গীতাত ভগৱন্তই কৈছে-
যেহপান্যদেৱতা ভক্তা ষজন্তে শ্ৰদ্ধয়ান্বিতাঃ।
অৰ্থাৎ যি অন্য দেৱতাৰ উপাসনা কৰে, সিও অবিধিপূৰ্ব্বক অৰ্থাৎ আওবাটে মোৰেই উপাসনা কৰে, কাৰণ মোৰ বাহিৰে দেৱতা নাই। যিসকলে ইন্দ্ৰ, চন্দ্ৰ, বায়ু, বৰুণ, সূৰ্য্য, গণেশ, লক্ষ্মী, সৰস্বতীৰ উপাসনা কৰে, কাৰণ তেওঁলোক ভগৱন্তৰে ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ। ভগৱন্তৰ বাহিৰে তেওঁলোকৰ অস্তিত্ব নাই। ক্ষুদ্ৰাংশৰ দ্বাৰাই ভগৱন্তৰেই দান। যি যিটো বিচাৰে, ভগৱন্ত কল্পতৰুৱে তেওঁক তাকেই দিয়ে।
কল্পতৰু বৃক্ষ যেন সবাত সমান।
সকলো যাচ্ঞা আনন্দলিপ্সা প্ৰণোদিত। কিন্তু প্ৰকৃত আনন্দ কি মুগ্ধ জীৱই নাজানে। প্ৰকৃত আনন্দ হৈছে স্বৰূপানন্দ ভগৱন্ত পৰমেশ্বৰ। আনন্দলিপ্সা আৰু পৰমেশ্বৰ লিপ্সা একে কথা। মানুহে ভ্ৰমত পৰি, অবিদ্যাৰ কুহকত, প্ৰকৃত নিত্যানন্দৰ ঠাইত বিনশ্বৰ অনিত্য সংসাৰনন্দকে বিচাৰি মৰে, কিন্তু নশ্বৰ আৰু নকল সংসাৰানন্দই জীৱক প্ৰকৃত শান্তি, প্ৰকৃত আনন্দ দিব নোৱাৰে। সেই বাবে অজ্ঞানান্ধ মনুষ্যক আচল বাট দেখুৱাবলৈ, দুৰ্ব্বোধ আত্মতত্ব জ্ঞান অৰ্থাৎ পৰমাত্মা কি, তাৰ স্বৰূপ কি, আত্মাৰে সৈতে সেই পৰমাত্মাৰ কি সম্বন্ধ আৰু কেনেকৈ সেই পৰমাত্মাক জানিব পাৰি, ইত্যাদি বিষয়ক জ্ঞান মানুহক বুজাবৰ নিমিত্তে ঈশ্বৰে লীলাৱতাৰ ধাৰণ কৰে যাতে মানুহ ঈশ্বৰপৰায়ণ হৈ পৰমানন্দ লাভ কৰিব পৰা হয়। ভগৱন্তই প্ৰকৃত মনুষ্যৰ নিচিনাকৈ লীলা কৰিছিল এই বাবে যে তেওঁক মনুষ্যবোধ কৰিও তেওঁৰ লীলাৰ আলোচনা কৰি, তেওঁৰ গুণশীল শ্ৰৱণ-কীৰ্ত্তন কৰিলে, মানুহে লাহে লাহে ঈশ্বৰৰ ফালে আকৃষ্ট হৈ ঈশ্বৰক জানিব আৰু চিৰানন্দ চিৰশান্তি পাব পাৰিব। যি যি ৰসত অনুৰক্ত, সি ঈশ্বৰৰ সেই ৰসৰ লীলা শ্ৰৱণ-কীৰ্ত্তন কৰি অন্তত ঈশ্বৰক পাব। যি যি ৰসৰ ভিতৰেদি গৈ ঈশ্বৰত অনুৰাগী হ'ব, সি সেই ৰসৰ সহায়তে তেওঁক পাব। উদ্ধৱ-বিদুৰে দাস্য ৰসৰ, অৰ্জ্জুনে সখিত্ব ৰসৰ, কংসই ৰৌদ্ৰ আৰু ভয়ানক ৰসৰ, যশোদাই বাৎসল্য ৰসৰ, গোপীসকলে শৃ্ঙ্গাৰ ৰসৰ ভিতৰেদি তেওঁত একান্ত অনুৰক্ত হৈ তেওঁক পাইছিল। যি শৃঙ্গাৰ ৰসত অনুৰক্ত, তাৰ নিমিত্তে প্ৰাকৃত আচ্ছাদনেৰে আচ্ছাদিত এই ৰাসলীলা ̶
ইটো ৰাসক্ৰীড়া কেলি নামে কামজয়।
কৰিলা ভৃত্যৰ পদে কৃষ্ণ কৃপাময়।।
আক শুনে ভণ যিটো জনে অবিশ্ৰাম।
বাঢ়িব ভকতি অতি জিনিবকে কাম।। ̶ শঙ্কৰদেৱ
শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি।
আকে শুনি হৌক নিৰ্ম্মল মতি।।
ভকতৰ পদে আপুনি হৰি।