তত্ত্ব-কথা/ৰাসলীলা-তত্ত্ব

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
তত্ত্ব-কথা
লেখক লক্ষ্মীনাথ বেজবৰুৱা
[ ২৫ ]

ৰাসলীলা-তত্ত্ব

এক

       ৰাসলীলাৰ ওপৰ ভাগত প্ৰাকৃত শৃঙ্গাৰ ৰসৰ ঢাকনি আছে; সেইদেখি ওপৰচকুৱাসকলে তাত অশ্লীলতা দেখে। এই বাবেই শুকদেৱে ৰাসপঞ্চাধ্যায়ৰ শেহৰ শ্লোকটোত ৰাসলীলা শুনোতা আৰু বৰ্ণাওঁতাক 'ধীৰ', 'শ্ৰদ্ধান্বিত' বিশ্লেষণেৰে বিশেষিত কৰিছে আৰু কৈছে, এনে ধীৰ অচঞ্চল লোকে শ্ৰদ্ধাৰে সৈতে বিষ্ণুৰ ৰাসলীলা শ্ৰৱণ বা কীৰ্ত্তন কৰিলে তেওঁ অচিৰতে ভগৱন্তৰ প্ৰতি পৰাভক্তি লাভ কৰি কাম নাম ৰোগৰপৰা মুক্ত হয়। আৰু এটা কথালৈ মন কৰিবলীয়া যে শুকদেৱে 'বিক্ৰীড়িত ব্ৰজবধুভিৰিদঞ্চ বিষ্ণোঃ' অৰ্থাৎ ৰাসলীলাক কৃষ্ণৰ ক্ৰীড়া নুবুলি 'বিষ্ণুৰ ক্ৰীড়া' বুলিছে। বিষ্ণু শব্দৰ অৰ্থ বিশ্বব্যাপী ঈশ্বৰ। গোটেই বিশ্বৰ ভিতৰে-বাহিৰে সততে ব্যাপ্ত হৈ যিজনে স্বৰূপ আনন্দেৰে স্বৰূপ শক্তিৰে ক্ৰীড়া কৰিব লাগিছে তেৱেঁই বিষ্ণু। 'বেবেষ্টি ইতি বিষ্ণুঃ' অৰ্থাৎ তেওঁ ব্যাপক, গোটেই জগৎ ব্যাপি আছে, 'জগৎ সৰ্বশৰীৰংতে।' তেওঁ ব্ৰহ্মাণ্ডব্যাপী। গীতাত ভগৱন্তই কৈছে- মায়া ততমিদং সৰ্বং জগদব্যক্তমূৰ্ত্তিনা। অৰ্থাৎ অব্যক্ত মূৰ্ত্তিৰে মই গোটেই জগৎ ব্যাপি আছোঁ। শ্ৰুতিত কৈছে 'তদ্বিষ্ণোঃ পৰমং পদং সদা পশ্যন্তি সুৰয়ঃ দিৱীব চক্ষুৰাততম্।' অৰ্থাৎ চকুৱে যেনেকৈ আকাশত বিস্তৃত বস্তুৰ দৰ্শন কৰে, তেনেকৈ সেই বিষ্ণুৰ অৰ্থাৎ ব্যাপনশীল ব্ৰহ্মৰ উৎকৃষ্ট পদসুৰ ব্ৰহ্মবিদসকলে সদায় দৰ্শন কৰে। আনন্দঘন বিষ্ণুৱেই কৃষ্ণ। উপনিষদত ব্ৰহ্মক সচ্চিদানন্দ স্বৰূপ বোলা হৈছে।

সচ্চিদানন্দময়ং পৰং ব্ৰহ্ম।

       সৰ্বপূৰ্ণস্বৰূপোহস্মি সচ্চিদানন্দলক্ষণঃ।। - (মৈত্ৰী উপনিষদ)

       আনন্দং ব্ৰহ্ম ইতি ব্যজানাৎ।- তৈত্তিৰীয়

       সত্যং জ্ঞানম্ অনন্তম্ আনন্দং ব্ৰহ্ম।- সৰ্ব্বোপনিষৎসাৰ

       এই সৎচিদান্দ পৰম ব্ৰহ্মৰে সচ্চিদানন্দবিগ্ৰহ মুৰ্ত্তি শ্ৰীকৃষ্ণ। ব্ৰহ্মসংহিতাত কৈছে-

ঈশ্বৰঃ পৰমঃ কৃষ্ণঃ সচ্চিদানন্দবিগ্ৰহঃ।

শ্ৰীকৃষ্ণৰ নমস্কাৰত কোৱা হৈছে 'সচ্চিদানন্দৰূপায় কৃষ্ণয়াক্লিষ্টকাৰিণে।' অৰ্থাৎ সচ্চিদানন্দৰূপ অক্লিষ্টকৰ্ম্মা শ্ৰীকৃষ্ণক নমস্কাৰ। এই সচ্চিদানন্দ বিগ্ৰহ কৃষ্ণস্বৰূপ বিষ্ণুৰ পৰম পদ পাব লাগিলে, সকলো বাসনা কামনা পৰিত্যাগ কৰি অকপট প্ৰেমিক হ'ব লাগিব। প্ৰেমৰ ঘাই লক্ষণ উৎকণ্ঠা কেনে সেইটো ব্যভিচাৰিণী বিৰহিণী কামিনীৰ দৃষ্টান্তৰপৰাহে বুজিব পাৰি। পৰপুৰুষত সৰ্ব্বতোভাবে অনুৰক্তা তিৰোতাৰ দৰে যেতিয়া ঈশ্বৰত একান্ত অনুৰক্ত ভক্তই সকলো কামনা পৰিত্যাগ কৰি 'হা কৃষ্ণ! হা কৃষ্ণ!' বুলি কান্দিব, তেতিয়া ভক্তবৎসল ভগৱন্তই নিজৰ সেই একান্ত ভক্তক নিজৰ আনন্দময় কোলাত তুলি লৈ আলিঙ্গন কৰিব। জীৱ আনন্দ-সমূদ্ৰত নিমগন [ ২৬ ] হৈ ধন্য হ'ব। এয়ে মুঠতে ৰাসলীলাৰ প্ৰকৃত মৰ্ম্ম।

       কাম আৰু প্ৰেম একে বস্তু নহয়। কাম মনোবৃত্তি বা বাসনা কিন্তু প্ৰেম মনোবৃত্তি বা বাসনা নহয়। প্ৰেম একনিষ্ঠ, কাম তেনে নহয়। কামে প্ৰকৃত বস্তুক আশ্ৰয় কৰি আনন্দ ভোগ কৰিবলৈ বিচাৰে; কিন্তু প্ৰেমে বস্তুলৈ অপেক্ষা নকৰি মাথোন অবিমিশ্ৰ আনন্দ লাভ কৰিবলৈ চায়। জীৱৰ আনন্দলিপ্সাই স্বভাৱ; কাৰণ জীৱ আনন্দময়ৰ অংশ। কিন্তু প্ৰকৃত আনন্দ কিহত, আৰু ক'ত, সেইটো কামৰ ছলনাত পৰি জীৱই পাহৰি বা নাজানি, অপদাৰ্থত আনন্দ বিচাৰি ঘূৰি মৰে। কৱি ৰবীন্দ্ৰনাথৰ ভাষাৰে ক'বলৈ গ'লে--

হৃদয়ে জ্বালায়ে বাসনাৰ শিখা,
নয়নে সাজায়ে মিচা মৰীচিকা,

মিছে ঘুৰে মৰে মৰুভূমে।

       ভাওনাত ভাও দিয়া ভাৱৰীয়াই যেনেকৈ কল্পিত কাৰো ভাও দি আন ভাৱৰীয়াৰে সৈতে ভাওনাৰ কালডোখৰত প্ৰকৃত 'মই'ক পাহৰি ক্ষন্তেকীয়া সুখ-দুখ, বা স্নেহ-মৰম অনুভৱ বা ভোগ কৰে কিন্তু সেই সুখ-দুখ, স্নেহ-মৰম ভাওনা ভগাৰ পিছত আৰু নাথাকে; কাৰণ তেওঁৰ প্ৰকৃত সুখ-দুখ, ভাওনাৰ আগৰ আৰু পাছৰ আচল 'মই'ৰ কাৰ্য্যাৱলী আৰু অনুভূতিতহে, সেইদৰে জীৱৰ প্ৰকৃত প্ৰেম নশ্বৰ প্ৰকৃত সম্ভোগৰ আপেক্ষিক নহয়। ভাও দিওঁতে জীৱৰ আচল 'মই' নকল 'মই'ত বুৰি যায়। তেওঁ তেতিয়া নকল 'মই'ক আনন্দ দিবলৈ প্ৰাণপণে চেষ্টা কৰে। কিন্তু সেই চেষ্টা তেওঁৰ স্বৰূপ ধৰ্ম্ম নহয়। তেওঁ যিমানতে সেই চেষ্টা কৰক, আচল 'মই'ক আনন্দ দিয়াটোহে তেওঁৰ স্বাভাৱিক স্বৰূপ ধৰ্ম্ম আৰু আচল উদ্দেশ্য।

       ৰাসলীলাক অশ্লীল ভাবোঁতেই আৰু এটা ডাঙৰ কথা বিমৰিষ কৰি চোৱাটো উচিত যে প্ৰথমতে ৰাসলীলা প্ৰণেতা কোন ? বক্তা কোন ? শ্ৰোতা কোন ? আৰু প্ৰণেতা, বক্তা আৰু শ্ৰোতাৰ অভিপ্ৰায় কি ? আমি এইকেইটা প্ৰশ্নৰ উত্তৰত প্ৰথমতে দেখোঁ যে ৰাসলীলা প্ৰণেতাজন সত্যৱতীসূত মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদব্যাস-- যি জনে বেদ বিভাগ কৰিছল, চাৰিও বেদৰ অনেক শাখা কৰিছিল, বেদান্ত দৰ্শন প্ৰণয়ন কৰিছিল, মহাভাৰত আৰু ওঠৰ পুৰাণ ৰচনা কৰিছিল, আৰু যাক ঈশ্বৰৰ চতুৰ্ব্বিংশতি আৱতাৰৰ ভিতৰত এজন অৱতাৰ বোলে ̶

ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি।
দেখিলাহা প্ৰজা ভৈলা আতি অল্পমতি।।
কৰিলা অনেক শাখা চাৰিও বেদৰ।

পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্ম্মিলা বিস্তৰ।। ̶ কীৰ্ত্তন-ঘোষা

       বক্তা কোন ? মহাভক্ত মহাযোগী জীৱন্মুক্ত পুৰুষ, বিষয়ত বিৰাগী, শুকদেৱ। শ্ৰোতা কোন ? ব্ৰাহ্মণৰ শাপত পৰি থকা, অনুতাপগ্ৰস্ত, মুক্তিকামী, মৃত্যুসমুখত থিয় আৰু প্ৰায়োপবিষ্ট মহাৰাজ পৰীক্ষিৎ। এইবোৰ কথা ভাবিলে, মনলৈ আহিব পাৰে নে যে লোক নিস্তাৰৰ নিমিত্তে অৱতাৰ ধৰোঁতা মহৰ্ষি ব্যাসে, কেতিয়াবা অশ্লীল ঘৃণ্য বিষয় লেখিব আৰু পৰোপকাৰী বসুধৈব কুটুম্বকং শুকদেৱে মৃত্যুৰ মুখত পৰি [ ২৭ ] থকা আৰু এক মূৰ্হুত্ত বৃথা কথাত সময় নষ্ট কৰিব নোৱাৰা অভিশপ্ত অনুতপ্ত পৰীক্ষিতক বিলাসপৰায়ণ মানুহৰ শৃঙ্গাৰ ৰসৰ সেই কথা শুনাব আৰু সেই সময়ত ভবৌষধিস্বৰূপে দান কৰিব ? শুকদেৱে এনে পৰীক্ষিতক এনে সময়ত সাংসাৰিক অশ্লীল আৰু নীতিবিগৰ্হিত কথা শুনাই প্ৰতাৰণা কৰিব পাৰে বুলি ভাবিব পাৰি নে ? যদি নোৱাৰি, তেন্তে এই ৰাসলীলাত পৰম গুহ্যতত্ত্ব যে নিহিত আছে, তাত সন্দেহ কৰিবৰ কাৰণ নাই। ধানৰ বাকলিৰ ভিতৰতহে চাউল আৰু সিহে আচল বস্তু। শৃঙ্গাৰ কথা পৰম তত্ত্ব ৰাসলীলা ওপৰৰ বাকলিহে। যি ধীৰ, স্থিৰ আৰু শ্ৰদ্ধাবান সিহে ধৈৰ্য্য ধৰি পৰম নিগূঢ় অন্তৰ্নিহিত তত্ত্বনিধি লাভ কৰিব পাৰিব, চঞ্চল অধীৰ, ওপৰচকুৱা, অশ্ৰদ্ধাবানে নোৱাৰে, মহামুনি ব্যাস আৰু শুকদেৱে ইয়াকেহে কয়।

       সৎ, চিৎ আৰু আনন্দস্বৰূপ ব্ৰহ্মই যেনেকৈ তিনিগুণক আশ্ৰয় কৰি তেওঁৰ ক্ষুদ্ৰাতিক্ষুদ্ৰ এক এক অংশক বিকাৰযুক্ত কৰি সৃষ্টিত পৰিমত কৰে, নিৰ্ম্মল প্ৰেমানন্দৰ এক অংশও সেইদৰে বিকাৰযুক্ত হৈ কামত পৰিণত হয়। যেনেকৈ ত্ৰিগুণ সংযুক্ত ব্ৰহ্মাংশ ব্ৰহ্মাণ্ডত পৰিমত হৈ বিকাৰ প্ৰাপ্ত হ'লেও, ব্ৰহ্ম বিকাৰৰহিত নিৰঞ্জন নিৰ্ম্মল সচ্চিদানন্দস্বৰূপ, সেইদৰে প্ৰেমাংশ বিকাৰ প্ৰাপ্ত হৈ কামত পৰিণত হ'লেও, প্ৰেম নিৰ্ম্মল চিৰানন্দময়। ত্ৰিগুণাত্মক বিকৃত জীৱৰ যেনেকৈ পৰমাত্মাৰ ফাললৈ যাবৰ বাসনা আৰু অনেক সাধ্য-সাধনাৰ পিছত লাহে লাহে সি পৰিশুদ্ধ আৰু বিধ্যেত হৈ পৰমাত্মাৰ সামীপ্য আৰু সাৰূপ্য লাভ কৰে। কাম নামেৰে কোনো মূল্য মনোবৃত্তি নাই আৰু জীৱৰ দেহৰ বাহিৰে কামৰ সুকীয়া অস্তিত্ব নাই। কামাসক্ত মানুহেই কাম। সেই মুত্তিমন্ত কাম পৰিশোধিত হৈ সি যেতিয়া চিৰকাঙিক্ষত প্ৰেম পৰমানন্দ লাভ কৰিব, তেতিয়া ক্ষুদ্ৰ পাৰ্থিৱ কামৰ দেহা পুৰি ভস্ম হৈ যাব। পৰম পুৰুষ ভগৱন্তৰ প্ৰেমানন্দত নিমগ্ন মহাদেৱৰ আগত কাম ভস্ম হৈ পৰিছিল।

       মানুহে পাৰ্থিৱ সম্ভোগৰ আনন্দকে ভাষাৰে আনক ভালকৈ বুজাব নোৱাৰে, অথচ পাৰ্থিৱ এই ক্ষুদ্ৰাতিক্ষুদ্ৰ আনন্দ ব্ৰহ্মানন্দৰ কণা বা ছাঁ মাথোন। যদি এই ছাঁ বা কণাকে ভাষাৰে ভালকৈ বুজাব নোৱাৰি, তেন্তে ব্ৰহ্মানন্দ বুজাবৰ ভাষা ক'ত ? পাৰ্থিব সকলো প্ৰকাৰ আনন্দতকৈ স্ত্ৰী-পুৰুষৰ ৰমণানন্দই প্ৰধান। সেই দেখি জীৱাত্মাৰ পৰমাত্মাৰে সৈতে আলিঙ্গ বা ৰমণত যি আনন্দ হয়, তাৰ যথাসম্ভৱ ক্ষুদ্ৰাতিক্ষুদ্ৰ আভাস দিবলৈ মহামুনিয়ে ৰাসলীলাৰ বৰ্ণনাত পাৰ্থিৱ শৃঙ্গাৰ ৰসৰ আনন্দৰ উদাহৰণৰ আশ্ৰয় ল'বলগীয়াত পৰিছে। শ্ৰুতিয়েও এই জীবাত্মা-পৰমাত্মাৰ আলিঙ্গনৰ আনন্দৰ কণামাত্ৰাৰ আভাস দিবলৈ এনে উদাহৰণৰেই আশ্ৰয় লৈছে। যেন ̶

       "তদযথা প্ৰিয়ায়া স্ত্ৰিয়া সম্পৰিষবক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰমেৱায়ং পুৰুষঃ প্ৰাজ্ঞেনাত্মনা সম্পৰিষবক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰং তদৱা অস্যৈতদাপ্তকামমাত্মকামং ৰূপং শোকান্তৰম্।"

       অৰ্থাৎ যেনেকৈ প্ৰিয়া ৰমণীৰ দ্বাৰাই আলিঙ্গিত হৈ মানুহে অন্তৰ-বাহিৰে একোকে জানিব নোৱাৰে, সেইদৰে জীৱ প্ৰাজ্ঞই আত্মাৰ দ্বাৰাই পৰিষ্‌বক্ত অন্তৰ-বাহিৰ একোকে জানিব নোৱাৰে। [ ২৮ ]        ব্ৰজৰ গোপীসকলে মূৰ্ত্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিঙ্গন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱ ব্ৰহ্মৰ আলিঙ্গনৰ অভিনয়। সংসাৰ পাহৰিব পাৰিলেই কাম নাথাকে। আনন্দ মূৰ্ত্তিৰে সৈতে আলিঙ্গিত হ'ব উপায় প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ অপ্ৰাপ্তি দাৰুণ উৎকণ্ঠা। বিৰহিণী ব্যভিচাৰিণী কামিনীয়েই সেই উৎকণ্ঠাৰ এক মাথোন চূড়ান্ত দৃষ্টান্ত। এই বাবে গোপীসকলক ব্যভিচাৰিণী পৰনাৰীৰূপে থিয় কৰি ভগৱন্তৰ ভক্তৰ ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হ'লেই জীৱই ভগৱন্তক পাব। এয়ে ৰাসলীলাৰ ঘাই শিক্ষা।

       আমি ওপৰত কৈছোঁ যে ব্ৰস্ত্ৰহৰণলীলাত ৰাসলীলাৰ পাতনি। সেই লীলাত গোপীসকলৰ প্ৰথম পৰীক্ষা। সেই পৰীক্ষাত তেওঁলোকে তেতিয়া উঠিব নোৱাৰিলে দেখি, তেওঁলোকক ওভোতাই পঠিয়াই পৰীক্ষাত উঠিব পৰা হ'বলৈ সময় দিয়া হ'ল। সাধন নাৰ্গত সাধক ভক্তৰো প্ৰথমাৱস্থা এনেকুৱাই।

