পৰিমিত কেৱল কৃষ্ণকেই অনুস্থান কৰি ফুৰিছে। মূৰ্ত্তিমান আনন্দই শ্ৰীকৃষ্ণ। জীৱই আনন্দৰ বাহিৰে একো নিবিচাৰে আৰু আনন্দৰ বাহিৰে নিজীয়ে, এই কথা শ্ৰুতিৰ বচন তুলি আগেয়ে দেখুৱা হৈছে। কিন্তু প্ৰকৃত আনন্দ কাক বোলে, আনন্দ ক'ত আছে আৰু তাক কেনেকৈ পোৱা যায়, জীৱই নাজানে। সেই দেখি স্ত্ৰী-পুত্ৰ-পৰিবাৰ, ধন, জন আদি পাৰ্থিৱ ক্ষণভঙ্গুৰ পদাৰ্থৰ ভিতৰত জীৱই আনন্দ বিচাৰি ফুৰে অৰ্থাৎ শ্ৰীকৃষ্ণক পাবলৈ আশা কৰে। যদি কোনো জীৱই মূৰ্ত্তিমান আনন্দস্বৰূপক ধৰিব পাৰে, তেওঁ ক্ষণভঙ্গুৰ ক্ষণস্থায়ী আনন্দৰ পিছে পিছে আৰু লৰি নুফুৰে।
জীৱৰ আনন্দলিপ্সা বৰ বেছি কিয়? কাৰণ জীৱ আনন্দস্বৰূপ ভগৱন্তৰে অংশ। আনন্দময় ঈশ্বৰ নিজানন্দ আস্বাদন কৰি সুখী। তেওঁৰ অংশ জীৱৰো আনন্দ আস্বাদন কৰিবৰ বলৱন্ত বাসনা এই নিমিত্তে। কিন্তু আনন্দ আস্বাদৰ কৰিবৰ নিমিত্তে ঈশ্বৰে নিজক বহু কৰিবলগীয়া হ'ল; কাৰণ আন কোনোৱে আস্বাদন নকৰিলে আনন্দৰ মানেই নাথাকে। এই বাবেই শ্ৰুতিত কৈছে 'আত্মা বা ইদমগ্ৰ আসীৎ' অৰ্থাৎ তেওঁ সৃষ্টিৰ আদিতে একমেবাদ্বিতীয়ম্, নিজানন্দময়, আত্মাৰাম, তেওঁৰ সিসৃক্ষা হ'ল, অৰ্থাৎ তেওঁ বহু হৈ নানাভাৱে আনন্দ আস্বাদন কৰিবৰ ইচ্ছা কৰিলে- 'একোহহং বহুস্যাম।' অৰ্থাৎ এক মই বহু হ'ম। এয়েই মোৰ লীলা। লীলাই আনন্দৰ স্বভাৱ। আনন্দই লীলাৰ আস্বাদ। মানুহে আনন্দৰ নিমিত্তেই ক্ৰীড়া কৰে আৰু ক্ৰীড়া কৰিয়েই আনন্দ আস্বাদন কৰে। মানুহৰ কোনো ৰকম অভাৱ বোধ হ'লে তাক তেওঁৰ পূৰণ কৰিবৰ ইচ্ছা হয়। পূৰ্ণানন্দ ঈশ্বৰৰ কোনো ৰকম অভাৱ নাই, গতিকে ইচ্ছাও নাই। তেওঁ নিজেই নিজানন্দ আস্বাদন কৰি পৰিতৃপ্ত। কিন্তু সেই আন্দ অপৰিস্ফুট। লীলা নহ'লে আনন্দ পৰিস্ফুট নহয়, সেইদেখি তেওঁ আত্মপ্ৰেমেৰে আত্মানন্দ আস্বাদ কৰি প্ৰেমাংশক শত-সহস্ৰ ভাগত বিভাগ কৰি নিজাংশৰ দ্বাৰাই নিজানন্দকে আস্বাদন কৰে। এয়ে তেওঁৰ লীলা।
তুমি শুদ্ধ বুদ্ধ নিত্য নিৰ্ম্মল নিৰ্গুণ দেৱ,
মোৰ প্ৰভু নাৰায়ণ এ,
স্বৰূপ আনন্দে সদা সুখী।
হৰি হৰি তুমি নিজানন্দে সদা সুখী।
আমি মূঢ়মতি ঘোৰ অবিদ্যা সাগৰে মজি,
মোৰ প্ৰভু নাৰায়ণ এ,
তোমাক নাজানি ভৈলোঁ দুখী।
হৰি হৰি স্বৰূপ নাজানি ভৈলোঁ দুখী।।
হৰি ও। (ঘাষা)
বিশ্বপতি লীলাময়ৰ ইচ্ছাত যেনেকৈ তেওঁৰ বিশ্বৰ একাংশ তিনি গুণৰ সংযোগত মলিন আৰু স্থূল হৈ ব্ৰহ্মাণ্ডৰূপত পৰিণত হ'ল, সেই দৰে তেওঁৰ অসংখ্য অংশ শুদ্ধ জীৱৰ কিছুমান তেওঁৰ অমোঘ নিয়মতেই পঞ্চভূতাত্মক স্থূল শৰীৰেৰে আবৃত হৈ, তেওঁৰ মায়াৰ দ্বাৰাই মুগ্ধ হৈ তেওঁক পাহৰি এই দেহকেই মোৰ, মই বিবেচনা