাৰ স্বল্পভাষী আৰু সুগূঢ়ভাৱগ্ৰাহী শ্ৰীধৰ স্বামীয়ে কৃষ্ণ নামৰ পাৰিভাষিক অৰ্থ এইদৰে দিছে,--কৃষ্ আৰু মূৰ্দ্ধন্য ণ এই দুইটা মিলি কৃষ্ণ শব্দ হৈছে৷ কৃষ্ শব্দৰ অৰ্থ ভূ অৰ্থাৎ সত্ত্বা বা অস্তিত্ব, আৰু মূৰ্দ্ধন্য ণৰ অৰ্থ নিবৃত্তি অৰ্থাৎ পৰমানন্দ; সেইদেখি কৃষ্ আৰু মূৰ্দ্ধন্য ণৰ মিলনৰ অৰ্থ; অস্তিত্ব বা সত্ত্বাৰে সৈতে পৰমানন্দৰ মিলন৷ অৰ্থাৎ অস্তিত্ত্ব, চৈতন্য আৰু পৰমানন্দৰ মিলৰ নামেই কৃষ্ণ৷ অৰ্থাৎ যি বস্তুত চৈতন্য আৰু পৰমানন্দৰ অস্তিত্ত্বৰ বাহিৰে আৰু একো নাই,সেই বস্তুৱেই কৃষ্ণ৷ অৰ্থাৎ কৃষ্ণ সৎ, চিৎ আৰু আনন্দস্বৰূপ৷ বেদত পৰমব্ৰহ্মৰ স্বৰূপ লক্ষণ নিৰ্দ্দেশ কৰিছে,-- সৎ, চিৎ, আনন্দ৷
তৈত্তিৰীয় উপনিষদত আছে, ভৃগুৱে তেওঁৰ পিতাক বৰুণৰ ওচৰলৈ আহি বৰুণক 'অধীহি ভগৱো ব্ৰহ্মেতি' এই বুলি ব্ৰহ্মজিজ্ঞাসা কৰিলত বৰুণে পুতেকৰ প্ৰশ্নৰ সাক্ষাৎ কোনো উত্তৰ নিদি পুতেকক ক'লে ̶ "এই বিষয়ত একাগ্ৰভাৱে চিন্তা অৰ্থাৎ ধ্যান কৰা৷" ভৃগুৱে বাপেকৰ উপদেশ মতে ধ্যান কৰি এই সিদ্ধান্তত উপনীত হ'ল যে 'অন্নই ব্ৰহ্ম'৷ বৰুণে এই সিদ্ধান্ত শুনি ভৃগুক ক'লে "ঠিক হোৱা নাই৷ আকৌ ধ্যান কৰা৷" ভৃগুৱে এইবাৰ ধ্যান কৰি পালে যে "প্ৰাণেই ব্ৰহ্ম"৷ বৰুণে এইবাৰো ঠিক হোৱা নাই বুলি তেওঁক আকৌ ধ্যান কৰিবলৈ ক'লে৷ এইদৰে ধ্যান কৰোঁতে কৰোঁতে শেহত ভৃগুৰ হৃদয়ত ব্ৰহ্মৰ স্বৰূপ প্ৰতিভাত হ'ল আৰু তেতিয়া ভৃগুৱে উপলব্ধি কৰিলে যে 'ব্ৰহ্ম সচ্চিদানন্দ'৷
এই কথাৰ প্ৰসংগতে দেখিবলৈ পোৱা যায়, যে প্ৰাচীন কালত গুৰুৱে শিষ্যক অনেক স্থল মৌখিক উপদেশ নিদি, শিষ্যই যাতে তত্ত্বজ্ঞান নিজে উপলব্ধি কৰি তাক আত্মসাৎ কৰিব পাৰে তাৰ উপায় কৰি দিছিল৷ এইদৰে ব্ৰহ্মবিদ্যা পৰপ্ৰত্যয়সিদ্ধ নহৈ আত্মদৃষ্টিগত হৈ বেছি কাৰ্য্যকৰী হয় আৰু সেই শিষ্য প্ৰকৃত ঋষি হয়৷ এইদৰে শাস্ত্ৰত আছে ̶
গুৰোস্ত মৌনং ব্যাখ্যানম্৷
শিষ্যাস্তু ছিন্নসংশয়াঃ৷৷