       ৰাসলীলাৰ প্ৰথমতে শ্ৰীকৃষ্ণই বংশীধ্বনিৰে গোপীসকলক নিজৰ ওচৰলৈ মাতি আনিলে। সুস্বৰৰ সৌন্দৰ্য্যৰ, সুৰসৰ, সুগন্ধৰ, সুস্পৰ্শৰ আকৰ্ষণী যে আছে এইটো সকলোৱে জানে। কিন্তু এই আকৰ্ষণী শক্তি প্ৰকৃততে পাৰ্থিব পদাৰ্থৰ নহয়, এই আকৰ্ষণী শক্তি 'ৰসো বৈ সঃ' আনন্দৰহে। পাৰ্থিৱ পদাৰ্থৰ যদি আকৰ্ষণী শক্তি থাকিলহেঁতেন, তেন্তে তুমি যাক সুন্দৰ যেন দেখিছা, মই তাক তেনে সুন্দৰ দেখিলোঁহেঁতেন, কিন্তু নেদেখোঁ। তুমি যিটো ৰুচিকৰ বুলি তৃপ্তিৰে খোৱা মোৰ সেইটো ৰুচিকৰ নালাগে আৰু তাত মই তৃপ্তিও নাপাওঁ কিয় ? তোমাৰ ল'ৰা-ছোৱালী মোৰ চকুত কুৰূপ আৰু কুশ্ৰী হ'লেও আৰু সেই বাবে মোৰ সিহঁতক দেখিবৰ মন ন'গলেও তোমাৰ চকুত সিহঁত সুন্দৰ আৰু মনোৰম। অনেক দৃষ্টান্ত দিব পাৰি যে বেশ্যাসক্তই নিজৰ সুন্দৰ স্ত্ৰীত সৌন্দৰ্য নেদেখি কুৰূপা বেশ্যা এজনীত সৌন্দৰ্য্য আৰু তৃপ্তিৰ লালসাত নিগমন হয়। আনৰ জিভাত ঘিউ-মৌ আদিৰ সোৱাদ সুমধুৰ লাগে কিন্তু এনে অনেক আছে, যি ঘিউৰ গোন্ধত বঁতিয়ায়, গোলাপজল আৰু আতৰৰ গোন্ধ সহিব নোৱাৰে। ল'ৰা এটাক এদিন এডোখৰ দালচেনি চোবাবলৈ দিছোঁ, সি চোবাই ছিঃ ছিঃকৈ লৰি গৈ এটা গান্ধিপোক চোবাইহে তাৰ হিচাপেৰে দালচেনিৰ দুৰ্গন্ধটো মাৰি মুখ সুগন্ধ কৰিলে। মানৰ 'নেপি', য়ুৰোপীয়ৰ 'চিজ' আমাৰ মানুহে খাই বা শুঙি বঁতিৱাৰ অনেক উদাহৰণ আছে। এতেকে দেখা যায় যে সুস্বৰ, সুৰস, সুগন্ধ, সুখস্পৰ্শ আৰু সুন্দৰ বুলি কোনো এটা নিৰ্দ্দিষ্ট বস্তু নাই। যি যিহত আনন্দ লাভ কৰে তাৰ পক্ষে সিয়েই সুন্দৰ, সুস্বৰ বা সুমধুৰ। সেইদেখি বেছ বুজিব পৰা যায় যে আকৰ্ষণী শক্তি মূল বস্তু আনন্দৰেইহে আছে, আন কোনো পদাৰ্থৰ নাই। সেই আনন্দই ব্ৰহ্ম, শ্ৰীকৃষ্ণই সেই আনন্দৰ ঘনীভূত মূৰ্ত্তি 'সচ্চিদানন্দ বিগ্ৰহ'। শ্ৰীকৃষ্ণৰ আকৰ্ষণী শক্তিস্বৰূপ বাঁহীয়ে সদায় সকলোকে সুললিত স্বৰেৰে তেওঁৰ ফাললৈ মাতিব লাগিছে। যাৰ কাণৰ মলিনতা দূৰ হৈছে, যাৰ হৃদয় ভক্তি ৰসেৰে বিশুদ্ধ বিধৌত হৈছে, সিয়েই সেই বংশীৰ আহ্বান সুনিবলৈ পায়। সেইদেখি বিশুদ্ধ চিত্ত কৃষ্ণগত প্ৰাণ গোপীসকলেহে সেই শৰৎকালৰ চন্দ্ৰাৱলী ৰাতি বৃন্দাবনত বংশীৰ আহ্বান শুনিবলৈ পাই গৃকাৰ্য্য পতি-পুত্ৰাদি এৰি প্ৰাণবল্লভ কৃষ্ণৰ ফালে লৰ দিছিল। [ ২৯ ]

বনকো দেখিল চন্দ্ৰৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি হৰি গাইল গীত।।
শুনি কামে উত্ৰাৱল হুয়া গোপীগণে।

দিলেক লৱড় গীত-ধ্বনি নিৰীক্ষণে।। ̶ কীৰ্ত্তন

       শ্ৰীশঙ্কৰদেৱে গোপীসকলৰ গৃহকাৰ্য্য এৰি এইদৰে লৰি যোৱাৰ সন্দৰ তাৎপৰ্য্য দিছে ̶

এড়ে যেন ধৰ্ম্ম ভকতসকলে।
কৃষ্ণৰ কীৰ্ত্তন শুনি চিত্ত উত্ৰাৱলে।।
নেদেখন্ত পুত্ৰ দাৰা বিষয়ৰ সুখ।

সেহিমতে ভৈল গোপী কৃষ্ণক সমুখ।। ̶ দশম

       গোপীসকলে বংশীবদনৰ বংশী আহ্বান শুনি বংশীবাদনক পাবৰ নিমিত্তে লৰালৰিকৈ বিপৰ্য্যয়ৰূপে কাপোৰকানি অলঙ্কাৰ পিন্ধি গৈয়ো তেওঁক পালেগৈ। এই বিষয়েও শ্ৰীশঙ্কৰদেৱে দিয়া কেনে পটন্তৰ চোৱা--

তথাপি কৃষ্ণক পাইলে গোপী নিৰন্তৰ।
শুনয়োক আৰ আবে যেন পটন্তৰ।।
কৃষ্ণৰ নিমিত্তে কৰ্ম্ম ভকতে কৰন্তে।
যদি ছিদ্ৰ পড়ে মনে কৃষ্ণক স্মৰন্তে।।
তথাপি সাফল কিঞ্চিতেকো নাই বৃথা।

সেইমতে ভৈল সব গোপিকাৰ কথা।। ̶ দশম

       গোপীসকলে সকলো বাধাবিঘিনি অতিক্ৰম কৰি কৃষ্ণৰ কাষলৈ লৰা বিষয়ত শ্ৰীশঙ্কৰদেৱৰ পটন্তৰ--

বিমোহিত হুয়া সৱে লৱড়ে গোপিনী
হৰি-ভকতক যেন নলঙেঘ বিঘিনি।।
আপদকো নগণি হৰিত কৰে ৰতি।

সেহিমত ভৈল গোপী সমস্তৰ গতি।। ̶ দশম

       গোপীসকৰ কৃষ্ণৰ সমুখ হ'ল। কিন্তু আকৌ তেওঁলোকৰ পীক্ষা আৰম্ভ হ'ল। বাস পঞ্চাধ্যায়ৰ প্ৰথম অধ্যায়ৰ ১৭ শ্লোকৰপৰা ২৪ শ্লোকলৈকে এই পৰীক্ষাৰ প্ৰশ্ন। শ্ৰীকৃষ্ণই গোপীসকলক প্ৰথমতে স্বাগত সুদিলে। তাৰ পিছত সুধিলে, তেওঁ তেওঁলোকৰ কি প্ৰয়ি কাৰ্য্য কৰিব পাৰে ? তাৰ পিছত সুধিলে, ব্ৰজৰ মঙ্গল নে ? তাৰ পিছত সুধিলে, তেওঁলোকৰ অহাৰ কাৰণ কি ?

       ৰজাৰ ঘৰৰ ডাঙৰ চাকৰি পাবলৈ আশা কৰোঁতাজনে যেনেকৈ প্ৰথমতে পৰীক্ষা দি মহলাত উঠিব লাগে আৰু চাকৰিত বাহাল হ'লেও যেনেকৈ তাত নিগাজী (Permanent) হ'বলৈ আৰু প্ৰমোছন পাবলৈ আৰ্থাৎ ওপৰৰ খাপে খাপে উধাই গৈ থাকিবলৈ Departmental Examination আৰ্থাৎ নানা বিষয়ত পৰীক্ষা দি থাকিব লাগিব, সেইদৰে ভগৱন্তৰ চৰণ-পঙ্কজ পদপ্ৰাৰ্থীয়েও পদে পদে পৰীক্ষা দিব লাগিব। বস্ত্ৰহৰণত পৰীক্ষা আৰম্ভ হৈছিল। গোপীসকল উত্তীৰ্ণ হ'ব নোৱাৰিলে দেখি [ ৩০ ] তেতিয়া তেওঁলোকে ভগৱন্তবস্তুৰ আলিঙ্গনো লাভ কৰিব নোৱাৰিলে। আকৌ তেওঁলোকে পৰীক্ষাত appear হ'ব লগা হ'ল তেওঁলোকৰ পৰীক্ষা আৰম্ভ হ'ল। শ্ৰীকৃষ্ণই তেওঁলোকক ক'লে ̶

দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি।
ঐত নাথাকিবা তোৰাসব স্ত্ৰীমতি।।
চৰে বাঘ ঘোঙ বৰাহৰ হুকহুকি।

পুৰুষৰে ভয় ভালুকৰ শুনি উকি।।-- দশম

       কোনো কোনো বিষয়ৰপৰা নিবৃত্ত কৰিব লাগিলে প্ৰথমতে ভয় দেখুৱাব লাগে। ঘাইকৈ মানুহৰ তিনিটা ডাঙৰ ভয় ̶ যথা প্ৰাণৰ ভয়, লোকভয় আৰু ধৰ্ম্মভয়। ভগৱন্তই গোপীসকলৰ তেওঁৰ প্ৰতি একান্ত অনুৰাগৰ পৰীক্ষা কৰিবৰ নিমিত্তে প্ৰথমতে প্ৰাণৰ ভয় দেখুৱাই উভতি যাবলৈ ক'লে। গোপীসকল অটল হৈ ৰ'ল। কৃষ্ণই চালে যে গোপীসকলে তোঁক পাবলৈ নিজৰ জীৱনকো উছৰ্গা কৰিবলৈ সাজু আছে নে নাই অৰ্থাৎ এওঁলোকৰ মানত মই ডাঙৰ নে, এওঁলোকৰ প্ৰাণ ডাঙৰ। গোপীসকলে দেখুৱালে যে কৃষ্ণ ভগৱন্তবস্তু ডাঙৰ, তেওঁলোকৰ প্ৰাণ তুচ্ছ। ভক্তই যেতিয়া ভগৱন্তক পাবৰ নিমিত্তে নিজৰ জীৱন উৎসৰ্গ কৰিবলৈ সাজু হ'ব, তেতিয়াই তেওঁ ভগৱন্তক পাবৰ অধিকাৰী হ'ব। এই পৰীক্ষা অকল গোপীসকলৰ নহয়, ঈশ্বৰ-লাভাকাঙ্খী সকলো ভক্তৰ। এই পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ'ল। শ্ৰীকৃষ্ণই গোপীসকলক দ্বিতীয় ভয় দেখুৱালে--

তোমাসাক নেদেখিয়া পিতৃ-মাতৃ ভাই।
পতিপুত্ৰচয় চাই ফুৰে ঠাই ঠাই।।
লাগ নাপাই মনে বৰ মিলিবে সংশয়।

পালটি গুচায়ো গৈয়া তাসম্বাৰ ভয়।। ̶ দশম

       এই পৰীক্ষাতো গোপীসকল উত্তীৰ্ণ হ'ল। তেওঁলোক অটল হৈ ৰ'ল। ভগৱন্তই গোপীসকলক কৰ্ত্তব্যভঙ্গৰ ভয় দেখুৱালে অৰ্থাৎ গোপীসকলৰ মনত লৌকিক ব্যৱহাৰ ডাঙৰ নে কৃষ্ণ ডাঙৰ এইটো চালে। ভগৱন্তক পাব খোৱা সাধক ভক্তৰ পক্ষেও এই একে পৰীক্ষাই।

       ইয়াৰ পিছত ধৰ্ম্মৰ ভয় প্ৰদৰ্শন ̶

কান্দে শিশুগণ তাক পিয়ায়োক স্তন।
বেবায় বৎস কৰা গৈয়া ধেনুক দোহন।।
স্বামী আছে গৃহতে কিসক বৈলা ভ্ৰান্তি।
কৰিয়ো শুশ্ৰূষা তাক তুমি সৱ শাস্তী।।
স্বামীৰেসে সেৱা কুলস্ত্ৰীৰ মহাধৰ্ম্ম।
পুৰুষক পুষিবা কৰিবা গৃহ কৰ্ম্ম।।
যদি কলা জৰা কুজা কণা হোৱে পতি।
তাহাকো নেড়িব হেন শাস্ত্ৰৰ সন্মতি।।

উপপতি সমে ক্ৰীড়া কৰ্ম্ম গৰিহিত।

[ ৩১ ]

পৰ্বত সমান পাপ সৌকাৰ্য কিঞ্চিত।।
ইহলোকে নিন্দে পৰলোকে মহাভয়।
স্বামী যেবে জানে মিলে পৰম সংশয়।। ̶ দশম

       এই পৰীক্ষাতো গোপীসকল উত্তীৰ্ণ হ’ল। আৰ্য্য হিন্দু ৰমণীৰ স্বধৰ্ম্ম – বিনয়, লজ্জাশীলতা, নম্ৰতা আৰু গৃহকাৰ্য্যত অনুৰাগ স্বাভাৱিক ভূষণ, প্ৰাণতকৈয়ো মূল্যবান। ভগৱন্তই পৰীক্ষা কৰি দেখিলে, গোপীসকলে তেওঁক পাবলৈ সেইবোৰ তুচ্ছকৈ এৰিব পাৰে নে নোৱাৰে। ধৰ্ম্মনাশ আৰু সদাচাৰত্যাগ – এই দুটা গৃহস্থ ৰমণীৰ পক্ষে এৰিব নোৱাৰা কাৰ্য্য। এই দুটাকো তেওঁলোকে পৰিত্যাগ কৰি ভগৱন্তক বৰণ কৰিব পাৰে নে নোৱাৰে তেওঁ চালে। শাস্ত্ৰত আছে, তিৰোতাৰ পতিয়েই সৰ্ব্বহ, একমাত্ৰ পতি-সেৱাই তিৰোতাৰ ধৰ্ম্ম, আন ধৰ্ম্মানুষ্ঠান তেওঁলোকৰ নাই; কৰিলেও বিফল। শাস্ত্ৰৰ এই কথা দেখুৱাইও তেওঁ পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ’ল। ভগৱন্তক পাবৰ আগতে ভক্তৰ অন্তৰত যেনেকুৱা অস্ফুট আন্দোলন হয়, ভগৱন্তই গোপীসকলৰ সৈতে তাকে লীলা কৰি দেখুৱালে।

       গোপীসকল পৰীক্ষাত উঠিল আৰু ভগৱন্ত শ্ৰীকৃষ্ণৰে সৈতে আনন্দময় ৰাসলীলাত যোগ দিবৰ বাবে উপযুক্ত হ’ল।

দুই

ৰাসলীলাৰ বৰ্ণনাৰ উপসংহাৰৰ শেষৰ শ্লোকটো –

এৱং শশাঙ্কাংশুৱিৰাজিতা নিশাঃ।
       স সত্যকামোহনুৰতাবলাগণঃ।
সিষেৱ আত্মন্যৱৰুদ্ধসৌৰতঃ।
       সৰ্ৱাঃ শৰৎকাৱ্যকথাৰসাশ্ৰয়াঃ।।

       ইয়াৰ অৰ্থ – এইদৰে সত্যসঙ্কল্প ভগৱন্ত শ্ৰীকৃষ্ণই আপোনাৰ শৰীৰতেই শুক্ৰাবৰোধন কৰি অনুৰক্ত অনুৰক্ত অৱলাসকলেৰে সৈতে শৰৎকালচোৱাত কবি-প্ৰসিদ্ধ শৃঙ্গাৰ ৰসৰ অভিনয় কৰি চন্দ্ৰালোকিত সেই সুদীৰ্ঘ ৰজনী অতিবাহিত কৰিলে।

       শ্ৰীধৰ স্বামীয়ে ‘আত্মনি অৱৰুদ্ধ-সৌৰতঃ’ৰ টীকা কৰিছে – ‘এৱমপ্যাত্মনেৱ অৱৰুদ্ধঃ সৌৰতঃ চৰমাধাতুঃ নতু স্খলিতো যস্যোতি কামজয়োক্তিঃ।’ অৰ্থাৎ শ্ৰীকৃষ্ণই গোপীসকলৰ সৈতে শৃঙ্গাৰ ৰসৰ অভিনয় কৰিলেও তেওঁৰ ধাতুস্খলন হোৱা নাছিল; ইয়াতেই কামজয় প্ৰদৰ্শিত হ’ল। স্বামীজীয়ে ৰাসলীলা বৰ্ণনাৰ আদিতে কৈছে ‘তস্মাদ্ৰাসক্ৰীড়াৱিড়ম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্।’ অৰ্থাৎ ৰাসক্ৰীড়া বিড়ম্বন মাথোন, ৰাসলীলাৰ অনুকৰণত কামজয় প্ৰদৰ্শন কৰাটোৱেই আচল তত্ত্ব।

       শুকদেৱে ৰাসপঞ্চাধ্যায়ৰ শ্লোকবোৰত বাৰে বাৰে শ্ৰীকৃষ্ণক ‘পূৰ্ণকাম’, ‘আত্মাৰাম’ ইত্যাদি বিশেষণেৰে বিভূষিত কৰি শ্ৰীকৃষ্ণৰ পূৰ্ণতাৰ পৰিচয় দিছে। যি পূৰ্ণকাম তেওঁৰ কোনো কামনা কোনো অভাৱ থাকিব নোৱাৰে। কামৰ উৎপত্তি মনত আৰু বিকাশ ইন্দ্ৰিয়ত। মানস পুত্ৰ কাম নেথাকিলে ইন্দ্ৰিয়ৰ ক্ৰীড়াও অসম্ভৱ। ইন্দ্ৰিয়ৰ ক্ৰীড়া নহ’লে ধাতুস্খলনো হ’ব নোৱাৰে। ধাতুস্খলনৰ মূল কাৰণেই যেতিয়া কাম [ ৩২ ] আৰু ধাতুস্খলনো হোৱা নাই যেতিয়া, মনত কামৰো জন্ম হোৱা নাই, সেইদেখি ধতুস্খলন হোৱা নাই বোলাত কামজয় দেখুৱা হ’ল।

       ৰাসপঞ্চাধ্যায়ৰ প্ৰথম অধ্যায়ৰ শ্লোক –

ভগৱানপি তা ৰাত্ৰীঃ শাৰ্দোৎপল্লমল্লিকাঃ।
ৱীক্ষ্য ৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ।।

       অৰ্থাৎ

শৰত কালৰ ৰাত্ৰি অতি বিতোপন।
বহুবিধ পুষ্পে বিকশিত বৃন্দাবন।।
দেখি যোগমায়া বলে হৰিষ তহিত।
ৰাসক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈল চিত্ত।। - দশম

       অৰ্থাৎ ̶ শ্ৰীকৃষ্ণ স্বয়ং ষড়ৈশ্বৰ্য্যপূৰ্ণ আত্মতৃপ্ত হৈয়ো শৰৎকালৰ বিতোপন ৰাতিত তেওঁ যোগমায়া নামৰ অচিন্ত্য নিজ শক্তিক আশ্ৰয় কৰি পূৰ্ব্ব প্ৰতিশ্ৰুত ৰাসক্ৰীড়া কৰিবলৈ ইচ্ছা কৰিলে। ইচ্ছা কৰা মানে তেওঁ মায়াক আশ্ৰায় কৰি ৰমণেচ্ছাৰ নিচিনা দেখুৱালে।

       এই অধ্যায়ৰ আৰু এটা শ্লোকত আছে –

ইতি ৱিপ্লৱিতং তাসাং শ্ৰুত্বা যোগশ্বৰেশ্বৰঃ।
প্ৰহস্য সদয়ং গোপীৰাত্মাৰামোহপ্যৰীৰমৎ।।

       অৰ্থাৎ ̶ শ্ৰীকৃষ্ণই আত্মাৰাম হৈয়ো গোপীসকলক ৰমণ কৰিলে।

পূৰ্ণকাম হৰি যদি জগত ঈশ্বৰ।
তথাপি সাধন্ত আতি প্ৰীতি ভকতৰ।।
হাসি পাছে গোপযুৱতীৰ ৰঞ্জি চিত্ত।
কৰিলন্ত কামকেলি বিপৰীত।। ̶ দশম

       এই শ্লোকতো শুকদেৱে দেখুৱালে যে শ্ৰীকৃষ্ণ পূৰ্ণকাম, তেওঁৰ ৰমণেচ্ছা নাই যদিও গোপীসকলৰ প্ৰীতি সাধিবৰ নিমিত্তে ৰমণ কৰিলে। আৰু অনেক ঠাইত, য’তে ৰমণৰ কথা উঠিছে, ত’তে শুকদেৱে শ্ৰোতাসকলক সাৱধান কৰি দিছে, যাতে তেওঁলোকে ৰমণৰ কথা শুনি কামজনিত প্ৰকৃত ৰমণৰ কথা নাভাবে।

