পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


এই বাবেই শঙ্কৰদেৱে 'হৰিৰ নামৰ গোপ্য পেৰাৰ মূৰ মেলি দিলে' বুলি মাধৱদেৱে কৈছে। এই বাবেই মাধৱদেৱে গাইছে -

হৰি-ভকতিৰ        পাতিলন্ত হাট
শঙ্কৰে জগত জুৰি।
হৰি-নামৰত্ন        বেহায়া জগতে
চলয় বৈকুণ্ঠপুৰী।।

         শঙ্কৰদেৱে গীতা, শ্ৰীমদ্ভাগৱত আৰু সহস্ৰ-নামৰ পৰা তেওঁৰ ধৰ্ম্মৰ সাৰ গ্ৰহণ কৰিছে। বেদৰ সাৰ ভাগ উপনিষদ। উপনিষদৰ সাৰ গীতা। গীতাই নিৰীশ্বৰবাদী, সন্দেহবাদী আৰু ব্ৰহ্মবাদী দৰ্শনবোৰৰ সমন্বয় কৰি তাৰ মতবোৰ ঈশ্বৰমুখী কৰিছে, গীতাই মীমাংসা-দৰ্শনৰ কৰ্ম্মকাণ্ড, পতঞ্জলিৰ ধন্যাযোগ, বেদান্তৰ জ্ঞানযোগৰ সমন্বয় কৰি একশৰণ ভক্তিযোগৰ প্ৰ্যধান্য দেখুৱাইছে। গীতাই কৰ্ম্মাবাদীক কৈছে,- তুমি যথাসাধ্য ভালকৈ কৰ্ম্ম কৰা কিন্তু তোমাৰ সকলো কৰ্ম্ম ঈশ্বৰক সমৰ্পণ কৰি কৰিবা অৰ্থাৎ ঈশ্বৰমুখী হৈ কৰ্ম্ম কৰা, ফলৰ আকাংক্ষা নকৰিবা। কৰ্ম্মতহে তোমাৰ অধিকৰা, ফলত নহয়। গীতাই সাংখ্যবাদীক কৈছে- তোমাৰ প্ৰকৃতি- পুৰষ স্বতন্ত্ৰ নহয়, ঈশ্বৰৰ অধীন। তোমাৰ তত্ত্বজ্ঞান কেৱল অনাদি অনন্ত পৰমেশ্বৰৰ স্বৰূপ জ্ঞান। ঈশ্বৰ সাধনা নহ'লে তোমাৰ কৈবল্য নহয়। গীতাই যোগমাৰ্গাৱলম্বীক কৈছে, তোমাৰ যোগ নিৰ্ব্বীজ সমাধি বা আত্মসাক্ষাৎকাৰ নহয়। তোমাৰ যোগৰ মুখ্য উদ্দেশ্য ঈশ্বৰৰ সঙ্গ লাভহে। গীতাৰ প্ৰকৃত মৰ্ম্ম নুবুজি অনেকে ভাবে যে গীতাই ঈশ্বৰবাদী নিৰীশ্বৰবাদী, আগম, নিগম, সকলো পন্থৰ ধৰ্ম্মলৈ ঠাই ৰাখিছে। গীতাৰপৰা এই শ্ৰেষ্ঠ ভক্তিযোগ, সগুণ ঈশ্বৰত একশৰণ আনি শঙ্কৰদেৱে তেওঁৰ প্ৰচাৰিত ধৰ্ম্মত প্ৰাণ সঞ্চাৰণ কৰিছে। শঙ্কৰদেৱৰ ধৰ্ম্মৰ কৰ্ম্ম-ঈশ্বৰৰ উদ্দেশ্য কৰ্ম্ম। জ্ঞান-ঈশ্বৰৰ জ্ঞান, ধ্যান ঈশ্বৰৰ ধ্যান। কিন্তু সকলো ভক্তিমূলক। শঙ্কৰী ধৰ্ম্মত ভক্তিবিবৰ্জ্জিত কৰ্ম্ম, জ্ঞান, ধ্যান অসাৰ্থক। ভক্তিৰ মূলত বিশ্বাস আৰু বিশ্বাসেই একশৰণ। গীতাৰো শেহ বচন এয়ে-'সৰ্ব্বধৰ্ম্মান্ পৰিত্যজ্য মামেকং শৰণং ব্ৰজ'। খৃষ্টান ধৰ্ম্মতো বিশ্বাসেই মূলমন্ত্ৰ-ত্ৰাণকৰ্ত্তা যীশুত একশৰণ। ইচলাম ধৰ্ম্মতো বিশ্বাসেই মূলমন্ত্ৰ- ঈশ্বৰৰ শেষ 'প্ৰফেট' মহম্মদত বিশ্বাস আৰু একশৰণ।

        শঙ্কৰদেৱৰ ধৰ্ম্মৰ মজ্জা আনখন শাস্ত্ৰ শ্ৰীমদ্ভাগৱত। ব্যাসে অনেক পুৰাণ,অনেক শাস্ত্ৰ কৰি, বেদান্তত জ্ঞান-পথ আলোচনা কৰি ব্ৰহ্মৰ স্বৰূপ নিৰ্ণয় কৰিও তেওঁৰ মনত শান্তি নাপালে। অন্তত মহাভক্ত নাৰদৰ উপদেশত তেওঁ সগুণ ঈশ্বৰৰ লীলা বৰ্ণনা কৰি শ্ৰীমদ্ভাগৱত ৰচনা কৰিহে শান্তি পালে। জ্ঞানে শুকাই থোৱা ব্যাসৰ অন্তৰত ভক্তিৰসৰ ঢৌ উঠিল। তেওঁৰ মন ভক্তিৰ শান্তিবাৰিয়ে সজীৱ কৰিলে। সগুণ ঈশ্বৰৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তন কৰি ঈশ্বৰক ভজনা কৰিবলৈ শিক্ষা দিয়াই শ্ৰীমদ্ভাগৱতৰ উদ্দেশ্য। ভাগৱতৰ সগুণ ঈশ্বৰৰ প্ৰেমমূলক ধৰ্ম্মই শঙ্কৰৰ ধৰ্ম্ম। তত্ত্বজ্ঞানী মুক্ত সিদ্ধপুৰুষ সনক, সনন্দ, সনাতন, সনৎকুমাৰ, নাৰদ, শুক আদিয়েও জ্ঞানত পৰিতৃপ্ত নহৈ প্ৰেমভক্তিমূলক সগুণ ঈশ্বৰৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তনলৈ অশেষ হেঁপাহ কৰে। মুক্তসকলেও ভাৰতত মানবী জনম লভি তপ-জপ-যজ্ঞ বিবৰ্জ্জিত হৰিনাম প্ৰেমামৃত