[ ১৩ ] অৰ্থাৎ গুৰুৱে যদি মৌখিক উপদেশ নিদিয়ে; কিন্তু শিষ্যসকলৰ সংশয় ছিগে। তৈত্তিৰীয় উপনিষদত আছে- 'সত্যং জ্ঞানমনস্তং ব্ৰহ্ম।' 'ৱিজ্ঞানং ব্ৰহ্ম।' 'আনন্দং ব্ৰহ্ম ইতি ৱ্যজানাৎ।' বৃহদাৰণ্যকত আছে – বিজ্ঞানম আনন্দং ব্ৰহ্ম। নৃসিংহতাপনীয় উপনিষদত, -- সচিদানন্দময়ং পৰং ব্ৰহ্ম। মৈত্ৰীত, -- সৰ্ব্বপূৰ্ণস্বৰূপোহস্মি সচ্চিদানন্দলক্ষণঃ। ব্ৰহ্মৰ এই এটাইবোৰ ভাব সংগ্ৰহ কৰি সৰ্ব্বোপনিষৎসাৰত এইদৰে কৈছে, সত্যং জ্ঞানম্ অনন্তম আনন্দং ব্ৰহ্ম।
ব্ৰহ্মক সৎ বুলিলে কি বুজায় ? ইয়াকে বুজায় যে তেওঁৰ সত্তাতেই জগতৰ সত্তা। তেওঁ আছে বুলিয়েই জগৎ আছে। কিন্তু জগতৰ সভা ক্ষৰ, বিকাৰশীল, বিনাশশীল ; ব্ৰহ্ম অক্ষয়, অজৰ, অমৰ। যাৰ সদায় ৰূপৰ ব্যাভিচাৰ নহয়, সিয়েই সত্য। ব্ৰহ্ম সত্য , সেইদেখি তেওঁৰ ক্ষয়-বৃদ্ধি নাই, উৎপত্তি-বিনাশ নাই। কঠোপনিষদত কৈছে – ন জায়তে ম্ৰিয়তে ৱা ৱিপশ্চিৎ। অজো নিত্যঃ শাশ্বতোহয়ং পুৰাণঃ। অৰ্থাৎ তেওঁ সৰ্ব্বদেশত, সৰ্ব্বাকলাত, সকলো অৱস্থাত একেদৰে বিদ্যমান আছে। বেদান্তৰ পঞ্চদশী নামৰ গ্ৰন্থত লেখিছে, ̶ মাসাদযুগকল্পেযু গতা গম্যেম্বনেকধা। নোদেতি নাস্তমায়াতি সম্বিদেষী স্বয়ংপ্ৰভা। অৰ্থাৎ মাহ, বছৰ, যুগ, মন্বন্তৰ, কল্প, কোনো কালতেই যে তেওঁ নাছিল এনে নহয়। তেওঁ নিত্য, তেওঁ স্থাণু, তেওঁ আচল, তেওঁ সনাতন।
ব্ৰহ্মক চিৎস্বৰূপ বুলিলে কি বুজায়? ইয়াকে বুজায় যে তেওঁ চৈতন্যশক্তি জ্ঞানস্বৰূপ। 'সত্যং জ্ঞানমন্তং ব্ৰহ্ম।' (তৈত্তিৰীয় উপষিনদ।)। অৰ্থাৎ তেওঁ স্বয়ংজ্যোতি, স্বপ্ৰকাশ। তেওঁক অন্য পদাৰ্থই প্ৰকাশ কৰিব নোৱাৰে, তেওঁ নিজকে নিজে প্ৰকাশ কৰে।
আত্মেবাস্য জ্যোতিৰ্ভৱতি ব্ৰহ্মৈৱ তেজ এৱ।" (বৃহদাৰণ্যক) অৰ্থাৎ ব্ৰহ্ম পৰম জ্যোতি। তেৱেঁই তেজ। তেওঁৰ জ্যোতিতেই সমস্ত জ্যোতি জ্যোতিষ্মান, তেওঁৰ তেজেৰে সমস্ত আলোক দুতিমান। কঠ, শ্বেত আৰু মুণ্ডক উৎ ষদত এই কথাকেই বাৰে বাৰে কৈছে যে –
ন তত্ৰ সুৰ্য্যো ভাতি ন চন্দ্ৰতাৰক নেমা বিদ্যুতো ভান্তি কুতেহয়মগ্নিঃ।