       বাস্তৱিকতে ৰাসলীলা শুনি বা পঢ়ি পোনতে মনত যেনে ভাৱ উদয় হয়, আচলতে তাত তেনেকুৱা একো নাই। শ্ৰীকৃষ্ণই যোগমায়াৰ বলেৰে তেনেকুৱা দেখুৱাইছিল মাত্ৰ। পৰীক্ষিতৰ সংশয় গুচাবৰ নিমিত্তে শুকদেৱেও তাকেই কৈছে। প্ৰথম মূল শ্লোকতেই ‘ৰন্তুং মনশ্চক্ৰে যোগমায়ামুপাশ্ৰিতঃ।’ জীৱ মাত্ৰকে চিৰকাল জীয়াই থাকিবৰ ইচ্ছা, মৰিবৰ ইচ্ছা কাৰো নাই। জীৱৰ এইটো স্বাভাৱিক ইচ্ছা। এই ইচ্ছা যদি পূৰ্ণ নহয় বা কেতিয়াও পূৰ্ণ কৰিব পৰা নহয়, তেন্তে ঈশ্বৰে অনাহকতে সকলো প্ৰাণীৰ মনত এই ইচ্ছাৰ বীজ নিহিত কৰি নিদিলেহেঁতেন। এতেকে এইটো নিঃসন্দেহে সিদ্ধান্ত কৰিব পাৰি যে জীৱই স্বভাৱতে যি বিচাৰে সেইটো অন্তত পোৱা যাব পাৰে। সূৰ্য্যৰ ৰশ্মি যেনেকৈ সূৰ্য্যৰপৰা সুকীয়া অথচ সুকীয়া নহয়, চিৰকাল সদানন্দময় ভগৱন্তৰ প্ৰীতি সাধন কৰি আনন্দ আস্বাদন কৰাটোৱেই জীৱৰ স্বৰূপত [ ৩৩ ] অৱস্থান। গোপীসকলে তাক পাবৰ নিমিত্তে ব্যাকুল হৈছিল আৰু ভকতৰ বশ্য ভগৱন্তই তাকে তেওঁলোকক দিবলৈ ইচ্ছা কৰিছিল। তেওঁ গীতাত নি মুখেই কৈছে – ‘যে যথা মাং প্ৰপদ্যন্তে তাংস্থথৈব ভজাম্যহম্।’ অৰ্থাৎ যি যেনেকৈ মোক ভজনা কৰে মই তাক সেইভাবেই কৃপা কৰোঁ। ‘ৰন্তুং মনশ্চক্ৰে’ মানে ভগৱন্তই ৰমণ কৰিবলৈ ইচ্ছা কৰিলে। ‘ৰম্’ ধাতুৰ অৰ্থ আনন্দ আস্বাদন কৰা। আনন্দময় ‘পতিঃ পতীনাং পৰমং পৰস্তাৎ’ ভগৱন্ত বস্তুৰে সৈতে মিলিত হোৱাটোৱেই জীৱৰূপা প্ৰকৃতিৰ ৰমণ বা আনন্দ আস্বাদন। আৰু শৰণাগত ভক্ত জীৱৰ মনোবাঞ্চা পূৰ্ণ কৰাটোৱেই ভক্তবৎসল ভগৱন্তৰ স্বভাৱ, ইচ্ছা বা ৰমণ। সেই বাবেই তেওঁৰ নাম ৰাম।

চৈতন্য শক্তিৰ দ্বাৰে       ইটো জড় জগতক
ৰমাৱন্ত কৰ্ম্ম অনুৰূপে।
এতেকেসে ঈশ্বৰৰ       পৰম প্ৰসিদ্ধ ৰাম
নাম আৰু জানিবা স্বৰূপে।। – ঘোষা

       আত্মাৰাম ভগৱানৰ ইচ্ছা তেওঁৰ নিজৰ কোনো অভাৱ পূৰণৰ নিমিত্তে নহয়। তেওঁ ইচ্ছাময়; তেওঁৰ ইচ্ছা হৈয়েই আছে। প্ৰকৃত স্ত্ৰী-পুৰুষৰ ৰমণৰ নিচিনাকৈ শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ ৰমণৰ বাহ্য ক্ৰীড়া নাই, মাথোন অবাধ আনন্দ। নিজানন্দ-পৰিপূৰ্ণ ভগৱন্তৰ ৰমণৰ আৱশ্যক নহয়। নিত্যানন্দ শ্ৰীৰামে এই জড় বিশ্বজগতত স্থাবৰজঙ্গম, পশু-পক্ষী, সকলোৰে সৈতে তেওঁৰ চৈতন্য শক্তিৰ দ্বাৰাই নিতো নিৰৱচ্ছিন্নভাৱে ৰমণ কৰি, সেইসকলক কৰ্ম্ম অনুৰূপে ৰমণ কৰাব লাগিছে। আনন্দময় মূৰ্ত্তি শ্ৰীকৃষ্ণৰ দ্বাৰাই আলিঙ্গিত বা তেওঁৰ সৈতে মিলিত হ’লেও সকলো আনন্দৰ আক্ষা পৰিপূৰ্ণ হৈ গ’ল। আৰু ক্ৰিয়াৰ আৱশ্যকতা ক’ত? ক্ৰিয়াৰ দ্বাৰাই যিটোক পাবলৈ আশা অৰ্থাৎ যি আনন্দক পাবলৈ চেষ্টা, মূৰ্ত্তিমান সেই আনন্দক হাততে পালে আৰু ক্ৰিয়াৰ প্ৰয়োজন ক’ত থাকিব পাৰে? ভগৱন্তৰ এক অত্যাশ্চৰ্য্য ঐশী শক্তিৰ নাম যোগমায়া। যোগমায়াৰ প্ৰভাৱত অসত্যক সত্য যেন দেখি। তেওঁ নিজ মুখে গীতাত কৈছে – ‘নাহং প্ৰকাশঃ সৰ্ৱস্য যোগমায়াসমাবৃতঃ।’ অৰ্থাৎ মই যোগমায়াৰে সমাবৃত থাকোঁ সেইদেখি সকলোৱে ঠিক মোক দেখিবলৈ নেপায়। এতেকে এইটো ঠিক বুজিব পাৰি যে বহিৰ্মুখ মানুহৰ নিমিত্তেই পৰম নিগূঢ় ৰাসলীলাত এনে এটা বাহিৰা আবৰণ আছে। ভগৱন্তই যোগমায়াৰে তেওঁৰ ৰাসলীলাক ৰতিক্ৰীড়াৰ নিচিনা দেখুৱাইছিল মাথোন। প্ৰথম শ্লোকতে ব্যাসদেৱে সেইদেখি এইকথা ‘যোগমায়ামুপাশ্ৰিতঃ’ বুলি স্পষ্টকৈ কৈ দিছে। বেদত কৈছে, ‘ব্ৰহ্ম আশ্বৰ্য্য আৰু ব্ৰহ্মৰ শ্ৰোতা, বক্তা আৰু জ্ঞাতাও আশ্বৰ্য্য।’ আঠ-ন বছৰীয়া শ্ৰীকৃষ্ণ বৃন্দাবনত ৰাসলীলাৰ নায়ক। শিশু কৃষ্ণৰ পুতনা-শোষণ, শকট-ভঞ্জন, চক্ৰবাত নিধন আদি লীলা অতি আশ্বৰ্য্য লীলা। বেদোক্ত পৰম ব্ৰহ্মই যে আনন্দঘন-বিগ্ৰহ শ্ৰীকৃষ্ণৰূপে এই আশ্বৰ্য্য লীলা কৰিছিল, বেদ-বিভোগকাৰী বেদান্তসূত্ৰ প্ৰণেতা মহাভাৰতান্তৰ্গত গীতা ৰচোঁতা বেদব্যাসে তেওঁৰ চিত্তপ্ৰশমক পুৰাণসূৰ্য্য স্বৰূপ শ্ৰীমদ্ভাগৱতত তাকে concrete ভাৱে দেখুৱাইছে। এনে লীলা অধ্যাত্ম-দৃষ্টিশূন্য সৰ্ব্বসাধাৰণৰ চকুত অসম্ভৱ লাগিবৰে কথা। ব্ৰহ্মইও তেওঁৰ লীলাৰ মৰ্ম্মৰ অন্ত নেপাই গোপবালক শ্ৰীকৃষ্ণৰ [ ৩৪ ] আগত সাষ্টাঙ্গে প্ৰণাম কৰি বৃন্দাবনত কৈছিল –

ক্কাহং তমোমহদহংখচৰাগ্নিবাৰ্ভূ সম্বেষ্টিতাণ্ডঘটসপ্তবিতস্তিকায়ঃ।
ক্কেদৃগ্ বিধাবিগণিতাণ্ডপৰাণুচাৰ্য্যাৱাতাধ্ব ৰোমৱিৱৰস্য চ তে মহিত্বম্।।

অৰ্থাৎ ̶ ক্ষুদ্ৰ মই ক’ত? আৰু পৰম মহান তুমি ক’ত? ক্ষিত্যাদি সপ্ত তত্ত্বগঠিত এটি ব্ৰহ্মাণ্ড মোৰ শৰীৰ। আৰু তোমাৰ শৰীৰৰ ৰোমকূপত এনেকুৱা অগণ্য ব্ৰহ্মাণ্ড সোমাইছে আৰু ওলাইছে, যেনেকৈ খিৰিকী-দুৱাৰত পৰমাণুবোৰ সোমায় আৰু ওলায়।

ৰোম-বিবৰমহ কোটি কোটি অণ্ড তাণ্ডৱ
কৰু সম ৰেণুং।

       শ্ৰীকৃষ্ণই অৰ্জ্জুনক কৈছে –

মম যোনিৰ্মহদ্ ব্ৰহ্ম তস্মিন গৰ্ভং দধাম্যহম্।
সম্ভৱঃ সৰ্ৱভূতানাং ততো ভৱতি ভাৰত।।

       ইয়াৰ অৰ্থ – প্ৰকৃতি মোৰ যোনি অৰ্থাৎ গৰ্ভাধান স্থান। মই তাত চিদ্ বীৰ্য্য নিক্ষেপ কৰিলে তাৰ পৰা সকলো ভূতৰ উৎপত্তি হয়।

       ঈশ্বৰ পুৰুষৰ এই বিহাৰ বা লীলাত যি ৰস প্ৰবৰ্ত্তে, সেই ৰস সৃষ্টিৰ আদি কাৰণ দেখি তাক আদি ৰস বোলে। ইয়াত ইন্দ্ৰিয় তৃপ্তিৰ ইচ্ছা বা ইন্দ্ৰিয়ৰ সম্বন্ধ নথকাৰ নিমিত্তে অশ্লীল নহয়। পুৰুষ আৰু স্ত্ৰীৰ সংযোগত সন্তান উৎপাদনৰ যি কাৰণ তাকো আদি ৰস বোলে আৰু যদিও সি সংসাৰ-ৰক্ষাৰ নিমিত্তে অপৰিহাৰ্য্য তথাপি লৌকিক হিচাপত সি অশ্লীল। সংসাৰ-ধৰ্ম্ম ৰক্ষা আৰু সন্তাননোৎপাদন যি কাৰ্যৰ উদ্দেশ্য নহয়, যাৰ উদ্দেশ্য কেৱল ইন্দ্ৰিয় পৰিতৃপ্তি সি অশ্লীল নোহোৱাটো দূৰৰ কথা, সি আদি ৰস বাচ্যই নহয়। সংসাৰ-ধৰ্ম্মৰ নিমিত্তে যি ৰস আদি কাৰক তাক শৃঙ্গাৰ ৰসো বোলে। শৃঙ্গ অৰ্থাৎ স্ত্ৰী-পুংচিহ্নৰ অৱলম্বনত তাৰ আবিৰ্ভাৱ। ত্ৰিগুণাত্মিক আদি ৰসৰপৰা জগৎসৃষ্টি, কামময় আদি ৰসৰপৰা সকলো জীৱৰ উৎপত্তি, কিন্তু কাম গন্ধহীন বিশুদ্ধ আনন্দময় আদি ৰসতেই জীৱৰ স্বৰূপত অৱস্থান। পাৰ্থিৱ মলিন আদি ৰস পৱিত্ৰমূল আদি ৰসৰেই বিকৃতি। অবিদ্যাপৰিচ্ছন্ন মলিন আদি ৰসৰ ভিতৰেদি গৈ থাকিবলগীয়া হৈয়ো ক্ৰমাৎ মলিনতা মুক্ত হৈ মূল মধুৰ আদিৰসস্বাদন কৰিব পাৰিলেই জীৱই চিৰবিশ্ৰাম আৰু সদানন্দ লাভ কৰে। অৰ্থাৎ জীৱই বিশুদ্ধ হৈ আনন্দময় মূৰ্ত্তিমান পৰম ব্ৰহ্মৰ আলিঙ্গন লাভ কৰিব পাৰিলেই তেওঁ আনন্দঘন শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ৰাসমণ্ডলৰ সহচৰ হ’ল। ভগৱন্তৰ লীলাৰ নামেই ৰাসলীলা। এই ৰাসলীলাত ক্ৰিয়া নাই, ফল আছে; কামনা নাই, তৃপ্তি আছে; সম্ভোগ নাই, আনন্দ আছে। এই লীলাৰ অলপ-অচৰপ আভাস দিবলৈ হ’লেও পাৰ্থিৱ শৃঙ্গাৰ ৰস বা আদি ৰসৰ আশ্ৰায় ল’ব লাগিব। এই বাবেই শ্ৰুতিত এনে উপমাকে দিছে – ‘তদযথা প্ৰিয়য়া স্ত্ৰিয়া সম্পৰিষ্‌বক্তো ন বাহ্যং কিঞ্চন বেদ নান্তৰমেবমেবায়ং পুৰুষঃ।’ অৰ্থাৎ মানুহে যেনেকৈ প্ৰিয়তমা স্ত্ৰীৰে সৈতে আলিঙ্গিত হ’লে অন্তৰ্বাহ্য একোকে জানিব নোৱাৰে, সকলো পাহৰি যায়। শ্ৰুত্যুক্ত এই বাক্যৰ অৰ্থ শ্ৰীকৃষ্ণই প্ৰত্যক্ষ [ ৩৫ ] দেখুৱালে যে গোপীসকলে তেওঁৰ সৈতে আলিঙ্গিত হৈ নিজৰ শৰীৰ, ঘৰ-সংসাৰ সকলো পাহৰি গ'ল।

       পঞ্চম অধ্যায়ৰ দ্বিতীয় শ্লোকৰ টীকাত শ্ৰীধৰ স্বমীয়ে 'ৰাসক্ৰীড়াৰ'ৰ অৰ্থ কৰিছে ̶ 'ৰাসক্ৰীড়া ̶ ৰাসো নাম বহুনৰ্ত্তকীযুক্তনৃত্যবিশেষঃ।' অৰ্থাৎ বহু নৰ্ত্তকীয়ে কৰা একৰকম নৃত্যকে ৰাস বোলে। স্বামীয়ে ৰাস পঞ্চাধ্যায়ৰ প্ৰথম শ্লোকৰ টীকাত প্ৰথমতে কৈছে 'তাস্মাদ্ৰাসক্ৰীড়াবিৰম্বনং কামজয়াখ্যাপনায়েতি তত্ত্বম্।' অৰ্থাৎ ভগৱন্তই কামজয় প্ৰদৰ্শন কৰিবৰ নিমিত্তেই ৰাস-নামক নৃত্যৰ অনুকৰণ কৰি লীলা কৰিছিল, এইটোৱেই আছিল তত্ত্বকথা। ভগৱন্ত শ্ৰীকৃষ্ণই প্ৰকৃত নৰ্ত্তক-নৰ্ত্তকীৰ অনুকৰণ কৰি অপ্ৰাকৃত ৰসত্ত্বহে ব্যক্ত কৰিছিল। প্ৰাকৃত বস্তু প্ৰাকৃত জগতৰ ভাব, ভাষা কাৰ্য্যৰ আশ্ৰয় নল'লে প্ৰাকৃত উপাদানেৰে গঠিত মনুষ্যই অপ্ৰাকৃত জগতৰ তত্ত্ব ব্যক্ত কৰিব বা বুজিব নোৱাৰে। নিৰ্গুণ ঈশ্বৰৰ গুণ যথাকথঞ্চিত বুজিবৰ হ'লেও আমাৰ প্ৰাকৃত জগতৰ ভাব, ভাষা, কাৰ্য্য, আৰু বস্তুৰ আশ্ৰয় নল্'লে নচলে। প্ৰাকৃত জগতৰ দৃষ্টান্তৰেই আশ্ৰয় লৈ অপ্ৰাকৃত জগতৰ আভাস কৰিবলগীয়া হোৱা যায় যেতিয়া ভগৱন্ত শ্ৰীকৃষ্ণই প্ৰাকৃত নৰ্ত্তক-নৰ্ত্তকী নিচিনাকৈ লীলা কৰি দুৰ্ব্বোধ আত্মতত্ত্ব যে সুবোধ কৰি দিলে তাত সন্দেহ কৰিবৰ বাট ক'ত ? ভগৱন্তৰ অৱতাৰৰ মূল উদ্দেশ্যই সেইটো -

অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিত:।
ভজতে তাদৃশী: ক্ৰীড়া যা: শ্ৰুত্বা তৎপৰো ভৱেৎ।।
পৰম দুৰ্ব্বোধ আত্মতত্ত্ব       তাৰ জ্ঞান অৰ্থে হৰি যত
লীলা অৱতাৰ ধৰা তুমি কৃপাময়।। ̶ ঘোষা

       এতেকে আমি বুজিলোঁ যে শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰাকৃত ৰাসলীলাৰ অনুকৰণ মাথোন, শ্ৰীকৃষ্ণ প্ৰাকৃত মনুষ্য নহয়।

ৰাম কৃষ্ণ নোহন্ত মানুষ।
তাৰা দুই পৰম পুৰুষ।। ̶ মাধৱদেৱ

       তেওঁ গোপীসকলেৰে সৈতে প্ৰাকৃত নৰ্ত্তক-নৰ্ত্তকীৰ দৰে সেই লীলাৰ অনুকৰণ কৰিছিল মাথোন, দৃশ্যকাব্যৰ অভিনয় কৰি প্ৰত্যুক্ত পৰমতত্ত্ব ভক্তসকলৰ সহজবোধ্য কৰি দিছিল মাথোন, ভগৱন্ত অপ্ৰাকৃত হৈও প্ৰাকৃতিৰ নিচিনাকৈ পাৰ্থিৱ লীলা কৰিছিল। ৰাসলীলা আনন্দময়ৰ নিত্যলীলাৰ প্ৰাকৃত চকুৰ আগত আংশকিত বিকাশ। কৃষ্ণলীলা ভাবুক ভক্তৰ বিচাৰৰ বস্তু নহয়, আস্বাদনৰহে বস্তু।খাবলৈ বহি এই ভাতৰ চাউল ক'ৰ পৰা আহিল, ইয়াৰ বেচ কিমান ইত্যাদি বিচাৰ কৰিবলৈ গ'লে তাৰ সোৱাদ পোৱা নাযায়। খালেহে সোৱাদ পোৱা যায়। নৰিয়াই বেজৰ দৰৱৰ উপাদানৰ বিষয়ে বিচাৰ-তৰ্ক কৰিবলৈ বহিলে, নৰিয়া নুগুচে। সেই দৰৱ খালেহে তেওঁ নীৰোগ হয়। ভবৰোগীয়ে কৃষ্ণলীলা মহৌষধি সেৱন কৰিলেহে ভবৰোগৰপৰা পৰিত্ৰাণ পাব, তাৰ বিচাৰ কৰি সময় নষ্ট কৰিলে নহয়। ভবৰোগীৰ কাতুৰ্ব্বাদ প্ৰাৰ্থনা এইটোহে।

একে ভৱৰোগে মোক সহজে পীড়য়।
বিষয় অপথ্য তাতে খাইলো অতিশয়।।

[ ৩৬ ]

জানো কৃষ্ণ তযু গুণ পৰম অমৃত।
তোমাৰ ভক্তৰ সঙ্গে পিয়ায়োক নিত।।
তেবেসে দুৰ্ঘোৰ ভৱ-ৰোগ হোৱে দূৰ।

