পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১২৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


মাধৱে বোলন্ত শ্ৰুতিস্মৃতি        মোৰ আজ্ঞাবাণী জানা নিষ্ঠ
আক যিটো জনে উলঙিঘয়া প্ৰৱৰ্ত্তয়।
ভৈয় সিটো মোৰ অজ্ঞাছেদী        মোৰ দ্বেষ কৰিলেক অতি
মোৰ ভক্ত হোন্তে বৈষ্ণৱ সিটো নোহয়।

ভক্তই কয়, –

হৰিভক্তি ৰাজমাৰ্গ        গুৰু-পদ-নখ-চন্দ্ৰ প্ৰকাশয়
শ্ৰুতি-জননীৰ পদপথ অনুসৰি।
ফুৰোঁ হুয়া অতি আনন্দিত        স্খলন নাহিকে কদাচিত
মহাজনসবে জানিবাহা নিষ্ঠ কৰি।

       বহু ধাৰণা এনেকুৱা যে মই শ্ৰুতি-স্মৃতিৰ বিধান মানি কিয় চলিম, অকল নাম ল’লেই হ'ল। আমি কওঁ – কথাটো ঠিক ; অকল নাম ল'লেই হয় ; কিন্তু কায়মনোবাক্যে নাম ল’ব লাগিব। বেদৰ বিধানৰ হাত সাৰিবৰ বাবে টেঙৰালি কৰি নাম ল'লে নহয়। সেই দেখি শ্ৰীশঙ্কৰদেৱে কীৰ্ত্তনৰ নামাপৰাধ খণ্ডত কৈছে –

নামত বলে কৰে পাপ বুদ্ধি।
অষ্টাঙ্গ যোগে তাৰ নাহি শুদ্ধি।

শ্ৰীমাধৱদেৱে ঘোষাত কৈছে –

শুদ্ধে বা অশুদ্ধে এক নাম        শুনে বা ভণে বা মনে স্মৰে
অপৰাধহীন পুৰুষক সদ্যে তাৰে।
দেহ ধন জন অৰ্থ-লোভে        পাষণ্ড বুদ্ধিয়ে যিটো লৱে
সিটো হৰিনাম তাৰিতে শীঘ্ৰে নাপাৰে।

       অপৰাধহীন মানে শ্ৰীশঙ্কৰদেৱে কোৱা সেই নামাপৰাধহীন।

       ভক্তিয়েই হৈছে ঈশ্বৰক পাবৰ প্ৰধান উপায়। নিভাঁজ প্ৰেম-ভক্তিয়ে জ্ঞান বা কৰ্ম্ম কাৰো সহায় নিবিচাৰে , সি নিজেই শকত। কিন্তু ভক্তি মানে অন্ধ ভক্তি নহয়। ভক্তিয়ে জ্ঞানৰ সহায় বিচাৰক বা নিবিচাৰক, জ্ঞান ভক্তিৰ দাসত্ব আপোন ইচ্ছাতে কৰিবই কৰিব নতুবা জ্ঞানক কোনে 'পুছে'? অনন্ত জ্ঞানময় ঈশ্বৰৰ জ্ঞান ক্ষুদ্ৰাতিক্ষুদ্ৰ মনুষ্যই কিমান ফেৰাই বা লাভ কৰিব পাৰে?

অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী।
ঈশ্বৰৰ ৰোম বিবৰ মহ কোটি কোটি অণ্ড
                         তাণ্ডৱ কৰু সম ৰেণু।

       এনে ঈশ্বৰৰ বিষয়ে কণামাত্ৰ জ্ঞান লৈয়েই যদি বালিচাহী মানুহে জ্ঞানৰ আড়ম্বৰ কৰি জ্ঞানী হৈ ফুৰি তেওঁক পালোঁ বুলি বৰাই কৰে, তেন্তে সি হাঁহিয়াতৰ কথাহে। ঈশ্বৰৰ সৃষ্টি অলেখ শক্তিৰ এটা কণাকড়ি লৈ মানুহে ছায়েন্স বা বিজ্ঞান ঘাটি ইলেকট্ৰিচিটি, ৱাইৰ্লেছ, টেলিফোন ইত্যাদি এইটাে-সেইটাে উলিয়াই গপ মাৰি ফুৰিছে, কিন্তু এক নিমিষতে বতাহ, বৰষুণ, ভঁইকঁপ টাইডেল বেভ ইত্যাদিৰ আগত সেইবোৰ শূন্য। মানুহৰ চেষ্টাত প্ৰস্তুত কত জ্ঞানৰ উৎকৰ্ষ তিলেকতে এই পৃথিৱীত