অৰ্থাৎ তাত সূৰ্য্যৰ পোহৰ নাই, বিজুলীয়ে তাত পোহৰ নিদিয়ে গ্নি তাত ক’ত ? তেওঁৰ পোহৰেৰেই সকলো পোহৰ, তেওঁৰ প্ৰকাশেৰেই সকলো পিত। গীতাতো ভগৱন্তই এই কথাকেই কৈছে –
যদাদিত্যগতং তেজো জগদ্ভাসয়তেহখিলং
অৰ্থাৎ সূৰ্য্যৰ যি তেজে সমস্ত জগতকে উদ্ভাসিত কৰে, চন্দ্ৰ আৰু অগ্নিত যি তেজ, সেই তেজ মোৰেই।
ব্ৰহ্ম জ্ঞানস্বৰূপ। তেওঁ চিৎ চৈতন্যময়। আমি যাক প্ৰকৃতি বোলো, জড়বৰ্গ তাৰেই বিকাৰ। ব্ৰহ্ম তাৰপৰা স্বতন্ত্ৰ, চৈতন্যস্বৰূপ। চিতৰ এটি লক্ষণ স্বপ্ৰকাশতু অৰ্থাৎ চিতে নিজকে নিজে প্ৰকাশ কৰে, চিতক প্ৰকাশ কৰিবৰ নিমিত্তে আন পদাৰ্থৰ [ ১৪ ] প্ৰয়োজন নহয়। জড় পদাৰ্থৰ দৃষ্টান্ত দি এইটো বুজাবলৈ গ'লে সূৰ্য্যৰ দৃষ্টান্ত দিব পাৰি। সূৰ্য স্বপ্ৰকাশ। সূৰ্য্যই আনক যেনেকৈ প্ৰকাশ কৰে, নিজকো প্ৰকাশ কৰে। কিন্তু সূৰ্য্যও যিজনৰ তেজেকে তেজীয়ান, যাৰ জ্যোতিৰে জ্যোতিষ্মান্ সেইজনেই ব্ৰহ্ম। 'তমেৱ ভান্তমনুভাতি সৰ্ব্বম্ তস্য ভাসা সৰ্ব্বমিদং বিভাতি।'
বিষয়ৰ সংযোগত ইন্দ্ৰিয়ৰ স্পন্দন উদ্ভূত হয়। সেই স্পন্দন ইন্দ্ৰিয়ৰ দ্বাৰাই মস্তিষ্ক পায়গৈ। তাৰ পিছত বিজ্ঞানময় কোষলৈ গৈ জ্ঞানত পৰিনত হয়। বৈদান্তিকে কয় যে যেনেকৈ পোহৰে ঘটাদি পদাৰ্থক পোহৰাই প্ৰকাশ কৰে, সেইদৰে বুদ্ধিস্থ ব্ৰহ্মজ্যোতিৰে চিত্তবৃত্তি উজ্জ্বলিত হৈ জ্ঞানৰ আকাৰে প্ৰকাশ হয়। যেনেকৈ স্ফটিক জবা ফুলৰ সংযোগত ৰঙা হয়, নীলা ফুল এটাৰ সংযোগত নীলা হয়, অথচ বাস্তৱিকতে স্ফটিকৰ বৰণ নাই, সেইদৰে চিৎস্বৰূপ ব্ৰহ্ম বা পৰমাত্মাক বিভিন্ন চিত্তবৃত্তিৰ সংযোগত সেই সেই বৃত্তিৰ নিচিনা দেখি; অৰ্থাৎ তেওঁ দুখী সুখী, লোভী কামী এনে যেন দেখি। এই বিভিন্নতা উপাধিৰ নিমিত্তে, বাস্তৱিক নহয়। বাস্তৱিকতে চিৎ নিত্যবস্তু। কোনো কালে কোনো অৱস্থাতে ইয়াৰ বিকৃতি নঘটে। সাৰে থাকোঁতে যিবোৰ জ্ঞানৰ বিষয়, স্বপ্নাৱস্থাত সেইবোৰ নাথাকে। আকৌ স্বপ্নাৱস্থাত যিবোৰ জ্ঞানৰ বিষয়, সুষুপ্তি অৱস্থাত সেইবোৰ নাথাকে। কিন্তু চিৎ জাগ্ৰত, স্বপ্ন আৰু সুষুপ্তি ̶ এই তিনিও অৱস্থাতে বিদ্যমান থাকে।