জানি কৃষ্ণ কৰা মোক-কৰুণা প্ৰচুৰ।।

       শাস্ত্ৰত কৈছে ̶ 'ৰস্যতে আস্বাদ্যতে অসৌ ৰসঃ' অৰ্থাৎ যাক আস্বাদন কৰা যায় সিয়েই ৰস। হাস্য, কৰুণ, বীৰ অদি নটা ৰসৰ কথা শাস্ত্ৰত আছে। হাস্যৰ স্থায়ীভাব হাস্যৰ ভিতৰত আছে, কৰুণৰ স্থায়ীভাব শোকৰ ভিতৰত, বীৰৰ স্থয়ীভাব উৎসাহ আৰু বীৰ্য্যৰ ভিতৰত আছে, ইত্যাদি। সেই স্থায়ীভাব হৈছে আনন্দ। আনন্দৰ বাহিৰে আমাৰ আস্বাদ্য বস্তুৱেই নাই। কৰুণ ৰোদনৰ অন্তৰো অন্তৰত নিফুট আনন্দ আছে। যি কান্দে, সিও কান্দি আৰাম পায় নতুবা সেই কাৰ্য্য সি নকৰিলেহেঁতেন। খঙালে খং কৰিও একপ্ৰকাৰ অনিৰ্ব্বচনীয় আনন্দ লাভ কৰে। জলা, তিতা, কেহা যি খাই চকুৰ পানী পেলায়, তাৰো আস্বাদ্য আনন্দ। জালৰ তাপত তাৰ চকুৰ পানী ওলাই গৈছে তথাপি জলা দিয়া আঞ্জাহে সি ভাল পায়। মিঠা খোৱাইতো মিঠাৰ ভিতৰেদি আনন্দকেহে বিচাৰে। এই নটা ৰসত অনুৰাগী প্ৰত্যেকৰ আচৰণ সুকীয়া হ'লেও, প্ৰ্ত্যেকৰ লক্ষ্য আনন্দৰ ফালে, প্ৰ্ত্যেকৰ উদ্দেশ্য আৰু আস্বাদ্য আনন্দ মাথোন। ঐক্যতান সঙ্গীতৰ নানা বাজনাৰ মাত সুকীয়া হ'লেও সকলোবোৰ একে সুৰতে বন্ধা। জগৎ-সংসাৰত সকলোৰে গতি আৰু কৰ্য্য বিভিন্ন যেন দেখা গ'লেও, বাস্ত্ৱিকতে সকলোৰে মূল উদ্দেশ্য একে অৰ্থাৎ আনন্দৰ আস্বাদন, কাৰণ আনন্দৰ সুমধুৰ সুৰতে জগৎ বন্ধা। এতসৈবে আনন্দস্য অন্যানি ভূতানি মাত্ৰামুপজীৱন্তি' (বৃহদাৰণ্যক)। 'কো হ্যেৱন্যাৎ কঃ প্ৰাণ্যাৎ। যদেষ আকাশ আনন্দো ন স্যাৎ। এষ হ্যেবান্দয়াতি' (তৈত্তিৰীয়)। অৰ্থাৎ যদি আনন্দ স্বৰূপ আকাশ (ব্ৰহ্ম) নাথাকিলহেঁতেন, কোন জীয়াই থাকিলহেঁতেন। তেৱেঁই আনন্দিত কৰে। বেদান্তৰ পঞ্চদশীত সেই দেখি কৈছে যে গুণময় প্ৰকৃতিৰ বিকাৰ বিষয়ৰ পৰা আমাৰ যি আনন্দানুভৱ হয়, তাৰ কাৰণ আনন্দঘন ব্ৰহ্মৰ তাত ক্ষণিক আভাস। সকলোৱে প্ৰকৃত ৰস অৰ্থাৎ আনন্দৰ অনুসন্ধান কৰি ফুৰিছে, তাৰ কোটি কোটি অংশৰ কণাৰ আভাস পাই বলিয়া হৈ ফুৰিছে, কিন্তু আচল ৰস বা আনন্দ নাই পোৱা। নকলকে আচল ভাবি আটায়ে তাতে ক্ষণিক সুখ-শান্তি বোধ কৰিছে, কিন্তু সি যে প্ৰকৃত ৰস বা আনন্দ নহয়্, সেইদেখি জীৱই তাত স্থিৰ শান্তি পোৱা নাই ; বৰং ক্ৰ্মে বেছি অশান্তিহে পাই আহিছে। ছাঁ আচল বস্তু নহয়। আচল বস্তু পালেই চিৰশান্তি, চিৰানন্দ। কিন্তু ছাঁ থাকিলে যেনেকৈ আচল থাকিবই লাগিব নতুবা ছাঁৰ জন্ম অসম্ভ, সেইদৰে আচল আনন্দ ৰসময় পৰম বস্তু আছেই আছে। জীৱৰ সেয়েই প্ৰকৃত লক্ষ্য, উদ্দেশ্য, প্ৰাপ্তিস্থান আৰু চিৰবিশ্ৰাম, জীৱই বিষয়ত যি আনন্দ ভোগ কৰে, সেইটো পিয়াহ- লগা মানুহে চেঁচা পানীৰ কলহৰ গাত লাগি থকা চেলেকাৰ নিচিনা। সেই চেলেকনীত পিয়াহ নুগুচি বাঢ়েহে। জগতৰ অন্তৰ্য্যামী ব্ৰহ্মানন্দৰস জীৱই পান কৰিব নোৱাৰি পঞ্চেন্দ্ৰিয়ৰ সাহায্যত তাৰ ওপৰত চেলেকিছে মাথোন ; এতেকে জীৱৰ পিয়াহৰ শান্তি ক'ত? এই বহিৰাবৰণ ভেদ কৰি প্ৰকৃত পৰম ৰস পান কৰিব পাৰিলেহে জীৱৰ শান্তি। [ ৩৭ ] ৰাসলীলাৰ শৃঙ্গাৰ ৰসস্বৰূপ বহিৰাবৰণত যি আটক হৈ থাকে, সি তাৰ পৰম তত্ত্ব লাভ কৰিব নোৱাৰে। সেই পৰম তত্ত্বহে হৃদৰোগ কামৰ ঔষধ, বাহিৰৰ ফাল বাকলিহে।

তিনি

       ৰাসলীলাৰ নিগূঢ় তত্ত্বত প্ৰবেশ কৰিব নোৱাৰি তাত বহিৰাবৰণত মাথোন দৃষ্টি ৰাখিলে যে মানুহৰ মনত সংশয় উপস্থিত হয়, সি ৰাসলীলা শ্ৰৱণ কৰি পৰীক্ষিতৰ মনত উপস্থিত হোৱা সংশয়তে প্ৰকাশ পায়। এইটো নিশ্চয় যে পৰীক্ষিতে শ্ৰীকৃষ্ণক পূৰ্ণব্ৰহ্ম বুলি জানিছিল। তেওঁ নিজে যে ৰাসলীলাৰ বহিৰাবৰণ ভেদ কৰি গূঢ় পৰম তত্ত্বত উপস্থিত হ'ব পৰা নাছিল এনেও নহয়। ৰাসলীলা শুনি সাধাৰণ মানুহৰ মনত যেনে সংশয় হ'ব, প্ৰশ্নৰ ছলতে শুকদেৱৰ দ্বাৰাই যথাৰ্থ উত্তৰ দিয়াই সেই সংশয় সকলোৰে নিমিত্তে যাতে ছেদ হয়--আচলতে তাৰ নিমিত্তেহে তেওঁৰ প্ৰশ্ন। পৰীক্ষিতে শুকদেৱক সুধিলে ̶

সংস্থাপনায় ধৰ্ম্মস্য প্ৰশমায়েতৰস্য চ।
অৱতীৰ্ণোহি ভগৱানংশেন জগদীশ্বৰঃ।।
স কথং ধৰ্ম্মসেতুনাং বক্তা কৰ্ত্তাভিৰক্ষিতা।
প্ৰতীপমাচৰদ্ ব্ৰহ্মণ্ পৰদাৰাভিমৰ্শনম্।।
আপ্তকামো যদুপতিঃ কৃতবান্ বৈ জুগুপ্সিতম্।
কিমভিপ্ৰায় এতং নঃ সংশয় ছিন্ধি সুব্ৰত।।

অৰ্থাৎ ̶

ধৰ্ম্মক ৰাখিবা অধৰ্ম্ম নাশি।
ই কাৰ্য্যে ভৈলা আৱতাৰ আসি।
ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি।
ক্ৰীড়িলা কেনে পৰ গোপনাৰী।।
হোৱন্ত হৰি যদি পূৰ্ণকাম।
কৰিলা কেনে গৰিহিত কাম।।
ছেদিও সংশয় কৈয়ো বৃত্তান্ত।
ধৰ্ম্মব্যতিক্ৰমো দূষ্ট ঈশ্বৰাণাঞ্চ সাহসম্।
তেজীয়সাং ন দোষায় বহ্নেঃ সৰ্ব্বভুজো যথা।।

অৰ্থাৎ-

পৰম ঈশ্বৰে কৰে অকৰ্ম্ম।।
তেজস্বীত কিছু নাহি অধৰ্ম্ম।
সৰ্ব্বভক্ষ বহ্নি সবাকো শোষে।

তথাপিতো কিছু নোছোৱে দোষে।। ̶ কীৰ্ত্তন-ঘোষা

       এইটো শুকদেৱৰ প্ৰথম পোনপটিয়া উত্তৰ মাথোন। 'ঈশ'ধাতুৰ অৰ্থ প্ৰভুত্ব কৰা। 'সৰ্ব্বস্য প্ৰভূম্ ঈশানম্' (শ্বেতাশ্বেতৰ উপনিষদ)। 'য ঈশেহস্য দ্বিপদশ্চতুষ্পদঃ।' [ ৩৮ ] (শ্বেত)। 'য ইমান্ লোকান্ ঈশত ঈশনীভিঃ।' যিসকলে ইন্দ্ৰিয়ৰ অধীন নহৈ ইন্দ্ৰিয়ৰ ওপৰত প্ৰভুত্ব কৰিবপাৰে তেওঁলোকেই ঈশ্বৰ। তেওঁলোকৰ ঈশ্বৰ। তেওঁলোকৰ পাপ-পুণ্য নাই। যাৰ আত্মাভিমান নাই, যি ইন্দ্ৰিয়ৰ অধীন হৈ সকামভাবে কোনো কাম নকৰে, তেৱেঁই ঈশ্বৰ, তেৱেঁই তেজস্বী। কৰ্ম্মৰ ফল আছেই। যাৰ কৰ্ম্ম তাৰ ফল নিশ্চয় থাকিব। দেহ যদি অহংশূন্য হ'ল, তেনেহ'লে দেহকৃত কৰ্ম্মৰ ফল দেহীৰ নহয়। সেইদিখে শুকদেৱে ৰুদ্ৰৰ উদাহৰণ দি কৈছে, ̶

ৰুদ্ৰক দেখি বিষ খায় আনে।

সিজন যেন মৰি যায় প্ৰাণে।। ̶ কীৰ্ত্তন

       ৰুদ্ৰৰ আত্মাভিমান নাই, ইন্দ্ৰিয়ৰ অধীন তেওঁ নহয়, বৰং ইন্দ্ৰিয়হে তেওঁৰ অধীন; সেইদেখি তেওঁ বিষ খায়ো নমৰিল। কিন্তু তেওঁক দেখি তেওঁৰ আৰ্হি লৈ আনে অৰ্থাৎ যাৰ আত্মাভিমান আছে, যি ইন্দ্ৰিয়ৰ দাস, তেওঁ বিষ খালে মৰিবই; কাৰণ বিষপান কৰ্ম্মৰ ফল--মৃত্যু। অগ্নি ঈশ্বৰৰ শক্তিৰে শক্তিমন্ত। যি তেনে ঐশ্বৰিক শক্তিৰে শক্তিমন্ত নহয়, তেওঁ সৰ্ব্বভূক্ হ'বলৈ গ'লে তেওঁৰ বিনাশ নিশ্চয়।

সৰ্ব্বভক্ষ বহ্নি সবাকো শোষে।

তথাপিতো তাঙ্ক নোছোৱে দোষে।। ̶ কীৰ্ত্তন

       ঈশ্বৰসকলৰে যেতিয়া এনে ক্ষমতা, এনে প্ৰভুত্ব, ঈশ্বৰৰো ঈশ্বৰ পৰম মহেশ্বৰ শ্ৰীকৃষ্ণৰ এনে কাৰ্য্যত তেনেকৈ দোষ হ'ব পাৰে? শ্ৰীকৃষ্ণ 'তমীশ্বৰণাম্ পৰম মহেশ্বৰম্' (শ্বেত)। তেওঁৰ বীৰ্য্যেৰে অগ্নি, বায়ু, ইন্দ্ৰ, ব্ৰহ্ম, ৰুদ্ৰ সকলো বীৰ্য্যৱন্ত। এই তত্ত্ব বিশদ কৰিবৰ নিমিত্তে কেনোপনিষদত এটা উপাখ্যান আছে ̶ 'ব্ৰহ্ম হ দেৱেভ্যো বিজিগ্যে। তস্য হ ব্ৰহ্মণো বিজয়ে দেৱা অমহীয়ন্ত। ত ঐক্ষন্ত অস্মাকমেৱায়ং বিজয়ঃ অস্মাকমেৱায়ং মহিমা।' অৰ্থাৎ কোনো এক সময়ত ব্ৰহ্মই দেৱতাসকলক জয়ী কৰিছিল। ব্ৰহ্মকৃত এই বিজয়ত দেৱতাসকল স্পৰ্দ্ধিত হৈ ভাবিলে যে এই বিজয় আমাৰেই, এই মহিমা আমাৰেই। ব্ৰহ্মই তেওঁলোকৰ আগত আবিৰ্ভূত হ'ল। 'তন্ম ব্যজানত কিমিদং যক্ষমিতি।' দেৱতাসকলে তেওঁক জানিব নোৱাৰিলে। তেওঁলোকে ক'লে, 'এইটো কি অদ্ভুত বস্তু?' তেওঁলোকে অগ্নিক ক'লে -'জাতৱেদা' অৰ্থাৎ এইটো কি 'যক্ষ' জানি আহা। অগ্নি সেই মূৰ্ত্তিৰ ওচৰ চাপিলত মূৰ্ত্তিয়ে সুধিলে 'কোহসি' ̶ তুমি কোন? অগ্নিয়ে উত্তৰ দিলে, মোক নাজানানে? মই অগ্নি। ব্ৰহ্মই সুধিলে-'তস্মিন্ ত্বয়ি কিংবীৰ্য্যম্।' অৰ্থাৎ তোমাত কি শক্তি আছে? অগ্নিয়ে উত্তৰ দিলে ̶ 'অপীদং সৰ্বংদহেয়ং যদিদং পৃথিব্যাম্।' অৰ্থাৎ পৃথিৱীত যি আছে, মই সকলোকে দহন কৰিব পাৰোঁ। ব্ৰহ্মাই ক'লে-'বেছ, তেন্তে এই তৃণডাল পোৰাচোন।' অগ্নিয়ে তেওঁৰ সকলো শক্তি প্ৰয়োগ কৰিও সেই তৃণডাল পুৰিব নোৱাৰি নিবৃত্ত হৈ দেৱতাসকলক ক'লে ̶ 'নৈতদশকং বিজ্ঞাতুং যদেতৎ যক্ষমিতি।' এইটো কি অদ্ভুত বস্তু মই জানিব নোৱাৰিলোঁ। দেৱতাসকলে তাৰ পিছত বায়ুক পঠিয়ালে। বায়ু ব্ৰহ্মাৰ ওচৰ চাপিলত ব্ৰহ্মাই সুধিলে ̶ 'তুমি কোন?' বায়ুৱে উত্তৰ দিলে ̶ [ ৩৯ ] 'বায়ুৰ্বা অহমস্মি মাতৰিশ্বা বা অহমস্মি,' মই বায়ু, মই মাতৰিশ্বা, সমস্ত জগত আদান কৰিব পাৰোঁ। ব্ৰহ্মাই ক'লে- 'বাৰু বেছ কথা; তেন্তে এই তৃণডালি আদান কৰাচোন।' বায়ুৱে তেওঁৰ গোটেই শক্তি প্ৰয়োগ কৰিও তৃণডালি লৰাব নোৱাৰিলে। বায়ু উভতি আহি সেই কথা দেৱতাসকলক ক'লত দেৱতাসকলে এইবাৰ ইন্দ্ৰক পঠিয়ালে। ইন্দ্ৰ ওচৰ চাপি অহা দেখি ব্ৰহ্ম অন্তৰ্দ্ধান হ'ল। এনেতে ইন্দ্ৰই আকাশত এটি বৰ সুন্দৰ ৰমণী মূৰ্ত্তি দেখিলে। সেই ৰমণী মূৰ্ত্তি ব্ৰহ্মবিদ্যাৰূপিণী উমা হৈমৱতী- 'স তস্মিন্নেৱাকাশে স্ত্ৰিয়মাজগাম বহুশোভমানাম্ উমাং হৈমৱতীম্ তাং হোৱাচ-- কিমেতদ্যক্ষমিতি।' ইন্দ্ৰই তেওঁক সুধিলে- 'এই অদ্ভুত বস্তু কোন?' উমাই ক'লে --'আৰু কোন হ'ব?' যাৰ শক্তিত তোমালোক শক্তিমন্ত্ৰ, যাৰ বিজয়ত তোমালোক জয়ী হৈছিলা, এওঁ সেই ব্ৰহ্ম।' 'সা ব্ৰহ্মেতি হোৱাচ। ব্ৰহ্মণো ৱা এতদ্বিজয়ে মহীয়ধ্বমিতি। ততো হৈৱ ৱিদাঞ্চকাৰ ব্ৰহ্মেতি।'

       শুকদেৱে পৰীক্ষিতক আৰু ক'লে-

নৈতং সমাচৰেজ্জাতু মনসাপি হ্যনীশ্বৰঃ।

বিনশ্যত্যাচৰণ্ মৌঢ্যাদ্ যথা ৰুদ্ৰোহব্ধিজং বিষম্।।

অৰ্থাৎ ̶

ঈশ্বৰসকলে যিটো কাম কৰ্ম্ম কৰে
মনেয়ো তাক নকৰি। ̶ দশম
ঈশ্বৰ নুহি যিটো মূঢ়মতি।
ই কৰ্ম্ম কৰি যাইব অধোগতি।।
ৰুদ্ৰক দেখি বিষ খায় আনে।

সি জন যেন মৰি যায় প্ৰাণে।। ̶ কীৰ্ত্তন

চকুৰ আগতে দেখা কথা, যে কত ইন্দ্ৰিয়পৰতন্ত্ৰ জটাধাৰী লেংটি পিন্ধা ছাই সনা সন্যাসীয়ে মহাদেৱৰ অনুকৰণ কৰি, কত বিলাসপয়াৰণ 'সন্ত'ই শ্ৰীকৃষ্ণৰ বৃন্দাবনলীলাৰ অনুকৰণ কৰি নিজেও অধঃপাতলৈ যাব লাগিছে আৰু সেইবোৰক বিশ্বাস কৰোঁতে সৰল স্বভাৱৰ নৰ-নাৰীকো অধঃপাতলৈ নিব লাগিছে। এনে সৰ্ব্বনশীয়া সন্ন্যাসী আৰু সৰ্ব্বনশীয়া বৈষ্ণৱ যাতে নোলায়, তাৰ নিমিত্তে শুকদেৱে এই কথা কৈছে।        শুকদেৱে আকৌ কৈছে ̶

ইশ্বৰাণাং বচঃ সত্যং তথৈবাচৰিতং ক্কচিৎ।

তেষাং যৎ শ্ববচোযুক্তং বুদ্ধিমাংস্তৎসমাচৰেৎ।।

       অৰ্থাৎ ̶

ঈশ্বৰসকলে        যিটো কৰ্ম্ম কৰে
মনেয়ো তাক নকৰি।
তেসম্বে যি সব       ধৰ্ম্ম বিহে বাক্যে

তাকেসে সবে আচৰি।। ̶ দশম

       মহাশাস্ত্ৰ গীতাৰ তৃতীয় অধ্যায়ৰ ২১ শ্লোকত ভগৱন্তই কৈছে ̶

যদযদাচৰিত শ্ৰেষ্ঠস্তওদেৱেতৰো জনঃ।

স যৎ প্ৰামাণং কুৰুতে লোকস্তদনুৱৰ্ত্ততে।।

[ ৪০ ]        অৰ্থাৎ জ্ঞানীৰ আচাৰ দেখি সাধাৰণ লোক চলে। আৰু তেওঁ যি প্ৰমাণ কৰে

সাধাৰণ লোকে তাৰে অনুসৰণ কৰে।

       এই বচন অনুসাৰে পাছে অজিতেন্দ্ৰিয় দেহাভিমানী লোকে অনাসক্ত বিষয়ত বিৰাগী তেজস্বী পুৰুষৰ লোকসমাজত নেইন্দিত কাৰ্য্যৰ অনুকৰণ কৰিবলৈ যায়, সেইটো আশঙ্কা কৰি শুকদেৱে এই কথা কৈছে।

দেহত যাৰ নাহি অহঙ্কাৰ।

তাহাৰ কৰ্ম্মত নাহি বিচাৰ।। - কীৰ্তন

       এই নিমিত্তেই্ অবিৰক্তসকলৰ বেদবিহিত কৰ্ম্মলঙঘনত দোষ বুলিছ, আৰু বিৰক্ত ভক্তৰ দোষ নাই বুলিছে।

অবিৰক্ত ভকতৰ বেদ লঙ্ঘিবাৰ দোষ
জানিবাহা হৈবেক নিশ্চয়।
পৰিৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল

