পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


ডোল ছিগি গৈ টান খাই পদ্মাৱতীৰ ফালে আহিছিল। পদ্মাৱতীৰ স্বামী জয়দেৱে এদিন জাৰকালি বসন্তৰাগ গাওঁতে পাত নথকা গছবোৰত কুঁহিপাত মেলিছিল। Oriental hyperbole অৰ কথা বুলি যদি কোনোৱে এইবোৰ বৃত্তান্ত নপতিয়ায়ও, এইটাে কিন্তু স্বীকাৰ কৰিবই লাগিব যে পূৰ্ব্বকালত ভাৰতত সঙ্গীতশাস্ত্ৰৰ চৰমোৎকৰ্ষ সাধিত হৈছিল। যদিও এনোবোৰ আখ্যায়িকাক আজিকালি মানুহে সাধুকথাৰ শাৰীত পেলায়, তথাপি শব্দশাস্ত্ৰ সঙ্গীতশাস্ত্ৰত পাৰদৰ্শী আগৰ কালৰ হিন্দুৰ পক্ষে শব্দৰ এনে মহাশক্তিৰ সাধন আৰু তাক আয়ত্ত কৰা অসম্ভৱ নাছিল, বৰং অতিশয় সম্ভৱপৰ আছিল। অসমতো এনে শব্দবিদ্যা, সঙ্গীত সাধন বিদ্যাৰ চৰ্চা পূৰ্ব্বকালত বিশেষৰূপে আছিল। গুৰু চৰিত্ৰত আছে – মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে চিহ্নযাত্ৰাৰ ভাওনা কৰোঁতে -

গায়ন বায়ন বৰ ধেমালি জুৰিলা।
বৰগায়নৰ বেশে শঙ্কৰ উঠিল।
উদাৰ সহিত বৰ গোৱিন্দ উঠিল।
আনো ভক্তগণে পাছে গীত গাইতে লৈল।
প্ৰথমে শঙ্কৰদেৱে ৰাগ তুলিলেক।
উদাৰ প্ৰভৃতি ভক্তে দোহাৰে প্ৰত্যেক।
তিমিৰ ৰাগক পাছে বলায়ে জুৰিলা।
বায়ুমণ্ডলী ৰাগ শঙ্কৰেও দিলা।
ৰাগ উচ্চাৰণে মহা বতাস মিলিল।
নিকটৰ পাতিসোন্দো বৃক্ষত লাগিল।।
দুই ফাকি দেন্তে বৃক্ষে যত পাত ছিল।
সকলো সৰিয়া তৈতে ভৈলন্ত নিৰ্ম্মল।।
শেষ দুয়ো ফাকি দেন্তে মোসক গুণে পাছে।
পূৰ্ণ কৈল পত্ৰ সব সেহি বৰ গাছে।

       আমি যাক নিৰৰ্থক শব্দ বোলো, তাৰো এনে প্ৰভাৱ , অৰ্থবোধক শব্দৰতো কথাই নাই। ভৱদুখহাৰী আনন্দময় ঈশ্বৰবাচক নামৰ এই বাবেই অনন্ত মহিমা, – তেহেলৈ লওঁতাজনে সেই নাম জ্ঞানতে লওক বা অজ্ঞানতে লওক, শ্ৰদ্ধাতে লওক বা হেলাতে লওক। এই বাবে শ্ৰীশঙ্কৰদেৱে কীৰ্ত্তনত লেখিছে –

হৰিনামে সব       পাতক দহয়,
জ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে       শুকান কাষ্ঠক
অতি অপ্ৰয়াসে পোলে।
মধুৰমধুৰমেতন্মঙ্গলং মঙ্গলানাং।
সকলনিগমৱল্লীসৎফলং চিৎস্বৰূপং।
সকৃদপি পৰিগীতং শ্ৰদ্ধয়া হেলয়া ৱা।
ভূণ্ডৱৰ নৰমাত্ৰং তাৰয়েৎ কৃষ্ণনাম।
সকল নিগম-লতা       তাৰ অবিনাশী ফল