পৰমব্ৰহ্ম আনন্দস্বৰূপ। ব্ৰহ্মক আনন্দস্বৰূপ বুলিলে কি বুজায়? উপনিষদত লিখিছে 'আনন্দো নাম সুখচৈতন্যস্বৰূপো অপৰিমিতানন্দসমুদ্ৰ অবিশিষ্টসুখৰূপশ্চ আনন্দ ইত্যুচ্যতে।' অৰ্থাৎ ব্ৰহ্মক আনন্দ বুলিলে এই বুজায় যে তেওঁ স্বৰূপ অথচ চিৎৰূপ। তেওঁ অপৰিমিত আনন্দসমুদ্ৰ। তেওঁ নিৰ্ব্বিশেষ সুখ। সেই আনন্দ বিষয় সুখ নহয়। সি সাধাৰণ সুখ-দুখৰ অতীত অৱস্থা। 'আনন্দং নন্দনাতীতম্।' ব্ৰহ্মৰ যে ভূমানন্দ, জীৱই তাৰ এক কণিকা মাথোন পায়, আৰু সেই কণিকাতেই জীৱ মগ্ন। 'ৰসো ৱৈ সঃ। ৰসং হ্যেৱায়ং লব্ধ্বানন্দীভৱতি। কো হ্যেৱান্যাৎ কঃ প্ৰাণ্যাৎ। যদেশ আকাশ আননেদা ন স্যাৎ। এষ হ্যেৱানন্দয়াতি।' (তৈত্তিৰীয় উপনিষদ।) অৰ্থাৎ ব্ৰহ্মই ৰস। ৰস আস্বান্দো কৰি জীৱ আনন্দী হয়। যদি আনন্দস্পৰূপ আকাশ (ব্ৰহ্ম) নাথাকিলহেঁতেন তেন্তে কোন জীয়াই থাকিলহেঁতেন। তেৱেঁই আনন্দিত কৰে। 'এতস্যৈৱ আনন্দস্য অন্যানি ভূতানি মাত্ৰামুপজীৱন্তি।' জীৱই যে বিষয়ত আনন্দ উপভোগ কৰে, তাৰ কাৰণ এই যে বিষয়ৰ মাজত সেই ৰসস্বৰূপ ব্ৰহ্মৰ কণিকা প্ৰচ্ছন্ন আছে।
মানহে সদায় সুখ বিচাৰে, কেতিয়াও মৰিব নোখোজে অৰ্থাৎ আত্মাক হেৰুৱাব নোখোজে। ইয়াৰ কাৰণ কি? কাৰণ আত্মা সুখস্বৰূপ। আন বস্তু বা মানুহত যে আমাৰ মৰম সোমায় বা সেই বস্তু বা মানুহ আমাৰ প্ৰিয় হয়, তাৰ কাৰণ সেই বস্তু বা মনুহত আনন্দস্বৰূপ ব্ৰহ্ম আছে। বৃহদাৰণ্যক উপনিষদত এই কথাকে বহলাই কৈছে ̶ 'স হোৱাচন অৰে পুত্যঃ কামায় পতিঃ প্ৰিয়ো ভৱত্যাত্মনস্তু কামায় পতিঃ প্ৰিয়ো ভৱতি।' ইত্যাদি অৰ্থাৎ পতিৰ কামানাৰ নিমিত্তে পতি প্ৰিয় নহয়, আত্মাৰ কামনাৰ নিমিত্তে পতি প্ৰিয়। জয়া, পুত্ৰ, বিত্ত, লোক, এইবোৰৰ কামনাৰ নিমিত্তে [ ১৫ ] এইবোৰ প্ৰিয় হয় এনে নহয়; এইবোৰৰ ভিতৰত যে প্ৰছন্ন আত্মা আছে, সেই আত্মাকেহে কামনা কৰা যায় দেখি এইবোৰ প্ৰিয় হয়।
