পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৃতকাৰ্য্য হ'লোঁ, কিন্তু ভজনাৰ দ্বাৰায় যদি ভক্তবৎষল ভগৱানৰ প্ৰেমামৃত ৰসপান নকৰিলোঁ, তেন্তে সেই সাধনাৰ ফল কি ?চিত্তক বশীভূত কৰাওঁ কিহৰ নিমিত্তে? কিন্তু গীতাই কোৱা যোগ পৰমাত্মাৰে সৈতে আত্মাৰ যোগ। জ্ঞানেৰে, কৰ্ম্মেৰে, ভক্তিৰে পৰমাত্মা পৰমেশ্বৰৰ সৈতে সম্পূৰ্ণৰূপে মিলি যোৱাই হৈছে গীতাৰ অধ্যাত্মাযোগ। সাংখ্যৰ কৈৱল্য সিদ্ধি কৰি পুৰুষৰ স্বৰূপত অৱস্থান আৰু পাতঞ্জলৰ নিৰ্বীজ সমাধিঅৰ সাধনাৰ দ্বাৰায় প্ৰকৃতিৰপৰা-পুৰুষক স্বতন্ত্ৰৰূপে পুৰুষে আপোনাক আপুনি চিনি ল'লে আৰু এই অৱস্থাত প্ৰকৃতি চিত্তবৃত্তিবোৰ প্ৰকৃতি বিলীন হৈ গ'ল। পুৰুষে তেতিয়া শুদ্ধ, বুদ্ধ, কেৱলীয়াভাৱে বিৰাজ কৰিলে। কিন্তু তাৰ পিছত? এই যোগ যে পৰমাত্মাৰে সৈতে জীৱাত্মাৰ সংযোগ নহয়, প্ৰকৃতি-পুৰুষৰ পাৰ্থক্য সাধন বা বিয়োগহে। এই কৈৱল্যৰ অৱস্থা অভাবাত্মাক দেখি দুখনিবৃত্তিহে মাথোন হ'ল, তালৈ পূৰ্ণ সূখ পূৰ্ণানন্দ নাহিল। কিন্তু গীতাৰ যোগ অভাবাত্মক সূখৰ পূৰ্ণমাত্ৰা, অতীন্দ্ৰিয় আত্যান্তিক সূখ। অনাহাৰ প্ৰভৃতি উপায়েৰে শৰীৰক পীড়ন কৰা যোগ অভ্যাস গীতাৰ পথ নহয়। গীতাই তেনেকৈ শৰীৰক কষ্ট দিয়া সন্ন্যাসী বা যোগীক বৰং আসুৰিক প্ৰকৃতিৰ মানুহহে বোলে। গীতাৰ যোগৰ পথ মধ্য-পথ। গৃহী সন্ন্যাসী সকলোৰে এই যোগ সাধ্যায়ত।

কৰ্শয়ন্তঃ শৰীৰস্থ্ং ভূতগুআমমচেতসঃ

মাঞ্চৈৱান্তঃশৰীৰস্থ্ং তান্‌ ৱিদ্ধ্যানুৰনিশ্চয়ান্‌।

       এনেকৈ দম্ভ অহঙ্কাৰেৰে স্ফিত হৈ অনশন ব্ৰ্তাচাৰেৰে শৰীৰ শোষণ কৰোঁতাই অন্তৰস্থ মোকো নিৰ্য্যাতন কৰে বুলি ভগৱানে গীতাত স্পষ্টকৈ কৈছে। আমাৰ শঙ্কৰদেৱ, মাধৱদেৱৰ ধৰ্ম্ম শিক্ষাও সেয়েহে। তেওঁলোকেও পৰমাত্মা পৰমেশ্বৰেৰে সৈতে জীৱাত্মাৰ যোগাত্মাৰ যোগাকাঙক্ষী, কিন্তু শৰীৰক কষ্ট দি, অন্তৰস্থ আত্মআকো তাৰ দ্বাৰাই নিৰ্য্যাতন কৰি যোগ বিচৰা সন্ন্যাসী যোগী আদিৰ পথক তেওঁলোকে অনুমোদনৰ চকুৰে কেতিয়াও নেচায়। সন্ন্যাস অৱলম্বন কৰোঁতাসকলৰ পথ সেইদেখি তেওঁলোকৰ অনুমোদিত নহয় আৰু সেইদেখি তেনে ধৰ্ম্মপ্ৰচাৰৰ প্ৰণালী তেওঁলোকে অসমত সোমাব নিদিয়াকৈ ৰাখিছিল। ব্ৰত উপবাস আদি সেই বাবে তেওঁলোকে তেওঁলোকৰ ধৰ্ম্মৰ পথপৰা আঁতৰাই থৈছিল। অদ্বৈতবাদী সন্ন্যাসী বা যোগী ফকিৰৰ বাটলৈ সেইদেখি তেওঁলোকে তেওঁলোকৰ ভক্তক ঢাল ল'ব। নিদিছিল। তেওঁলোকে সেইদেখি সকলোকে নিজৰ গৃহত থাকি, আসনতে থাকি সুখেৰে হৰিগুণ শ্ৰৱণ-কীৰ্ত্তন কৰিবলৈ বাৰে বাৰে উপদেশ কীৰ্ত্তন, দশম, ঘোষা, ৰত্নাৱলীৰ পাতে পাতে।

দেৱৰ দূৰ্ল্লভ       ইহেন জন্মক
বৃথা কৰা কোন কামে।
গৃহতে থাকিয়া        হৰিক স্মৰিয়া
মোক্ষ সাধ্য হৰি নামে।। -কীৰ্ত্তন
হেন বদে বাণী       তত্ব হেন জানি

আসনতে সুখ থাকি।