পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ধৰ্ম্মৰ ভিতৰত অনুপ্ৰবিষ্ট। ভগৱন্তৰ কোনো নিৰ্দিষ্ট নাম নাই। যি যি নামেৰে তেওঁক মাতে সেয়ে তেওঁৰ নাম। তেওঁক মাতে, – এইটোৱেই প্ৰধান কথা। মনে-মুখে একে কৰি মাতিব লাগে।

মনে-মুখে একে কবি সদা বোলে ৰাম।
জনম সাম্ফল হয় সিজে মনস্কাম।।

কৃষ্ণ, ৰাম, কালী, দুৰ্গা, খোদা, আল্লা, গড়, যি কোনো নামৰ দ্বাৰায় যি কোনো জাতীয় মানুহে তেওঁক মাতে, প্ৰাণভৰি তেওঁত আত্মসমপণ কৰে, ওপৰে ওপৰে নহয় – তাৰেই মনস্কামনা সিদ্ধি হয়। “যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্।" ঈশ্বৰৰ মুখনিঃসৃত বাক্য। শুদ্ধ বা অশুদ্ধ যি যি নামেৰেই হওক, যদি ঈশ্বৰক মাতে আৰু তেওঁত শৰণাপন্ন হয়, তাতে তেওঁৰ কাৰ্য সিদ্ধি হয়। সেই নাম “দেহ, ধন, জন, অৰ্থলোভে পাষণ্ড বুদ্ধিয়ে ললে।” নহয়। যি দেশৰ যি জাতৰ মানুহ হওক, সেই দেশৰ ভাষাৰে, ঈশ্বৰৰ গুণশীল মনত ধাৰণা কৰি যি নামেৰে তেওঁক উপাসনা কৰে সেয়ে সেইজনৰ গতি সাধে। বাহ্য পূজাতকৈ মানসিক পূজাই শ্ৰেষ্ঠ। সেইদেখি ভগৱন্তই গীতাত কৈছে – “যজ্ঞানাং জপষজ্ঞোহম্মি।” খ্ৰীষ্টানৰ Jehova Elohim (জেহোভা ইলোহিম) আৰু মুছলমানৰ “লাই ইলাহি ইলাল্লা, মহম্মদ ৰছুলল্লা”—এই দুয়োয়েই খ্ৰীষ্টান আৰু মুছলমানক তাৰিব। mother বুলিলে মাককে বুজায়, father বুলিলে বাপেককে বুজায় ; mater বুলিলেও মাতৰ, pater বুলিলেও পিতাৰ, মা বুলিলেও মাক, পিতা বুলিলেও সেই একেজন বাপেক-মাকেই। প্ৰভেদ ভাষাত, ভাবত নহয় অন্তৰ্য্যামী ভগৱন্তই অন্তৰৰ ভাবহে বিচাৰে, মুখৰ ভাষা নহয়। অৱশ্যে ভাব আৰু ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক নিশ্চয় আছে ; কিন্তু সিও যাৰ যি ভাষাৰ ভিতৰেদি সেই ভাব প্ৰকাশ পায়। শব্দ-ব্ৰহ্ম, নাদ-ব্ৰহ্মৰ পূজা আচলতে এই কথাৰ বিৰোধী নহয়। ইংৰাজীত Epeolatry মানে শব্দ-ব্ৰহ্মৰ পূজা। বাইবেলত আছে — "In the beginning was the Word, and the Word was with God, and the Word was God." ইয়াৰ দ্বাৰায় স্পষ্টকৈ দেখা যায় যে শব্দ-ব্ৰহ্ম বা নাম-ব্ৰহ্ম, আৰু তাৰ দ্বাৰায় ঈশ্বৰৰ উপাসনা সকলো মুখ্য ধৰ্ম্মতে আছে। নাম, সৰ্ব্বশক্তিমান সৰ্ব্বানিয়ন্তী সগুণ ঈশ্বৰক বুজাবৰ, ধাৰণা কৰিবৰ আৰু তেওঁক মাতিবৰ Code word মাথোন। হে জগদম্বা! তুমি মহিষাসুৰক মাৰিলা, অমুক পাপীৰ দুৰ্গতি নাশ কৰিলা, এইদৰে নকৈ, তেওঁক সংক্ষেপতে দুৰ্গ বুলিলেও ভক্তৰ মনলৈ জগদম্বাৰ সকলো গুণ আপোনা-আপুনি আহি পৰিব। হে ৰাম! হে কৃষ্ণ বুলিলেই ভগৱন্তৰ ৰামাৱতাৰ, কৃষ্ণাৱতাৰ সকলো কথা সংক্ষেপতে ধাৰণা কৰি উচ্চাৰণ কৰা হ’ল। ইংৰাজে Mother England বুলিলে, জাৰ্ম্মানে Father land বুলিলে, তেওঁ ভাৰতমাতা বুলিলে, মই আই অসম বুলিলো ; এই সকলোবোৰ মুঠতে বন্দে মাতৰম।' আৰু সকলো মাকৰ মাক বা বাপেকৰ বাপেক পৰমেশ্বৰ পৰমব্ৰহ্মৰে মহিমা কীৰ্ত্তন। ঈশ্বৰৰ নাম-কীৰ্ত্তনেই ঈশ্বৰৰ বিশিষ্ট উপাসনা। অনন্ত ঈশ্বৰৰ অনন্ত মহিমাৰ পাৰ কোনে পাব ? সেইদেখি হে হিন্দু, তুমি ৰাম বুলি শুদ্ধ কৰা মন। ঈশ্বৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ মনুষ্যৰ ধাৰণা