ওপৰৰ কথাৰ মৰ্ম্ম এই যে জীৱই বিষয়ৰ সংস্পৰ্শত যিফেৰা সুখ অনুভৱ কৰে, তেতিবা বাস্তৱিকতে জীৱই পৰম আনন্দস্বৰূপ ব্ৰহ্মানন্দৰ কণিকা এটিৰ মাথোন আস্বাদন কৰে। সেইদেখি জীৱই যেতিয়া সুখৰ লোভত বিষয় কামনা কৰে, তেতিবা বাস্তবিক সি সুখস্বৰূপ ব্ৰহ্মৰেই কামা কৰে, অথচ সৰহ সময়ত আৰু সৰহ ভাগে সেইটো নাজানিয়েই কৰে। শ্ৰুত্যুক্ত এই কথাৰেই আভাস গীতাত আছে:
মত্তঃ পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়।
ময়ি সৰ্ৱমিদম্ প্ৰোতং সূত্ৰে মণিগনা ইৱ।।
মম ৱৰ্ত্মানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্ৱ শঃ।।
ব্ৰহ্ম আনন্দস্বৰূপ কিয়? কাৰণ, ব্ৰহ্মত দুখৰ একেবাৰেই অভাৱ; সেই দেখি তেওঁ দুখ স্বৰূপ। ব্ৰহ্ম ভূমা, অনন্ত, দ্ৰষ্টা আৰু দৃশ্যৰ, বিষয়ী আৰু বিষয়ৰ একাকাৰ অৱস্থা; সেইদেখি তেওঁ আনন্দ। 'যো বৈ ভূমা তৎসুখম্। ন হ্যল্পে সুখম্ অস্তি। ভূমৈৱ সুখম।' (ছান্দোগ্য উপনিষদ।) অৰ্থাৎ ব্ৰহ্ম ভূমা, তেৱেঁই সুখ। অল্পত সুখ নাই। ভূমাই সুখ। 'যো ৱৈ ভূমা তদমৃতম্। অথ যদল্পং তৎ মৰ্ত্ত্যম্।' অৰ্থাৎ যি ভূমা, তেৱেঁই অমৃত। যি অল্প, সি মৰ্ত্ত্য।
ব্ৰহ্মক আনন্দ বুলি জানিলে অৰ্থাৎ ব্ৰহ্মানন্দ জানিলে ক'তো একো ভয় নাথাকে। জীৱৰ সুষুপ্তি অৱস্থাত এনেকুৱা একাকাৰ অৱস্থা হয়। কাৰণ তেতিয়া বিষয়-বিষয়ী জ্ঞান নাথাকে। ব্ৰহ্মত প্ৰতিষ্ঠিত হৈ ব্ৰহ্মানন্দ অনুভৱ কৰিলে এনে অৱস্থা প্ৰাপ্ত হোৱা যায়। কথাৰে বুজাব পৰা এই অৱস্থাৰ উদাহৰণ বৃহদাৰণ্যক উপনিষদত এইদৰে দিছে-
অত্ৰ পিতাহপিতা ভৱতি, মাতাহমাতা লোকা আলোকা চণ্ডালোহচণ্ডালঃ' ইত্যাদি।
অৰ্থাৎ সেই সুষুপ্তি অৱস্থাত জীৱই সুপ্ত হৈ কোনো কাম নকৰে, কোনো স্বপ্ন নেদেখে। যেনেকৈ প্ৰিয়তমা ৰমণীৰ দ্বাৰাই আলিঙ্গিত হৈ মানুহে অন্তৰ-বাহিৰ একোকে জানিব নোৱাৰে, সেই অৱস্থাত পিতা পিতা হৈ নাথাকে, মাতা মাতা হৈ নাথাকে, লোক লোক হৈ নাধাকে, বেদ বেদ হৈ নাথাকে, চণ্ডাল অচণ্ডাল হয়; তেতিয়া জীৱসকলো পাপ-পুণ্যৰ অতীত হয়, আৰু হদয়ৰ সকলো শোক দূৰ হয়। যি ভূমানন্দ, সি বাক্য-মনৰ অতীত, তাৰ পৰিমাণ ভাষাৰে প্ৰকাশ কৰিব নোৱাৰি। সেইদেখি তৈত্তিৰীয় উপনিষদত কৈছে-