তাৰ একো নাহিকে নিৰ্ণয়।। - ঘোষা

       শুকদেৱে পুনৰাই কৈছে -

কুশলাচৰিতেনৈষামিহ চাৰ্থো ন ৱিদ্যতে।
ৱিপৰ্যয়েন বানৰ্থো নিৰহঙ্কাৰিণাং প্ৰভো।।
কিমুতাখিলসত্ত্বানাং তিৰ্য্যঙ্‌ মৰ্ত্ত্যদিৱৌকসাম্‌।।

ইশিতুশ্চেশিতব্যানাং কুশলাকুশলান্বয়ঃ।।

অৰ্থাৎ -

যিটো দেখে ব্ৰহ্মময় মহাজ্ঞানী
দেহে নাহি অহঙ্কাৰ।
এওক দোষ গুণে নোছোৱে তাহাৰ
কৰ্ম্মত গুচে বিচাৰ।। - দশম
সনাতন কৃষ্ণ পৰম পুৰুষ
যিটো জগতৰ ঈশ।
ইটো পৰদাৰা-গমন পাতকে
তাঙ্ক কৰিবেক কিস? - দশম

ন মে পাৰ্থাস্তি কৰ্ত্তব্যং ত্ৰিষু লোকেষু কিঞ্চন। - গীতা

       শ্ৰীকৃষ্ণই কৈছে ̶ 'হে পাৰ্থ! ত্ৰিলোকত মোৰ কৰ্ত্তব্য বুলি এওক নাই।' অৰ্থাৎ মই লৌকিক হিচাপত যি কৰ্ত্তব্য বা অকৰ্ত্তব্য তাৰ বাহিৰ।

       যি পৰমেশ্বৰ সকলোৰে নিয়ন্তা তেওঁৰ পাপ-পুণ্য একো থাকিব নোৱাৰে।যাৰ দেহত অহং বুদ্ধি নাই অৰ্থাৎ মই কৰ্ত্তা বুলি অভিমান নাই, তাত পাপ-পুণ্যওনাই। দেহ আৰু আত্মাৰ অনিষ্টজনক যি সিয়েই পাপ, সিয়েই্ লৌকিক হিচাপত নিন্দনীয়। এতেকে যাৰ দেহেৰে সৈতে সম্পৰ্ক নাই, সমাজত সৈতে সম্বন্ধ নাই, তাৰ পাপ-পুণ্যও নাই। যাৰ 'মই' নাই, 'মোৰ' নাই, 'পৰ' নাই, 'অপৰ' নাই, যাৰ 'নিজৰ' বুলি একোতে অভিলাষ নাই, 'পৰ'ৰ বুলি একোতে বিতৃষ্ণা নাই, যাৰ মায়াৰ দ্বাৰাই জীৱ পাপ-পুণ্যত আবদ্ধ হৈছে, যি 'শুদ্ধমপাপবিদ্ধম্‌' যি ̶ [ ৪১ ]

ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশেহৰ্জ্জুন তিষ্ঠতি।

ৰাময়ন্ সৰ্ব্বভূতানি যন্ত্ৰাৰূঢ়ানি মায়য়া।। ̶ গীতা

       তাৰ পৰদাৰ সম্পৰ্কজনিত পাপ হ'বই নোৱাৰে, কাৰণ তেওঁৰ কোনো পৰ নাই আৰু পাপ-পুণ্যৰ সৈতে সমন্ধ নাই।

জগতৰ অন্তৰ্য্যামী নাৰায়ণ।

তাৰ কোন পৰদাৰাগমন।। ̶ কীৰ্ত্তন

       শুকদেৱ ̶

যৎপাদপঙ্কজ-পৰাগ-নিষেৱ-তৃপ্তা
যোগ-প্ৰভাৱবিধূতাখিলকৰ্ম্মবন্ধাঃ।
স্বৈৰং চৰন্তি মুনয়োহপি ন নহ্যমানা

স্তস্যেচ্ছয়াত্তবপুষঃ কুত এব বন্ধঃ।।

          অৰ্থাৎ ̶

যাৰ পাদ-পদ্ম চিন্তি সাম্প্ৰতে।

ছিণ্ডে কৰ্ম্মবন্ধ হেলে ভকতে।। ̶ কীৰ্ত্তন

       অৰ্থাৎ যাৰ পদৰজ আস্বাদন কৰি পৰিতৃপ্ত হৈ মুনিসকলে সকলো বন্ধন ছেদন কৰি স্বেচ্ছাচাৰ কৰিও বদ্ধ নহয়, 'স্বেচ্ছায় ধৰিছা লীলা তনু হেন হৰি'(কীৰ্ত্তন), এনে কৃষ্ণৰ আকৌ বন্ধন ক'ত? তেওঁ আপোন ইচ্ছা কামনাৰ অধীন। ঈশ্বৰৰ ইচ্ছা স্বাধীন অৰ্থাৎ তেওঁৰ নিজৰ অধীন। বন্ধন কামাধীন ইচ্ছাৰহে। যাৰ শৰণ ল'লে বদ্ধ জীৱৰো কৰ্ম্মবন্ধন গুচে, তেওঁৰ আকৌ নিজৰ কৰ্ম্মবন্ধন ক'ত ? গীতাৰ চতুৰ্থ অধ্যায়ৰ ১৪শ শ্লোকত ভগৱন্তই নিজ মুখেই কৈছে ̶

ন মাং কৰ্ম্মাণই লিপ্যস্তি ন মে কৰ্ম্মফলে স্পৃহা।

ইতি মাং যোহভিজানাতি কৰ্ম্মভিৰ্ন স বধ্যতে।।

       অৰ্থাৎ মোৰ কৰ্ম্মসকলে মোক লিপ্ত কৰিব নোৱাৰে। কৰ্ম্মফলত মোৰ স্পৃহা নাই, গতিকে মোৰ কৰ্ম্মবন্ধনো নাই। এইটো জানি যি মোক ভজনা কৰে, তাৰ কৰ্ম্মবন্ধ গুচে।

       আচল কথা, ঈশ্বৰ-তত্ত্ব বুজিবলৈ হ'লে গুৰিতে বিশ্বাস লাগে। শাস্ত্ৰ অনুসাৰে শ্ৰীকৃষ্ণ অনুসাৰে শ্ৰীকৃষ্ণ স্বয়ং ভগৱন্ত ঈশ্বৰ বুলি বিশ্বাস কৰিলে, সকলো কথাৰ মীমাংসা হয়, সকলো সংশয় দূৰীভূত হয়। বিশ্বাস নাথাকিলে কোনেও কাকো এই লীলা বুজাবও নোৱাৰে, নিজেও বুজিব নোৱাৰে।

          শুকদেৱে লৌকিক ব্যৱহাৰ অনুসাৰে শ্ৰীকৃষ্ণৰ পৰদাৰ-সম্বন্ধ স্বীকাৰ কৰিয়েই ওপৰৰ শ্লোকবোৰেৰে উত্তৰ দিছিল। এইবোৰ আচল তত্ত্ব কথা পিছৰ শ্লোকেৰে ক'লে ̶

গোপীনাং তৎপতীনাঞ্চ সৰ্বেষাঞ্চৈৱ দেহিনাম্।

যোহস্তশ্চৰতি সোহধ্যক্ষ এষ ক্ৰীড়নদেহভাক্।।

       অৰ্থাৎ যি গোপীসকলৰ, গোপীপতিসকলৰ আৰু দেহধাৰী জীৱ মাত্ৰৰে অন্তৰত অন্তৰ্য্যামী হৈ আছে-'জগত অন্তৰ্য্যামী নাৰায়ণ' তেঁৱেই লীলা-বিগ্ৰহধাৰী শ্ৰীকৃষ্ণ। [ ৪২ ]

গোপী গোপালৰ আত্মা অন্তৰ্য্যামী
নাৰায়ণ সৰ্ব্বময়। ̶ দশম
ভকতৰ পদে আপুনি হৰি।
ক্ৰীড়িলা ৰঙ্গে নৰদেহা ধৰি।। ̶ কীৰ্ত্তন
অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিতঃ।

       বেদত কৈছে –

যো দেৱোহগ্নৌ যো অপ্সু যো বিশ্বভুৱনমাৱিৱেশ।
ষ ওষধিষু যো ৱনস্পতিষু তস্মৈ দেৱায় নমো নমঃ।।

       অৰ্থাৎ যি দেৱতা অগ্নিত, যি জলত, যি ওষধিত, যি বনপিতত আৰু যি বিশ্বভূৱনত প্ৰবিষ্ট হৈ আছে, সেই দেৱতাক বাৰে বাৰে নমস্কাৰ কৰোঁ।

       গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে –

পুণ্যো গন্ধঃ পৃথিৱ্যাঞ্চ তেজশ্চাস্মি ৱিভাৱসৌ।

জীৱনং সৰ্ৱভূতেষু তপশ্চাস্মি তপস্বিষু।।

       অৰ্থাৎ অগ্নিত মই তেজ, পৃথিৱীত পুণ্য ঘ্ৰাণ, তপস্বীৰ তপোবল, আৰু সৰ্ব্বভূতৰ জীৱন।

ৰসোহ হমপ্সু কৌন্তেয় প্ৰভাস্মি শশিসূৰ্যয়োঃ।।

       অৰ্থাৎ ̶ জলত ময়েই ৰস, সূৰ্য্য চন্দ্ৰত ময়েই প্ৰভা।

ৱীজং মাং সৰ্ৱভূতানাং বিদ্ধি পাৰ্থ সনাতনম্। (গীতা)

       অৰ্থাৎ-ময়েই সৰ্ব্বভূতৰ সনাতনৰ বীজ।

অহং ৱৈশ্বানৰো ভূত্বা প্ৰাণিনাং দেহমাশ্ৰিতমঃ। (গীতা)

অৰ্থাৎ ̶ ময়েই ৱৈশ্বানৰৰূপে প্ৰাণীৰ দেহত অৱস্থিত।

ক্ষেত্ৰজ্ঞঞ্চাপি মাং ৱিদ্ধি সৰ্ৱক্ষেত্ৰেষু ভাৰত। (গীতা)

       অৰ্থাৎ ̶ সকলো ক্ষেত্ৰতে মোকে ক্ষেত্ৰৰূপে জানিবা।

       মুঠতে ̶

মত্তঃ পৰতৰং নান্যৎ কিঞ্চিদস্তি ধনঞ্জয়।

ময়ি সৰ্ৱমিদং প্ৰোতঃ সূত্ৰে মণিগণা ইৱ। (গীতা)

       অৰ্থাৎ ̶ মোৰ বাহিৰে একো নাই। সূতাত মণিবোৰ যেনেকৈ গঁথা সেইদৰে সকলোতে মই ওতপ্ৰোত হৈ আছোঁ।

ময়া ততমিদং সৰ্ব্বং জগদৱ্যক্তমূৰ্ত্তিনা। (গীতা)

শ্ৰীমদ্ভাগৱতত আছে ̶

কৃষ্ণ মেনমৱেহি ত্বমাত্মানমখিলাত্মনাম্।

       অৰ্থাৎ কৃষ্ণক সমস্ত জীৱৰ আত্মা বুলি জানিব। তেনেহ’লে গোপীৰে সৈতে বিহাৰ মানেই কৃষ্ণৰে সৈতে কৃষ্ণৰ বিহাৰ।

আপনি আপন আলাপ।

আপনি পাতিয়া কাণ,
শুনে আপনাৰ গান।

তেওঁ আপোনাৰে সৈতে আপুনি ক্ৰীড়া কৰিছিল আৰু কৰি আছে। তেওঁৰ কোনো [ ৪৩ ] পৰ নাই, সেইদেখি পৰদাৰও নাই। প্ৰেম আৰু আনন্দৰ ক্ৰীড়তে জগৎ তিষ্ঠি আছে। এই প্ৰেম আৰু আনন্দৰ নিত্যলীলা বুজিব পাৰিলেই জীৱৰ সংসাৰৰ পৰা নিবৃত্তি। এই বাবেই শ্ৰীধৰ স্বামীয়ে ৰাসলীলাৰ প্ৰথমতেই কৈছে ̶

       ৰাসক্ৰীড়াবিড়ম্বনং। কামজয়খ্যাপনায়েতি তত্ত্বম্। কিঞ্চ শৃঙ্গাৰ-কথোপদেশেন বিশেষতো নিবৃত্তিপৰেয়ং পঞ্চাধ্যায়ীতি ব্যক্তীকৰিষ্যামঃ।

       ৰাসলীলাত শৃঙ্গাৰ-কথা ছল মাথোন। বাস্তৱিকতে ই নিবৃত্তিপৰ মুক্তিৰ দ্বাৰস্বৰূপ।

       গোপীসকলক পৰদাৰ কৰি লীলা কৰাৰ মানে, এইটো দেখুৱাবলৈ যে সৰ্ব্বত্যাগ নকৰিলে কৃষ্ণক পোৱা নাযায়। গোপীসকলে সৰ্ব্বত্যাগ কৰিছিল, আন কি স্ত্ৰীয়ে পৰিত্যাগ কৰিব নোৱাৰা আৰু নোপোৱা নিজ পতিক পৰিত্যাগ কৰিছিল আৰু কৰিহে ভগৱন্তক পাইছিল- এইটো মানুহক ভালকৈ বুজাই দিবলৈ। যদি ভগৱন্তই গোপীসকলক নিজ পৰিণীতা পত্নী কৰি লীলা কৰিলেহেঁতেন, তেন্তে সাধাৰণ মানুহক, ঈশ্বৰ লাভৰ নিমিত্তে য়ে সৰ্ব্বত্যাগ কৰিব লাগিব এইটো শিক্ষা দিয় নহ'লহেঁতেন, কাৰণ লৌকিক আৰু ব্যৱহাৰিক শাস্ত্ৰমতে ত্যাগ কৰিব নোপোৱা নিজ পতি বাকী থাকি গ'লহেঁতেন। বাস্তৱিকতে ভগৱন্ত সৰ্ব্বময় ̶

মত্তঃ পৰতৰম নান্যং কিঞ্চিদস্তি ধনঞ্জয়। ̶ গীতা

       তেওঁ লীলা কৰিব লাগিলে নিজকে পৰ যেন কৰি লীলা কৰিবই লাগিব। ভগৱন্তই শ্ৰুতিত সেই দেখি কৈছে ̶

তদৈক্ষত বহু স্যাং প্ৰজায়েয়। ̶ ছান্দোগ্য উপনিষদ

       অৰ্থাৎ তেওঁ ইচ্ছা হ'ল যে এক মই বহু হ'ম।

য একোহবৰ্ণো বহুধা শক্তিযোগাৎ।

ৱৰ্ণান্ অনেকান্ নিহিতাৰ্থো দধাতি। ̶ শ্বেতাশ্বেতৰ উপনিষদ

       ;অৰ্থাৎ যি পৰমেশ্বৰ অদ্বিতীয় অবৰ্ণ, তেৱেঁই বিবিধ শক্তিযোগেৰে স্বাৰ্থ নিৰপেক্ষ হৈ নানা বিভাব ধাৰণ কৰে।

       ঈশ্বৰৰ অংশ জীৱই অবিদ্যাত মুগ্ধ হৈ আছে। কিন্তু লীলাপ্ৰিয় আনন্দময় ভগৱন্তই কাকো নাপাহৰে। তেওঁ ধেমালিৰ নিমিত্তে তেওঁৰ অংশ জীৱক পৰ কৰি লৈয়ো বংশীৰ সুমধুৰ ধ্বনিৰে, সুস্বৰ সঙ্গীতেৰে সকলোকে মাতিব লাগিছে-'আহ মোৰ ওচৰলৈ আহ। সকলো পৰিত্যাগ কৰি মোৰ ওচৰলৈ লৰি আহ।' যি সেই আহ্বান শুনিবলৈ পায়, সি সকলো বিনাশী পাৰ্থিব সম্বল পৰিত্যাগ কৰি তেওঁৰ ওচৰলৈ লৰি যায়; যি অবিদ্যা প্ৰাণোদিত হৈ সংসাৰত সৰ্ব্বতোভাৱে মজি অসদাচাৰ অৰ্থাৎ চিন্তা, পাপ আৰু কল্মষেৰে নিজৰ কাণত থিলা দি সেই বংশীধ্বনি নুশুনে, গৃহত থাকিও, পুত্ৰ-দাৰা-পৰিবাৰেৰে পৰিবৃত থাকিও, জীৱনৰ সাংসাৰিক কৰ্ত্তব্য যথোচিতৰূপে পালন কৰিও, পৱিত্ৰ মন, শুদ্ধ চিন্তাৰে বংশীৰ আহ্বান শুনি অন্তৰত পৰমানন্দ পৰমাত্মীয় পৰম ব্ৰহ্ম শ্ৰীকৃষ্ণৰে সৈতে সততে বিহাৰ কৰে, সি এই নশ্বৰ দেহ পৰিত্যাগ কৰি প্ৰাণবন্ধু কৃষ্ণৰ সামীপ্য লাভ কৰি চিৰানন্দ চিৰশান্তি লাভ কৰে। [ ৪৪ ] এতেকে হে মায়ামুগ্ধ মানৱ! কাতৰ কন্ঠেৰে প্ৰাৰ্থনা কৰা ̶

হে প্ৰাণবন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ।

অণু এক কৰা দয়া মায়া হৌক দুৰ।। -- ঘোষা

শ্ৰীকৃষ্ণই নিখিল বিশ্ব লৈ ৰাসক্ৰড়াকে কৰিব লাগিছে। ইয়াৰ আহিৰে তেওঁৰ আন কাৰ্য্য নাই। তেওঁ আপোনাকে পৰ কৰি লৈ ক্ৰীড়া কৰিব লাগিছে; আমি তেওঁৰ মায়াত মুগ্ধ হৈ তেওঁৰ নিজৰ হৈও, অজ্ঞানেৰে সৈতে প্ৰীতি কৰি তেওঁক পৰ ভাবি পৰ হৈ পৰিছোঁ। আমি আমাৰ সৰ্ব্বসাধাৰণ খেলতেই দেখোঁ, যে আমি দুই-চাৰিজন আত্মীয় বন্ধুৰেই সৈতে যেতিয়া কোনো খেল খেলিবলৈ যাওঁ, তেতিয়া তেওঁলোকক পৰস্পৰ প্ৰতিদ্বন্দ্বী বা বিপক্ষ কৰ লওঁ, নহ'লে খেল নহয়, খেলৰ আনন্দ পোৱা নাযায়। কিন্তু সেই বিপক্ষতা, সেই প্ৰতিদ্বন্দ্বিতা খেলৰ সময়ডোখৰৰ নিমিত্তেহে, খেলৰ শেষ হ'লেই আমি আগৰ যেনে আত্মীয় বন্ধু আছিলোঁ সেয়েই আকৌ হওঁ। কিন্তু অনেকে খেলত এনে মত্ত, এনে আত্মবিস্মৃত হয়, যে দ্বন্দ্ব বিবাদ কৰি তেওঁলোকৰ ভিতৰৰ পূৰ্ব্বৰ বন্ধুত্বৰ সম্পৰ্কতো ব্যাঘাত জন্মায়। এতেকে এ ভাই-ভনীসকল! ঈশ্বৰৰ ইচ্ছাত যদিও আমি খেলত বহিবলগীয়া হৈছোঁহক, চাবা যেন এই খন্তেকীয়া খেলকে সৰ্ব্বহ কৰি, তাতে মত্ত হৈ চিৰবন্ধু চিৰনিৰ্ভৰৰ পৰা বিমুখ নহওঁ।

চিৰবন্ধু চিৰনিৰ্ভৰ চিৰশান্তি
       তুমি হে প্ৰভু।
তুমি চিৰমঙ্গল সখা হে, (তোমাৰ জগতে)
       চিৰসঙ্গী চিৰজীৱনে।
চিৰপ্ৰীতি সুধানিৰ্ঝৰ তুমি হে হৃদয়েশ!
       তব জয়-সঙ্গীত ধ্বনিছে, (তোমাৰ জগতে)
       চিৰদিবা চিৰৰজনী।
                             ̶ ৰবীন্দ্ৰনাথ


চাৰি


       শুকদেৱে কৈছে ̶

অনুগ্ৰআয় ভক্তানাং মানুষং দেহমাশ্ৰিতঃ।

ভজতে তাদৃশীঃ ক্ৰীড়া যাঃ শ্ৰুত্বা তৎপৰো ভৱেৎ।।

       অৰ্থাৎ ভগৱন্তই ভক্তসকলক অনুগ্ৰহ কৰিবৰ নিমিত্তে স্বয়ং নৰদেহ ধাৰণ কৰি এনেকুৱা লীলা কৰে, যাক শুনি মানুহ ঈশ্বৰপৰায়ণ হয়।

       ঘোষাত মহাপুৰুষে লেখিছে ̶

পৰম দুৰ্ব্বোধ আত্মতত্ব       তাৰ জ্ঞান অৰ্থে হৰি যত
লীলা অৱতাৰ ধৰা তুমি কৃপাময়।
তাহাৰ চৰিত্ৰ সুধাসিন্ধু       তাত ক্ৰীড়া কৰি দীনবন্ধু

