ভকতিসে কৰে বশ্য।
আগম নিগম গীতা ভাগৱত
শাস্ত্ৰৰ ইটো বহস্য।। (ঘোষা)
জ্ঞান মাগোৱলম্বী বেদবাদী, কৰ্ম্মমাৰ্গাৱলম্বী বেদবাদী, জ্ঞান পথ আশ্ৰয় কৰোতা দাৰ্শনিক পণ্ডিতসকলৰ অহম্মমৰ ভাব মনত উৎপন্ন হোৱা উদাহৰণ অনেক। দাৰ্শনিকে জ্ঞানৰ ধুমুহা বতাহত পৰি শেহত ঈশ্বৰক উৰাই দি নিজেও উৰি শূন্য মাগত পৰাৰ উদাহৰণো তাকৰীয়া নহয়। এইদেখি জ্ঞানী মহন্তই অব্যভিচাৰী ভক্তিৰে কৃষ্ণক ভজনা কৰিবলৈ বাৰে বাৰে উপদেশ দিয়ে। –
কৃষ্ণকেসে মাত্ৰ ভজে যিটো জনে
অব্যভিচাৰী ভকতি।
তিনি গুণ অতি ক্ৰমি ব্ৰহ্মৰূপ।
পাৱে সিটো মহামতি। (ঘোষা)
এইদেখি জ্ঞানী সাধুজনে কয় –
তিনি গুণময় যত জ্ঞান কৰ্ম্ম
কেৱল বন্ধ কাৰণ।
জানি তাক ত্যজি একান্ত ভকতি
ভজিয়ো কৃষ্ণ চৰণ।। (ঘোষা)
তেওঁ কয়, জ্ঞান চৰ্চা কৰা, কৰ্ম্ম কৰা, কিন্তু তিনি গুণ বিজড়িত জ্ঞান কৰ্ম্মৰ আশ্ৰয় নলবা ; ল’লে তুমি সংসাৰৰ বান্ধোনেৰে বান্ধহে খাবা, মুক্তি নোপোৱা। একমাত্ৰ সত্ত্বগুণৰ আশ্ৰয় লৈ জ্ঞান চৰ্চা কৰা, ঈশ্বৰৰ সুপ্ৰীতিৰ অৰ্থে কৰ্ত্তব্য জ্ঞানেৰে আৰু মোক্ষৰ প্ৰধান সমল ভক্তিৰ সি প্ৰতিবন্ধক হ’ব নোৱাৰে। এই কথাকে মাধৱদেৱে ঘোষাত কৈছে –
ৰজোগুণ তমো গুণময় বৃত্তি
কেৱল আসুৰী ভাৱ।
সুদ্ধ-বৃত্তি দেৱৰ সম্পত্তি
লৈয়া ভজা কৃষ্ণ পাৱ।।
কৃষ্ণক ভজনা কৰিবৰ ঐকান্তিক ভক্তি কৰিবৰ প্ৰথম উপায় মহন্তৰ সঙ্গ, –
মহন্তৰ সঙ্গে হৰি কথা ৰসে
মনক ভিজায়ো ভাই।
মায়াক তৰিয়া হৰি পাইবাৰ
আৱৰ উপায় নাই। (ঘোষা)
কেনে মহন্তৰ সঙ্গ ল’ব লাগে মহাপুৰুষ মাধৱদেৱে কৈ দিছে, শুনা –
যাহাৰ জিহাতে থাকয় সতত
হৰিৰ নাম মঙ্গল।
সেহিসে মহন্ত তাহাৰেসে মাত্ৰ