পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

       সুষুপ্তি জীৱৰ স্বাভাৱিক অৱস্থা। কিন্তু এই অৱস্থা স্থায়ী নহয়। টোপনি ভাগিলে এই অৱস্থা নাইকিয়া হয়। তেতিয়া জীৱই এই ব্ৰহ্মানন্দ এৰি আকৌ দুখ-শোকৰ অৱস্তাৰ জগতলৈ উভতি আহিবলগীয়াত পৰে। কিন্তু সাধু আৰু যোগীসকলে সাধনাৰ বলেৰে এই অৱস্থাক স্থায়ী কৰিব পাৰে। তেতিয়া তেওঁলোকৰ স্থায়ী ব্ৰহ্মানন্দ লাভ হয়।

       বেদোক্ত পৰম ব্ৰহ্মৰ স্বৰূপ লক্ষণ এনে সৎ চিৎ আনন্দ। বেদ বিভাগ কৰোঁতে, বেদৰ অন্ত বেদান্তদৰ্শন প্ৰণেতা, সৰ্ব্ব উপনিষদৰ সাৰভাগ সঙ্কলন কৰি মহাশাস্ত্ৰ গীতা ৰচনা কৰোঁতা, অষ্টাদশ পুৰাণ ৰচোঁতা আৰু পুৰাণৰ ভিতৰত মহাসূৰ্য্য, নিগম কল্পতৰু বিগলিত ফল শ্ৰীমদ্ভাগৱত ৰচনা কৰি শুকক পঢ়াই সেই ফল ক্ষুধিত জগতক বিলাই দিওঁতা,- সত্যৱতীসুত মহৰ্ষি বেদব্যাসে শ্ৰীমদ্ভাগৱতত প্ৰতিজ্ঞা কৰি কৈছে-'ঈশ্বৰঃ পৰমঃ কৃষ্ণ সচ্চিদানন্দৱিগ্ৰহঃ।' সেইদেখি বেদোক্ত পৰম ব্ৰহ্ম আৰু দৈৱকীনন্দন শ্ৰীকৃষ্ণ একে বস্তু। সেইদেখি ব্ৰহ্মৰ স্বৰূপ লক্ষণ নিৰ্দ্দেশক বেদমন্ত্ৰ উচ্চাৰণ কৰা আৰু কৃষ্ণ নাম কীৰ্ত্তন কৰা একে বস্তু।

       অদ্বিতীয় সৎ চিৎ আনন্দস্বৰূপ বস্তুৱেই পৰম তত্ত্ব শ্ৰীকৃষ্ণ। জ্ঞানীসকলে পৰম তত্ত্বকেই সৎ অৰ্থাৎ সত্ত্ব প্ৰধান ব্ৰহ্ম বুলি ভাবে; যোগীসকলে চিৎ অৰ্থাৎ চৈতন্য-প্ৰধান পৰমাত্মা বুলি ধ্যান কৰে আৰু প্ৰেমিক ভক্তই আনন্দ-প্ৰধান চিদানন্দঘন ভগৱন্ত বুলি সেৱা কৰে। আকৌ কৰ্ম্মীসকলে ঐহিক ধন-জন বিষয়-বিভূতি আৰু পাৰলৌকিক স্বৰ্গ-সুখৰ কামনা কৰি এই পৰমতত্ত্ব বস্তুকেই নানা দেৱতাৰূপে উপাসনা কৰে। যি তেওঁক যেনে চকুৰেই দেখে তেওঁ তেনেকুৱাই। কংসৰ সভাত -


কৰিলা প্ৰাশ ৰাম সমে সমজ্যাত।
দেখে দশ প্ৰকাৰে কৃষ্ণক সিবেলাত।।
মালে বোলে কিনো বজ্ৰময় কলেৱৰ।
অন্যজনে বোলে এহেন্তেসে নৰবৰ।।
নাৰীগণে বোলে মূৰ্ত্তি ধৰিলা মদনে।
আমাৰেসে বন্ধু বুলি মানে গোপগণে।।
আমাৰেসে শাস্তা বোলে দুষ্ট ৰাজাচয়।
বসুদেৱ দৈৱকীও বোলয় তনয়।।
কংসে বোলে এহি কৃষ্ণ অন্তক আমাৰ।
অজ্ঞানীসকলে বোলে নন্দৰ কুমাৰ।।
যোগীগণে বোলে এহেন্তেসে ব্ৰহ্মতত্ত্ব।
বৃষ্ণিবংশে বোলে এন্তে কুলৰ দৈৱত।।          -শঙ্কৰদেৱ

       যি যেনেকৈ তেওঁক ভজনা কৰে, বাঞ্ছাকল্পতৰু সমদৰ্শী তেওঁ তাক তেনেকুৱা ফলকেই দিয়ে। গীতাত তেওঁ নিজমুখে তাকেই স্পষ্টকৈ কৈ দিছে,-

যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহং।
মম ৱৰ্ত্মানুৱৰ্ত্তন্তে মনুষ্যাঃ পাৰ্থ সৰ্ৱ শঃ।।

       আনন্দঘন ভগৱন্তৰ উপাসনা জীৱমাত্ৰৰে স্বাভাৱিক। জীৱই জন্মৰেপৰা মৃত্যু