চাৰি পুৰুষাৰ্থ তৃণৰ ৰম কৰয়।।

[ ৪৫ ] গীতাত ভগৱন্তই কৈছে-

যেহপান্যদেৱতা ভক্তা ষজন্তে শ্ৰদ্ধয়ান্বিতাঃ।

তেহপি মামেৱ কৌন্তেয় যজন্ত্যৱিধিপূৰ্ৱ কম্‌।।

       অৰ্থাৎ যি অন্য দেৱতাৰ উপাসনা কৰে, সিও অবিধিপূৰ্ব্বক অৰ্থাৎ আওবাটে মোৰেই উপাসনা কৰে, কাৰণ মোৰ বাহিৰে দেৱতা নাই। যিসকলে ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণ, সূৰ্য্য, গণেশ, লক্ষ্মী, সৰস্বতীৰ উপাসনা কৰে, কাৰণ তেওঁলোক ভগৱন্তৰে ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ। ভগৱন্তৰ বাহিৰে তেওঁলোকৰ অস্তিত্ব নাই। ক্ষুদ্ৰাংশৰ দ্বাৰাই ভগৱন্তৰেই দান। যি যিটো বিচাৰে, ভগৱন্ত কল্পতৰুৱে তেওঁক তাকেই দিয়ে।

কল্পতৰু বৃক্ষ যেন সবাত সমান।

মাগন্তা জনক মাত্ৰ দেয় ফলদান।

সকলো যাচ্‌ঞা আনন্দলিপ্সা প্ৰণোদিত। কিন্তু প্ৰকৃত আনন্দ কি মুগ্ধ জীৱই নাজানে। প্ৰকৃত আনন্দ হৈছে স্বৰূপানন্দ ভগৱন্ত পৰমেশ্বৰ। আনন্দলিপ্সা আৰু পৰমেশ্বৰ লিপ্সা একে কথা। মানুহে ভ্ৰমত পৰি, অবিদ্যাৰ কুহকত, প্ৰকৃত নিত্যানন্দৰ ঠাইত বিনশ্বৰ অনিত্য সংসাৰনন্দকে বিচাৰি মৰে, কিন্তু নশ্বৰ আৰু নকল সংসাৰানন্দই জীৱক প্ৰকৃত শান্তি, প্ৰকৃত আনন্দ দিব নোৱাৰে। সেই বাবে অজ্ঞানান্ধ মনুষ্যক আচল বাট দেখুৱাবলৈ, দুৰ্ব্বোধ আত্মতত্ব জ্ঞান অৰ্থাৎ পৰমাত্মা কি, তাৰ স্বৰূপ কি, আত্মাৰে সৈতে সেই পৰমাত্মাৰ কি সম্বন্ধ আৰু কেনেকৈ সেই পৰমাত্মাক জানিব পাৰি, ইত্যাদি বিষয়ক জ্ঞান মানুহক বুজাবৰ নিমিত্তে ঈশ্বৰে লীলাৱতাৰ ধাৰণ কৰে যাতে মানুহ ঈশ্বৰপৰায়ণ হৈ পৰমানন্দ লাভ কৰিব পৰা হয়। ভগৱন্তই প্ৰকৃত মনুষ্যৰ নিচিনাকৈ লীলা কৰিছিল এই বাবে যে তেওঁক মনুষ্যবোধ কৰিও তেওঁৰ লীলাৰ আলোচনা কৰি, তেওঁৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তন কৰিলে, মানুহে লাহে লাহে ঈশ্বৰৰ ফালে আকৃষ্ট হৈ ঈশ্বৰক জানিব আৰু চিৰানন্দ চিৰশান্তি পাব পাৰিব। যি যি ৰসত অনুৰক্ত, সি ঈশ্বৰৰ সেই ৰসৰ লীলা শ্ৰৱণ-কীৰ্ত্তন কৰি অন্তত ঈশ্বৰক পাব। যি যি ৰসৰ ভিতৰেদি গৈ ঈশ্বৰত অনুৰাগী হ'ব, সি সেই ৰসৰ সহায়তে তেওঁক পাব। উদ্ধৱ-বিদুৰে দাস্য ৰসৰ, অৰ্জ্জুনে সখিত্ব ৰসৰ, কংসই ৰৌদ্ৰ আৰু ভয়ানক ৰসৰ, যশোদাই বাৎসল্য ৰসৰ, গোপীসকলে শৃ্ঙ্গাৰ ৰসৰ ভিতৰেদি তেওঁত একান্ত অনুৰক্ত হৈ তেওঁক পাইছিল। যি শৃঙ্গাৰ ৰসত অনুৰক্ত, তাৰ নিমিত্তে প্ৰাকৃত আচ্ছাদনেৰে আচ্ছাদিত এই ৰাসলীলা ̶

ইটো ৰাসক্ৰীড়া কেলি নামে কামজয়।
কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়।।
আক শুনে ভণ যিটো জনে অবিশ্ৰাম।
বাঢ়িব ভকতি অতি জিনিবকে কাম।। ̶ শঙ্কৰদেৱ
শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি।
আকে শুনি হৌক নিৰ্ম্মল মতি।।
ভকতৰ পদে আপুনি হৰি।

ক্ৰীড়িলা ৰঙ্গে নৰদেহা ধৰি।। ̶ কীৰ্ত্তন

[ ৪৬ ]

ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ।
একান্ত চিত্তে শুনে যিটো নৰ।।
কৃষ্ণত ভকতি বাঢ়িবে তাৰ।
কাম-সাগৰ সুখে হৈব পাৰ।।
ইটো কামজয় কৃষ্ণৰ কথা।।
শুনা নৰদেহ নকৰা বৃথা।। ̶ শঙ্কৰদেৱ

যি ৰাসলীলাৰ পৰম নিগুঢ় তত্ত্ব বুজি তাক শ্ৰৱণ-কীৰ্ত্তন কৰে, সি সহজানন্দ ভগৱন্তৰ স্বৰূপানন্দ লাভ কৰিবই। কিন্তু সি শৃঙ্গাৰ ৰসকে পৰমানন্দ জ্ঞান কৰে সিও শৃঙ্গাৰ ৰসৰ লোভত ৰাসলীলা শ্ৰৱণ-কীৰ্ত্তন কৰিলেতো ভৰ-সংসাৰ পাৰ হোৱা যায়েই, কিন্তু তেওঁক নাজানি বা নাভাবি তেওঁৰ নাম ল'লেও ভব-বন্ধন কাটে।

দ্বেষ কৰি শিশুপালে লভিল মুকতি।
বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।।
বিষ বুলি অমৃতক পিলে যিটো নৰ।
নুহিবে কি জানা সিটো অজৰ অমৰ।।
যেন তেন মাত্ৰ স্মৰোক সততে।
এতেকে মুকুতি পাৱে কহিলো বেকতে।। ̶ কীৰ্ত্তন

বেদান্তত আছে ̶

দীপপ্ৰভামণিভ্ৰান্তিৰ্ৱিসংৱাদিভ্ৰঃ স্মৃত।
মণিপ্ৰভামণিভ্ৰান্তিঃ সংৱাদিভ্ৰম উচ্যতে।।
ন লভ্যতে মণিৰ্দীপপ্ৰভাং প্ৰত্যভিধাৱতা।
প্ৰভায়া ধাৱতাৱশ্যং লভ্যেতেৱ মনিৰ্মণেঃ।। ̶ পঞ্চদশী

       অৰ্থা ভ্ৰম দুবিধ ̶ এবিধক সংবাদী বোলে, আনবিধক বিসংবাদী বোলে। দূৰৰপৰা চাকিৰ পোহৰ দেখি তাতে মণিজ্ঞান হ'লে তাক বিসংবাদী ভ্ৰম বোলে, আৰু দূৰৰ পৰা মণিৰ প্ৰভা দেখি তাকে মণিজ্ঞান কৰিলে তাক সংবাদী ভ্ৰম বোলে। কিন্তু দুয়োটা ভ্ৰম নিশ্চয়। যি মণিজ্ঞান কৰি মণি পাবলৈ চাকিৰ পোহৰৰ ফলে লৰ ধৰে সি মণি নাপায়; কিন্তু যি মণিৰ প্ৰভাকে মণিজ্ঞান কৰি সেইফালে লৰে, সি অন্তত মণি পাবই। পৃথিৱীৰ মানুহে নিত্যানন্দ লাভ কৰিবৰ নিমিত্তে বিষয়-সুখৰ ফালে লৰি বিসংবাদী ভ্ৰম কৰিছে, কিন্তু যি পৰমানন্দৰ লোভত ভগৱন্তৰ নৰোচিত প্ৰাকৃত লীলাত তাক বিচাৰিছে, যি শৃঙ্গাৰ ৰসৰ লোভত পাৰ্থিৱ শৃঙ্গাৰ ৰসৰ বহিৰাবৰণেৰে আবৃত লীলাৰ ফালে লৰিছে সি মণিপ্ৰভাত মনি বিচৰাৰ দৰে সংবাদী ভ্ৰম কৰিছে। এই সংবাদী ভ্ৰমৰ শেহফলও ঈশ্বৰলাভ। সি এই কৃষ্ণৰ ৰাসলীলাক প্ৰাকৃত কাৰ্য্য বুলি তাৰ ফালে আকৃষ্ট হৈ তাৰ আলোচনা কৰি কৰি শেহত ঈশ্বৰৰ কৃপাত পৰমাত্মা পৰম বস্তুত লাভ কৰিব পাৰিব। বেদান্তত কৈছে ̶

জ্বৰেণাপ্তঃ সন্নিপাতং ভ্ৰান্ত্যা নাৰায়ণং ৱদন।
মৃতঃ স্বৰ্গমৱপ্নোতি স সংৱাদী ভ্ৰমো মতঃ।। ̶ পঞ্চদশী

অৰ্থাৎ সন্নিপাত জ্বৰৰ প্ৰলাপতো যদি মানুহে নাৰায়ণ নাম উচ্চাৰণ কৰে, সি মৰিলে [ ৪৭ ] স্বৰ্গলৈ যাব; কাৰণ সেইটো তাৰ সংবাদী ভ্ৰম।

       অজামিলে এই সংবাদী ভ্ৰম কৰি নাৰায়ণ বুলি পুতেকক মাতি এই বাবে উদ্ধাৰ পাইছিল।

পুত্ৰ নাম ধৰি, উপহাস্য কৰি
হেলাতো যি বোলে হৰি।
তাহাৰো সমস্ত পাতক দহয়
জানা আৰু নিষ্ঠ কৰি।।
হৰি নামে সৰ্ব্ব পাতক দহয়
জ্ঞানে বা অজ্ঞানে বোলে।
যেন হুতাশনে শুকান কাষ্ঠক
অতি অপ্ৰয়াসে পোলে।।
প্ৰমাদত থাকি যিটো হৰি বোলে
সিও সব দু:খ তৰে।
যেন মহৌষধি নাজানি ভুঞ্জিলে
তাৰো গৰ্ভ-ৰোগ হৰে।। ̶ কীৰ্ত্তন

       ঈশ্বৰ ভগৱন্তৰ সকলো লীলাই ছলনাৰে আবৃত। তেও পৃথিৱীত মনুষ্য আকাৰ ধৰি জীৱক কৃপা কৰিবৰ নিমিত্তে নৰোচিত লীলা কৰি কৌশলেৰে নিজৰ স্বৰূপ প্ৰকাশ কৰে। এই বাবেই শুকদেৱে কৈছে-

অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিতঃ।
ভজতে তাদৃশীঃ ক্ৰীড়া যাঃ শ্ৰুত্বা তৎপৰো ভৱেৎ।।

বেদত কৈছে ̶

তমীশানং ৱৰদং দেৱমীডাং নিচাষ্যোমাং শান্তিমত্যন্তমেতি।

                      ̶ শ্বেতাশ্বতৰ উপনিষদ

       অৰ্থাৎ তেও ঈশান বৰদ ঈড়্য (পূজ্য)। তেওঁক জানিলে জীৱই অত্যন্ত শান্তি পায়।

ষমেৱৈষ বৃণুতে তেন লভ্যস্তসৈ্যষ আত্মা ৱিবৃণুতে তনু স্বাম।

                     -কঠোপনিষদ

       অৰ্থাৎ তেওঁ যাক বৰণ কৰে, সিয়েই তেওঁক পায়। তাৰ আগত পৰমাত্মাই নিজ তনু বিবৃত কৰে।

       বেদে কৈছে, তেওঁক নাজানিলে মুক্তিৰ উপায় নাই। অথচ বেদেই কৈছে তেওঁ বাক্যমনৰ অগোচৰ। তেনেহ'লে জীৱই কেনেকৈ মুক্তি পাব? তেওঁ দয়া কৰি সৰু হৈ আমাৰ ক্ষুদ্ৰ হৃদয় ক্ষুদ্ৰ বুদ্ধিৰ গোচৰ নহ'লে আমাৰ উপায় কি? তেওঁ দয়াময়, ভক্তক অনুগ্ৰহকাৰী; সেইদেখি তেওঁ 'অনুগ্ৰহায় ভক্তানাং মানুষং দেহমাশ্ৰিত; সেইদেখি তেওঁৰ কৃষ্ণাৱতাৰ কৃষ্ণলীলা। সেইদেখি তেওঁ ভক্ত গোপীক বৰণ কৰিছিল আৰু সেইদেখি গোপীসকলে তেওঁক পালে। সেইদেখি তেওঁ নিজে তনু ধৰি বৃন্দাবনত প্ৰকাশিত। [ ৪৮ ]

তস্যৈক্ষ আত্মা বিবৃণুতে তনু স্বাম। (ব্ৰহ্ম বা পৰমেশ্বৰ অক্ষেয়।)

ন সংদৃশে তিষ্ঠতি ৰূপমস্য ন চক্ষুষা পশ্যতি কশ্চনৈনম্। — কঠোপনিষদ

       অৰ্থাৎ তেওঁৰ ৰূপ দৃষ্টিৰ গোচৰ নহয় ; চকুৰে কোনেও তেওঁক দেখিবলৈ নাপায়। নৈনদ দেৱা আগুৱন পূৰ্বমৰ্ষৎ’ (ঈশোপনিষদ) অৰ্থাৎ ইন্দ্ৰিয়বোৰে তেওঁৰ লগ ধৰিব নোৱাৰে। তেওঁ সদায় সেইবোৰৰ পূৰ্ব্বগামী। 'ন চক্ষুষা গুহ্যতে নাপি ৱাচা নান্যদেবৈস্তপসা কৰ্ম্মণা ৱা'। (মুণ্ডকোপনিষদ) অৰ্থাৎ তেওঁ চকুৰ গ্ৰাহ্য নহয়, বাক্যৰ গ্ৰাহ্য নহয়, ইন্দ্ৰিয়ৰ গ্ৰাহ্য নহয়, তপস্যা বা কৰ্ম্মৰ গ্ৰাহ্য নহয়। 'নৈৱা ৱাচা ন মনসা প্ৰাপ্তুং শকো ন চক্ষুষা।' (কঠ) অৰ্থাৎ বাক্য-মন, চক্ষু একোৰে তেওঁ প্ৰাপ্য নহয়। পৰমেশ্বৰ যদি এনেকুৱা, তেন্তে জীৱই তেওঁক কেনেকৈ জানিব? অথচ তেওঁক নাজানিলে জীৱৰ তৰিবৰ আন একো উপায় নাই। তেন্তে এই দেখি দয়াময় ঈশ্বৰ অমূৰ্ত্ত অতীন্দ্ৰিয় হৈও ভক্তক অনুগ্ৰহ কৰিবৰ নিমিত্তে, জীৱক তৰণৰ উপায় দিবৰ নিমিত্তে,

কৃষ্ণৰূপে দৈৱকীত ভৈলা অৱতাৰ।
যিটো ব্ৰহ্ম নোহে তৰ্ক-গোচৰ।
নপাৱে বচনে মনে ওচৰ। নাহি উতপতি নাহি মৰণ।
ব্ৰহ্মায়ো নজানে যাৰ মহিমা। চাৰি বেদে কহি নাপাৰে সীমা।.
সুনন্দ আদি যত গোপীগণ।
চিন্তিও নেদেখে যাৰ চৰণ।।
হেন পৰমব্ৰহ্ম যশোদা-সুত।

ভৈলন্ত কিনো আতি অদভুত। (কীৰ্ত্তন)

       এয়ে তেওঁৰ অনুগ্ৰহ। তেওঁ নিগুণ, অনন্ত, ভূম, বাক্য মনৰ অতীত। এনেজনক আমি কেনেকৈ জানিম, কেনেকৈ পাম? দয়াময় তেওঁ সেইদেখি নিজক ক্ষুদ্ৰ কৰি, নন্দৰ ব্ৰজত আমাৰ ক্ষুদ্ৰ বুদ্ধিয়ে ধৰিব পৰা হ’ল। তেওঁ পৰিমিত হৈ আনন্দঘন মূৰ্ত্তিৰে আবিৰ্ভাৱ হল, যাতে তেওঁৰ ভক্ত গোপ-গোপীয়ে তেওঁক আলিঙ্গন কৰি তৃপ্তি লভিব পাৰে। হে কৰুণাময় ! হে ভূমা ! হে অনন্ত ! তুমি। ভক্তৰ কাতৰ আহ্বানত দয়াৰ্দ্ৰ হৈ মানুষী তনু স্বীকাৰ কৰি ভক্তক কৃপা কৰিলা।

সদায়ে প্ৰণামো তৱ চৰণ। (কীৰ্ত্তন)

শুকদেৱে পৰীক্ষিতক আৰু ক’লে –

নাসুয়ন খলু কৃষ্ণায় মোহিত্যস্তস্য মায়য়া।

মন্যমনঃ স্বপাৰ্শ্বস্থান স্বান স্বান দাবান ব্ৰজৌকসঃ।

       অৰ্থাৎ –

মোহিলা গোপক কৃষ্ণৰ মায়া।
কাষতে আছে দেখে নিজ জায়া।

নকৰে অসূয়া কৃষ্ণক কেৱ।

[ ৪৯ ]

জগত ঈশ হেন কৃষ্ণ দেৱ।। ̶ কীৰ্ত্তন
      যশোদায়ো তৈত পুত্ৰক দেখন্ত

              শয্যাত আছয় শুতি। ̶ দশম

       এইবাৰ আচল তত্ত্ব ওলাল। ঈশ্বৰৰ অচিন্ত্য শক্তিৰ বিষয়ে কথা প্ৰকাশ হৈ পৰিল। ৰাস পঞ্চাদ্যায়ৰ গুৰিতে এইদেখি শুকদেৱে কৈছিল-- 'ৰন্তুং মনশ্চক্ৰে যোগ যোগামায়ামূপাশ্ৰিতঃ।' অৰ্থাত্ যোগমায়া নামেৰে তেওঁৰ অচিন্তা শক্তিক তেওঁ আশ্ৰয় কৰি বিহাৰ কৰিবলৈ ইচ্ছা কৰিলে। যিসকল গোপীক লৈ তেওঁ বৃন্দাবনত ৰাসলীলা কৰিলে, সেইসকল গোপী তেওঁলোকৰ পতি-পুত্ৰাদিৰে সৈতে সেই সময়ৰ ঘৰতে আছিল। যশোদায়ো দেখিচিল কৃষ্ণ তেওঁৰ কাষতে শুই আছে। স্পষ্ট দেখা গৈছে যে এই ৰাসলীলা জীৱাত্মাৰে সৈতে পৰমাত্মা শ্ৰীকৃষ্ণৰ লীলা। জীৱাত্মাৰে সৈতে পৰমাত্মা পৰম ব্ৰহ্মৰ যি নিত্য লীলা অনাদি অনন্তকাল চলি আহিছে, সেই লীলাৰ আভাস মানুহক বুজাবৰ নিমিত্তে মায়াৰ দ্বাৰাই মনুষ্য দেহ ধৰি পৰম ব্ৰহ্ম কৃষ্ণৰ বৃন্দাবনত গোপীসকলৰে সৈতে এই ৰাসলীলা। গোপীসকলৰ পাৰ্থিৱ দেহ পাৰ্থিব সম্বন্ধযুক্ত পাৰ্থিব পতিৰ কাষতে পৰি ৰ'ল। পাৰ্থিব পতিয়ে সেই পাৰ্থিব শৰীৰময় পত্নীক কাষতে পাই নিশ্চিন্ত। তেওঁলোকৰ মনত অসূয়া জন্মা নাই, জন্মিবৰ কাৰণো নাই। কিন্তু গোপীসকলৰ জীৱাত্মা, মন বুদ্ধি, চিত্ত, চিন্ময় দেহ, অনাবৃত পৰম ব্ৰহ্ম পতিৰ পতি শ্ৰীকৃষ্ণৰ কাষত বৃন্দাবনত। মানুহে সামাজিক, সাংসাৰিক বিধি ৰক্ষা কৰিও সমাজ আৰু সাংসাৰিক সম্বন্ধবোৰত গণ্ডগোল নলগায়ো (যদিও সেইবোৰ ক্ষণস্থায়ী আৰু অকিঞ্চিত্কৰ) যে ঈশ্বৰৰ সাধনা কৰি আত্মাৰাম পৰমাত্মা পৰম ব্ৰহ্মৰে সৈতে ৰমণ কৰি কৰি চিৰানন্দ চিৰশান্তি লাভ কৰিব পাৰে, এই ৰাসলীলাত শ্ৰীকৃষ্ণই তাকেহে অভিনয় কৰি বিশদ ব্যাখ্যা কৰি দেখুৱালে।

