ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশেহৰ্জ্জুন তিষ্ঠতি।
তাৰ পৰদাৰ সম্পৰ্কজনিত পাপ হ'বই নোৱাৰে, কাৰণ তেওঁৰ কোনো পৰ নাই আৰু পাপ-পুণ্যৰ সৈতে সমন্ধ নাই।
জগতৰ অন্তৰ্য্যামী নাৰায়ণ।
শুকদেৱ ̶
যৎপাদপঙ্কজ-পৰাগ-নিষেৱ-তৃপ্তা
যোগ-প্ৰভাৱবিধূতাখিলকৰ্ম্মবন্ধাঃ।
স্বৈৰং চৰন্তি মুনয়োহপি ন নহ্যমানা
অৰ্থাৎ ̶
যাৰ পাদ-পদ্ম চিন্তি সাম্প্ৰতে।
অৰ্থাৎ যাৰ পদৰজ আস্বাদন কৰি পৰিতৃপ্ত হৈ মুনিসকলে সকলো বন্ধন ছেদন কৰি স্বেচ্ছাচাৰ কৰিও বদ্ধ নহয়, 'স্বেচ্ছায় ধৰিছা লীলা তনু হেন হৰি'(কীৰ্ত্তন), এনে কৃষ্ণৰ আকৌ বন্ধন ক'ত? তেওঁ আপোন ইচ্ছা কামনাৰ অধীন। ঈশ্বৰৰ ইচ্ছা স্বাধীন অৰ্থাৎ তেওঁৰ নিজৰ অধীন। বন্ধন কামাধীন ইচ্ছাৰহে। যাৰ শৰণ ল'লে বদ্ধ জীৱৰো কৰ্ম্মবন্ধন গুচে, তেওঁৰ আকৌ নিজৰ কৰ্ম্মবন্ধন ক'ত ? গীতাৰ চতুৰ্থ অধ্যায়ৰ ১৪শ শ্লোকত ভগৱন্তই নিজ মুখেই কৈছে ̶
ন মাং কৰ্ম্মাণই লিপ্যস্তি ন মে কৰ্ম্মফলে স্পৃহা।
অৰ্থাৎ মোৰ কৰ্ম্মসকলে মোক লিপ্ত কৰিব নোৱাৰে। কৰ্ম্মফলত মোৰ স্পৃহা নাই, গতিকে মোৰ কৰ্ম্মবন্ধনো নাই। এইটো জানি যি মোক ভজনা কৰে, তাৰ কৰ্ম্মবন্ধ গুচে।
আচল কথা, ঈশ্বৰ-তত্ত্ব বুজিবলৈ হ'লে গুৰিতে বিশ্বাস লাগে। শাস্ত্ৰ অনুসাৰে শ্ৰীকৃষ্ণ অনুসাৰে শ্ৰীকৃষ্ণ স্বয়ং ভগৱন্ত ঈশ্বৰ বুলি বিশ্বাস কৰিলে, সকলো কথাৰ মীমাংসা হয়, সকলো সংশয় দূৰীভূত হয়। বিশ্বাস নাথাকিলে কোনেও কাকো এই লীলা বুজাবও নোৱাৰে, নিজেও বুজিব নোৱাৰে।
শুকদেৱে লৌকিক ব্যৱহাৰ অনুসাৰে শ্ৰীকৃষ্ণৰ পৰদাৰ-সম্বন্ধ স্বীকাৰ কৰিয়েই ওপৰৰ শ্লোকবোৰেৰে উত্তৰ দিছিল। এইবোৰ আচল তত্ত্ব কথা পিছৰ শ্লোকেৰে ক'লে ̶
গোপীনাং তৎপতীনাঞ্চ সৰ্বেষাঞ্চৈৱ দেহিনাম্।
অৰ্থাৎ যি গোপীসকলৰ, গোপীপতিসকলৰ আৰু দেহধাৰী জীৱ মাত্ৰৰে অন্তৰত অন্তৰ্য্যামী হৈ আছে-'জগত অন্তৰ্য্যামী নাৰায়ণ' তেঁৱেই লীলা-বিগ্ৰহধাৰী শ্ৰীকৃষ্ণ।