আনন্দং ব্ৰহ্মণো ৱিদ্বান ন ৱিভেতি কদাচন।
অৰ্থাৎ যাক ধৰিব নোৱাৰি বাক্য আৰু মন উভতি আহে, সেই আনন্দস্বৰূপ ব্ৰহ্মক জানিলে আৰু একোতে ভয় নাথাকে। [ ১৬ ] সুষুপ্তি জীৱৰ স্বাভাৱিক অৱস্থা। কিন্তু এই অৱস্থা স্থায়ী নহয়। টোপনি ভাগিলে এই অৱস্থা নাইকিয়া হয়। তেতিয়া জীৱই এই ব্ৰহ্মানন্দ এৰি আকৌ দুখ-শোকৰ অৱস্তাৰ জগতলৈ উভতি আহিবলগীয়াত পৰে। কিন্তু সাধু আৰু যোগীসকলে সাধনাৰ বলেৰে এই অৱস্থাক স্থায়ী কৰিব পাৰে। তেতিয়া তেওঁলোকৰ স্থায়ী ব্ৰহ্মানন্দ লাভ হয়।
বেদোক্ত পৰম ব্ৰহ্মৰ স্বৰূপ লক্ষণ এনে সৎ চিৎ আনন্দ। বেদ বিভাগ কৰোঁতে, বেদৰ অন্ত বেদান্তদৰ্শন প্ৰণেতা, সৰ্ব্ব উপনিষদৰ সাৰভাগ সঙ্কলন কৰি মহাশাস্ত্ৰ গীতা ৰচনা কৰোঁতা, অষ্টাদশ পুৰাণ ৰচোঁতা আৰু পুৰাণৰ ভিতৰত মহাসূৰ্য্য, নিগম কল্পতৰু বিগলিত ফল শ্ৰীমদ্ভাগৱত ৰচনা কৰি শুকক পঢ়াই সেই ফল ক্ষুধিত জগতক বিলাই দিওঁতা,- সত্যৱতীসুত মহৰ্ষি বেদব্যাসে শ্ৰীমদ্ভাগৱতত প্ৰতিজ্ঞা কৰি কৈছে-'ঈশ্বৰঃ পৰমঃ কৃষ্ণ সচ্চিদানন্দৱিগ্ৰহঃ।' সেইদেখি বেদোক্ত পৰম ব্ৰহ্ম আৰু দৈৱকীনন্দন শ্ৰীকৃষ্ণ একে বস্তু। সেইদেখি ব্ৰহ্মৰ স্বৰূপ লক্ষণ নিৰ্দ্দেশক বেদমন্ত্ৰ উচ্চাৰণ কৰা আৰু কৃষ্ণ নাম কীৰ্ত্তন কৰা একে বস্তু।
অদ্বিতীয় সৎ চিৎ আনন্দস্বৰূপ বস্তুৱেই পৰম তত্ত্ব শ্ৰীকৃষ্ণ। জ্ঞানীসকলে পৰম তত্ত্বকেই সৎ অৰ্থাৎ সত্ত্ব প্ৰধান ব্ৰহ্ম বুলি ভাবে; যোগীসকলে চিৎ অৰ্থাৎ চৈতন্য-প্ৰধান পৰমাত্মা বুলি ধ্যান কৰে আৰু প্ৰেমিক ভক্তই আনন্দ-প্ৰধান চিদানন্দঘন ভগৱন্ত বুলি সেৱা কৰে। আকৌ কৰ্ম্মীসকলে ঐহিক ধন-জন বিষয়-বিভূতি আৰু পাৰলৌকিক স্বৰ্গ-সুখৰ কামনা কৰি এই পৰমতত্ত্ব বস্তুকেই নানা দেৱতাৰূপে উপাসনা কৰে। যি তেওঁক যেনে চকুৰেই দেখে তেওঁ তেনেকুৱাই। কংসৰ সভাত -
কৰিলা প্ৰাশ ৰাম সমে সমজ্যাত।
দেখে দশ প্ৰকাৰে কৃষ্ণক সিবেলাত।।
মালে বোলে কিনো বজ্ৰময় কলেৱৰ।
অন্যজনে বোলে এহেন্তেসে নৰবৰ।।
নাৰীগণে বোলে মূৰ্ত্তি ধৰিলা মদনে।
