অণু নহয়, হ্ৰস্ব নহয়, দীৰ্ঘ নহয়। তেওঁ অলোহিত অৰ্থাৎ তেওঁত ৰক্তাদি কোনো বৰ্ণ নাই। অস্নেহ অৰ্থাৎ তেওঁ জলীয় বস্তু নহয়। তেওঁ অচ্ছায়, অতমঃ অবায়ু, অনাকাশ,অসঙ্গ,অৰস, অগন্ধ, অচক্ষু, অকৰ্ণ, অবাক, মনোবিহীন, তেজোবিহীন, শাৰিৰীক প্ৰাণবিহীন, মুখবিহীন, কাৰো সৈতে তেওঁৰ উপমা নহয়। “যতো ৱাচো নিৱৰ্ত্তন্তে অপ্ৰাপ্য মনসা সহ।” অৰ্থাৎ মনেৰে সৈতে বাক্যই যাক নাপাই নিবৃত্ত হয়। “এতস্য বা অক্ষৰস্য প্ৰশাসনে গাৰ্গি সূৰ্য্যাচন্দ্ৰমসৌ ৱিধৃতৌ তিষ্ঠতঃ।। দাৱ্যাপৃথিৱ্যৌ ৱিধৃত তিষ্ঠতঃ।।” অৰ্থাৎ এই অক্ষৰ পুৰুষৰ শাসনত, হে গাৰ্গি ! সূৰ্য্য চন্দ্ৰ বিধৃত হৈ স্থিতি কৰিছে। দ্যুলোক আৰু ভুলোক বিধৃত হৈ থিতি কৰিছে। “যদিদং কিঞ্চ জগৎ সৰ্ৱ প্ৰাণ এজতি নিঃসৃতম্। মহদ্ভয়ং ৱজ্ৰমুদ্যতং য এতদ্বিদুৰমৃতাস্তে ভবস্তি।।” অৰ্থাৎ এই প্ৰাণস্বৰূপ পৰমেশ্বৰৰ অধিষ্ঠান প্ৰযুক্তি তেওঁৰপৰা নিঋসৃত এই সমস্ত ব্ৰহ্মাণ্ড যথানিৰ্দ্দিষ্ট নিয়মে প্ৰৱৰ্ত্তিত হৈ আছে। (তেওঁৰ প্ৰতিষ্ঠিত ধৰ্ম্মসেতু লঙ্ঘন কৰিব খোজোঁতালৈ) তেওঁ উদ্যত বজ্ৰৰ নিচিনা মহাভয়ানক। যি এই পৰমেশ্বৰক জানে, সি অমৰ হৈ অক্ষৰ ব্ৰহ্মানন্দ উপভোগ কৰে। আমাৰ শঙ্কৰদেৱে কীৰ্ত্তনত কৈছে ̶
যিটো ব্ৰহ্ম নোহে তৰ্কগোচৰ।
নপাৱে বচন মনে ওপৰ।।
নাহি উতপতি নাহি মৰণ।
বেদৰ প্ৰাকৃতিক বহু দেৱতাৰ পূজাৰপৰা উপনিষদৰ এই এক ব্ৰহ্ম, এক ঈশ্বৰপূজালৈ অহাটো হিন্দু আৰ্য্যৰ চূড়ান্ত উন্নতি। বেদ জ্ঞানকাণ্ড আৰু কৰ্ম্মকাণ্ডেৰে সংগঠিত। উপনিষদেই জ্ঞানকাণ্ডৰ চৰম সীমা। সেইদেখি উপনিষদক বেদান্ত বোলে। উপনিষদো শ্ৰুতিৰ অন্তৰ্গত। উপনিষদ অনেক আৰু আটাইবোৰ একে সময়ৰ ৰচনাও নহয়। আধুনিক অনেক গ্ৰন্থই উপনিষদ নাম জালকৈ লৈছে। সেইদেখি উপনিষদ নাম থাকিলেই যে সি বেদৰ অন্তৰ্গত হ'ল এনে নহয়। বৈদান্তিক আৰু অন্যান্য প্ৰাচীন মত প্ৰচাকৰসকলে উপনিষদ অৱলম্বন কৰি নিজৰ মত প্ৰতিপাদন কৰা দেখি, নতুন সম্প্ৰদায়ৰ অনেক গুৰুৱেও অনেক নতুন উপনিষদ প্ৰস্তুত কৰিলে। এনে উপনিষদৰ লেখ এনে সৰহ যে তাক কৰা টান।চাজাহান বাদশাহৰ পুতেক দাৰাই ৫০ খন উপনিষদ ফাৰ্চী ভাষালৈ অনুবাদ কৰাইছিল আৰু দুপেৰ নামে ফৰাচী পণ্ডিত এজনে সেইবোৰ ফৰাচী ভাষালৈ ভাঙিছিল। ডাক্তৰ ৰোৱাৰে ১৩৮ খন উপনিষদৰ লেখ উলিয়াছিল। মুঠতে উপনিষদক চাৰি শ্ৰেণীত বিভক্ত কৰিব পাৰি। আদিম উপনিষদবোৰ গদ্যত লিখা; কিন্তু সেই গদ্য আজি-কালিৰ সংস্কৃত গদ্যৰ নিচিনা নহয়, বেদৰ ব্ৰাহ্মণৰ গদ্যৰ নিচিনা। বৃহদাৰণ্যক, ছান্দোগ্য, তৈত্তিৰীয়, ঐতৰেয়, কৌষীতকী এই শাৰীৰ। দ্বিতীয় শ্ৰেণীৰ উপনিষদবোৰ গদ্য -পদ্যত বিৰচিত। কথোপনিষদ,কেনোপনিষদ আদি এই শ্ৰেণীৰ। তৃতীয় শ্ৰেণীৰ উপনিষদবোৰ আকৌ গদ্যলৈ উভতি গৈছে।এই গদ্য আধুনিক সংস্কৃতৰ গঢ়েৰে ৰচিত। মৈত্ৰায়ণী আদি উপনিষদ এই শ্ৰেণীৰ। চতুৰ্থ শ্ৰেণীৰ ভিতৰত যিবোৰ উপনিষদ ধৰা যায়, সেইবোৰক