       গোপীসকলে বংশীধ্বনি শুনি পতি-পুত্ৰাদি সাংসাৰিক বন্ধন এৰি শ্ৰীকৃষ্ণৰ কাষলৈ আহোঁতে প্ৰথমতে সেই পাৰ্থিব সম্বন্ধৰ বন্ধনবোৰৰ পৰা মহা প্ৰতিবন্ধক পাইছিল, কিন্তু সেই প্ৰতিবন্ধকবোৰ নামানি ঈশ্বৰৰ ওচৰলৈ আহিলত, সেই সম্বন্ধৰ বন্ধনবোৰ শান্ত হ'ল, কাৰণ কাৰ্য্যত সেই পতিনামৰ পাৰ্থিৱ সম্বন্ধবোৰে ঈশ্বৰ কৃষ্ণৰ ইচ্ছাত পাৰ্থিৱ সম্বন্ধেৰে নিজৰ হোৱা পাৰ্থিৱ দেহী পত্নীক কাষতে পাই আছিল। ভক্ত সাধকে ঈশ্বৰ লাভৰ নিমিত্তে যে সকলো সাংসাৰিক কৰ্ত্তব্য কাৰ্য্যত বৈৰাগ' আশ্ৰয় কৰি সন্ন্যাসী হ'বৰ অৱশ্যক নাই, তাকেহে এই ৰাসলীলাৰ তাত্পৰ্য্যই বিশদ কৰি বুজিলে। সংসাৰত থাকিও নিৰ্লিপ্ত হৈ, বাক্য-মন-বুদ্ধিক একান্তভাৱে কৃষ্ণত নিবিষ্ট কৰি পৰমাত্মা শ্ৰীকৃষ্ণক পাব যে পাৰি এই সত্য ইয়াৰ দ্বাৰাই প্ৰকাশিত হ'ল। শ্ৰীশঙ্কৰদেৱে এই বাবেই গৃহস্থী হৈ গৃহতে থাকি শ্ৰীকৃষ্ণক ভজনা কৰিবৰ উপদেশ বাৰে বাৰে দিছিল আৰু আৰ্হিৰে নিজেও তাকে কৰি দেখুৱাইছিল আৰু সেই বাবেই তেওঁ সন্ন্যাসী ধৰ্ম্ম আৰু সন্ন্যাসাশ্ৰমৰ বিৰোধী আছিল।

<Poem>অন্তৰত এই ঈশ্বৰক       বাহিৰত নানা দেখিয়োক অন্তৰত বোধ বাহিৰত জড়প্ৰায়।

বুদ্ধিত সমস্ত ত্যজিয়োক   বাহিৰত সঙ্গ দেখায়োক; [ ৫০ ]
এহিভাৱে ৰাম লোকত ফুৰা বেড়াই। - ঘোষা

       বাস্তৱিক ঈশ্বৰসাধকৰ যিকেইটা অৱস্থা (stage) তাকেহে আত্মা-পৰমাত্মাৰ ৰমণ, প্ৰকৃতি-পুৰুষৰ লীলা, এই ৰাসলীলাত পৰিস্ফুট কৰি দেখুওৱা হৈছে। ই অশ্লীলতা-গন্ধেৰে কলুষিত হোৱাটো দূৰৰ কথা, শ্ৰুতিপ্ৰতিপাদিত সাধক ভক্ত আৰু পৰমাত্মা ঈশ্বৰৰ নিগূঢ় তত্ব প্ৰকাশহে। বাস্তৱিকতে চিদ্গোপীসকলেহে চিদানন্দঘনবিগ্ৰহ শ্ৰীকৃষ্ণৰ হৈতে বিন্দাবনত ক্ৰীড়া কৰিছিল। মায়া গোপী সকল নিজ নিজ ঘৰত নিজ নিজ পতিৰ কাষতে আছিল। দূৰস্থিত কোনো এক বস্তুত যেতিয়া আমি হৃদয়, মন, চিত্ত, বুদ্ধি সমৰ্পন কৰি ঘৰতে বহি থাকোঁ, তেতিয়া অস্থমাংসময় মায়াদেহহে ঘৰতে থাকে আৰু সেই জড়দেহৰ তেতিয় সমন্ধ চতুঃপাৰ্শস্থিত জড় পদাৰ্থৰেহে সৈতে; প্ৰকৃত মনুষ্য সুদূৰত। আমাৰ আত্মিয়স্বজনে তেতিয়া নিজৰ ঘৰত থাকেহে আমাক দেখে, কিন্তু বাস্তৱিকতে চিন্ময় আমি সেই সুদূৰ ক'ৰবাতহে। ভক্ত সাধকৰো এনেকুৱাই হয়। তেওঁৰ অস্থিমাংসময় পাৰ্থিৱ মায়াদেহ প্ৰাকৃত সংসাৰত আত্মিয় বন্ধুসকলৰ কাষতে থাকে, কিন্তু আত্মা, অপ্ৰাকৃত চেতন্যদেহ সচ্চিদানন্দ ঈশ্বৰৰ সেৱা আৰু ঈশ্বৰৰ সৈতে ক্ৰীড়াত নিমগ্ন। ৰাসলীলাত ভক্ত সাধকৰ চৰম অৱস্থা প্ৰদৰ্শন আৰু সাধন-ভজন অতি ওখ অথচ সহজ উপদেশ প্ৰদান। এনে ৰাসলীলাও যদি অশ্লীল তেন্তে শ্লীল কি ক'ব নোৱাৰোঁ।

       গোপী সকলৰ স্বামী সকলে দেখিলে- নিজৰ স্ত্ৰী নিজৰ কাষতে। শ্ৰীকৃষ্ণৰ প্ৰতি কোনো অসূয়া তেওঁলোকৰ নজন্মিল। শ্ৰীকৃষ্ণৰ গাত তেওঁলোকে কোনো দোষাৰোপ নকৰিলে আৰু কৰিবৰ কাৰণো নাপালে। অথচ বাহিৰা মানুহে ভাৱিলে শ্ৰীকৃষ্ণই পৰদাৰালৈ ক্ৰীড়া কৰিছে। ইয়াতকৈ আচৰিত কথা কি আছে? শুকদেৱে সেই দেখি ঠিক কথাকে কৈছে,-

নৈতত সমাচৰেজ্জাতু মনসাপী হানিশ্বৰঃ।

ৱিনশ্যত্যাচৰন্ মৌঢ়্যাদ্ যথাৰুদোহব্ধিজং ৱিষম্।।

       শ্ৰীধৰ স্বামীয়েই সেইদেখি টীকাত ভাৱাৰ্থ প্ৰকাশ কৰিছে -

এৱম্ভুতৈশ্বচৰ্য্যান্যভাৱে তথা কুৰ্ৱন্তঃ পাপা জ্ঞেয়া ইতি ভাৱঃ।

       অৰ্থাৎ যাৰ এনেকুৱা ক্ষমতা নাই, সি এনে কৰিলে পাপী হ'ব। অখিল সংসাৰৰ অধিপতি, আত্মাৰাম, সাক্ষাতন্মন্মথমন্মথ শ্ৰীকৃষ্ণৰ পাপৰ আশঙ্কা নাই।

ইটো ৰাসক্ৰীড়া কথা কৃষ্ণৰ
একান্ত চিত্তে শুনে যিটো নৰ।
কৃষ্ণত ভকতি বাঢ়িবে তাৰ

কাম-সাগৰ সুখে হৈব পাৰ।। - শ্ৰীশঙ্কৰদেৱ


পাঁচ

       বৃন্দাবনৰ গোপীসকলে শ্ৰীকৃষ্ণক যেনেকৈ পাবৰ নিমিত্তে ব্যাকুল হৈছিল, সেইটো জ্ঞানী আৰু যোগীৰো দূৰ্ল্লভ। তেওঁলোকে ঈশ্বৰক পতিভাৱে পাবলৈ তীব্ৰ [ ৫১ ] আকাঙ্ক্ষা কৰিছিল। কল্পতৰু ঈশ্বৰে তেওঁলোকৰ আকাঙক্ষা পূৰণ কৰিলে। তেওঁ গীতাত নিজ মুখেৰেই কৈছে, ̶ 'যে যথা মাং প্ৰপদ্যন্তে তাংস্তথৈৱ ভজাম্যহম্।' বাস্তৱিকতে যি তেওঁৰ ওচৰত যিহকে বিচাৰে, তেওঁ তাক তাকেই দিয়ে। যি ধন-জন-ঐশ্বৰ্য্য-বিভূতি বিচাৰে, তেওঁ সেইবোৰ তাক দিয়ে, যি স্বৰ্গসুখ বিচাৰে সেইটো তেওঁ তাক দিয়ে। যি ক্ষণিক পাৰ্থিৱ সুখ আৰু ক্ষয়শীল স্বৰ্গসুখ নিবিচাৰি মুক্তিসুখ বিচাৰে, তাক তেওঁ মুক্তিসুখ দিয়ে আৰু যি একান্ত ভকতে এইোবৰ একোকে নিবিচাৰি আৰু মুকুতিসুখকো পৰিত্যাগ কৰি তেওঁৰ চৰণসেৱা-সুখ বিচাৰে, তাক তেওঁ তাকে দিয়ে। অৱশ্যে বিচৰা মানে, বাক্যেৰে বা ক্ষন্তেকীয়া উত্তেজনা বা আকাঙক্ষাত পৰি অথচ অন্তৰৰ নিভৃত স্থলত আন সুখৰ বাসনাৰ ক্ষীণ বা প্ৰবল প্ৰভা ৰাখি বিচৰাটো নহয়; এই বিচৰা কায়মনোবাক্যে সকলো পাৰ্থিৱ সুখৰ বাসনা পৰিত্যাগ কৰি অভিলষিত পৰম বস্তু পাবৰ নিমিত্তে ব্যাকুল আকাঙ্ক্ষাৰ ব্যাকুল সাধনা। ঈশ্বৰ অনন্তৰ্য্যামী। আমাৰ অন্তৰত তেওঁক পাবলৈ ব্যাকুলতা আছে নে নাই; তেওঁক পাবৰ প্ৰাৰ্থনাত সংসাৰৰ সুখৰ বাসনাৰ ছাট মিহলি হৈ আছে নে নাই তেওঁ জানে; সেইদেখি আমি মিশ্ৰিত ভাব, মিশ্ৰিত বাসনা ৰাখি তেওঁক পাবলৈ বাঞ্ছা কৰিও কৃতকাৰ্য্য নহওঁ। ব্ৰজৰ গোপীসকলৰ ঈশ্বৰ লাভৰ বাসনা, ঈশ্বৰক সৰ্ব্বতোভাৱে পৰিৰূপে পাবৰ আকাঙ্ক্ষা বিশুদ্ধ, তীব্ৰ আৰু অবিমিশ্ৰ; সেইবাবে ঈশ্বৰে তেওঁলোকৰ কামনা পূৰ্ণ কৰিলে। গোপীসকলে সকলো পৰিত্যাগ কৰি, সৌকিক বৈদিক সকলো বিধি নিষেধ পৰিহাৰ কৰি, তিৰোতাৰ অত্যাজ্য পাৰ্থিৱ পৰি আৰু অত্যাজ্য লাভ পৰ্য্যন্ত পৰিহাৰ কৰি পৰম পতিক বৰণ কৰিলে দেখি পৰম পতি পৰমেশ্বৰে তেওঁলোকক গ্ৰহণ কৰিলে। ভক্ত গোপীৰ পৰমবস্ত লাভ কৰিবৰ নিমিত্তে পাৰ্থিৱ শ্ৰুদ্ৰ বস্তু, ক্ষুদ্ৰ সম্বন্ধ ত্যাগ আৰু সেই পৰমবস্তু লাভৰ নিমিত্তে ব্যাকুলতা দেখি ভগৱন্তই 'ৰন্তুং মনশ্চক্ৰে যোগমায়ামূ-পাশ্ৰিতঃ।' ভক্তবত্সল ভগৱন্তই পতিভাৱেই গোপীসকলৰ প্ৰাথিত বস্তু দান কৰিলে। আত্মাৰাম কৃষ্ণৰ আনত ৰমণৰ কোনো আৱস্যকতা নাই, কিন্তু শৰণাগত জীৱৰ অভিলাষ পূৰ্ণ কৰাই হৈছে তেওঁৰ আনন্দাস্বাদন অৰ্থাত্ ৰমণ। এই ৰমণত পাৰ্থিৱ স্ত্ৰী-পুৰুষৰ ৰমণৰ নিচিনা বাহ্যক্ৰিয়া নাই আৰু তাৰ আৱশ্যকতা নাই। আত্মাৰাম পৰমব্ৰহ্মৰ ৰমণৰ নিমিত্তে কামিনী নামৰ দ্বিতীয় বস্তুৰ প্ৰয়োজন নাই। যোগমায়াক আশ্ৰয় কৰি তেওঁ তেওঁৰ এই ৰাসক্ৰীড়াক ৰতিক্ৰীড়াৰ নিচিনা দেখুৱাছিল মাথোন। তেওঁ গীতাত নিজ মুখেই কৈছে 'নাহং প্ৰকাশঃ সৰ্ব্বস্য যোগমায়াসমাবৃতঃ।' অৰ্থাত মই যোগমায়াৰে আবৃত থাকোঁ দেখি মোক সকলোৱে দেখিবলৈ নাপায়। বহিৰঙ্গ মানুহৰ প্ৰতীতিৰ নিমিত্তেই ঈশ্বৰে যোগমায়াক আশ্ৰয় কৰি তেনেকৈ দেখুৱাইছিল। যাৰ শৃঙ্গাৰ ৰসত ৰতি আছে, সি আন নহ'লে সেই ৰসৰ আকৰ্ষণতে ঈশ্বৰৰ পৰমতত্ত্ব নিত্যলীলা বুজিবৰ, শুনিবৰ আৰু কীৰ্ত্তন কৰিবৰ ফালে যাতে আহে, এই নিমিত্তে এই ক্ৰিয়াত চিত্তাকৰ্ষক প্ৰাকৃত শৃঙ্গাৰ ৰসৰ আবৰণ। দয়াময় তেওঁ কত উপায়েৰে চিত্তাকৰ্ষক প্ৰাকৃত শৃঙ্গাৰ ৰসৰ আৱৰণ। দয়াময় তেওঁ কত উপায়েৰে সংসাৰতাপক্লিষ্ট জীৱক সুমধুৰ বংশীধ্বনিৰে মাতিব লাগিচে, কিন্তু সংসাৰ বিষেৰে জৰ্জ্জৰিত জীৱই বিষয়-অপথ্য খাই কলা হৈ [ ৫২ ] বহি আছে, সেই আহ্বানলৈ তাৰ কাণ নাযায়। শৃঙ্গাৰ ৰসৰ লোভতে এই মুগ্ধ জীৱই কৃষ্ণকথা শুনি, ভণি তেওঁৰ ফালে আকৃষ্ট হৈ যাতে উদ্ধাৰ পায় তাৰ নিমিত্তে এই মহৌষধিত পাৰ্থিৱ শৃঙ্গাৰ ৰস-ৰূপ চেনিৰ আৱৰণ। কিজানি গোপীসকলৰ কৃষ্ণৰ ফালে প্ৰথম আকৰ্ষণত কামৰ ছাট আছিল কিন্তু এই আকৰ্ষণেই টানি অনতিবিলম্বে তেওঁলোকক কৃষ্ণপ্ৰেমৰ অনন্ত সমুদ্ৰত পেলাই দিলে। তেওঁলোকে কৃষ্ণৰ কৃপাত কামৰোগৰ পৰা মুক্ত হৈ প্ৰেমানন্দত নিমগ্ন হ'ল। কামতে পৰি থাকিলে মুক্ত বা মুকলি ক'ত? কাম যে পেঁচ থকা 'স্ক্ৰু', তাত যত ঘূৰিবা তত তললৈ সোমাবা। তাত তৃপ্তি আৰু পূৰ্ণতা নাই। আছে তাত অতৃপ্তি, অশান্তি আৰু বিষাদ। সেই বাবেই ভগৱন্তই গীতাত কৈছে ̶

কাম এষ ক্ৰোধ এষ ৰজোঘুণসমুদ্ভৱঃ।
মহাশনো মহাপাপমা বিদ্ধোনমিহ ৱৈৰিণম্।।
আবৃতং জ্ঞানমেতেনে জ্ঞানিনো নিত্যৱৈৰিণা।

কামৰূপেণ কৌন্তেয় দুষ্পূৰেণানলেন চ।।

অৰ্থাৎ কাম ৰজোগুণোদ্ভৱ কৃষ্ণসৰ্পৰ নিচিনা। কেতিয়াবা সি ক্ৰোধৰ ৰূপ ধৰি আহে। কাম দুষ্পূৰ মহাপাপ; তাৰ সমান অৰি নাই। কাম দুষ্পূৰ অগ্নিৰ সমান, তাৰ তৃষ্ণা কেতিয়াও নপলায়। এই বাবেই শ্ৰীধৰ স্বামীয়ে টীকাত কৈছে ̶

ব্ৰহ্মাদিজয়সংৰূঢ়দৰ্পকন্দৰ্পদৰ্পহা।
জয়তি শ্ৰীপতিৰ্গোপীৰাসমণ্ডলমণ্ডিতঃ।।

কন্দৰ্পজেতৃত্বপ্ৰতীতেৰ্মৈৱং-সাক্ষান্মন্মথমন্মথঃ।।

       আৰু এই বাবেই শুকদেৱে নিজেই কৈছে ̶

কামং হৃদ্ৰোগমাশ্বপহিনোত্যচিৰেণ ধীৰঃ।

       প্ৰেম নিত্য, অপ্ৰাকৃত আৰু আনন্দ বিষয়ক; কাম আগন্তুক, প্ৰাকৃত আৰু পদাৰ্থ বিষয়ক। প্ৰাকৃত পদাৰ্থত আনন্দ নাই। জীৱ মোহমায়াত পৰ তাত আনন্দ বিচাৰি হায়ৰাণ হয়। যদি সৌভাগ্যৰ বলত জীৱৰ এই মোহ দূৰ হয়, তেতিয়া তেওঁ প্ৰকৃত আনন্দৰ ফালে ধাবমান হয়। তেতিয়া জীৱই বুজিব পাৰে যে অস্তি-মাংস মেদ মজ্জাময় দেহত আনন্দ নাই; আনন্দঘন শ্ৰীকৃষ্ণৰ আনন্দ সমুদ্ৰত বুৰিব পাৰিলেহে আনন্দ। এই আনন্দ সমুদ্ৰত বুৰিবৰ নিমিত্তে জীৱৰ যি ব্যাকুলতা, সেই ব্যাকুলতাই প্ৰেম। মানুহক সেই প্ৰেম প্ৰদৰ্শন কৰাই প্ৰেমময়ে তেওঁৰ ফাললৈ লৈ যাবৰ নিমিত্তে গোপীসকলক নিমিত্ত মাত্ৰ কৰি সাক্ষাৎমন্মথ-মন্মথ তেওঁৰ বৃন্দাবনত এই ৰাসলীলা।