আমাৰেসে বন্ধু বুলি মানে গোপগণে।।
আমাৰেসে শাস্তা বোলে দুষ্ট ৰাজাচয়।
বসুদেৱ দৈৱকীও বোলয় তনয়।।
কংসে বোলে এহি কৃষ্ণ অন্তক আমাৰ।
অজ্ঞানীসকলে বোলে নন্দৰ কুমাৰ।।
যোগীগণে বোলে এহেন্তেসে ব্ৰহ্মতত্ত্ব।
বৃষ্ণিবংশে বোলে এন্তে কুলৰ দৈৱত।। -শঙ্কৰদেৱ
যি যেনেকৈ তেওঁক ভজনা কৰে, বাঞ্ছাকল্পতৰু সমদৰ্শী তেওঁ তাক তেনেকুৱা ফলকেই দিয়ে। গীতাত তেওঁ নিজমুখে তাকেই স্পষ্টকৈ কৈ দিছে,-
মম ৱৰ্ত্মানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্ৱ শঃ।।
আনন্দঘন ভগৱন্তৰ উপাসনা জীৱমাত্ৰৰে স্বাভাৱিক। জীৱই জন্মৰেপৰা মৃত্যু [ ১৭ ] পৰিমিত কেৱল কৃষ্ণকেই অনুস্থান কৰি ফুৰিছে। মূৰ্ত্তিমান আনন্দই শ্ৰীকৃষ্ণ। জীৱই আনন্দৰ বাহিৰে একো নিবিচাৰে আৰু আনন্দৰ বাহিৰে নিজীয়ে, এই কথা শ্ৰুতিৰ বচন তুলি আগেয়ে দেখুৱা হৈছে। কিন্তু প্ৰকৃত আনন্দ কাক বোলে, আনন্দ ক'ত আছে আৰু তাক কেনেকৈ পোৱা যায়, জীৱই নাজানে। সেই দেখি স্ত্ৰী-পুত্ৰ-পৰিবাৰ, ধন, জন আদি পাৰ্থিৱ ক্ষণভঙ্গুৰ পদাৰ্থৰ ভিতৰত জীৱই আনন্দ বিচাৰি ফুৰে অৰ্থাৎ শ্ৰীকৃষ্ণক পাবলৈ আশা কৰে। যদি কোনো জীৱই মূৰ্ত্তিমান আনন্দস্বৰূপক ধৰিব পাৰে, তেওঁ ক্ষণভঙ্গুৰ ক্ষণস্থায়ী আনন্দৰ পিছে পিছে আৰু লৰি নুফুৰে।
জীৱৰ আনন্দলিপ্সা বৰ বেছি কিয়? কাৰণ জীৱ আনন্দস্বৰূপ ভগৱন্তৰে অংশ। আনন্দময় ঈশ্বৰ নিজানন্দ আস্বাদন কৰি সুখী। তেওঁৰ অংশ জীৱৰো আনন্দ আস্বাদন কৰিবৰ বলৱন্ত বাসনা এই নিমিত্তে। কিন্তু আনন্দ আস্বাদৰ কৰিবৰ নিমিত্তে ঈশ্বৰে নিজক বহু কৰিবলগীয়া হ'ল; কাৰণ আন কোনোৱে আস্বাদন নকৰিলে আনন্দৰ মানেই নাথাকে। এই বাবেই শ্ৰুতিত কৈছে 'আত্মা বা ইদমগ্ৰ আসীৎ' অৰ্থাৎ তেওঁ সৃষ্টিৰ আদিতে একমেবাদ্বিতীয়ম্, নিজানন্দময়, আত্মাৰাম, তেওঁৰ সিসৃক্ষা হ'ল, অৰ্থাৎ তেওঁ বহু হৈ নানাভাৱে আনন্দ আস্বাদন কৰিবৰ ইচ্ছা কৰিলে- 'একোহহং বহুস্যাম।' অৰ্থাৎ এক মই বহু হ'ম। এয়েই মোৰ লীলা। লীলাই আনন্দৰ স্বভাৱ। আনন্দই লীলাৰ আস্বাদ। মানুহে