পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৫৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অথৰ্ব্ববেদত আৰণ্যক নাই। বেদ, ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদবিলাক শ্ৰুতিৰ অন্তৰ্গত।

       বৈদিক ঋষিসকলে প্ৰাকৃতিক দেৱতাসকলৰ স্তব-স্তুতি কৰি সূত্ৰাৱলী ৰচনা কৰিছিল। সূৰ্য্য, অগ্নি, বৰুণ, বায়ু, আকাশ আদিৰ মহান শক্তি দেখি সেইবোৰৰ প্ৰতি ভয়, ভক্তি, প্ৰশংসা, কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰথমতে তেওঁলোকে স্তৱ-স্তুতি ৰচনা কৰি গাইছিল। তাৰ পিছত যাগ, যজ্ঞ, বলি আদিৰে সেই সেই দেৱতাসকলৰ পূজাৰ ব্যৱস্থা হ'ল। বৈদিক সূক্তবোৰ সঞ্চলিত হৈ ঋক্‌, যজুঃ, সাম এই তিনি সংহিতাত বিভক্ত হ'লত, প্ৰথম কালৰ দেৱতাসকলক স্তুতি কৰোঁতে ঋক্‌বেদৰ যি কবিত্বৰ উচ্ছাস আছিল পিছত আৰু সি নাইকিয়া হ'ল।

       এনে সময়ত উপনিষদৰ আবিৰ্ভাৱ। চিন্তাশীল হিন্দুসকলক যাগ-যজ্ঞৰ অসংখ্য অনুষ্ঠান পদ্ধতিবোৰে আমনি লগাই পেলাইছিল। তেওঁবিলাকৰ মনত লাহে লাহে প্ৰশ্ন ওলাল যে এই বিশ্বসংসাৰৰ মূল কাৰণ কি? চন্দ্ৰ, সূৰ্য্য, বায়ু, বৰুণ, আকাশৰ শক্তিৰ মূলত কি? কোনে এইবোৰ দেৱতাক বা শক্তিক নিয়ম বান্ধি দি চালাইছে? আৰু মানুহক এই সংসাৰলৈ ক'ৰপৰা আহি আৰু ইয়াৰ পিছত ক'লৈ যাব? গভীৰ চিন্তা কৰি কৰি তেওঁলোকে পালেগৈ যে আটাইবোৰ প্ৰাকৃতিক পদাৰ্থ আৰু শক্তিৰ গুৰিত এজন আছে। সেইজন সৰ্ব্বব্যাপী, নিৰ্ম্মল, নিৰবয়ব, শিৰা আৰু ব্ৰণৰহিত, শুদ্ধ, অপাপবিদ্ধ। তেওঁ সৰ্ব্বদৰ্শী, মনৰ নিয়ন্তা, সকলোতকৈ শ্ৰেষ্ঠ আৰু স্বপ্ৰকাশ। তেওঁ সৰ্ব্বতিকাল প্ৰজাসকলক যথোপযুক্ত অৰ্থসকল বিধান কৰিছে। তেওঁৰপৰা প্ৰাণ, মন আৰু সমুদায় ইন্দ্ৰিয় আৰু আকাশ, বায়ু, জ্যোতি, জল আৰু সকলোৰে আধাৰ এই পৃথিৱী উত্পন্ন হৈছে। তেওঁৰ ভয়ত অগ্নি প্ৰজ্জ্বলিত হৈছে, সূৰ্য্যই উত্তাপ দিছে, মেঘে বাৰি বৰ্ষণ কৰিছে, বায়ু সঞ্চালিত হৈছে আৰু মৃত্যু সঞ্চৰণ কৰিছে। ইয়াকে যেতিয়া তেওঁলোকে বিচাৰি পালেগৈ, তেওঁলোকে কৃতজ্ঞ হৃদয়েৰে আঁঠু কাঢ়ি সেইজনক নমস্কাৰ কৰিলে ̶ "ওঁ যো দোবোহগ্নৌ যোহপসু যো বিশ্বং ভুবনমাবিবেশ। য ওষধিষু যো বনস্পতিষু তস্মৈ দেৱায় নমো নমঃ।" অৰ্থাৎ যি দেৱতা অগ্নিত, যি জলত, যি বিশ্বসংসাৰত প্ৰবিষ্ট হৈ আছে; যি ঔষধিত, বনস্পতিত, সেইদেৱতাক আমি বাৰে বাৰে নমস্কাৰ কৰোঁ। উপনিষদৰ ঋষিসকলে দেখিলে যে বেদৰ সূৰ্য্য, চন্দ্ৰ, বায়ু, আকাশ আদি দেৱতাবিলাকৰো সৃষ্টিকৰ্ত্তা এজন মহাদেৱতা বা পৰমাত্মা আছে। জগতৰ সকলো বস্তু, সকলো প্ৰাণী সেই পৰমাত্মা পৰমপুৰুষজনৰপৰা উত্পত্তি হৈছে আৰু সকলোবিলাক শেহত তেওঁতে লয় যাব। যেনেকৈ মহাসমুদ্ৰৰ পৰা পানী ভাপ নৈ হৈ বৈ গৈ আকৌ সেই মহাসমুদ্ৰত পৰি লয় গৈ তাৰে এক অংশ হয়, সেইদৰে সকলোবিলাক সেইজনৰপৰা আহে আৰু উভতি গৈ তেওঁতে লয় গৈ তেওঁৰে অংশীভূত হয়। সেই পুৰুষজনৰ নাম তেওঁলোকে ব্ৰহ্ম বা ঈশ্বৰ ৰাখিলে।

       ব্ৰহ্ম স্বৰূপ কেনে, তেওঁলোকে অনেক চিন্তা কৰি ক'লে ̶ "এতদ্বৈ তদক্ষৰং গাৰ্গি ব্ৰাহ্মণা অভিবদন্তি, অস্থূলমনণ্বহ্ৰস্বমদীৰ্ঘমলোহিতমস্নেহমচ্ছায়মতমোহবায্‌বনাকাশমসঙ্গমৰসমগন্ধমচক্ষুষ্কমশ্ৰোত্ৰমৱাগমনোহ-তেজস্কমপ্ৰাণমমুখমমাত্ৰম্।।" অৰ্থাৎ হে গাৰ্গি! ব্ৰাহ্মণে যাক অভিবাদন কৰে এনেজন অবিনাশী ব্ৰহ্ম, যি স্থূল নহয়,





</Poem>