       ভগৱন্তক পতিভাৱে পোৱাটো জ্ঞানী আৰু যোগীৰো দুৰ্ল্লভ বুলি ওপৰত কোৱা হৈছে। জ্ঞানী-যোগীয়ে পৰমেশ্বৰত মিলি তদাকাৰ হোৱাটোৱেই কামনা কৰে। কিন্তু ভক্তই নিজৰ অস্তিত্ব নেহেৰুৱাই (যদিও জীৱ তেওঁৰে অংশই) তেওঁক ন বিধ ভক্তিৰে সেৱা কৰি তেওঁৰ প্ৰীতি সম্পাদন কৰি নিত্যানন্দ আস্বাদন কৰিবলৈহে একমাত্ৰ আকাঙ্ক্ষা কৰে। সাধাৰণতঃ দেখা যায় জীৱমাত্ৰকৰে চিৰকাল থাকিবৰ প্ৰথান ইচ্চা, নিজৰ অস্তিত্ব জীৱই হেৰুৱাব নোখোজে। নিৰ্ব্বাহ স্বাভাৱিক বাসনা নহয়। জীৱৰ যদি এই চিৰকাল থাকিবৰ বাসনা পূৰাব নোৱাৰা বস্তু হ'লহেঁতেন, তেন্তে [ ৫৩ ] কল্পতৰু দয়াময়ে সেই বাসনা বা ইচ্চা জীৱৰ অন্তৰত কেতিয়াও প্ৰোথিত কৰি নিদিলেহেঁতেন। এতেকে এইটো আমি সিদ্ধান্ত কৰিব পাৰোঁ যে সাধাৰণতঃ জীৱ যিটো একান্ত ইচ্ছা সেইটো জীৱৰ নিশ্চয় অন্তত পাওনা অৰ্থাৎ শেহত সেইটো তেওঁ পাবই। গোপীসকলে আত্মসত্তা নেহেৰুৱাকৈ ঈশ্বৰক পতিভাৱে লাভা কৰি চিৰকাল নিত্যানন্দ আস্বাদন কৰিবলৈকে ব্যাকুল হৈচিল আৰু ভক্তবত্সল শ্ৰীকৃষ্ণই তেওঁলোকক তাকে দিবলৈ ইচ্ছা কৰি বংশীধ্বনিৰে মাতি আনিছিল। এই বাবে কোৱা হৈছে "ৰন্তুং মনশ্চক্ৰে।"

       ঈশ্বৰলাভৰ বাট বৰ দুৰ্গম। কঠোৰ সাধনা নকৰিলে 'দুৰ্ল্লভ ঈশ্বৰ-লাভ' নহয়। বেদত কৈছে-

এষ সৰ্ৱেষু ভূতেষু গূঢ়োই হত্মা ন প্ৰকাশতে
দৃশ্যতে ত্বগ্ৰ্যয়া বুদ্ধ্যা সূক্ষ্ময়া সূক্ষ্মাদৰ্শিভিঃ।। (কঠোপনিষদ)
       অৰ্থাৎ এই আত্মা সৰ্ব্বভূতত প্ৰচ্ছন্ন আছে, প্ৰকাশ নাপায় কিন্তু
সূক্ষ্মদৰ্শীসকলে এওঁক সুতীক্ষ্ণ বুদ্ধিৰে দৰ্শন কৰে।
       অপি সংৰাধনে প্ৰত্যক্ষানুমানাভ্যাম্। (ব্ৰহ্মসূত্ৰ)
       অৰ্থাৎ সংৰাধনৰ সময়ত তেওঁ দৃষ্ট হয়, শ্ৰুতি-স্মৃতি ঈয়াৰ প্ৰমাণ।
সংৰাধন অৰ্থ ভক্তি, ধ্যান, প্ৰণিধান ইত্যাদিৰ অনুষ্ঠান।
       সংসাৰসাধনাকালে পশ্যন্তি যোগিনঃ। সংৰাধনং চ
ভক্তিধ্যানপ্ৰণিধানাদ্যনুষ্ঠানম্।। (শঙ্কৰভাষ্য)
       কঠোপনিষদত কৈছে--
           পৰাঞ্চি খানি ব্যতৃণং স্বয়ম্ভূস্তস্মাৎ পৰাক্ পশ্যতি নান্তৰাত্মন্।

           কশ্চিদ্ধীৰঃ প্ৰত্যগান্তানমৈক্ষদাবৃত্তচক্ষুৰমৃতত্বমিচ্ছন্।।

       অৰ্থাৎ স্বয়ম্ভূ ভগৱন্তই ইন্দ্ৰিয়বোৰক বহিৰ্ম্মুখ কৰিছে, সেই বাবে জীৱ সকলে বহিৰ্ব্বিষয়হে দেকে, অন্তৰকাত্মাক দেখিবলৈ নাপায়। কিন্তু কোনো ধীৰ লোকে অমৰত্বক ইচ্ছা কৰি আবৃতচক্ষু হৈযো বহিৰ্ব্বিষয়ৰপৰা ইন্দ্ৰয়বোৰক প্ৰত্যাহাৰ কৰি পৰমাত্মাক দৰ্শন কৰে। ঈশ্বৰলাভৰ এই দুৰ্গম বাটক অল্পবুদ্ধি মানুহৰ নিমিত্তে সুগম কৰিবলৈ ঈশ্বৰে নানা অৱতাৰ ধৰি নিজক প্ৰকাশ কৰে। গীতাত ঈশ্বৰে সেইদেখি "যদা যদা হি ধৰ্ম্মস্য" এই শ্লোকেৰে নিজৰ অৱতাৰৰ হেতু প্ৰকাশ কৰিছে। মহাভাৰতৰ বনপৰ্ব্বতো ঠিক এনেকুৱা শ্লোক এটা আছে-

যদা যদা হি ধৰ্ম্মস্য গ্লানিৰ্ভৱতি ভাৰত।
অভ্যুত্থানমধৰ্ম্মস্য তদাত্মানং সৃজাম্যহম্।।

প্ৰৱিষ্টো মানুষং দেহং সৰ্বং প্ৰশময়াম্যহম।।

       বেদান্তৰ শৰীৰক ভাষ্যত আছে--"পৰমেশ্বৰস্যাপীচ্ছাৱশান্মায়ামং ৰূপং সাধকানুগ্ৰহাৰ্থম্।।"

পৰম দুৰ্ব্বোধ আত্ম-তত্ত্ব       তাৰ জ্ঞান অৰ্থে হৰি যত

লীলা-অৱতাৰ ধৰা তুমি কৃপাময়। (ঘোষা)

যেনেকুৱা কালত ধৰ্ম্মৰ যেনেকুৱা গ্লানি উপস্থিত হয় সেই কালৰ উপযোগী মূৰ্ত্তি





</Poem> [ ৫৪ ] ঈশ্বৰে গ্ৰহণ কৰি তেওঁৰ কাৰ্য্য সিদ্ধি কৰি জীৱৰ প্ৰতি অনুগ্ৰহ কৰে। ৰসাতলৰ পৰা পৃথিৱী উদ্ধাৰ কৰিবলৈ বৰাহ মূৰ্ত্তি, বৈদিক যাগ-যজ্ঞাদিত পশু বধ আদি হিংসা ধৰ্ম্মৰ প্ৰতিৰোধ কৰিবৰ নিমিত্তে বুদ্ধ মূৰ্ত্তি ইত্যাদি।

        লোমকান্য, বেদবিদ্, প্ৰগাঢ় পণ্ডিত তিলকৰ মৃত্যুৰ আগতে, তেওঁৰ শেষ উচ্চাৰিত কথা, গীতাৰ সেই সুবিদিত শ্লোক- "যদা যদা হি ধৰ্ম্মস্য"। শ্ৰীমদ্ভাগৱতত এই কথা অনেক বাৰ অনেক ঠাইত কোৱা হৈছে। নৱম স্কন্ধৰ অন্তত শুকদেৱে ইয়াকে কৈছে। আৰু কৈছে- "হে ৰাজন্! নচেৎ যিজন মায়াৰ নিয়ন্তা, সঙ্গবিহীন, সৰ্ব্বসাক্ষী আৰু সৰ্ব্বগত, তেওঁৰ মায়াবিনোদ ব্যতিৰেকে জন্ম অথবা কৰ্ম্মৰ হেতু আৰু কি হ'ব পাৰে? তেওঁৰ মায়া -চেষ্টা জীৱৰ পক্ষে অনুগ্ৰহ স্বৰূপ; কাৰণ সেয়ে সৃষ্টি স্থিতি-প্ৰলয়ৰ নিদান, তাৰ দ্বাৰাই সৃষ্টি প্ৰভৃতি নিবৃত্তি হোৱাত জীৱৰ পক্ষে সি মোক্ষৰ কাৰণ হয়। ৰাজন্! ভগৱন্ত সৰ্ব্বশক্তিমান। যদিও সঙ্কল্প মাত্ৰকতে তেওঁ ভূভাৰ হৰণ কৰিব সমৰ্থ, তথাপি কলিযুগত যিসকল ভক্ত জন্মিব, সেই সকলৰ প্ৰতি অনুগ্ৰহ প্ৰকাশ কৰি তমোগুণ নাশক পৱিত্ৰ যশ বিস্তাৰ কৰিলে। সেই যশ সাধুসকলৰ কৰ্ণামৃত আৰু শ্ৰেষ্ঠ তীৰ্থস্বৰূপ। এবাৰ মাথোন সেই যশ কৰ্ণাঞ্জলিৰে পান কৰিলে পুৰুষে কৰ্ম্ম-বাসনা পৰিত্যাগ কৰিবলৈ সম্যকৰূপে সমৰ্থ হয়।"

       সপ্তম স্কন্ধৰ প্ৰথম অধ্যায়ত নাৰদে যুধিষ্ঠিৰৰ প্ৰশ্নৰ উত্তৰত কৈছে-"ঈশ্বৰ অদ্বিতীয় আৰু সকলোৰে আত্মা। তেওঁৰ দেহত আত্মাভিমান নাই। তেওঁ হিতৰ নিমিত্তে আনক দণ্ড কৰে সঁচা। এইদেখি অতিশয় শত্ৰুতা, ভক্তিযোগ, ভয় স্নেহ বা অভিলাষ যি কোনো উপায়ে হওক, তেওঁক চিন্তা কৰিবা। এইবোৰ উপায়ৰ বাহিৰে তেওঁক কোনোৰূপে সাক্ষাৎ কৰা নাযায়। মানুহে মায়ামানৱ সাক্ষাৎ ভগৱন্ত শ্ৰীকৃষ্ণক শত্ৰুবাৱে চিন্তা কৰিলেও, সেই চিন্তাৰ বলত নিষ্পাপ হৈ তেওঁৰ স্বৰূপতা লাভা কৰে। কাম, দ্বেষ, ভয়, স্নেহ অথবা উপযুক্ত ভক্তিবশতঃ ঈশ্বৰত মনোনিবেশ কৰি অনেক কামাদিজনিত পাপৰপৰা মুক্তি লাভ কৰি তেওঁক পাইছে। কামবশতঃ গোপীসকলে, ভয়বশতঃ কংসই, দ্বেষবশতঃ চৈদ্য প্ৰভৃতি নৃপতিসকলে, সম্বন্ধবশতঃ বৃষ্ণিবংশীয়সকলে, স্নেহবশতঃ তোমালোকে (যুধিষ্ঠিৰ আদিয়ে) আৰু ভক্তিবশতঃ আমি (নাৰদাদিয়ে) তেওঁক পাইছোহঁক।"

       ঈশ্বৰক পাবৰ পথ দুৰ্গম দেখি ভয়ত আগ নাবাঢ়ে। দয়ালু তেওঁ মানুহক তেওঁৰ ওচৰলৈ লৈ যায়। সেই দেখি বৃন্দাবনত সুমধুৰ লীলা কৰি, দৃশ্যকাব্যৰ অভিনয় কৰিলে, যাতে মানুহে যেনে তেনে মতে তেওঁৰ ফালে গৈ ভৱৰোগৰপৰা বিমুক্ত হয়। মহৰ্ষি বেদব্যাসেও কাব্য-ভাষাৰে সেই লীলা বহিৰঙ্গ মানুহৰ চিত্তাকৰ্ষক কৰি লেখিলে। শ্ৰীমদ্ভাগৱতে প্ৰভু, মিত্ৰ আৰু প্ৰিয়তমা এই তিনিওৰো নিচিনাকৈ মানুহক উপদেশ দিয়ে অৰ্থাত্ বৈকুণ্ঠৰ কল্পতৰু শ্ৰীমদ্ভাগৱত বেদ, পুৰাণ আৰু কাব্য এই তিনিওটাৰ সমন্বয়।-

বেদাঃ পুৰাণং কাৱ্যঞ্চ প্ৰভুৰ্মিত্ৰং প্ৰিয়েব চ।

ৰোধয়ন্তীতি প্ৰাহুস্ত্ৰিবৃদ্ ভাগৱতং পুনঃ।।





</Poem> [ ৫৫ ] মহৰ্ষি বেদব্যাসে পাঠক আৰু শ্ৰোতাক সেই বাবে শ্ৰীকৃষ্ণাভিমুখ কৰিবৰ নিমিত্তে ৰাসলীলা প্ৰভৃতিৰ বৰ্ণনাত কাব্যৰস ঢালি দিছে। সেই দেখি তেওঁ ৰাসলীলাৰ দ্বিতীয় তৃতীয় শ্লোকতে আৰম্ভ কৰিছে ̶

তদোডুৰাজঃ কুকুভঃ কৰৈমুৰ্খং
প্ৰাচ্যা বিলিম্পন্নৰুপেন শন্তমৈঃ।
স চৰ্ষণীনামুদগাচ্ছুচো মৃজন্‌
প্ৰিয়ঃ প্ৰিয়ায়া ইব দীৰ্ঘদৰ্শনঃ।

      অৰ্থাত্‍ যেনেকৈ বহু কাল বিদেশত বাস কৰাৰ পাছত গৃহগত স্বহস্তে নিজৰ প্ৰিয়তমাৰ মুখকমল কুঙ্কুমৰাগেৰে ৰঞ্জিত কৰে, সেইদৰে ঠিক এই সনয়তে নক্ষত্ৰপতি চন্দ্ৰই নিজৰ সুশীতল হাতেৰে পুৰ্ব্বদিশৰ মুখ স্বৰূপ প্ৰথমাংশ অৰুণ বৰণেৰে ৰঞ্জিত কৰি প্ৰাণীসকলা দিবাতাপ উপশম কৰি উদিত হ’ল।

ভৈলত উদিত চন্দ্ৰ পূৰ্ব্বদিশ হন্তে।
কামাতুৰা স্ত্ৰীৰ যেন সন্তাপ মাৰ্জ্জন্তে।। (কীৰ্ত্তন)
দৃষ্টা কুমুদ্বন্মমখমণ্ডলং
ৰমাননাভং নৱকুম্কমাৰুণম্‌।
বনঞ্চ তৎকোমলগোভিৰঞ্জিতং
জগৌ কলং ৱামদৃশাং মনোহৰম্‌।।

অৰ্থাত্‍ ̶ অখমণ্ডল চন্ৰ দেখিলন্ত হৰি।
কুঙ্কুমে অৰুণ লক্ষ্মী মুখপদ্ম সৰি।।
বনকো দেখিল চন্দ্ৰ-ৰশ্মিয়ে ৰঞ্জিত।
সুস্বৰ মধুৰ কৰি গাইলা গীত।। (কীৰ্ত্তন)

আনন্দ বিগ্ৰহ পৰমাত্মাই "কলং জগৌ" অৰ্থাত্‍ "অস্ফুটমধুৰ মগায়ত্‍। " "কল" শব্দৰ অৰ্থ অস্ফুট মধুৰ স্বৰ। ভগৱন্তৰ বংশীৰ গীতও মধুৰ কিন্তু অস্ফুট। বংশীৰ ধ্বনি ভগৱন্তৰ নিস্বাসবায়ুৰ দ্বাৰাই উত্থিত শব। সেই শব্দই শব্দ-ব্ৰহ্ম। শব্দ-ব্ৰহ্ম = Logos।

যদ্বাচাহনভ্যুদিতং যেন বাগভ্যুদ্যতে।
তদেৱ ব্ৰহ্ম ত্বং বিদ্ধি নেদং যদিদমুপাসতে।। (কেনোপনিষদ)

       অৰ্থাত্‍ বাক্যৰ দ্বাৰাই যাৰ বচন নহয়, যাৰ দ্বাৰাই বাক্য উক্ত হয়, তেৱেঁই ব্ৰহ্ম।

       শ্ৰী মদ্ভাগৱতৰ দেৱস্তুতিত আছে - পৰমেশ্বৰৰ প্ৰথম নিশ্বাসতে বেদসকল বাজ হ’ল। "প্ৰথম নিস্বাসে বাজ ভৈল বেদগণ।" (কীৰ্ত্তন) শ্ৰুতিয়েও কৈছে - "পৰমব্ৰহ্মৰ নিশ্বাস-বায়ুয়েই ঋগ্‌বেদ, যৰ্জ্জুবেদ, সামবেদ ইতিহাস আৰু পুৰাণ।" এতেকে পৰমব্ৰহ্মৰ নিশ্বাস-বায়ুৱেইবাঁহীত সোমাই সুস্বৰ গীত হয় অৰ্থাত্‍ বেদদিয়েই প্ৰৰমব্ৰহ্মৰ লীলা-বিগ্ৰহ শ্ৰীকৃষ্ণৰ বংশীধ্বনি। শ্ৰীকৃষ্ণই ভক্ত উদ্ধৱক কৈছে ̶

কিং বিধত্তে কিমাচষ্টে কিমনূদ্য বিকল্পয়েত্‍।

[ ৫৬ ]

ইত্যাস্যাহৃদয়ং লোকে নান্যো মদ্‌ৱেদ কশ্যন।।

      অৰ্থাত্‍ বেদে কি কৈছে, কি বিধান কৰিছে, আকৌ একপ্ৰকাৰ কৈ প্ৰকাৰন্তৰে আকৌ কি কৈছে, সেইটো স্থিৰ কৰা বৰ কঠিন। মোৰ বাহিৰে বেদৰ গূঢ় অভিপ্ৰায় কোনেও নাজানে। ভগৱন্তই অৰ্জ্জুনক কৈছে -

ৱেদৈশ্চ সৰ্ৱৈবহেমব বেদ্যো
ৱেদান্তকৃদ্‌ৱেদৱিদেৱ চাহম্‌।।

      অৰ্থাত্‍ ময়েই সমস্ত বেদৰ প্ৰতিপাদ্য, ময়েই বেদান্তৰ কৰ্ত্তা আৰু এক মাথোন ময়েই বেদজ্ঞ।

      এই বাবে বাঁহীত অস্ফুট অথচ সুমধুৰ কলধ্বনি। যাৰ কাণত সেই ধ্বনিৰ, সেই আহ্বানৰ মধুৰ মৰ্ম প্ৰতিভাত হয়, সি ভগৱন্তৰ নিজ সমীপলৈ আহ্বান বুজিব পাৰে। বেদৰ কৰ্ত্তা, বেদৰ গূঢ় অভিপ্ৰায় বুজোঁতা শ্ৰীকৃষ্ণই বেদৰ সাৰ বাঁহী লৈ সকলো শাস্ত্ৰৰ সাৰ অৰ্থ সুমধুৰ স্বৰৰে বুজাই দিলে - "আহা, মোৰ কাষলৈ আহা। সকলোকে পৰিত্যাগ কৰি আহা ; সকলো ক্ষণিক ; মইহে নিত্য আৰু পৰমানন্দ ।"

      গীতাৰ শেহতো ভগৱন্তই অৰ্জ্জুনক এই শেহ সাৰ পৰমাৰ্থকে উপদেশ দিছিল-

সৰ্বধৰ্ম্মান্‌ পৰিতাজ্য মামেকং শৰণং ব্ৰজ।
অহং ত্বাং সৰ্ৱপাপেভ্যো মোক্ষয়িষ্যামি মা শুচঃ ।।

      বেদৰ গূঢ়াৰ্থ, গীতাৰ গূঢ়তত্ত্ব সকলোৱে বুজিব নোৱাৰে, কাৰণ সি অস্ফুট। সেইবোৰৰ নানা লোকে নানা অৰ্থ কৰে। কৰ্ম্মীয়ে কয়, বেদ কৰ্ম্মপ্ৰধান। জ্ঞানীয়ে কয়, বেদ জ্ঞানপ্ৰধান। গীতা পঢ়িও যোগীয়ে কয়, গীতা যোগপ্ৰধান। কৰ্ম্মীয়ে কয়, কৰ্ম্মপ্ৰধান। জ্ঞানীয়ে কয়, জ্ঞানপ্ৰধান। ভক্তই কয়, ভক্তিপ্ৰধান। কাৰণ গীতাৰ গূঢ় তত্ত্ব অস্ফুট। বেদৰ গূঢ়া অভিপ্ৰায়ো অস্ফুট। শ্ৰীকৃষ্ণৰ বংশীৰ কলধ্বনিও সেইদৰে অস্ফুট আৰু সেইদেখি নানাজনৰ কাণত নানা ৰকমে পৰে। যশোদাই বাঁহীৰ মাতত শুনিছিল, “আই” “আই” । শ্ৰীদাম-সুদাম প্ৰভৄতিয়ে শুনিছিল “শ্ৰীদাম-সুদাম” । গাভীসকলে শুনিছিল “ধৱলী শ্যামলী” ইত্যাদি। আৰু গোপীসকলে শুনিছিল, তেওঁলোকৰ নিজ নিজ নাম, যথা ৰাধা, বৃন্দা, ললিতাদি।