আনন্দৰ নিমিত্তেই ক্ৰীড়া কৰে আৰু ক্ৰীড়া কৰিয়েই আনন্দ আস্বাদন কৰে। মানুহৰ কোনো ৰকম অভাৱ বোধ হ'লে তাক তেওঁৰ পূৰণ কৰিবৰ ইচ্ছা হয়। পূৰ্ণানন্দ ঈশ্বৰৰ কোনো ৰকম অভাৱ নাই, গতিকে ইচ্ছাও নাই। তেওঁ নিজেই নিজানন্দ আস্বাদন কৰি পৰিতৃপ্ত। কিন্তু সেই আন্দ অপৰিস্ফুট। লীলা নহ'লে আনন্দ পৰিস্ফুট নহয়, সেইদেখি তেওঁ আত্মপ্ৰেমেৰে আত্মানন্দ আস্বাদ কৰি প্ৰেমাংশক শত-সহস্ৰ ভাগত বিভাগ কৰি নিজাংশৰ দ্বাৰাই নিজানন্দকে আস্বাদন কৰে। এয়ে তেওঁৰ লীলা।
তুমি শুদ্ধ বুদ্ধ নিত্য নিৰ্ম্মল নিৰ্গুণ দেৱ,
মোৰ প্ৰভু নাৰায়ণ এ,
স্বৰূপ আনন্দে সদা সুখী।
হৰি হৰি তুমি নিজানন্দে সদা সুখী।
আমি মূঢ়মতি ঘোৰ অবিদ্যা সাগৰে মজি,
মোৰ প্ৰভু নাৰায়ণ এ,
তোমাক নাজানি ভৈলোঁ দুখী।
হৰি হৰি স্বৰূপ নাজানি ভৈলোঁ দুখী।।
হৰি ও। (ঘাষা)
বিশ্বপতি লীলাময়ৰ ইচ্ছাত যেনেকৈ তেওঁৰ বিশ্বৰ একাংশ তিনি গুণৰ সংযোগত মলিন আৰু স্থূল হৈ ব্ৰহ্মাণ্ডৰূপত পৰিণত হ'ল, সেই দৰে তেওঁৰ অসংখ্য অংশ শুদ্ধ জীৱৰ কিছুমান তেওঁৰ অমোঘ নিয়মতেই পঞ্চভূতাত্মক স্থূল শৰীৰেৰে আবৃত হৈ, তেওঁৰ মায়াৰ দ্বাৰাই মুগ্ধ হৈ তেওঁক পাহৰি এই দেহকেই মোৰ, মই বিবেচনা [ ১৮ ] কৰিবলৈ ধৰিলে।
অখণ্ডিত সদা শুদ্ধ চৈতন্য শক্তিৰ বলে
মোৰ প্ৰভু নাৰায়ণ এ,
তুমি দূৰ কৰি আছা মায়া।
হৰি হৰি তোমাৰ নিকটে নাহি মায়া।
তোমাক নভজোঁ পদে, মায়েয়ে মুহিলে মোক,
মোৰ প্ৰভু নাৰায়ণ এ,
আবে কৃপাময় কৰা দয়া।
হৰি হৰি মায়াক নিবাৰি কৰা দয় হৰি এ।
(ঘোষা)
যদিও ফাটেকৰ বহুদিনীয়া কয়েদীৰ নিচিনাকৈ জীৱই শেহত দেহ-ফাটেককে ভাল পাই তাৰপৰা ওলাব নোখোজে, কিন্তু জীৱৰ চিৰাস্বাদিত আনন্দৰ প্ৰতি টান অন্তৰৰপৰা নাযায়। জীৱই বিচাৰিছে আগেয়ে আস্বাদ কৰা সেই আনন্দ, কিন্তু ক'ত আৰু কিহত সেই আনন্দ আছে, তাৰ ভু নাপাই পাৰ্থিৱ ক্ষন্তেকীয়া বস্তুত তাক বিচাৰি হাৰাশাস্তি হৈ মৰে অথচ নাপায়। জীৱৰ স্বাভাৱিক আনন্দ-লিপ্সাই কৃষ্ণপ্ৰেমৰ সংস্কাৰ, আৰু উপৰুৱা পদাৰ্থপ্ৰিয়তাই কাম।