পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


অথৰ্ব্ব উপনিষদ বোলে। সেইবোৰ গদ্য-পদ্যত বিৰচিত। প্ৰশ্ন, মুণ্ডক, মাণ্ডুক্য, এইবোৰ অৰ্থৰ্ব্বোপনিষদৰ ভিতৰৰ। বেদান্তাদি দৰ্শনশাস্ত্ৰত যেনে এটি নিৰ্দ্দিষ্ট মত অৱলম্বিত আৰু প্ৰতিপাদিত হৈছে, উপনিষদ তেনে নহয়। তাত অনেক সময়ত পৰস্পৰ বিৰুদ্ধ বা বিভিন্ন মত দেখা যায়। কোনো ঠাইত বা জীৱ ব্ৰহ্মৰ অভেদ ভাব, আকৌ কোনো ঠাইত বা সম্পূৰ্ণ স্বতন্ত্ৰ ভাব বৰ্ণিত হৈছে। সি যি নহওক, উপনিষদৰ হিন্দু ঋষি সকলে যে পৰমাৰ্থ চিন্তা বিষয়ত প্ৰগাঢ় জ্ঞান লাভ কৰিছিল আৰু বিশ্বসংসাৰৰ সম্পূৰ্ণ কেন্দ্ৰাভিমূখী হৈছিল, তাৰ কোনো ভুল নাই।

       বেদৰ সৰল বিশ্বাসে উপনিষদত পৰিপক্কতা লাভ কৰিলে। ইয়াৰ পিছত যুক্তি-তৰ্কৰ যুগ আহিল। হিন্দু আৰ্য্যৰ তীক্ষ্ণ অস্ত্ৰ বুদ্ধি বিকাশ আৰু প্ৰয়োগৰ সময় উপস্থিত হ’ল। দাৰ্শনিক যুক্তি –তৰ্ক, ন্যায়ৰ তীক্ষ্ণ অস্ত্ৰ, ব্ৰহ্ম, ঈশ্বৰ, শক্তি, পুৰুষ প্ৰকৃতি, সৃষ্টিতত্ব ইত্যাদি নিয়োজিত হ’ল। ফলত ষড়দৰ্শনৰ উৎপত্তি। কপিলৰ সাংখ্যই প্ৰথম দৰ্শন। সাংখ্য জ্ঞানবাদী। উপনিষদো জ্ঞানবাদী। উপনিষদৰ বিক্ষিপ্ত জ্ঞানক আৰু ওপৰে ওপৰে দেখোঁতে বিৰোধী জ্ঞান-চিন্তাক সংক্ষিপ্ত কৰি যুক্তি ধৰি জ্ঞানৰ বাটত যাওঁতে যাওঁতে সাংখ্য উপনিষদৰপৰা আঁতৰত পৰিল আৰু প্ৰকৃতি-পুৰুষত ওলাই কৈৱল্য মুক্তিত শেষ কৰি নিৰীশ্ববাদত ওৰ হ’লগৈ। পাতঞ্জলৰো উনৈশ-বিশ সেয়ে ঘটিল। জৈমিনিৰ পূৰ্ব্বমীমাংসাই, জ্ঞানবাদী সাংখ্য আৰু উপনিষদে হেলেকলেক কৰা বেদৰ কৰ্মকাণ্ডত যুক্তিৰে ঢোকা দিবলৈ ব্যগ্ৰ হ’ল। শেহত উত্তমীমাংসা বা বেদান্তদৰ্শনে, সাংখ্য-পাতঞ্জলে তৰ্কৰ বামাৰলিৰে উৰাই দি গোলমাল কৰিব খোজা উপনিষদৰ ব্ৰহ্মবাদক যুক্তিতৰ্কৰ সুদৃঢ় ভেটিত স্থাপন কৰি, হিন্দুৰ আত্মতত্ববাদ, ব্ৰহ্মবাদ, সৃষ্টিতত্ববাদ আদি পৰমাৰ্থ চিন্তাক উন্নতিৰ অত্যুন্নত শিখৰত তুলিলে। কিন্তু তথাপি তাত সোণৰ কলচীত দিবলৈ থাকি গ’ল। সেই কলচীত গুৰিতে উপনিষদ। সাংখ্য, পাতঞ্জল, বেদান্ত দৰ্শনৰ বিৰোধ ভঞ্জন কৰি, সৰ্ব্বধৰ্ম্মৰ সমন্বয় কৰি, ঈশ্বৰবাদৰ সূত্ৰেৰে তাক বান্ধি, জ্ঞানযোগ, কৰ্ম্মযোগৰ অপূৰ্ব্ব অমূল্য সমলত ভক্তিযোগৰ মধুমিশ্ৰিত কৰ সেই কলচীটিত ভৰাই, পৰমেশ্বৰত অব্যভিচাৰী একশৰণ ধৰ্ম্মৰ তাক বাখৰ পতাই আৰ্য্য হিন্দুৰ অপূৰ্ব্ব ধৰ্ম্মৰ পৰমাৰ্থ চিন্তা মন্দিৰৰ মুৰত শ্ৰীমদ্ভগৱদ গীতাই তাক স্থাপন কৰিলে। অকল হিন্দু ধৰ্ম্মশাস্ত্ৰ কিয়, জগতৰ যাৱতীয় ধৰ্ম্মশাস্ত্ৰৰ ভিতৰত গীতাই নিঃন্দেহে অতি ওখ আসন আধিকাৰ কৰিছে।


দুই

       অতীজৰ বেদৰ কালৰপৰা এই কাললৈকে সকলো প্ৰ্কৃত ধৰ্ম্মশাস্ত্ৰ আৰু দৰ্শন শাস্ত্ৰি কয়,-ঈশ্বৰ অজ্ঞেয়, অব্যক্ত, অথচ বেদকে আদি কৰি সেইসকল শাস্ত্ৰই ঈশ্বৰক নিজেও চিন্তা কৰিছে, স্তুতি কৰিছে, পূজা কৰিছে আৰু মানুহকো তেনেকৈ কৰিবলৈ উপদেশ দিছে। অচিন্ত্য ঈশ্বৰৰ চিন্তা, অব্যক্ত ঈশ্বৰৰ পূজা আৰু স্তুতি পৰস্পবিৰোধী কথা; কিন্তু ওপৰে ওপৰে দেখোঁতেই, দকৈ গমি চালে নহয়।

       এটা কেঁচুৱা ল’ৰাই তাৰ মাকক চিনে, মাকৰ মৰম, খং আদি ভাব আৰু মাকৰ অস্তিত্ব অনুভৱ কৰিব পাৰে, অৱশ্যে তাৰ নিজৰ জ্ঞানৰ ক্ষমতা অনুসাৰে।